সুপাৰ্শ্বই ৰাৱণ আৰু সীতাক দেখে
ৰামায়ণ বৃত্তান্ত |
---|
|
- ২৬ অধ্যায়
সুপাৰ্শই ৰাৱণ আৰু সীতাক দেখে ।
- পদ ।
মোহোৰ কাৰ্য্যত তাৰ নাহি কিনু হেলা ।
আধাৰ যোগাইবে নিতে সাত ঘটি বেলা ॥১
এক দিনা সাত ঘটি নিবৰ্ত্তিয়া গৈল ।
আধাৰ আনিতে পু্ত্ৰ নৱ ঘটি ভৈল ॥২
পঞ্চ গজ শাৰ্দ্দুল কচ্ছপ নাগ চয় ।
আধাৰ দেখিয়া মোৰ মনত বিস্ময় ॥৩
আপোনাৰ পাপে মই পথা পুৰি মৰোঁ ।
মনত অসুখে আমি আহাৰ নকৰোঁ ॥৪
অসন্তোষ দেখিয়া সুপাৰ্শ্ব গৈলা ডৰি ।
কাকূতি কৰয় মোৰ চৰণত ধৰি ॥৫
আহাৰ খাইয়োক বাপ নকৰিয়ো ৰোষ ।
কথা শুনি পাছে মোৰ নেদেখিবা দোষ ॥৬
বিলম্ব হুইবাৰ মোৰ শুনিয়ো কাৰণ ।
আকাশৰ পথে যাই লঙ্কাৰ ৰাৱণ ॥৭
আৰ্ত্তৰাৱ কৰি কান্দে ত্ৰৈলোক্য সুন্দৰী ।
ৰামৰ ভাৰ্য্যাক লঙ্কেশ্বৰে নেই হৰি ॥৮
জলচৰ স্থলচৰ ভূমিত পেলাই ।
মহাক্ৰোধে ৰাৱণক আমি গৈলোঁ ধাই ॥৯
সীতা সমে ৰাৱণক আনিলোহোঁ ধৰি ।
কাৰুণ্য কৰয় ৰাজা কৰযোৰ কৰি ॥১০
সম্পাতিৰ পুত্ৰ তুমি গৰুড়ৰ নাতি ।
ব্যাপি আছে জগতক তোমাৰ সুখ্যাতি ॥১১
তোমাৰ বংশৰ একো নোহোঁ অপৰাধী ।
শত্ৰুৰ ভাৰ্য্যাক নেওঁ কেনে মোক বাধি ॥১২
ক্ষত্ৰীহুয়া ৰামে মোক মাৰি নেওঁক আসি ।
ভাৰ্য্যা কি কৰিবেক তপস্বী বনবাসী ॥১৩
এৰি দিলোঁ ৰাৱণ তেখনি চলি গৈল ।
সিকাৰণে আমাৰ বিলম্ব আজি ভৈল ॥১৪
পুত্ৰৰ বচনে পাছে ভুঞ্জিলোঁ আধাৰ ।
ভ্ৰাতৃৰ বিৰোধে হেন অৱস্থা আমাৰ ॥১৫
সকলে কহিলোঁ যত আদি অন্তে কথা ।
তুমি সব কি কাৰণে আসি ভৈলা এথা ॥১৬
ৰাম সেনা সম্পাতিৰ শুনিয়া বচন ।
বাৰ্ত্তা পায়া সীতাৰ হৰিষ ভৈল মন ॥১৭
অঙ্গদে বোলন্ত মই বলীৰাজ সুত ।
সীতা খুজি ফুৰোঁ সবে শ্ৰীৰামৰ দূত ॥১৮
মোহোৰ অঙ্গদ নাম বোলে যুৱৰাজ ।
সীতা অম্বেষণহে আমাৰ মুখ্য কায ॥১৯
আমি আদি কৰি যত ভালুক বানৰ ।
জানিবাঁ সকলে সেনা সুগ্ৰীৱ ৰামৰ ॥২০
কথা শুনি সম্পাতিৰ হৰষিত মন ।
মনত পৰিল আসি ঋষিৰ বচন ॥২১
স্বৰূপত হোৱা যদি ৰাম সেনাগণ ।
নিশ্চয় জানিলোঁ মোৰ সম্পদ লক্ষণ ॥২২
পুনৰপি সম্পাতিয়ে বুলিলা বচন ।
অঙ্গদ প্ৰমুখ্যে শুনা সব কপিগণ ॥২৩
ৰামসেনা হোৱা যেবে গজিবেক পাখি ।
নুহি খাইবোঁ সবাকো পৃথিৱী হুইব সাক্ষী ॥২৪
এহি বুলি সম্পাতিয়ে কৰিলেক সাক্ষী ।
সকলে গাৱৰ তান গজি আসে পাখি ॥২৫
পাখি দেখি সবাৰো হৰিষ ভৈলা মন ।
