ৰামৰ সৈন্যবল সম্পৰ্কে জানিবলৈ ৰাৱণৰ আগ্ৰহ
ৰামায়ণ বৃত্তান্ত |
---|
|
- ২ অধ্যায় ।
ৰামৰ সৈন্যবল সম্পৰ্কে জানিবলৈ ৰাৱণৰ আগ্ৰহ ।
- পদ ।
প্ৰণামিলোঁ ৰাম তিনি ত্ৰৈলোক্যৰ নাথ ।
নিশাচৰ ৰাৱণক বধিলা লঙ্কাত ॥১
সাগৰত সেতুবন্ধ বালীৰ মৰণ ।
মাধৱে ভনিলা শ্ৰীৰামৰ চৰণ ॥২
ৰামে জল ৰামে থল ৰামেসে আকাশ ।
ৰামেসে মন্দৰ মেৰু ৰামেসে কৈলাস ॥৩
হেন ৰামচৰণ সুমৰে যিটো নৰে ।
অক্ষয় পুণ্যক বঞ্চে নযাই যমঘৰে ॥৪
শ্ৰীৰাম জয়তি দশৰথৰ তনয় ।
লক্ষ্মণ জয়তি শ্ৰীৰামত বিনয় ॥৫
সুগ্ৰীৱ জয়তি কপিৰাজ বুদ্ধিমন্ত ।
জয়তি জয়তি কপিৰাজ হনুমন্ত ॥৬
সসৈন্য ৰাঘৱে যেবে তৰিলা সাগৰ ।
শুক সাৰণক আদেশিলা লঙ্কেশ্বৰ ॥৭
সাগৰত সেতু বন্ধ কৰিলা ৰাঘৱে ।
হেনতো দুষ্কৰ কৰ্ম্ম নতো কৰে কেৱে ॥৮
সুবেল পৰ্ব্বতে ৰাম ছপকাৰে স্থিত ।
হেন দেখি মোৰ মনে জ্বলি গৈলা ভীত ॥৯
পৌৰুষ আচৰি কিছু নকৰিবি দৈন্য ।
ভাল মতে লেখিবা ৰামৰ কত সৈন্য ॥১০
শুক যে সাৰণে বানৰৰ ৰূপ ধৰাঁ ।
ছদ্মৰূপে পশিয়া সৈন্যৰ খেলা কৰাঁ ॥১১
কত সেনাপতি পাপ কাৰ কেনে বুক ।
লেখিয়া আসিবি কত বানৰ ভালুক ॥১২
ৰাজাৰ আদেশ বাণী শিৰোগত কৰি ।
শুক যে সাৰণে বানৰৰ ৰূপ ধৰি ॥১৩
ৰামসেনা মাজত পশিলা বৰ শঙ্কা ।
সাগৰ মাজত যেন দুই মাছৰঙ্কা ॥১৪
দেখয় সুবেশ গিৰি পুৰিলা বানৰে ।
সাগৰৰ তীৰ যুৰি পৰ্ব্বত শিখৰে ॥১৫
দীৰ্ঘ যত যোজন পথালি দশ যুৰি ।
হেন সেতু ভালুক বানৰে আছে পূৰি ॥১৬
ইটো সেনা লখিতে শকতি আছে কাৰ ।
আছোক লেখিবে দেখন্তেহি চমত্কাৰ ॥১৭
এহি বুলি দুই জনে দুই ভিতি হুয়া ।
কিছু সেনা লেখিলেক মাজত পশিয়া ॥১৮
হেন মতে সেনা চাহে শুক যে সাৰণে ।
মায়াৰূপে দুইহাঙ্কে চিনিলা বিভীষণে ॥১৯
বানৰৰ হাতে নিয়া বন্দি কৰাইলন্ত ।
কৰযোৰ কৰিয়া ৰামত জনাইলন্ত ॥২০
বিভীষণে বিনাৱন্ত শুনিয়ো শ্ৰীৰাম ।
ইটো দুই জনত আমাৰ আছে কাম ॥২১
বানৰৰ ৰূপ ধৰি আইলা দুই জন ।
