তাৰকা ৰাক্ষসীক বধ
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৩০ অধ্যায়
তাৰকা ৰাক্ষসীক বধ
প্ৰভাতে উঠিয়া নিত্য কৰি সমাপত ।
চলিলা হৰিষে দুয়ো ঋষিৰ সঙ্গত ॥১
সুললিত লীলাগতি গমন সুথিৰ ।
কৌতূহলে পাইলা গৈয়া মন্দাকিনী তীৰ ॥২
দেখিয়া বিচিত্ৰ এক স্থান অনুপাম ।
কাহাৰ আশ্ৰম বুলি পুছিলন্ত ৰাম ॥৩
ঋষিয়ে বোলন্ত ইতো অনঙ্গ ভুৱন ।
মদনক এথাতে দহিলা ত্ৰিনয়ন ॥৪
অনঙ্গ ক্ষেত্ৰক ৰঙ্গে এৰাই তিনি জনে ।
তাড়কাৰ বন গৈয়া পাইলা ৰঙ্গ মনে ॥৫
ৰামচন্দ্ৰে পুছিলা ঋষিৰ চাপি পাশ ।
কহিয়োক মুনি ইতো কাহাৰ নিবাস ॥৬
মুনিয়ে বোলন্ত ৰাম শুনা মহাযশী ।
এহিতো বৱত থাকে তাড়কা ৰাক্ষসী ॥৭
বিকট দশন তাইৰ ৰূপ ভয়ঙ্কৰ ।
ব্ৰাহ্মণ তপস্বী মাৰি খাইলেক বিস্তৰ ॥৮
যত লোক খাইলে কোনে লেখা কৰে তাক ।
ত্ৰৈলোক্যৰ লোক পাইলে পাৰয় খাইবাক ॥৯
চোৱায়া গিলয় মাথা বৃদ্ধ মানুষৰ ।
ছৱালৰ মু্ণ্ডে তাইৰ কুণ্ডল কৰ্ণৰ ॥১০
মনুষ্যৰ তেজে তাইৰ বদন পখালে ।
গাৱৰ কাপৰ তাইৰ মনুষ্যৰ ছালে ॥১১
তাইৰ ডৰে নৰে আউৰ ই পথে নেযায় ।
আমি কোলো পথে যাইবোঁ কহিয়ো উপায় ॥১২
প্ৰহৰেক লাগে যেবে যাই এহি পথে ।
তৃতীয় প্ৰহৰ লাগে দক্ষিণৰ পথে ॥১৩
জগৰ এৰায়া যাওঁ মোৰ হেন মন ।
শুনি ৰামচন্দ্ৰে হাসি বুলিলা বচন ॥১৪
কিসক ইবোল বোলাঁ তুমি মুনিৰাজে ।
চমু এৰি দূৰ পথে যাইবোঁ কোন কাজে ॥১৫
লক্ষ্মণক চাহি পাছে বুলিলন্ত ৰাম ।
স্ত্ৰী বধ হৈবে পাপ কৰোঁ কোন কাম ॥১৬
লক্ষ্মণে বোলন্ত কেনে বোলা হেন মত ।
পিতৃয়ে পঠাই আছে ঋষিৰ লগত ॥১৭
মুনি যিবা বোলে কৰিবাহা সেহি কৰ্ম্ম ।
গুৰুৰ বচনে কিছু নাহিকে অধৰ্ম্ম ॥১৮
মুনি বুলিলন্ত ৰাম নকৰিবা ভয় ।
ৰাক্ষসী মাৰিলে কিছু দোষ নোপজয় ॥১৯
বিস্তৰক অপকাৰ যিজনে কৰয় ।
নাহি দোষ তাক মাৰি পুণ্যসে লভয় ॥২০
মাৰীচ সুবাহু দুই পুত্ৰ তাড়কাৰ ।
মাৰি মাৰি খাইল গৰু ব্ৰাহ্মণ অপাৰ ॥২১
তাড়কা খাইলেক গৰু মানুষ বিস্তৰ ।
তাক মাৰি পাইবা ৰাম পুণ্য বহুতৰ ॥২২
শুনিয়া টঙ্কাৰ কৰিলেক ৰঘুবৰে ।
তাড়কাক মাৰোঁ আজি এক পাট শৰে ॥২৩
মানুষৰ শবদ শুনিয়া নিশাচৰী ।
ক্ৰোধে খেদি আসে দিশ অন্ধকাৰ কৰি ॥২৪
কৰ্ণে লড়বড় কৰে মুণ্ড মানুষৰ ।
বদন প্ৰকটি আসে যম সমসৰ ॥২৫
কৰে মড়মড় গাৱে ছাল মানুষৰ ।
পৰ্ব্বত সমান ঘোৰ ৰূপ ভয়ঙ্কৰ ॥২৬
শাল বৃক্ষ সদৃশ মেলিয়া দুই বাহু ।
সূৰ্য্যক ঢাকিবে যেন খেদি যায় ৰাহু ॥২৭
ৰামক দেখিয়া ভীম তেজিলা আটাস ।
ত্ৰৈলোক্যৰ লোকত লাগিল মহাত্ৰাস ॥২৮
সকল ব্ৰহ্মাণ্ড জুৰি প্ৰতিধ্বনি গৈল ।
বজ্ৰ পৰে বুলি সৰ্ব্বজন ভয় ভৈল ॥২৯
