ৰাম-লক্ষণৰ লঙ্কা যাত্ৰা
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৩৩ অধ্যায়
ৰাম - লক্ষ্মণৰ লঙ্কাযাত্ৰা ।
- দুলৰি ।
কহিলা সুগ্ৰীৱ, আমাৰ সুমিত্ৰ,
- সত্ত্বৰে বচন পালা ।
এহি শুভক্ষণে, বিজয় মুহূৰ্ত্তে,
- ত্বৰিতে সসৈন্য চলা ॥১
কালি যে উত্তৰ, ফাল্গুনী নক্ষত্ৰে,
- আজি হুয়া আছে হস্তা ।
দুয়ো যে নক্ষত্ৰে, সুমঙ্গল কহে,
- তাৰা দুই সুপ্ৰহস্তা ॥২
বিজয় লক্ষ্মণ, আমাৰ কহয়,
- দক্ষিণ ফুৰৈ নয়ন ।
ৰাৱণ জিনিয়া, সীতাক আনিবো,
- উছাহ কৰয় মন ॥৩
আগে চলন্তোক, নীল যে কুমুদ,
- লক্ষেক বানৰ বলে ।
কণ্টক ভাঙ্গিয়া, পথ মুকলাউক,
- সুখে যাইব সম দলে ॥৪
বানৰৰ ৰাজা, কথায়ে যাইবন্ত,
- মোহোৰ লখাইৰ সমে ।
যেন অসুৰক, ধাৰ কৰিলন্ত,
- ইন্দ্ৰে যে বৰুণ সমে ॥৫
এতেক ৰামৰ, বচন শুনিয়া,
- লৰিলা বানৰ জাতি ।
ভালুক কটকে, হুক হুকি ৰব,
- কৰন্তে চলিল আতি ॥৬
পূব যে দিশত, গন্ধ মহাদন,
- বীৰবৰ চলি যান্ত ।
দক্ষিণ দিশত, বৈদ যে সুষেণ,
- জাম্ববন্ত চলি যান্ত ॥৭
চতুৰ্দ্দিশে বেঢ়ি, বানৰৰ ৰাজা,
- লৰিলন্ত সমদলে ।
মহেন্দ্ৰ গিৰিক, পাইলা গৈয়া সবে,
- ৰঙ্গ ঢঙ্গ কৌতূহলে ॥৮
কেহো কেহো বোলে, লঙ্কা নগৰীৰ,
- মাৰিবো ৰাক্ষস জাতি ।
ৰাৱণৰ বংশ, ক্ষয় কৰিবোহো,
- মৰ্ত্ত্যত থাকোক খ্যাতি ॥৯
কেহো কেহো বোলে, লঙ্কা নগৰীত,
- আবেসে লাগিল শাল ।
যতেক ৰাক্ষস, পিশাচ আছয়,
- সবাৰো মিলিল কাল ॥১০
আগত চলয়, নীল যে কুমুদ,
- সকল পথ সোধন্তে ।
মধ্যৰ দেশত, ৰাম লখমন,
- অঙ্গদয়ে হনুমন্তে ॥১১
অঙ্গদ পিঠিত, চড়িয়া লখাই,
- লৰিলন্ত ৰঙ্গমনে ।
সাক্ষাতে যেহেন, কুবেৰ দেৱক,
- বেঢ়ি যাই সৰ্ব্বজনে ॥১২
হনুৰ পিঠিত, শ্ৰীৰাম চড়িলা,
- অস্ত্ৰ শস্ত্ৰ সব সাজে ।
বজ্ৰ ধৰি যেন, যুদ্ধক চলিল,
- ঐৰাৱতে দেবৰাজে ॥১৩
যাত্ৰাৰ প্ৰস্তাৱে, দক্ষিণ নাসিকা,
- উত্তম স্বৰ বহয় ।
কিছু ভয় নাহি, ৰণজিত হুইবো,
