ৰামৰ পিণ্ড দান
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৩৮ অধ্যায়
- ৰামৰ পিণ্ড - দান
- পদ ।
সীতা দীৰ্ঘৰাৱে কান্দি বোলন্ত শ্বশুৰ ।
তোমাৰ বিনাশ শুনি ভৈলোঁ মসিমূৰ ॥১
বাপে নিজ জীউ যেন পালিলেক মোক ।
কাক দেখি পাসৰিবোঁ সেহৰিৰ শোক ॥২
লক্ষ্মণে বোলন্ত মই নৰক সাধিলোঁ ।
বাপক নিষ্ঠুৰ বুলি পুনু নেদেখিলোঁ ॥৩
শ্ৰীৰাম লক্ষ্মণ সীতা কান্দিলা বহুত ।
প্ৰবোধিয়া বুলিলন্ত কৈকেয়ীৰ সুত ॥৪
উঠাঁ উঠাঁ দাদা শোক এৰিয়োক সৰ্ব্ব ।
ৰঘুৰ বংশৰ সবে তোমাতেসে গৰ্ব্ব ॥৫
নিৰন্তৰে প্ৰজাৰ তুমিসি নিজ নাহা ।
ক্ৰন্দনক ত্যজিয়া অঞ্জলি কাৰ্য্য চাহাঁ ॥৬
মাজ কৰি সীতাক লক্ষ্মণ ভৈলা আগ ।
পাচে ৰাম চলন্ত বিষাদে নেৰে লাগ ॥৭
জানকীক আগ কৰি জলত নামিল ।
নদীজলে বুৰদিয়া অঞ্জলি কৰিল ॥৮
ইঙ্গুদীৰ দ্ৰৱ আম জাম আদি ফল ।
একখান কৰিলন্ত মন্দাকিনী জল ॥৯
কুশ পাৰি ভূমিত উপৰে পিণ্ড দিল ।
হেৰা পিণ্ডলোৱাঁ বনে যেহেন মিলিল ॥১০
দক্ষিণক সমুখে অঞ্জলি দিল জল ।
নান্তিল ভূমিৰ ভোগে ভুঞ্জা বনফল ॥১১
তিতা ছালে পাইলা গৈয়া থান আপোনাৰ ।
তিনিহন্তে বৰ শোকে কান্দিলা অপাৰ ॥১২
ভৰতৰ লক্ষ্মণে গ্ৰীৱত ধৰি টানি ।
আস বাপ বুলিয়া কান্দিল দীৰ্ঘ বাণী ॥১৩