পাতাল সদৃশ কৰি বেন্তগোট বায়া ।
সবাকে খাইবাক যায় পৃথিৱী কম্পায়া ॥৩০
ৰাক্ষসীক দেখি ঋষি মহাভয় ভৈলা ।
ৰামৰ পিচত গৈয়া আঁৰ হুয়া ৰৈলা ॥৩১
ঋষিক আশ্বাসি ৰামে যুৰিলন্ত বাণ ।
তাড়কাৰ হৃদয়ত কৰিল সন্ধান ॥৩২
সৰকিয়া বাণ হৃদয়ত গৈল পশি ।
ঘোৰ আটাসেক দিয়া পৰিল ৰাক্ষসী ॥৩৩
ব্ৰজৰ প্ৰহাৰ যেন হিয়াত পৰিল ।
তাড়কা তেজিল প্ৰাণ পৃথিৱী লৰিল ॥৩৪
আকাশত আনন্দ মিলিল দেৱতাৰ ।
জয় জয় ৰাম বুলি কৰয় জোকাৰ ॥৩৫
ৰামৰ শিৰত বৰিষিল পাৰিজাত ।
দুন্দুভি শৱদে নাচে তুলি দুই হাত ॥৩৬
দাৰুণী ৰাক্ষসী মৰি গৈল যমঘৰ ।
ৰামৰ প্ৰসাদে দুখ খণ্ডিল লোকৰ ॥৩৭
ৰাক্ষস বধিবে প্ৰতি ভৈলা অৱতাৰ ।
প্ৰথমতে ৰামে প্ৰাণ লৈলা তাড়কাৰ ॥৩৮
দেখি বিশ্বামিত্ৰৰ হৰিষ ভৈল মন ।
ৰামক বুলিলা মুনি প্ৰশংসা বচন ॥৩৯
ধন্য ধন্য ৰাম তুমি পুৰুষ প্ৰধান ।
একপাট শৰে ৰাক্ষসীৰ লৈলা প্ৰাণ ॥৪০
গুচিল দুৰ্গতি ৰাম তোমাৰ প্ৰসাদে ।
হুয়ো চিৰঞ্জীৱ ৰাম মোৰ আশীৰ্ব্বাদে ॥৪১
তোমাৰ নিৰ্ম্মল যশ বাঢ়োক অশেষ ।
অনন্তৰে ভৈলা আসি ৰজনী প্ৰবেশ ॥৪২
মহাসুখে সিতো ৰাতি বঞ্চিলা তথাতে ।
ৰামক মাতিলা ঋষি উঠিয়া প্ৰভাতে ॥৪৩
তোমাৰ বিক্ৰমে ৰাম তুষিলা আমাক ।
নানা অস্ত্ৰ দিয়া মই তুষিবোঁ তোমাক ॥৪৪
মন্ত্ৰে সমে ব্ৰহ্ম অস্ত্ৰ লৈয়ো মহাশয় ।
দিবোঁহো বৈষ্ণৱ অস্ত্ৰ ত্ৰৈলোক্য বিজয় ॥৪৫
ৰুদ্ৰমন্ত্ৰ সমন্বিতে দিবোঁ ৰুদ্ৰ শৰ ।
বজ্ৰসায় সমে অস্ত্ৰ দিবোঁ বাসৱৰ ॥৪৬
শিখাইবোঁ অগ্নিৰ বাণ পৰম বিক্ৰম ।
লৈয়োক গৰুড় বাণ আতি নিৰুপম ॥৪৭
শিখাওঁ গন্ধৰ্ব্ব বাণ বৈৰী ক্ষয়ঙ্কৰ ।
সংগ্ৰাম বিজয়ী বাণ লৈয়ো গন্ধৰ্ব্বৰ ॥৪৮
শকতি তোমাৰ ত্ৰিকণ্টক কনিয়াল ।
অসি অৰ্দ্ধচন্দ্ৰ শেল শূল ভিন্দিপাল ॥৪৯
খড় খুৰ ত্ৰিকুন বিশাল টাঙ্গি ভল্ল ।
পৰিঘ পট্টিশ গদা পৰশু মুষল ॥৫০
হৰিত লোহিত প্ৰাস শতঘ্ন কুলিশ ।
ব্যাঘ্ৰমুখ নাগপাশ ত্ৰিশূল নিদুংশ ॥৫১
কুবেৰ বৰুণ বাণ স্তম্ভন মোহন ।
লহ অহিপত্ৰ বায়ু বাণ বিতোপন ॥৫২
লৈয়ো নিশাচক্ৰ অস্ত্ৰ ত্ৰিভুবনে সাৰ ।
চন্দ্ৰ সূৰ্য্য মন্ত্ৰ অস্ত্ৰ শত্ৰু ক্ষয়ঙ্কাৰ ॥৫৩
যম অস্ত্ৰ দিবোঁ যমদণ্ড সমসৰ ।
শিখিয়োক দিব্য অস্ত্ৰ মন্ত্ৰ নিৰন্তৰ ॥৫৪
অসুৰ মানুষ যক্ষ ৰক্ষ পিশাচৰ ।
শিথাইবোঁ তোমাক মায়া মোহ যত শৰ ॥৫৫
স্নান কৰি আসি অস্ত্ৰ লৈয়োক এখনে ।
শুনি ৰাম লক্ষ্মণে হৰিষ ভৈলা মনে ॥৫৬
স্নান কৰি ঋষিৰ আগত বসিলন্ত ।
নানা অস্ত্ৰ শস্ত্ৰ মুনি দুইকো শিখাইলন্ত ॥৫৭
বিশ্বামিত্ৰ ঋষিৰ ভৈলন্ত দুয়ো শিষ্য ।
অস্ত্ৰ শিখি দুয়ো ভাই মনত হৰিষ ॥৫৮