ৰাম - লক্ষণ - সীতাৰ বনবাস গমন
ৰামায়ণ বৃত্তান্ত |
---|
|
- ১৬ অধ্যায়
ৰাম লক্ষ্মণৰ সীতাৰ বনবাস গমন
- দুলৰি ।
অনন্তৰে ৰাম, সীতা একে ৰথে,
- চড়িলন্ত ৰঙ্গে গই ।
পাচত লক্ষ্মণ, চড়িলা হৰিষে,
- হাতে ধনুশৰ লই ॥১
চৌধ বৰিষক, লাগিয়া সীতাৰ,
- বস্ত্ৰ অলঙ্কাৰ লৈয়া ।
পেটাৰিত ভৰি, লৈয়া ঝাণ্ট কৰি,
- সুমন্ত্ৰ চড়িলা গৈয়া ॥২
সমস্তে প্ৰজাৰ, তিনি ৰত্নাসাৰ,
- চড়িলা থান তেজিয়া ।
ওৱাৰি জনৰ, গাৱত সাক্ষাতে,
- আগনি কুণ্ড জ্বালিয়া ॥৩
সিংহ দুৱাৰক, এৰি অনন্তৰে,
- পাইলা গৈয়া ৰাজপথ ।
শোকে দুখে মৰ্ম্মে, পৰিজন সমে,
- পাচে যান্ত দশৰথ ॥৪
উচ্চল প্ৰচল, ভৈলা তল বল,
- অযোধ্যা যত নগৰী ।
ৰাম সঙ্গে যাই, আগ পাচ চাই,
- পলাই যত দেশান্তৰি ॥৫
যোগীৰ কান্ধত, কানি ঝুলি যত,
- হাতে দোৱাদশ কাথি ।
লৱৰন্তে লৱ ৰন্তে, পাচে চান্তে,
- হিয়া মানে গৈল ফাটি ॥৬
পাইলেক ভাগৰ, তোকণ্ডা কাখৰ,
- সবে পৰি গৈল খসি ।
মুখে শিৱ শিৱ, সুমৰন্তে আতি,
- পলাইলা যত তপসি ॥৭
আস বলি যোগী, আচাৰি পেলাইলে,
- পূজাৰ দেৱতা মান ।
পূজিবাক লাগি, পাচে পাইবোঁ দেৱ,
- থাকয় যেবে পৰাণ ॥৮
ৰামৰ পাচত, পঞ্চাশ ছাপন,
- কোটি যায় কোণ্ডকৰ ।
তাৰ সীমা সংখ্যা, নাহিকে যতেক,
- চলি যাই ধনুৰ্দ্ধৰ ॥৯
বাৰু খাণ্ডা ধৰ, যতেক যুজাৰ,
- আদি অন্ত নাহি তাৰ ।
একো একো বীৰে, সাগৰ পৰ্য্যন্তে,
- যুজিবাক দেই ধাৰ ॥১০
পুত্ৰক কান্ধত, ধৰিয়া পাচত,
- চলিলা ব্ৰাহ্মণ মানে ।
নট ভাট আদি, কিঙ্কৰ লৰিল,
- আছিল যতেক মানে ॥১১
সূৰ্য্য দেৱতায়ো, যাৰ ৰূপ দেখি,
- চলিয়া নযান্ত ৰথে ।
হেনয় সুন্দৰী, সকলে কান্দয়,
- পৰি পৰি চতুষ্পথে ॥১২
নয়ন কটাক্ষ, কৰি ৰামদেৱে,
- পাচক লাগিয়া চাইলা ।
ভূমি পাৱে চলি, আছয় কান্দন্তে,
- নৃপতিক ভেট পাইলা ॥১৩
হাঁ বাপ ৰাম, লক্ষ্মণ জানকী,
- এৰি মোক কৈক যাহা ।
ইজন্মক লাগি, দেখো পৰিছেদা,
- মাথা তুলি মোক চাহা ॥১৪
বাপৰ বচন, শুনি ৰামদেৱে,
- মন আকৰষি আনি ।
মক মক কৰি, ক্ৰন্দন কৰন্ত,
- মুখত নাসয় বাণী ॥১৫
সুমন্ত্ৰ মন্ত্ৰীক, বুলিলন্ত ৰামে,
- শীঘ্ৰে ৰথখান ডাক ।
শুনৰে সুমন্ত্ৰ, নডাকিবি ৰথ,
- দশৰথে দেন্ত হাক ॥১৬
নয়া থাক থাক, ডাক ডাক ডাক,
- উথলিল দুই ৰোল ।
সুমন্ত্ৰ মন্ত্ৰীৰ, মন দোধা ভৈল,
- কৰয় চিত্ত আন্দোল ॥১৭
খৰতৰ কৰি, ৰাঘৱে বোলন্ত,
- মন্ত্ৰী আৰ কিবা চাহা ।
বাপৰ বচন, নুশুনিলা ভাৱে,
- ৰথখান ঝাণ্টে বাহা ॥১৮