জয় জয় শবদ কৰয় কপিগণ ॥২৬
আসিলন্ত সুপাৰ্শ্ব আহাৰ পানী লই ।
সেনাগণ দেখি বীৰ আকাশত বই ॥২৭
সেনাৰ মাজত দেখে পিতা আছে বসি ।
পাখী গজিবাৰ দেখি ভৈলন্ত উল্লাসী ॥২৮
তোমাৰ পাখিক দেখি হৰিষ অপাৰ ।
পৰম সন্তোষে আজি ভুঞ্জিবো আধাৰ ॥২৯
মন তুষ্টে ভোজন কৰিল পক্ষীৰাজ ।
উৰাৱ কৰিলা দুয়ো আকাশৰ মাজ ॥৩০
আকাশৰ উপৰে ফুৰন্ত নানা ভাৱে ।
খানিকো প্ৰয়াস নাই বাপ পোৰ গাৱে ॥৩১
কতো বেলি ভ্ৰমিয়া আসিল দুয়োজন ।
বাপত পুছন্ত ইটো কৈৰ সেনাগণ ॥৩২
সম্পাতি বোলন্ত পুত্ৰ শুনিয়ো বচন ।
সীতা খুজি ফুৰন্ত ৰামৰ সেনাগণ ॥৩৩
এসম্বাক দেখি মই কৰিলোঁহোঁ সাক্ষী ।
তেখনে গজিল মোৰ নব্বৈ কোটি পাখী ॥৩৪
অঙ্গদে বোলন্ত সম্পাতিৰ মুখ চাই ।
ৰাম কাৰ্য্য হেলা আপোনাৰ কাৰ্য্য নাই ॥৩৫
আগবাঢ়ি সুপাৰ্শ্বে যুৰিল যোৰহাত ।
ৰামসেনা দেখি আসি নমিলেক মাথ ॥৩৬
একো বোল বোলোঁ বুলিবাক লাগে ডৰ ।
উঠা কষ্ট দেখাঁ যেৱে তৰিতে সাগৰ ॥৩৭
সাগৰ তৰিতে কেহোঁ নকৰিবাঁ শঙ্কা ।
পিঠিত চড়াইয়া সবাহাঙ্কে নিবোঁ লঙ্কা ॥৩৮
সুপাৰ্শ্বৰ বাণী পাছে শুনি সেনাবল ।
আমাক লঙ্কাক নিবে তোৰ আছে বল ॥৩৯
বোলস উঠোক সবাহাঙ্কে নিবে পাৰোঁ ।
মাজ সাগৰত নিয়া বুৰুৱাই মাৰোঁ ॥৪০
শুনিয়া সুপাৰ্শ্বে বোলে মনে ক্ৰোধ কৰি ।
সত্যে সত্যে বোলোহোঁ বাপৰ পাৱে ধৰি ॥৪১
তুমি যত যত আৰো কোটি গুণ হোক ।
সবাকো নিবাক পাৰোঁ পিঠিত উঠোক ॥৪২
এহি বুলি সুপাৰ্শ্বে পিঠিক পাতি দিলা ।
বৰ বৰ বীৰগণ পিঠিত উঠিলা ॥৪৩
আনো সব সেনাগণ লোমত ধৰিল ।
সবাকো পিঠিত লৈয়া উৰাৱ কৰিল ॥৪৪
সেনা লৈয়া আকাশত ফুৰে লীলা কৰি ।
সেনাগণ ডৰে সুমৰন্ত ৰাম হৰি ॥৪৫
জানেকী ভৈলন্ত আমাসাৰ ক্ষয়ঙ্কৰী ।
সাগৰ জলত আনি পক্ষীৰাজে মাৰি ॥৪৬
হেন শুনি সুপাৰ্শ্ব গৈয়া ভূমিত পৰিল ।
অঙ্গদক নমি বীৰে সেনাক নমিল ॥৪৭
সেনাগণ বোলে সাধু সম্পাতি নন্দন ।
তযু পৰাক্ৰমে আমি তুষ্ট ভৈলোঁ মন ॥৪৮
অঙ্গদ প্ৰমুখ্যে সবে পুছিলন্ত কায ।
তোমাৰ কুশল সবে ভৈল পক্ষীৰাজ ॥৪৯
বুলিলা সি ৰাৱণে সীতাক নিলে হৰি ।
স্বৰূপ কি মিছা কহিয়োক দৃঢ়কৰি ॥৫০
এহি শুনি সম্পাতি শিখৰে চড়িলন্ত ।
লঙ্কাৰ গড়ক লাগি মুণ্ড তুলিলন্ত ॥৫১
দেখন্ত লঙ্কাৰ মাজে অশোক বনত ।
আছন্ত গোঁসানী সীতা শিংসাপামূলত ॥৫২
বেঢ়িয়া আছন্ত তৈত ৰাক্ষসিনীগণে ।
