ৰামৰ লগত সুগ্ৰীৱৰ মিত্ৰতা
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৰামায়ণ ।
- কিষ্কিন্ধাকাণ্ড ।
============================
[সম্পাদনা কৰক]- ওঁ নমঃ শ্ৰীকৃষ্ণায় ॥
- ১ অধ্যায়
ৰামৰ লগত সুগ্ৰীৱৰ মিত্ৰতা
- পদ ।
প্ৰণমিলোঁ ৰাম তিনি ত্ৰৈলোক্যেৰ নাথ ।
নিশাচৰ ৰাৱণক বধিলা লঙ্কাত ॥১
সুগ্ৰীৱৰ হিত বুদ্ধি বালিৰ মৰণ ।
মাধৱে ভণিলা শ্ৰীৰামৰ চৰণ ॥২
ৰামায়ণ কথাক শুনয় যিটো জনে ।
পাপ মৃগ পলাই যেন সিংহ দৰশনে ॥৩
বিজুলী চটক যেন অথিৰ সংসাৰ ।
ৰাম সুমৰণে কৌটি পুৰুষ উদ্ধাৰ ॥৪
শুনাঁ সভাসদ ৰাম চৰিত্ৰ উত্তম ।
সমস্ত লোকৰ ইসে ধৰ্ম্ম মুখ্যতম ॥৫
ইহাৰ স্মৰণে সুখে তৰিবা সংসাৰ ।
জানি ৰাম চন্দ্ৰৰ কথাক কৰা সাৰ ॥৬
অৰণ্য কাণ্ডৰ কথা ভৈলা সমাপতি ।
কিষ্কিন্ধা কাণ্ডৰ কথা শুনিয়ো সম্প্ৰতি ॥৭
সীতাক বিচাৰ কৰি শ্ৰীৰাম লক্ষ্মণ ।
ঋষ্যমুখ পৰ্ব্বতক পাইলা দুয়ো জন ॥৮
শ্ৰীৰাম লক্ষ্মণ দুয়ো পৰ্ব্বতে উজান্ত ।
দূৰে বসি পাঞ্চটি বানৰে দেখিলন্ত ॥৯
সুগ্ৰীৱে বোলন্ত শুনা বীৰ হনুমন্ত ।
কৈৰবা মনুষ্য দুই আমাক আসন্ত ॥১০
জানা বালী দাদা আতি স্বভাৱে কপটী ।
চৰ কৰি পঠাইলা মনুষ্য দুই গুটী ॥১১
কাৰ্য্যটি লখিলে আতিশয় লাগে ডৰ ।
শীঘ্ৰে গৈয়া পশোঁ আসা গিৰিৰ গহ্বৰ ॥১২
এহি বুলি সাৱহিতে গৈলা কতো দূৰ ।
পদ ভৰে মেদিনী কাঁপিলা নাঞ্চ পুৰ ॥১৩
শৰীৰৰ বায়ু লাগি ভাঙ্গে বৃক্ষ ডাল ।
সিংহ ব্যাঘ্ৰ পলাইল মহিষ শৃগাল ॥১৪
পলাই গৈয়া গহ্বৰত আছে পাঞ্চজন ।
সি স্থানতে বিমৰিষি আছে কতো ক্ষণ ॥১৫
সুগ্ৰীৱে বোলন্ত শুনাঁ উঠা বায়ু সুত ।
জিজ্ঞাসি চাহিয়োঁ হোৱে নোহে বালীদূত ॥১৬
তেতিক্ষণে হনুমন্তে ৰাজাৰ আদেশে ।
ৰাম লক্ষ্মণত পাছে ব্ৰাহ্মণৰ বেশে ॥১৭
কৰ যোৰ কৰি পুছিলন্ত ৰঙ্গমনে ।
কৈৰ দুই মনুষ্য ফুৰস কি কাৰণে ॥১৮
সৰ্ব্বাঙ্গ সুন্দৰ একো গুণে নুহি হীন ।
কিবা কোন দেৱ কিবা নৃপতিৰ চিহ্ন ॥১৯
কাহাৰ কুমাৰ কোন কাৰ্য্যত ফুৰাহাঁ ।