শুনিয়া সুমন্ত্ৰ, মন্ত্ৰীয়ে ৰাজাক,
- চাই কৰি হাত যোৰ ।
আতি শীঘ্ৰ বেগ, কৰিয়া ৰথৰ,
- ডাকিলন্ত চাৰি ঘোড় ॥১৯
মন পৱনৰ, বেগে চলে ৰথ,
- ধৰি অৰণ্যৰ পথ ।
ক্ষণেকতে সবে, পাচ কৰিলন্ত,
- নগৰৰ লোক যত ॥২০
সবাকে তেজিয়া, শীঘ্ৰ বেগে আতি,
- চড়িয়া গৈলন্ত ৰথে ।
হিয়া ধাকুৰিয়া, পৰি বাহুৰিয়া,
- নাৰীগণ কান্দে পথে ॥২১
ৰাজা দশৰথ, কান্দন্ত পথত,
- চলি যান্তে ভূমি পাৱে ।
মহাদই যত, কান্দন্তে চলন্ত,
- ৰাম বুলি দীৰ্ঘ ৰাৱে ॥২২
বশিষ্ঠ প্ৰমুখ্য, কৰিয়া যতেক,
- আছন্ত গুৰু ব্ৰাহ্মণ ।
ৰাজাক সম্বুধি, মধুৰ বচন,
- বুলিলন্ত তেতিখন ॥২৩
ৰামৰ পুনৰা- গমনে তোমাৰ,
- আছে যেবে অভিপ্ৰায় ।
বহুদূৰ তাঙ্ক, আগ বঢ়াইবাক,
- এতিখন নুযুৱাই ॥২৪
শুনিয়ো নৃপতি, আপুনি ছিন্তিলা,
- আপোনাৰ সৰ্ব্বনাশ ।
আগে সত্য কৰি, বৰ দুই দিয়া,
- কৈকেয়ীক দিলা আশ ॥২৫
বশিষ্ঠে দেখন্ত, ৰাজা দশৰথ,
- মত্ত গজ যেন আছে ।
যুগুত বচন, অঙ্কুশে তাহাঙ্ক,
- পলটাইলা গুৰু পাচে ॥২৬
গুৰুত যুগুত, বতন শুনিয়া,
- ৰহিলা তথা নৰেশ ।
ৰামৰ ভিতিক, চাহিয়া নৃপতি,
- নকৰে চক্ষু নিমেষ ॥২৭
কাঢ়ন্ত নিশ্বাস, ভৈলন্ত নৈৰাশ,
- পুনু পুনু দৰশনে ।
মৰ্ম্মে পোৰে হিয়া, ভূমিত পৰিয়া,
- মূৰ্চ্ছা গৈলা তেতিখনে ॥২৮
হাহাকাৰ কৰি, ডাহিনে কৌশল্যা,
- ধৰিলা বিকল ভাৱে ।
বাম পাশ চাপি, ধৰিলন্ত পাচে,
- ভৰতৰ নিজ মাৱে ॥২৯
কতোক্ষণ পাচে, ৰাজা দশৰথ,
- গাৱত চেতন পাইলা ।
ক্ৰোধ দৃষ্টি আতি, কৰিয়া নৃপতি,
- কৈকেয়ীক লাগি চাইলা ॥৩০
হাওঁৰে পাপিষ্ঠী, পৰম অনিষ্ঠি,
- নুচুবি নুচুবি মোক ।
গুচ ইথানৰ, জীওঁ মানে আৰ,
- মইতো নচাইবোঁ তোক ॥৩১
শুন ছাৰি ওৰে, তোৰ বাক্যে যেবে,
- ভৰতে লৱয় ৰাজ ।
নলৈবোঁ তাহাৰ, পিণ্ড জলাঞ্জলি,
- আদি কৰি যত কাজ ॥৩২
দেখিয়া সুন্দৰী, তোক বিহা কৰি,
- নষ্ট ভৈলোঁ মই ছাৰ ।
নথাক এথাত, তোহোঁৰ আত্মাত,
- পৰি যাউক মহামাৰ ॥৩৩
ধিকা'ছোক তোক, ৰাম হেন পোক,
- দিলি তই বনবাস ।
শুনৰে পাপিষ্ঠী, দূৰ যাহা তই,
- মোক বধিবাক চাস ॥৩৪
ৰামে তৈত বন, ফলক খাইবন্ত,
- মই ভুঞ্জিবোহোঁ ভাত ।
ৰাজ্য ভোগ সবে, তেজিবোঁ বাসনা,
- ইটো পুৰী অযোধ্যাত ॥৩৫
নাই মোৰ সিদ্ধি, হৰি হৰি বিধি,
- কি কৰিলি তই মোক ।
মৰিবাৰ কালে, পাইলোহোঁ দাৰুণ,
- প্ৰিয় পুত্ৰ ৰাম শোক ॥৩৬
কৌশল্যা গোঁসানী, গদ গদ বাণী,
- বুলিলা বচন হিত ।
কেন মতি হীন, ভৈলা প্ৰভু এবে,
