ৰাক্ষস বধৰ উদ্দেশ্যে ৰাম - লক্ষণৰ আনয়ন
ৰামায়ণ বৃত্তান্ত |
---|
|
- ২৮ অধ্যায়
ৰাক্ষস বধৰ উদ্দেশ্যে ৰাম লক্ষ্মণৰ আনয়ন
- দুলৰি।
- শুনা আত পৰে, কথা নিৰন্তৰে,
- চৰিত্ৰ যেন ৰামৰ।
- পৰলোক হিত, ঋষি বি্শ্বামিত্ৰ,
- আৰম্ভিলা যজ্ঞবৰ ॥১
- মাৰীচ সুবাহু, নামে দুইজন,
- ৰাক্ষস অতি দুৰ্জ্জন।
- চতুৰ্দ্দশ কোটি, ৰাক্ষস সহিতি,
- কৰয় যজ্ঞ উচ্ছন ॥২
- বাৰম্বাৰে ঋষি, আকম্ভন্ত যজ্ঞ.
- অনেক কৰি যতন।
- ৰক্তময় বৃষ্টি, কৰিয়া সমস্তে,
- ৰাক্ষসে কৰে ধ্বংসন ॥৩
- সমস্তে ৰাক্ষস, ভস্ম হোৱে যেবে,
- শাপে ঋষি কৰি কষ্ট।
- নশপন্ত ক্ৰোধে, উপজিয়া মৰে,
- তপব্ৰত হোৱে নষ্ট ॥৪
- সিহেতু ৰাক্ষস, যজ্ঞ নষ্ট কৰে,
- ঋষিৰ মনে অসুখ।
- উগুল থুগুল, চিত্ত অসন্তোষ,
- উপজয় বৰ দুখ ॥৫
- পাচে ধ্যান কৰি, সকল বৃতান্ত,
- জানিলন্ত মুনিবৰে।
- ৰাক্ষস বধিতে, অৱতৰি হৰি,
- আছা গশৰথ ঘৰে ॥৬
- তাঙ্ক আনি সবে, ৰাক্ষস মৰায়া,
- কৰোঁ যজ্ঞ সমাপতি।
- এহি মনে গুণি, চলিলন্ত মুনি,
- ৰামক আনিবে প্ৰতি ॥৭
- দশৰথ ৰাজা, পুত্ৰৱতে প্ৰজা,
- পালি সুখে অযোধ্যাত।
- আছন্ত নৃপতি, যেন সুৰপতি,
- বসিয়া দিব্য সভাত ॥৮
- বশিষ্ঠ প্ৰমুখ্যে, পুৰোহিত সবে,
- বসি আছা ৰঙ্গমনে।
- ইন্দ্ৰৰ আগত, বৃহস্পতি আদি,
- যেন মহামুনিগণে ॥৯
- সুমন্ত্ৰ সহিতে, মহামন্ত্ৰী সবে,
- ৰাজাক আছে উপাসি।
- সেহি সময়ত, বিশ্বামিত্ৰ মুনি,
- তথাতে মিলিল আসি ॥১০
- দেখিয়া নৃপতি, সমাজে সহিতি,
- উঠিলা আতি সত্বৰে।
- প্ৰণাম কৰিয়া, চৰণৰ ধূলি,
- মাথাত লৈলা সাদৰে ॥১১
- সুবৰ্ণ আসন, আনিয়া নৃপতি,
- সমাজৰ মাজে দিলা।
- সমস্তকে আশী- ৰ্ব্বাদ কৰি ঋষি
- আসনে আসি বসিলা ॥১২
- আপুনি চৰণ, ধুৱাই দশৰথে,
- পাদোদক লৈলা মাথে।
- পৰম সাদৰে, সৱৰ্ঘে ঋষিক,
- পূজিলা পৃথিৱী নাথে ॥১৩
- যোৰহাতে ৰাজা, মধুৰ বচনে,
- কুশল বাৰ্ত্তা পুছিল।
- তযু দৰশনে, অমৃতৰ পানে,
- সন্তোষ যেন মিলিল ॥১৪
- আপোনাৰ নিজ, ভৃত্য বুলি মোক,
- ধৰিবাহা মুনিৰাজ।
- আজ্ঞা কৰিয়োক, সম্প্ৰতি তোমাৰ,
- সাধোঁ মই কিবা কাজ ॥১৫
- ৰাজাৰ বচন, শুনি বিশ্বামিত্ৰে,
- ভৈলা আতি ৰঙ্গমন।
- ৰাজাক বোলন্ত, শুনিয়ো নৃপতি,
- যেন মোৰ প্ৰয়োজন ॥১৬
- বাৰম্বাৰে আসি, যজ্ঞ আৰম্ভিলোঁ,
- অনেক কৰি যতন।
- মাৰীচ সুবাহু, ৰাক্ষসে আমাৰ,
- কৰয় যজ্ঞ উছন ॥১৭
- অনেক সম্ভাৰ, আনি আৰু বাৰ,
- চাহোঁ যজ্ঞ কৰিবাক।
- ৰাক্ষসক মাৰি, যজ্ঞ ৰাখিবাক,
- ৰামক দিওক মোক ॥১৮
- শুনিয়া ৰাজাৰ, মাথাত পৰিল,
