বানৰ সৈন্যৰ আক্ৰমণ
ৰামায়ণ বৃত্তান্ত |
---|
|
- ২৮ অধ্যায় ।
বানৰ সৈন্যৰ আক্ৰমণ ।
- পদ ।
ৰাৱণে শুনয় বানৰৰ কোলাহল ।
প্ৰচণ্ড বায়ুত যেন সাগৰ আম্ফাল ॥১
সম্বুধি মন্ত্ৰীক বোলে ইটো কি মিলিল ।
ইন্দ্ৰজিতে মাৰিবাৰ সবে সেনা জীল ॥২
ব্ৰহ্মাত পাইলেক বৰ ইন্দ্ৰজিত পোৱে ।
মোহোৰ কৰম ফলে সিয়ো ব্যৰ্থ হোৱে ॥৩
ৰামত মুনিষ নাই কহিলোহোঁ সাৰ ।
যতেক যতন সবে নিষ্ফল আমাৰ ॥৪
ধুম্ৰাক্ষ যে অকম্পন প্ৰহস্ত পৰিল ।
কুম্ভকৰ্ণ ভাই যেন পৰ্ব্বত গোঢ়িল ॥৫
বজ্ৰদশনক দেৱান্তক নৰান্তক ।
অতিকায় বীৰ গৈলা যম সদনক ॥৬
মহাপাৰ্শ্ব মহোদৰ ত্ৰিশিৰা তনয় ।
ৰণত নিধন ভৈলাঁ দেখিবোহোঁ কয় ॥৭
কুঞ্জৰ ঘোটক উট ৰাক্ষস সংখ্যাতে ।
পৰিলা লক্ষ্মণ ৰাম বানৰৰ হাতে ॥৮
এবে হেন বল নাই বল আতিৰেক ।
ৰাম লক্ষ্মণক যে সম্মুখে যুজিবেক ॥৯
সুগ্ৰীৱ অঙ্গদ হনুমন্ত আৰ নীল ।
ইহাঙ্ক যুজিবে কোন অপায় মিলিল ॥১০
তথাপিতো যত বীৰ ৰাক্ষস আমাৰ ।
চাহিয়ো দুৱাৰে বেঢ়ি ৰাখাহা লঙ্কাৰ ॥১১
আদেশ কৰিয়া ৰাজা ওৱাৰি প্ৰবেশ ।
লঙ্কাক ৰাখয় বেঢ়ি ৰাক্ষস আশেষ ॥১২
সুগ্ৰীৱ বোলন্ত শুনা বীৰ হনুমান ।
মান উদ্ধাৰিবাৰ প্ৰস্তাব নাহি আন ॥১৩
চিন্তা বৰ শোকে ৰাৱণৰ কষ্ট মন ।
লঙ্কা বেঢ়ি অগনি লগায়ো কপিগণ ॥১৪
ৰাজাৰ আদেশে সবে জোণ্ডা ধৰি কৰে ।
গধূলি এৰায়া চলি গৈলা নিৰন্তৰে ॥১৫
হনুমন্ত অঙ্গদ জাম্বৱ বীৰ তাৰ ।
সব সৈন্য বেঢ়িলেক চৌপাশে লঙ্কাৰ ॥১৬
প্ৰাঞ্চিৰ উপৰে চড়ি চতুৰ্ভিতি ছানি ।
নিসন্ধি কৰিয়া বেঢ়ি লগাইলা অগনি ॥১৭
ৰাঘৱৰ অনুকূলে ঘনে বায়ু বহে ।
জাজ্জ্বল্য সমান ৰূপে লঙ্কা খান দহে ॥১৮
ধৌলিৱৰ উপৰে অগনি গৈয়া চড়ে ।
পৰ্ব্বতৰ শৃঙ্গ যত খসি খসি পৰে ॥১৯
বায়ুপথ জিনি শিখা গৈলা বহুদূৰ ।
ওৱাৰি আণ্টাইলা সবে ভৈলা মসিমূৰ ॥২০
ওৰ আই বোপাই লঙ্কাত হুলস্থলি ।
