ভৰত-গুহৰ মিলন
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৩২ অধ্যায়
- ভৰত গুহৰ মিলন
এহিমতে পাছে ভাগীৰথী তীৰ জুৰি ।
উভয় সেনাৰ লাগি গৈল হুড়াহুড়ি ॥১
দুই গোটা সেনাৰ লাগিল পঞ্চ কাণ্ডি ।
শৰক প্ৰহাৰি শালি থোৱে মুণ্ডেগাণ্ডি ॥২
যুজিবাক দিয়ো হাক আমাৰ সেনাক ।
দেখি গুহে মন্ত্ৰীক বুলিলা পাছে বাক ॥৩
অঁবিচাৰে প্ৰথমত যুদ্ধ কৰোঁ যেবে ।
পৰ্য্যন্তে আমাৰ ঘাটি মিলিবেক তেবে ॥৪
প্ৰথমতে ভৰতক ভেটিবাক যাওঁ ।
ভাল মতে তান চিত্ত জিজ্ঞাসিয়া চাওঁ ॥৫
শুনি আছোঁ ভৰতৰ ৰামত ভকতি ।
ৰামক নিবাক যেবে আসিছে সম্প্ৰতি ॥৬
তেবে যুজিবাক যোগা আমাৰ নোহয় ।
ৰাম যেন আমাৰ ভৰতো সেহি নয় ॥৭
ৰামৰ চৰণে মাত্ৰ মোৰ যেন চিত ।
ভৰততো হয় সেৱা কৰিতে উচিত ॥৮
এখন উচিত নেদেখাহোঁ যুজিবাক ।
এহি বুলি আপোন সৈন্যক দিলা হাক ॥৯
তেতিক্ষণে অনেক সৈন্যক সাজি লৈলা ।
ভৰতক ভেটিবাক গুহ চলি গৈলা ॥১০
পাত্ৰ মন্ত্ৰী সেনা বেঢ়ি চলিল অপাৰ ।
সমস্তে দেখিল পাছে গুহ আসিবাৰ ॥১১
আথে বেথে মন্ত্ৰী ভৰতত জান দিল ।
তোমাত ভেটিতে গুহ নৃপতি আসিল ॥১২
ৰামৰ পৰম এহোঁ সখা মহাহিত ।
সতকাৰ কৰিবাক তোমাৰ উচিত ॥১৩
দেখিলোঁহো ৰামে যেন আশ্বাস কৰিল ।
আলিঙ্গি ধৰিয়া আন মাথে চুমা দিল ॥১৪
জানি আঙ্ক ভালমতে কৰিয়ো সাদৰ ।
আতে হন্তে বাৰ্ত্তা তুমি পাইবাহা ৰামৰ ॥১৫
ভৰতে দিলন্ত সুমন্ত্ৰক আজ্ঞাবাণী ।
আপুনি সত্কাৰ মন্ত্ৰী কৰাঁ আঙ্ক আনি ॥১৬
শুনিয়া সুমন্ত্ৰ আথে বেথে গৈলা চলি ।
তুলিলন্ত হাঁসি দুয়ো দুহাঙ্কো আকুলি ॥১৭
গুহ নৃপতিক মন্ত্ৰী আলিঙ্গি ধৰিল ।
মধুৰ বচন বুলি আশ্বাস কৰিল ॥১৮
ভৰতৰ আগত দুইহন্তো গৈলা চলি ।
দেখি ভৰতক গুহে কৰি কৃতাঞ্জলি ॥১৯
বিদূৰতে দেখি দণ্ডৱতে পৰিলন্ত ।
পাছে জানু পাৰি নম্ৰভাৱে ৰহিলন্ত ॥২০
গুহৰ ভকতি দেখি ভৰত কুমাৰ ।
প্ৰিয়বাক্যে পূজা কৰিলন্ত বহুতৰ ॥২১
সুমন্ত্ৰ কহিছে মোত তোমাৰ গুণ যত ।
মহাশুদ্ধভাৱ তুমি ৰামত ভকত ॥২২
ৰামৰ বৃত্তান্ত যত তুমি আছা জানি ।
কহিয়ো আমাত তান কল্যাণ কাহিনী ॥২৩
ৰামৰ বৃত্তান্ত তব নাহি আবিদিত ।
কহিয়ো ৰামৰ বাৰ্ত্তা হৌক থিৰ চিত্ত ॥২৪
শুনি গুহ ৰজা পাছে বুলিলা বচন ।
কেন মতে জানিবো তোমাৰ শুদ্ধমন ॥২৫
ভালমন্দ তোমাৰ জানিতে মই চাওঁ ।
