ৰামৰ লক্ষণ বৰ্জন
ৰামায়ণ বৃত্তান্ত |
---|
|
- ২৭ অধ্যায়
- ৰামৰ লক্ষ্মণ বৰ্জন ।
- দুলৰি ।
এহি মতে ৰামে, ভাতৃৰ পুত্ৰক,
- ৰাজ্য যেবে বাণ্টি দিল ।
শুনিয়োক পাছে, বিমঙ্গল যেন,
- অযোধ্যা মধ্যে মিলিল ॥১
একে আকাশতে, উদিত দুই চন্দ্ৰ,
- সঘনে নিৰ্ঘাত পৰে ।
অনা বতাসতে, বৃক্ষ উভৰয়,
- ঘনে ঘনে ভূমি লৰে ॥২
দিনতে ফেৰুৱা, ৰাৱৈ ঘৰে ঘৰে,
- মনুষ্যৰ চাপি কোল ।
ছানিয়া গগন, শুনি কুকুৰৰ,
- ক্ৰন্দনৰ ঊৰ্ম্মি ৰোল ॥৩
হালধি ৰুধিৰ, বৰিষয় ধাৰে,
- দেখাৱে পুৰী উচ্ছাদ ।
হেন উতপাত, দেখি ৰাঘৱৰ,
- মনত মহা বিষাদ ॥৪
সীতাৰ বিয়োগে, যুগ যাই একৈ,
- নকৰা নিদ্ৰা নিশাত ।
ইটো উতপাতে, জানিলো অৱশ্যে,
- মিলাইবে এক বিঘাত ॥৫
হা বান্ধৈ সীতা, তেজি গৈলে মোক,
- মাৰিয়া বুকুত ঘাৱ ।
সুমৰি শান্তীক, লোকত নিগৰে,
- পোৰে মৰ্ম্মে সৰ্ব্ব গাৱ ॥৬
প্ৰিয়াৰ সন্তাপে, প্ৰভু ৰাঘৱৰ,
- মনৰ নুগুচে ক্লেশ ।
সেহি সময়ত, আসিলন্ত কাল,
- ঋষিৰ ধৰিয়া বেশ ॥৭
সিংহ দুৱাৰত, ৰহিয়া কহিল,
- লাগ লক্ষ্মণক পাই ।
নামত সুৰুতি, আমি ব্ৰহ্মঋষি,
- আসিলো ৰামৰ ঠাই ॥৮
ৰাঘৱত আছে, গোপ্য প্ৰয়োজন,
- ঝাণ্টে দিয়ো গৈয়া জান ।
লক্ষ্মণে জনাইল, ৰাঘৱে নিয়াইল,
- ঋষিক কৰি সন্মান ॥৯
সাদৰে আসন, আনি পৰাই দিল,
- ৰামে আপোনাৰ কাশে ।
হুয়োক বিজয়, বুলি ঋষি সেই,
- আসনে বসিলা পাছে ॥১০
ঋষিত কুশল, পুছে ৰঘুপতি,
- সুধিলন্ত পাছে কায ।
আমাৰ থানক, কোন কামে আইলা,
- তুমি মহা মুনিৰাজ ॥১১
ঋষিয়ে বোলন্ত, তেবেসে কহিবো,
- কৰা যেবে অঙ্গীকাৰ ।
তুমি আমি কথা, কহন্তে যি দেখে,
- সেহি কি বধ্য তোমাৰ ॥১২
শুনি লক্ষ্মণক, দুৱাৰত থৈয়া,
- বুলিলন্ত ৰঘুনাথ ।
আমাক দেখিতে, যিটো জন আসৈ,
- সত্যে কাটি বোঁহো মাথ ॥১৩
পুছিলন্ত পাছে, বিৰলে ঋষিত,
- আবে কয়ো কোন কাম ।
ঋষিয়ে বোলন্ত, জানা মইতো কাল,
- আসি আছো প্ৰভু ৰাম ॥১৪
ত্ৰিদশে সহিতে, আলোচি গোচৰ,
- কৰিয়া পঠাইলা বিধি ।
যিটো কাৰ্য্য প্ৰভু, পৃথিবীক গৈলা,
- ভৈল সিটো সবে সিদ্ধি ॥১৫
এভো আপোনাক, কিয় নিচিনাহা,
- তুমি সনাতন হৰি ।
সৃষ্টিৰ পূৰ্ব্বত, স্ৰজিলা জগত,
- মায়াক সহায় কৰি ॥১৬