কিবা হেতু দুয়ো জনে পৰ্ব্বতে উজাহাঁ ॥২০
লক্ষ্মণে বোলন্ত বৃদ্ধ শুনিয়ো ব্ৰাহ্মণ ।
দশৰথ ৰাজাক জানন্ত দেৱ গণ ॥২১
তান শ্ৰেষ্ঠা মহিষী কৌশল্যা যাৰ নাম ।
তাহান গৰ্ভত উতপতি শ্ৰেষ্ঠ ৰাম ॥২২
মোৰ নাম লক্ষ্মণ কনিষ্ঠ শত্ৰুঘন ।
সুমিত্ৰাৰ গৰ্ভে আমি ভৈলোঁ উতপন ॥২৩
শ্ৰেষ্ঠ ভাইত ভকত ভৈলোঁহোঁ ততঃপৰ ।
জানিবাহা মোক ৰাঘৱৰ অনুচৰ ॥২৪
কৈকেয়ী নামত নাৰী ৰূপে বিদ্যাধৰী ।
বৃদ্ধ নৃপতিৰ আতি হুয়া পটেশ্বৰী ॥২৫
নামত ভৰত তান তনয়ক লাগি ।
সত্য কৰাই ৰাজাত লৈলন্ত ৰাজ্য মাগি ॥২৬
ৰামে ৰাজ্য নপাইলন্ত বিধিৰ কপটে ।
ৰাজায়ো মৰিল কৈকেয়ীৰ উদভটে ॥২৭
জনক জিয়াৰী ৰাঘৱৰ বিবাহিতা ।
নজানোঁ ৰাৱণে হৰি নিলে কোন ভিতা ॥২৮
সীতাক খোজন্ত ৰাম অনেক প্ৰবন্ধে ।
সুগ্ৰীৱ ৰাজাৰ বাৰ্ত্তা জনাইল কৱন্ধে ॥২৯
বানৰ ৰাজাত গৈয়া লৈয়োক শৰণ ।
হেন হিত তুমি কিছু কৰিয়ো ব্ৰাহ্মণ ॥৩০
শুনি হনুমন্তে ধৰি আপোনাৰ বেশ ।
ৰাঘৱক প্ৰদক্ষিণ কৰিলা আশেষ ॥৩১
ভালে শুনি আছোঁ ৰামদেৱৰ কাহিনী ।
সুগ্ৰীৱৰ দৈৱে বিধি মিলাইলন্ত আনি ॥৩২
সুগ্ৰীৱৰ দূত মোক বুলি হনুমন্ত ।
জানিলোহোঁ নৃপতিৰ দুঃখ ভৈল অন্ত ॥৩৩
যিহেতু ইঠাৱে আসি আপুনি মিলিলা ।
বানৰ কুলৰ ঘোৰ দুৰ্গতি খণ্ডিলা ॥৩৪
এহি বুলি হনুমন্তে দুয়ো ভাইক লৈয়া ।
তেতিক্ষণে সুগ্ৰীৱত ভেটাইলন্ত গৈয়া ॥৩৫
দেখিয়া সুগ্ৰীৱ আতি উল্লসি গৈলন্ত ।
দুহান্তৰো কাহিনী কহন্ত হনুমন্ত ॥৩৬
ক্ষত্ৰিয় কুলত ভৈলা শ্ৰীৰাম লক্ষ্মণ ।
দুই ভাই লৈলা আসি তোমাৰ শৰণ ॥৩৭
ৰামৰ সপত্নী মাতৃ আছন্ত কৈকেয়ী ।
দশৰথ ৰাজাৰ বল্লভা মহাদই ॥৩৮
উচ্ছাদিতে নপাৰিয়া তাহান বচন ।
দুই পুত্ৰ বোহাৰীক পঠাইলন্ত বন ॥৩৯
বিধিৰ কপটে ৰামে ৰাজ্যক নপাইলা ।
বনত আসিয়া সীতা ভাৰ্য্যাক হৰাইলা ॥৪০
দুৰ্গতি খণ্ডিল বিধি ভৈল সুপ্ৰসন্ন ।
ত্ৰৈলোক্য বিজয়ী ৰামে মাগন্ত শৰণ ॥৪১
হনুমন্ত বচনে খণ্ডিল মনোভয় ।
তমোময় গুচি যেন আদিত্য উদয় ॥৪২
