খৰ দুষণ বধ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
সপ্তকাণ্ড ৰামায়ণ
লেখক মাধৱ কন্দলী, শংকৰদেৱ, মাধৱদেৱ
ৰামায়ণ বৃত্তান্ত
  1. আদিকাণ্ড - প্ৰথম অধ্যায়
  2. ৰামায়ণ বৃত্তান্ত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২
  3. ৰাক্ষসৰ কথা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯
  4. সূৰ্যবংশৰ বিৱৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০
  5. দশৰথৰ বিবাহ - কৌশল্যা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২
  6. দশৰথৰ বিবাহ - কৈকেয়ী - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২
  7. দশৰথৰ বিবাহ - সুমিত্ৰা আৰু অন্যান্য ৰাণী - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫
  8. শনিৰ দৃষ্টি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭
  9. শনিৰ বৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০
  10. সিন্ধু মুনি বধ আৰু অভিশাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২
  11. দশৰথৰ বৰ : কৈকেয়ীক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৬
  12. অপুত্ৰক দশৰথৰ চিন্তা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭
  13. ঋষ্যশৃঙ্গৰ কাহিনী - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮
  14. ঋষ্যশৃঙ্গৰ উপস্থিতিত যজ্ঞ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২
  15. দশৰথৰ গৃহত নাৰায়ণৰ অংশৰ স্থিত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৪
  16. পায়স ভক্ষণ আৰু সন্তান জন্ম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪০
  17. জনকৰ ঘৰত সীতাৰ জন্ম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৬
  18. গুহক চণ্ডাল - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৭
  19. ৰাক্ষস বধৰ উদ্দেশ্যে ৰাম - লক্ষণৰ আনয়ন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫০
  20. ৰাম - লক্ষণ আৰু বিশ্বামিত্ৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫২
  21. তাৰকা ৰাক্ষসীক বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫৪
  22. মাৰীচ বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫৬
  23. সীতা স্বয়ম্বৰলৈ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫৮
  24. কান্যকুজ্বৰ বিৱৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬৩
  25. উনপঞ্চাশত বায়ুৰ উত্পত্তি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬৪
  26. অহল্যাৰ শাপ - মুক্তি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬৫
  27. ৰামৰ হৰধনু ভঙ্গ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৭০
  28. স্বয়ম্বৰত যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৭৫
  29. দশৰথক আনিবলৈ কটকী প্ৰেৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৮০
  30. চাৰি ভাইৰ বিবাহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৮২
  31. ৰাম - পৰশুৰাম সংঘৰ্ষ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৮৫
  32. ৰামচন্দ্ৰৰ অযোধ্যালৈ আগমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯২
  33. ৰামচন্দ্ৰক যুৱৰাজ পতাৰ প্ৰস্তাৱ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৩
  34. ৰামচন্দ্ৰৰ অভিষেকৰ আয়োজন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৪
  35. মন্থৰাৰ কুমন্ত্ৰণা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৬
  36. কৈকেয়ীয়ে বৰ বিচাৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৭
  37. দশৰথৰ মনত দুখ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯০২
  38. কৈকেয়ীয়ে ৰামক বৰৰ কথা কয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০৪
  39. ৰাম বনলৈ যাবলৈ ওলায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০৪
  40. লক্ষণৰ ক্ৰোধ আৰু ৰামৰ প্ৰবোধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০৬
  41. বনবাসৰ কথা সীতাক জনায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১০
  42. লক্ষণো বনলৈ ওলায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৪
  43. ৰামচন্দ্ৰৰ বিদায় - প্ৰাৰ্থনা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৫
  44. ৰামচন্দ্ৰৰ বাকলি বস্ত্ৰ পৰিধাণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৭
  45. ৰাম - লক্ষণ - সীতাৰ বনবাস গমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৯
  46. ৰামচন্দ্ৰই প্ৰজাক শান্ত্বনা দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২২
  47. ৰামচন্দ্ৰ - গুহক সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২৩
  48. মন্ত্ৰী সুনম্তক বিদায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২৪
  49. ভৰদ্বাজ মুনিৰ আশ্ৰমত প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২৫
  50. দশৰথৰ মৃত্যু -গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩১
  51. ৰাণীসকলৰ বিলাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৩
  52. কৌশল্যাই কৈকেয়ীক ভৰ্ত্সনা কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৪
  53. ভৰতক মতাই আনে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৫
  54. ভৰতৰ খং - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৭
  55. কুঁজীৰ বিলাই - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৯
  56. কৌশল্যা আৰু ভৰতৰ কথা-বতৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪০
  57. দশৰথ ৰজাৰ প্ৰেতকাৰ্য্য - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪১
  58. ৰামক মাতি আনিবলৈ দিহা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৩
  59. ৰামক বিচাৰি ভৰতৰ যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৪
  60. ভৰত-গুহৰ মিলন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৬
  61. গুহকৰ সাহায্য দান - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৯
  62. ভৰদ্বাজ মুনিৰ অতিথি সত্কাৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫০
  63. চিত্ৰকূটত ৰাম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫১
  64. ভৰতে ৰামক লগ পায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৩
  65. দশৰথৰ মৃত্যুৰ বাতৰিত শোক-প্ৰকাশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৩
  66. ৰামৰ পিণ্ড দান - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৫
  67. ঋষি আৰু মাতৃসকলৰ লগত ৰামৰ সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৫
  68. ৰামৰ খৰম লৈ ভৰতৰ প্ৰত্যাগমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৭
  69. সিংহাসনত খৰম স্থাপন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৮
  70. অৰণ্যকাণ্ড
  71. অত্ৰি ঋষিৰ আশ্ৰমত ৰাম সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৯
  72. দণ্ডকাৰণ্যত ৰামৰ প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৪
  73. ৰামচন্দ্ৰ - সীতাৰ কথোপকথন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৭
  74. ৰামৰ আগত মাণ্ডকৰ্ণি মুনিৰ বৃত্তান্ত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৯
  75. অগস্ত্য মুনিৰ আশ্ৰমত প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৯
  76. জটায়ুৰ লগত সাক্ষাত্ আৰু শূৰ্পনখাৰ নাক - কাণ ছেদন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭১
  77. ৰাক্ষসৰ লগত যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭৫
  78. খৰ দুষণ বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭৬
  79. মাৰীচৰ মৃগৰূপ ধাৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৮৭
  80. ৰাৱণৰ তপস্বী বেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৮৭
  81. সীতাৰ আগত ৰাৱণৰ আত্ম পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯১
  82. ৰাৱণৰ গৰ্ব - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৪
  83. ৰাৱণে সীতাক হৰণ কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৫
  84. ৰামক মাৰিবলৈ ৰাক্ষস নিয়োগ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৮
  85. সীতাই ৰাৱণক অভিশাপ দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৯
  86. সীতাই ৰাৱণক ৰ্ভতসনা কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০০
  87. সীতাক বিচাৰি নেপাই ৰামৰ আক্ষেপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০২
  88. জটায়ুৱে সীতাৰ বাতৰি দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৩
  89. কৱদ্ধৰ লগত সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৫