অনন্ত শয্যাত, শুতিয়া আছন্তে,
- বাঢ়িল নাভি কমল ।
দশোদিশ সিটো, প্ৰকাশে উজ্জ্বল,
- সূৰ্য্যৰ যেন মণ্ডল ॥১৭
সেহি নাভিপদ্মে , ব্ৰহ্মা উপজিলা,
- জানিলা বেদ সুলভে ।
উপজি হৰিল, চাৰিয়ো বেদক,
- দানৱ মধু কৈতভে ॥১৮
তাক চক্ৰে ছেদি, বেদ উদ্ধাৰিলা,
- আপুনি তুমি পূৰ্ব্বত ।
তাৰে অস্থি ভৈল, পূ্ৰ্ব্বত সমস্ত,
- যতেক শিলা পৰ্ব্বত ॥১৯
সৃষ্টি কৰিবাক, কৰিলা আদেশ,
- ব্ৰহ্মা স্ৰজিলন্ত ভূমি ।
সমস্তে সৃষ্টিক, বিষ্ণুৰূপে প্ৰভু,
- আপুনি পালিলা তুমি ॥২০
নৰসিংহ ৰূপে, হিৰণ্য কশিপু,
- মাৰিলা হিয়া বিদাৰি ।
বৰাহ স্বৰূপে, হিৰণ্যক ছিৰি,
- আনিলা ভূমি উদ্ধাৰি ॥২১
কৰি মৎস্যকায়, সত্যব্ৰত ৰায়,
- প্ৰলয় জলে তাৰিলা ।
কচ্ছপ স্বৰূপে, পিঠিত মন্দৰ,
- ধৰিলা কৰিয়া লীলা ॥২২
অদিতিৰ গৰ্ভে, ভৈলা অৱতাৰ,
- অদ্ভুত বামন কায় ।
ছলিয়া বলিক, ত্ৰৈলোক্য কাঢ়িয়া,
- ইন্দ্ৰক দিলা দুনাই ॥২৩
চৰণৰ নখে, কটাহ ফুটাইলা,
- গঙ্গা পৰশিয়া ভৰি ।
ফুৰন্ত তোমাৰ, পাৱৰ সম্বন্ধে,
- জগত পৱিত্ৰ কৰি ॥২৪
সম্প্ৰতি আপুনি, আসি কৌশল্যাত,
- তুমি আছা অৱতৰি ।
কৰি সেতু বন্ধ, বধি দশস্কন্ধ,
- আনিলা সীতা উদ্ধাৰি ॥২৫
ত্ৰিদশৰ সবে, সঙ্কলিলা কাৰ্য্য,
- হৰিলা ভূমিৰ ভাৰ ।
আউৰ ঐত প্ৰভু, থাকিবাক প্ৰতি,
- উচিত নুহি তোমাৰ ॥২৬
ত্ৰিদশে সহিতে, ব্ৰহ্মায়ে পঠাইলা,
- অনেক বুলিয়া নতি ।
কৰিয়ো আমাক, কৃপা পুনু নাথ,
- আসা ই ঠাৱক প্ৰতি ॥২৭
স্বৰ্গৰ লোকক, কৰিয়ো সনাথ,
- সিথানক পৰিহৰি ।
অনেক কাতৰ, কৰিয়া ত্ৰিদশে,
- পঠাইলা বুলি সাদৰি ॥২৮
হেন শুনি হাসি, ৰাঘৱে বোলন্ত,
- শুন পুত্ৰ তই কাল ।
ব্ৰহ্মাৰ বচন, কৰিবাক লাগে,
- অবশ্যেকে প্ৰতিপাল ॥২৯
বুলিবি বিধিত, তেবেসে আসিবো,
- পুত্ৰ দুইক থাপি থৈ ।
এহি মতে ৰাম, আছন্ত বিৰলে,
- কালে সমে কথা কৈ ॥৩০
শুনা সৰ্ব্বজন, কথা ৰামায়ণ,
- ৰামক মনত ধৰাঁ ।
কিয় নাই শঙ্কা, নিচিন্তি নথাকা,
- কালে ধৰিলেক পৰা ॥৩১
বিষয় সম্পদ, পৰম আপদ,
- আক ভাল কৰি মানা ।
হৰিৰ ভকতি, এহিসে সম্পত্তি,
- আক দৃঢ় কৰি জানা ॥৩২
ৰাম নাম হেন, বান্ধৱ নপাইবা,
- শুনিয়ো শাস্ত্ৰ সম্প্ৰতি ।
পুত্ৰ নাম ধৰি, হেলাত উচ্চৰৈ,