তেৱেসে ৰামৰ বাৰ্ত্তা তোমাত জনাওঁ ॥২৬
কেন মতে কহিবোহোঁ ৰামৰ কাহিনী ।
পৰচিত্ত অন্ধকাৰ একোৱে নজানি ॥২৭
ভৰতে শুনিলা বাক্য গুহ নৃপতিৰ ।
বজ্ৰ্ৰৰ প্ৰহাৰে হিয়া যেন ভৈল চিৰ ॥২৮
চাণ্ডালে গৰিহা মোক কৰিবাক পাইল ।
কৈকেয়ী মাৱেসে মোক দুৰ্য্যশ কৰাইল ॥২৯
চুইবে ভাল নহে সৰ্ব্ব জাতিতো অধৰ্ম ।
তাহাৰো ৰামত ভৈল ভকতি উত্তম ॥৩০
আমাক গৰিহা কৰে অধম চণ্ডাল ।
ইলাজত কৰি মোৰ মৰণেসে ভাল ॥৩১
এহিবুলি তেজি বীৰ দীৰ্ঘ নিশ্বাসক ।
মহা মনো দুঃখে পাছে বুলিলা গুহক ॥৩২
যিবোল বুলিলা গুহ উচিত তোমাৰ ।
মাতৃসে দিয়াইল মোক ইসব সংসাৰ ॥৩৩
মইতো জানো ৰামেসে জীৱন মোৰ প্ৰাণ ।
পিতৃতো অধিক মোৰ ৰামেসে প্ৰধান ॥৩৪
তান বনবাস দুঃখ মাতৃৰ কাৰণে ।
তাহাঙ্ক নিবাক প্ৰতি প্ৰবেশিলোঁ বনে ॥৩৫
ৰামত কপট চিত্ত নাহিকে আমাৰ ।
কহিলোঁ স্বৰূপকথা আগত তোমাৰ ॥৩৬
পিতৃ তুল্য শ্ৰীৰামক আনিবাক যাওঁ ।
মিছা যদি বোলোঁ ব্ৰহ্ম বধ পাওঁ ॥৩৭
ভৰতৰ সত্য শুনি সহৰিষ মনে ।
গুহৰাজে সম্বুধি বুলিলা তেতিক্ষণে ॥৩৮
স্বৰ্গক সাধিলা তুমি ভৰত কুমাৰ ।
ৰাম হেন শ্ৰেষ্ঠ ভাইত ভকতি তোমাৰ ॥৩৯
সাফল জীৱন তুমি মুকুতি সাধিলা ।
তুমি হেন ভাই ৰামে ভাগ্যে সে লভিলা ॥৪০
দশৰথ সুত তুমি ৰাঘৱৰ ভাই ।
মোৰ ঘৰ জানা যেন আপোনাৰ ঠাই ॥৪১
ৰাতি গোট থাকিও অৰ্চ্চনা কিছু কৰোঁ ।
সকলে সেনাক এক সাঞ্জ আলধৰোঁ ॥৪২
হেন শুনি বুলিলন্ত ভৰত কুমাৰ ।
কিনো অদভূত দেখোঁ শকতি তোমাৰ ॥৪৩
ধন্য তোৰ জীৱন সাফল তোৰ সাস ।
এতেক সৈন্যক আল ধৰিবাক চাস ॥৪৪
প্ৰশংসি ভৰতে হৰিষক বৰ পাইল ।
মনুষ্য পঠাইয়া সব সম্ভাৰ আনাইল ॥৪৫
ভক্ষ্য ভোজ্য মত্স্য মাংস বহু ফলমূল ।
থানে থানে থোৱাইল পৰ্ব্বত যেন থুল ॥৪৬
ভৰতে সসৈন্য পাছে আহাৰ কৰিল ।
দুয়ো ভাই কিছু শোক দুখ পাসৰিল ॥৪৭
পৰ্ব্বত সমান শোকে পুনুহো জান্তিল ।
গুহ নৃপতিক পাছে সম্বুধি মাতিল ॥৪৮
মোহোৰ দদাৰ শোক নুহি উপশাম ।
কোথা গৈয়া দেখিবোঁ লক্ষ্মণ সীতা ৰাম ॥৪৯
তিনিক সুমৰি আমি নিদ্ৰাক নপাওঁ ।
ইঙ্গাদি বৃক্ষৰ মূলে তৃণ শয্যা চাওঁ ॥৫০
শ্ৰীৰামৰ সন্তাপে দগধ ভৈলা চিত ।
মন উতপাত কৰে তুৰিতে দেখিত ॥৫১
আগত কুমাৰ দুই গুহ ভৈলা পাছ ।
দেখাইলা দুইহাঙ্কো নিয়া ইঙ্গুদিৰ গাছ ॥৫২
দেখাঁ হেৰা শ্ৰীৰামৰ তৃণ শয্যাখন ।
