ৰাৱণৰ কুমন্ত্ৰণা
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৩৭ অধ্যায়
- ৰাৱণৰ কু মন্ত্ৰণা ।
- পদ ।
প্ৰহস্তে বোলয় কি কৰিবে হনুমন্তে ।
আমি সবে যুজিবোঁ লঙ্কাৰ গড় হন্তে ॥১
শ্ৰীৰাম লক্ষ্মণ আৰু সুগ্ৰীৱক মাৰি ।
নৃপতিৰ হৃদয়ৰ শৈলক উদ্ধাৰি ॥২
যজ্ঞকেতু নাম বীৰ পৰ্ব্বত আকাৰ ।
ওঠ কামুৰিয়া বোলে কিক জীওঁ আৰ ॥৩
ৰাজাৰ যে দুঃখ জানি গৈল কপিগোট ।
তাকে গৈয়া মাৰি বৰ কৰিবো আষ্ফোট ॥৪
ৰাক্ষস সকল সবে থাকিয়ো আমোদে ।
আপোনাৰ ভাৰ্য্যা পুত্ৰ সহিতে প্ৰবোধে ॥৫
ৰাম লক্ষ্মণকো মাৰোঁ সুগ্ৰীৱকো মাৰি ।
নৃপতিৰ হৃদয়ৰ শৈলক উদ্ধাৰি ॥৬
বক্ৰদংষ্ট্ৰে বোলে আজি এতিখনে যাওঁ ।
তোমাৰ বৈৰক মাৰি মাৰি ধৰি খাওঁ ॥৭
পৰিঘেক আছে মোৰ ত্ৰিশূলৰ সম ।
শ্ৰীৰাম লক্ষ্মণ সুগ্ৰীৱৰ হৈবো যম ॥৮
কুম্ভকৰ্ণ তনয় নিকুম্ভ বুলি যাক ।
ক্ৰোধে সম্বুধিয়া বোলে সকলে লঙ্কাক ॥৯
মোক পাঠায়োক মাৰোঁ বানৰক আগে ।
ৰাম লক্ষ্মণকো লাগি গোটা গুটি লাগে ॥১০
ৰাম লক্ষ্মণক যেবে সুগ্ৰীৱ বীৰক ।
হনুমন্ত অঙ্গদক নলযে নীলক ॥১১
মৈন্দ দ্বিবিদ আৰু বৃদ্ধ জাম্বৱক ।
একেশ্বৰ মাৰি পেষোঁ যম কৰণক ॥১২
সবাহাঙ্কো গৰিহি বোলন্ত বিভীষণ ।
মমত এৰিয়ো সবে নিশাচৰগণ ॥১৩
ৰাম মেৰু পৰ্ব্বতক ফুঙ্কে উৰুৱাহা ।
চাটু বচন এৰি নমাতি থাকাহা ॥১৪
একেশ্বৰে আসিলেক বীৰ কপি গোট ।
লঙ্কা ছন কৰি বৰ কৰিলে আছোট ॥১৫
সসৈন্য সহিতে লঙ্কাপুৰী নৰাখিলা ।
কেন মতে দম্ভ চাটু বুলিতে লাগিলা ॥১৬
খৰ বীৰ একল দেৱক যুজে কাছে ।
লঙ্কা মাজে সম বীৰ আন কোন আছে ॥১৭
সুবাহু মাৰীচ বীৰ ত্ৰিদশে আতঙ্ক ।
ৰাম শৰে পৰি ভৈল ক্ষুদ্ৰসে পতঙ্গ ॥১৮
শুনা শুনা দাদা লঙ্কেশ্বৰ মহাশয় ।
তুমি নুপুছিলে মোৰ বুলিতে লাগয় ॥১৯
অপ্ৰমত্ত ৰাম আসা যুজিবাক মনে ।
হেন মহাবীৰক ভঙ্গাইব কোন জনে ॥২০
ভেদ সাম দান যে উপায় নিসিজয় ।
তেবেসে বিহিয় দণ্ড শাস্ত্ৰৰ আলয় ॥২১
প্ৰথমে যুজক যেবে কৰয় উদ্যোগ ।
সিটো প্ৰাণীজনো নজানয় শাস্ত্ৰ যোগ ॥২২
