হনুমন্ত আৰু বিৰুপাক্ষৰ যুদ্ধ
ৰামায়ণ বৃত্তান্ত |
---|
|
- ২৩ অধ্যায়
হনুমন্ত আৰু বিৰুপাক্ষৰ যুদ্ধ আৰু নিধন ।
কহিবা যূপাক্ষ বিৰূপাক্ষ ভাসকৰ্ণ ।
দুৰ্দ্ধৰ্ষ বীৰ প্ৰহস অঞ্জন সমবৰ্ণ ॥১
পাঞ্চ মহাবীৰ সমৰক যাহা চলি ।
সাৱধানে যুজিবা বানৰা মহাবলী ॥২
পাঞ্চ মহাৰথীক পাঠাওঁ একেবাৰে ।
দেৱলোকে সম নুহি একৈক তোমাৰে ॥৩
পাঞ্চ বীৰে গৈয়া বানৰক বন্দী কৰাঁ ।
ঝাণ্টে মোৰ হৃদয়ৰ শৈল্যক উদ্ধাৰাঁ ॥৪
আদেশ কৰিয়া পাছে ৰাক্ষসৰ ৰাজে ।
সমৰক চলিল ভূষিত সৰ্ব সাজে ॥৫
পাঞ্চো মহাৰথী প্ৰবেশিল সমৰত ।
মাৰুতিক দেখিলে তোৰণ উপৰত ॥৬
তীক্ষ্ণ পাঞ্চ শৰ লৈলা দুৰ্দ্ধৰিষ বীৰে ।
টান কৰি বিন্ধিলেক হনুৰ শৰীৰে ॥৭
শৰ ঘাৱে হনুমন্তে ক্ৰোধ বৰ পাইল ।
পৰ্ব্বত সমান কৰি শৰীৰ বঢ়াইল ॥৮
আটাসেক দিয়া কপি গগনে চড়িলা ।
শীঘ্ৰ বেগে গৈয়া তাৰ ৰথত পৰিলা ॥৯
ৰথ ধনু সাৰথিয়ে মুৰ্দ্ধৰিষ গাৱে ।
চূৰ্ণীকৃত হুয়া গৈল শৰীৰৰ বাৱে ॥১০
যতেক আছিল তাৰ যুদ্ধৰ সম্ভাৰ ।
চূৰ্ণীকৃত হুয়া গৈল নেদেখিল আৰ ॥১১
দুৰ্দ্ধৰিষ পৰিলাত অসন্তোষ পাইল ।
যূপাক্ষ যে বিৰূপাক্ষ দুয়ো খঙ্গে ধাইল ॥১২
তোৰণত আছে হনুমন্তক আকলি ।
মুদ্গৰ মুষল হানিলেক একেবেলি ॥১৩
হিয়াত পৰিল কুট মদ্গৰৰ শূল ।
ভূমিত পৰিলা হনুমন্ত মহাবল ॥১৪
থূলন্তৰ শাল বৃক্ষ লৈলন্ত উপাৰি ।
দুইহানো মাথাত বৈসাইলেক এক বাৰি ॥১৫
একে বাৰি প্ৰহাৰে দুইহানো অন্ত হইল ।
দেখি পাছে প্ৰদ্মস ৰাক্ষস জ্বলি গৈল ॥১৬
ভাসকৰ্ণ কিটাই ত্ৰিশূল তুলি লৈল ।
মাৰ মাৰ বুলি মাৰুতিক খেদি গৈল ॥১৭
ভাসকৰ্ণে ত্ৰিশূলে হানি প্ৰদ্মসে পট্টিসে ।
বানৰক শালি দুয়ো হাসন্তে হৰিষে ॥১৮
ৰুধিৰে পৱন সুত দেখিলে শোভিত ।
প্ৰভাত কালৰ যেন অৰুণ উদিত ॥১৯
শৰ ঘাৱে মাৰুতিয়ে কোপ বৰ কৰি ।
সাগ মৃগ সহিতে পৰ্ব্বত হাতে তুলি ॥২০
দুইহাতে কোবেক বৈসাইল বৰ টানে ।
একেবাৰে দুয়ো বীৰ মৰি গৈল প্ৰাণে ॥২১
পাঞ্চ সেনাপতি বধ কৰিল মাৰুতি ।
পাছে সেনা মাৰিলন্ত বিগুটি বিগুটি ॥২২
হস্তীক হস্তীয়ে ধৰি আছাৰি মাৰিল ।
ঘোঁড়ে ঘোঁড়ে বাহুতে বাহুতে সংহৰিল ॥২৩
শোণিতে বহাইল নদী সমৰ ভূমিত ।
অগম্যা সমৰ ভূমি দেখি ভয় ভীত ॥২৪
হস্তী সব হন্ত দ্বীপ ঘোঁড়া যাই ভাসি ।
তোৰণত বসি বীৰে থাকিলন্ত হাসি ॥২৫
পাঞ্চ সেনাপতি বধ শুনিল লঙ্কেশ ।
অক্ষ কুমাৰক পাছে কৰিল আদেশ ॥২৬
যাক যাক পঠাইলোহোঁ পৰিলেক ৰণে ।
বানৰক বান্ধি বাপ আন এতিক্ষণে ॥২৭
বিমৰিষ অনেক কৰিলা মনে থিৰ ।
বানৰাক যুজন্তা লঙ্কাত নাহি বীৰ ॥২৮
তই সিদ্ধশৰ তিনি ত্ৰৈলোক্যতে সাৰ ।
ধৰিতে নোৱাৰ যেবে সমৰত মাৰ ॥২৯
তোৰ আগে বানৰায়ে কোন বস্তু হোৱে ।
সমৰে হাৰিল তোত বাৱৰ পোৱে ॥৩০
কোনে বা চিন্তিলে হেন কৰ্ম্ম দেৱাসুৰ ।
যে মতে পৰভেৱে বানৰা দুন্দুৰ ॥৩১
উতোভন বচন শুনিলে বাপেকৰ ।
হৰিষ বদন ভৈল অক্ষ কুমাৰৰ ॥৩২
প্ৰৱন্ধ কৰিবে আগে তাক ধৰিবাৰ ।
নুহি তেবে শৰে হানি সমৰত মাৰ ॥৩৩
তাকে ডৰে পলাই সবে কিঙ্কৰ সকল ।
সাৱধানে যুজিবে বানৰা মহাবল ॥৩৪
উপদেশ বচনে আনন্দ ভৈল তাৰ ।
হৰিষ বদনে চলে অক্ষ যে কুমাৰ ॥৩৫
সূৰ্য্য কিৰণৰ সম ৰথখান চলে ।
তাত নিয়া চড়াইলেক অস্ত্ৰক সকলে ॥৩৬
ত্ৰিকণ্টক ভুষণ্ডী বিপাট মুদ্গৰ ।
শতঘ্নী নাগপাশ ক্ষুৰ ধনু শৰ ॥৩৭