ৰামায়ণ বৃত্তান্ত

ৱিকিউৎসৰ পৰা
ৰামায়ণ বৃত্তান্ত
  1. আদিকাণ্ড - প্ৰথম অধ্যায়
  2. ৰামায়ণ বৃত্তান্ত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২
  3. ৰাক্ষসৰ কথা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯
  4. সূৰ্যবংশৰ বিৱৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০
  5. দশৰথৰ বিবাহ - কৌশল্যা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২
  6. দশৰথৰ বিবাহ - কৈকেয়ী - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২
  7. দশৰথৰ বিবাহ - সুমিত্ৰা আৰু অন্যান্য ৰাণী - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫
  8. শনিৰ দৃষ্টি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭
  9. শনিৰ বৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০
  10. সিন্ধু মুনি বধ আৰু অভিশাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২
  11. দশৰথৰ বৰ : কৈকেয়ীক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৬
  12. অপুত্ৰক দশৰথৰ চিন্তা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭
  13. ঋষ্যশৃঙ্গৰ কাহিনী - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮
  14. ঋষ্যশৃঙ্গৰ উপস্থিতিত যজ্ঞ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২
  15. দশৰথৰ গৃহত নাৰায়ণৰ অংশৰ স্থিত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৪
  16. পায়স ভক্ষণ আৰু সন্তান জন্ম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪০
  17. জনকৰ ঘৰত সীতাৰ জন্ম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৬
  18. গুহক চণ্ডাল - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৭
  19. ৰাক্ষস বধৰ উদ্দেশ্যে ৰাম - লক্ষণৰ আনয়ন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫০
  20. ৰাম - লক্ষণ আৰু বিশ্বামিত্ৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫২
  21. তাৰকা ৰাক্ষসীক বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫৪
  22. মাৰীচ বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫৬
  23. সীতা স্বয়ম্বৰলৈ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫৮
  24. কান্যকুজ্বৰ বিৱৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬৩
  25. উনপঞ্চাশত বায়ুৰ উত্পত্তি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬৪
  26. অহল্যাৰ শাপ - মুক্তি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬৫
  27. ৰামৰ হৰধনু ভঙ্গ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৭০
  28. স্বয়ম্বৰত যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৭৫
  29. দশৰথক আনিবলৈ কটকী প্ৰেৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৮০
  30. চাৰি ভাইৰ বিবাহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৮২
  31. ৰাম - পৰশুৰাম সংঘৰ্ষ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৮৫
  32. অযোধ্যাকাণ্ড - দ্বিতীয় অধ্যায়
  33. ৰামচন্দ্ৰৰ অযোধ্যালৈ আগমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯২
  34. ৰামচন্দ্ৰক যুৱৰাজ পতাৰ প্ৰস্তাৱ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৩
  35. ৰামচন্দ্ৰৰ অভিষেকৰ আয়োজন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৪
  36. মন্থৰাৰ কুমন্ত্ৰণা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৬
  37. কৈকেয়ীয়ে বৰ বিচাৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৭
  38. দশৰথৰ মনত দুখ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯০২
  39. কৈকেয়ীয়ে ৰামক বৰৰ কথা কয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০৪
  40. ৰাম বনলৈ যাবলৈ ওলায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০৪
  41. লক্ষণৰ ক্ৰোধ আৰু ৰামৰ প্ৰবোধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০৬
  42. বনবাসৰ কথা সীতাক জনায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১০
  43. লক্ষণো বনলৈ ওলায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৪
  44. ৰামচন্দ্ৰৰ বিদায় - প্ৰাৰ্থনা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৫
  45. ৰামচন্দ্ৰৰ বাকলি বস্ত্ৰ পৰিধাণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৭
  46. ৰাম - লক্ষণ - সীতাৰ বনবাস গমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৯
  47. ৰামচন্দ্ৰই প্ৰজাক শান্ত্বনা দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২২
  48. ৰামচন্দ্ৰ - গুহক সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২৩
  49. মন্ত্ৰী সুনম্তক বিদায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২৪
  50. ভৰদ্বাজ মুনিৰ আশ্ৰমত প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২৫
  51. দশৰথৰ মৃত্যু -গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩১
  52. ৰাণীসকলৰ বিলাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৩
  53. কৌশল্যাই কৈকেয়ীক ভৰ্ত্সনা কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৪
  54. ভৰতক মতাই আনে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৫
  55. ভৰতৰ খং - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৭
  56. কুঁজীৰ বিলাই - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৯
  57. কৌশল্যা আৰু ভৰতৰ কথা-বতৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪০
  58. দশৰথ ৰজাৰ প্ৰেতকাৰ্য্য - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪১
  59. ৰামক মাতি আনিবলৈ দিহা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৩
  60. ৰামক বিচাৰি ভৰতৰ যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৪