সৈন্য লেখিবাক লাগি পঠাইলা ৰাৱণ ॥২২
ৰাক্ষসৰ মায়া প্ৰভু ৰাক্ষসেসে জানি ।
দণ্ড কৰিয়োক যেন যুগুত আপুনি ॥২৩
শ্ৰীৰাম বোলন্ত শুনা সাৰণ যে শুক ।
চাৰ হইয়া আইলি কিনো নিদাৰুণ বুক ॥২৪
স্বৰূপ কহিবি কিছু নুবুলিবি মিছা ।
দিলোহোঁ নিৰ্ভয় যাইয়ো আপোনাৰ ইচ্ছা ॥২৫
সমস্তে কহিয়ো কথা ভয় পৰিহৰাঁ ।
যিবা লেখা নপাইলা আৰোকা লেখা কৰাঁ ॥২৬
তোমাক মাৰিয়া আমি কোন ফল পাইবোঁ ।
ৰাৱণ ৰাজাক বাক্য সন্দেহ পঠাইবোঁ ॥২৭
কৰযোৰ কৰি বোলে শুক যে সাৰণে ।
স্বৰূপে স্বৰূপে প্ৰভু পঠাইলা ৰাৱণে ॥২৮
ইটো সেনা লেখিতে বাপৰ নাহি শক ।
যেবে দয়া থাকে চলোঁ আপন দেশক ॥২৯
তযু সেনা লেখিবেক কাহাৰ পৰাণে ।
ত্ৰাহি ত্ৰাহি ৰাম দেৱ পশিলোঁ শৰণে ॥৩০
ৰামচন্দ্ৰে বোলন্ত শুনিয়ো চৰ দুই ।
বাৰ্ত্তাক জনাইবি ৰাৱণৰ আগ হুই ॥৩১
সীতাক হৰিলি যিবা গৰ্ব্বত থাকিয়া ।
সিটো বল দৰশোক পৌৰুষ ৰাখিয়া ॥৩২
আমি আসি মিলিলোঁ তাহাৰ যমকাল ।
নিৰন্তৰে ৰাক্ষসৰ হইবে বুন্দামাৰ ॥৩৩
আমাৰ ঘৰিণী হৰি নিলে নিশাচৰে ।
দশ শিৰ ছেদিবোঁ দুৰ্ঘোৰ দশ শৰে ॥৩৪
প্ৰণাম কৰিয়া দুইয়ো ৰামৰ চৰণে ।
লঙ্কাত পশিলা গৈয়া ত্বৰিত গমনে ॥৩৫
ৰাৱণৰ আগত অঞ্জলি ধৰি হাতে ।
আদেশ গোসাঁই বুলি নমিলেক মাথে ॥৩৬
দেৱৰ আগত আমি কহোঁ স্বৰূপত ।
বিভীষণে পাইয়া নিয়া যোগাইলা ৰামত ॥৩৭
ধৰ্ম্ম পুৰুষ ৰাম পৰাণে ৰাখিয়া ।
তোমাক সন্দেশ বাক্য পঠাইলা বুলিয়া ॥৩৮
লেখিতে পঠাইলা তুমি ৰাঘৱৰ দল ।
কোটি পুৰুষতো কোনে লেখিবে সকল ॥৩৯
মুখ্য মুখ্য চিনাওঁ অপাৰ যত যত লোক ।
প্ৰতি প্ৰতি চিনাওঁ মেহ্ৰত চড়িয়োক ॥৪০
অমৃততোহধিক স্বাদ কথা ৰামায়ণ ।
সহৰিষ মনে শুনা সভাসদগণ ॥৪১
শুনন্তে মুকুতি হোৱে দুখ উপশাম ।
বোলন্ত কন্দলী সবে বোলাঁ ৰাম ৰাম ॥৪২
- ৩ অধ্যায়
- দুলৰি ।
শুক সাৰণৰ, বচন শুনিয়া,
- ৰাৱণ মন্দ স্বভাৱ ।
সৈন্য লেখিবাক, মেহ্ৰত চড়িল,
- অনেক তাক উদ্ধাৱ ॥১
