সীতাৰ বনবাস
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৰামায়ণ ।
- উত্তৰাকাণ্ড ।
============================
[সম্পাদনা কৰক]- ১ অধ্যায়
ওঁ নমঃ শ্ৰীকৃষ্ণায় ॥
- সীতাৰ বনবাস
জয় জয় জগত জনক শ্ৰী ৰাম ।
অধম উদ্ধাৰে যাৰ লৈলে গুণ নাম ॥১
যাক সুমৰণে তৰি দুৰ্ঘোৰ সংসাৰ ।
কৰোঁ হেন ৰামৰ চৰণে নমস্কাৰ ॥২
নমো নমো ৰঘুকুল তিলক কেশৱ ।
জয় জয় সীতাৰ সন্ততি কুশ লৱ ॥৩
ৰাম গৈল স্বৰ্গ সীতা পাতালে গমন ।
শঙ্কৰে ৰচিলা শ্ৰীৰামৰ চৰণ ॥৪
ৰাম পাদপদ্ম দুই হৃদয়ত ধৰি ।
গুৰুৰ চৰণ মনে নমস্কাৰ কৰি ॥৫
বিৰচিলো উত্তৰাকাণ্ডৰ কথা সাৰ ।
হৌক পদ ৰাম পাদ প্ৰসাদে প্ৰচাৰ ॥৬
শুনা নিৰন্তৰে ইটো কথা ৰামায়ণ ।
সংসাৰ নিস্তৰি যাৰ বৈকুণ্ঠক মন ॥৭
ৰাম নাম বিনা নাই কলিত নিস্তাৰ ।
হেন জানি ৰামৰ চৰিত্ৰ কৰাঁ সাৰ ॥৮
ৰাম নাম প্ৰমত্ত সিংহৰ মহানাদে ।
পলাই পাপ হস্তীযূথ পৰম বিষাদে ॥৯
সমন্ত ধৰ্ম্মৰে ৰাম নামত নিবাস ।
সি সি মহাজন যাৰ নামত বিলাস ॥১০
ৰাম বন গৈলা পালি পিতৃৰ আদেশ ।
শুনিয়োক উত্তৰাকাণ্ডৰ কথা শেষ ॥১১
তহিতে সীতাক হৰি নিলে লঙ্কাপতি ।
সুগ্ৰীৱ সহিতে পাছে ভৈলা মিত্ৰৱতি ॥১২
সাগৰত সেতু বান্ধি বধি ৰাৱণক ।
অগ্নিত পৰীক্ষা ৰামে কৰিলা সীতাক ॥১৩
প্ৰাসাদে ৰঞ্জিয়া যত ভালুক বানৰ ।
কৰিলন্ত ৰাজ্য দশ হাজাৰ বৎসৰ ॥১৪
জানকী সহিতে ভোগ ভুঞ্জিলা ভুকুতি ।
ৰামৰ সন্তানে সীতা ভৈলা গৰ্ভৱতী ॥১৫
কৌশল্যা প্ৰমুখ্যে শ্বাশু সবাৰো উৎসৱ ।
আনন্দ হৃদয় দেখি ভৈলন্ত ৰাঘৱ ॥১৬
মিলিল দুৰ্য্যোগ পাছে বিধিৰ বিপাকে ।
ৰামক কহন্ত সীতা স্বপ্নৰ কথাকে ॥১৭
শুনিয়োক প্ৰভুদেৱ সাধো এক কায ।
স্বপ্নত আছিলো আজি তপোবন মাজ ॥১৮
ঋষি পত্নীগণে মোত সাদৰিলা ৰঙ্গে ।
আছিলো কৌতুকে আজি তাসম্বাৰ সঙ্গে ॥১৯
তোমাৰ প্ৰসাদে সেই পাওঁ তপোবন ।
তবেসে মোহোৰ হোৱে সাফল স্বপন ॥২০
হেন শুনি ৰঘুনাথ তুলিলন্ত হাস ।
নতো গুচে তোমাৰ বনত হাবিলাস ॥২১
স্বপনৰ বস্তু কোনে পাৱে সচেতত ।
হাসিবেক ইটো কথা নকৈবা লোকত ॥২২
এহিমতে কতো দিন আছন্ত ৰাঘৱ ।
চাৰ মুখে শুনিলা লোকৰ গলাৰৱ ॥২৩
দুৰ্ম্মুখ দুৰ্জ্জন জনে দেই অপযশ ।
সীতাক নীলেক হৰি ৰাৱণ ৰাক্ষস ॥২৪
একেশ্বৰী নাৰী সীতা আছিল লঙ্কাত ।
কিমতে পৈশন্ত তান্ত ৰাঘৱ সঞ্জাত ॥২৫
শুনি হেন দুৰ্জ্জন জনৰ অপবাদ ।
ৰামৰ মনত হেন মিলিল বিষাদ ॥২৬