- কৰৈ নামে তাৰো গতি ॥৩৩
জাতি অজাতি, একোয়ে নবাছে,
- হেনসে হৰিৰ নাম ।
পাপৰ অগনি, ধৰ্ম্ম শিৰোমণি,
- জানি বোলাঁ ৰাম ৰাম ॥৩৪
- ২৮ অধ্যায়
- পদ ।
এহিমতে কালে সমে কহি কথা মাত ।
আছন্ত বিৰলে বসি প্ৰভু ৰঘুনাথ ॥১
গুণন্ত কিমতে তেজো ভকতৰ আশা ।
সেহি সময়ত ঋষি আসিল দুৰ্ব্বাসা ॥২
মূৰ্ত্তিৱন্ত ক্ৰোধ যেন দেখিয় প্ৰত্যেক ।
আগে পাছে বেঢ়ি আসে শিষ্য অযুতেক ॥৩
দ্বাৰত ৰহিলা আসি কতোদূৰ যুৰি ।
দেখ লক্ষ্মণৰ যেন ধাতু গৈল উড়ি ॥৪
মঠ যুৰি ৰহিয়া আছিলা কতোক্ষণ ।
বোলন্ত শুনৰে কথা কুমাৰ লক্ষ্মণ ॥৫
জান দেস সত্বৰে ৰামত বৰ কায ।
মাতন্তোক মোক আসি ঝাণ্টে হৈয়ো বাজ ॥৬
দেখিয়া লক্ষ্মণে প্ৰণিপাত কৰি আতি ।
বসিবাক আদৰে দিলন্ত পিৰা পাতি ॥৭
কৰিয়ো আসনে ঋষি ক্ষণিক বিশ্ৰাম ।
শুনন্ত সঙ্গোপ্য কিবা কথা প্ৰভু ৰাম ॥৮
কৰিলন্ত শপত শুনায়া সভা মধ্য ।
আসে ই বেলাত যিটো সিটো মোৰ বধ্য ॥৯
আছন্ত সম্প্ৰতি প্ৰভু গোপ্য সম্ভাষণে ।
জানি ক্ষণিতেক ঋষি বসিয়ো আসনে ॥১০
শুনিয়া দুৰ্ব্বাসা যেন জ্বলিল ক্ৰোধত ।
তৰঙ্গ বৰঙ্গ খঙ্গে আখি আৰকত ॥১১
কৰ কৰ কৰি ক্ৰোধে দশন চোবান্ত ।
কি বুলিলি লক্ষ্মণ কটাক্ষ দৃষ্টি চান্ত ॥১২
শুন দুৰাচাৰ তই লক্ষ্মণ কুমাৰ ।
ৰামে তোক মাৰিলে মৰিবি একেশ্বৰ ॥১৩
সবংশে কৰিবো ভষ্ম মই চণ্ড শাপে ।
মোৰ আগে এৰাইবে আজি কি তোৰ বাপে ॥১৪
কঙ্ঘাল সৰ্পক জঙ্কাইবাক কাৰ সাস ।
হুইবে নতু তুই গোটেৰৰ আণ্টা পাস ॥১৫
দশন প্ৰকতি চটি কৰন্ত ছপতি ।
ক্ৰোধে যেন উভৰি ফুৰন্ত ফিৰিঙ্গতি ॥১৬
দেখি লক্ষ্মণৰ অন্তৰ্গতে আতি ত্ৰাস ।
হা কি কৰিলো আবে ভৈলো সৰ্ব্বনাশ ॥১৭
কালে গ্ৰাসিলেক আউৰ নাহি প্ৰতিকাৰ ।
চিন্তন্তে দেখন্তে দুঃখে লখাই অন্ধকাৰ ॥১৮
গুণি গান্থি পাছে থিৰ কৰিলা লক্ষ্মণে ।
একলে মৰিবো মই ৰাম দৰশনে ॥১৯
নগৈলে সবংশে খাইব দুৰ্ব্বাসা ৰাক্ষস ।
একেশ্বৰে মৰোঁ মই পৰম শ্ৰেয়ষ ॥২০
ব্ৰহ্মশাপে নহৌক সকলে কুলক্ষয় ।
মোৰ মৃত্যু হৌক আকে কৰিলো নিশ্চয় ॥২১
চলিলা লক্ষ্মণ মহা মনত বিচাট ।
ভিতৰ পশিলা পাছে চাৰিয়া কপাট ॥২২
আগক নবাঢ়ে ভৰি বিবৰ্ণ বদন ।
ৰাজাত জনাইলা দুৰ্ব্বাসাৰ আগমন ॥২৩
ঠিৱয়ে মৰিল ৰাম লক্ষ্মণক দেখি ।