জানিলোঁ সীতাক সুখে নেদিব ৰাৱণে ॥৫৩
শিখৰৰ পৰা নামিলন্ত তেতিক্ষণে ।
সম্পাতিক দেখিয়া বেঢ়িল সেনাগণে ॥৫৪
সম্পাতি বোলন্ত শুনিয়োক কপিগণ ।
সত্য স্বৰূপত জানা আমাৰ বচন ॥৫৫
দুৰ্জ্জন ৰাৱণে সীতা আনিলেক হৰি ।
অশোক বনত থৈয়া আছে বন্দী কৰি ॥৫৬
সকলে দেখিলোঁ আমি পৰ্ব্বতত বসি ।
তৰুতলে বসি আছে অনেক ৰাক্ষসী ॥৫৭
আনতো নোবোঁলো মিছা তুমি উপকাৰী ।
বিশেষঃত শ্ৰীৰাম বংশৰ অধিকাৰী ॥৫৮
আউৰ উপদেশ বোলো শুনিয়ো সমস্ত ।
পূৰ্ব্বক উজাহা এক প্ৰহৰৰ পথ ॥৫৯
লঙ্কা লাগি সেহিসে সন্মুখ হৱে বাট ।
চিন্তিলোহোঁ ৰাম কাৰ্য্য গুচিল ললাট ॥৬০
এহি বুলি সবাহাঙ্কে আশ্বাস কৰিয়া ।
বাপ পো লৰিলা পাশে আকাশ ছানিয়া ॥৬১
পাছে সেনাগণে সবে সবাতো কহয় ।
সাধু সাধু সুপাৰ্শ্ব যে সম্পাতি তনয় ॥৬২
যোগাইলে আধাৰ ষাঠি হাজাৰ বৰিষ ।
তথাপি নভৈল তাৰ মনে কিছু ক্লেশ ॥৬৩
পিঠিত চড়িলো আমি সবে হৃষ্ট পুষ্ট ।
আকাশে ফুৰাই দেখি সবে ভৈলো তুষ্ট ॥৬৪
জাম্বয়ে বোলন্ত শুনিয়োক সেনাগণ ।
বিমৰিষি বোলা সবে যাৰ যেন মন ॥৬৫
সম্পাতিৰ কথা কিছু নকইবা ৰামত ।
সীতাৰ বাৰ্ত্তাক পাইলে তাহাৰ মুখত ॥৬৬
সম্পাতিৰ যশ হৈব আমাসাৰ নাই ।
শুনি সেনাগণে মাতে জাম্বৱক চাই ॥৬৭
ধন্য জাম্বৱন্ত তুমি বুদ্ধিৱন্ত সাৰ ।
সবে ভাল দেখোঁ আমি বচন তোমাৰ ॥৬৮
অঙ্গদে বোলন্ত সব সেনাগণ চাই ।
বৃদ্ধৰ বচনে মনে কৰিতে বুৱাই ॥৬৯
অঙ্গদৰ জাম্বোৱৰ দুহাৱো বচন ।
শিৰত ধৰিয়া লৈলো সবে সেনাগণ ॥৭০
এহি মানে কিষ্কিন্ধাৰ ভৈলা সমাপতি ।
দ্বিজৰাজ মাধৱ কন্দলী নিগদতি ॥৭১
শুনিলাহা সামাজিক ৰামৰ চৰিত্ৰ ।
নানা ৰসে ৰসৱন্ত পৰম পৱিত্ৰ ॥৭২
আক শুনি হুইয়ো সবে মনত সন্তোষ ।
কিন্তু বাঢ়া তুতা ন ধৰিবা গুণ দোষ ॥৭৩
বাল্মীকি ৰচিলা শাস্ত্ৰ গদ্য পদ্য ছন্দে ।
তাহাক বিচাৰ আমি কৰিয়া প্ৰৱন্ধে ॥৭৪
আপোনাৰ বুদ্ধি অৰ্থ যি মত বুঝিলোঁ ।
সঙ্ক্ষেপ কৰিয়া তাক পদ বিৰচিলোঁ ॥৭৫
সমস্ত ৰসক কোনে জানিবাক পাৰে ।
পক্ষী সব উৰই যেন পখা অনুসাৰে ॥৭৬
কবি সব নিবন্ধয় লোক ব্যৱহাৰে ।
কতো নিজ কতো লম্ভা কথা অনুসাৰে ॥৭৭
দৈৱবাণী নুহি ইটো লৌকিক সে কথা ।
এতেকে ইহাৰ দোষ নলৈবা সৰ্ব্বথা ॥৭৮
ৰামৰ চৰিত্ৰ বুলি তৰিয়া সংসাৰ ।
অলস ত্যজিয়া ৰাম বোলাঁ বাৰে বাৰ ॥৭৯
- ॥কিষ্কিণ্ডা কাণ্ড সমাপ্ত ॥