ৰামচন্দ্ৰ - গুহক সাক্ষাত্
ৰামায়ণ বৃত্তান্ত |
---|
|
- ১৮ অধ্যায়
ৰামচন্দ্ৰৰ গুহক সাক্ষাত্
উপায় বিশেষে প্ৰজাগণে পৰিহৰি ।
অবিলম্বে পাইলা আসি কোশল নগৰী ॥১
তাকো এৰাই গৈলা বেদশ্ৰুতি নদী তৰি ।
লক্ষ্মণ জানকী সমন্বিতে মন্যু কৰি ॥২
গোপকূল পাইলা গৈয়া ঘৃত দধি সাৰ ।
শীঘ্ৰ বেগে ভৈলা গৈয়া গোমতীৰ পাৰ ॥৩
ৰথনেমি সন্ধানে পৃথিবী তল ভেদি ।
শীঘ্ৰ বেগে তৰিলা সৰযু মহানদী ॥৪
মন্ত্ৰীক সম্বুধি ৰামে বুলিলা বচনে ।
বিষাদ থাকিল মোৰ সৰযুৰ বনে ॥৫
কোন কালে আসি মাৱ বাপ ভেট পাইবোঁ ।
সৰযুৰ বনে মৃগ মাৰিবাক যাইবোঁ ॥৬
হেনয় বিষাদে যেবে গৈলা বহু দূৰ ।
গোধূলিৰ বেলা পাইলা শৃঙ্গৱেৰ পুৰ ॥৭
দেৱনদী গঙ্গাক দেখিলা গৈয়া তথা ।
জগত পৱিত্ৰ কৰি বহন্ত সৰ্ব্বথা ॥৮
শত যোজনত থাকি সুমৰণ কৰে ।
তেতিক্ষণে দুৰ্ঘোৰ দুস্তৰ পাপ তৰে ॥৯
স্নানত দুষ্কৃত যত গুচয় নিশেষ ।
কল্যাণ লভিয়া পায় পুণ্য কথা শেষ ॥১০
দেখিলে পাতক হৰে একজনমৰ ।
পৰশিলে নষ্ট হোৱে জনম শতৰ ॥১১
স্নানিলতে সহস্ৰ জন্মৰ পাপ নাশ ।
স্নান দান জপে হোৱে ব্ৰহ্মৰ প্ৰকাশ ॥১২
অন্তকালে যিবা জনে গঙ্গাত মজয় ।
মুকুতি লভিয়া ঘোৰ সংসাৰ তৰয় ॥১৩
চাৰি মুখে ব্ৰহ্মা গুণ বৰ্ণাইতে নপাৰি ।
হেন গঙ্গাতীৰ পাইলা ৰাঘৱ মুৰাৰি ॥১৪
বায়ুৰ পৰশে ঢৌ উঠলন্তে আছে ।
ৰাম দৰশনে গঙ্গাদেৱী যেন নাচে ॥১৫
ফেনগণ হৈল যেন সচকিত হাস ।
জলৰ উল্লোল যেন দেখয় প্ৰকাশ ॥১৬
নিজাৱৰ্ত্ত হাতে গঙ্গা আহ্বান কৰিল ।
গঙ্গাক দেখিয়া ৰামে শোক পাসৰিল ॥১৭
কুম্ভীৰ কচ্ছপ মত্স্য শিশু ঘৰিয়াল ।
নানাবিধ জলজন্তু কৰয় আম্ফাল ॥১৮
হংস সাৰসৰ মধ্যে বক চক্ৰবাক ।
জলচৰ পক্ষীগণ লখি জাকে জাক ॥১৯
দুখতে হৰিষ কিছু ভৈল গঙ্গাকূলে ।
বসিলা ৰথৰ নামি ইঙ্গুদিৰ মূলে ॥২০
সুমন্ত্ৰ ৰথৰ ঘোঁড়া কৰিলা উদাস ।
জলপান কৰায়া ঘোঁৰাক দিলা ঘাস ॥২১
শৃঙ্গৱেৰ পুৰে বীৰ ইন্দ্ৰ সমসৰ ।
গুহ নামে ৰাজা বৰ সুহৃদ ৰামৰ ॥২২
চাণ্ডালৰ ৰাজা তেহো বাৰ্ত্তা পাচেপাইল ।
মুখ্য মুখ্য পাত্ৰ লৈয়া ৰাম পাশে আইল ॥২৩
দূৰতে ৰামক দেখি নমাইলেক মাথ ।
সাষ্টাঙ্গ প্ৰণামি যুৰিলেক যোৰহাত ॥২৪
কৰ্পূৰ তাম্বুল যত বিবিঘ ভক্ষণ ।
ৰামৰ আগত কৰিলেক উপসন ॥২৫
আইস আইস গুহ বুলি ৰামে দিলা ৰাৱ ।
সন্নিত চাপিলা গৈয়া বিনয় স্বভাৱ ॥২৬
দুই বাহু মেলি ৰামে সাবটি ধৰিলা ।
গ্ৰীৱাত ধৰিয়া মাথে চুম্বন কৰিলা ॥২৭
কিনো শুভদিন আজি দেখিলোঁহো তোক ।