- সুমঙ্গল বাৰ্ত্তা কয় ॥১৪
- ৩৪ অধ্যায়
- পদ ।
মৃগ পক্ষীগণ তেজে উত্তম সুস্বৰ ।
প্ৰসন্ন দীপিতি কৰি জ্বলন্ত ভাস্কৰ ॥১
লঙ্কা দিশে দেখিয় উদিত ধুমকেতু ।
ৰাৱণৰ বংশৰ দেখিয় ভয় হেতু ॥২
ৰাৱণক মাৰিয়া সীতাক গৈয়া পাইবো ।
সবে অব্যাহতে অযোধ্যাক লাগি যাইবো ॥৩
বানৰ বৰ্গৰ শ্ৰী যুথ মুখ জ্বলে ।
বেদে শাস্ত্ৰে পুৰাণে জানিবা সুমঙ্গলে ॥৪
ৰাত্ৰি দিনে চলি যাই সবে সেনাগণ ।
ফল মূল মধু কিছু নকৰে ভোজন ॥৫
আমাৰ উপৰি বংশে আছিল যতেক ।
পুৰোহিত সমন্নিতে চলন্ত প্ৰত্যেক ॥৬
দেৱ দিব্য যানে আমাথেৰ তাৰ লক্ষি ।
ৰাৱণৰ তাৰ নিজ পৰাভৱ দেখি ॥৭
হেন সুলক্ষণ জানি সব সেনাগণে ।
নাচন্তে বাৱন্তে যাই কৌতূহল মনে ॥৮
মহেন্দ্ৰ এৰায় গৈয়া পাইলন্ত মলয় ।
মধুৰ সুগন্ধ নানা ফলৰ আলয় ॥৯
অমৃত সমান সবে পকা ফল খাইল ।
মনত হৰিষে সবে উদৰ ভৰাইল ॥১০
কমলা কপুৰা কণ্টকীযে নাৰিকল ।
আম জাম্ব লেটেকু বৰিজতাৰ বেল ॥১১
কৰদই আমৰা বসন্ত কেন্দু কল ।
মধুৰি মুহৰি নানাবিধ পকাফল ॥১২
খায়া খায়া কেতৈকে কৰয় কিলকিলি ।
ডালত ধৰিয়া কতো ওলমা বাদুলি ॥১৩
লৱৰা লৱৰি উপৰক লাঞ্জ তুলি ।
গগন মণ্ডল গৈয়া বিয়াপিল ধ্বনি ॥১৪
সসৈন্য শ্ৰীৰামে পাইলা সাগৰৰ তীৰ ।
ৰামচন্দ্ৰে বোলন্ত সুগ্ৰীৱ মহাবীৰ ॥১৫
ইঠাৱতে সেনা ৰৌক থান থিত কৰি ।
উপায় চিন্তিয়ো কেনে সাগৰক তৰি ॥১৬
সুগ্ৰীৱৰ বাক্যে গৈয়া সেনাপতি নীল ।
ভাগ ভাগ কৰিয়া সেনাক থান দিল ॥১৭
অনেক দূৰক ছানি বসিল বানৰ ।
কপিক দেখিল যেন অপৰ সাগৰ ॥১৮
লক্ষ্মণক সম্বুধি মাতন্ত শ্ৰীহৰি ।
সুমৰিয়া সীতাক অনেক মন্যু কৰি ॥১৯
কান্দিয়া বোলন্ত বাপ কি কাৰ্য্য জীবাক ।
ধৰিবে নপাৰোঁ হৃদি সুমৰি সীতাক ॥২০
হা হা বাপ লক্ষ্মণ কি মতে ধৰোঁ জীব ।
বৰ কষ্টে আছা সীতা জনকৰ জীউ ॥২১
মদনে দগধ দেহা আমাক সুমৰি ।
বৰ দুঃখে প্ৰাণ ধৰি আছে প্ৰাণেশ্বৰী ॥২২