  90. চম্পা সৰোবৰত ৰাম-লক্ষণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৬
  91. কিষ্কিন্ধ্যাকাণ্ড
  92. ৰামৰ লগত সুগ্ৰীৱৰ মিত্ৰতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৯
  93. ৰামৰ আগত সীতাৰ অলঙ্কাৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১০
  94. বালী বধৰ আয়োজন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১০
  95. বালী - সুগ্ৰীৱৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১৪
  96. ৰামে বালীক বধ কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১৮
  97. বালীয়ে ৰামক তিৰস্কাৰ কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২১
  98. বালীৰ ভাৰ্য্যা তাৰাৰ বিলাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৩
  99. তাৰাৰ অভিশাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৪
  100. সুগ্ৰীৱৰ অভিষেক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৭
  101. সুগ্ৰীৱৰ প্ৰতি ৰামৰ সন্দেহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৮
  102. সুগ্ৰীৱৰ সৈন্য সংগ্ৰহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩২
  103. সসৈন্যে সুগ্ৰীৱ উপস্থিত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৩
  104. বালীপুত্ৰ অঙ্গদৰ দ্ধাৰা ৰাক্ষস বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৬
  105. বানৰ সৈন্যৰ স্বয়ংপ্ৰভা সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৭
  106. বানৰ সৈন্যৰ সমাবেশ : সাগৰ দৰ্শন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৮
  107. জটায়ুৰ মৃত্যুত সম্পাতিৰ শোক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪১
  108. সুপাৰ্শ্বই ৰাৱণ আৰু সীতাক দেখে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৩
  109. সুন্দৰাকাণ্ড
  110. সাগৰৰ পাৰত বানৰ সৈন্যৰ মন্ত্ৰণা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৬
  111. হনুমন্তৰ পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৭
  112. হনুমন্তৰ লঙ্কা যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৯
  113. লঙ্কাৰ বিৱৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫১
  114. হনুমন্তই সীতাক বিচাৰি পায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৬
  115. ৰাৱণৰ কক্ষত সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৫৮
  116. সীতা আৰু হনুমন্তৰ কথোপকথন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৬৩
  117. হনুমন্ত আৰু ৰাক্ষসৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৬৯
  118. হনুমন্ত আৰু জম্বুমালীৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭০
  119. হনুমন্ত আৰু বিৰুপাক্ষৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭১
  120. হনুমন্ত আৰু অক্ষকুমাৰৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭২
  121. ইন্দ্ৰজিত আৰু হনুমন্তৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭৩
  122. হনুমন্তৰ নেজত জুই আৰু লঙ্কা দাহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭৭
  123. হনুমন্তৰ প্ৰত্যাগমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮০
  124. বানৰ সৈন্যই মধুফল খায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৪
  125. হনুমন্তই ৰামক সীতাৰ বাতৰি দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৫
  126. ৰাম-লক্ষণৰ লঙ্কা যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৭
  127. ৰাৱণক বিভীষণৰ সজ উপদেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৯
  128. ৰাৱণৰ কুমন্ত্ৰণা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৯০
  129. বিভীষণক ৰাৱণৰ পদাঘাত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৯২
  130. লঙ্কাকাণ্ড
  131. ৰামৰ সৈন্যবল সম্পৰ্কে জানিবলৈ ৰাৱণৰ আগ্ৰহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৯৮
  132. ৰাৱণৰ ছলনা আৰু সীতাৰ বেজাৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩০৩
  133. ৰাৱণক সজউপদেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩০৬
  134. সুবেল পৰ্বতত ৰাম-লক্ষণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩০৮
  135. ৰাম-লক্ষণৰ নাগপাশ মোচন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩১২
  136. ধুম্ৰাক্ষৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬২১
  137. সেনাপতি ব্ৰজদ্ৰংষ্ট - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৩
  138. প্ৰহস্তৰ যুদ্ধযাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৫
  139. অনেক ৰাক্ষসৰ যুদ্ধ আৰু পতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৭
  140. ৰাৱণৰ যুদ্ধ যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৮
  141. লক্ষণৰ হাতত ৰাৱণৰ পৰাজয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৯
  142. কুম্ভকৰ্ণৰ যুদ্ধ - যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৩৫
  143. কুম্ভকৰ্ণৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৩৮
  144. ৰাম-লক্ষণৰ হাতত কুম্ভকৰ্ণৰ পতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৪৩
  145. অতিকায় ৰাক্ষসৰ যুদ্ধ আৰু পতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৪৬
  146. ইন্দ্ৰজিতৰ যুদ্ধ : ৰাম-লক্ষণ অচেতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫১
  147. হনুমন্তই ঔষধ আনি জীৱন দান দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৩
  148. বানৰ সৈন্যৰ আক্ৰমণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৪
  149. কুম্ভ নিকুম্ভৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৬
  150. ইন্দ্ৰজিতৰ পুনৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৯
  151. ৰামক বিভীষণৰ প্ৰবোধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৬২
  152. ইন্দ্ৰজিত বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৬৫
  153. ৰাৱণৰ ক্ৰোধ আৰু সীতাক হত্যা কৰিবলৈ উদ্যত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৭৩
  154. লক্ষণৰ শক্তিশেল - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৭৯
  155. হনুমন্তৰ গন্ধমাদন আনয়ন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৮৫
  156. গন্ধমাদন পুনৰ থৈ আহে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৮৮
  157. ৰাম ৰাৱণৰ যুদ্ধ : ৰাৱণ বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৯০
  158. ৰামৰ আগত সীতাৰ উপস্থিতি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৯৯
  159. সীতাৰ অগ্নি পৰীক্ষা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪০২
  160. ৰামৰ অযোধ্যালৈ যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪০৭
  161. অযোধ্যাত ৰামৰ প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪১০
  162. ৰামচন্দ্ৰৰ ৰাজ্যাভিষেক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪১৬
  163. হনুমন্ত প্ৰভৃতিৰ অযোধ্যা ত্যাগ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪১৭
  164. উত্তৰা কাণ্ড
  165. সীতাৰ বনবাস - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২০
  166. বাল্মীকিৰ আশ্ৰমত লৱ-কুশৰ জন্ম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২১
  167. ৰামৰ অশ্বমেধ যজ্ঞ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২২
  168. লৱ-কুশৰ ৰামায়ণ কথন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২৭
  169. হনুমন্তৰ জন্ম পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৩৩
  170. লৱ-কুশৰ পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৩৬
  171. সীতাক আনিবলৈ হনুমন্তক প্ৰেৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৩৭
  172. ৰামৰ ৰাজসভাত সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪১
  173. সীতাৰ বেজাৰ আৰু পাতাল প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪২
  174. পৃথিৱীৰ প্ৰতি ৰামৰ ক্ৰোধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪৬
  175. পাতালত সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪৭
  176. ভৰতৰ পুত্ৰক ৰাজ্য দান - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪৮
  177. ৰামৰ লক্ষণ বৰ্জন - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৫২
  178. লক্ষণক বিচাৰি ৰামৰ বন যাত্ৰা - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৫৮
  179. ৰামচন্দ্ৰৰ স্বৰ্গযাত্ৰা - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৬৪
৮ অধ্যায় ।