শুনা বোলোঁ দদা লঙ্কানাথ নিশাচৰ ।
ৰাজ্যক হিতাৰ্থে বোলোঁ ৰাক্ষসকুলৰ ॥২৩
বন্ধুজন ৰাখি গৈয়া ৰাঘৱৰ ভিতা ।
কৈল্যাণ সাধিয়ো গৈয়া সমৰ্পিয়ো সীতা ॥২৪
কি কাৰ্য্যত জানেকীক আনিলাহা হৰি ।
প্ৰবল পুৰুষ সমে বিবাদ ন কৰি ॥২৫
তুমি যে বৈলখ দেখাঁ আমি কান্ধে লওঁ ।
ৰামৰ চৰণে নিয়া সীতাক ভেটাওঁ ॥২৬
স্ত্ৰী বাল বৃদ্ধ যুবা ৰাক্ষসৰ কুল ।
বানৰে ভালুকে যাৱে নকৰে নিৰ্ম্মূল ॥২৭
লঙ্কা তল নযাওক ৰাঘৱ সাগৰে ।
ৰামৰ ভাৰ্য্যাক সীতা সম্পিয়ো সত্বৰে ॥২৮
বিভীষণে বুলিলন্ত উচিত বচন ।
ৰাৱণ নৃপতি শুনি ভৈল ভঙ্গ মন ॥২৯
ভ্ৰাতৃক চাহিয়া বোলে সক্ৰোধ নয়নে ।
মোক সুখী কৰিলেক তোহোৰ বচনে ॥৩০
পূৰ্ব্বত জানোহো বৰ মন্ত্ৰী বিভীষণ ।
আবেসে জানিলোঁ তই অধম দুৰ্জ্জন ॥৩১
অনুমা্ত্ৰো নজানস ৰাজধৰ্ম্ম নয় ।
যেহি বাক্য মুখে আসে সেহিসে বল্কয় ॥৩২
কুম্ভকৰ্ণ ৰাৱণৰো তই ভৈলে ভাই ।
নৈকেষীৰ গৰ্ভত তোহোৰ ভৈল ঠাই ॥৩৩
মুনিষৰ ভাই হুয়া ৰণক ডৰাস ।
ৰাঘৱৰ নাম শুনি লাগিল তৰাস ॥৩৪
আপোনাক এৰি পৰ শকতি কহস ।
নিজিজ্ঞাসি বাক্য তই মিচাত ডৰস ॥৩৫
তপসীৰ ভাৰ্য্যা হৰি আনিলো সীতাক ।
নজানিয়া মূঢ় জনে গৰিহে আমাৰ ॥৩৬
বাপেকৰ বোলে ৰাম ভৈলেক তপসী ।
খাণ্ডা ধনু ধৰি ফুৰে তপোবনে পশি ॥৩৭
মাথে ধূম জটা লগে ত্ৰৈলোক্য সুন্দৰী ।
হেনয় প্ৰাণীক কেহো গৰিহা নকৰি ॥৩৮
বনবাসী তপসীৰ ইকি হোৱৈ ধৰ্ম্ম ।
সকল ৰাক্ষস মাৰে ইকি যোগ্য কৰ্ম্ম ॥৩৯
সীতা হৰি তাহাৰ খণ্ডিলো মোহজাল ।
ৰাৱণেসে মন্দ তেভো ৰাঘবেসে ভাল ॥৪০
পামৰ জাতিৰ দেখাঁ অগাধ সংসাৰ ।
অনুচিত উচিত নুবুজে প্ৰতিকাৰ ॥৪১
কোন মন্দ কৰিলোহো জানেকীক হৰি ।
অধাৰ্ম্মিক ৰামক উচিত দণ্ড কৰি ॥৪২
বীৰ্য্যৱন্ত প্ৰাণী যেবে হোৱে আশকত ।
পৰপক্ষে পীড়য় আপুনি হোৱে হত ॥৪৩
বিভীষণ দেখি লোকা এতা ভৈল মতি ।
ৰণত যুজিতে তোৰ নাহিকে শকতি ॥৪৪
প্ৰহস্তে বোলয় তুমি বুদ্ধিত সাগৰ ।
সাৰোধৃতে বচন বুলিলা লঙ্কেশ্বৰ ॥৪৫
আৰো পদে ৰামৰ ঘাটন ভৈল বৰ ।
মৰণ সমীপ দেখোঁ জীৱন কাতৰ ॥৪৬