  61. ভৰত-গুহৰ মিলন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৬
  62. গুহকৰ সাহায্য দান - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৯
  63. ভৰদ্বাজ মুনিৰ অতিথি সত্কাৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫০
  64. চিত্ৰকূটত ৰাম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫১
  65. ভৰতে ৰামক লগ পায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৩
  66. দশৰথৰ মৃত্যুৰ বাতৰিত শোক-প্ৰকাশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৩
  67. ৰামৰ পিণ্ড দান - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৫
  68. ঋষি আৰু মাতৃসকলৰ লগত ৰামৰ সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৫
  69. ৰামৰ খৰম লৈ ভৰতৰ প্ৰত্যাগমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৭
  70. সিংহাসনত খৰম স্থাপন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৮
  71. অৰণ্যকাণ্ড - তৃতীয় অধ্যায়
  72. অত্ৰি ঋষিৰ আশ্ৰমত ৰাম সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৯
  73. দণ্ডকাৰণ্যত ৰামৰ প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৪
  74. ৰামচন্দ্ৰ - সীতাৰ কথোপকথন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৭
  75. ৰামৰ আগত মাণ্ডকৰ্ণি মুনিৰ বৃত্তান্ত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৯
  76. অগস্ত্য মুনিৰ আশ্ৰমত প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৯
  77. জটায়ুৰ লগত সাক্ষাত্ আৰু শূৰ্পনখাৰ নাক - কাণ ছেদন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭১
  78. ৰাক্ষসৰ লগত যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭৫
  79. খৰ দুষণ বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭৬
  80. মাৰীচৰ মৃগৰূপ ধাৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৮৭
  81. ৰাৱণৰ তপস্বী বেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৮৭
  82. সীতাৰ আগত ৰাৱণৰ আত্ম পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯১
  83. ৰাৱণৰ গৰ্ব - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৪
  84. ৰাৱণে সীতাক হৰণ কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৫
  85. ৰামক মাৰিবলৈ ৰাক্ষস নিয়োগ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৮
  86. সীতাই ৰাৱণক অভিশাপ দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৯
  87. সীতাই ৰাৱণক ৰ্ভতসনা কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০০
  88. সীতাক বিচাৰি নেপাই ৰামৰ আক্ষেপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০২
  89. জটায়ুৱে সীতাৰ বাতৰি দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৩
  90. কৱদ্ধৰ লগত সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৫
  91. চম্পা সৰোবৰত ৰাম-লক্ষণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৬
  92. কিষ্কিন্ধ্যাকাণ্ড - চতুৰ্থ অধ্যায়
  93. ৰামৰ লগত সুগ্ৰীৱৰ মিত্ৰতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৯
  94. ৰামৰ আগত সীতাৰ অলঙ্কাৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১০
  95. বালী বধৰ আয়োজন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১০
  96. বালী - সুগ্ৰীৱৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১৪
  97. ৰামে বালীক বধ কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১৮
  98. বালীয়ে ৰামক তিৰস্কাৰ কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২১
  99. বালীৰ ভাৰ্য্যা তাৰাৰ বিলাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৩
  100. তাৰাৰ অভিশাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৪
  101. সুগ্ৰীৱৰ অভিষেক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৭
  102. সুগ্ৰীৱৰ প্ৰতি ৰামৰ সন্দেহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৮
  103. সুগ্ৰীৱৰ সৈন্য সংগ্ৰহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩২
  104. সসৈন্যে সুগ্ৰীৱ উপস্থিত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৩
  105. বালীপুত্ৰ অঙ্গদৰ দ্ধাৰা ৰাক্ষস বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৬
  106. বানৰ সৈন্যৰ স্বয়ংপ্ৰভা সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৭
  107. বানৰ সৈন্যৰ সমাবেশ : সাগৰ দৰ্শন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৮
  108. জটায়ুৰ মৃত্যুত সম্পাতিৰ শোক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪১
  109. সুপাৰ্শ্বই ৰাৱণ আৰু সীতাক দেখে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৩
  110. সুন্দৰাকাণ্ড - পঞ্চম অধ্যায়
  111. সাগৰৰ পাৰত বানৰ সৈন্যৰ মন্ত্ৰণা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৬
  112. হনুমন্তৰ পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৭
  113. হনুমন্তৰ লঙ্কা যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৯
  114. লঙ্কাৰ বিৱৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫১
  115. হনুমন্তই সীতাক বিচাৰি পায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৬
  116. ৰাৱণৰ কক্ষত সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৫৮
  117. সীতা আৰু হনুমন্তৰ কথোপকথন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৬৩
  118. হনুমন্ত আৰু ৰাক্ষসৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৬৯
  119. হনুমন্ত আৰু জম্বুমালীৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭০
  120. হনুমন্ত আৰু বিৰুপাক্ষৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭১
  121. হনুমন্ত আৰু অক্ষকুমাৰৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭২