তাহাতে চড়িয়া, ৰাজায়ে দেখয়,
- অসংখ্যা পদাতি বল ।
সাগৰৰ তীৰ, পৰ্ব্বত গহ্বৰ,
- ঢাকিলে সেতু সকল ॥২
সাৰণ চৰক, আদেশ কৰয়,
- ৰাৱণায়ে দশ শিৰ ।
মুখ্য মুখ্য পাত্ৰ, সবক চিনায়ো,
- কোন কেত মান বীৰ ॥৩
কাহাৰ কতেক, সৈন্য বা কমন,
- নৃপতি কোন দেশৰ ।
পৃথিবী পৰ্ব্বত, সমুদ্ৰৰ তীৰ,
- থাকে কোন দীপান্তৰ ॥৪
ৰাজাক সম্বুধি, সাৰণে বোলয়,
- শুনিবো দেৱ আদেশ ।
লঙ্কাক চাহিয়া, যিগোটা দেখাহা,
- নাদন্তে আচে আশেষ ॥৫
সহস্ৰেক যূথ, পদাতি যাহাৰ,
- লৰন্তে তুলত লৰে ।
ইহাঙ্কে বোলয়, নীল সেনাপতি,
- কটাক্ষ কৰয় বৰে ॥৬
পদ্ম কেশৰৰ, বৰ্ণ আৰকত,
- দেখন্তে আতি বিড়িঙ্গি ।
লঙ্কাক চাহিয়া, হাসন্তে আছয়,
- ধৰিয়া পৰ্ব্বত শৃঙ্গ ॥৭
আকাশক লাগি, লাঞ্জ ফুৰাৱয়,
- জগতে গৈল শবদ ।
আকাশৰ মেঘ, খণ্ড খণ্ড কৈল,
- লঙ্কাৰ লোক তবধ ॥৮
শঙ্খ যে শতেক, সৈন্য আছে যাৰ,
- আৰ পদ্ম সহস্ৰেক ।
বালীৰ তনয়, এহিতো অঙ্গদ,
- বলৱন্ত অতিৰেক ॥৯
তোমাক ৰণক, আহ্বান কৰৱ,
- আঙ্গুলিৰ দেই ঠাৰ ।
ইহেন বীৰক, সমৰে যুজিবে,
- শকতি আছে কাহাৰ ॥১০
শ্ৰুতস নাম যে, বানৰ সমস্ত,
- আৰু আছে আঠ লাখ ।
হাতে বৃক্ষ শিলা, পৰ্ব্বত ধৰিয়া,
- নেৰয় ৰামৰ পাশ ॥১১
দশ কোটি বল, নিপিণ্ডি দেশৰ,
- কটাক্ষে সবে আকলে ।
সিটো মন কৰে, লঙ্কাক মাৰিতে,
- পাৰয় আপন বলে ॥১২
শ্বেত শৰীৰক, দেখাহা যাহাৰ,
- এহেন্তে বীৰ কুমুদ ।
হাতে বৃক্ষ ধৰি, আছয় যাহাৰ,
- সৈন্য এক অৰবুদ ॥১৩
বিশ্ব যে কৰ্ম্মাৰ, পুত্ৰক দেখাহাঁ,
- এহে মহা বীৰ নল ।
যাহাৰ তুলত, লৰে লক্ষ লক্ষ,
- বানৰ এ মহাবল ॥১৪
এক থানে বসি, আছে দুই জন,
- ধূম্ৰ বীৰ জাম্বৱন্ত ।
বৃক্ষ শিলা কৰে, ধৰিয়া যাহাৰ,
- সৈন্য আছে অপৰ্য্যন্ত ॥১৫
পূৰ্ব্বৰ কালত, দেৱাসুৰ ৰণে,
- মাৰিয়া সবে দেৱক ।
এই দুই বীৰে, ৰণত অনেক,
- আঠান্তৰ কৰিলেক ॥১৬
সৈন্যৰ মাজত, অসন্তাপ গাণ্ডি,
- লঙ্কাক চাহিয়া আছে ।
চলিযান্তে এক, প্ৰহৰৰ পথ,