হেনয় কতেক দুঃখ থাকিবেক সহি ।
তৰুণৰ কাল অকাৰণে গৈল বহি ॥২৩
আজি পাইবো কালি পাইবো মনত কৰন্তে ।
ৰাত্ৰি দিনে দগধ সীতাক সুমৰন্তে ॥২৪
সীতাক সুমৰি ৰামে শোক কৰিলন্ত ।
লক্ষ্মণে সম্বুধি ৰামে শান্ত কৰিলন্ত ॥২৫
শ্ৰীৰাম লক্ষ্মণ বীৰ সুগ্ৰীৱ সহিতে ।
সাগৰ তৰিতে বুদ্ধি কৰিলা তহিতে ॥২৬
মাধৱে বোলন্ত ঐত আছো এহিমানে ।
শুনা যেন ভৈল তৈত ৰাৱণৰ থানে ॥২৭
লঙ্কা পুৰি হনুমন্তে মধুফল খাইল ।
আশী সহস্ৰ নিশাচৰ মাৰিয়া পেলাইল ॥২৮
ইসব কাৰ্য্যক দেখি জানিলন্ত মনে ।
সবে কথা মাৱত কহিল বিভীষণে ॥২৯
ৰাৱণৰ মাতৃ তাই বুলিয়া নৈকষী ।
সম্বুধি বোলয় বিভীষণক ৰাক্ষসী ॥৩০
দুখ চক্ষু ফুটিল ৰাৱণ ভায়েৰৰ ।
হৰি আনিলেক সীতা জীৱ জনকৰ ॥৩১
সুখে তাক বিধাতায়ে থাকিবে নেদিল ।
শ্ৰীৰামৰ ভাৰ্য্যা সীতা হৰিয়া আনিল ॥৩২
উপজি নগৈলে বেটা নেৱছনি লৈয়া ।
শান্তী কন্যা হৰিলে বাঢ়িলে যেন থৈয়া ॥৩৩
সৰ্ব্ব গাৱ মৰি কৰঙ্গনে বাতি জ্বলে ।
সৰ্ব্বনাশ কৰি ফুৰে কন্যাৰ বিকলে ॥৩৪
অধৰ্ম্মত ৰতি ভৈল সিটো দুৰাচাৰ ।
পতিব্ৰতা কন্যা হিৰলেক পৰদাৰ ॥৩৫
ব্ৰাহ্মণ কুলৰ বেটা ভৈলে অধোগামী ।
পেটত পৰিল ছাৰ পুৰি মৰোঁ আমি ॥৩৬
ৰামৰ সমান বীৰ নাহি ধনুৰ্ধৰ ।
পৃথিবীক উলটাইতে পাৰা একেশ্বৰ ॥৩৭
সাগৰক শুষিতে পাৰয় শৰে হানি ।
ৰণ ভঙ্গে ৰাক্ষস পাই দিশ ছানি ॥৩৮
ৰাজাৰ যেহেন ধৰ্ম্ম প্ৰজায়ে আচৰি ।
তোমাৰেসে ধৰ্ম্মত ৰাক্ষস আছা ধৰি ॥৩৯
ধৰ্ম্ম পথ যুগুতিত তুমি ভৈলা সাৰ ।
ৰাৱণ বুৰাৱে বংশ কৰিয়ো উদ্ধাৰ ॥৪০
তুমিসি আছাহা বাপ কুল নিস্তাৰণ ।
ৰাৱণে ৰামত যেন পশয় শৰণ ॥৪১
সীতা সমৰ্পিবাক বুলিবা বাজনয় ।
মোৰ বচনক বেটা কাণে নুশুনয় ॥৪২
অদ্যপি আছয় শিশুকাল সুমৰণ ।
যৈসানি কোলাত মোৰ আছয় ৰাৱণ ॥৪৩
দুই মুখে তন পান কৰৈ অভিলাষ ।
আৰ আঠ গোটা মুখে মোক চায়া হাসে ॥৪৪
নৈকেষীৰ বাণী বিভীষণে শুনিলন্ত ।
মাৱৰ প্ৰণামি শীঘ্ৰ বেগে চলিলন্ত ॥৪৫