  122. ইন্দ্ৰজিত আৰু হনুমন্তৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭৩
  123. হনুমন্তৰ নেজত জুই আৰু লঙ্কা দাহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭৭
  124. হনুমন্তৰ প্ৰত্যাগমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮০
  125. বানৰ সৈন্যই মধুফল খায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৪
  126. হনুমন্তই ৰামক সীতাৰ বাতৰি দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৫
  127. ৰাম-লক্ষণৰ লঙ্কা যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৭
  128. ৰাৱণক বিভীষণৰ সজ উপদেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৯
  129. ৰাৱণৰ কুমন্ত্ৰণা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৯০
  130. বিভীষণক ৰাৱণৰ পদাঘাত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৯২
  131. লঙ্কাকাণ্ড - ষষ্ঠ অধ্যায়
  132. ৰামৰ সৈন্যবল সম্পৰ্কে জানিবলৈ ৰাৱণৰ আগ্ৰহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৯৮
  133. ৰাৱণৰ ছলনা আৰু সীতাৰ বেজাৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩০৩
  134. ৰাৱণক সজউপদেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩০৬
  135. সুবেল পৰ্বতত ৰাম-লক্ষণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩০৮
  136. ৰাম-লক্ষণৰ নাগপাশ মোচন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩১২
  137. ধুম্ৰাক্ষৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬২১
  138. সেনাপতি ব্ৰজদ্ৰংষ্ট - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৩
  139. প্ৰহস্তৰ যুদ্ধযাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৫
  140. অনেক ৰাক্ষসৰ যুদ্ধ আৰু পতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৭
  141. ৰাৱণৰ যুদ্ধ যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৮
  142. লক্ষণৰ হাতত ৰাৱণৰ পৰাজয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৯
  143. কুম্ভকৰ্ণৰ যুদ্ধ - যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৩৫
  144. কুম্ভকৰ্ণৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৩৮
  145. ৰাম-লক্ষণৰ হাতত কুম্ভকৰ্ণৰ পতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৪৩
  146. অতিকায় ৰাক্ষসৰ যুদ্ধ আৰু পতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৪৬
  147. ইন্দ্ৰজিতৰ যুদ্ধ : ৰাম-লক্ষণ অচেতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫১
  148. হনুমন্তই ঔষধ আনি জীৱন দান দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৩
  149. বানৰ সৈন্যৰ আক্ৰমণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৪
  150. কুম্ভ নিকুম্ভৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৬
  151. ইন্দ্ৰজিতৰ পুনৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৯
  152. ৰামক বিভীষণৰ প্ৰবোধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৬২
  153. ইন্দ্ৰজিত বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৬৫
  154. ৰাৱণৰ ক্ৰোধ আৰু সীতাক হত্যা কৰিবলৈ উদ্যত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৭৩
  155. লক্ষণৰ শক্তিশেল - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৭৯
  156. হনুমন্তৰ গন্ধমাদন আনয়ন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৮৫
  157. গন্ধমাদন পুনৰ থৈ আহে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৮৮
  158. ৰাম ৰাৱণৰ যুদ্ধ : ৰাৱণ বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৯০
  159. ৰামৰ আগত সীতাৰ উপস্থিতি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৯৯
  160. সীতাৰ অগ্নি পৰীক্ষা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪০২
  161. ৰামৰ অযোধ্যালৈ যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪০৭
  162. অযোধ্যাত ৰামৰ প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪১০
  163. ৰামচন্দ্ৰৰ ৰাজ্যাভিষেক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪১৬
  164. হনুমন্ত প্ৰভৃতিৰ অযোধ্যা ত্যাগ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪১৭
  165. উত্তৰা কাণ্ড - সপ্তম অধ্যায়
  166. সীতাৰ বনবাস - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২০
  167. বাল্মীকিৰ আশ্ৰমত লৱ-কুশৰ জন্ম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২১
  168. ৰামৰ অশ্বমেধ যজ্ঞ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২২
  169. লৱ-কুশৰ ৰামায়ণ কথন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২৭
  170. হনুমন্তৰ জন্ম পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৩৩
  171. লৱ-কুশৰ পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৩৬
  172. সীতাক আনিবলৈ হনুমন্তক প্ৰেৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৩৭
  173. ৰামৰ ৰাজসভাত সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪১
  174. সীতাৰ বেজাৰ আৰু পাতাল প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪২
  175. পৃথিৱীৰ প্ৰতি ৰামৰ ক্ৰোধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪৬
  176. পাতালত সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪৭
  177. ভৰতৰ পুত্ৰক ৰাজ্য দান - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪৮
  178. ৰামৰ লক্ষণ বৰ্জন - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৫২
  179. লক্ষণক বিচাৰি ৰামৰ বন যাত্ৰা - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৫৮
  180. ৰামচন্দ্ৰৰ স্বৰ্গযাত্ৰা - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৬৪