পহৰ ধৰিলোঁ মই সুমন্ত্ৰ লক্ষ্মণ ॥৫৩
দুই ভাই প্ৰভাততে নিৰ্ম্মিলন্ত জট ।
সুমন্ত্ৰ মোৰ দেখি মিলিল সঙ্কট ॥৫৪
সুমন্ত্ৰ সহিতে এথা এৰিলন্ত ৰথ ।
তিনি জনে ভূমি পাৱে ধৰিলন্ত পথ ॥৫৫
গঙ্গা পাৰ হুয়া ভৈলা বনত প্ৰবেশ ।
সুমন্ত্ৰ সহিতে পৰি কান্দিলোঁ অশেষ ॥৫৬
ভৰতে ৰামৰ সিটো তৃণ শয্যা চাই ।
শত্ৰুঘনে সমে কান্দিলন্ত দুয়ো ভাই ॥৫৭
মহামৰ্ম্মে দুইৰো যেন প্ৰাণ যাই ফুটি ।
হাঁ ৰাম বুলি কান্দে পৃথিবীত লুটি ॥৫৮
ইসব অৱস্থা দেখি কেনে জীওঁ প্ৰাণে ।
তোমাৰ নিকাৰ মই পাপীৰ নিদানে ॥৫৯
আশেষ কান্দন্ত দুয়ো আৰ্ত্তনাদ কৰি ।
গুহৰাজ সুমন্ত্ৰ কান্দন্ত দুইকো ধৰি ॥৬০
হাঁ ৰাম বুলিয়া কান্দন্ত চাৰিজন ।
চমকি উঠিল শুনি কৌশল্যাৰ মন ॥৬১
শত্ৰুঘন ভৰতৰ শুনিলন্ত মাত ।
ৰাম ৰাম বুলি কান্দে শুনিলা সাক্ষাত ॥৬২
বুলিলা বচন পাছে সুমিত্ৰাক চাই ।
ৰামৰ অবাৰ্ত্তা জানো পাইলো দুয়ো ভাই ॥৬৩
ৰাম বুলি অন্যথা কান্দিবে কি কাৰণে ।
সাম সীতা লক্ষ্মণৰ কিবা ভৈলা বনে ॥৬৪
সুমিত্ৰা সহিতে এহি বুলি ৰাম মাৱে ।
মিলিলা তহিতে গৈয়া বিয়াকুল ভাৱে ॥৬৫
শত্ৰুঘন ভৰত কান্দন্ত পৰি দুই ।
কৌশল্যাৰ গাৱত লাগিল যেন জুই ॥৬৬
কৌশল্যা সুমিত্ৰা ধৰি দুই হান্তৰ গলে ।
দীৰ্ঘ ৰাৱে কান্দিলন্ত হাকলে বিকলে ॥৬৭
বত্সক নপায়া যেন ধেনু হামলাৱে ।
কুৰুই বিলাপ যেন কৰে আৰ্ত্তৰাৱে ॥৬৮
ঐ বাপ শত্ৰুঘন কহিও ভৰত ।
ৰামৰ আবাৰ্ত্তা কিবা শুনিলি বনত ॥৬৯
জানিলোঁ তাতেসে দুয়ো কান্দ আৰ্ত্তনাদে ।
প্ৰাণ ফুটি যাই মোৰ ৰামৰ বিষাদে ॥৭০
সত্বৰে কহিও কিবা ভৈল অথন্তৰ ।
কিবা মন্দ বাৰ্ত্তা বাপু পাইলিহি ৰামৰ ॥৭১
হাঁ ৰাম লক্ষ্মণ জানকী মোৰ আই ।
তোমাসাৰ বনে কিবা মিলিল বিলাই ॥৭২
কিসক নমাতা মোক ঐ বাপ ভৰত ।
কহিয়োক নিষ্ঠ কৰি মোহোৰ শপত ॥৭৩
এহি বুলি মূৰ্চ্ছা গৈলা শ্ৰীৰামৰ মাৱে ।
দেখি আনো নাৰী সবো কান্দে দীৰ্ঘৰাৱে ॥৭৪
হাঁ ৰাম ক্ৰন্দনৰ উথলিল ৰোল ।
দশো দিশ বিয়াপি লঙ্ঘিল স্বৰ্গকোল ॥৭৫
অনন্তৰে শত্ৰুঘন ভৰত দুভাই ।
দেখিলন্ত মূৰ্চ্ছা গৈয়া আছে দুয়ো আই ॥৭৬
আথে বেথে দুইকো দুই ধৰি তুলিলন্ত ।
সুস্থ হুয়া দুয়ো আই প্ৰবোধ বোলন্ত ॥৭৭
ৰামৰ অবাৰ্ত্তা মাৱ আন কিছু নাই ।
কান্দিলোহোঁ আমি তান তৃণ শয্যাচাই ॥৭৮
