হনুমন্তই ৰামক সীতাৰ বাতৰি দিয়ে
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৩২ অধ্যায়
হনুমন্তই ৰামক সীতাৰ বাতৰি দিয়ে ।
অঙ্গদে বোলন্ত ওৱা শুনা জ্ঞাতিলোক ।
যাইবাক আদেশ ভৈল শীঘ্ৰে যাইয়োক ॥১
অঙ্গদৰ শুনি সবে যুগুত বচন ।
হৰিষক পাইলন্ত সকলে সকলে কপিগণ ॥২
অঙ্গদ কুমাৰ বাপু যশ বৰ পাইলে ।
উভয় কুলৰ বাপু তৃপিতি অনাইলে ॥৩
ৰাজাৰ আদেশ সবে শিৰোগত কৰি ।
গিৰিসাই লৰিল হনুক আগ কৰি ॥৪
মত্তগজ সম সবে প্ৰমত্ত বানৰে ।
প্ৰস্ৰৱণ নাম গিৰি পাইল অনন্তৰে ॥৫
মাৰুতিক আগ কৰি বৰ বৰ বীৰে ।
ৰামৰ চৰণ প্ৰণামিল জানু শিৰে ॥৬
পাছে প্ৰণামিলা লক্ষ্মণৰ দুই পাৱে ।
সুগ্ৰীৱক প্ৰণামিলা আদৰিত ভাৱে ॥ ৭
অনেক দূৰক যুৰি বসিল বানৰ ।
প্ৰস্ৰৱণ গিৰিক যুৰিলা নিৰন্তৰ ॥৮
ৰাঘৱে বোলন্ত ওৱা শুনা কপিগণ ।
কোনেবা দেখিল সীতা কহিয়ো এখন ॥৯
কহিত আছন্ত সীতা বঞ্চন্ত কিমতে ।
কেন বা ভোজন মোত কহিয়ো সমস্তে ॥১০
স্তুতাঞ্জলি কৰি সবে যুৰিলন্ত হাত ।
আদেশ গোসাঁই কথা কহিবো তামোত ॥১১
সবে মিলি মাৰুতিক আগ কৰি দিল ।
ৰাঘৱত হনুমন্তে সমস্তে কহিল ॥১২
অন্তেষপুৰত সীতা আছন্ত যিমতে ।
যেন দুখে আছা দেবী স্বামীত ভকতে ॥১৩
আছন্ত গোসাঁনী দেবী শান্তি পুণ্য ৰাখি ।
চন্দ্ৰ সূৰ্য্য আদি দেৱ জানে নৱ সাখী ॥১৪
সীতাৰ মুখত যেন যেন শুনিলন্ত ।
তেনয় স্বৰুপে ৰাঘৱত কহিলন্ত ॥১৫
শুনিয়ো গোসাঁই সাদৰে মন দিয়া ।
মহেন্দ্ৰ পৰ্ব্বত হন্তে ডেৱক কৰিয়া ॥১৬
সাগৰ তৰন্তে যেন মিলিল বিঘিনি ।
সুৰেসা মৈনাক আষাৰিকা সমে তিনি ॥১৭
সবাকো এৰায়া আমি সুবেলে চড়িলো ।
নিসন্ধি কৰিয়া লঙ্কা নগৰী ফুৰিলো ॥১৮
তযু চৰণৰ গোসাঁই অনুগ্ৰহ লেশে ।
এৰায়া আসিলো উপায় উপদেশে ॥১৯
লৈয়োক গোসাঁই হেৰা চিনিয়া আপুনি ।
হোৱে বা নুহিকে এহি গোসাঁনীৰ মণি ॥২০
এহি বুলি ৰামৰ হাতত নিয়া দিলা ।
টান কৰি ৰঘুনাথে ক্ৰন্দন কৰিলা ॥২১
শুনিয়োক তুমি সবে মণিৰ ব্যৱস্থা ।
উপজিলা যেন মতে শুনা কহোঁ কথা ॥২২
পৱিত্ৰ জলত উপজিলা মণি ৰত্ন ।
ইন্দ্ৰদেৱে পাইলন্ত কৰিয়া বৰ যত্ন ॥২৩
যৈসানি ইন্দ্ৰৰ অসুৰৰ ঘোৰ ৰণ ।