খৰ দূষণ বধ
পদ

ৰাক্ষসক মাৰি ৰামে ৰণ জয় ভৈলা ।

ৰঙ্গমনে আপোন থানক লাগি গৈলা ॥১

সীতায়ে লক্ষ্মণে দেখিলন্ত দূৰে বসি ।

ৰাহুত মুকুত যেন পূৰ্ণিমাৰ শশী ॥২

ৰাম সীতা লক্ষ্মণে কৌতুক বৰ পাইল ।

একথান হুয়া তিনি ভল মূল খাইল ॥৩

সুমিত্ৰাৰ সুত যেবে বাৰ্ত্তাক পুছিলা ।

আপোনাৰ জয় কথা সমস্তে কহিলা ॥৪

চৌধয় ৰাক্ষস ৰামে মাৰিলন্ত লখি ।

আগ পাচ চাহন্তে পলাইল শূৰ্পনখী ॥৫

ৰামৰ বীৰত্ব দেখি বৰ ভয় ভৈল ।

খৰৰ আগত গৈয়া কান্দিবাক লৈল ॥৬

খৰে বোলে মাৱ কেনে বিলাপ কৰস ।

বৈৰ মাৰিবাক গৈল চৌধয় ৰাক্ষস ॥৭

আৰ কিবা সতকাৰা কৰিবোঁ তোমাৰ ।

ঝাণ্ট কৰি কহ মাৱ সাধো প্ৰতিকাৰ ॥৮

শূৰ্পনখা বোলে তই কি কাৰ্য্য কৰিবি ।

ৰামৰ হাতত খৰ আপুনি মৰিবি ॥৯

ৰাঘৱে মাৰিলে তোৰ চৌধয় ৰাক্ষস ।

দণ্ডকৰ বনে তই বীৰ বোলাৱস ॥১০

তোহোৰ বীৰত্ব নিতে ঋষি মাৰি খাস ।

ঝাণ্টে বন পৰিহৰি দেশক ন যাস ॥১১

দুঃখ সাগৰত মোৰ নাহিকে উদ্ধাৰ ।

তই বীৰ ভৈলে পৃথিবীৰ মহাভাৰ ॥১২

ৰাৱণৰ ভাই হুয়া ভৈলি কুলাঙ্গাৰ ।

এহি মুখে মোহোৰ কৰিবি প্ৰতিকাৰ ॥১৩

ৰাৱণৰ আগে তই মুনিষ বোলাইলি ।

ৰাক্ষসগণৰ তই অধিকাৰ পাইলি ॥১৪

আপোনাৰ প্ৰাণ খালি ৰাখিবাক চাইলি ।

চৌধগুটি বপুৰাক মিছাত মৰাইলি ॥১৫

শ্ৰীৰাম লক্ষ্মণ দুইক বীৰ ভালে জান ।

মোহোৰ বাক্যৰ তই জানিবি প্ৰমাণ ॥১৬

ৰাৱণৰ বহিনীৰ গতি হেন মান ।

প্ৰতিকাৰ নোহে যেৱে তেজিবোঁ পৰাণ ॥১৭

কোপকৰি খৰে বোলে খৰতৰ বাক ।

কি কাৰণে মাৱ হেন বোলস আমাক ॥১৮

তোৰ দুঃখ দেখি মোৰ দহে সৰ্ব্বগাত্ৰ ।

মাৰিবোঁ ৰামক আজি মানুষসে মাত্ৰ ॥১৯

দুই ভাইক মাৰিয়া পঠাইবোঁ যমঘৰ ।

কোটিয়েকো ৰামে মোৰ নোহে সমসৰ ॥২০

গদাহানি ৰাম লক্ষ্মণৰ হৰোঁ জীৱ ।

দুহানো শোণিত আজি ধৰণীত পীৱ ॥২১

শুনা বোলোঁ বহিনী কৰিয়ো মনৰঙ্গ ।

শুনিয়াছ কহিত আমাৰ ৰণভঙ্গ ॥২২

ইন্দ্ৰ আদি কৰিয়া যতেক আছে দেৱ ।

সমৰত আমাৰ সমান নাহি কেৱ ॥২৩

হেন শুনি শূৰ্পনখা উল্লসি গৈলেক ।

আশেষ প্ৰসংশা তাক বুলিবে লৈলেক ॥২৪

ভৈলাহাঁ সাৰ্থক তুমি ৰাৱণৰ ভাই ।

ৰঙ্গমন ভৈলোহোঁ বিপুল বল পাই ॥২৫

খৰে বোলে দূষণ শুনহ মোৰ বাণী ।

সব সাজে ৰথ খান সাজি দেহ আনি ॥২৬

চৌধয় সহস্ৰ আৰো ৰাক্ষসৰ বল ।

এতিক্ষণে সব সাজে চলাউ সকল ॥২৭

সেনাপতি দূষণেয়ো সৈন্যক সজাইল ।

সবে অস্ত্ৰ শস্ত্ৰ নিয়া ৰথত চৰাইল ॥২৮

টাঙ্গি চুৰি কটাৰি শকতি ধনুশৰ ।

পৰশু মুষল ভেন্দিপাল মুদ্গৰ ॥২৯

ত্ৰিকণ্টক পৰিঘ পাষাণ কুন্ত প্ৰাষ ।

গদা বজ্ৰ লোহাৰ ত্ৰিশূল নাগপাশ ॥৩০

অৰ্দ্ধচন্দ্ৰ চন্দ্ৰহাঁস খড়্গ পটিশ ।

শতঘ্নী তোমৰ শৰ বেলেখ কুলিশ ॥৩১

খৰ বীৰ বচন দূষণে শিৰে লৈল ।

সুবৰ্ণে মণ্ডিত ৰথ আগে নিয়া থৈল ॥৩২

তাহাত চৰিল খৰ যুঝিবাক মন ।

মেৰুৰ শিখৰে যেন কাল মেঘ খন ॥৩৩

চতুৰ্দ্দিশে বেঢ়ি যাই নিশাচৰ বলে ।

যেন কাল পৰ্ব্বত মেঘ খন চলে ॥৩৪

চলয় ৰামক ধৰি তেজয় আটাস ।

জলন্ত অগ্নিত যেন পতঙ্গৰ ঝাস ॥৩৫

খৰৰ ঘোটক সবে আকাশক জাম্পে ।

ৰথভৰে সকল পৃথিবীখন কাম্পে ॥৩৬

উদয়াস্ত গিৰি মেৰু মন্দৰ টলিল ।

স্বৰ্গ মাজে দেৱতাৰ হৃদয় লৰিল ॥৩৭

খৰ মহাবীৰ যেবে যুদ্ধক চলিল ।

ৰথৰ উপৰে তাৰ শগুণ পৰিল ॥৩৮

ৰুধিৰৰ বৰ্ণ গাৱে আকাশে উদয় ।

মাংস শোণিতৰ হাৰ পুষ্পে বষিয়ে ॥৩৯

যেনোঁ পূৰ্ব্বকালে ৰাহু সূৰ্য্যক গ্ৰসিল ।

পাতাল পৃথিবী কাম্পে নিৰ্ঘাত পৰিল ॥৪০

গৰ্দ্দভে কাঢ় ৰাৱ শৃগালে নাদয় ।

ৰামৰ লোকৰ মাংস ভুঞ্জিতে সাধয় ॥৪১

দক্ষিণ দিশত পৰি ৰাৱে ঢোণ্ডা কাক ।

মুখত অগনি নিকলয় জাকে জাক ॥৪২

ৰাম হাত পাৱ চক্ষু ফুৰে নিৰন্তৰ ।

উতপাত দেখি বৰ বুলিলেক খৰ ॥৪৩

হেন লক্ষ গুণ যদি হোৱে উতপাত ।

তথাপিতো মোহোৰ কটাক্ষো নাহি আত ॥৪৪

মোক বুলি অজয় বিজয় বীৰ খৰ ।

ত্ৰিভুবন জিনিতে শকত একেশ্বৰ ॥৪৫

খৰ বীৰবচনে নিৰ্ভয় সবে ভৈল ।

চতুৰ্দ্দিশে বেঢ়ি নিশাচৰ বল গৈল ॥৪৬

আকাশত কৌতুকে যতেক দেৱগণ ।

আসিয়া মিলিল যুদ্ধ চাহিবাক মন ॥৪৭

স্যেনগামী পৃথুশ্যাম যস্ত্ৰ শত্ৰু বীৰ ।

দুৰ্জ্জয় পৰবীৰাক্ষ বিহঙ্গম ধীৰ ॥৪৮

পুৰুষ কলিকামুক মেঘমালী খ্যাত ।

বৰাস্য ৰুধিৰাসন মহামালী তাত ॥৪৯

বাৰ বীৰ লৰি গৈল খৰ বীৰ আগে ।

আৰো চাৰি বীৰ মহা দূষণৰ লগে ॥৫০

স্থূলাক্ষ প্ৰমাথি আউৰ মহাকপাল ।

লড়িগৈলা ত্ৰিশিৰা পিছত যত কাল ॥৫১

বাসবক ধাৰে যেন দৈত্যগণ ধাইল ।

নিশাচৰ বলে ৰাঘৱৰ পাশ পাইল ॥৫২

বিদূৰতে ৰামৰ সৈন্যক লক্ষ্য গৈল ।

লক্ষ্মণক সম্বুধিয়া বুলিবাক লৈল ॥৫৩

দেখ দেখ লখাই পৰিহৰ বনফল ।

শূৰ্পনখা চলাইলেক নিশাচৰ বল ॥৫৪

শ্ৰাৱণৰ মেঘে যেন ঢাকিল গগন ।

নিশাচৰ বল হেৰা পাইল দৰিশন ॥৫৫