      ২ অধ্যায়

      ৰামায়ণৰ বৃত্তান্ত


অনন্তৰে ব্ৰহ্মা দেৱে সেহি সময়ত ।

সৰ্ব্বলোক হিত তেবে চিন্তিয়া মনত ॥১

চৰাচৰ জগতৰ কুশল কাৰণে ।

ৰামৰূপে অৱতাৰ হৈবা নাৰায়ণে ॥২

বাল্মীকিৰ মুখে সেই দিব্য কথামৃত ।

শ্লোকবন্ধে কৰাঞো সৰ্ব্ব জনত বিদিত ॥৩

তাকে শুনি ভনি সুখে তৰোক সংসাৰ ।

হেন মনে গুণি ব্ৰহ্মা কৰিলন্ত সাৰ ॥৪

আছন্ত বাল্মীকি চিন্তি পূৰ্ব্ব কথামৃত ।

নাৰদে সহিতে ব্ৰহ্মা মিলিল তহিত ॥৫

দেখিয়া বাল্মীকি ঋষি উঠি তাৱক্ষণে ।

সুবৰ্ণ আসন আমি দিলা ৰঙ্গমনে ॥৬

নাৰদে সহিতে ব্ৰহ্মা বসিল তথাত ।

কৰিলা বাল্মীকি দুইবো পাৱে প্ৰণিপাত ॥৭

পাদ্যে অৰ্ঘে গন্ধে ধূপে পূজি মহা ঋষি ।

কৃতাঞ্জলি হুয়া স্তুতি বুলিলা হৰিষি ॥৮

সাম্ফলিলোঁ জন্ম দুইৰো দেখিলো চৰণ ।

কৰিয়োক আজ্ঞা কিবা সাধোঁ প্ৰয়োজন ॥৯

বাল্মীকিক ব্ৰহ্মা পাচে বুলিলা বচন ।

শুনা মহাঋষি সোৰ যেন প্ৰয়োজন ॥১০

বুলিলা বচন যেন ক্ৰৌঞ্চক বধিতে ।

সেহিমতে ৰামায়ণ কৰা এক চিতে ॥১১

দশৰথ নৃপতিৰ গৃহে অযোধ্যাত ।

শ্ৰীৰাম স্বৰূপে হৰি জন্মিবা সাক্ষাত ॥১২

নাৰদৰ মুখে কথা শুনিবা সকলে ।

পাচে ৰামায়ণ কৰিবাহা কৌতুহলে ॥১৩

যুগে যুগে তোমাৰ কবিতা প্ৰচাৰিব ।

তাকে শুনি ভণি লোকে সংসাৰ তৰিব ॥১৪

নাৰদক পাচে বুলিলন্ত পিতামহ ।

ৰামৰ চৰিত্ৰ কিছু বাল্মীকিত কহ ॥১৫

এহি বুলি ব্ৰহ্মা নিজ লোকে গৈলা চলি ।

নাৰদত বাল্মীকি পুছিলা কৃতাঞ্জলি ॥১৬

কেন মতে ৰামায়ণ কৰিবো অতাই ।

সিসব কাহিনী সবে কহাঁ মোৰ ঠাই ॥১৭

কোন কুলে ৰামচন্দ্ৰ হৈবা উতপন ।

কোন দেশে কোন কৰ্ম্ম কৰিবা শোভন ॥১৮

কেনমতে হৈবা ৰাম কোন প্ৰয়োজনে ।

সিসব কাৰণ তুমি জানাহা আপোনে ॥১৯

বোলন্ত নাৰদে শুনিয়োক মহাঋষি ।

ৰামৰ চৰিত্ৰতয় কহিবোঁ হৰিষি ॥২০

হৈবন্ত ইক্ষ্বাকু নামে ৰাজা অযোধ্যাত ।

দশৰথ ৰাজা সেই কুলে হৈবা জাত ॥২১

তান গৃহে বিষ্ণু ৰামৰূপে অৱতৰি ।

হৰিবা ভূমিৰ ভাৰ ৰাক্ষস সংহৰি ॥২২

ৰামৰ চৰিত্ৰচয় অমৃত সমান ।

শুনা অনুক্ৰমে ঋষি কহোঁ বিদ্যমান ॥২৩

অযোধ্যাত হৈবা দশৰথ নৰেশ্বৰ ।

পুত্ৰ নহৈবেক নৱ হাজাৰ বতসৰ ॥২৪

পুত্ৰৰ নিমিত্তে যজ্ঞ কৰিব অনেক ।

তথাপিতো নৃপতিৰ পুত্ৰ নোহিবেক ॥২৫

দুৰ্বাশাত উপদেশ পায়া মহামানী ।

কৰিবা বিশিষ্ট যজ্ঞ ঋষ্যশৃঙ্গ আনি ॥২৬

তেবে জন্মিবন্ত ৰাম চাৰি ৰূপ ধৰি ।

বল বীৰ্য্যে ধৈৰ্য্যে'ধিক দেৱতাত কৰি ॥২৭

চাৰি ভাই মহাবীৰ বিষ্ণু অংশে জাত ।

