লৱ-কুশৰ ৰামায়ণ কথন

ৱিকিউৎসৰ পৰা
ৰামায়ণ বৃত্তান্ত
  1. আদিকাণ্ড - প্ৰথম অধ্যায়
  2. ৰামায়ণ বৃত্তান্ত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২
  3. ৰাক্ষসৰ কথা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯
  4. সূৰ্যবংশৰ বিৱৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০
  5. দশৰথৰ বিবাহ - কৌশল্যা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২
  6. দশৰথৰ বিবাহ - কৈকেয়ী - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২
  7. দশৰথৰ বিবাহ - সুমিত্ৰা আৰু অন্যান্য ৰাণী - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫
  8. শনিৰ দৃষ্টি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭
  9. শনিৰ বৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০
  10. সিন্ধু মুনি বধ আৰু অভিশাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২
  11. দশৰথৰ বৰ : কৈকেয়ীক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৬
  12. অপুত্ৰক দশৰথৰ চিন্তা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭
  13. ঋষ্যশৃঙ্গৰ কাহিনী - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮
  14. ঋষ্যশৃঙ্গৰ উপস্থিতিত যজ্ঞ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২
  15. দশৰথৰ গৃহত নাৰায়ণৰ অংশৰ স্থিত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৪
  16. পায়স ভক্ষণ আৰু সন্তান জন্ম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪০
  17. জনকৰ ঘৰত সীতাৰ জন্ম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৬
  18. গুহক চণ্ডাল - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৭
  19. ৰাক্ষস বধৰ উদ্দেশ্যে ৰাম - লক্ষণৰ আনয়ন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫০
  20. ৰাম - লক্ষণ আৰু বিশ্বামিত্ৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫২
  21. তাৰকা ৰাক্ষসীক বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫৪
  22. মাৰীচ বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫৬
  23. সীতা স্বয়ম্বৰলৈ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫৮
  24. কান্যকুজ্বৰ বিৱৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬৩
  25. উনপঞ্চাশত বায়ুৰ উত্পত্তি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬৪
  26. অহল্যাৰ শাপ - মুক্তি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬৫
  27. ৰামৰ হৰধনু ভঙ্গ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৭০
  28. স্বয়ম্বৰত যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৭৫
  29. দশৰথক আনিবলৈ কটকী প্ৰেৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৮০
  30. চাৰি ভাইৰ বিবাহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৮২
  31. ৰাম - পৰশুৰাম সংঘৰ্ষ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৮৫
  32. অযোধ্যাকাণ্ড - দ্বিতীয় অধ্যায়
  33. ৰামচন্দ্ৰৰ অযোধ্যালৈ আগমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯২
  34. ৰামচন্দ্ৰক যুৱৰাজ পতাৰ প্ৰস্তাৱ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৩
  35. ৰামচন্দ্ৰৰ অভিষেকৰ আয়োজন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৪
  36. মন্থৰাৰ কুমন্ত্ৰণা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৬
  37. কৈকেয়ীয়ে বৰ বিচাৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৭
  38. দশৰথৰ মনত দুখ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯০২
  39. কৈকেয়ীয়ে ৰামক বৰৰ কথা কয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০৪
  40. ৰাম বনলৈ যাবলৈ ওলায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০৪
  41. লক্ষণৰ ক্ৰোধ আৰু ৰামৰ প্ৰবোধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০৬
  42. বনবাসৰ কথা সীতাক জনায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১০
  43. লক্ষণো বনলৈ ওলায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৪
  44. ৰামচন্দ্ৰৰ বিদায় - প্ৰাৰ্থনা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৫
  45. ৰামচন্দ্ৰৰ বাকলি বস্ত্ৰ পৰিধাণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৭
  46. ৰাম - লক্ষণ - সীতাৰ বনবাস গমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৯
  47. ৰামচন্দ্ৰই প্ৰজাক শান্ত্বনা দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২২
  48. ৰামচন্দ্ৰ - গুহক সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২৩
  49. মন্ত্ৰী সুনম্তক বিদায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২৪
  50. ভৰদ্বাজ মুনিৰ আশ্ৰমত প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২৫
  51. দশৰথৰ মৃত্যু -গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩১
  52. ৰাণীসকলৰ বিলাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৩
  53. কৌশল্যাই কৈকেয়ীক ভৰ্ত্সনা কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৪
  54. ভৰতক মতাই আনে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৫
  55. ভৰতৰ খং - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৭
  56. কুঁজীৰ বিলাই - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৯
  57. কৌশল্যা আৰু ভৰতৰ কথা-বতৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪০
  58. দশৰথ ৰজাৰ প্ৰেতকাৰ্য্য - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪১
  59. ৰামক মাতি আনিবলৈ দিহা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৩
  60. ৰামক বিচাৰি ভৰতৰ যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৪
  61. ভৰত-গুহৰ মিলন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৬
  62. গুহকৰ সাহায্য দান - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৯
  63. ভৰদ্বাজ মুনিৰ অতিথি সত্কাৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫০
  64. চিত্ৰকূটত ৰাম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫১
  65. ভৰতে ৰামক লগ পায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৩
  66. দশৰথৰ মৃত্যুৰ বাতৰিত শোক-প্ৰকাশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৩
  67. ৰামৰ পিণ্ড দান - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৫
  68. ঋষি আৰু মাতৃসকলৰ লগত ৰামৰ সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৫
  69. ৰামৰ খৰম লৈ ভৰতৰ প্ৰত্যাগমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৭
  70. সিংহাসনত খৰম স্থাপন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৮
  71. অৰণ্যকাণ্ড - তৃতীয় অধ্যায়
  72. অত্ৰি ঋষিৰ আশ্ৰমত ৰাম সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৯
  73. দণ্ডকাৰণ্যত ৰামৰ প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৪
  74. ৰামচন্দ্ৰ - সীতাৰ কথোপকথন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৭
  75. ৰামৰ আগত মাণ্ডকৰ্ণি মুনিৰ বৃত্তান্ত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৯
  76. অগস্ত্য মুনিৰ আশ্ৰমত প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৯
  77. জটায়ুৰ লগত সাক্ষাত্ আৰু শূৰ্পনখাৰ নাক - কাণ ছেদন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭১
  78. ৰাক্ষসৰ লগত যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭৫
  79. খৰ দুষণ বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭৬
  80. মাৰীচৰ মৃগৰূপ ধাৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৮৭
  81. ৰাৱণৰ তপস্বী বেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৮৭
  82. সীতাৰ আগত ৰাৱণৰ আত্ম পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯১
  83. ৰাৱণৰ গৰ্ব - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৪
  84. ৰাৱণে সীতাক হৰণ কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৫
  85. ৰামক মাৰিবলৈ ৰাক্ষস নিয়োগ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৮
  86. সীতাই ৰাৱণক অভিশাপ দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৯
  87. সীতাই ৰাৱণক ৰ্ভতসনা কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০০
  88. সীতাক বিচাৰি নেপাই ৰামৰ আক্ষেপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০২
  89. জটায়ুৱে সীতাৰ বাতৰি দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৩
  90. কৱদ্ধৰ লগত সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৫