কল কাটা পানি ঢালা সিঞ্চা মাটি ধূলি ॥২১
ধন ধান্য এৰাহা পোৱাক বাজ কৰাঁ ।
নাতি নোতিয়ান চাৱা বস্তু পৰিহৰাঁ ॥২২
স্ত্ৰী বাল্য বৃদ্ধত লাগিল কোলাহল ।
দশ প্ৰহৰৰ পথ লাগিল ঘঞ্চাল ॥২৩
ধৌলিৱৰ উপৰে সুন্দৰী যত নাৰী ।
যতেক মৰিল পুৰি কহিতে নপাৰি ॥২৪
কতো চতুৰঙ্গ দলে ৰাক্ষস বজাইল ।
টাকৰে মোটকি লাঠি বানৰে ভঙ্গাইলা ॥২৫
হাতিশাল ঘোড়াশাল গৈলা পুৰি পুৰি ।
কতোহোঁ মৰিল কতো লৱৰা লৱৰি ॥২৬
শ্ৰীৰাম লক্ষ্মণ দুই ধনুৰ্গুণ মাজি ।
কৰিলন্ত টঙ্কাৰ সম্ভৃতে সব সাজি ॥২৭
লঙ্কা লাগি হানিলন্ত অসংখ্যাত শৰ ।
প্ৰহাৰতে খসে ধোলিৱৰৰ শিখৰ ॥২৮
ৰাৱণৰ ক্ৰোধত জ্বলিলা সব গাত্ৰ ।
কুম্ভ নিকুম্ভক বোলে তেতিক্ষণে মাত্ৰ ॥২৯
কুম্ভকৰণৰ পুত্ৰ ভতিজা আমাৰ ।
চতুৰঙ্গ দলে ঝাণ্টে বজায়ো লঙ্কাৰ ॥৩০
বিন্দুমালী বিৰুপাক্ষ উল্কাজিহ্বচল ।
শোণিতাক্ষ প্ৰমুখ্য মাৰিয়ো কপিবল ॥৩১
নৃপতিৰ আদেশেসে ভূষিত অলঙ্কাৰ ।
চতুৰঙ্গ দলে সমৰত পয়োসাৰ ॥৩২
প্ৰখ্যাত বীৰক সবে চলাইলা ৰাৱণে ।
দেখিয়া হৰিষ ভৈলা সবে কপিগণে ॥৩৩
শাল তাল তমাল শিখৰ ধৰি ধাইল ।
কাণ্ডেখাণ্ডে জাটি জোঙ্গে ৰাক্ষসে জন্তাইল ॥৩৪
ৰাক্ষসে বানৰে লাগি গৈলা উসমিস ।
শৰে তৰু খাঞ্চিলা পূৰিলা দশোদিশ ॥৩৫
বানৰৰ হাত মুণ্ড খৰগৰ ঘাৱে ।
নিশাচৰে পিশাচে কাটিয়া বেলগাৱে ॥৩৬
আঞ্চোৰে কামোৰে তৰু গিৰিৰ শিখৰে ।
ভালুক বানৰে জান্তি পৰদল মাৰে ॥৩৭
দান্তে দান্তে নখে নখে মুঠি কিল ঘাত ।
দুই ভিতিৰ সেনা পৰি গৈলা অসংখ্যাত ॥৩৮
কতো বেলি কপিবলে ৰাক্ষস ভঙ্গাইল ।
দেখি বজ্ৰকণ্ঠ বীৰে অঙ্গদক ধাইল ॥৩৯
দুই হাতে তুলি হানিলেক গদা বাৰি ।
বালিপুত্ৰ মূৰ্চ্ছা গৈলা চেতনক ছাৰি ॥৪০
জীউ আসি ভৈলা কতো বেলি অঙ্গদৰ ।
মাথাত হানিলা টানি পৰ্ব্বত শিখৰ ॥৪১
মুণ্ড গোট চিণ্ডিলা প্ৰহাৰ দিয়া টান ।
বজ্ৰকণ্ঠ যম পুৰে কৰিলা পয়ান ॥৪২
