ইন্দ্ৰজিতৰ যুদ্ধ : ৰাম-লক্ষণ অচেতন
ৰামায়ণ বৃত্তান্ত |
---|
|
- ২৫ অধ্যায় ।
- ইন্দ্ৰজিতৰ যুদ্ধ:ৰাম - লক্ষ্মণ অচেতন ।
ইন্দ্ৰজিতে গাৱ চালি যুৰিলেক কৰ ।
মই চলি ভৈলো হেৰা বাপ লঙ্কেশ্বৰ ॥১
একেশ্বৰে সব কুমাৰৰ মান সাৰোঁ ।
আজ্ঞা কৰিয়োক ৰাম লক্ষ্মণক মাৰোঁ ॥২
ভালুক বানৰ যত তাৰ অনুকূল ।
অকলে সবাক মাৰি কৰিবো নিৰ্ম্মূল ॥৩
সবাক সংহৰো আজি বৰদত্ত বাণে ।
বলিৰ যজ্ঞক যেন ছলিলা বামনে ॥৪
মাথাত চুম্বিয়া দশাননে প্ৰশংসিলা ।
সকল সম্ভৃতে তাক ৰণক পেশিলা ॥৫
অলঙ্কাৰে মণ্ডি তাৰ ৰথত চলয় ।
লঙ্কাৰ মাজতে যেন সূৰ্য্যক জ্বলয় ॥৬
হস্তী ঘোড়া ৰথ সাজি নিশাচৰগণে ।
সমৰ ভূমিক গৈয়া পাইলা তেতিক্ষণে ॥৭
ৰাক্ষসে তেখনে আনি যোগাইলা সম্ভৃত ।
যজ্ঞক কৰয় বীৰবৰ ইন্দ্ৰজিত ॥৮
ৰণভূমি মাজে নিয়া অগনি থাপিলা ।
কলিয়া ছাগল আনি টিটু ভসাৰিল ॥৯
তপত যে ৰুধিৰে লোহাৰ ভৰি শ্ৰুবে ।
অগনিক পূজিলা অক্ষত তিল দুৰ্ব্বে ॥১০
আহুতি কৰয় মন্ত্ৰ পঢ়ে ধীৰে ধীৰে ।
ভয়ড়া কাষ্ঠক হুনে মাখিয়া ৰুধিৰে ॥১১
মূৰ্ত্তি ধৰি অগনিয়ে লৈলন্ত সকল ।
ৰণ জিনিবাৰ চিন পাইলন্ত মঙ্গল ॥১২
আহ্বান কৰিয় বীৰে ৰাক্ষস অস্ত্ৰক ।
ত্ৰৈলোক্যত ভয় ভৈলা হৃদয় চমক ॥১৩
সকল সম্ভৃতে আইলা অন্তৰীক্ষ ৰথে ।
তাতে চড়ি আসিলেক মাৰুতৰ পথে ॥১৪
অন্তৰ্দ্ধ্যান ভৈলা যেবে বীৰ মেঘনাদ ।
শ্ৰীৰাম লক্ষ্মণ সবে বানৰে বিষাদ ॥১৫
মায়াবলে ৰাৱণি হানয় শৰ জাক ।
বানৰ বিস্ময় বৰ নলক্ষিয়া তাক ॥১৬
বীৰ কপিগণ যত আকাশক গৈলা ।
ইন্দ্ৰজিতক কেহোঁ খুজিয়া নপাইলা ॥১৭
অন্তৰ্দ্ধ্যান হুয়া ত্ৰিদশত অগোচৰে ।
সবাকো সকতি শূলে বিন্ধিলেক শৰে ॥১৮
সুগ্ৰীৱক অঙ্গদক হনুযে মন্তক ।
মৈন্দ দ্বিবিদক ধুম্ৰাক্ষক জাম্বৱক ॥১৯
গোমুখ যে বেগদৰসিৱ যে নলক ।
সূৰ্য্যানলক যে চন্দ্ৰানল ঋষভক ॥২০
নলক যে নীলক যে গন্ধ মাৰ্দ্দনক ।
শালিয়া থৈলেক পৃথিবীক শৰীৰক ॥২১
সুষেন যে গৱাক্ষক জৌতি যে মুখক ।
সম্পাতিক কেশৰীক গৱয় গজক ॥২২
দৰীমুখ দধিমুখ বীৰ কেশৰীক ।
বানৰক ভালুকক সকল সৈন্যক ॥২৩
ব্ৰহ্মাক আৰিধি ইটো বৰক পাইলেক ।
মায়াবলে ৰাৱণি সবাকে জিনিলেক ॥২৪
সব ৰণভূমি খান ভালুক বানৰে ।
নিৰন্তৰে ভৰিলেক পৰ্ব্বত শিখৰে ॥২৫
সব সেনা নিশ্চেষ্টে থাকিলা দান্ত তৰি ।
চক্ষুক তবধ কৰি ধৰণীত পৰি ॥২৬
শ্ৰীৰামে বোলন্ত লখাই হাৰিলোহোঁ বুকে ।
তোমাৰ আমাৰ শৰে ইহাক নুটুকে ॥২৭
সব সেনা মাৰিলেক আমাসাৰ আগে ।
শ্ৰুতি বুদ্ধি নধাৱয় মৰিতেসে লাগে ॥২৮
দুই ভাই আসা হাতে ধনু শৰ ধৰি ।