  91. চম্পা সৰোবৰত ৰাম-লক্ষণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৬
  92. কিষ্কিন্ধ্যাকাণ্ড - চতুৰ্থ অধ্যায়
  93. ৰামৰ লগত সুগ্ৰীৱৰ মিত্ৰতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৯
  94. ৰামৰ আগত সীতাৰ অলঙ্কাৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১০
  95. বালী বধৰ আয়োজন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১০
  96. বালী - সুগ্ৰীৱৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১৪
  97. ৰামে বালীক বধ কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১৮
  98. বালীয়ে ৰামক তিৰস্কাৰ কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২১
  99. বালীৰ ভাৰ্য্যা তাৰাৰ বিলাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৩
  100. তাৰাৰ অভিশাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৪
  101. সুগ্ৰীৱৰ অভিষেক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৭
  102. সুগ্ৰীৱৰ প্ৰতি ৰামৰ সন্দেহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৮
  103. সুগ্ৰীৱৰ সৈন্য সংগ্ৰহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩২
  104. সসৈন্যে সুগ্ৰীৱ উপস্থিত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৩
  105. বালীপুত্ৰ অঙ্গদৰ দ্ধাৰা ৰাক্ষস বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৬
  106. বানৰ সৈন্যৰ স্বয়ংপ্ৰভা সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৭
  107. বানৰ সৈন্যৰ সমাবেশ : সাগৰ দৰ্শন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৮
  108. জটায়ুৰ মৃত্যুত সম্পাতিৰ শোক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪১
  109. সুপাৰ্শ্বই ৰাৱণ আৰু সীতাক দেখে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৩
  110. সুন্দৰাকাণ্ড - পঞ্চম অধ্যায়
  111. সাগৰৰ পাৰত বানৰ সৈন্যৰ মন্ত্ৰণা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৬
  112. হনুমন্তৰ পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৭
  113. হনুমন্তৰ লঙ্কা যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৯
  114. লঙ্কাৰ বিৱৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫১
  115. হনুমন্তই সীতাক বিচাৰি পায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৬
  116. ৰাৱণৰ কক্ষত সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৫৮
  117. সীতা আৰু হনুমন্তৰ কথোপকথন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৬৩
  118. হনুমন্ত আৰু ৰাক্ষসৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৬৯
  119. হনুমন্ত আৰু জম্বুমালীৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭০
  120. হনুমন্ত আৰু বিৰুপাক্ষৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭১
  121. হনুমন্ত আৰু অক্ষকুমাৰৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭২
  122. ইন্দ্ৰজিত আৰু হনুমন্তৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭৩
  123. হনুমন্তৰ নেজত জুই আৰু লঙ্কা দাহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭৭
  124. হনুমন্তৰ প্ৰত্যাগমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮০
  125. বানৰ সৈন্যই মধুফল খায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৪
  126. হনুমন্তই ৰামক সীতাৰ বাতৰি দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৫
  127. ৰাম-লক্ষণৰ লঙ্কা যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৭
  128. ৰাৱণক বিভীষণৰ সজ উপদেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৯
  129. ৰাৱণৰ কুমন্ত্ৰণা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৯০
  130. বিভীষণক ৰাৱণৰ পদাঘাত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৯২
  131. লঙ্কাকাণ্ড - ষষ্ঠ অধ্যায়
  132. ৰামৰ সৈন্যবল সম্পৰ্কে জানিবলৈ ৰাৱণৰ আগ্ৰহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৯৮
  133. ৰাৱণৰ ছলনা আৰু সীতাৰ বেজাৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩০৩
  134. ৰাৱণক সজউপদেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩০৬
  135. সুবেল পৰ্বতত ৰাম-লক্ষণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩০৮
  136. ৰাম-লক্ষণৰ নাগপাশ মোচন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩১২
  137. ধুম্ৰাক্ষৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬২১
  138. সেনাপতি ব্ৰজদ্ৰংষ্ট - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৩
  139. প্ৰহস্তৰ যুদ্ধযাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৫
  140. অনেক ৰাক্ষসৰ যুদ্ধ আৰু পতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৭
  141. ৰাৱণৰ যুদ্ধ যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৮
  142. লক্ষণৰ হাতত ৰাৱণৰ পৰাজয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৯
  143. কুম্ভকৰ্ণৰ যুদ্ধ - যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৩৫
  144. কুম্ভকৰ্ণৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৩৮
  145. ৰাম-লক্ষণৰ হাতত কুম্ভকৰ্ণৰ পতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৪৩
  146. অতিকায় ৰাক্ষসৰ যুদ্ধ আৰু পতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৪৬
  147. ইন্দ্ৰজিতৰ যুদ্ধ : ৰাম-লক্ষণ অচেতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫১
  148. হনুমন্তই ঔষধ আনি জীৱন দান দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৩
  149. বানৰ সৈন্যৰ আক্ৰমণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৪
  150. কুম্ভ নিকুম্ভৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৬
  151. ইন্দ্ৰজিতৰ পুনৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৯
  152. ৰামক বিভীষণৰ প্ৰবোধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৬২
  153. ইন্দ্ৰজিত বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৬৫
  154. ৰাৱণৰ ক্ৰোধ আৰু সীতাক হত্যা কৰিবলৈ উদ্যত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৭৩
  155. লক্ষণৰ শক্তিশেল - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৭৯
  156. হনুমন্তৰ গন্ধমাদন আনয়ন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৮৫
  157. গন্ধমাদন পুনৰ থৈ আহে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৮৮
  158. ৰাম ৰাৱণৰ যুদ্ধ : ৰাৱণ বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৯০
  159. ৰামৰ আগত সীতাৰ উপস্থিতি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৯৯
  160. সীতাৰ অগ্নি পৰীক্ষা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪০২
  161. ৰামৰ অযোধ্যালৈ যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪০৭
  162. অযোধ্যাত ৰামৰ প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪১০
  163. ৰামচন্দ্ৰৰ ৰাজ্যাভিষেক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪১৬
  164. হনুমন্ত প্ৰভৃতিৰ অযোধ্যা ত্যাগ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪১৭
  165. উত্তৰা কাণ্ড - সপ্তম অধ্যায়
  166. সীতাৰ বনবাস - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২০
  167. বাল্মীকিৰ আশ্ৰমত লৱ-কুশৰ জন্ম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২১
  168. ৰামৰ অশ্বমেধ যজ্ঞ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২২
  169. লৱ-কুশৰ ৰামায়ণ কথন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২৭
  170. হনুমন্তৰ জন্ম পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৩৩
  171. লৱ-কুশৰ পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৩৬
  172. সীতাক আনিবলৈ হনুমন্তক প্ৰেৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৩৭
  173. ৰামৰ ৰাজসভাত সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪১
  174. সীতাৰ বেজাৰ আৰু পাতাল প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪২
  175. পৃথিৱীৰ প্ৰতি ৰামৰ ক্ৰোধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪৬
  176. পাতালত সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪৭
  177. ভৰতৰ পুত্ৰক ৰাজ্য দান - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪৮
  178. ৰামৰ লক্ষণ বৰ্জন - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৫২
  179. লক্ষণক বিচাৰি ৰামৰ বন যাত্ৰা - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৫৮
  180. ৰামচন্দ্ৰৰ স্বৰ্গযাত্ৰা - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৬৪