- যুৰি যাই আগ পাছে ॥১৭
ঊৰ্দ্ধে আকাশক, ছানিয়া চলই,
- তিনি প্ৰহৰৰ পথ ।
শ্ৰুতায়ুস নামে, ইহাক জানিয়,
- বানৰৰ এন্তে নাথ ॥১৮
হাণ্ডী শৃগালীৰ, বৰণ দেখাহা,
- সহস্ৰ কোটি বানৰ ।
ধূম্ৰাক্ষ যে নাম, শ্যাল সুগ্ৰীৱৰ,
- সমৰে বিজয় বৰ ॥১৯
কোটি কোটি শত, বানৰ চলয়,
- আৰ এক শত লক্ষ ।
গোলাঙ্গুল জাতি, বানৰে বেঢ়িল,
- এহেন্তে বীৰ গৱাক্ষ ॥২০
সাৰণে কহিয়া, আণ্টাইলেক যেৱে,
- ৰাৱণত কহে শুক ।
মৃত্যুৰ দুই পুত্ৰ, দেখাহা নৃপতি,
- সুমুখ আৰু দুৰ্ম্মুখ ॥২১
মৈন্দ দ্বিবিদ, দেখাহা ৰাৱণ,
- যেহেন পৰ্ব্বত মান ।
ব্ৰহ্মাৰ বচনে, পূৰ্ব্বত ই দুই,
- কৰিলা অমৃত পান ॥২২
দিগগজ সমান, বসিয়া আছয়,
- ত্ৰৈলোক্য নাহিকে শঙ্কা ।
ৰণ্ড ভণ্ড কৰি, ৰাক্ষস মাৰিয়া,
- এহে পুৰি গৈলা লঙ্কা ॥২৩
আশেষ গহন, গম্ভীৰ সাগৰ,
- বলব নাহিকে অন্ত ।
সাগৰ তৰিয়া, সীতা দেখি গৈল,
- এন্তে বীৰ হনুমন্ত ॥২৪
শ্যাম কলেৱৰ, কমল লোচন,
- সকল গুণে সাগৰ ।
পৰ্ব্বত মূলত, বসিয়া আছন্ত,
- সম নাহি ধনুৰ্দ্ধৰ ॥২৫
অস্ত্ৰত শাস্ত্ৰত, সবাতো পাৰ্গত,
- ত্ৰৈলোক্যে নাহি উপাম ।
যাহাৰ সীতাক, হৰি আনিলাহা,
- এহেন্তেহে শ্ৰীৰাম ॥২৬
তাহান ডাহিন, পাশত নৃপতি,
- নয়ন বলায়া চাহু ।
তপ্ত সুবৰ্ণৰ, কান্তি জ্বলে যেন,
- ৰামৰ দক্ষিণ বাহু ॥২৭
লক্ষ্মণ কুমাৰ, ইহাঙ্ক বোলয়,
- পৰ্ব্বত ভেদন্ত শৰে ।
দেৱাসুৰ যক্ষ, ৰাক্ষস কিন্নৰ,
- তৰত বিমান ডৰে ॥২৮
ৰাঘৱৰ বাম, পাশত দেখাহা,
- আছন্ত লঙ্কাক চাই ।
সমৰে শকত, ৰামত ভকত,
- তোমাৰ কনিষ্ঠ ভাই ॥২৯
ৰাজ্য অভিষেকা, কৰিলা ৰাঘৱে
- চাহিয়া এ শুভক্ষণ ।
তোমাক ৰণত, আহ্বান কৰয়,
- দুৰ্জ্জয় এ বিভীষণ ॥৩০
ৰামৰ দলত, আৱৰ কাহিনী,
- শুনিলো গৈয়া আসন্তে ।
বিধাতাৰ ৰাম, নয়নত ধূলী,
- পৰিলা বায়ুৰ হন্তে ॥৩১
কতো দূৰ লাগি, আচাৰি পেলাইলা,
- ব্ৰহ্মা ৰাম কৰে ধৰি ।
তাতে উতপতি, কন্যা এক ভৈলা,
