দশৰথৰ বিবাহ - কৈকেয়ী
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৮ অধ্যায়
- দশৰথৰ বিবাহঃকৈকেয়ী
আত অনন্তৰে কখা শুনিয়ো সম্প্ৰতি ।
কেকয় ৰাজ্যত আছে কেকয় নৃপতি ॥১
দানে মানে কুলে ধৰ্ম্মে শীলে আনন্দিত ।
সহ্ৰ্ব গুণে গুণাম্বিত জগতে বিদিত ॥২
কৈকেয়ী নামত কন্যা এক আছে তান ।
ত্ৰিভূবনে নাহি যাৰ ৰূপৰ সমান ॥৩
নাহি খতি খুন সৰ্ব্বগুণে নিৰুপমা ।
নুহিকে সমান ৰতি ৰম্ভা তিলোত্তমা ॥৪
হৰিণনয়নী আতিশয় মধ্যক্ষীণী ।
সুকোমল কেশে চামৰকো আছে জিনি ॥৫
পূৰ্ণচন্দ্ৰমাকো জিনি বদনৰ কান্তি ।
মুকুতাৰ সাৰি যেন জ্বলে দন্ত পান্তি ॥ ॥৬
নাসা গোট দেখি যেন ৰত্ন তিলফুল ।
বিম্বফল জিনি জ্বলে অধৰ ৰাতুল ॥৭
মৃণাল সদৃশ বাহু দেখিতে সুঠান ।
সুগম্ভীৰ লীলাগতি গজৰ সমান ॥৮
বহল জঘন উৰু যেন ৰাম কল ।
থল কমলকো গঞ্জে চৰণকমল ॥৯
হাস্যত অমৃত স্ৰৱে বচন মধুৰ ।
হৱে ৰূপ দেখি কন্দৰ্পৰ দৰ্প চুৰ ॥১০
বদৰি প্ৰমাণ স্তন বাঢ়ে হৃদয়ত ।
কটাক্ষতে মোহে সুৰ নৰ মুনি যত ॥১১
কেকয় ৰাজাৰ হেন আছে কন্যা ৰত্ন ।
বিবাহ দিবাক ৰাজা কৰে মহা যত্ন ॥১২
কেন মতে কন্যাৰ সদৃশ পাইবোঁ বৰ ।
হেন শুনি নৃপতি পাতিলা স্বয়ম্বৰ ॥১৩
দেশে দেশে পাঞ্চি দিলা দূত বহুতৰ ।
কহ সমস্তত কৈকেয়ীৰ স্বয়ম্বৰ ॥১৪
গৈল দেশে দেশে দূতগণ অসংখ্যাত ।
জানাইলেক স্বয়ম্বৰ সমস্তে ৰাজাত ॥১৫
কৈকেয়ীৰ স্বয়ম্বৰ শুনি যত ৰাজা ।
সঙ্গে সাজি গৈয়া ৰথ গজ বাজী প্ৰজা ॥১৬
কেকয় নগৰে আসি ভৈলা এক থান ।
সবাকো কেকয় ৰাজা কৰিলা সন্মান ॥১৭
আছে পুত্ৰবৰ তান যুদ্ধাজিত নাম ।
পিতৃত ভকত সৰ্ব্ব গুণে অনুপম ॥১৮
তান্তে ৰাজ্য ভাৰ ৰাজা সঁপি নিৰন্তৰ ।
বিবাহৰ কাৰ্য্যক চিন্তন্ত নৰবৰ ॥১৯
কৰিলা মজুত আনি অনেক সম্ভাৰ ।
কুসুম চন্দন গন্ধ বস্ত্ৰ অলঙ্কাৰ ॥২০
সুবৰ্ণৰ ঝাৰী খুৰি তাম্বুল কৰ্পূৰ ।
নানা উপহাৰে দ্ৰব্য মিলাইলা প্ৰচুৰ ॥২১
আসি আছে যত ৰাজা শুনি স্বয়ম্বৰ ।
সবাকো দিলন্ত ৰত্নময় বাসা ঘৰ ॥ ২২
তাম্বুল চন্দনে দিব্য বস্ত্ৰ অলঙ্কাৰে ।
অৰ্চ্চিল সবাকো নানা বিধ উপহাৰে ॥২৩
কুসুম কুঙ্কুম গন্ধ চন্দনে তুষিলা ।
নানা ভক্তিভাৱে সমস্তকে সন্তোষিলা ॥২৪
আছন্ত নৃপতিগণ পাতিয়া সমাজ ।
সেহি সময়ত দশৰথ মহাৰাজ ॥২৫