আথে বেথে পঠাইলন্ত কালক উপেখি ॥২৪
কিসক আসিলি লখাই আমাক কাটিত ।
হা নষ্ট ভৈলোঁ বুলি পৰিলা মাটিত ॥২৫
দুঃসহ দুখত দেৱে দেখিলা জমক ।
ছিৱায়ে পাৱত ধৰি লক্ষ্মণে ৰামক ॥২৬
এৰা এৰা ইটো খেদ আৰু পাইবা পাছে ।
দুৰ্ব্বাসা ৰাক্ষস দুৱাৰত বসি আছে ॥২৭
বংশকে বধিবে শাপ অগনিত পুলি ।
কৰিয়ো প্ৰবোধ যেন লাগে মাতি বুলি ॥২৮
চেতনা লভিয়া প্ৰভু তেজিলা নিশ্বাস ।
হা বিধি আবেসে কৰিলি সৰ্ব্বনাশ ॥২৯
বিবৰ্ণ বদনে দুৱাৰৰ ভৈলা বাজ ।
মট চটি কৰি বসি আছে ঋষিৰাজ ॥৩০
ভ্ৰুকুটি কুটিল মুখ ক্ৰোধে আন্ধিআৰি ।
বিকট পিঙ্গট জটা ভৱকাৰ দাৰি ॥৩১
হাতে গলে শিৰে ৰুদ্ৰাক্ষৰ জণ্টা জোট ।
জক জক কৰে দান্ত চৰা চৰ ফোট ॥৩২
ধৰি আছা ৰুদ্ৰাক্ষ তুলসী মালা মাথে ।
কান্ধত পাৰিয়া ছাতি ধৰি আছা হাতে ॥৩৩
কটিত কপিন কৰঙ্গাৰ জল পাত্ৰ ।
চৌপাশে উপাসি আছে অযুতেক ছাত্ৰ ॥৩৪
ঋষিৰ মূৰ্ত্তিক দেখি ৰাঘৱ শঙ্কিত ।
কৰিলা প্ৰণাম প্ৰভু পৰিয়া ভূমিত ॥৩৫
কৃতাঞ্জলি বোলন্ত সুমৰি ধৰ্ম্ম ধৰ্ম্ম ।
আজ্ঞা কৰিয়োক মোক কৰোঁ কোনকৰ্ম্ম ॥৩৬
শুনি দুৰ্ব্বাসাৰ ভৈল প্ৰসন্ন বদন ।
শুনিয়োক ৰাম ৰঘুকুলৰ নন্দন ॥৩৭
তোমাৰ গৃহত অন্ন ব্যঞ্জন ভুঞ্জিত ।
হাজাৰেক বৎসৰৰ পৰা আছে চিত্ত ॥৩৮
আসিলো এহিসে কামে কৈলো প্ৰয়োজন ।
শিষ্যে সমন্বিতে মোক কৰায়ো ভোজন ॥৩৯
যেন মতে আমাৰ সন্তোষ হৱে মন ।
দিয়ো পঞ্চামৃত সমে ৰাজ যোগ অন্ন ॥৪০
লক্ষ্মণে বোলন্ত্ মনে কৈৰ ধুমকেতু ।
মোৰ বধভাগী ভৈল ভুঞ্জিবাৰ হেতু ॥৪১
এহি কথা আগে মোত নকহিলি কিক ।
ভিঞ্জাইলোহো হন্তে অন্ন ব্ৰাহ্মণ কোচিক ॥৪২
ঋষিৰ আক্ৰোশ দেখি শঙ্কিত ৰাঘৱে ।
অন্নপান আপুনি সাজিয়া সবান্ধৱে ॥৪৩
আগতে যোগাইল আনি অনেক যতনে ।
দেখি দুৰ্ব্বাসাৰ মহা তুষ্ট ভৈল মনে ॥৪৪
কৰি পৰিপতি পাছে শিষ্য সমে ঋষি ।
ভুঞ্জিবে লাগিলা অন্ন পৰম হৰিষি ॥৪৫
ঘন ক্ষীৰ,ক্ষীৰিচা,খাইলন্ত লাগে মানে ।
নধৰয় পেট পিঠা পনা পৰমানে ॥৪৬
দধি দুগ্ধ ঘৃত ঘোলেে ভৈল গণ্ডগোল ।
ওফন্দিল উদৰ দেখিয় যেন ঢোল ॥৪৭
লোভত ভুঞ্জন্ত তথাপিতো জাণ্টি জাণ্টি ।
নোৱাৰন্ত ৰাখিবে মাতন্তে আসে বাণ্টি ॥৪৮
নপান্ত উশাস আতি ওলমিল ঘাৰ ।