এতিক্ষণে হৈবোঁ বানৰৰ সৈতোৱাৰি ॥২৯
নাহি প্ৰতিকাৰ আক ব্ৰহ্মা দিলা বৰ ।
দৃঢ় মুঠি কৰি হাতে ধনু শৰ ধৰ ॥৩০
এতহন্তে ইন্দ্ৰজিত অন্তৰীক্ষ ভাৱে ।
ৰাম লক্ষ্মণক বিন্ধিলেক শৰ ঘাৱে ॥৩১
অচেতনে পৰিলা নাহিকে ৰাৱছাৱ ।
দুই ভাইৰ নাসাত নেখেলে প্ৰাণবাৱ ॥৩২
ৰাৱণি ফুৰিয়া চাহিলেক ৰণস্থলি ।
এবেসে আণ্টাইলোঁ সব শত্ৰুক নিদলি ॥৩৩
এতেক গণিয়া বীৰ পশিলা নগৰে ।
বাপেকৰ চৰণত বন্দিলা সাদৰে ॥৩৪
হৰিষ বদনে কহিলন্ত বাপেকত ।
যেন মতে শত্ৰু সব মাৰিলা ৰণত ॥৩৫
তযু পদ প্ৰসাদে,ভৈলোহোঁ ৰণজয় ।
নিশ্চিতে থাকাহা কিছু নাহিকে সংশয় ॥৩৬
- ২৬ অধ্যায় ।
- দুলৰি।
সব সৈন্য যেবে, পুত্ৰে মাৰিলেক,
- লঙ্কেশৰে হেন জানি ।
ইন্দ্ৰজিতক যে, প্ৰশংসা বচনে,
- হৃদয় সন্তোষ বাণী ॥১
সাফল মাৱেকে, গৰ্ভে ধৰিলেক,
- কুলৰ নন্দন পোক ।
দুৰ্ঘোৰ আপদ, সাগৰে মজিলোঁ,
- বাপ উদ্ধাৰিলি মোক ॥২
তোহোঁৰ গুণক, কোনে কহিবেক,
- কীৰ্ত্তিক বৰ যে থৈলে ।
ইন্দ্ৰে মোক বন্দী, কৰিয়া নিৱন্তে,
- হাতৰ কাঢ়িয়া লৈলে ॥৩
প্ৰশংসা বচন, কত বুলিবোহোঁ,
- চাটু নুযুৱাই তোক ।
আজি সুখে বাপু, নিদ্ৰাক পাইবোহোঁ,
- এৰাইলো এ পুত্ৰশোক ॥৪
ব্ৰহ্মাৰ বচন, মান্যতা কৰিয়া,
- ক্ষণেক আছিলা পৰি ।
হনুমন্তে পাছে, চেতন লভিয়া,
- উঠিলন্ত গাৱ মুড়ি ॥৫
বিভীষণে হনু-, মন্তক দেখিয়া,
- কিছু সন্ধুক্ষণ ভৈলা ।
কোন কোন বীৰ, পৰাণে জীৱয়,
- সুদ্ধি কৰিবাক লৈলা ॥৬
সকল সৈন্যক, নিশ্চেষ্ট দেখিয়া,
- জাম্বৱক চাহিলন্ত ।
পৰ্ব্বত আকাৰে, পৰিয়া আছন্ত,
- কত দূৰে দেখিলন্ত ॥৭
সম্বুধি বোলন্ত, বাপু কি জীয়াহা,
- আন কথা আছে পাছ ।
ব্ৰহ্মাৰ নন্দন, বুদ্ধিৰ সাগৰ,
- সবাৰো ঔষধি গাছ ॥৮
মহা মন্ত্ৰী বিভী-, ষণক সম্বুধি,
- জাম্বৱন্ত বুলিলন্ত ।
তেবেসে আমাৰ, বুদ্ধি থাকে যেবে,
- বায়ুৰ পুত্ৰ জীৱন্ত ॥৯
বিভীষণে বোলে, প্ৰাঞ্চা হুইয়া তুমি,
- চেতনক হৰুয়াইলা ।
শ্ৰীৰাম লক্ষ্মণ, ৰাজাক এৰিয়া,
- হনুক কেনে পুছিলা ॥১০
হনুমন্ত যেৱে, পৰাণে জীৱয়,
- সব সেনাবলে জীব ।
বায়ুপুত্ৰ যেবে, বিনাশ ভৈলন্ত,
- জীৱন্তা বলো মৰিব ॥১১
ৰাম লক্ষ্মণৰ, প্ৰস্তাব নোহয়,
- বাৰ্ত্তা কথা পুছিবাৰ ।
আসক্ষ্য কাৰ্য্যক, সাধিবাক পাৰে,
- সিসে বীৰ বলীয়াৰ ॥১২
বিভীষণ বীৰে, ইঙ্গিত কৰিল,
- হনুমন্ত বীৰবৰ ।
জাম্বৱন্তৰ যে, চৰণ বন্দিয়া,
- মাৰুতি দিলা উত্তৰ ॥১৩
সকল জ্ঞাতিৰ, মান্যতা পুৰুষ,
- মোহোঁৰ পিতৃ সমান ।
কি কাৰ্য্যক মোক, আজ্ঞা কৰিয়োক,
- ঝাণ্টে দিয়া সমিধান ॥১৪