ৰামৰ আগত সীতাৰ অলঙ্কাৰ
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৩ অধ্যায়
ৰামৰ আগত সীতাৰ অলঙ্কাৰ
- পদ ।
অভিপ্ৰায় আছে অলঙ্কাৰক দেখিত ।
আগতে আনিয়া তেৱে কৰোঁ উপস্থিত ॥১
আসিলেক নাসিলেক জানকী সীতাত ।
হুয়ো পৰিচয় দেখি আপুনি সাক্ষাত ॥২
ৰাঘৱে বোলন্ত শুনা বচন আমাৰ ।
প্ৰাণতো অধিক মোৰ তুমি মিত্ৰ সাৰ ॥৩
কৰিয়োক হৃদয়ৰ সন্তোষ বিস্তাৰ ।
সঞ্চা চক্ষু দেখোহোঁ বান্ধৈৰ অলঙ্কাৰ ॥৪
অলঙ্কাৰ সুগ্ৰীৱে আগত আনি থৈলা ।
দুই হাত মেলি ৰামে হৃদয়ত লৈলা ॥৫
হা প্ৰাণেশ্বৰী বুলি কান্দি মূৰ্চ্ছা গৈলা ।
ভূমিত পৰিয়া প্ৰভু অচেতন ভৈলা ॥৬
ক্ষণেকে চেতন পাই ত্ৰৈলোক্যৰ নাথ ।
হা সীতা বুলি মুঠি হানন্ত হিয়াত ॥৭
বিহা কৰি আনিলোঁহো আতি অনুযোগে ।
তোক মোক বঞ্চিলেক অযোধ্যাৰ ভোগে ॥৮
নেত্ৰক মেলিয়া এক দিশক নচাইলোঁ ।
পিয়াসে পীড়িয়া জল খুজিয়া নপাইলোঁ ॥৯
হা কৈক গৈলেনো প্ৰথম বিহা নাৰী ।
দশৰথ নৃপতিৰ প্ৰথম বোহাৰী ॥১০
এহি অলঙ্কাৰে আছিলাহা মোৰ পাশে ।
দুৰ্জ্জয় ৰাৱণে হৰি নিলেক আকাশে ॥১১
এহি বুলি অলঙ্কাৰ হৃদয়ে ধৰিলা ।
আতি আৰ্ত্তৰাৱে ৰামে ক্ৰন্দন কৰিলা ॥১২
ৰামৰ বিলাপ দেখি লক্ষ্মণ সুগ্ৰীৱে ।
আশেষ সন্তাপে মুঠি হানিলন্ত হিয়ে ॥১৩
বানৰৰ ৰাজা পাছে কৰিলা আশ্বাস ।
শোক কিছু নসাধয় নুহিবাহা ত্ৰাস ॥১৪
সন্ধুক্ষণ ভৈলা পাছে ত্ৰৈলোক্যৰ নাহা ।
শোক দুঃখ অগনি শৰীৰ কৰে দাহা ॥১৫
সহিবে নোৱাৰোঁ ক্ৰোধ জ্বলয় প্ৰত্যেক ।
সীতাক আনিয়া তাক লাগে নুমাইবাক ॥১৬
- ৪ অধ্যায়
- ঝুমুৰি ।
ধনু তুলি ধৰিবোঁহো ।
পৃথিৱীক ফুড়িবোঁহো ॥১
অনন্তক চালিবোঁহো ।
নাগলোক খানিবোঁহো ॥২
ৰিপুগণ মাৰিবোঁহো ।
অসুৰক দাৰিবোঁহো ॥৩
ভৈৰবক তুষিবোঁহো ।
সাগৰক ভূষিবোঁহো ॥৪
বীৰত্বক প্ৰকাশিবোঁ ।
ত্ৰৈলোক্যক বিনাশিবোঁ ॥৫
শৰে শৰে খাঞ্চিবোঁহো ।
সাগৰক শুষিবোঁহো ॥৬
ত্ৰিদশক বঞ্চিবোঁহো ।
আনদেৱ সঞ্চিবোঁহো ॥৭
আজি কীৰিতিক নিবোঁ ।
সব যম মুখে দিবোঁ ॥৮