মোই মোই পেট কতো তোলন্ত উগাৰ ॥৪৯
টন টন পেট কতো ঢিলান্ত কপিন ।
দুই হাতত বই দ্ৰব্য দেখি লাগে ঘিন ॥৫০
খাইবে কতো নপাৰি কৰন্ত হাই ফুই ।
নমাতন্ত যাচন্তে থাকন্ত ঠিৱ হুই ॥৫১
দধি দুগ্ধ পঞ্চামৃতে বহাইলন্ত গাঙ্গ ।
এহি মতে ঋষিৰ ভোজন ভৈল সাঙ্গ ॥৫২
ভুঞ্জি খাই ঋষি পাছে শিষ্যে সমে উঠি ।
ৰাঘৱক প্ৰশংসা কৰন্ত মন তুষ্টি ॥৫৩
চিৰঞ্জীৱ ৰাম তুমি পুৰুষ উত্তম ।
এহি বুলি গৈলা পাছে দুৰ্ব্বাসা আশ্ৰম ॥৫৪
আত অনন্তৰে আৰো শুনা পাছ কথা ।
ৰাম লক্ষ্মণৰ যেন মিলিল অৱস্থা ॥৫৫
গৈলন্ত দুৰ্ব্বাসা যেবে ভুঞ্জি নিজ ঘৰ ।
প্ৰবেশিল ৰামত দুঃসহ চিন্তাজ্বৰ ॥৫৬
কালৰ বচনে সিটো সুমৰি শপত ।
লখাইৰ দেখিয়া মুখ ভৈলা শ্ৰুতি হত ॥৫৭
হৃদয় দহয় শোকে অগনি উজৰি ।
প্ৰাণ যেন যাই কুঞ্চি আসে হাত ভৰি ॥৫৮
ওঠ কণ্ঠ শুকাই মুখ পৰিল জামৰ ।
গাৱত চেতন আৰ নাহিকে ৰামৰ ॥৫৯
ভেদিলে হৃদয় লক্ষ্মণৰ শোকশালে ।
জমক দেখিয়া প্ৰভু পৰিল নিঢালে ॥৬০
ৰামৰ বিপদ দুখ দেখি বিপৰীত ।
কান্দৈ মহামৰ্ম্মে মন্ত্ৰী পাত্ৰ পুৰোহিত ॥৬১
জৰৈ আতি লোতক ৰামক চাই চাই ।
হা বিধি ৰাঘৱৰ এনুৱা বিলাই ॥৬২
দেখি লক্ষ্মণৰ শোকে শৰীৰ দগধ ।
আছিল লক্ষ্মণ তম্ভি নয়ন তবধ ॥৬৩
বুলিবাক লাগিলা চিত্তত দৃঢ় কৰি ।
উঠা উঠা প্ৰাণ দদা শোক পৰিহৰি ॥৬৪
মোহোৰ নিমিত্তে দদা তেজা আউৰ মৰ্ম্ম ।
প্ৰতিজ্ঞা পালন ক্ষত্ৰিয়ৰ মহাধৰ্ম্ম ॥৬৫
মোক মাৰি সত্য কৰিয়োক প্ৰতিপাল ।
ললাটে লিখিত মোৰ এহি যমকাল ॥৬৬
নাহি কিছু চিন্তা আত যেন ভৈল ভাগে ।
অৱশ্যকে মৰিবাক উপজিলে লাগে ॥৬৭
হেন জানি দাদা মোৰ পদে এৰা খেদ ।
জগতকে সংহৰে কালৰ নাহি ভেদ ॥৬৮
দৃঢ় কৰাঁ চিত্ত ইটো তেজিয়ো বিকল ।
সত্য ভ্ৰষ্ট ভৈলে সবংশে যাইবো তল ॥৬৯
কৃপা কৰাঁ মোক তুমি ধৰ্ম্মত নঘাটা ।
সত্যক সাফল ককৰি ঝাণ্টে মোক কাটা ॥৭০
লক্ষ্মণৰ বচনে অধিকে উধাই জুই ।
আছিলন্ত দুই দণ্ড পৰি মৌন হুই ॥৭১
মৃতক আকাৰ একো নাই মাত বোল ।
চতুৰ্ভিতি শুনি মাত্ৰ হাহাকাৰ ৰোল ॥৭২
কাংস পৰি জিম গৈল অযোধ্যা নগৰী ।
কি ভৈল বুলিয়া ফুৰৈ সোধা সোধি কৰি ॥৭৩
ধান দিলে হোবৈ আখৈ প্ৰজাৰ মুখত ।
ৰামৰ হৰিল জ্ঞান দুঃসহ দুখত ॥৭৪
লক্ষ্মণে বোলন্ত ইটো নুহিকে উচিত ।