৮ অধ্যায়

লৱ-কুশৰ ৰামায়ণ কথন ।

লভি পাছে ৰামৰ আদেশ দুয়ো ভাই ।

দিলা ৰাগ ৰঙ্গে পৰি পঞ্চম উচ্ছাই ॥১

তাৰ ঘোৰ মন্দ্ৰ নাদে দুয়ো গীত গাৱে ।

একজনে তাল আউৰ জনে যন্ত্ৰ বাৱে ॥২

প্ৰথমে ধৰিলা আদিকাণ্ড ৰামায়ণ ।

কৈলা সূৰ্য্যবংশী যেন যেন ৰাজাগণ ॥৩

ইক্ষ্বাকু কাকুৎস্থ ৰঘু অজ নৃপবৰ ।

ভৈলা দশৰথ ৰাজা সূৰ্য্যৰ বংশধৰ ॥৪

বীৰ্য্যে বিষ্ণুসম সব শ্ৰমে মহেশ্বৰ ।

ক্ষমায়ে ধৰণী ধৈৰ্য্যে গম্ভীৰে সাগৰ ॥৫

প্ৰতাপত আদিত্য ক্ৰোধত যেন যম ।

নাই নুপজিবে ৰাজা দশৰথ সম ॥৬

শচীত অধিক তান তিনি পটেশ্বৰী ।

কৌশল্যা সুমিত্ৰা আৰু কৈকেয়ী সুন্দৰী ॥৭

তিনিত ভৈলন্ত পাছে চাৰিপুত্ৰ জাত ।

জ্যেষ্ঠ ৰামচন্দ্ৰ জাত ভৈলা কৌশল্যাত ॥৮

কৈকয়ীত ভৈলন্ত ভৰত উতপন ।

সুমিত্ৰাত লক্ষ্মণ কনিষ্ঠ শত্ৰুঘন ॥৯

জগতৰে জনক সম্যকে শ্ৰীৰাম ।

সংসাৰত আৰু গুণে নাহিকে উপাম ॥১০

সুবিনীত ভৰত লক্ষ্মণ শত্ৰুঘনে ।

কৰন্ত ভকতি নিতে জ্যেষ্ঠৰ চৰণে ॥১১

যেন নাৰায়ণ ৰাম গম্ভীৰে সাগৰ ।

ভৈলন্ত প্ৰদীপ প্ৰভু কাকুৎস্থ বংশৰ ॥১২

পৰম পুৰুষে সন্ত শীতল স্বভাৱে ।

ভৈলা লোক ৰঞ্জন প্ৰজাৰ বাপ মাৱে ॥১৩

পাইব কোন জনে তান মহিমাৰ পাৰ ।

গাৱে লৱকুশে আদিকাণ্ড কথা সাৰ ॥১৪

কোকিলৰ কণ্ঠে গাৱে তালে মানে ভেদি ।

শুনন্ত সমাজে আনভিতি চিত্ত নেদি ॥১৫

ৰামৰ চৰিত্ৰ গীত অমৃত পৰম ।

কৰ্ণ ভৰি শুনে প্ৰজা পৰিয়া নিজম ॥১৬

কিবা স্বপনতে কিবা শুনন্ত সচেতে ।

কিবা পৃথিবীত কিবা আছন্ত স্বৰ্গতে ॥১৭

ক্ষুধা তৃষ্ণা নলাগে নাহিকে একো জ্ঞান ।

শিশু দুইৰো গীততে লাগিল যেন ধ্যান ॥১৮

শুনা নিৰন্তৰে সবে ৰামায়ণ পদ ।

যাহাৰ কীৰ্ত্তনে তৰি সংসাৰ আপদ ॥১৯

কলিত সদ্গতি নাই বিনে ৰাম নাম ।

শঙ্কৰে ৰচিলা ডাকি বোলাঁ ৰাম ৰাম ॥২০


৯ অধ্যায় ।
দুলৰি ।

শিশু দুইৰ গীত,         পৰম অমৃত,

সম্যকে ৰামে শুনিয়া ।

কিবা যে দিবন্ত,         কিবা কৰিবন্ত,

আনন্দে নধৰে হিয়া ॥১

মনত সন্তোষে,         ভৰত ভ্ৰাতৃক,

বুলিলা মাতি যতনে ।

ষাঠি কৌটি টঙ্কা,         সুবৰ্ণৰ আনি,

ইদুইক দিয়া এখনে ॥২

দাসী দাস দেশ,         আসন অশেষ,

বস্ত্ৰ অলঙ্কাৰে মণ্ডি ।

দিয়োক সত্বৰে,         ভৰত কুমাৰে,

আমাৰ বাক্য নখণ্ডি ॥৩

শুনিয়া ভৰতে,         ভণ্ডাৰৰ হন্তে,

অনাইলা তেখনে ধন ।

যতেক বুলিলা,         ততোধিক দিলা,

ৰাঘৱৰ পূৰি মন ॥৪

দেখি দুয়ো শিশু,         হাসিয়া বোলন্ত,

আত নাহি প্ৰয়োজন ।

আমি বনবাসী,         বসন বাকলি,

ফলেহে নিজ ভোজন ॥৫

আপুনি উদাষ,         ইটো কালিদাস,

কি কৰিবো বহুধন ।

শিশু দুইৰ বাণী,         শুনি সবে প্ৰাণী,

পৰম বিস্ময় মন ॥৬

তাসম্বাৰ মতি,         দেখি ৰঘুপতি,

পুছন্তে স্নেহে কথাক ।

কাহাৰ কবিতা,         কোন গুৰুজন,

শিকালে গীত তোমাক ॥৭

আকৃতি সুন্দৰ,         কাহাৰ কুমাৰ,

থাকিয়ো কমন দিশ ।

শুনি কুশলৱে,         বুলিলা বিনয়ে,

আমি বাল্মীকিৰ শিষ ॥৮

তাহান কবিতা,         ৰামায়ণ গীত,

শিখিলো শাস্ত্ৰ বিচাৰি ।

ঋষিৰ সন্মতে,         সমস্তে দেশতে,

হৰিষে ফুৰোঁ প্ৰচাৰি ॥৯

শুনি ৰাম দেৱে,         আদৰিলা দুইকো,

সাধু সাধু বুলি তথা ।

যথাত থাকিয়া,         তৈৰে পৰা গাৱা,

