সাগৰৰ পাৰত বানৰ সৈন্যৰ মন্ত্ৰণা
'গাঢ় পাঠ্য
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৰামায়ণ ।
- সুন্দৰাকাণ্ড ।
==============================গাঢ় পাঠ্য
[সম্পাদনা কৰক]ওঁ নমঃ শ্ৰীকৃষ্ণায় ॥
- ১ অধ্যায়
- দুলৰি ।
নমো নাৰায়ণ, বিঘিনি খণ্ডন,
- ৰঘুৰ নন্দন ৰাম ।
সহস্ৰেক বাহু, সহস্ৰেক শিৰ,
- যাৰ সহস্ৰেক নাম ॥১
বাপৰ সত্যক, পালিয়া ৰাঘৱ,
- সীতা সমে গৈলা বন ।
বোলন্ত কন্দলী, আন গতি নাই,
- ৰামৰ দুই চৰণ ॥২
====================
[সম্পাদনা কৰক]- ২ অধ্যায়
- সুগ্ৰীৱৰ অভিষেক ।
- পদ ।
প্ৰণমিলোঁ ৰাম তিনি ত্ৰৈলোক্যৰ নাথ ।
নিশাচৰ ৰাৱণক বধিলা লঙ্কাত ॥১
সাগৰত সেতুবন্ধ বালীৰ মৰণ ।
মাধবে ভনিলা শ্ৰীৰামৰ শ্ৰীচৰণ ॥২
সুন্দৰ শ্ৰীৰামচন্দ্ৰ সুন্দৰ লক্ষ্মণ ।
সুন্দৰ যে সুগ্ৰীৱ সুন্দৰ কপিগণ ॥৩
সুন্দৰী জানেকী সীতা জগতৰ আই ।
সুন্দৰাকাণ্ডত কিছু অসুন্দৰ নাই ॥৪
সম্পাতিৰ বচনত খণ্ডিল বিষাদ ।
কৌতুকে বানৰে কৰিলন্ত সিংহনাদ ॥৫
সবে সেনা লৈয়া আবে অঙ্গদযে বীৰে ।
দক্ষিণ সাগৰে যায় উত্তৰৰ তীৰে ॥৬
সবাকো সম্বুধি মাতিলন্ত যুৱৰাজ ।
কমন মহন্তে হিত চিন্তিবেক কায ॥৭
কোনে দিবে গিয়াতিক অভয় দক্ষিণা ।
একে ডেৱে পত প্ৰহৰৰ পথ জিনা ॥৮
যিটো বীৰে যাইবে পাৰাঁ লঙ্কায়ে নগৰী ।
চন্দ্ৰৰো ৰোহিনী আনিবাক পাৰাঁ হৰি ॥৯
বাসৱে ৰাখন্ত যদি কৰে বজ্ৰ ধৰি ।
স্বৰ্গৰ অমৃত আনিবাক পাৰাঁ হৰি ॥১০
আপদে মগন ভৈল জ্ঞাতিক উদ্ধাৰ ।
কীৰিতি থাকোক যাৱে চন্দ্ৰ দিৱাকৰ ॥১১
অঙ্গদৰ বাণী শুনি বানৰ তবধ ।
গুৰুতৰ ভাৰত বচন নিশবদ ॥১২
পুনৰপি অঙ্গদে বুলিলন্ত বাক ।
কমন মহন্তে আবে নামাতা আমাক ॥১৩
সৈন্যৰ মধ্যৰ হন্তে প্ৰচণ্ড প্ৰভাৱ ।
বৰ বৰ বীৰ সবে চালিলন্ত গাৱ ॥১৪
কৰযোৰে অঙ্গদত বিনয় বদতি ।
একৈক বোলন্ত যাৰ যিমান শকতি ॥১৫
প্ৰথমতে গয় বীৰে দিলে সমিধান ।
ডেৱে যাইবে পাৰোঁ দশ যোজনৰ মান ॥১৬
গৱাক্ষে বোলন্ত আপোনাৰ বল যত ।
ডেৱে যাইবে পাৰোঁ কুৰি প্ৰহৰৰ পথ ॥১৭
গৱয়ে বোলন্ত যাইবো যোজন তিৰিশ ।
সৰভে খঙ্গাইল পথ যোজন চল্লিশ ॥১৮
পঞ্চাশ যোজন পছ গন্ধমাহাদন ।
মৈন্দ্য বোলন্ত যাইবোঁ ষাঠিয়ো যোজন ॥১৯
দ্বিবিদে খঙ্গাইল পথ যোজন সত্তৰি ।
আশি প্ৰহৰৰ পছ সুষেন যে হৰি ॥২০
নলে বুলিলন্ত আপোনাৰ বল যত ।
ডেৱে যাইবে পাৰোঁ নব্বৈ যোজনৰ পথ ॥২১
তাৰে বিনাৱন্ত বীৰ অঙ্গদত গৈ ।
দুইহধিক যাইতে পাৰোঁ যোজন নব্বৈ ॥২২