অসুৰে জিনিলে হাৰিলেক দেৱগণ ॥২৪
ত্ৰিদশ দেৱতায়ে বাপক মোৰ নিল ।
দেৱক ৰাখিয়া গৈয়া দৈত্যক জিনিল ॥২৫
দেৱলোকে বাপক এহিতো মণি দিল ।
পৃথিবীক লাগি পাছে মণিক আনিল ॥২৬
মণিৰত্ন পায়া বৰ আনন্দ মিলিল ।
প্ৰথম বহাৰী বুলি জানকীক দিল ॥২৭
এহি মণি দেখি মোৰ আনন্দ মিলিল ।
বাপক দেখিলো যেন সীতাক দেখিল ॥২৮
হৃদয়ত মণি লৈয়া সাদৰ কৰন্ত ।
দেখাঁ বায়ুপুত্ৰ বুলি প্ৰাণ সঙ্কলন্ত ॥২৯
আজিসে মৰিলোঁ শোকে হৃদয় নধৰে ।
তপত খোলাত দিলে যেন মত্স্য মৰে ॥৩০
মণিক দেখিয়া আগে হৰিষ মিলিল ।
সীতাক সুমৰি আবে অগনি জ্বলিল ॥৩১
হনুমন্ত মোহোক পিঠিত কৰি লোৱা ।
সীতাৰ পাশক নিয়া এতিক্ষণে থোৱা ॥৩২
চন্দ্ৰবদনী দেখোঁ চক্ষু মোৰ ভৰি ।
আলিঙ্গিয়া থাকোহো লাজক পৰিহৰি ॥৩৩
হনুমন্ত বাপ তই মোৰ বোল শুন ।
সুজিবাক নোয়াৰো তোহোৰ যত গুণ ॥৩৪
সমুদ্ৰক তৰিয়া সীতাক দেখি আইলে ।
ৰাৱণৰ হৃদয়ত খলক লগাইলে ॥৩৫
প্ৰথমত কথা বাপ কহিলাহা যত ।
ভাল মতে নুশুনিলো শোকৰ বেগত ॥৩৬
আৰকায়ো প্ৰতি প্ৰতি কহি এৰা মোক ।
সীতাৰ কথাত মোৰ চিত্ত থিৰ হৌক ॥৩৭
ৰামৰ আদেশ পালি মহাবীৰ কপি ।
বিস্তাৰিত কৰিয়া কহিলা পুনৰপি ॥৩৮
সীতা দেবী যি যি বাণী বুলি পঠাইলন্ত ।
ৰামৰ আগত কপি সবে কহিলন্ত ॥৩৯
প্ৰভুৰ আগত বাপু কহিবি সকলে ।
যেন দুখ আছো বৃক্ষ শিংশপাৰ তলে ॥৪০
ৰাক্ষসিনী লোকে মোক পৰাভৱ কৰে ।
আমাক দণ্ডিব এহি মাসেক অন্তৰে ॥৪১
একৈক দিনৰ দুখ সহন নাযাই ।
তথাপিতো থাকিবো মাসেক বাট চাই ॥৪২
নাসন্তে যে যেবে তথাপিতো নিজ স্বামী ।
আত্মাঘাত কৰি তেবে মৰিবোহো আমি ॥৪৩
মাৰুতিৰ মুখে হেন শুনিলন্ত বাণী ।
অনেক কান্দিল ৰামে হিয়া মুঠি হানি ॥৪৪
বন গাছ লৰন্তে এতেকে ডৰে মৰে ।
ৰাক্ষসীৰ মাজত কেমনে প্ৰাণ ধৰে ॥৪৫
ৰাক্ষসিনী সকলে সীতাক উৰুৱাৱে ।
আভো প্ৰাণ নযাই দাৰুণ শোকে ঘাৱে ॥৪৬
জীৱন্তে শুনুহো মই সীতাৰ নিকাৰ ।
কোন গুণ ভৈল মোৰ প্ৰাণ ধৰিবাৰ ॥৪৭
হা হনুমন্ত বুলি হাত মেলি পাইল ।
আলিঙ্গিয়া ৰামে আনি কোলত বৈসাইল ॥৪৮
ইকালত বাপ মোৰ এহিসে সন্দেশ ।
তোহোক প্ৰসাদ আন নাহিকৈ বিশেষ ॥৪৯