আজিসি মিলিল আসি প্ৰথম সমৰ ।

ৰথৰ উপৰে দেখ মহাবীৰ খৰ ॥৫৬

উতপাত দেখ সব সৈন্যৰ উপৰে ।

সকল ৰাক্ষস মাৰিবোহোঁ একেশ্বৰে ॥৫৭

মোৰ বোলে লখাই হাতে ধনু শৰ ধৰ ।

জানকীক লৈয়া যাহা গহ্বৰ ভিতৰ ॥৫৮

আমাৰ শকতি জানি নেদিবি উত্তৰ ।

জানকী সীতাক মাত্ৰ ভালে ৰক্ষাকৰ ॥৫৯

ৰাঘৱৰ বচনক শিৰে তুলি লৈলা ।

জানকীক লৈয়া গিৰি গহ্বৰক গৈলা ॥৬০

হেন দেখি ৰামচন্দ্ৰে হৰিষক পাইলা ।

অভেদ সন্নাহ নিয়া গাৱত চৰাইলা ॥৬১

সুৱৰ্ণ সন্নাহ লৈলা বাকলি এৰিয়া ।

আদিত্য উদয় যেন আন্ধাৰ ফেড়িয়া ॥৬২

হাতে ধনু ধৰি ৰাম মেদিনীত থিউ ।

ৰাক্ষস বলৰ দেখি উৰি গৈল জীউ ॥৬৩

তীৰক পাইলেক যেন সাগৰৰ জল ।

দমকিয়া থাকি গৈল ৰাক্ষসৰ বল ॥৬৪

সৈন্যক আকলি ৰামে থাকি গৈল হাসি ।

ৰাক্ষসৰ বলে বেঢ়ি গালি পাৰে আসি ॥৬৫

কেহোঁ বোলে ধৰ ধৰ কেহোঁ বোলে মাৰ ।

মানুষ গোটক কেনে ৰাখি আছোঁ আৰ ॥৬৬

সৈন্য তম্ভিবাৰ দেখি বাৰ্ত্তাক ন পাইল ।

খৰ বীৰে দূষণক বাক্য পুৰুজাইল ॥৬৭

শুনৰে দূষণ তই মোহোৰ বচন ।

কি কাৰণে স্তম্ভিয়া ৰহিল সৈন্যগণ ॥৬৮

সাগৰ স্তম্ভিল যেন কাখৰক পাই ।

ইহাৰ কাৰণ ভাই দেখি আস যাই ॥৬৯

দূষণে দেখিয়া আসি খৰত জনাইল ।

ৰামক দেখিয়া সব প্ৰজাভয় পাইল ॥৭০

একল ৰামক দেখি কৌতুকক পাইল ।

চন্দ্ৰক গ্ৰসিতে যেন ৰাহুয়ে কিটাইল ॥৭১

সাৰথিক বোলয় সত্বৰে ৰথ ডাক ।

ৰামৰ পাশক লাগি চপাউ আমাক ॥৭২

সাৰথিয়ে ৰথ নিয়া চপাইলেক কোল ।

ধৰ ধৰ বুলি বৰ উথলিল ৰোল ॥৭৩

চতুৰ্দ্দিষে বেঢ়িয়া বোলয় মাৰ মাৰ ।

গদা মুদ্গৰ হানে শকতি কুঠাৰ ॥৭৪

মেৰুক বেঢ়িয়া যেন বাৰিষাৰ মেঘে ।

ৰামক বেঢ়িয়া শৰ বৰিষয় বেগে ॥৭৫

ৰাক্ষসৰ অস্ত্ৰ যেন নদী যাই বহি ।

ৰাঘৱে সাগৰে তাক থাকি গৈলা ৰহি ॥৭৬

পৰিঘ পট্টিশ পড়ে পাষাণ ত্ৰিশূল ।

অৰ্দ্ধচন্দ্ৰ ছুৰিপাশ আদি অস্ত্ৰ মূল ॥৭৭

শতঘ্নী ত্ৰিকণ্টক পৰিল বহুত ।

দেখিয়া হাসন্ত ৰাম দশৰথ সুত ॥৭৮

ৰামক বেঢ়িল দেখি নিশাচৰ বলে ।

আকাশত ডৰি গৈল দেৱতা সকলে ॥৭৯

কণাকণি লাগি গৈল দেখন্ত সংশয় ।

ৰাঘৱে জিনন্ত কিবা ৰাক্ষসে জিনয় ॥৮০

চৌধয় সহস্ৰ ৰাক্ষসৰ শৰ জাক ।

ধৰ ধৰ মাৰ মাৰ উথলিল বাক ॥৮১

হৈ হৈ শবদে দিলন্ত কোলাহল ।

প্ৰচণ্ড বাৱত যেন সাগৰ আম্ফাল ॥৮২

ক্ৰোধিলন্ত ৰাম যেন কালান্তক ৰুদ্ৰ ।

মাৰোঁ আজি ৰাক্ষস পিম্পৰাবল ক্ষুদ্ৰ ॥৮৩

টঙ্কাৰ কৰিলা ৰাম ধনুৰ আম্ফাল ।

নিৰন্তৰে ৰাক্ষসৰ কাণে দিল তাল ॥৮৪

জগতৰ নাথে ক্ৰোধ কৰিয়া মনত ।

এক কৌটি নৰাচক চৰাইলা গুণত ॥৮৫

কাটন ফুটন বান গুণৰ ছুটিল ।

বায়ুবেগে গৈয়া সবে সেনাত ফুটিল ॥৮৬

শ্ৰীৰাম চন্দ্ৰ শৰ ব্যৰ্থক ন যাই ।

ৰাক্ষস বলক সবে বেঢ়ি বেঢ়ি খাই ॥৮৭

যাৰ গাত পৰে সিটো তেতিক্ষণে মৰে ।

কতো কতো অস্ত্ৰ দেখিলাতে প্ৰাণহৰে ॥৮৮

পলায় ৰাক্ষস বল নাহিকে বিশ্ৰাম ।

যি দিশক পলায় আগত দেখে ৰাম ॥৮৯

শ্ৰীৰামচন্দ্ৰৰ শৰ যেন যম দণ্ড ।

সহস্ৰ সংখ্যাত কৰিলন্ত খণ্ড খণ্ড ॥৯০

শৰ অগনিত ৰাক্ষসৰ ছাৰ খাৰ ।

সূৰ্য্যৰ কিৰণে যেন ফেৰিল আন্ধাৰ ॥৯১

বহ্নিলাগি যেহেন পুৰিল বাঁশবন ।

ৰামৰ নৰাচে ৰাক্ষসক কৰে ছন্ন ॥৯২

শৰৰ প্ৰহাৰে নিশাচৰ বল ছেদি ।

মাংস ভৈল কৰ্দ্দম শোণিতে ভৈল নদী ॥৯৩

অস্ত্ৰে ভৈল ঝাঝি কেশে যেহেন শেৱাল ।

দেখিয়া হাসন্ত ৰাম ত্ৰিভুৱন পাল ॥৯৪

দেখিলন্ত ৰাম তিনিভাগ ৰণ শেষ ।

গন্ধৰ্ব্ব অস্ত্ৰক হানিলন্ত হৃষীকেশ ॥৯৫

আশেষ বলক মাৰি যমল ডাকিল ।

কিছুমাত্ৰ আৱশেষ সেনাৰ থাকিল ॥৯৬

যিবা কিছু বল ৰণে নভৈলেক ছন্ন ।

আশ্বাস বচনে তাক বুলিলা দূষণ ॥৯৭

মই মাৰোঁ ৰামক হুয়োক সন্ধুক্ষণ ।

সৈন্যক চাহিয়া হেন বুলিল বচন ॥৯৮

দিব্য এক শৰক ৰাঘৱে তুলি লৈল ।

দূৰহন্তে তাহাক খৰৰ লক্ষ্য গৈল ॥৯৯

মায়া অস্ত্ৰ ধৰি পাচে ক্ৰোধ বৰ কৰি ।

হুংবুলি ৰাঘৱক হানিলেক ধৰি ॥১০০

মায়া অস্ত্ৰ খৰৰ ৰামক লাগি যাই ।

অগনি গুণ্ডক যেন গগনে উধাই ॥১০১

ৰামে মায়া অস্ত্ৰ হানিলন্ত তেতিক্ষণ ।

অস্ত্ৰে অস্ত্ৰ লাগি আকাশত ভৈলছন্ন ॥১০২

অস্ত্ৰ গোট খৰৰ নিষ্ফল যেবে ভৈল ।

যমদণ্ড সদৃশ শৰেক ৰামে লৈল ॥১০৩

জলন্ত অগ্নিত যেন দহে তৃণবণ ।

ৰাঘৱৰ শৰে সবে প্ৰজা ভৈল ছন্ন ॥১০৪

সৈন্য পৰিবাৰ দেখি দূষণে খঙ্গাইল ।

সচল পৰ্ব্বত যেন ৰাঘৱক ধাইল ॥১০৫

ধনুত জুড়িয়া আনি পাঞ্চটা নৰাচ ।

হৃদয়ত ফুটিয়া বজাইল পিঠিপাছ ॥১০৬

ৰুধিৰে প্ৰকাশৈ আতি শ্যাম শৰীৰত ।

তমোময় দেখিলন্ত ৰাম ভগৱন্ত ॥১০৭

ক্ষণেকে চেতন পাই কোপে ৰঘুৰাজ ।

ষাঠি শৰে ভেদিলন্ত হৃদয়ৰ মাঝ ॥১০৮

অচেতন হুয়াবীৰ পৰিল ৰথত ।

জীৱ আসি ভৈল স্বস্থ পাইল ক্ষণিকত ॥১০৯

ধনু ধৰি বোলে আজি লৈবোহোঁ পৰাণ ।

ৰাঘৱক হানিলেক অসংখ্যাত বাণ ॥১১০