- ত্ৰৈলোক্য মোহে সুন্দৰী ॥৩২
চন্দ্ৰৰ সমান, বদন জ্বলয়,
- নেত্ৰ নীল উত্পল ।
ত্ৰিবলী বলিত, আতি সুবলিত,
- কটাক্ষ আতি তৰল ॥৩৩
বিপুল জঙ্ঘিনী, জগত মোহিনী,
- উৰু যে ৰাম কদলী ।
ৰূপক সাক্ষাত্, দেখিয়া যাহাৰ,
- মুনিগণ যাই টলি ॥৩৪
অখিৰাজ হেন, নাম যে তাহান,
- প্ৰজাপতি গণি থৈলা ।
ৰূপৰ সম্পত্তি, দেখিয়া সূৰ্য্যৰ,
- মনত ব্যামোহ ভৈলা ॥৩৫
কন্যা লইয়া পাছে, আপোন থানক,
- চলিয়া গৈলা ভাস্কৰ ।
মন্দৰ গিৰিত, মনোময় ৰূপে,
- সূৰ্য্যে দিলা তাঙ্ক বৰ ॥৩৬
মোৰ তেজ বল, বীৰ্য্যত সুন্দৰী,
- পুত্ৰেক হইবে তোমাৰ ।
দেবাসুৰ যক্ষ, গন্ধৰ্ব্ব ৰাক্ষসে,
- সমান নুহিবে যাৰ ॥৩৭
ত্ৰিদশ অসুৰ, মানুষ নাগত,
- অবধ্য হইবেক কায় ।
পৰ্ব্বত সবক, চূৰ্ণ কৰিবেক,
- একৈক লাঠিৰ ঘাই ॥৩৮
সূৰ্য্যদেৱে যেবে, তান্ত বৰ দিয়া,
- আপোন থানক গৈলা ।
ত্ৰৈলোক্যৰ চঞ্চা, কৰি দেৱৰাজ,
- মন্দৰ গিৰিক আইলা ॥৩৯
অখি ৰাজ কন্যা, দেখিয়া ইন্দ্ৰক,
- পীড়িয়া মদন শৰ ।
মনত সন্তোষ, মিলিলা তাহাক,
- বাসৱে দিলন্ত বৰ ॥৪০
যৱঞ্জা দুই পুত্ৰ, তোমাৰ বিদিত,
- হুইবেক এ ৰবিতলে ।
বানৰ স্বৰূপে, নৃপতি হুইবেক,
- কিষ্কিন্ধাত বাহুবলে ॥৪১
একৈকক ৰাম, অৱতাৰে মাৰি,
- আৱৰক ৰাজ্য দিব ।
সেহিটো তোমাৰ, তনয় আশেষ,
- দেৱৰ কাৰ্য্য সাধিব ॥৪২
বৰ দিয়া যেৱে, ইন্দ্ৰ চলি গৈলা,
- দেৱপুৰী অম্ৰাৱতী ।
দিনে মানে আসি, যৱঞ্জা দুই পুত্ৰ,
- তান ভৈলা উতপতি ॥৪৩
জ্যেষ্ঠ ভৈলা ইন্দ্ৰ, দেৱৰ তনয়,
- বালী ৰাজা যাৰ নাম ।
মিত্ৰৰ কাৰ্য্যত, থাকিয়া যাহাক,
- শৰে মাৰিলন্ত ৰাম ॥৪৪
- ৪ অধ্যায়
- ছবি ।
লক্ষ্মণৰ দক্ষিণ, আপুনি দেখাহাঁ ৰাজা,
- মেৰু সম সুন্দৰ শৰীৰ ।
সূৰ্য্যৰ বীৰ্য্যত আসি, উতপতি ভৈলা জানা,
- এহেন্তে সুগ্ৰীৱ মহাবীৰ ॥১
ৰাঘৱৰ মিত্ৰ ইষ্ট, বালীৰ কনিষ্ঠ এন্তে,
- কিষ্কিন্ধাৰ নৃপতি গৰিষ্ঠ ।
সাতো দ্বীপা পৃথিবীৰ, ভালুক বানৰ লইয়া,