- থিৰ কৰিয়োক চিত ॥৩৭
নাহি তুল্য যাৰ, ত্ৰিভুবনে আৰ,
- তুমি মোৰ নিজ পতি ।
ভাল কাৰ্য্য আৰ, নেদেখোহোঁ প্ৰভু,
- মিলি গৈল বিসঙ্গতি ॥৩৮
বিষাদে মনত, বুলিলন্ত পাচে,
- অযোধ্যাৰ নিজনাহা ।
মাত নাসে আৰ, থানে কৌশল্যাৰ,
- মোক আবে লৈয়া যাহা ॥৩৯
কিছু স্বস্থ মন, ৰাজাৰ বচন,
- মন্ত্ৰীগণে যেবে পাইলা ।
কৌশল্যা দেবীৰ, ঠাৱত ৰাজাক,
- প্ৰবেশ নিয়া কৰাইলা ॥৪০
পটেশ্বৰী সব, সহিতে নৃপতি,
- পশিলা নিজ পুৰত ।
ৰামৰ উত্তম, ওৱাৰিক ৰাজা,
- দেখিলা কতো দূৰত ॥৪১
মলিন পৰিল, গৰুড়ে এৰিল,
- সৰ্পৰ যেন গহ্বৰ ।
কেশৰী খেদিল, কুঞ্জৰে তেজিল,
- যেহেন গিৰি কন্দৰ ॥৪২
পাচে শোকে দুখে, কৌশল্যা সহিতে,
- শয্যাত এৰিলা গাৱ ।
হা ৰাম বুলি, বাহু দুই তুলি,
- কান্দে দিয়া দীৰ্ঘ ৰাৱ ॥৪৩
হৰি হৰি ৰাম, মোক শোক দিয়া,
- এৰি কৈক লাগি গৈলা ।
কিনো তোৰ চিত, মোহোক বধিত,
- লাগি উতপতি ভৈলা ॥৪৪
পূৰ্ব্ব জন্মে হৈবে, মই পিতা পুত্ৰে,
- কৰায়া আছোঁ বিয়োগ ।
তাৰ ফলে ঘোৰ, মিলিল মোহোৰ,
- নিদাৰুণ পুত্ৰ শোক ॥ ৪৫
প্ৰাণেশ্বৰী মোৰ, শুনিয়ো কৌশল্যা,
- গ্ৰীৱত চাপিয়া ধৰ ।
তোহোৰ গৰ্ভত, ভৈল উতপতি,
- ৰাম মোৰ পুত্ৰবৰ ॥৪৬
আৰ নেদেখিবোঁ, গৈল কৈক লাগি,
- মোহোৰ কুল নন্দন ।
মহা বীৰবৰ, শৰীৰ সুন্দৰ,
- গজৰ যেন গমন ॥৪৭
পৰম নিৰ্ম্মল, নীল উত্পল,
- সমান শোভে বদন ।
সুৱলি বলিত, আজানুলম্বিত,
- বাহু প্ৰিয় দৰশন ॥৪৮
আতি সুশোভন, শিশু তিনি জন,
- মোৰ যেবে বনে গৈল ।
বিধিৰ বিঘাতে, আমি হেন নাথে,
- পুত্ৰ অনাথিতি ভৈল ॥৪৯
কোমল তুলিত, নেত কামলিত,
- শুতি উতপাত কৰে ।
তৃণৰ শয্যাত, শুতিয়া সাক্ষাত্,
- এবে কেনে প্ৰাণ ধৰে ॥৫০
অল্প বয়সৰ, সুখিয়া কুমৰ,
- ৰাজাৰ ভোগ উচিত ।
তেজি গৃহ সুখ, বনবাস দুখ,
- ভুঞ্জিবেক নিতে নিত ॥৫১
শৰীৰক ছানি, পুত্ৰ শোক বহ্নি,
- দহে দুইকো নিৰন্তৰ ।
শোকে সৰ্ব্বক্ষণ, ৰবিৰ কিৰণে,
- যেন শোষে সৰোবৰ ॥৫২
নিদ্ৰাক নপাইলা, বিষাদে থাকিলা,
- ৰাজা আৰু পটেশ্বৰী ।
ৰামৰ শোকত, ভৈল নিশবদ,
- অযোধ্যা সিটো নগৰী ॥৫৩
শুনিয়োক লোক, সংক্ষেপে আছোক,
- ইটো কথা এহি মানে ।
মহা লাভ জানি, ৰামৰ কাহিনী,
- শুনিয়োক বিদ্যমানে ॥৫৪
ঘোৰ কলিকাল, নাহি আত ভাল,
- ৰামত বিনে ভকতি ।
জীবা কতকাল, তেজি আনজাল,
- ৰাম পাৱে দিয়া মতি ॥৫৫
পৰম অথিৰ, মনুষ্য শৰীৰ,
- পৰে কেতিক্ষণ জানি ।
জন্মৰ সাফল, হৌক লোক ডাকি,
- বোলাঁ ৰাম ৰাম বাণী ॥৫৬