শুনু ৰামায়ণ কথা ॥১০

ৰামৰ আদেশে,         শুনি কুশ লৱে,

ৰঙ্গে তাল যন্ত্ৰ ঠুকি ।

ধৰিলন্ত গীত,         ৰামৰ চৰিত,

শুনন্তে লোক ইচ্ছুকী ॥১১

শুন পাছ কথা,         দশৰথ তথা,

আছন্ত ৰাজাৰ ঘাগী ।

যজ্ঞক ৰাখিবে,         ঋষি বিশ্বামিত্ৰে,

নিলন্ত ৰামক মাগি ॥১২

ৰাজায়ে নেদন্ত,         ঋষিয়ে নেৰন্ত,

নিলন্ত আতি আক্ৰোশে ।

ৰাম লক্ষ্মণক,         ধনুৰ্ব্বেদ দিলা,

শিখিলা দুয়ো সন্তোষে ॥১৩

প্ৰথমে পথত,         ৰাক্ষসী তাড়কা,

তাৰিলন্ত ৰঘুবৰে ।

সুবাহুক মাৰি,         মাৰীচ বীৰক,

উড়ুয়ালা একেশৰে ॥১৪

দেখিয়া ঋষিৰ,         আনন্দ মিলিল,

ৰামক নিলন্ত সঙ্গে ।

জানকীৰ তথা,         শুনি স্বয়ম্বৰ,

মিথিলাক গৈলা ৰঙ্গে ॥১৫

জনক নৃপতি,         অনেক ভকতি,

কৰিলন্ত সনমান ।

ৰামে উঠি ৰঙ্গে,         ধনুক তেখনে,

কৰিলন্ত দুইখান ॥১৬

সীতায়ো বৰিলা,         সমৰ কৰিলা,

ভঙ্গাইলা যত ৰাজাক ।

সভাৰ্য্যে ৰথত,         চড়ি লৰি গৈল,

ৰঙ্গে ৰামে অযোধ্যাক ॥১৭

শুনি ধনুৰ্ভঙ্গ,         খঙ্গাইলা পৰশু,

ৰাম মহা অহঙ্কাৰী ।

মনত বিচাট,         ভেণ্টিলন্ত বাট,

কান্ধত কুঠাৰ পাৰি ॥১৮

যাইবাক নেদন্ত,         বিনতি বোলন্ত,

পাৱে পৰি দশৰথ ।

ৰামে ধৰি শৰ,         পৰশু ৰামৰ,

ছেদিলন্ত স্বৰ্গপথ ॥১৯

অনেক উৎসবে,         পাছে ৰামদেৱে,

গৃহত ভৈলা প্ৰবেশ ।

আনন্দে তহিত,         সীতায়ে সহিত,

ভুঞ্জিলা ভোগ অশেষ ॥২০



১০ অধ্যায় ।
ছবি ।

আদিকাণ্ড কথাসাৰ,         সংক্ষেপে কহিয়া দুয়ো,

অযোধ্যাকাণ্ডক গাইবে লৈলা ।

দশৰথ ৰাজা পাছে,         পুত্ৰক সমৰ্থ দেখি,

ৰাজ্য জোকাৰিবে বাঞ্ছা ভৈলা ॥১

ৰাঘৱৰ অভিষেক,         শুনিয়া আসিল লোক,

সুমঙ্গল নাদৰ শবদে ।

জানিয়া কৈকেয়ী কথা,         বিঘিনি পাতিল তথা,

লৈলা ৰাজ্য ভৰতৰ পদে ॥২

ৰাজাক বচনে ছন্দি,         সত্য জৰি কৰিবন্দী,

গুচাইলন্ত ৰামক নিকালি ।

লক্ষ্মণ জানকী সঙ্গে,         বনত বঞ্চিলা ৰঙ্গে,

ৰাঘৱে পিতৃৰ বাক্য পালি ॥৩

বৃদ্ধ ৰাজা দশৰথ,         পুত্ৰশোকে ভৈলা হত,

নাহি আৰ চেতন গিয়ান ।

ৰামৰ বিয়োগ আসি,         পৰে শৰীৰত লাগি,

ছাৰিলন্ত সন্তাপতে প্ৰাণ ॥৪

ভৰতে নলৈলা ৰাজ,         নৃপতিৰ প্ৰেতকায,

কৰি খেদি গৈলন্ত জ্যেষ্ঠক ।

কাতৰ কৰিলা আতি,         ৰামে ভৰতক মাতি,

পলটাই পঠাইলা ৰাজ্যক ॥৫

শুনিয়োক সৰ্ব্বজন,         পুণ্যকথা ৰামায়ণ,

এৰাঁ আলজাল আনকাম ।

হৱৈ নিতে আয়ুপাত,         চেতন নাহিকে গাত,

সঘনে ঘুষিয়ো ৰাম ৰাম ॥৬



১১ অধ্যায় ।
পদ ।

তালে মানে ভেদি দুয়ো ৰামায়ণ গাৱে ।

আজি যেন ভৈল গৈল কথাক দেখাৱে ॥১

কহিলা কাৰণ কথা ৰাজাৰ মৰণ ।

হাহাকাৰ কান্দে সমজ্যাৰ যত জন ॥২

আজি যেন দশৰথ গৈলা পৰলোক ।

কৰন্ত সন্তাপ আতি পাত্ৰ মন্ত্ৰীলোক ॥৩

শুনি ৰাম লক্ষ্মণ ভৰত শত্ৰুঘন ।

পিতৃশোক মকামকি কৰন্ত ক্ৰন্দন ॥৪

শুনিয়া কৌশল্যা সমে যত ৰাজ মাৱ ।

স্বামীৰ সন্তাপে হিয়ে হানে মুষ্টি ঘাৱ ॥৫

লুটিয়া ভূমিত কতো ধাকুৰন্ত নাথ ।

এৰিয়া আমাক গৈলা কৈক প্ৰাণনাথ ॥৬

আমাৰ সমান নাই নাৰী নিদাৰুণী ।

প্ৰাণ ধৰোঁ তোমাৰ মৰণ কথা শুনি ॥৭

এহি বুলি বিলাপ কৰন্ত অসংখ্যাত ।