সঙ্গে সাজি লৈয়া গজ বাজী সেনা যত ।
সেহি সমাজত গৈয়া ভৈলা উপগত ॥২৬
দশৰথ আসিবাৰ দেখি ৰাজাগণে ।
গাৱ চালি আথেবেথে উঠিলা তেখনে ॥২৭
কেকয় ৰাজাৰ দেখি হৰিষ মিলিলা ।
পৰম গৌৰৱে আনি সিংহাসন দিলা ॥২৮
দশৰথ নৃপতি বসিলা গৈয়া তাত ।
যেন পুৰন্দৰ দেৱগণৰ সভাত ॥২৯
নৃপতিৰ মাজে ৰাজা প্ৰকাশন্ত বসি ।
গ্ৰহগণ মাজে যেন পূৰ্ণিমাৰ শশী ॥ ৩০
দশৰথ আগে নজ্বলন্ত ৰাজাচয় ।
যেহন নক্ষত্ৰগণ সূৰ্য্যৰ উদয় ॥৩১
পাত্ৰ পুত্ৰ মিত্ৰ সমে কেকয় নৃপতি ।
দশৰথ নৃপতিক কৰিলা ভকতি ॥৩২
সাদৰে ভৃঙ্গাৰ ধৰি প্ৰক্ষালিলা পাৱ ।
সৱৰ্ঘে কৰিলা পূজা বুলি বহু ভাৱ ॥৩৩
কুসুম চন্দন দিব্য বস্ত্ৰ অলঙ্কাৰ ।
নানা দ্ৰব্য দিয়া অৰ্চ্চিলন্ত বাৰে বাৰ ॥৩৪
বুলি আতি স্তুতি বাণী সন্তোষিলা মন ।
ষড় ৰসে পঞ্চামৃতে কৰাইলা ভোজন ॥৩৫
কৰ্পূৰ তাম্বুল দিলা ভোজনৰ শেষে ।
গৃহ ব্যৱহাৰ ৰাজা কৰিলা নিশেষে ॥৩৬
কেকয় ৰাজাৰ আতি দেখিয়া ভকতি ।
ভৈলন্ত সন্তুষ্ট দশৰথ মহামতি ॥৩৭
কৰিলন্ত কেকয়ক প্ৰশংসা অশেষ
অনন্তৰে ভৈলা আসি ৰজনী প্ৰবেশ ॥৩৮
উত্তম মন্দিৰে ৰত্নময় আসনত ।
সুকোমল শয্যাত শুতিলা দশৰথ ॥৩৯
সুখে নৃপতিৰ ভৈল ৰজনী প্ৰভাত ।
স্নান দান কৰি আসি বসিলা সভাত ॥৪০
প্ৰভাত সময়ে উঠি কেকয় নৃপতি ।
স্নান দান তৰ্পণ কৰিলা মহামতি ॥৪১
বিধিৰ নিয়ম সমৰ্পিয়া নৃপবৰ ।
পাতিলন্ত সভা কৈকেয়ীৰ স্বয়ম্বৰ ॥৪২
ৰত্মময় আসন থৈলন্ত স্থানে স্থানে ।
তাতে আসি বসিলা নৃপতিগণ মানে ॥৪৩
বসি আছে দশৰথ সবাৰে মাজত ।
তান তেজে সঙ্কুচিত ৰাজাগণ যত ॥৪৪
জলে উত্পল যেন সূৰ্য্যৰ উদয় ।
দশৰথ সমে সেহি মত ৰাজাচয় ॥৪৫
কেকয় নৃপতি আতিশয় বুদ্ধিমন্ত ।
যথাযোগ্য সমস্তে ৰাজাক অৰ্চ্চিলন্ত ॥৪৬
বুলিলা সবাকো পাচে সুমধুৰ বাণী ।
কৈকেয়ী নামত মোৰ আছে কন্যাখানি ॥৪৭
আতি শিষ্টমতী কন্যা আসি সমজ্যাক ।
আপোন ইচ্ছায়ে কন্যা বৰয় যাহাক ॥৪৮
তাহানে হৈবেক সিতো কন্যা মহা সতী ।
এহি বুলি কৈকেয়ীৰ পাশক নৃপতি ॥৪৯
নিজ গুৰু ব্ৰাহ্মণক দিলন্ত পঠাই ।
আনিয়োক কন্যা গৈয়া সভাক আতাই ॥৫০
শুনি পুৰোহিত গৈয়া বুলিলা কন্যাক ।
আসিয়ো কৈকেয়ী পিতৃবাক্যো সমজ্যাক ॥৫১
শুনিয়া কন্যাৰ হৰিষৰ নাহি পাৰ ।