দুষ্টবিনাশন হেতু জগত বিখ্যাত ॥২৮

অস্ত্ৰে শস্ত্ৰে শাস্ত্ৰে সৰ্ব্ব গুণে অনুপাম ।

গুহ চণ্ডালক মিত্ৰ কৰিব শ্ৰীৰাম ॥২৯

মাৰীচ সুবাহু দুই ৰাক্ষস দুৰ্জ্জন ।

বিশ্বামিত্ৰ মুনিৰ যজ্ঞক কৰে ছন ॥৩০

যাইবা বিশ্বামিত্ৰ দশৰথৰ গৃহক ।

যজ্ঞ ৰাখিবাক প্ৰতি খুজিবা ৰামক ॥৩১

শুনি নৃপতিৰ মুখে হৰিব বচন ।

কৰিবন্ত ভক্তিভাৱে ঋষিক অৰ্চ্চন ॥৩২

ৰামক নাপাবা ঋষি কৰিবন্ত ক্ৰোধ ।

বশিষ্ঠে কৰিব দশৰথক প্ৰবোধ ॥৩৩

দিবা ৰাম লক্ষণক বশিষ্ঠ বচনে ।

লৈয়া দুই ভাইক ঋষি যাইবা ৰঙ্গমনে ॥৩৪

চলিৱন্ত দুয়ো বিশ্বামিত্ৰৰ সঙ্গত ।

ৰাক্ষসৰ কথা মুনি কহিবা ৰামত ॥৩৫

প্ৰথমতে ৰামে বধিবন্ত তাড়কাক ।

শ্ৰীৰামক প্ৰশংসা কৰিব দেৱ জাক ॥৩৬

ৰামৰ বিক্ৰমে বৰ হৰিষক পাইব ।

যত অস্ত্ৰ শস্ত্ৰ মুনি দোভাইক শিখাইব ॥৩৭

নানা অস্ত্ৰ শস্ত্ৰ জানি হৈব ৰঙ্গমন ।

ঋষি সমে দুয়ো প্ৰবেশিব তপোবন ॥৩৮

থাকিব দিনেক ৰামে ৰাক্ষসক ধ্যানে ।

যজ্ঞ নষ্ট ৰাক্ষসে কৰিব বিদ্যমানে ॥৩৯

মাৰীচক ৰামে উৰুৱাইব এক শৰে ।

সুবাহুক সসৈন্যে পঠাব যম ঘৰে ॥৪০

দেখি বিশ্বামিত্ৰ আদি যত মুনিগণ ।

ৰামক বুলিবে সবে প্ৰশংসা বচন ॥৪১

পাছে ঋষি সবে বেদ মন্ত্ৰ উচ্চৰিয়া ।

কৰিবন্ত যজ্ঞ সাঙ্গ পূৰ্ণাহুতি দিয়া ॥৪২

আত অনন্তৰে কথা শুনা মহামতি ।

মিথিলা নগৰে হৈব জনক নৃপতি ॥৪৩

তানে ঝিউ হৈবা সীতা লক্ষ্মী সমসৰ ।

ধৰ্ম্ম যজ্ঞ পাতিবা সীতাৰ স্বয়ম্বৰ ॥৪৪

দূত পঠাই আনিবন্ত ৰাজা সকলক ।

সঙ্গে লৈয়া বিশ্বামিত্ৰ ৰাম লক্ষ্মণক ॥৪৫

পৰম হৰিষে ঋষি যাহন্ত পথত ।

প্ৰবেশিবা যাই গৌতমৰ আশ্ৰমত ॥৪৬

অহল্যাক মুক্ত ৰামে কৰিবা সাক্ষাত ।

ৰামে সমে ঋষি প্ৰবেশিব মিথিলাত ॥৪৭

ধনুক ভাঙ্গিয়া ৰামে পাইবন্ত সীতাক ।

অনায়াসে যুদ্ধে জিনিবন্ত ৰাজা জাক ॥৪৮

দূত পঠাই জনকে আনিবা দশৰথ ।

সীতাক ৰামক দিবা পুৰি মনোৰথ ॥৪৯

লক্ষ্মণ ভৰত শত্ৰুঘন মহামতি ।

আৰু তিনি কন্যা দিবা তিলিকো নৃপতি ॥৫০

চাৰি পুত্ৰ চাৰি বধু লৈয়া দশৰথ ।

ধৰিবা কৌতুকে ৰাজা অযোধ্যাৰ পথ ॥৫১

ভৃগুপতি ৰামে পাচে শুনি ধনুৰ্ভঙ্গ ।

পন্থ নিষেধিবা আসি কৰি মহা খঙ্গ ॥৫২

তাঙ্ক স্ত্তুতি নতি বুলিবন্ত দশৰথ ।

ৰামে পৰশুৰামৰ ছেদিবা স্বৰ্গপথ ॥৫৩

ৰামে ভৃগুপতিক জিনিবা লীলা কৰি ।

মহোতসবে প্ৰবেশিবা অযোধ্যা নগৰী ॥৫৪

পাচে দশৰথে শত্ৰুঘন ভৰতক ।

পঠাইবন্ত দুইকো যুদ্ধাজিতৰ গৃহক ॥৫৫

ৰূপে গুণে ৰামে ৰঞ্জিবন্ত সৰ্ব্বজন ।