ইঙ্গুদি বৃক্ষৰ তলে তৃণৰ শয্যাত ।
সীতা সমে ৰামে শুতি আছিলা এথাত ॥৭৯
ইহাক দেখিয়া কান্দো কিছু নাহি আন ।
হস্তী ঘোড়া ৰথে যাক ধৰয় যোগান ॥৮০
দুগ্ধফেন সম শুক্ল কোমল শয্যাত ।
ইন্দ্ৰ সম সুখে শুতি থাকন্ত সাক্ষাত ॥৮১
কুসুম চন্দন গন্ধে ভূষিত কৰিয়া ।
পদ্মিনী সেৱয় কৰে চামৰ ধৰিয়া ॥৮২
হেনয় প্ৰভুৰ তৃণশয্যা তৰুতলে ।
ইহাক দেখিয়া মোৰ গাৱে জুই জ্বলে ॥৮৩
নানা বাদ্য নৃত্য গীতে জগাৱে যাহাক ।
বনৰ চাতকে আবে চিয়াৱে তাহাক ॥৮৪
ধ্বজ দণ্ড ছত্ৰ আদি যাহাৰ যোগান ।
নানাবিধ তৰু ভৈল ধ্বজদণ্ড তান ॥৮৫
সদাই ভুজন্ত যিটো দিব্য পঞ্চামৃত ।
আবে বন ফল শাক মাংস ভুঞ্জা নিত ॥৮৬
দিব্য বস্ত্ৰ অলঙ্কাৰ যাৰ পৰিধান ।
বৃক্ষচৰ্ম্ম জটায়ে ভূষণ ভৈল তান ॥৮৭
ভাল ভাল মনুষ্যেসে যাহাৰ পহৰী ।
এবে বন জন্তুয়ে পহৰ থাকে ধৰি ॥৮৮
হস্তী ঘোড়া ৰথে যাৰ পয়ান স্বভাৱে ।
হেন ৰাম কিমতে হান্থন্ত ভূমি পাৱে ॥৮৯
পদ্মকোষ সম যাৰ সুকোমল ভৰি ।
শিলা খোলা কণ্টক সহয় কেন কৰি ॥৯০
ৰাজ্যভোগ অলঙ্কাৰ ময়ো পৰিহৰোঁ ।
বন ফল ভুঞ্জোহোঁ শিৰত জটা ধৰোঁ ॥৯১
তৃণ শয্যা কৰোহোঁ পিন্ধোহোঁ বৃক্ষচৰ্ম্ম ।
ৰামৰ সেৱক মই ধৰোঁ তান ধৰ্ম্ম ॥৯২
এহি মতে অঙ্গীকাৰ কৰিলন্ত যত ।
তাপসৰ চিহ্ন যত ধৰিলা ভৰত ॥৯৩
আপোনাতে দেখি বীৰে ৰাঘৱৰ বেশ ।
মোৰ প্ৰভু ৰাঘৱৰ হেন ভৈলা ক্লেশ ॥৯৪
ৰাঘৱৰ দুখক সুমৰি পোৰে মন ।
মাতৃক শুনায়া বীৰে বুলিলা বচন ॥৯৫
হাঁ মাৱ কৈকেয়ী কৰিলি তই কিস ।
পূৰ্ণ অমৃতৰ ঘটে ঢালিলিহি বিষ ॥৯৬
ৰামৰ নিকাৰ তই পাপিনীৰ কাজে ।
ৰাজ্য এৰি ৰামচন্দ্ৰ আছে বনমাঝে ॥৯৭
স্বামীক মৰাইলি মোক কৰাইলি দুৰ্যশ ।
আচৰি ৰামৰ দ্ৰোহ এখনো জীৱস ॥৯৮
গলে কাঠি চিপি তোক মাৰিবাক পাৰোঁ ।
মাতৃবধ লাগিবে ইহাতে মই হাৰোঁ ॥৯৯
কিনো নিদাৰুণী তোৰ ৰামত কপট ।
নুহিকে ৰজাৰ ঝীৱ জনিলেক নট ॥১০০
ভৰতৰ বাণী শুনি জননী ৰামৰ ।
কিছু সুস্থ ভৈলা শোক গুচিল চিত্তৰ ॥১০১
গুহক ভৰতে পাচে বুলিলা বচন ।
শ্ৰীৰাম দদাক কেনে পাওঁ দৰশন ॥১০২
চৰণত ধৰিয়া ৰাজ্যক লাগি নিবোঁ ।
পিতৃৰ পাটত তাঙ্ক নৃপতি পাতিবোঁ ॥১০৩
অযোধ্যাৰ লোক তান সেবিব চৰণ ।
পালন্তোক ৰামে ৰাজ্য মই খাটোঁ বন ॥১০৪
শুন গুহৰাজ তই নিজ গৃহে চল ।
আমাৰ শোকতে তইও হোৱস বিকল ॥১০৫