লঙ্কাৰ গড়ৰ কথা কহ কেন ঠান ।
প্ৰমাণ কত বা দূৰ ঊৰ্দ্ধে কত মান ॥৫০
কতেক সক্ৰম আছে কিবা ভগাদঢ় ।
লঙ্ঘিতে নোৱাৰে জানো দুৰ্গ বৰ গঢ় ॥৫১
শুনিয়ো গোসাঁই মই যেন দেখিলোহো ।
লঙ্কাৰ গড়ৰ কথা ভাল মতে কহোঁ ॥৫২
গড় খান দেখিলোহো বহল বিস্তাৰ ।
গড় গোটে বেঢ়ি আছে সকলে লঙ্কাৰ ॥৫৩
দুৰ্ব্বাৰ যে জলজন্তু ভয়ঙ্কৰ বেশ ।
পদ্ম উত্পলৰ গন্ধে আমোদ আশেষ ॥৫৪
দৃঢ়বন্ধ ফটক চাৰিয়ো দুৱায়ত ।
বজ্ৰ লৌহে নিৰ্ম্মিলে চাৰিয়ো ৰাজপথ ॥৫৫
চাৰি সংক্ৰমন আছে চাৰিয়ো দুৱাৰে ।
চন্দ্ৰ যেন আকাশত বৈসাইল প্ৰকাৰে ॥৫৬
তিনিখান সাঙ্কো আছে সঞ্চে আছে যুৰি ।
পৰ দল আসন্তে চিৰিয়া সবে বুলি ॥৫৭
এক খান আছে তাক দেখিতে আৰম্ভ ।
মনিময় সুবৰ্ণৰ দিল দশ তম্ভ ॥৫৮
লোহাযন্ত্ৰ সন্ত্ৰ আছে দুৱাৰত থিত ।
ভাল ভাল মণি সব সুবৰ্ণে গঠিত ॥৫৯
হেন মতে সাজি আতি আছয় শঙ্কিত ।
দেখিয়া পৰয় পৰদল সচকিতে ॥৬০
ৰাত্ৰি দিনে ৰাক্ষসে ৰাখয় গজ বাজি ।
খাণ্ডা সব ধৰাৱয় ধনুৰ্গুণ মজি ॥৬১
খাল বাম পূৰিলোহো ভাঙ্গিলোঁ সক্ৰম ।
দুৰ্ঘোৰ গুচায়া ভূমি কৰিলোহো সম ॥৬২
লঙ্কা খান পুৰিয়া কৰিলো ছাৰ মসি ।
ঢোলৰ ভিতৰে যেন নিঙ্গনিয়ে পশি ॥৬৩
লঙ্কা নষ্ট কৰিয়া সাগৰে ভৈলো পাৰ ।
মন সুখে মাৰাঁ গৈয়া ৰাক্ষস লঙ্কাৰ ॥৬৪
তুমি ৰাম দেবতা লক্ষণ সহা যাৰ ।
তযু সঙ্গে যাহন্তেনো শঙ্কা আছে কাৰ ॥৬৫
নলবীৰ সুগ্ৰীৱ অঙ্গদ জাম্বৱন্ত ।
নীল সেনাপতি আৰু লগত যাইবন্ত ॥৬৬
তুমি আমি লক্ষ্মণ যাইবোহো সব সাজে ।
আন সেনাগণ বা লাগয় কোন কাযে ॥৬৭
এতেকে সহিতে সবে ৰাক্ষসক মাৰি ।
ৰাৱণক মাৰি সীতা আনিবাক পাৰি ॥৬৮
সাগৰ তৰিতে যেবে আছয় উপায় ।
তেবেসে অকষ্টে সবে সেনা লঙ্কা যাই ॥৬৯
ৰাঘৱে বোলন্ত চিন্তা খণ্ডিল আমাৰ ।
সাগৰ তৰিব সবে মোৰ অঙ্গীকাৰ ॥৭০
তপৰ প্ৰভাৱে সবে শুষিবাহোঁ জল ।
কৌতুকে লঙ্কাক যাউক সবে সেনাবল ॥৭১
জয় নমোঁ ৰাম আদি পুৰুষ মুৰাৰি ।
ভৃত্য ভয়হাৰী অগতিৰ গতিকাৰী ॥৭২
মহা মহা পাপীকো নিস্তাৰে যাৰ নাম ।
পতিত পাৱন কৃপাময় প্ৰভু ৰাম ॥৭৩
নুগুচোক ৰতি মোৰ তোমাৰ চৰণে ।
বোলাঁ ৰাম ৰাম সবে সমাজিক জনে ॥৭৫