পিন্ধিলা উত্সুকে দিব্য বস্ত্ৰ অলঙ্কাৰ ॥৫২
একচিত্ত হুয়া শুনা সভাসদ লোক ।
গুচোক সংসাৰভয় ৰাম বুলিয়োক ॥৫৩
- ৯ম অধ্যায়
- দুলড়ী
কৈকেয়ী কামিনী, সুচন্দ্ৰবদনী,
- কাছিলন্ত বহু ভাৱে ।
কৰি লীলাগতি, সমজ্যাক প্ৰতি,
- চলি যান্ত ভূমি পাৱে ॥১
কৃশ মধ্যদেহ, বুলন্তে হালয়,
- চলে আতি লয়-লাসে ।
অনেক সুন্দৰী, তাঙ্ক মধ্যে কৰি,
- বেঢ়ি যান্ত চাৰি পাশে ॥২
ত্ৰৈলোক্য মোহিনী, গজেন্দ্ৰ গামিনী,
- পাইলা স্বয়ম্বৰশালা ।
প্ৰবেশিলা গই, মেৰুত উদয়,
- যেন চন্দ্ৰমাৰ কলা ॥৩
ভৈলন্ত বিস্ময়, যত ৰাজাচয়,
- কন্যাৰ ৰূপ দেখিয়া ।
চাহন্ত নিৰখি, অমৃতক দেখি,
- যেন লুভিয়াৰ হিয়া ॥৪
ৰূপ বিপৰীত, দেখি বিমোহিত,
- ভাল যত ৰাজাচয় ।
স্থিৰ নোহে মন, পীড়িলে মদন,
- দেখে সবে তমোময় ॥৫
কম্পয় শৰীৰ, কতো বেলি স্থিৰ,
- ভৈল ৰাজাগণ যত ।
অন্যে আন মাতি, কহে কথা আতি,
- ৰূপৰ কিলো মহত্ত্ব ॥৬
স্বৰ্গহন্তে কিবা, আসিল উৰ্ব্বশী,
- কিবা ৰতি তিলোত্তমা ।
ইন্দ্ৰৰ ঘৰিণী, কিবা আইলা শচী,
- কিবা অপেস্বৰী হেমা ॥৭
ৰোহিণী পাৰ্ব্বতী, কিবা লক্ষ্মী দেবী,
- আসি আছে মূৰ্ত্তি ধৰি ।
ইতো ত্ৰৈলোক্যত, ইহেন ৰূপক,
- নুহি আনে সৰি বড়ি ॥৮
এক হাতে জল, ঝাৰি আউৰ হাতে,
- ধৰিয়া পুষ্পৰ মালা ।
ৰাজাগণ মাজে, আপন সদৃশ,
- বৰ নিৰীক্ষন্ত বালা ॥৯
সখীগণ সমে, ফুৰন্ত সুন্দৰী,
- গোটে গোটে ৰাজা চাই ।
সবে ৰাজাগণে, বোলে মনে মনে,
- মোকে বৰিবেক পায় ॥১০
পাচে সুদৰ্শনে, নামে এক ৰাজা,
- সবাকো বোলে বচন ।
সুদক্ষিণা নামে, কন্যাৰ কাহিনী,
- শুনিয়োক ৰাজগণ ॥১১
মগধ ৰাজাৰ, ঝিউ সুদক্ষিণা,
- পৰম পদ্মিনী কন্যা ।
সৰ্ব্বগুণযুত, ৰূপ অদভুত,
- ত্ৰৈলোক্যমোহিনী ধন্যা ॥১২
তান স্বয়ম্বৰে, গৈলোঁ নিৰন্তৰে,
- আছোঁ ৰাজাগণ যত ।
হাতে মাল্য ধৰি, বৰ অনুসৰি,
- ফুৰে কন্যা সমাজত ॥১৩
সূৰ্য্যবংশে ৰাজা, আছিলা দিলীপ,
- পৰম গুণে মহন্ত ।
মাথে মাল্য দিয়া, গৈয়া সুদক্ষিণা,
- দিলীপক বৰিলন্ত ॥১৪
ইও মহাসতী, যেন সুদক্ষিণা,
- সমস্ত গুণক ধৰে ।
কোন পুণ্যৱন্ত, আছে ভাগ্যৱন্ত,
- নাজানো কাহাক বৰে ॥১৫
এইমতে ৰাজা, সবে অন্যে অন্যে,
- কন্যাৰ গুণ বখানে ।
পাচে ধীৰি ধীৰি, কৈকেয়ী সুন্দৰী,
- গৈলা দশৰথ স্থানে ॥১৬