ৰাঘৱে দেখন্ত শৰে চতুৰ্দ্দিশে চাইল ।

আপোনাৰ শৰ হানি কাটিয়া পেলাইল ॥১১১

শৰ ছন্ন দেখি বীৰ কোপে জ্বলি গৈল ।

তিনি পাট ভল্ল শৰ হানিয়া পঠাইল ॥১১২

দেখি ৰামচন্দ্ৰে শৰ প্ৰহাৰিলা ডাটি ।

ৰাঘৱৰ বানে তাক পেহ্লালেক কাটি ॥১১৩

পাছে ৰামে প্ৰহাৰিল একপাট বান ।

দূষণৰ হাততে কাটিল ধনুখান ॥১১৪

ধনু কাটিবাক দেখি দূষণ খঙ্গাইল ।

পৰ্ব্বত শিখৰ সম পৰিঘেক পাইল ॥১১৫

বাজৰ লোহাক শুদ্ধ সুবৰ্ণে জড়িল ।

চতুৰ্দ্দিকে তাক বজ্ৰ অগনি গঢ়িল ॥১১৬

চাহিতে নোৱাৰি অস্ত্ৰ যেহেন আদিত্য ।

ত্ৰিদশ দেৱতা দেখি ভৈল ভয়ভীত ॥১১৭

সুৰাসুৰগণ দিশাদিশ পলাই গৈল ।

চমতকাৰ আদিত্য মেঘৰ আৰ ভৈল ॥১১৮

দুই হাতে ধৰিয়া দূষণ বীৰে ধাইল ।

যমদণ্ড লৈয়া যমে যেহেন কিটাইল ॥১১৯

শিখৰ সহিতে যেন পৰ্ব্বতেক যাই ।

আতি মদ গৰ্ব্বত কাহাকো নডৰাই ॥১২০

যেন বৃত্ৰ অসুৰে ইন্দ্ৰক ৰণে ধাইল ।

পৰিঘ ধৰিয়া ৰাঘবৰ পাশ পাইল ॥১২১

দেখিয়া ৰামৰ কিছু মন গৈল ভাগি ।

হানিলা সহস্ৰ শৰ পৰিঘেক লাগি ॥১২২

পৰিঘত পৰি শৰ গৈল দশোদিশ ।

বৰিষণ জলে পৰ্ব্বতক কৰে কিস ॥১২৩

আগ মুড়ি যুড়ি শৰ ভূমিত পৰিল ।

দেখিয়া ৰামৰ বৰ হৃদয় কম্পিল ॥১২৪

পৰিঘ বিনাশ নাই মনত গুণিল ।

খুৰ পতি অস্ত্ৰ দুই গুণত যুৰিল ॥১২৫

সেহি অস্ত্ৰ হানি কতো দূৰক খেদিল ।

পৰিঘে সহিতে দুই বাহুক ছেদিল ॥১২৬

বাহু ছেদ ভৈল বীৰ ভূমিত পৰিল ।

একতৰে সাতোখান পৃথিবী লৰিল ॥১২৭

প্ৰমত্ত হস্তিৰ যেন দাত কাঢ়ি লৈল ।

দূষণ বীৰৰ হেন মতে প্ৰাণ গৈল ॥১২৮

দূষণ পৰিল দেখি খৰে খঙ্গে আইল ।

মাৰোঁ মাৰোঁ বুলি পাছে ৰাঘৱক ধাইল ॥১২৯

ত্ৰিশিৰা বোলয় ক্ৰোধ কৰা উপশাম ।

দেখিয়োক এতিক্ষণে মাৰিবোহোঁ ৰাম ॥১৩০

ৰাম অগনিক আজি নিৰগ্নি কৰিবোঁ ।

নুহিৰাম শৰে পৰি স্বৰ্গক চলিবোঁ ॥১৩১

ত্ৰিশিৰাৰ বোলে খৰ মনে পৰিভাই ।

ৰামক যুঝিবে লাগি তাহাক পঠাই ॥১৩২

ত্ৰিশিৰা বীৰক যেবে পঠাইলেক খৰে ।

হৃদয়ত ৰামৰ বিন্ধিলে দশশৰে ॥১৩৩

শৰৰ প্ৰহাৰ যেবে ৰাঘৱে পাইলন্ত ।

ক্ষুদ্ৰ হৰিণক যেন সিংহয়ে ধাইলন্ত ॥১৩৪

ৰথে টৰি যুঝয় ত্ৰিশিৰা মহাবীৰ ।

ক্ৰোধিল ৰামৰ দেখি নসহে শৰীৰ ॥১৩৫

বায়ুবেগে চৌধ পাট শৰ প্ৰহাৰিল ।

বজ্ৰ যেন ত্ৰিশিৰাৰ হিয়াত ফুটিল ॥১৩৬

ষোলশৰ মাৰি চাৰি ঘোড়াক কাটিল ।

একবানে ধ্বজ কাটি ভূমিত পাৰিল ॥১৩৭

আউৰ সাত শৰ মাৰি ৰথক ভেদিল ।

আঠ শৰে সাৰথিৰ কন্ধক ছেদিল ॥১৩৮

অন্তৰীক্ষ ভাৱে তাক নে দেখিল কেৱ ।

হাতে ধনুশৰ মেদিনীত দিল ডেৱ ॥১৩৯

ক্ৰোধিলেক ত্ৰিশিৰা কম্পায় কলেৱৰ ।

হৃদয়ত ৰামৰ ভেদিল দশ শৰ ॥১৪০

ত্ৰিশিৰাক বহুশৰে ৰাঘৱে ভেদিল ।

নৱ শৰ হানি তিনি শিৰক ছেদিল ॥১৪১

তিনি শৃঙ্গ কটা যেন পৰ্ব্বত টলিল ।

অনেক শোণিত তিনি কন্ধৰ ঝৰিল ॥১৪২

ত্ৰিশিৰা পৰিল ৰণে দেখি আছে খৰ ।

মনত গুণয় এবে ভৈলোঁ একেশ্বৰ ॥১৪৩

ৰামৰ শকতি দেখি বোলে বীৰ খৰ ।

কিনো ইতো অদ্ভুত শকতি মানুষৰ ॥১৪৪

চক্ষু মুদিলেয়ো আৰ ভয় নপলাই ।

ইহেন সমৰ এৰিবাকো নুযুৱাই ॥১৪৫

নিশাচৰ বল পলাই দশোদিশ যাই ।

ৰামৰ অবাধ্য শৰে খেদি খেদি খাই ॥১৪৬

খৰে বোলে সাৰথি সত্বৰে ডাক ৰথ ।

আজিসে দেখিবি মোৰ যুঝৰ মহত ॥১৪৭

ৰামক মাৰিয়া যম কবলে পঠাওঁ ।

নুহি সংগ্ৰামত পৰি স্বৰ্গে চলি যাওঁ ॥১৪৮

সাৰথিয়ো তেতিক্ষণে চলাইলেক ৰথ ।

শৰে হানি নিৰোধিল মাৰুতৰ পথ ॥১৪৯

দশোদিশ নিৰোধিল মহাবীৰ খৰে ।

নিৰন্তৰে আকাশক ছানিলেক শৰে ॥১৫০

বায়ুৰ সঞ্চাৰ নাই ইকূল সিকূল ।

সূৰ্য্যৰশ্মি নাশি ভৈল আন্ধাৰ বিপুল ॥১৫১

মেঘে ঢাকিলেক যেন সূৰ্য্য আড়ভৈল ।

খৰে বোলে বৈৰ মৰি যম ঘৰে গৈল ॥১৫২

ক্ৰোধে ৰাম দেৱে ধনু আম্ফাল কৰিল ।

একেবাৰে স্বৰ্গ মৰ্ত্ত পাতাল লৰিল ॥১৫৩

আপোনাৰ শৰে তাৰ বানক ছেদিল ।

সহস্ৰেক শৰে তাৰ শৰীৰ ভেদিল ॥১৫৪

চৌত্ৰিশ অস্ত্ৰকো ভালে দুই হন্তো জানন্ত ।

নৰাচ তোমৰ শৰ দুহন্তো হানন্ত ॥১৫৫

দুহন্তৰো শৰসবে ছানিলা গগন ।

আউৰে আউৰে লাগি শৰ আকাশত ছন্ন ॥১৫৬

হাতে ধনুৰ্ব্বাণ খৰ ৰথে ভৈল থিত ।

সুৰাসুৰ গণে দেখি ভৈল ভয় ভীত ॥১৫৭

সিংহক দেখিয়া যেন সিংহয়ে কিটাইল ।

ৰামক দেখিয়া খৰ মহাবীৰে ধাইল ॥১৫৮

ধনুৰ্ব্বাণ ধৰি ৰাম যুঝন্ত আছন্ত ।

টঙ্কাৰ কৰিয়া ৰাম সমৰে নাচন্ত ॥১৫৯

খুৰপতি বানে তাৰ ধনুক ছেদিল ।

অনেক সহস্ৰ শৰে শৰীৰ ভেদিল ॥১৬০

আন ধনু ধৰি খৰে শৰ প্ৰহাৰিল ।

ৰাঘৱৰ ধনু ছেদি কৱচ কাটিল ॥১৬১

ৰামৰ কৱচ ধনু মাটিতে পৰিল ।

হেন দেখি খৰে বৰ আটাসেক দিল ॥১৬২

উভফোল কৰিয়া খৰৰ শৰে বহে ।

বিহ্বল ভৈলন্ত ৰাম শৰীৰ নসহে ॥১৬৩

কতো বেলি ৰঘুনাথে চেতন পাইলন্ত ।

অগস্তি দিবাৰ ধনু তুলিয়া লৈলন্ত ॥১৬৪

জাজ্জ্বল্য সমান কোপে জগতৰ বাপে ।