কুলৱন্ত পণ্ডিত উত্তম বু্দ্ধিমন্ত ।
সি সি দূত কৰি যিটো সন্ত যে মহন্ত ॥৪৭
ৰামে দূত কৰিলে বনৰ পশুজাতি ।
এহি পদে ৰামৰ ঘাটন ভৈল আতি ॥৪৮
বৃহস্পতি সম গপ পাত্ৰ বুদ্ধিমন্ত ।
বিৰুপাক্ষে বোলে শুনা সুপাত্ৰ মহন্ত ॥৪৯
ৰাজায়ে বুলিলা যত শাস্ত্ৰ অৱগাহি ।
স্বৰূপত ৰাঘৱত শাস্ত্ৰধৰ্ম্ম নাহি ॥৫০
আৰো এক পদে ভৈল আমাৰ কুশল ।
নিশাকাল ভৈলে ৰাঘৱৰ তুটে বল ॥৫১
নিশাভাগে যুজিবো যতেক নিশাচৰে ।
মৰিবন্ত ৰাম ৰাজা ভালুক বানৰে ॥৫২
যুজ নৈয়ো পাৱে প্ৰজা খানতো বিস্তৰ ।
যুজিবাক উদ্যোগ সকলে ৰাক্ষসৰ ॥৫৩
থাওঁ মাৰোঁ কৰে প্ৰজা হাতে অস্ত্ৰ ধৰি ।
সত্বৰে মাৰিয়ো গৈয়া বিলম্ব নকৰি ॥৫৪
সবাকো নিবাৰি মাতিলন্ত বিভীষণ ।
আবেসে জানিলো ভৈল বিনাশ লক্ষণ ॥৫৫
ৰাজলক্ষ্মী এৰিলেক ৰাৱণ দদাক ।
সবাহাৰে মন ৰাঘৱক যুজিবাক ॥৫৬
শুনা শুনা দদা লঙ্কানাথ নিশাচৰ ।
মই হিত বোলোঁ সবে ৰাক্ষস কুলৰ ॥৫৭
গোত্ৰ বন্ধু ৰাখি যাওঁ ৰাঘৱৰ ভিতা ।
হিত বচনক মোৰ নেদেখিবা তিতা ॥৫৮
যতেক তোমাৰ মন্ত্ৰী বোলয় কুনয় ।
আপুনি বা তুমি নুবুজাহা ৰাজনয় ॥৫৯
হুই নুই তুমি গুণি চাহিয়ো মনত ।
মোহোৰ বচন দেখিবাহা হিতপথ ॥৬০
অৰুন্ধতি নেদেখয় হিত নুশুনয় ।
দীপ নিৰ্ব্বাণত যিটো গন্ধ নপাৱয় ॥৬১
সুহৃদ বচনক নেদেখয় হিত ।
সি সব প্ৰাণীৰ জানা মৰণ সন্নিত ॥৬২
ৰাজাৰ মন্ত্ৰীৰ ভৈল বিপৰীত মতি ।
অধৰ্ম্মে যুকুত ভৈল মন্ত্ৰৰ শকতি ॥৬৩
সুহৃদৰ বাক্য সবে নুৰুচয় যাক ।
গত আয়ু প্ৰাণী বুলি জানিবাহা তাক ॥৬৪
অধৰ্ম্মত কত ভৈলে তুমি দুৰাচাৰ ।
পতিব্ৰতা কন্যা হৰিলাহা পৰদাৰ ॥৬৫
তোমাৰ সংসৰ্গে আমি ধৰ্ম্ম হৰুৱাওঁ ।
তুমি আছা দদা আমি ৰাম পাশে যাওঁ ॥৬৬
শুনিয়োক সৰ্ব্বজনে ৰামৰ চৰিত্ৰ ।
বেদৰ ৰহস্য জানি পীয়া প্ৰতিনিত ॥৬৭
মহন্ত সকলে আক গাৱে অবিশ্ৰাম ।
অপ্ৰয়াসে সিজে ধৰ্ম্ম অৰ্থ মোক্ষ কাম ॥৬৮
শুভসে সাধয় সুখত কৰি আনন্দ ।
হেনয় ৰামৰ ভজা পদ মকৰন্দ ॥৬৯
তেবেসে সংসাৰ সিন্ধু অপ্ৰয়াসে তৰি ।
বোলন্ত কন্দলী ডাকি বোলাঁ হৰি হৰি ॥৭০