- তোমাৰেসে চিন্তয় অনিষ্ট ॥২
ইহান লগতে কপি, সৈন্য বল চলে যত,
- লেখা আমি দিবোহোঁ প্ৰত্যেক ।
বলবন্ত কৌটি এক, সহস্ৰ বানৰ বল,
- আৰো চলে লক্ষ সহস্ৰেক ॥৩
সহস্ৰেক বৃন্দ সৈন্য, লগতে লৰন্তে লৰে,
- আৱৰ শতেক মহাবৃন্দ ।
সহস্ৰেক সংখ্যা আৰো, মহাপদ্ম সহস্ৰেক,
- আগে পাছে কৰয় খিখিন্দ ॥৪
সঙ্গ লাগি আৰো, সুগ্ৰীৱ ৰাজাৰ,
- আছে সৈন্য সহস্ৰেক খৰ্ব্ব ।
সৈন্যক দেখিয়া যত, বিপক্ষ ৰাজাৰ ডৰে,
- ত্বৰিতে হৰয় সবে গৰ্ব্ব ॥৫
আছে ৰাম লখমন, বিভীষণ হনুমন্ত,
- জাম্বৱন্ত আৰো নীল নল ।
আপন বিপোহোঁ বলে, সুগ্ৰীৱ যে বীৰবৰে,
- লঙ্কাপুৰী নিব ৰসাতল ॥৬
ৰাঘৱে তোমাক প্ৰতি, পঠাইল বাক তোৰলি,
- শুনা তাক নৃপতি ৰাৱণ ।
যিটো গৰ্ব্বকৰি মোৰ, সীতা হৰি নিলে সিটো,
- আগ বাঢ়ি দেওক আসি ৰণ ॥৭
মোৰ তীক্ষ্ণ শৰে তাৰ, অস্থিমজ্জা ভেদিবেক,
- কৰিবেক শোণিতক পান ।
দশ শিৰ ছেদিবোহোঁ, ৰমচণ্ডী পূজিবোহোঁ,
- ৰাৱন হুইবেক বলিদান ॥৮
আমি দুই জানি শুনি, হিত বোল বুলিলোহোঁ,
- যেবে হুইবা দুৰ্গতি তাৰণ ।
সীতাক মাথাত কৰি, গলত কাপোৰ বান্ধি,
- পশাঁ গৈয়া ৰামত শৰণ ॥৯
তেবেসে সকল কায, সাধিবাক পাৰিৱয়,
- ৰামদেৱ বৰ কৃপাময় ।
উনমত্ত হুয়া যেৱে, হিত বাক্য নুশুনাঁহা,
- ৰাক্ষস কুলৰ হৈবে ক্ষয় ॥১০
শুক যে সাৰণে যেৱে, ৰাম সেনা চিনাইলন্ত,
- ৰাৱণৰ মনে মনে ভয় ।
ক্ৰোধে কুৰি গোটা চক্ষু, গুঞ্জ যেন ফুৰাৱয়,
- চৰ দুইক চাহিয়া গৰ্জ্জয় ॥১১
কমন কাৰ্য্যত থাকি, গুৰুসেৱা কৰিলাঁহাঁ,
- নীতি শাস্ত্ৰ কেনে পঢ়িলাহা ।
আপন ৰাজাক নিন্দি, শত্ৰু লক্ষ নৃপতিৰ,
- তুমি সবে গুণ বখানাহা ॥১২
ৰামক মুনিষ বৰ, বখানাঁহা লাৰিকায়ে,
- ত্ৰিদশে খাটন্ত মোৰ কোপে ।
তিনি ত্ৰৈলোক্যৰ বীৰ, তৰতৰিমান ডৰে,
- মোৰ মহা প্ৰচণ্ড প্ৰতাপে ॥১৩
আমাক যুজিতে যদি, হেন সৈন্য সব আসে,
- সহস্ৰেক কৌটি শত জাম্পে ।
লঙ্কাৰ গড়ৰ মোৰ, সন্নিত চাপিয়া আসি,