নীলে বুলিলন্ত আত্ম শকতি যতেক ।
এক মন্দ যাইতে পাৰোঁ যোজন শতেক ॥২৩
ব্ৰহ্মাৰ তনয় জাম্বৱন্ত বৃদ্ধ ঘাগি ।
কিনো গোটা গুটি ঘোৰ কৱন্তাক লাগি ॥২৪
বনত আছাহা সবে যুবত বানৰ ।
দিগ্গজ সমান সবে শৰীৰ ডাঙ্গৰ ॥২৫
মোহোৰ সমান বৃদ্ধ নাহি নিৰন্তৰ ।
আমি কথা কও শুনা যুবত কালৰ ॥২৬
নাৰায়ণে যৈসানি বলিক ছলিলন্ত ।
দশোদিষ পূৰিয়া বামন উজাইলন্ত ॥২৭
জটায়ু সহিতে আমি প্ৰতিজ্ঞাক পূৰি ।
তিনি বাৰ প্ৰণামিলোঁ কায়া ফুৰি ফুৰি ॥২৮
এভো বৃদ্ধ ভৈলোঁ বলকটালি বিচাৰোঁ ।
এক মন্দ শতেক যোজন যাইতে পাৰোঁ ॥২৯
তথাপিতো কাৰ্য্যৰ নভৈল সমাপতি ।
এবু বুলিয়োক যাৰ যিমান শকতি ॥৩০
হনুমন্তে সবাৰো বচন আকলিয়া ।
নমাতি থাকিলা কাণ মুণ্ড নলাৰিয়া ॥৩১
যুবৰাজে বোলন্ত আসজ ভৈল কায ।
নিশবদ ভৈল সবে গিয়াতি সমাজ ॥৩২
আমিতো যাইবাক পাৰোঁ শতেক যোজন ।
সংশয় দেখোহোঁ মনে পুনৰাগমন ॥৩৩
সবে জ্ঞাতিগণে অনুমতি দিয়া মোক ।
ৰাম কাৰ্য্য সাধন্তে যেহেন যুৱাইয়োক ॥৩৪
জাম্বৱে বোলন্ত ভাল কথাৰ প্ৰশন ।
ভৃত্য আছন্ত স্বামী বিদূৰ গমন ॥৩৫
তোমাক আমৰা সবে লঙ্কাক পঠাই ।
ইঠাই থাকিয়া কাৰ উৰুৱাইব ছাই ॥৩৬
তুমি লঙ্কা গৈলে যেবে মিলয় প্ৰমাদ ।
আমাক দণ্ডিব ৰাজা বচন সংবাদ ॥৩৭
ধৰ্ম্মপুৰুষ তুমি কপি কটকৰে ।
নাৱ টলবল কৰে বিনা কাণ্ডাহাৰে ॥৩৮
যুবৰাজ আপুনি জানিয়া ৰাজধৰ্ম্ম ।
তোমাক ৰাখিবে সবে হেন যোগ্য কৰ্ম্ম ॥৩৯
তুমি এৰি যাইবা যুৱৰাজ দণ্ডধৰে ।
মই বুঢ়া বানৰে কোনে কাৰ বোল কৰে ॥৪০
খুজি পাইলোঁ যিবা যাইবে একে ডেৱে লঙ্কা ।
নিশবদ থাকা সবে এৰিয়োক শঙ্কা ॥৪১
সন্নিততে পায় যে দূৰত নাই কায ।
ৰঙ্গে ঢঙ্গে থাকা সবে গিয়াতি সমাজ ॥৪২
বৃদ্ধ জাম্বৱন্তক ছৱাল হুয়া ভাঢ়া ।
বুঢ়া শালিকাৰ যে চক্ষু ভ্ৰূৱ কাঢ়া ॥৪৩
আখৰেক মাতোঁ যেবে আমাক নভঙ্গা ।
দিনে শতবাৰ আইতে যাইতে পাৰাঁ লঙ্কা ॥৪৪
বালী সুগ্ৰীৱ দুয়ো বীৰ চমত্কাৰ ।
আপোনাতোহধিক বল প্ৰশংসে তোমাৰ ॥৪৫
সবেহন্তে থাকিয়োক শঙ্কা পৰিহৰি ।
খুজি পাইলোঁ যি যাবেক লঙ্কা যে নগৰী ॥৪৬
মাৰুতিক চাহিয়া বোলন্ত জাম্বৱন্ত ।
স্বস্থানে পৰোক্ষে কোনে সন্তোষ হন্ত ॥৪৭
প্ৰস্তাৱে নমাতি কেনে ধৰিয়াছা চুক ।
উপেক্ষা কৰিয়ো কেনে জ্ঞাতিক বন্ধুক ॥৪৮
বাঢ়ি হনুমন্তে যুৰিলন্ত যোৰ হাত ।
বৃদ্ধ জাম্বৱন্ত বুলি নমিলন্ত মাথ ॥৪৯
যাইবোহোঁ লঙ্কাপুৰী সাধিবোহোঁ প্ৰভুকৰ্ম্ম ।
কোন জনে কহিবে মোহোৰ জাতি ধৰ্ম্ম ॥৫০