গন্ধমাদন পুনৰ থৈ আহে
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৪৭ অধ্যায় ।
- গন্ধমাদন পুনৰ থৈ আহে ।
- দুলৰি ।
লখমন যেবে, উঠিয়া বসিল,
- দেখিয়া বানৰ বলে ।
আউৰে আউৰক, হাতা হাতি কৰি,
- নৃত্য কৰে কৌতূহলে ॥১
এবে ৰাৱণৰ, শিৰ ছেদ হৈব,
- লক্ষ্মণ গোসাঁই জীল ।
শ্ৰীৰাম গোসাঁইৰ, কাৰ্য্য সিদ্ধি ভৈলা,
- ৰাৱণ বেটা মৰিল ॥২
এবেসে জানিলোঁ, পুত্ৰ পৰিবাৰ,
- দেখিবোঁ বান্ধৱ লোক ।
ৰাঘৱ গোসাঁই, ভাইক পাইলন্ত,
- আমিয়ো এৰাইলো শোক ॥৩
হেন বুলি বহু, নৃত্য গীত কৰি,
- পৰ্ব্বত শিখৰে চড়ি ।
দেৱ ভোগ যোগ্য, কল মৌ ফলত,
- লগাইলা গৈয়া দাদৰি ॥৪
দৌলৰ সমান, মউ বাস তুলি,
- মুখত দিয়া চোবাৱে ।
অমৃত সদৃশ, শ্ৰীফল ভুঞ্জিয়া,
- তৃপিতিক বৰ পাৱে ॥৫
ইগাছে সিগাছে, জলকা জলোকি,
- ফল খান্ত বাছি বাছি ।
সৰোবৰে নামি, জল পাক কৰি,
- খানিক বিশ্ৰামি আছি ॥৬
মন পৱনৰ, বেগে নামি আসি,
- পাইলা পৰ্ব্বতৰ হেঠ ।
ৰাম সুগ্ৰীৱক, বেঢ়িয়া বসিল,
- গণ্ডগোল কৰি পেট ॥৭
সুগ্ৰীৱ বোলন্ত, শুনা হনুমান,
- ৰামৰ আদেশ লৈয়ো ।
গন্ধ মাৰ্দ্দনৰ, গিৰিৰ শিখৰ,
- পূৰ্ব্বৰ থানত থৈয়ো ॥৮
ব্ৰহ্মায়ে সৃজিলা, এৰম্য প্ৰদেশ,
- দেৱভোগ্য উপভোগ ।
ইটো পৰ্ব্বতক, এথানে থৈবেক,
- তোমাৰ নুহিকে যোগ ॥৯
সবাকে প্ৰণাম, কৰি বায়ুসুতে,
- পূৰ্ব্বে আনিবাৰ মতে ।
পৰ্ব্বত শিখৰ, দুই হাতে ধৰিয়া,
- চলিলা মাৰুত পথে ॥১০
লঙ্কাত থাকিয়া, ৰাৱণ নৃপতি,
- মাৰুতিক ভেট পাইল ।
মুখ্য মুখ্য বীৰ, মহা বলৱন্ত,
- ৰাক্ষস বল মতাইল ॥১১
কৈৰা মহোদৰ, ঘোৰ নিশাচৰ,
- সিংহমুখ তালজঙ্ঘ ।
কঙ্ক ভুণ্ড বীৰ, এবজ্ৰ নয়ন,
- উলুকামুখ অভঙ্গ ॥১২
হস্তী কৰ্ণ মেঘ-, বৰ্ণ আসিয়োক,
- আমাৰ বচন কৰাঁ ।
হনুমন্ত বীৰ, পৰ্ব্বত লৈযান্ত,
- মায়াবলে তাঙ্ক ধৰাঁ ॥১৩
এতেক শুনিয়া, ৰাক্ষস সকলে,
- বেঢ়িলা গৈয়া আকাশ ।
সম্বুধি বোলয়, শুনৰে বানৰ,
- জীৱন্তে আজি নমাস ॥১৪
হাতে ধৰিবাৰ, আশা নাহি তোৰ,
- পৰ্ব্বত লৈযাস ধৰি ।
হৰি হৰে আজি, ৰাখিতে নপাৰে,
- তোক নিবোঁ বন্দী কৰি ॥১৫
মাৰুতি বোলন্ত, আমি নগণওঁ,
- তোৰ যত মায়াবল ।
দুই হাতে পৰ্ব্বত, ধৰিয়া পাপিষ্ঠ,
- মাৰিবো আজি সকল ॥১৬
নখ দান্ত মোৰ, অবকাশে আছে,
- আৰো আছে দুই পাৱ ।
সবাহাকে আজি, যমঘৰে নিবো,
- মাৰিয়া লাঞ্জৰ ঘাৱ ॥১৭
এতেক শুনিয়, ৰাক্ষস সকলে,
- বেঢ়ি বোলে থাক থাক ।
খাণ্ডি জাঠি ধৰ, ঘোৰ নিশাচৰে,
- দিলেক অস্ত্ৰৰ জাক ॥১৮
মাৰুতি বীৰক, প্ৰহাৰ দিলেক,
- অস্ত্ৰ দশ দিশে যুৰি ।
কপি মহাবীৰে, পৰ্ব্বত সহিতে,
- এৰাইলন্ত গাৱমুৰি ॥১৯
হনুমন্ত বীৰে, ৰাক্ষস বলক,
- ক্ৰোধে খেদি লাগ পাইল ।