এৰাইলোঁহো ক্ষণতেক হৃদয়ৰ শোক ॥২৮
কুশল বাৰ্তাক পুছি দিলন্ত সিদ্ধান্ত ।
আদি অন্তে কহিলন্ত আপোন বৃত্তান্ত ॥২৯
পৰিগ্ৰহ তেজিলোঁহো তাপসৰ ভাৱ ।
অন্ন পান দ্ৰব্য যত ঠাৱক পঠাক ॥৩০
বাকলি বসন ফল মূলে মোৰ আশ ।
পাইলোঁ তোৰ আদৰ ঘোঁৰাক দিয়ো ঘাস ॥৩১
সন্ধ্যা কৰিলন্ত ৰাম লখাই মহাবীৰে ।
তৃণ শয্যা নিৰ্ম্মিলা লক্ষ্মণ গঙ্গাতীৰে ॥৩২
তৃণৰ শয্যাত ৰামে ঘেলাইলন্ত গাৱ ।
সীতাও চাপিলা গৈয়া সলজ্জিত ভাৱ ॥৩৩
সুমন্ত্ৰ লক্ষ্মণ গুহ গঙ্গাৰ কূলত ।
তিনি জনে বিষাদিত বৃক্ষৰ মূলত ॥৩৪
গুহ ৰাজে বোলে লক্ষ্মণৰ মুখ চাই ।
তোমাক দিবাক আছে পত্ৰক বিছাই ॥৩৫
ইহাতে শুতিয়ো তুমি মন্যু পৰিহৰি ।
সসৈন্য পহৰা দিবোঁ হাতে ধনুধৰি ॥৩৬
লক্ষ্মণে বোলন্ত শুনা গুহ মহাবীৰ ।
কেনে নিদ্ৰা যাইবোঁ শোকে দহধ শৰীৰ ॥৩৭
কৌশল্যা সুমিত্ৰা মাৰ বাপ দশৰথ ।
ছট ফটাই মৰে দুইয়ো দহে অন্তৰ্গত ॥৩৮
যাহাৰ তুলত লৰে চতুৰঙ্গ দল ।
স্বৰ্গদ্বাৰ ভেদয় সৈন্যৰ কোলাহল ॥৩৯
হেন ৰাম সীতা শুতিলন্ত তৰুতল ।
নৰহয় প্ৰাণ মন কৰয় বিকল ॥৪০
যাহাৰ সেৱক হস্তী ঘোঁড়ে ৰথে চড়ি ।
আগে পাচে সেৱা কৰি চলে দৰদৰি ॥৪১
তাহান বিপতি হেন মিলিল আপায় ।
জীৱনতো ধিক মোৰ পৰাণ নযাই ॥৪২
শুনি গুহ নৃপতিৰ পৰাণ নসহে ।
দশৰথ বহ্নি জ্বলি অন্তৰ্গত দহে ॥৪৩
তিনিকো পীড়িলে শোক জ্বলিয়া প্ৰচণ্ড ।
কান্দন্তে পুহাইল ৰাত্ৰি উদিত মাৰ্ত্তণ্ড ॥৪৪
ৰাঘৱে বোলন্ত লখাই ঝাণ্টে চালগাৱ ।
পুহাইল ৰজনী কুলি তেজিলেক ৰাৱ ॥৪৫
ময়ূৰৰ নাদে শুন পূৰিলেক বন ।
ধনু কাণ্ড লৈয়ো ভাই কৰিয়ো গমন ॥৪৬
ৰামৰ বচন শুনি বিনীত লক্ষ্মণে ।
তূণ বাণ খৰ্গ সাজি লৈলা তেতিক্ষণে ॥৪৭
আগত লক্ষ্মণ সীতা পাচে ৰঘুনাথ ।
আগ বাঢ়ি সুমন্ত্ৰ যুৰিলা যোৰহাত ॥৪৮
লখিলোঁহো ভূমি পাৱে ধৰিলাহা দিশ ।
আজ্ঞা দিয়ো প্ৰভু মই কৰিবোহো কিস্ ॥৪৯
ৰাঘৱে বোলন্ত মন্ত্ৰী অযোধ্যাক চল ।
লোকত জনাইবে মোৰ বাৰ্ত্তাক কুশল ॥৫০
হেন শুনি মন্ত্ৰী ভৈল বিকল স্বভাৱ ।
মৰিলোঁহো বুলিয়া দিলেক দীৰ্ঘৰাৱ ॥৫১
আশেষ কান্দিয়া বোলে চৰণত ধৰি ।
দেশক নযাইবোঁ থাকোঁ তযু সেৱা কৰি ॥৫২
শ্ৰীৰামে বোলন্ত মন্ত্ৰী হেন নোহে যোগ ।
তিন দিন বাপৰ নাহিকে ৰাজভোগ ॥৫৩
জীৱন্তে কি দশৰথে তেজিলন্ত মোক ।
আশ্বাসিবি ভালে তাঙ্ক যেন পলাই শোক ॥৫৪
ৰামৰ চৰিত্ৰ কথা অমৃত পৰম ।
সংসাৰ তৰস ইটো উপায় সুগম ॥৫৫
জানিয়া ৰামৰ পাৱে থিৰ কৰি মন ।
বোলোঁ ৰাম ৰাম সবে সমাজিক জন ॥৫৬