ক্ৰন্দনৰ উৰ্ম্মি উথলিলা সমজ্যাত ॥৮

প্ৰবোধন্ত ৰামক সুগ্ৰীৱ বিভীষণ ।

শুনা পাছ কথা নাথ হুয়ো সন্ধুক্ষণ ॥৯

মিত্ৰ দুইৰ বচনত ৰাঘৱ জুৰাইল ।

ৰাজমাৱ সবক লক্ষ্মণে নিচুকাইল ॥১০

আঞ্চলে মুছিল মুখ নয়নৰ নীৰ ।

ভৰতে কৰিলা সবে সমজ্যাক থিৰ ॥১১

নিশবদ প্ৰজা শুনি ৰামৰ আদেশ ।

গাৱা পাছকথা শিশু শুনিবো বিশেষ ॥১২

অযোধ্যা কাণ্ডৰ কথা থৈলা এহিমানে ।

অৰণ্য কাণ্ডক গাইবে লৈলা তালে মানে ॥১৩

ধৰিলন্ত গীত লৱকুশে পূৰ্ব্বৱতে ।

চৌদ্দয় বৰিষ ৰামে বঞ্চিবা বনতে ॥১৪

নাই অন্ন পান পশু মাংসেহে আহাৰ ।

সীতাক দেখন্তে আতি ৰামৰ নিকাৰ ॥১৫

দুৰ্ঘোৰ সঙ্কট বৰ দণ্ডকাৰ বনে ।

কেৱলে সঙ্গতি তাত ভ্ৰাতৃ যে লক্ষ্মণে ॥১৬

আসি শূৰ্পনখী কামে বুলিলেক বাক ।

কাটিলা লক্ষ্মণে তাইৰ ধৰি কান নাক ॥১৭

চৌদ্দয় সহস্ৰ সেনা ৰাক্ষসে সহিতে ।

খৰ দূষণক ৰামে মাৰিলা তহিতে ॥১৮

শুনি আইল ৰাৱণ কৰিয়া আটি মুটি ।

আসিল মাৰীচ সুবৰ্ণৰ মৃগগুটি ॥১৯

দেখি খেদি গৈলা ৰাম লক্ষ্মণে তাহাক ।

দশগ্ৰীৱে নিৰ্জ্জনত হৰিলে সীতাক ॥২০

ৰাৱণক ভয়ে দেবী গাৱতে লুকান্তী ।

পাছে পাঞ্চ গুটি বানৰক দেখিলন্তি ॥২১

কাঢ়ি তাৰ খাৰু শৰীৰৰ হেমহাৰ ।

তাসম্বাৰ মাজত ক্ষেপিলা অলঙ্কাৰ ॥২২

অশোকাৰ বনে থৈয়া ৰাৱণ দুৰ্ব্বাৰ ।

অনেক ৰাক্ষসী ৰক্ষা দিলেক সীতাৰ ॥২৩

লোতকৰ নাই ছেদ ফুকন্তে কান্দন্তে ।

দণ্ডে যুগ সীতাৰ ৰামক সুমৰন্তে ॥২৪

মৃগ মাৰি আসি ৰামে নেদেখি সীতাক ।

জানকী,জানকী বুলি দিয়া দীৰ্ঘ ডাক ॥২৫

দুভায়ো দণ্ডকাবনে ফুৰন্ত বিচাৰি ।

হা সীতা হা সীতা বুলি নিশ্বাস ফোকাৰি ॥২৬

ফুৰন্তে ভ্ৰমন্তে ৰাম সীতাৰ নিদানে ।

বিৰাধ কবন্ধ দুইকো বধিলন্ত প্ৰাণে ॥২৭

সীতাক ৰাখন্তে পক্ষী জটায়ু মৰিল ।

ৰাম লক্ষ্মণে প্ৰেত কাৰ্য্য সঙ্কলিল ॥২৮

কৰিলা অৰণ্যকাণ্ড কথা সমাপতি ।

গাইবাক লাগিলা ৰঙ্গে কিষ্কিন্ধা সম্প্ৰতি ॥২৯

ৰাম লক্ষ্মণে দুয়ো দণ্ডকাৰ হন্তে ।

ঋষ্যমুখ পাইলা দুয়ো সীতাক চাহন্তে ॥৩০

সুগ্ৰীৱক দিলা ৰাজ্য কৰি বালী বধ ।

যুৱৰাজ ভৈলা পাছে কুমাৰ অঙ্গদ ॥৩১

ৰাজভোগে পাশৰিল সুগ্ৰীৱে ৰামক ।

সময় বুজিয়া নাসে বানৰ লটক ॥৩২

তৰ্জ্জিলা অনেক তাঙ্ক লক্ষ্মণ কুমাৰ ।

দেখাইলন্ত নিয়া বালী বধ যেই শৰ ॥৩৩

কম্পিল শৰীৰ দেখি সু্গ্ৰীৱ ৰাজাৰে ।

অনেক বানৰ সেনা অনাইলা হাঙ্কাৰে ॥৩৪

পৃথিবীৰ বানৰ ভালুক আসি ভৈল ।

সীতাক খুজিবে দ্বীপ দ্বীপান্তৰ গৈল ॥৩৫

এহিমানে কিষ্কিন্ধাকাণ্ডৰ কথা গৈলা ।

সুন্দৰকাণ্ডক পাছে দুয়ো গাইবে লৈলা ॥৩৬

কহিলন্ত সম্পাতি যথাত সীতা আছি ।

নপাইলন্ত লঙ্কাক যাইবাক বীৰ বাছি ॥৩৭

পাছ মাৰুতিৰ জন্ম কৈলা জাম্বৱন্ত ।

সাগৰ লঙ্ঘিলা তেৱে বীৰ হনুমন্ত ॥৩৮

অশোকাৰ বনে গৈয়া দেখিলা সীতাক ।

কহিলা প্ৰণামি প্ৰভু ৰামৰ কথাক ॥৩৯

ৰাঘৱৰ দিলা নিয়া হাতৰ আঙ্গুষ্ঠি ।

দেখিয়া হানিলা হিয়া শোকে সীতা মুষ্ঠি ॥৪০

অনেক কান্দিলা দেবী স্বামীক সুমৰি ।

হনুমন্তে প্ৰবোধিলা দান্তে তৃণ ধৰি ॥৪১

অল্পতে নিবন্ত ৰামে পৰিহৰাঁ খেদ ।

হুইবে সবান্ধৱে দশানন কন্ধছেদ ॥৪২

কপিৰ বচনে জুৰাইলন্ত সীতা দেবী ।

মাৰুতি মেলানী পাইলা গোসাঁনীক সেবি ॥৪৩

লঙ্কাত পশিলা পাছে কৃত্য কৃত্য হুই ।

বিধ্বসিলা মধুফল উভতাই ৰুই ॥৪৪