তুমি সূৰ্য্যবংশী ৰাতজা জগতে বিদিত ॥৭৫
তোমাৰ অসত্যে সামৰাজে হুইব নষ্ট ।
হেন জানি দাদা এৰা মোৰ জন্য কষ্ট ॥৭৬
প্ৰবোধে নুগুচে আউৰ ৰামৰ বিকল ।
মেলিলন্ত কিছু দুয়ো নয়ন কমল ॥৭৭
কথমপি বসিলন্ত দুঃসহ দুখত ।
মাতিবে খোজন্তে নাসে বচন মুখত ॥৭৮
লোতকে কণ্ঠক ভেণ্টে বাক্য গদ গদ ।
ধীৰে ধীৰে শোধন্ত শুনিয়ো সভাসদ ॥৭৯
বশিষ্ঠ প্ৰমুখ্যে মন্ত্ৰী পাত্ৰ পুৰোহিত ।
নাই মোত শ্ৰুতি আৱে কোৱা হিতাহিত ॥৮০
কৰিলো শপত মই কালৰ বচনে ।
হেনতে দেখিলে মোক ভৈয়াই লক্ষ্মণে ॥৮১
থিৰ কৰি কোৱা যেন সত্যত নঘাটো ।
মই অগ্নি খাওঁ কিবা লক্ষ্মণক কাটো ॥৮২
শুনি কতোক্ষণ মানে আছি গুণি গান্থি ।
বিনাৱন্ত ৰামত মনত নাহি শান্তি ॥৮৩
শুনিয়ো স্বৰূপ বাপ প্ৰভু ৰঘুপতি ।
অন্তকালে মিলে সমস্তৰে বিসঙ্গতি ॥৮৪
আউৰ নকৰিবা বাপ লক্ষ্মণক আশ ।
তুমি সত্য তেজিলে জগতে হোৱে নাশ ॥৮৫
সত্যতেসে আছে ৰহি মহী চৰাচৰ ।
সত্যসম ধৰ্ম্ম আউৰ নাহি পুৰুষৰ ॥৮৬
সত্য প্ৰতিপালি দেখাঁ ৰাখি ধৰ্ম্মপথ ।
তুমি হেন পুত্ৰকো তেজিলা দশৰথ ॥৮৭
সত্যক পালন্তে পুত্ৰশোকে ভৈলা নাশ ।
সত্য ৰাখি আপুনি খপিলা বনবাস ॥৮৮
জানিয়া লখাইৰ পদে এৰিয়ো বিকল ।
আমাৰ অসত্যে সামৰাজে যাইবে তল ॥৮৯
দেশৰ ডাকিয়ো ৰাখি লক্ষ্মণৰ প্ৰাণ ।
মহন্ত জনৰ ত্যাগে বধৰ সমান ॥৯০
সবাৰ সন্মত শুনি কৌশল্যা নন্দন ।
চাইল লক্ষ্মণৰ মুখ যুৰিলা ক্ৰন্দন ॥৯১
তোকো হৰুৱাওঁ আবে মোহোৰ কপালে ।
আবেসে জানিলো মোক গ্ৰসিলেক কালে ॥৯২
কোন সতে বুলিবো তেজিবো আবে তোক ।
ইজন্মক লাগিয়া সাবট আসি মোক ॥৯৩
জুৰাউক শৰীৰ কতোক্ষণ থাকোঁ চাই ।
মৰিয়ো নপাইবো আৰ তই হেন ভাই ॥৯৪
মোক তেজি যিমতে মৰিল দশৰথ ।
তই অবিহনে মইয়ো যাইবো যমপথ ॥৯৫
বিদেশৰ সৈতৰি ঐ লখাই বাপ ।
পৰিছেদা দেখোহোঁ সমীপ মোৰ চাপ ॥৯৬
সীতাৰ সন্তাপে ইটো যেন ভৈল চুলি ।
তোৰ শোক অগনিয়ে আবে মাৰে পুলি ॥৯৭
আসি ঋষি দুৰ্ব্বাসা খোচনি ভৈল দাণ্ডি ।
কালৰ বচনে তোৰ ভৈলো তল গাণ্ডি ॥৯৮
ইটো চক্ষু আউৰ তোক নপাইবো দেখিত ।
মোহোৰ মৰণ জানা ভৈল সন্নিহিত ॥৯৯
মোক দেখিবাক দুনাই নপাইবি লখাই ।
আইস গলাগলি কৰি থাকোঁ দুয়ো ভাই ॥১০০
এহি বুলি কনিষ্ঠৰ ধৰি গলে বান্ধি ।