বিষ্ণুৰ শৰক নিয়া যুৰিলন্ত চাপে ॥১৬৫

আগ পাছ মন কৰি ভৈলা সব সাজ ।

শৰে হানি ছেদিলন্ত সুৱৰ্ণৰ ধ্বজ ॥১৬৬

ক্ৰোধিয়া বোলন্ত আজি লৈবোহোঁ পৰাণ ।

দুই তন মাজত হানিলা দশবান ॥১৬৭

খৰতৰ প্ৰহাৰে কোপিত ভৈল খৰ ।

হৃদয়ত ৰামৰ বিন্ধিলা দশশৰ ॥১৬৮

দুই হন্তৰো শৰে দুয়ো ভৈলন্ত জৰ্জ্জৰ ।

পঙ্কাকুল ভৈলন্ত ৰুধিৰে কলেৱৰ ॥১৬৯

একেবাৰে ধনুশৰ দুই হন্তো ধৰিল ।

অনেক সহস্ৰ শৰ দুয়ো প্ৰহাৰিল ॥১৭০

পুষ্পিত পলাশ সম দুইৰো কলেৱৰ ।

দুৰ্ঘোৰ ৰণত দুয়ো বীৰসম সব ॥১৭১

ৰামে পাছে তিনিশৰ হিয়াত তাড়িল ।

এক বাণে ধ্বজ কাটি ভূমিত পৰিল ॥১৭২

ধনুকাঢ়ি সাৰথিৰ কন্ধক ছেদিল ।

মৰিয়া সাৰথি পাছে ভূমিত পৰিল ॥১৭৩

ৰথ ভঙ্গ দেখিয়া খৰৰ হৃদি খেদ ।

মোৰ ৰথ ভাঙ্গিলেক অভেদ অছেদ ॥১৭৪

ত্ৰিদশয়ো দেখন্ত খৰৰ ৰথ ভঙ্গ ।

বৈৰৰ বিপত্তি দেখি আতি বৰৰঙ্গ ॥১৭৫

আকাশত থাকিয়া কৌতুক আতিমনে ।

দুন্দুভি সম্বাদ কৰিলন্ত ঘনে ঘনে ॥১৭৬

গদাধৰি খৰে ধৰণীত ডেৱ দিল ।

পৃথিবী কম্পিয়া সাতো পাতাল লৰিল ॥১৭৭

ৰাঘৱে বোলন্ত খৰ শুনৰে পাপিষ্ঠ ।

সকলো ঋষিৰ তই চিন্তিল অনিষ্ট ॥১৭৮

দণ্ডকা বনত তই ভৈলি মন্দৰোগ ।

তোক ৰাখিবেক খানিতেকো নুহি যোগ ॥১৭৯

অন্যায় কৰিলি যত তাৰ ফল পাইবি ।

মোহোৰ হাতত বেটা যমঘৰে যাইবি ॥১৮০

হেন শুনি খৰে পাছে বুলিলেক বাণী ।

মোহোক মাৰিবে এতিক্ষণে কেনে জানি ॥১৮১

মিচাত কৰস ৰাম মনত উল্লাস ।

গদাৰ চোটত কিবা যমঘৰে যাস ॥১৮২

অলপিক মনুষ্য তোহোৰ আছে ধিক ।

বীৰহুয়া বীৰক গৰিহা কৰ কিক ॥১৮৩

গুণবন্ত জনৰ আনেসে গুণ কহে ।

সুগন্ধ পুষ্পৰ গন্ধ পবনেসে বহে ॥১৮৪

ত্ৰিদশ দেৱতা তোৰ হোক অনুবল ।

তথাপিতো মাৰিতোক নিবোঁ ৰসাতল ॥১৮৫

হাতে গদা ধৰি খৰে ৰামক কিটাইল ।

যেন নাৰায়ণক কৈটব বীৰে ধাইল ॥১৮৬

হানিলেক গদা গোট যেন যম দণ্ড ।

টল বল কৰয় মেদিনী সাতো খণ্ড ॥১৮৭

খলকিল সাগৰ লৰিল নাগ পুৰ ।

ৰথে চৰি চমকিল দেৱতা অসুৰ ॥১৮৮

গদাবহি যাই যেৱে ৰামৰ সন্নিত ।

মনত তৰষি ভৈলা বিহ্বল চৰিত ॥১৮৯

শৰ হানিবোহোঁ হেন কৈলা বিমৰিষ ।

এনি সাপে পৰ্ব্বতক কৰিবেক কিস ॥১৯০

অগনিৰ অস্ত্ৰক ৰাঘৱে তুলি লৈল ।

শঙ্কৰৰ শূল ত্ৰিপুৰক সাজ ভৈল ॥১৯১

হানিল অগ্নিৰ অস্ত্ৰ গগনে উধাই ।

সৰ্প গিলিবেক যেন গৰুড়েক যায় ॥১৯২

বিস্তৰ তুলাত যেন অগনি লাগিল ।

ৰামৱৰ শৰে গদা নিৰ্য্যাণ কৰিল ॥১৯৩

গদা গোধ ছন্ন ভৈল দখি আছে খৰ ।

তৰতৰি কম্পিল সকল কলেৱৰ ॥১৯৪

ধুমকেতু যেন গদা ভূমিত পৰিল ।

কম্পিল অনন্ত ফণা মুনিয়ো লৰিল ॥১৯৫

বুলিলন্ত ৰাঘৱে চাণ্ডাল নিশাচৰ ।

পাপৰ চৰিত্ৰ তই দুৰ্জ্জন বৰ্ব্বৰ ॥১৯৬

তোহোক মাৰিয়া যম কৱলে পাঠাওঁ ।

পাছে আন্ত বিচাৰিয়া ঋষি সব চাওঁ ॥১৯৭

খৰে বোলে ৰাম নতো যম ঘৰে যাস ।

সিকাৰণে তই মোক মাৰিবাক চাস ॥১৯৮

অস্ত্ৰহীন দেখি তোৰ হৰষিত মন ।

মোৰ অস্ত্ৰ আছয় পৰ্ব্বত তৰুগণ ॥১৯৯

হেন বুলি ৰাক্ষস কুপিত বৰ ভৈল ।

দুই হাতে পৰ্ব্বতেক উপাড়িয়া লৈল ২০০

লীলায়ে হানিলা বীৰ ৰাঘৱক চাই ।

নিৰ্ঘাতৰ সদৃশ পৰ্ব্বত গোট যাই ॥২০১

ক্ৰোধিয়া ৰাঘৱে হাতে ধনুক ধৰিল ।

শৰে হানি গিৰি খণ্ড খণ্ডক কৰিল ॥২০২

খৰৰো শৰীৰ শৰে জৰ্জ্জৰ কৰিল ।

যেন মন্দৰৰ গেৰু ৰুধিৰ ঝৰিল ॥২০৩

শোণিতৰ গন্ধত প্ৰমত্তৰৰ ভৈল ।

খড়গেক ধৰি ৰাঘৱক খেদি গৈল ॥২০৪

ৰাক্ষসক দেখি ৰাম ক্ৰোধবৰ পাইল ।

বাসবে দিবাৰ অস্ত্ৰ গুণত চৰাইল ॥২০৫

শৰ হানি ৰাঘৱে বোলন্ত থাক থাক ।

অস্ত্ৰৰ অগনি নিকলয় জাকে জাক ॥২০৬

বজ্ৰে ভেদিলেক যেন পৰ্ব্বতৰ মাজ ।

হৃদয়ত ফুটিয়া পিঠিয়া পিঠিত ভৈল বাজ ॥২০৭

প্ৰলয়ত যেন মেৰু পৰ্ব্বত টলিল ।

শৰ পৰি খৰৰ জীৱন নিকলিল ॥২০৮

ৰামৰ হাতত যেৱে ৰাক্ষস পৰিল ।

সুৰাসুৰ নৰে জয়ৰাম জোকাৰিল ॥২০৯

দেৱতা সকলে পুষ্প বৃষ্টি কৰিলন্ত ।

ব্ৰহ্ম ঋষিগণে শুভ দৃষ্টি চাহিলন্ত ॥২১০

আকাশৰ সিদ্ধগণ ভূমিত নামিল ।

বেদ পঢ়ি ৰাঘৱক আশীৰ্ব্বাদ দিল ॥২১১

আকাশত থাকি ব্ৰহ্মা অৱনত হুই ।

কৰিবে লাগিলা পাছে তুতি চাৰি মুয়ি ॥২১২

নমো নমো ৰাম কৰোঁ চৰণে প্ৰণতি ।

তুমি নাৰায়ণ সদানন্দ লক্ষ্মীপতি ॥২১৩

যাক স্মৰি তৰে মহা মহাপাপী গণ ।

প্ৰণামোঁ দেৱৰো দেৱ প্ৰভু নিৰঞ্জন ॥২১৪

তুমি ব্ৰহ্মা তুমি বিষ্ণু তুমি ত্ৰিপুৰাৰি ।

জগত্ কাৰণ নমোঁ তুমি সে মুৰাৰি ॥২১৫

তুমি সঞ্চা সবে মিছা জগত যতেক ।

সংসাৰত নাহিকে তোমাত ব্যতিৰেক ॥২১৬

নাহি আদি অন্ত মধ্য পুৰাতন হৰি ।

জগতকে ব্যাপিয়া আপুনি আছা ধৰি ॥২১৭

কাৰণ মায়া আদি যত অধীন যাঁহাৰ ।

পূৰ্ণ ব্ৰহ্ম মূৰ্ত্তিৰাম কৰোঁ নমস্কাৰ ॥২১৮

নমো ভৰতৰ চিত্ত ৰিত্ত আত্মা দেৱ ।