লীলায়ে কৰিলা অক্ষ কুমাৰক নাশ ।

ইন্দ্ৰজিতে আসিয়া হানিলা নাগপাশ ॥৪৫

চিতলি পৰিলা বন্দী বীৰ হনুমন্ত ।

ৰাৱণৰ আগে ইন্দ্ৰজিত যোগাইলন্ত ॥৪৬

লাঞ্জত লগাইল জুই কাপৰ মেঢ়াই ।

দিলা ডেৱ ৰঙ্গে নাগপাশ হোঁসকাই ॥৪৭

পৰম আটোপে পাছে কপি মহামানে ।

নগৰ যুৰিয়া জুই লগাইলা আম্ফালে ॥৪৮

সকলে ৰাক্ষসে ভৈল ভয়তে তবধ ।

লগাইল চমক লঙ্কা কৰিল দগধ ॥৪৯

সাগৰ তৰিয়া দুনাই পৃথিবীক আইল ।

সীতাৰ দুঃখৰ কথা ৰামত জনাইল ॥৫০

যেন মতে তেন্তে ৰাখিলন্ত শান্তি পুণ্য ।

নিবেদিলা জানকীৰ যতেক কাৰুণ্য ॥৫১

কহিলা সঙ্কেত কথা যত হনুমন্ত ।

সীতাক সুমৰি ৰামচন্দ্ৰ কান্দিলন্ত ॥৫২

ভূমিত পৰিল শোকে জমক উদ্ধাইল ।

সুগ্ৰীৱ লক্ষ্মণে ধৰি ৰামক জুৰাইল ॥৫৩

এভো তেবে সীতাক নপাইবে কৰা শঙ্কা ।

চমকা চমক কৰি আনি দিবো লঙ্কা ॥৫৪

ৰাক্ষসৰ শোনিতে ভুঞ্জাইবো কাক গৃধ্ৰ ।

হেন জানি কাৰ্য্য আসি সবে ভৈলা সিদ্ধ ॥৫৫

সুগ্ৰীৱৰ শুনিয়া অনেক পৌঢ়ি বাদ ।

গুচিল চিত্তৰ কিছু ৰামৰ বিষাদ ॥৫৬

সাগৰত পন্থ পাছে মাগিলন্ত মাজে ।

ৰামক নেদন্ত দেখা গৰ্ব্বে সিন্ধুৰাজে ॥৫৭

ক্ৰোধে ধৰিলন্ত ৰাম বিদাৰিবো হিয়া ।

উজোৰিল জলজন্তু পলাই ফাট দিয়া ॥৫৮

কম্পি গৈল সাগৰতো লাগিল চমক ।

পাদ্য অৰ্ঘ দিয়া স্তুতি বুলিলা ৰামক ॥৫৯

দিলো মাজে পন্থ প্ৰভু চলিয়োক লঙ্কা ।

বান্ধিয়োক সেতু তল যাইবে নাহি শঙ্কা ॥৬০

বানৰ নৃপতি পাছে কপিসেনা লৈই ।

বান্ধিলন্ত সেতু পৰ্ব্বতক কান্ধে বৈই ॥৬১

দীৰ্ঘে দশযোজন পঠালি পাঞ্চযুৰি ।

পাৰ ভৈলা সেনা সব সেতু ভৰি পূৰি ॥৬২

সীতা সমৰ্পিবো বুলিলন্ত বিভীষণ ।

উঠিয়া মাৰিল লাঠি দুন্দুৰ ৰাৱণ ॥৬৩

পশিল শৰণ আসি ৰাঘৱত বৰি ।

তাঙ্ক লঙ্কাৰাজ্য ৰামে দিলা অঙ্গী কৰি ॥৬৪

লৱে কুশে কথাৰ ভাৰণা লগাই গাৱে ।

আজি সম্পজিল যে হাততে দেখাৱে ॥৬৫

সুন্দৰাকাণ্ডৰ কথা থৈলা এহি মানে ।

লঙ্কাকাণ্ড কহিবে লাগিলা বিদ্যমানে ॥৬৬

সুবেল পৰ্ব্বতে ৰামে সসৈন্যে জিৰাইয়া ।

প্ৰভাতে বেঢ়িলা লঙ্কা কটকে যোৰাইয়া ॥৬৭

ৰাখিল লঙ্কাৰ গড় ৰাক্ষস সমস্ত ।

যুদ্ধতে পৰিল পাছে প্ৰথমে প্ৰহস্ত ॥৬৮

দেৱান্তক নৰান্ত ৰণত পৰিল ।

শুনিয়া সসৈন্যে সাজি ৰাৱণ লৰিল ॥৬৯

মেঘে যেন গৰ্জ্জিয়া জঙ্কাৰি দশমাথ ।

বানৰক মাৰে ৰণ কৰে লঙ্কানাথ ॥৭০

খঙ্গে খেদি যান্ত ৰাম সাধোঁ মান বুলি ।

দেখিয়া কান্ধত লৈলা হনুমন্ত তুলি ॥৭১

দিশ পাশ ছানি ৰামে বৰিষিলা শৰ ।

ভেদিলন্ত হৃদয় নিৰ্দ্দয় ৰাৱমৰ ॥৭২

টোল ৰাম ধনু ধ্বজ ৰথ হয় চাৰি ।

কাটিলা তিনত চোটে আটোপে মুৰাৰি ॥৭৩

এহি মুখে ফুৰ কপি কটক কোপিতি ।

কেশে সমে ৰামে তাৰ কাটিলা কিৰীটি ॥৭৪

নমাৰিলা বিৰথী বিধনু দেখি তাক ।

দিলন্ত মেলানি গৈলা ৰাৱণ লঙ্কাক ॥৭৫

জগাই কুম্ভকৰ্ণক পঠাইলা দশগ্ৰীৱ ।

ঘোৰ শৰে ৰামে তাৰ ছৰাইলন্ত জীৱ ॥৭৬

কুম্ভ নিকুম্ভ মহা পাৰ্শ্ব মহোদৰ ।

ব্ৰজদংষ্ট্ৰ দুষ্ট মেঘনাদৰ সোদৰ ॥৭৭

অসংখ্য ৰাক্ষস আনো ৰণত পৰিল ।

জানি ইন্দ্ৰজিতো ক্ৰোধে যুদ্ধক লৰিল ॥৭৮

ৰাক্ষসক লৈয়া কোপে আটোপে কপটে ।

যজ্ঞ আৰম্ভিলা আসি নিকুম্ভিলা বটে ॥৭৯

বিভীষমে কহিলেক সকল সম্ভেদ ।

লক্ষ্মণে কৰিলা পাছে তাৰ কন্ধচ্ছেদ ॥৮০

পুত্ৰশোকে অনেক কান্দিলা লঙ্কানাথ ।

সাজিয়া বজাইল কোপে জঙ্কাৰন্ত মাথ ॥৮১