ভৈলন্ত মূৰ্চ্ছিত ৰাম মকামকি কান্দি ॥১০১
জ্বলিল অগনি দুনাই উঠিল জমক ।
লক্ষ্মণে কান্দন্ত ধৰি সাবটি ৰামক ॥১০২
বেঢ়ি কৰৈ দুভাইক সন্তাপ সভাসদে ।
লক্ষ্মণে বুজান্ত পাছে বাক্য গদগদে ॥১০৩
ইটো অসন্তোষে কাৰ্য্য নুহিবেক ভাল ।
কৰাঁ সত্য পালি মোক সত্বৰে নিকাল ॥১০৪
চেতন লভিয়া প্ৰভু বসিয়ো আসনে ।
ঋাণ্টে নিকলিয়ো মোক বোলন্ত লক্ষ্মণে ১০৫
এৰিলো এৰিলো বোলাঁ সত্বৰে সম্মতি ।
ৰামো সমুখ ভৈলা বুলিবাক প্ৰতি ॥১০৬
আজোৰন্তে নাসে মাত মনত অসুখ ।
লাসে লাসে মাতন্ত ভাতৃৰ চাহি মুখ ॥১০৭
তেবে তোক লক্ষ্মণ বোলন্তে হৰি মাত ।
পৰিলন্ত নিঢালে চেতন নাহি গাত ॥১০৮
লক্ষ্মণে বোলন্ত দদা দৃঢ় কৰাঁ চিত্ত ।
মহন্ত জনৰ হেন নুহিকে উচিত ॥১০৯
সত্যক পালিয়া প্ৰভু ঝাণ্টে এৰা মোক ।
সন্ধুকি বসিলা পাছে ৰামে তেজি শোক ॥১১০
কণ্ঠৰ নোহ্লাই বাণী যেন ভৈল জ্বৰ ।
বোলন্তে বোলন্তে পাছে চিত্ত কৰি দৃঢ় ॥১১১
লোতকে তিমিত মুখ মুচিলা আঞ্চলে ।
বুলিবে লাগিলা ৰামে নয়ন সজলে ॥১১২
বেদ ধৰ্ম্ম সমস্ত সমাজে হুইবা সাখী ।
সোদৰৰ মৰ্ম্মছেদ কৰোঁ সত্য ৰাখি ॥১১৩
জানিয়া সমান আবে বধ পৰিত্যাগে ।
এৰিলো লক্ষ্মণ তোক যেন হৌক ভাগে ॥১১৪
এতেক বোলন্তে মৰ্ম্মে ছানিলেক গাৱ ।
নিঢালে পৰিল ৰাম মৃতক স্বভাৱ ॥১১৫
নোহ্লাই প্ৰাণবায়ু আয়ু যেন ভৈল পাত ।
ভৰত কান্দন্ত যেন পৰিল নিৰ্ঘাত ॥১১৬
ৰামে তেজিলন্ত জানি তেখণে লখাই ।
শৰীৰৰ অলঙ্কাৰ পেহ্লাইল খসাই ॥১১৭
দিব্য বস্ত্ৰ এৰি লৈল মলিন বসন ।
কৰিলন্ত মাতি ভৰতক সম্ভাষণ ॥১১৮
হাতে তৃণ ধৰিয়া কৰোহো কাউ বাউ ।
মোক চিন্তা এৰিয়া ৰামক ভালে চাউ ॥১১৯
সাবধানে থাকিবা লাগিল হেৰা দিন ।
এহি বুলি ৰামক কৰিলা প্ৰদক্ষিণ ॥১২০
চৰণৰ ধূলি তুলি মাখিলন্ত মাথে ।
আছন্ত তবধ হুয়া পৰি ৰঘুনাথে ॥১২১
কৰযোৰ কৰি পাছে বুলিলা লখাই ।
জন্মে জন্মে বান্ধৱ তুমিসি হৈবা ভাই ॥১২২
তোমৰ কনিষ্ঠ মই হুইবো দাস প্ৰায় ।
এহি দুই চৰণক সেবিবো সদাই ॥১২৩
কৰিলো মেলানি দাদা থাকিয়োক বুলি ।
দুনাই দুনাই দুয়ো চৰণৰ লৈলা ধূলি ॥১২৪
পাত্ৰ মন্ত্ৰী সবাকো বুলিলা হিত বাক ।
চাইবা সবে মিলি মোৰ প্ৰাণৰ দাদাক ॥১২৫