ৰাম ৰাজা হৈবন্ত সবাৰো এহি মন ॥৫৬

সবাৰো আনন্দ ৰাম হৈবন্ত নৃপতি ।

দশৰথে ৰামক দিবন্ত অনুমতি ॥৫৭

জানি কৈকেয়ীয়ে তাত পাতিব বিঘিনি ।

সত্য জৰী নৃপতিক ছান্দিব পাপিনী ॥৫৮

ভৰত হৈবন্ত ৰাজা কৈকেয়ীৰ মন ।

চৈধয় বতসৰ প্ৰতি ৰাম যাইব বন ॥৫৯

হেন সৈত্য কৰাই দশৰথ নৃপতিক ।

সমন্তে লোকক শোক দিবেক অধিক ॥৬০

পিতৃ সত্য প্ৰতিপালি ৰাম ৰঙ্গ মনে ।

লক্ষ্মণ জানকী সঙ্গে প্ৰবেশিবা বনে ॥৬১

পুত্ৰৰ শোকত জীৱ তেজিবা নৃপতি ।

সাত দিন বাহি শৱ হৈব কৰ্ম্ম গতি ॥৬২

দূত পঠাই বশিষ্ঠে অনাইব ভৰতক ।

কৰাইবা ৰাজাৰ যত প্ৰেতৰ কাৰ্য্যক ॥৬৩

পিতৃকাৰ্য্য কৰিয়া ভৰত বিতোপন ।

ৰামক আনিবে প্ৰতি প্ৰবেশিব বন ॥৬৪

শুনি ৰামচন্দ্ৰে সিতো পিতৃৰ মৰণ ।

তিনিয়ো কৰিবো শোক বিস্তৰ ক্ৰন্দন ॥৬৫

ভৰতে কাতৰ আতি কৰিব ৰামক ।

মই সত্য পালোঁ প্ৰভু চলিয়ো ৰাজ্যক ॥৬৬

বশিষ্ঠ প্ৰমুখে বুলিবন্ত পাত্ৰগণ ।

নাৰাখিবা ৰামচন্দ্ৰে কাহাৰ বচন ॥৬৭

নিষ্ঠুৰ বচন ৰামে বুলি ভৰতক ।

পুনৰপি পালটাই পঠাবা ৰাজ্যক ॥৬৮

পাচে ৰামচন্দ্ৰ সীতা লক্ষ্মণ সহিতি ।

ফল মূল মাংস শাক ভুঞ্জি মন প্ৰীতি ॥৬৯

শিৰে জটা পৰিধান বাকলি বসন ।

কতো তৃণ শিলা মৃগ চৰ্ম্মত শয়ন ॥৭০

এহি মতে ৰামচন্দ্ৰে বঞ্চিবা বনত ।

কতো দিন থাকি চিত্ৰকূট পৰ্ব্বতত ॥৭১

বেড়াইবন্ত ৰামে পাচে ঋষিৰ আশ্ৰমে ।

সুতীক্ষ্ণ ঋষিৰ ঘৰে যাইবন্ত প্ৰথমে ॥৭২

শৰভঙ্গ ঋষিক দেখিবা তাত পৰ ।

তাত পাছে বধিবা বিৰাধ নিশাচৰ ॥৭৩

ঘৰে ঘৰে ঋষিৰ আশ্ৰমে নিৰন্তৰে ।

যাইব দশ বতসৰ ফুৰন্তে ৰঘুবৰে ॥৭৪

পাইবন্ত হৰিষ ৰামে ঋষি সম্ভাষণে ।

অগস্ত্যত পুছি যাইব পঞ্চবটী বনে ॥৭৫

তথাত কবিৰ ৰামে হৰিসে নিবাস ।

শূৰ্পণখা যাইব কামে ৰাঘৱৰ পাশ ॥৭৬

লক্ষ্মণে কাটিব তাইৰ ধৰি নাক কাণ ।

খৰ দূষণত শূৰ্পণখা দিব জান ॥৭৭

চতুৰ্দ্দশ সহস্ৰ ৰাক্ষস সমন্বিতে ।

খৰ দূষণক ৰামে বধিবা তহিতে ॥৭৮

খৰ দূষণৰ বধ দেখি বিদ্যমান ।

ৰাৱণৰ আগে শূৰ্পণখা দিব জান ॥৭৯

সীতাৰ ৰূপৰ কথা কহিব প্ৰচুৰ ।

শুনিয়া ৰাৱণ ৰাজা হৈব কামাতুৰ ॥৮০

সীতাক হৰিতে যত্ন কৰিব বিস্তৰ ।

ৰথ লইয়া যাইব ৰাজা মাৰীচৰ ঘৰ ॥৮১

মাৰীচে বিস্তৰ বুজাইবেক ৰাৱণক ।

তথাপি ৰাৱণে তাৰ নুশুনিবে বাক ॥৮২

মাৰীচক লগে লৈয়া দুৰ্জ্জন ৰাৱণ ।

সীতাক হৰিবে যাইব দণ্ডুকাৰ বন ॥৮৩

ৰামৰ শৰত মৃত্যু জানি আপোনাৰ ।

ধৰি মৃগ ৰূপ সিতো সুবৰ্ণ আকাৰ ॥৮৪

ফুৰিবে মাৰিচ চৰি আগত ৰামৰ ।