ৰাৱণে মাৰিল আসি অসংখ্যাত শৰ ।

সাত দিন সাত ৰাতি কৰিলে সমৰ ॥৮২

তাৰ শৰে ৰাঘৱৰ নোছোয়ে শৰীৰ ।

বাৰে বাৰে ৰামে তাৰ কাটিলন্ত শিৰ ॥৮৩

তথাপি নমৰে দশগ্ৰীৱ হেন জানি ।

লৈলা পাছে প্ৰাণ তাৰ ব্ৰহ্ম অস্ত্ৰে হানি ॥৮৪

জগতৰে ধুম্ৰকেতু গৈলা যমালয় ।

স্বৰ্গ মৰ্ত্ত্য পাতালতো কৰে জয় জয় ॥৮৫

আপন পৌৰুষে ৰামে সঙ্কলিলা কায ।

মিত্ৰ বিভীষণত সম্পিলা লঙ্কাৰাজ ॥৮৬

অগ্নিত পৰীক্ষা আনি দিলন্ত সীতাক ।

কৰিলন্ত ব্ৰহ্মা তুতি ৰাম দেৱতাক ॥৮৭

দশৰথ আসিলা স্বৰ্গৰ পৰা চলি ।

দুই পুত্ৰ সহিতে লাগিল গলাগলি ॥৮৮

ৰণত বঞ্চিলা বাপ মোৰ বাক্য পালি ।

ৰামক প্ৰশংসে কৈকেয়ীক পাৰি গালি ॥৮৯

পতিব্ৰতা সীতা শান্তী জগতে প্ৰখ্যাত ।

কিসক পুতাই আন্ত নযাস সঞ্জাত ॥৯০

নাই একো শঙ্কা আঙ্ক খেদি দিয়া কিক ।

পাছে পিতৃবাক্য সম্বৰিলা জানকীক ॥৯১

ভাৰ্য্যা ভ্ৰাতৃ সমে ৰামে বিমানত চড়ি ।

পৰম আনন্দে আইলা অযোধ্যা নগৰী ॥৯২

ভালুক বানৰ আৰু ৰাক্ষস অনেক ।

আইলা সঙ্গে ৰঙ্গে দেখিবাক অভিষেক ॥৯৩

শুনা ৰামায়ণ মন কৰাঁ উপশাম ।

সমস্ত সমাজে বেঢ়ি বোলোঁ ৰাম ৰাম ॥৯৪



১২ অধ্যায় ।
ছবি ।


শুনিয়োক পাছ কথা,         ৰামক দেখিয়া তথা,

ভৰতে এৰাইলা হৃদি খেদ ।

ভৈলা আনি একঠাই,         নন্দি গ্ৰামে চাৰিভাই,

কৰিলা শিৰৰ জটা ছেদ ॥১

কৌশল্যা সুমিত্ৰা শান্তী,         পুত্ৰক গলত বান্ধি,

কান্দিলন্ত অনেক কাৰুণ্যে ।

সীতায়ো বৰ্ণায় দুঃখ,         ভৈলা সলোতক মুখ,

নমিলন্ত তেসম্বো চৰণে ॥২

পাছে সম দোলেৰাম,         অযোধ্যাক লৰি গৈলা,

তুলি দণ্ড বাৱে বাদ্যভণ্ড ।

ৰাক্ষস বানৰ নৰ,         ভালুকৰ আন্দোলতে,

তলবল কৰে মহীখণ্ড ॥৩

পদুলী পদুলী কল,         দ্বীপ ঘট ফুল ফল,

পুতিলন্ত যাত্ৰাৰ তোৰণ ।

জাতিকাৰ নৰনাৰী,         প্ৰশংসিয়া সাৰি সাৰি,

প্ৰণামন্ত ৰামৰ চৰণ ॥৪

শুভ সময়ত ৰামে,         পাটত বসিলা প্ৰজা,

কৰে শুভ মঙ্গল অনেক ।

চাৰি সাগৰৰ জল,         যোগাইলা বানৰ বল,

বশিষ্ঠে কৰিলে অভিষেক ॥৫

দুই ভাই দুই পাশে,         চামৰ বিঞ্চন্ত লাসে,

ভৰতে ধৰিলা ছত্ৰ তুলি ।

শবদতে কাণ ফাৰে,         প্ৰজায়ে জোকাৰ পাৰে,

জয় জয় ৰাম ৰাজা বুলি ॥৬

মেঘৰ গৰ্জ্জন যেন,         মত্তহস্তী চিহৰয়,

আম্ফালে বজায় গজঘণ্টা ।

পাইলা দুঃখ সমৰত,         ভালুক বানৰ যত,

দিলা ৰামচন্দ্ৰে তাকো বণ্টা ॥৭

ৰাজাৰ সন্মান পাই,         আনন্দৰ সীমা নাই,

গৈলা দেশে আদেশে ৰামৰ ।

ভ্ৰাতৃ সব সমৰাজে,         ৰাজ্যভোগ ভুঞ্জিলন্ত,

পাছে দশ হাজাৰ বৎসৰ ॥৮

ভৈলা মহাদৈ সীতা,         স্বামীৰ চৰণচিন্তা,

কৰন্ত একান্তে প্ৰতিনিতি ।

অযোধ্যাৰ দেৱভোগ,         ভুঞ্জিলন্ত ভুকুতি ভোগ,

ৰামৰে বাঢ়ন্তে যাই প্ৰীতি ॥৯

পূৰ্ব্বকথা আপোনাৰ,         শুনি ৰাম দেৱতাৰ,

পৰম হৰিষ সবে ভৈল ।

সমজ্যায়ো একচিত্ত,          কুশলৱে গাৱে গীত,

লঙ্কাকাণ্ড এহিমানে থৈল ॥১০


১৩ অধ্যায় ।
দুলৰি ।

উত্তৰা কাণ্ডক,         ধৰিলা গাইবাক,

সীতা সুত কুশলৱ ।

এহিমতে পাছে,         মাৰি ৰাৱণক,

ভৈলন্ত ৰাজা ৰাঘৱ ॥১

অযোধ্যাক পাছে,         অগস্তি আসিলা,

অৰ্চ্চিলা ৰামে হৰিষি ।

লঙ্কাৰ দগধ,         ৰাৱণৰ বধ,