কাহাকো লাঠিৰ, প্ৰহাৰ কাহাকো,
- লাঞ্জৰ কোব বৈসাইল ॥২০
চৰণৰ নখে, কতো বিদাৰিল,
- কতো কঙ্কালত কোবে ।
লাঞ্জে মেঢ়াই কতো, তুলি আম্ফালিল,
- বস্ত্ৰ ধোৱে যেন ধোবে ॥২১
কাহাকো জঙ্ঘাৰ, বাৰি মাৰিলন্ত,
- কাহাকো দান্তে কামোৰে ।
অনেক বীৰক, যমঘৰে নিল,
- মাৰি বজ্ৰসম গোৰে ॥২২
বিগুটি বিগুটি, ৰাক্ষসক বলক,
- হনুমন্তে মাৰিলন্ত ।
মুখ্য মুখ্য যত, ৰাক্ষস বলক,
- লাঞ্জে বেঢ়াই ধৰিলন্ত ॥২৩
হনুমন্তে ধৰি, টোপনা বাহন্তে,
- ৰাক্ষসক বান্ধি টোপ ।
সোণাৰ গুনায়, বান্ধি আছে যেন,
- নীল উৎপলৰ থোপ ॥২৪
লাঙ্গুলে মেঢ়াইয়া, মাৰ্গ তলে আনি,
- বিক্ষেপ কৰি প্ৰবন্ধে ।
সেহি প্ৰহাৰতে, কাণ ফাটি গৈলা,
- নাক ফুটি গৈলা গন্ধে ॥২৫
অনেক প্ৰকাৰে, ৰাক্ষস বলক,
- মাৰুতি পৰাণ লৈলা ।
কাতি ভিতি কৰি, লাঞ্জৰ হসোকি,
- তালজঙ্ঘ পলাই গৈলা ॥২৬
ৰাৱণ ৰাজাত, কাহিনী কহয়,
- কাঢ়য় খৰ উশাস ।
সম্বুধি বোলন্ত, দুৰ্জ্জন বানৰা,
- সবাকো কৰিল নাশ ॥২৭
কাহাকো মাৰি, জানুয়ে তাৰিয়া
- কাহাকো লাঞ্জৰ বাৰি ।
কাহাকো মাৰিল, হিয়াৰ সন্ধানে,
- কাহাকো চৰণে তাৰি ॥২৮
হেনয় বিবিধ, প্ৰকাৰে সমস্তে,
- ৰাক্ষস মাৰি পেলাইল ।
কতো বীৰগণ, বানৰ দুৰ্জ্জনে,
- বাতকৰ্ম্মে উৰুৱাইল ॥২৯
কতোক্ষণে মোৰ, উশ্বাস নাছিল,
- তাৰ কাযে মই জীলোঁ ।
হেন অদভূত, বলৰ কাহিনী,
- তোমাৰ আগে কহিলো ॥৩০
হেন বাণী শুনি, ৰাজা ৰাৱণৰ,
- ভয় আতি ভৈলা ঘোৰ ।
সকলে বীৰক, মাৰুতি মাৰিল,
- কোলা শূন্য ভৈলা মোৰ ॥৩১
ৰাক্ষস মাৰিয়া, গন্ধ মাদনক,
- পাইলা বীৰ হনুমানে ।
সেহি মতে নিয়া, গিৰিৰ শিখৰ,
- থাপিলন্ত পূৰ্ব্ব থানে ॥৩২
দেৱগণে স্তুতি, প্ৰশংসা কৰন্ত,
- শুনন্ত বীৰে আশেষ ।
আৰ কতক্ষণে, পৰিলন্ত আসি,
- শ্ৰীৰাম দেৱৰ পাশ ॥৩৩
মাৰুতি বীৰক, ৰাঘৱে বুলিল,
- অনেক সাদৰ বাক ।
পৰ্ব্বতক নিয়া, পূৰ্ব্ব থানে থৈলা,
- কৰিলা হিত আমাক ॥৩৪
লক্ষ্মণ ভয়াইৰ, পৰাণ ৰহিল,
- তোমাৰ বলক পাই ।
সীতাত কি কাৰ্য্য, মোহোঁৰ জানিবা,
- মৰিল হন্তে লখাই ॥৩৫
মাতৃ ভাতৃ এৰি, অযোধ্যাক ছাৰি,
- কৰিলন্ত সাৰ মোৰ ।
আমিয়ো পাছতে, মৰিলওঁ হন্তে,
- লখাইৰ দাৰুণ শোকে ॥৩৬
শুনা সৰ্ব্বজন, কেদিন জীৱন,
- কিয় নাগুণাহা মনে ।
ধন জন যত, ত্যজিয়া সবাকে,
- চলিবা যম কৰণে ॥৩৭
ঘোৰ পৰলোক, তৈত কেন হৈব,
- নিচিন্তা তাৰ উপায় ।
দুৰ্ল্লভ ভাৰতে, নৰতনু পাই,
- বিফলে জনম যায় ॥৩৮
পৰম বান্ধৱ, ঈশ্বৰ মাধৱ,
- ইহলোকে পাৱে গতি ।
জানিয়া যতনে, ৰামৰ চৰণ,
- সদায়ে কৰাঁ ভকতি ॥৩৯
ভুঞ্জিবা ভুকুতি, লভিবা মুকুতি,
নেৰিবা মুখত নাম ।
ধৰ্ম্ম শিৰোমণি, পাপৰ আগনি,
- ডাকি বোলাঁ ৰাম ৰাম ॥৪০