- বজ্ৰৰ যেন প্ৰহাৰ।
- উভয় সঙ্কটে, বাজিয়া নৃপতি,
- দেখন্ত দুখ আন্ধাৰ ॥১৯
- ৰামক নিদিলে, শাপ দিয়া ঋষি,
- কৰিবেক বংশ ছন।
- ঋষিৰ লগত, ৰামক পঠালে,
- হৈবেক মোৰ মৰণ ॥২০
- এক ভিতি বাঘে, খেদে আৰো ভিতি,
- নদী ঘোৰ বাৰিষাৰ।
- জাম্প দিলে মৰে, জাম্প নেদিলেও,
- বাঘে লৱে প্ৰাণ তাৰ ॥২১
- সেহি পটন্তৰ, পায়া আছে মোক,
- কৰিবোঁ কোন উপায়।
- হেন মন দুখে, থাকি ৰাজা পাচে,
- মাতিলা ঋষিক চাই ॥২২
- বাৰ বৰিষৰ, ছাৱা ৰাম মোৰ,
- শিশুমতি আতিশয়।
- কিমতে ৰণত, মাৰিবেক ৰামে,
- ৰাক্ষস বৰ দুৰ্জ্জয় ॥২৩
- ব্ৰহ্মাৰ বৰত, ৰাক্ষসগণৰ,
- বাঢ়িল বল অপাৰ।
- সৈন্যসমে গৈয়া, ৰাক্ষস মাৰিয়া,
- ৰাখিবোঁ যজ্ঞ তোমাৰ ॥২৪
- আপুনি চলিবোঁ, ৰামক নেদিবোঁ,
- বুলিলোঁ দৃঢ় বচন।
- শুনি বিশ্বামিত্ৰ, ৰাজাক বোলন্ত,
- নুবুজি তোমাৰ মন ॥২৫
- ৰামত বিনাই, ৰাক্ষস মাৰিতে,
- শকতি আছে কাহাৰ।
- মাক ভাণ্ডিা, বচন বোলাহা,
- বুজিলোঁ বোল তোমাৰ ॥২৬
- ৰামক নিদিয়া, আশা ভঙ্গ কৰি,
- পলটাই পঠা মোক।
- কোপ দেখি ৰাজা, বোলে যোৰহাতে,
- মহাঋষি শুনিয়োক ॥২৭
- তোমাৰ ক্ৰোধত, কম্পে তৰতৰি,
- ব্ৰহ্মা আদি দেৱগণ।
- হেনয় তোমাৰ, আগে কোন হওঁ,
- আমি আতি অল্পজন ॥২৮
- কত দুখে মই, পাইলোঁহো ৰামক,
- দেৱতা সবৰ বৰে।
- তোমাৰ লগত, তাক পঠাই দিলে,
- মাৰিবেক নিশাচৰে ॥২৯
- ধনজন যত, প্ৰাণত কৰিয়া,
- ৰামেসে আতি প্ৰধান।
- একক্ষণ মান, দেখিতে নপাইলে,
- নৰহে মোৰ পৰাণ ॥৩০
- হেনয় ৰামক, কিমতে পঠাইবোঁ,
- ৰাক্ষসক যুজিবাক।
- ইন্দ্ৰ আদি কৰি, ত্ৰিদশ সকলে,
- হাৰিয়া আছে যাহাক ॥৩১
- সিটো ৰাক্ষসক, কিমতে যুজিব,
- অবোধ মোৰ ছৱালে।
- নিদিলেও শপি, কৰিবাহা ভস্ম,
- জানিলোঁ গ্ৰসিলে কালে ॥৩২
- হৰি হৰি বিধি, কি কাম কৰিলো,
- পৰিলোঁ মহা বিপাকে।
- ৰাম হেন পুত্ৰ, পায়াও নপাইলোঁ,
- দণ্ডিলে দৈবে আমাকে ॥৩৩
- ৰামক পঠাইলে, মৰিব কৌশল্যা,
- আমিও মৰিব প্ৰাণে।
- ৰামক নেদেখি, মৰিব সকলে,
- যত নৰনাৰী মানে ॥৩৪
- দান্তে তৃণ ধৰি, তোমাত মাগোঁহো,
- ৰামক দিওক মোক।
- তোমাৰ প্ৰসাদে, অযোধ্যাৰ লোক,
- নপাওক ৰামৰ শোক ॥৩৫
- তোমাৰ লগত, আপুনি চলিবোঁ,
- কটক লৈয়া অপাৰ।
- তোমাৰ যজ্ঞক, ৰাখিবোঁ কৰিয়া,
- ৰাক্ষসক বুন্দামাৰ ॥৩৬
- যদি তথাপিতো, ৰামক নেৰাঁহা,
- স্বৰূপ বোলোঁ বচন।
- নিৰন্তৰে লোক, ৰামৰ লগত,
- চলি যাইবোঁ তপোবন ॥৩৭
- ৰাম বিনে আমি, অযোধ্যা নগৰে,
- সাধিবোঁ কমন কাম।
- সমজ্যাৰ লোক, পাতক ছাৰোক,
- ডাকি বোলাঁ ৰাম ৰাম ॥৩৮