এহি বুলি লক্ষ্মণে ছিণ্ডিলা মোহপাশ ।
অধোমুখে মৌন হুয়া লৰিলা নিৰ্ব্বাস ॥১২৬
ঢাকি কান্দৈ প্ৰজা ধাতু সম্যকে উড়িল ।
অন্তেষ পুৰত উৰ্ম্মি ৰোলেক উঠিল ॥১২৭
অযোধ্যাক জুৰি যেন হৱে তলগুৰি ।
হা বাপ লখাই আজিসি যাস এৰি ॥১২৮
হৰি হৰি কিনো ইটো বিধিৰ কপট ।
ৰাঘৱ প্ৰভুত ভৈল এনুৱা দুৰ্ঘট ॥১২৯
দণ্ডে যুগ যাই একে সীতাৰ সন্তাপে ।
লখাই বিনি কিমতে জীবন্ত আবে বাপে ॥১৩০
এহিমতে শোকে লোক কান্দে অবিচ্ছেদ ।
লক্ষ্মণে গৈলন্ত হৃদয়ত দিয়া খেদ ॥১৩১
উজাই কতো দূৰ সৰযূৰ তীৰি তীৰি ।
বসিলা লক্ষ্মণ পাছে পদ্মাসন ভিৰি ॥১৩২
নিয়মিলা নৱদ্বাৰ কৰি থিৰ বুদ্ধি ।
ধৰিলা ধাৰণা প্ৰাণবায়ুক নিৰোধি ॥১৩৩
ইন্দ্ৰ আদি দেৱে পুষ্প বৰিষিলা শিৰে ।
পৰম ৰূপক চিন্তিবাক লৈলা বীৰে ॥১৩৪
উৰ্দ্ধক ক্ষেপিয়া প্ৰাণ কৰিলন্ত ত্যাগ ।
মুৰ্দ্ধাস্ফুটি বজাইল পৰম তেজ ভাগ ॥১৩৫
ভৈল দিব্য দেহা কোটি সূৰ্য্যৰ জেউতি ।
ইন্দ্ৰ আদি দেৱে কৰিলন্ত স্তুতি নতি ॥১৩৬
বাইল দিব্য বাদ্যছয় ছানিয়া গগণ ।
স্বৰ্গক গৈলন্ত দিব্য বিমানে লক্ষ্মণ ॥১৩৭
ত্ৰিদশ দেৱতা দেখি কৃত্য কৃত্য ভৈল ।
লক্ষ্মণৰ কথা আবে এহি মানে গৈল ॥১৩৮
শুনা সভাসদ সবে ৰামায়ণ কথা ।
ৰাম লক্ষ্মণৰ হেন মিলিল অৱস্থা ॥১৩৯
ইটো গৃহবাস সামান্যৰ কোন লেখা ।
স্বপনৰ সম নিধি ধন জন দেখাঁ ॥১৪০
দুৰ্ঘোৰ মৃত্যুক কিয় নাকলিয় কাছে ।
হেন জানা অন্তকে কেশত ধৰি আছে ॥১৪১
আউৰ এৰুৱন্তা নাহি কালৰ হাতৰ ।
পৰম বান্ধৱ একে মাধৱত পৰ ॥১৪২
হেন জানি দিয়া ৰাম চৰণত চিত্ত ।
কৰাঁ পান ৰামনাম পৰম অমৃত ॥১৪৩
বিচাৰি বেদৰো দেখা এহিসে যুগুতি ।
ৰামৰ নামেসে দেই পৰম মুকুতি ॥১৪৪
বিষয় বিলাসে নিলা ইহেন জন্মক ।
ছাইৰ অৰ্থে পোৰে যেন জাতি চন্দনক ॥১৪৫
মহাৰত্ন মণি যেন সম নাই মূলে ।
তাক সলাই আনি কাচমনি পিন্ধে গলে ॥১৪৬
একে কাক মাংস সিয়ো আহা কুকুৰৰ ।
আতি অল্প সিয়ো দেখা নুহিকে বিস্তৰ ॥১৪৭
তাকো মহা প্ৰৱন্ধ কৰিয়া নপাই লাগ ।
যদি পাৱৈ আসি তাকো আনে খোজে ভাগ ॥১৪৮
সেহি মতে বিভস বিষয় যত সুখ ।
তাকে লাগি হোৱা কেনে কৃষ্ণত বিমুখ ॥১৪৯
কৃষ্ণৰ কিঙ্কৰে কহে ইসে তত্ত্বসাৰ ।
বোলা ৰাম এৰাঁ পাপৰ ভাণ্ডাৰ ॥১৫০