বজ্ৰকণ্ঠ গৈলা যেবে যম সদনক ।
শোণিতাক্ষে অস্ত্ৰ বৰিষয় অঙ্গদক ॥৪৩
বসুদন্ত বিপাট পৰিঘ চন্দ্ৰহাস ।
নিৰন্তৰে বেঢ়িলা ছানিয়া দিশপাশ ॥৪৪
খাণ্ডা তুলি শীঘ্ৰবেগে যাই আগবাঢ়ি ।
ডেৱ দিয়া অঙ্গদে খৰগ লৈলা কাঢ়ি ॥৪৫
গদা গোট তুলি শোণিতাক্ষ বীৰে ধাইল ।
হাতত মুটুকি দিয়া অঙ্গদে খসাইল ॥৪৬
ৰথে চড়ি প্ৰজঙ্ঘ যুপাক্ষ দুই বীৰে ।
অস্ত্ৰক তাৰিলা অঙ্গদৰ সশৰীৰে ॥৪৭
তিনিয়ো ৰাক্ষসে মিলি অঙ্গদক যুজি ।
মৈন্দ দ্বিবিদ ছাপিলন্ত কাৰ্য্য বুজি ॥৪৮
বানৰ তিনিয়ে ৰাক্ষসৰ তিনি মিলি ।
কামোৰা কামোৰি লাথি ভুকু কিলাকিলি ॥৪৯
দুয়োজনে আজৰা আজুৰি জৰাজৰি ।
যেন ছয় পৰ্ব্বত ভূমিত গৰগৰি ॥৫০
ছয়ো লাঠি চৱৰে ছয়কো বেল গাইল ।
অস্ত্ৰে গিৰি শিখৰে ছয়ক ছয়ে ছাইল ॥৫১
অঙ্গদক প্ৰজঙ্ঘে খেদয় খাণ্ডা হাতে ।
বালিপুত্ৰে বৃক্ষেক তাৰিলা তাৰ মাথে ॥৫২
প্ৰজঙ্ঘেয়ো মুঠি এক মাথাত তাৰিল ।
কতোক্ষণে অঙ্গদৰ চেতন ছাৰিল ॥৫৩
সন্ধুক্ষিয়া বালিপুত্ৰে হানিলন্ত মুঠি ।
প্ৰজঙ্ঘৰ প্ৰাণ গৈলা কুম্ভস্থল ফুটি ॥৫৪
খুৰত পৰিলা দেখি যুপাক্ষ খঙ্গাইল ।
ৰথৰ নামিয়া খৰগক লৈয়া ধাইল ॥৫৫
শীঘ্ৰে খেদি যাহন্তে দ্বিবিদে খেদি পাইল ।
হৃদয় থানত জাণ্টি তুলি আলগাইল ॥৫৬
ঢেল নিকলিল তাৰ চক্ষু ভৈলা ঠৰ ।
শোণিতাক্ষ বীৰৰ দেখিয়া খঙ্গ বৰ ॥৫৭
ভাইক মেলাইবাক লাগি যুৰিলা উপায় ।
দ্বিবিদক হিয়াত তাৰিলা মুঠি ঘাই ॥৫৮
তাক এৰি দ্বিবিদে শোণিতাক্ষক ধাইল ।
শৰীৰৰ মাংস যত কাটি বেলগাইল ॥৫৯
মেদিনীত পেলাই শৰীৰে জান্তিলন্ত ।
শোণিতাক্ষ পৰিলা প্ৰাণৰ ভৈলা অন্ত ॥৬০
যুপাক্ষক মৈন্দ বীৰে বিপোহো কটালি ।
হৃদয়ত জান্তিয়া ধৰিলা আঙ্কোৱালি ॥৬১
অস্থিয়ে পাঞ্জৰে তাৰ ভাঙ্গি ভৈলা চূৰ ।
দাৰুণ ৰাক্ষস মৰি গৈলা যমপুৰ ॥৬২
তিনি পৰিবাৰ দেখি ৰাক্ষস খসিল ।
কুম্ভত সবেয়ো গৈয়া শৰণ পশিল ॥৬৩