দেখি ৰামচন্দ্ৰে যাব ধৰি ধনুশৰ ॥৮৫

নিবেক ৰামক বিদুৰক নিশাচৰ ।

ৰামৰ শৰত তেজিবেক কলেৱৰ ॥৮৬

মৰন্তে তেজিবে ৰাৱ ৰামৰ সমান ।

শুনি সীতা গোসানীৰ উড়িব পৰাণ ॥৮৭

ৰামক ৰাক্ষসে মাৰে সীতা হেন জানি ।

লক্ষ্মণক বুলিবেক দুৰাক্ষৰ বাণী ॥৮৮

শুনিয়া সীতাক তেজি যাইবন্ত লক্ষ্মণে ।

শূণ্য স্থানে সীতা হৰি নিবেক ৰাৱণে ॥৮৯

সীতাৰ কাৰণে যুদ্ধ কৰিব জটায়ু ।

পাখা ছেদি ৰাৱণে হৰিব তাৰ আয়ু ॥৯০

থৈবেক সীতাক নিয়া অশোকৰ বনে ।

ৰাক্ষসিনীগণ ৰক্ষা দিবেক ৰাৱণে ॥৯১

দেখি ব্ৰহ্মা বুলিবন্ত ইন্দ্ৰ দেৱতাক ।

অমৃত পায়স নিয়া দিয়োক সীতাক ॥৯২

ইন্দ্ৰে নিয়া পায়স দিবন্ত তেতিক্ষণ ।

দেখি সীত দেবী তাক কৰিব ভক্ষণ ॥৯৩

নাপায়া সীতাক পাচে শ্ৰীৰাম লক্ষ্মণ ।

মহাশোকে দুয়ো ভাই কৰিব ক্ৰন্দন ॥৯৪

বধিবা কবন্ধ ৰামে সীতাক খোজন্তে ।

ঋষ্যমুখ পাইবা গই দণ্ডুকৰা হন্তে ॥ ৯৫

তথা ৰামচন্দ্ৰে কাৰ্য্য কৰিবা বিচিত্ৰ ।

সু্গ্ৰীৱ বানৰ সমে ৰামে কৰি মিত্ৰ ॥৯৬

বানৰ ৰাজা বীৰ বালিক বধিব ।

তাৰ যত ৰাজ্যভাৰ সুগ্ৰীৱক দিব ॥৯৭

পাসৰিব ৰামক সুগ্ৰীৱ ৰাজ্য ভোলে ।

লক্ষ্মণে তৰ্জ্জিব তাক ৰাঘৱৰ বোলে ॥ ৯৮

কপি সেনাগণ লৈয়া বানৰ নৃপতি ।

ৰামৰ চৰণে নমি কৰিবা প্ৰণতি ॥৯৯

পাঞ্চিবা বানৰ গণ ৰামৰ আদেশে ।

সীতাক খুজিব পঠাইবা দেশে ॥১০০

লগত সহায় দিব বীৰ হনুমন্ত ।

দক্ষিণ দিশক অঙ্গদক পাঞ্চিবন্ত ॥১০১

বিচাৰিয়া সীতাক ফুৰিবা কপি জাক ।

সম্পাতিৰ মুখে পাইবা সীতাৰ বাৰ্ত্তাক ॥১০২

শিংশপা বৃক্ষৰ তলে লঙ্কাত আছন্ত ।

সাগৰ এৰাইবা ডেৱে বীৰ হনুমন্ত ॥১০৩

দেখিবা সীতাক যেবে বায়ুৰ তনয় ।

ৰামৰ বাৰ্ত্তাক কহিবন্ত মহাশয় ॥১০৪

ৰামৰ আঙ্গঠি নিয়া সীতাক দিবন্ত ।

হিয়ে মুঠি হানি সীতা দেবী কান্দিলন্ত ॥১০৫

হাতে তৃণ ধৰি বীৰে সীতাক বুজাইব ।

কপিৰ কাতৰে সীতা গোসানী জোৰাইব ॥১০৬

অশোক বনত পশি বায়ুৰ নন্দন ।

কৰিবন্ত ছন্ন ৰাৱণৰ মধুবন ॥১০৭

অনেক ৰাক্ষস মাৰ নাব যমঘৰ ।

অক্ষ কুমাৰক মাৰিবন্ত বীৰবৰ ॥১০৮

পাচে নাগপাশ হানিবন্ত ইন্দ্ৰজিতে ।

হৈবা বন্দী ৰাৱণক দেখিবাৰ চিত্তে ॥১০৯

ৰাক্ষসে যোগাইব নিয়া ৰাৱণৰ আগে ।

বিস্তৰ ভতৰ্সিয়া ৰাৱণক মহাভাগে ॥১১০

কপিৰ বচনে মহাকোপে লঙ্কেশ্বৰ ।

লগাইবে লাঙ্গুলে জুই মেৰাই কাপৰ ॥১১১

হোহকায়া নাগপাশ পৱননন্দন ।

লগায়া অগনি লঙ্কা কৰিবন্ত ছন্ন ॥১১২

সাগৰ লঙ্ঘিয়া ডেৱে পৃথিৱীক আসি ।

কহিবা সীতাৰ বাৰ্ত্তা ৰামত হৰিষি ॥১১৩