তাঙ্ক দেখি কন্যা, গুণে মনে মনে,
- এন্তে হৈবা মোৰ পতি ।
ইহান সমান, ইতো পৃথিবীত,
- নাহিকে আন নৃপতি ॥১৭
ইহান আগত, নজ্বলয় কেৱ,
- যত আছে ৰাজাগণ ।
ত্ৰিভুবনে সাৰ, ৰূপ চমত্কাৰ,
- সাক্ষাতে যেন মদন ॥১৮
ইহান অধীন, সকলো নৃপতি,
- আছন্ত খাটিয়া নিত ।
ইহাকেসে মই, বৰিবোঁ বুলিয়া,
- দৃঢ় কৰিলন্ত চিত ॥১৯
পৰম সাদৰে, দশৰথ শিৰে,
- দিলা নিয়া পুষ্পমালা ।
চৰণত ধৰি, কৰি নমস্কাৰ,
- বৰিলন্ত বৰবালা ॥২০
হেন দেখি যত, লোক সমাজ্যৰ,
- কৰে জয় জয় ধ্বনি ।
সাৰ্থক বৰক, বৰিলা সুন্দৰী,
- কন্যা বৰ বিচক্ষণী ॥২১
বৰ কন্যা দুইকো, প্ৰশংসা কৰিল,
- সমস্ত লোকে সাদৰি ।
স্বয়ম্বৰ ৰঙ্গ, উত্সৱ মঙ্গল,
- দেখিল নয়ন ভৰি ॥২২
কৈকেয়ীৰ পায়া, দশৰথ ৰাজা,
- ভৈলা আতি কৃতকৃত্য ।
হৰিষে বিস্তৰ, মথিয়া সাগৰ,
- পাইলন্ত যেন অমৃত ॥২৩
কেকয় ৰাজাৰ, আনন্দ অপাৰ,
- জামাই পাই দশৰথ ।
বিধি ব্যৱহাৰে, কন্যা সম্প্ৰদান,
- কৰিলন্ত মহাৰথ ॥২৪
উত্সুকে মনত, হয়হস্তী ৰথ,
- দাস দাসী গ্ৰাম দেশ ।
সুবৰ্ণ ৰজত, মুকুতা মাণিক,
- যৌতুক দিলা অশেষ ॥২৫
বিয়াৰ সভাত, যত অসংখ্যাত,
- আছিলন্ত ৰাজাগণ ।
যৌতুক সম্ভাৰ, দিলন্ত অপাৰ,
- নৃপতিৰ তুষি মন ॥২৬
কেকয় নৃপতি, অনেক ভকতি,
- সমজ্যাক সন্তোষিল ।
কুসুম চন্দনে, বস্ত্ৰ অলঙ্কাৰে,
- সবাকো ৰাজা তোষিল ॥২৭
পায়া সতকাৰ, হৰিষ অপাৰ,
- দেখি সুখে স্বয়ম্বৰ।
ৰাজাক সাদৰি, গৈলা ঘৰঘৰি,
- ৰাজা প্ৰজা নিৰন্তৰ ॥২৮
ৰাজা দশৰথ, পুৰি মনোৰথ,
- কৈকেয়ীৰ লৈলা সঙ্গে ।
মহা কৌতূহলে, বাদ্য সুমঙ্গলে,
- গৃহক গৈলন্ত ৰঙ্গে ॥২৯
শুনা সভাসদ, ৰামায়ণ পদ,
- ৰামক হুয়া সমুখ,
ডাকি বোলা হৰি, সংসাৰক তৰি,
- লভিবা পৰম সুখ ॥৩০
- ১০ম অধ্যায়
দশৰথ নৰপতি ভাৰ্য্যায়ে সহিত ।
ৰত্নময় মন্দিৰত ভৈলা উপস্থিত ॥১
শুনি নৃপতিৰ পাচে মাতৃ ইন্দুমতী ।
পুত্ৰবধু দেখিবে আসিলা মহা সতী ॥২
কৈকেয়ীক দেখি পাইলা হৰিষ অপাৰ ।
দিলা বহাৰিক নানা ৰত্ন অলঙ্কাৰ ॥৩
কৌশল্যা কৈকেয়ী দুই মহিষী প্ৰধান ।
দুহাঙ্কো নৃপতি স্নেহ কৰন্ত সমান ॥৪
কৈকেয়ীৰ ৰূপে নৃপতিৰ মোহে মন ।
তান্ত অনুৰাগ আতি বাঢ়ে অনুক্ষণ ॥৫
দুই ভাৰ্য্যা সমে সুখে আছন্ত নৃপতি ।
শুনিয়োক কথা আত অন্তৰে সম্প্ৰতি ॥৬