অগনিত ঘৃত যেন ঢালিল অপাৰ ।
আঠ গুণ তেজ ভৈল সুগ্ৰীৱ ৰাজাৰ ॥৪৩
বায়ুসুতে আমাৰ ইষ্টক সাধিলন্ত ।
ৰামক আনিয়া মোক তুষ্ট কৰাইলন্ত ॥৪৪
মনুষ্য স্বৰূপে নাৰায়ণ অৱতাৰ ।
অল্প সাধ্যে পাইলোঁ ভৈল কল্যাণ আমাৰ ॥৪৫
মোৰ সিদ্ধি ভৈল সবে গুচিল দুৰ্গতি ।
দশম এৰায়া একাদশ বৃহস্পতি ॥৪৬
আগতে অগনি জ্বালি বন্ধাইলন্ত মিত্ৰ ।
সত্য কহিলন্ত দুয়ো অনেক বিচিত্ৰ ॥৪৭
অগনিক প্ৰদক্ষিণ দুয়ো কৰিলন্ত ।
আউৰ আউৰে চান্ত কৌতুকৰ নাহি অন্ত ॥৪৮
চাহন্তে চাহন্তে চক্ষু নভাসয় আৰ ।
মিত্ৰতা কৰন্তে দেখি আনন্দ অপাৰ ॥৪৯
অনেক সুকৃত কৰি বন্ধাইলন্ত মিত্ৰ ।
সত্য কৰিলন্ত দুয়ো অনেক বিচিত্ৰ ॥৫০
শুনি আছোঁ তোহোৰ যতেক উপেক্ষিত ।
হনুমন্তে সব কথা কৰিলা বিদিত ॥৫১
ৰাজ্য এৰি আসিলাহা অতি ঘোৰ বনে ।
তোমাৰ ভাৰ্য্যাক হৰি নিলেক ৰাৱণে ॥৫২
সত্য কৰি বুলিলোঁহোঁ শুনিয়োক মিতা ।
ত্ৰিভুৱন বিচাৰিয়া আনি দিবোঁ সীতা ॥৫৩
পাতালক নেই যদি আনি দিবোঁ তুলি ।
সত্যে সত্যে ইন্দ্ৰক যুজিবোঁ একাৱলী ॥৫৪
ব্ৰহ্মা বিষ্ণু মহেশক তুষিবোঁহো পূজি ।
ত্ৰিভুৱন বিচাৰি সীতাক দিবোঁ খুজি ॥৫৫
সাৱধান হোৱা প্ৰভু কথা এক কহোঁ ।
কন্যা এক নেন্তে সবে হন্তে দেখিলোঁহো ॥৫৬
দশ শিৰ কুৰি বাহু মনে অবগাই ।
সেহিসে সীতাক নিলে আছিলোঁহোঁ চাই ॥৫৭
কোলে কৰি আলগাই বায়ু পথে যাই ।
ৰাম ৰাম বুলিয়া কান্দত সীতা আই ॥৫৮
- ২ অধ্যায়
- ঝুমুৰি ।
আকাশৰ পথে যান্তি ।
দশ দিশে নিহালন্তি ॥১
ভয়ে আতি চমকন্তি ।
ক্ৰন্দন কৰিয়া যান্তি ॥২
লক্ষ্মণক সুমৰন্তি ।
ৰাম ৰাম উচ্চৰন্তি ॥৩
পৰ্ব্বতত উজাৱন্তি ।
মাথা গোট চপৰান্তি ॥৪
আমাসাক দেখিলন্তি ।
অধোমুখে নিহালন্তি ॥৫
অলঙ্কাৰ খসাৱন্তি ।
আঞ্চলত বান্ধিলন্তি ॥৬
মাজ লাগি ক্ষেপিলন্তি ।
বচনক বুলিলন্তি ॥৭
মই যেবে হওঁ শান্তী ।
ৰামে আক লভিৱন্তি ॥৮
আৰাৱ কৰন্তে যান্তি ।
শৰীৰত লুকাৱন্তি ॥৯
হওঁ তেন্তে সীতা শান্তী ।
দেখি সত্য কৰিলন্তি ॥১০