সুধিলা ৰামত ঋষি ॥২

ৰামে অগস্তিত,         সমস্তে কহিলা,

যি ভৈল বৃত্তান্ত তথা ।

ঋষিয়ো কহিলা,         হৰিষে ৰামত,

ৰাৱণৰ জন্মকথা ॥৩

উপজিয়া যেন,         মতে দশস্কন্ধ,

কৰিলা কৰ্ম্ম অদ্ভূত ।

হৰৰ কৈলাস,         আলগাই তুলি,

নৈকেষী ৰাক্ষসীসুত ॥৪

স্বৰ্গ মৰ্ত্ত্যলোকে,         পাতাল পুৰতো,

ডৰতে কম্পাইল আতি ।

কৰিলা ইন্দ্ৰকো,         বন্দী মন্দ মতি,

সিটো পুলস্তিৰো নাতি ॥৫

দেৱ মনুষ্যৰ,         যতেক সুন্দৰী,

হৰি নিলে মহাচান্দ ।

তিনিয়ো লোকত,         হুন্টুৰি ফুৰিলে,

যেন উদয়াৰ যান্দ ॥৬

ৰামে বোলন্ত,         শুনিয়ো অগস্তি,

যেন কথা শুনো তাৰ ।

সিকালত তেবে,         কহিত নাচিল,

এক বীৰ বলিয়াৰ ॥৭

অগস্তি বোলন্ত,         শুনিয়ো ৰাঘৱ,

যৈত তাৰ ভৈল ভঙ্গ ।

কিষ্কিন্ধাত সিটো,         সমৰ মাগিল,

বালীৰ তোলাইয়া খঙ্গ ॥৮

তাক লৈয়া বালী,         সন্ধ্যা কৰিলন্ত,

কাখে দাবতিয়া তুলি ।

বালীত শৰণ,         পশিলা ৰাৱণ,

হাৰিলো হাৰিলো বুলি ॥৯

সহস্ত্ৰ অৰ্জ্জুনে,         নাৰীগণ সঙ্গে,

নৰ্ম্মদাত খেলে খেৰি ।

তাহাতো সমৰ,         মাগিয়া নিস্খলে,

ৰাৱণায়ে লাজ এৰি ॥১০

বান্ধে ৰণে জিনি,         সহস্ৰ অৰ্জ্জুনি,

নিল নগৰক লাগি ।

পুলস্তি আসিয়া,         ৰাজাত প্ৰাৰ্থিয়া,

মেলালন্ত ভিক্ষা মাগি ॥১১

তথাপি সমৰ,         মাগিয়া ফুৰয়,

ৰাৱণৰ নাহি লাজ ।

পাতাল পুৰতো,         পশিল সাজিয়া,

বলিৰ যৈতে সমাজ ॥১২

দুৱাৰত গৈয়া,         দেখে পুৰুষেক,

সুন্দৰ ৰুচিৰ শ্যাম ।

ৰত্নৰ কিৰীটি,         বলয় কঙ্কন,

পীতবস্ত্ৰে অনুপাম ॥১৩

হাৰ কেয়ূৰ,         নুপুৰে ৰঞ্জিত,

কৰে দিব্য গদা লৈই ।

কটিত মেখলা,         গলে বনমালা,

নমাতি আছিলা ৰৈই ॥১৪


১৪ অধ্যায় ।
ছবি ।

দেখি ৰাৱণৰ তনু,         জাত জাত শিহৰয়,

টেৰ কৰি আছিলেক চাই ।

বলিৰাইৰ অভ্যন্তৰে,         প্ৰবেশিলা লঙ্কেশ্বৰে,

সিটো পুৰুষক নোবোলাই ॥১

ৰাৱণক দেখি বলি,         বসিবাক থান দিলা,

নবসি বলিত পুছে কায ।

তোমাৰ দুৱাৰে ইটো,         পুৰুষেক আছে কোন,

সত্ত্বৰে কহিয়ো দৈত্যৰাজ ॥২

বলি বোলে লঙ্কেশ্বৰ,         নিচিনহ বৰ্ব্বৰ,

এহেন্তে তোমাৰ অন্তকাৰী ।

সুৰাসুৰে কৰে সেৱ,         আমাৰ পৰম দেৱ,

আঙ্কে বোলো ঈশ্বৰ মুৰাৰি ॥৩

লঙ্কানাথে শুনি আছি,         লৱৰিলেক কাছি,

এহি বিষ্ণু বুলি বৰ ৰাগে ।

ধৰিবাক যাই চাহি,         দেখি হৰি তুলি হাসি,

দিলা লাঠি চৰণৰ আগে ॥৪

পাতাল পৃথিবী ছাৰি,         লঙ্কাত উফৰি পৰি,

মূৰ্চ্ছা গৈল দুৰ্জ্জয় ৰাৱণ ।

ৰাক্ষসে ফুকন্তে পাছে,         কথমপি ধাতু আইল,

ব্ৰহ্মা বৰ দিবাৰ কাৰণে ॥৫

এহিমতে ঋষিবৰ,         কহিলন্ত নিৰন্তৰ,

যতেক তাহাৰ গুণগ্ৰাম ।

শুনন্তে পৰম ৰঙ্গ,         ৰাৱণৰ জয় ভঙ্গ,

শুনিয়া হাসন্ত প্ৰভুৰাম ॥৬

নমোঁ নমোঁ ৰঘুনাথ,         তিলক বিষ্ণুৰ অংশ,

শ্ৰীৰামচন্দ্ৰ সীতাপতি ।

জন্মে জন্মেৰামে গতি,         ৰামত কৰোক মতি,

ৰাম পাৱে থাকোক ভকতি ॥৭

কৃষ্ণৰ কিঙ্কৰে ভণে,         শুনিয়োক সৰ্ব্বজনে,

কলিত কীৰ্ত্তন ধৰ্ম্মসাৰ ।

এৰি ভাষ ভুষ কাম,         ডাকি বোলোঁ ৰামৰাম,

পাপত লাগোক বুন্দামাৰ ॥৮