ভৈল অধোমুখ যেন পৰিল নিৰ্ঘাত ।
কতেকৰ মুখত ঢাকিবোঁ দিয়া হাত ॥২৭
ইটো সূৰ্য্যৰ বংশৰ কলঙ্ক কতো নাই ।
সীতাৰ ত্যাগৰ পৰে নেদেখোঁ উপাই ॥২৮
মনে বিমৰিষি ৰামে কৰিলন্ত সাৰ ।
জানকীৰ চিন্তাত দেখন্ত অন্ধকাৰ ॥২৯
উগুল থুগুল চিত্ত নাহি সুখ শান্তি ।
লক্ষ্মণক বিৰলে বুলিলা গুণি গান্থি ॥৩০
বিপাঙ্গে পৰিলো বাপ উদ্ধৰা আমাক ।
জনবাদে দিয়ো নিয়া নিৰ্ব্বাস সীতাক ॥৩১
নেদেখোঁহো আৰ যেন জানকীৰ মুখ ।
মৰণতো কৰি লোক অপবাদ দুঃখ ॥৩২
ৰামৰ আদেশ শুনি কান্দন্ত লক্ষ্মণ ।
নেদন্ত উত্তৰ বুজি ৰাঘৱৰ মন ॥৩৩
ৰামে বোলন্ত পাছে বচন বিচাট ।
সীতাক ৰাখিবি যেবে আগে মোক কাট ॥৩৪
ৰামৰ কষ্টক লক্ষ্মণৰ ডৰ বৰ ।
ৰথ লৈয়া গৈলা পাছে জানকীৰ ঘৰ ॥৩৫
উঠিয়োক ৰথে শান্তী মাৱ কাৰ্য্য জানি ।
দেখাঁ তপোবন ৰামে দিলন্ত মেলানী ॥৩৬
হেন শুনি সীতা শান্তী ভৈলা সালংকৃত ।
নুবুজিল একো ৰাম স্বামীৰ ইঙ্গিত ॥৩৭
চড়িলন্ত ৰথত দুৰ্য্যোগে নেই টানি ।
লক্ষ্মণে ডাকন্ত ৰথ লৰিল গোসাঁনী ॥৩৮
কতো বেলি পাইলা গৈয়া তপোবন মাজ ।
লক্ষ্মণে বোলন্ত কান্দি জানকীত কায ॥৩৯
নামিয়োক মাৱ অযোধ্যাৰ এৰি আশ ।
তোমাক দিলন্ত আবে ৰাঘৱে নিৰ্ব্বাস ॥৪০
এহি বুলি মকামকি কৰন্ত ক্ৰন্দন ।
শুনি সীতা গোসাঁনীৰ হৰিল চেতন ॥৪১
মাটিত পৰিল ঢলি বিহ্বল স্বভাৱ ।
কতোক্ষণে চেতন লভিলা শান্তী মাৱ ॥৪২
লক্ষ্মণক চাই পাছে লাগিলা বুলিতে ।
উলটি অযোধ্যা যাহাঁ ৰামৰ সন্নিতে ॥৪৩
মোৰ অৰ্থে তোমাৰ সন্তাপ বাপ ব্যৰ্থ ।
ৰামে নিকলান্তে তুমি কিসৰ সামৰ্থ ॥৪৪
মোহোৰ মৰণে আত কিছু নাহি খেদ ।
গৰ্ভৰ বিনাশে ৰামে ভৈলা বংশচ্ছেদ ॥৪৫
আবে ৰাম স্বামী সুখে ভুঞ্জন্তোক ৰাজ ।
মৰি যাওঁ মই নিমাখিতী বনমাজ ॥৪৬
এহি বুলি আউৰ নোওৱাৰিলা মাতিবাক ।
কান্দন্তে সুমিত্ৰাসুত গৈলা অযোধ্যাক ॥৪৭
কৈব কত সিটো সীতা শান্তীৰ নিকাৰ ।
লক্ষ্মণে এৰিলা দেবী দেখন্ত আন্ধাৰ ॥৪৮
সানিল মৰিল শোকে অগনিৰ বিষ ।
কোন দিশ যাওঁ এবে নপাওঁ উদিশ ॥৪৯
কাম্পন্ত কদলী যেন প্ৰচণ্ড বাতাসে ।
মূৰ্চ্ছা গৈয়া পৰিলন্ত বনত হাতাশে ॥৫০
বনজন্তু সবো কান্দে সীতাক আবৰি ।
কতোজনে বিঞ্চে শিৰে পক্ষীছায়া কৰি ॥৫১
চেতন লভিয়া কতো কান্দন্ত তৰাসে ।
নৰহয় প্ৰাণ আৰ ৰামৰ নৈৰাশে ॥৫২
দেখন্তে জমক শোক অগ্নিজাল গাৱত ।
উঠন্ত বৈসন্ত যে পৰন্ত ধাত ধাত ॥৫৩