এহি বুলি দেৱে সমে কৰিলন্ত সেৱ ॥২১৯

ব্ৰহ্মা হৰ পুৰন্দৰ আদি দেৱগণ ।

ৰাম কথা কহি গৈলা স্বৰ্গৰ ভুৱন ॥২২০

গৌৰী মহাদেৱ দুয়ো গৈলন্ত কৈলাশ ।

ৰাঘৱে গৈলন্ত সীতা লক্ষ্মণৰ পাশ ॥২২১

তিনিহন্তে তহিতে লাগিলা গলাগলি ।

আউৰে আউৰ চাহি হাসিলন্ত খলখলি ॥২২২

ৰাক্ষসৰ বধ যত কহিলন্ত ৰাম ।

সীতাৰ মনৰ ভয় ভৈল উপশাম ॥২২৩

ঋষি সৱে ৰামক কৰিলা বহুমান ।

আশংসা কৰিয়া গৈলা আপোনাৰ থান ॥২২৪

সীতায়ে ৰামৰ গলে ধৰিলন্ত টানি ।

সজল নয়নে দেৱী বুলিলন্ত বাণী ॥২২৫

প্ৰতিজ্ঞা পালিয়া প্ৰভু ৰাক্ষস মাৰিলা ।

দুৰ্ঘোৰ ভয়ত ঋষি গণক তাৰিলা ॥২২৬

শ্ৰীৰাম লক্ষ্মণ সীতা সুখে ভৈল থিত ।

খৰ বধ দেখি ভয় শূৰ্পনখা ভীত ॥২২৭

ভয়কৰ শোকে তাইৰ দহে সৰ্ব্ব গাৱে ।

লঙ্কা লাগি চলি গৈলা অন্তৰীক্ষ ভাৱে ॥২২৮

বিমানত দেখিল দুৰ্জ্জয় লঙ্কেশ্বৰ ।

চৌপাশে বেঢ়িয়া আছে পাত্ৰ নিৰন্তৰ ॥২২৯

মুখ্য মুখ্য মন্ত্ৰী সৱে থিৰ ভৈল আগে ।

বাসুক্ক বেঢ়ি যেন মহা মহানাগে ॥২৩০

বসি আছে ৰাজা সিংহাসনৰ উপৰে ।

ৰাহু থিৰ ভৈল যেন মৰুৰ শিখৰে ॥২৩১

কাল মেঘ খন যেন শৰীৰৰ বৰ্ণ ।

কুণ্ডলে মণ্ডিত শোভে কুৰি খন কৰ্ণ ॥২৩২

আৰকত কুৰি গোটা চক্ষু জাতিষ্কাৰ ।

মেঘত জ্বলয় যেন কুৰি গোটা তাৰ ॥২৩৩

পাঞ্চ পাঞ্চ আঙ্গুলি এ কুৰি ঘন কৰ ।

পাঞ্চ পাঞ্চ শিৰে যেন কুৰি অজগৰ ॥২৩৪

ভয়ঙ্কৰ পাৱ দুই দশ গোট শিৰ ।

দশ শৃঙ্গ সম যেন কাল গিৰি থিৰ ॥২৩৫

ঐৰাৱত গজৰ দন্তৰ মহা ঘাৱে ।

কৰ বান্ধি প্ৰলম্ভিল ৰাৱণৰ গাৱে ॥২৩৬

ইন্দ্ৰে কৰিলন্ত যত বজ্ৰৰ প্ৰহাৰ ।

সাঞ্চ বান্ধি আছে তাৰ শৰীৰে তাঁহাৰ ॥২৩৭

বৰ্ষ দশ হাজাৰ ব্ৰহ্মাক আৰাধিল ।

তপৰ প্ৰভাৱে সিটো দুকৰ সাধিল ॥২৩৮

পাতালৰো বাসুকিক ৰণ চেৰ কৰি ।

তক্ষক নাগৰ ভাৰ্য্যা আনিলেক হৰি ॥২৩৯

পৃথিৱীৰ ৰাজাৰ স্বৰ্গৰ দেৱলোক ।

স্ত্ৰী কাঢ়ি কাঢ়ি আনি জ্বালিলেক শোক ॥২৪০

লঙ্কামাজে নিৰ্ভয় ৰাৱণ ভৈল থিত ।

দেখি শূৰ্পনখা গৈয়া চাপিল সন্নিত ॥২৪১

শূৰ্পনখা বোলে শুন দাদা লঙ্কেশ্বৰ ।

সুখে থিৰ ভৈলা তুমি লঙ্কাৰ ভিতৰ ॥২৪২

ৰাজা ৰাজেশ্বৰ শুনা ত্ৰিভুৱন নাহা ।

মোহোৰ বিপত্তি হেৰ মাথা তুলি চাহা ॥২৪৩

এতমান ৰাজা হুয়া চিন্তা হীন ভৈলা ।

এৱেসে জানিলোঁ তুমি যমঘে গৈলা ॥২৪৪

তিনিয়ো ভুৱন মাজে তোৰ ভৈল যশ ।

চৰ পঠাই দেশে দেশে বাৰ্ত্তা নলৱস ॥২৪৫

মতোৱাল হুয়া তুমি নুবুঝিলা কায ।

ফুকতে হৰাইলা দাদা লঙ্কা হেন ৰাজ ॥২৪৬

দূষণ ত্ৰিশিৰা খৰ আৰো সেনা যত ।

মানুষে কৰিলা সৱ সংগ্ৰামত হত ॥২৪৭

পৰম দুৰ্জ্জয় বীৰ ৰাম বুলি যাক ।

সেহিসে বিপত্তি হেন কৰিলে আমাক ॥২৪৮

হেন শুনি ৰাৱণৰ ক্ৰোধ বৰ ভৈল ।

ঘৃত পাই যেহেন অগনি জ্বলি গৈল ॥২৪৯

শুন বোলো শূৰ্পনখা কহ মোক কায ।

কহিৰ মানুষ আসি ভৈল বন মাজ ॥২৫০

কিবা ঋষি ব্ৰাহ্মণ নুহিবা ক্ষত্ৰিজাতি ।

কি কাৰণে তোক হেন কৰিলেক শাস্তি ॥২৫১

কিবা অস্ত্ৰ ৰণত হানিল তাক খৰ ।

ঝাণ্ট কৰি কহ মোত তাৰ কোন শৰ ॥২৫২

কিবা জাতি কিবা কূল তাৰ কোন থান ।

কি কাৰণে তোমাৰ কাটিল নাক কাণ ॥২৫৩

সিংহৰ লাঙ্গুল ধৰিবাক হাত মেলে ।

কংহাল গোমৰ সঙ্গে পৰিহাস খেলে ॥২৫৪

প্ৰমত্ত গজৰ দন্ত আঝুৰিতে চায় ।

মৰিবাক লাগি কোনে বাঘে হালবায় ॥২৫৫

শঙ্কৰ ব্ৰহ্মাত যেবে পশয় শৰণ ।

তথাপি মোহোৰ হাতে হৈবেক মৰণ ॥২৫৬

কোনজনে মোৰ মাথে দিলেক চৰণ ।

অবিলম্বে দেখিবেক যমৰ কৰণ ॥২৫৭

শূৰ্পনখা বোলে শুনা থিৰ কৰি মন ।

দশৰথ পুত্ৰ দুই আসি ভৈল বন ॥২৫৮

জ্যেষ্ঠ গোট মহাবলী তাৰ নাম ৰাম ।

চোট গোট খৰতৰ লখাই তাৰ নাম ॥২৫৯

ৰাম লক্ষ্মণৰ মাজে সীতা বৰনাৰী ।

তাইৰ ৰূপক কোনে বৰ্ণাইবাক পাৰি ॥২৬০

ত্ৰিভুৱন মোহিনী সুন্দৰী বৰবালা ।

মন্দোদৰী নুহি কাণি আঙ্গুলিৰ কালা ॥২৬১

দেৱ বিদ্যাধৰী তাই কিবা অপেস্বৰী ।

লক্ষ্মী এ আছন্ত কিবা সীতাৰূপ ধৰি ॥১৬২

সেহিবৰ ৰমণী থাৱত নাহি যাৰ ।

নিষ্ফল জীৱন তাৰ সৱ ৰাজ্য ভাৰ ॥১৬৩

কোল চাপিলোহোঁ মই ভুঞ্জিবাক মনে ।

ধৰি নাক কাণ মোৰ কাটিল লক্ষ্মণে ॥২৬৪

খৰে সমে পাছে মই সমৰ কৰাইলোঁ ।

ৰামৰ হাতত খৰ ভয়াইক মৰাইলোঁ ॥২৬৫

ফুৰি ফুৰি মই ৰাঘৱৰ যুঝ চাওঁ ।

কেন মতে হানে শৰ উদিশ নপাওঁ ॥২৬৬

বিজুলি চটক যেন সত্বৰ গমন ।

আগতে দেখিলোঁ নিশাচৰ ভৈল ছন্ন ॥২৬৭

বজ্ৰৰ সদৃশ দেখোঁ ৰাঘৱৰ চাপ ।

তাহাক ৰণত যুঝিবেক কাৰ বাপ ॥২৬৮

শত্ৰুচাপ যেহেন স্বৰ্গত প্ৰকাশয় ।

ৰাঘৱৰ চাপ তাতো অধিক জ্বলয় ॥২৬৯

দূষণ ত্ৰিশিৰা খৰ তিনি মহাবীৰ ।

প্ৰাণ ছৰাইলন্ত ৰামে পৰিল শৰীৰ ॥২৭০

চৌধয় সহস্ৰ আৰো যতেক ৰাক্ষস ।

ৰাম অগনিত যেন পৰি গৈল মশ ॥২৭১

ৰামৰ বীৰত্ব দেখি হৃদয় লৰিল ।

গৰল বৃক্ষত যেন নিৰ্ঘাত পৰিল ॥২৭২