- অক্ষতে যাইবেক কাৰ বাপে ॥১৪
ৰাঘৱৰ বানৰক, দেখিয়া ডৰাইলা বৰে,
- তোমাৰ সেৱাৰ আছো ধিক ।
ইসব ৰাক্ষস কুলে, উতপতি লাৰিকায়ে,
- তুমি সব ভৈলা আসি কিক ॥১৫
সেৱকক দণ্ডিবোহোঁ, আত কিছুফল নাই,
- বৰ মোক কৰাইলে ঝৱাল ।
কৈৰা সেৱতিয়া লোক, আসি ইটো দুই গোটাক,
- ঢঙ্কামাৰি মেচৰ নিকাল ॥১৬
জয় জয় প্ৰভুবুলি, শুক যে সাৰণ দুই,
- আপনেহি নামিলা মেঢ়ৰ ।
ৰাজাৰ আদেশ পাইয়া, পাত্ৰ মহাদেবে আনি,
- আগত যোগাইলা আন চৰ ॥১৭
শাৰ্দ্দূল প্ৰমুখ্য কৰি, চৰিয়াক সম্বুধিয়া,
- আদেশ কৰয় লঙ্কেশ্বৰ ।
ৰামৰ সেনাত পশি, লেখিয়া জনায়ো আসি,
- কত আছে ভালুক বানৰ ॥১৮
শাৰ্দ্দূল প্ৰমুখ্য কৰি, চাৰ সব লৰি গৈলা,
- আজ্ঞা পায়া ৰাজা ৰাৱণৰে ।
সুবেল পৰ্ব্বত মূলে, ৰাঘৱক সমদলে,
- দেখন্ত আছয় ছপকাৰে ॥১৯
কতো লেখা কৰন্তে যে, বিভীষণে জানিলেক,
- বুলিলন্ত চাৰ ধৃত বৰে ।
বানৰৰ হাতগোৰি, লাথি লুথা ঘৰাকাতি,
- কিল ভুকু মাৰিলা চৱৰে ॥২০
তৰল বানৰে পাইল, ৰাক্ষসৰ চৰিয়াক,
- ধিতিঙ্গালি কৰে ভেণ্টি ভেণ্টি ।
কতো কতো মুণ্ডে মুণ্ডে, হনাহনি কৰে কতো,
- চৱৰতে নিকলিলা পেণ্টি ॥২১
কাহাকো আঙ্গাৰে চূণে, নাকে দুখে দিল কতো,
- জীৱ মাণে বিগুতি পঠাইল ।
পাছ চাই চৰ সব, লাখুতিত ভিৰ দিয়া,
- ৰাজাৰ আগক গৈয়া পাইল ॥২২
শাৰ্দ্দূলে বিনাৱে বাণী, আদেশ গোসাঁই হেৰা,
- খাণ্ডা পাইলে হোৱয় মুকুত ।
শুক সাৰণে যত, কাহিনী কহিলা মানে,
- সবে সত্য হয় স্বৰূপত ॥২৩
বিভীষণৰ যে কাষে, পৈশন নজাই ৰাজা,
- লাঠিছয় লাগিলা বুকুত ।
ৰাম ৰাখিলন্ত কাযে, জীউমানে আসি ভৈলোঁ,
- বানৰৰ বজ্ৰ যে ভুকুত ॥২৪
জয় জয় নমোঁ ৰাম, তুমি পৰিপূৰ্ণ কাম,
- নৰৰূপে ভৈলা অৱতাৰ ।
লক্ষ্মণ সহিতে আসি, নিজ যশ পৰকাশি,
- পৃথিবীৰ খণ্ডিলাহা ভাৰ ॥২৫
মাধৱ কন্দলী ভণে, শুনিয়োক সৰ্ব্বজনে,
- ৰামায়ণ কথা অনুপাম ।
বঞ্চিয়ো যমৰ পুৰ, পাপ হৌক মষিমূৰ,
- নিৰন্তৰে বোলাঁ ৰাম ৰাম ॥২৬