খৰ বধ শুনি শোক অনেক কৰিল ।

সীতাৰ শুনিয়া নাম দুখ পাসৰিল ॥২৭৩

ৰাঘৱৰ দুৰ্জ্জয় হেন মনে গুণি চাইল ।

সীতাৰ ৰূপক শুনি হৰিষক পাইল ॥২৭৪

জানকীক হৰি আনি সৱ মান সাৰোঁ ।

উপাই বিশেষে পাছে দুয়ো ভাইক মাৰোঁ ॥২৭৫

উপায় গুণিল পাছে হৰিবাক সীতা ।

ৰথে চৰি চলি গৈল মাৰীচৰ ভীতা ॥২৭৬

সাগৰৰ পাৰ ভৈল দিব্যৰথে চৰি ।

মাৰীচৰ থানে গৈয়া পাইল দাড়া দাড়ি ॥২৭৭

মাৰীচক দেখিল শিৰত জটাভাৰ ।

কৃষ্ণসাৰ ছাল পৰিধান গাৱে তাৰ ॥২৭৮

কৃশ ভৈল দেহা তাৰ আতি ধ্যান মনে ।

তপ কৰি আছয় দুৰ্ব্বাৰ তপোবনে ॥২৭৯

ৰাৱণক মাৰীচে কৰিলা বহুমান ।

সতকাৰ লভিয়া বসিল সেহি থান ॥২৮০

ৰাৱণে বোলয় মাৰীচৰ মুখ চাই ।

তুমি হেন হিতকাৰী লঙ্কাতকে নাই ॥২৮১

বুদ্ধিবলে পৌৰুষে তোমাক নাই সম ।

অৰিৰ দমনে যেন কালান্তক যম ॥২৮২

সহস্ৰেক প্ৰমত্ত হস্তিৰ সম বল ।

তুমি সমে জিনিলোহোঁ দেৱতা সকল ॥২৮৩

তুমি হেন হিত মোৰ আন কেহোঁ নাই ।

বোলোঁ এককাৰ্য্য মোক দিয়োক উপাই ॥২৮৪

সাধিতে নপাৰে আনে বিমৰিষি পাইলোঁ ।

তযু তপভঙ্গ সেহি কাৰণে কৰিলোঁ ॥২৮৫

শ্ৰীৰাম লক্ষ্মণ দুই দশৰথ সুত ।

যি থানে মাৰিল মোৰ ৰাক্ষস বহুত ॥২৮৬

ত্ৰিশিৰা দূষণ আৰো প্ৰাণ ভাই খৰ ।

সবাকে মাৰিয়া ৰামে নিলা যম ঘৰ ॥২৮৭

মনুষ্য গোটৰ আতৰিত এত মান ।

মোৰ বহিনীৰ কাটিলেক নাক কাণ ॥২৮৮

মোহোঁত খাটয় নিৰন্তৰে দেৱাসুৰ ।

কৰয় মানুষ গোটে মোক এতদূৰ ॥২৮৯

মোৰ বোল কৰ মমাই যুঝিবাক যাওঁ ।

ৰামক মাৰিয়া যম কৱলে পঠাওঁ ॥২৯০

ৰামৰ চৰিত্ৰ শুনিয়োক সবে নৰে ।

নামেসে তাৰিবে ঘোৰ সংসাৰ সাগৰে ॥২৯১

ৰাম হেন নাম শুনিবাক মনোৰম ।

কলিৰ পাপৰ যেন কালান্তক যম ॥২৯২

ব্ৰহ্মাৰ বাঞ্ছনি নৰতনু আছাপাই ।

জানিয়া সত্বৰে ফুৰা ৰাম নাম গাই ॥২৯৩

সংসাৰ দুঃখ ইসে উপশম কৰে ।

জানি ৰাম ৰাম ঘুষিয়োক নিৰন্তৰে ॥২৯৪



৯ অধ্যায় ।


ছবি ।

ৰামৰ ঘৰিণী আছে,         সীতা নামে সুবদনী,

ত্ৰিভুবন সাৰ এক বালা ।

মন্দোদৰী আদিকৰি,         যত মোৰ পটেশ্বৰী,

পূৰিত নপাৰে এক কলা ॥১

হেন মোত কহিলেক,         শূৰ্পনখা বহিনীয়ে,

শুনি চিত্ত ধৰিতে ন পাৰোঁ ।

জনক জীউক হৰি,         মুখ্য পটেশ্বৰী কৰি,

ৰামত সকলে মান সাৰোঁ ॥২

সীতাৰ শোকত তাৰ,         তেজবল হানি হৈব,

শৰীৰ যাইবেক তাৰ জসি ।

হাতে ধনুকাণ্ড ধৰি,         ৰামক নিৰ্ভয়ে মাৰোঁ,

দণ্ডকা বনত পাছে পশি ॥৩

আমাৰ বচন ভঙ্গ,         নকৰা মাৰিচ মমা,

বাক্য মোৰ দৃঢ় কৰি ধৰ ।

সুৱৰ্ণৰ মৃগ হুই,         সীতাৰ আগত গই,

কোমল বনত তই চৰ ॥৪

সীতাৰ বচন শুনি,         শ্ৰীৰাম লক্ষ্মণ দুই,

যাইব তোক ধৰিবাক লাগি ।

গাণ্ডি দেখা যেন কৰি,         ত্বৰিত গমন ধৰি,

গহন বনক যাইবা ভাগি ॥৫

শূন্য আশ্ৰমত পাছে,         সীতাক ৰথত তুলি,

চলি যাইবোঁ আপোনাৰ থান ।

এত কাৰ্য্য কৰি লাভ,         মোক অনুগ্ৰহ হয়,

কৰিবোঁ তোমাক বহুমান ॥৬

এতেক বচন শুনি,         মাৰীচে মনত গুণি,

হাত যোৰে আগে ভৈল থিৰ ।

ৰামৰ নামক শুনি,         ৰাৱণক বুলিলেক,

কম্পে তাৰ সকলে শৰীৰ ॥৭

ৰাম যেন বীৰবৰ,         নজানস লঙ্কেশ্বৰ,

কৰা বোলে মাৰিবাক যাস ।

সুখৰ ভিতৰে তোৰ,         এতমতি কৰিলেক,

কুলক্ষয় কৰিবাক চাস ॥৮

নৃপতি সবত চাটু,         প্ৰিয়বোল বোলন্তাক,

শতেক সহস্ৰ কৈত নাই ।

হিত পথ্য অপ্ৰিয়ক,         বুলিবেক যিতো জনে,

কৌটিমাজে গুটি এক পাই ॥৯

ৰামৰ বীৰত্ব মই,         ভালমতে জানি আছোঁ,

ত্বৰিতে লঙ্কাক লাগি যাহা ।

ইটো সৱ যত গ্ৰহ,         তেজিয়া ভাগিন তুমি,

জ্ঞাতি সমে ৰাজ্যক কৰাহা ॥১০

হৰি হৰি লঙ্কেশ্বৰ,         তোহোৰ প্ৰসাদে সৱ,

ৰাক্ষসৰ হৰিলেক শঙ্কা ।

হৃদয়ৰ মাজে তোৰ,         হেন বুদ্ধি ফিৰিগৈল,

হৰাইল মাণিক পুৰী লঙ্কা ॥১১

আসন্ন কালত আসি,         বিনাশন বুদ্ধি ভৈল,

মাথে তোৰ যমকাল নাচে ।

অগনিৰ শিখা সম,         সীতাক হৰিবে চাস,

মৰিবাৰ কত কাল আছে ॥১২

ৰাম যেন বীৰবৰ,         নজানস লঙ্কেশ্বৰ,

তাহান আগত তই মাখি ।

আমাৰ বচন ধৰি,         সীতাদেৱী পৰিহৰি,

দেশক চলাহা প্ৰাণ ৰাখি ॥১৩

মোৰ বোলহিত যেৱে,         নুশুনস লঙ্কেশ্বৰ,

দেৱ ধৰ্ম্ম সবে হুইব সাক্ষী ।

যিতো পাত্ৰমন্ত্ৰী তোক,         হেন উপদেশ দিল,

তাহাৰ ফুটিল দুই আঁখি ॥১৪

ৰামদেৱ সুচৰিত,         সকল জনৰ হিত,

দেৱ দ্বিজ গুৰুত বিনীত ।

পিতৃৰ বচনে থিত,         সৰ্ব্ব দোষ বিবৰ্জ্জিত,

ত্ৰিভুৱন ৰাজাক উচিত ॥১৫

জনকৰ জীউ সীতা,         ৰাঘৱৰ বিবাহিতা,

পতিব্ৰতা ধৰ্ম্মে আতি থিতা ।

তোৰ মৃত্যু সন্নিহিত,         মতি ভৈল বিপৰীত,

সিকাৰণে যাস তান ভিতা ॥১৬