সীতাৰ মাথাৰ মণি ৰামক দিবন্ত ।

দেখি হিয়ে মুঠি হানি ৰাম কান্দিবন্ত ॥১১৪

সুগ্ৰীৱ লক্ষ্মণে ধৰি ৰামক বুজাইবা ।

দুইৰো প্ৰবোধে ৰাম কিঞ্চিত জুৰাইবা ॥১১৫

পাচে কপি সেনা সমে ৰাম মহাবীৰ ।

আপুনি চলিয়া যাইব সাগৰৰ তীৰ ॥১১৬

সীতাক দিবাক বুলিবন্ত বিভীষণে ।

মাৰিবন্ত লাথি তাক দুৰ্জ্জন ৰাৱণে ॥১১৭

ৰামত শৰণ আসি লৈবা বিভীষণে ।

তাঙ্ক অভিষেক ৰামে কৰিবা তেখনে ॥১১৮

হৈবা বিভীষণ অভিনব লঙ্কেশ্বৰ ।

সাগৰত পন্থ মাগিবন্ত ৰঘুবৰ ॥১১৯

নিদিবা সাগৰে দেখা ৰামক গৰ্ব্বত ।

দেখি ধনুশৰ ৰামে ধৰিবা ক্ৰোধত ॥১২০

ভয়ত কম্পিব আতি সাগৰৰ হিয়া ।

ৰামক কৰিব স্তুতি পাদ্য অৰ্ঘ্য দিয়া ॥১২১

চলিয়োক দিলোঁ পন্থ বোলন্ত সাগৰে ।

নাযাইবেক তল সেতু বান্ধিয়ো পাথৰে ॥১২২

অদভুত কৰ্ম্ম কৰিবেক ৰঘুবৰে ।

পৰ্ব্বত আনিয়া সেতু বান্ধিব বানৰে ॥১২৩

লক্ষ্মণ সুগ্ৰীৱ বিভীষণ সমম্বিত ।

সসৈন্যে হৈবন্ত গৈয়া সিবেলাত থিত ॥১২৪

সেনাগণ গণিবাক প্ৰতি ৰাঘৱৰ ।

শুক সাৰণক পঠাইবেক লঙ্কেশ্বৰ ॥১২৫

বিভীষণে ধৰি দুইকো ৰামত যোগাইব ।

তাতে ৰামে ৰাৱণক বাৰ্ত্তাক পঠাইব ॥১২৬

আচৰিয়া কপটে ৰাৱণ বুদ্ধিহত ।

মায়া শিৰ দিব নিয়া সীতাৰ হাতত ॥১২৭

দেখি সীতা সতী মায়া শিৰ ৰাঘৱৰ ।

ভূমিত লুটিয়া দেবী কান্দিব বিস্তৰ ॥১২৮

প্ৰভাততে বেঢ়িয়া লঙ্কাৰ চাৰি দ্বাৰ ।

দূত পঠাইবন্ত ৰামে বালিৰ কুমাৰ ॥ ১২৯

ভতৰ্সিব অঙ্গদে ৰাৱণক বাৰে বাৰ ।

মাৰিবন্ত চাৰি গোটা বীৰ ৰাৱণৰ ॥১৩০

লাথি মাৰি ভাঙ্গিবন্ত ৰাৱণৰ ঘৰ ।

ৰামৰ পাশক আসিবন্ত কপিবৰ ॥১৩১

ৰাৱণ যুজিব লৈয়া কটক অপাৰ ।

বানৰে কৰিব ৰাক্ষসক বুন্দামাৰ ॥১৩২

অঙ্গদে জিনিব ইন্দ্ৰজিতক ইঙ্গিতে ।

অন্তৰীক্ষে শৰ বৰিষিব ইন্দ্ৰজিতে ॥১৩৩

মায়াবলে পীড়িবেক বনৰ কটক ।

নাগপাশে বান্ধিবেক ৰাম লক্ষ্মণক ॥১৩৪

গৰুড়ক আশ্বাসে গুচিব নাগপাশ ।

দেখি ৰাৱণৰ লাগিবে মহাত্ৰাস ॥১৩৫

অনেক ৰাক্ষস সেনাগণ সমম্বিতি ।

সেনাপতিগণ পাঞ্চিবন্ত লঙ্কাপতি ॥১৩৬

চাৰি সেনাপতি যাইব যমৰ সদন ।

ধূম্ৰাক্ষ প্ৰহন্ত বক্ৰদন্ত অকম্পন ॥১৩৭

তেবে সমদলে আসি যুজিব ৰাৱণ ।

বানৰ কটক সাৰীবেক দশানন ॥১৩৮

দেখি ৰামচন্দ্ৰে হাতে ধৰি ধনুশৰ ।

কেশে সমে কিৰীটি কাটিব ৰাৱণৰ ॥১৩৯

যম যেন ৰাঘৱক দেখিয়া সাক্ষাত ।

ভঙ্গ দিয়া পলাই গৈয়া পশিব লঙ্কাত ॥১৪০

মহামৰ্ম্মে জানুত থাপিয়া দশ মাথ ।

অপমান পায়া কান্দিবন্ত লঙ্কানাথ ॥১৪১

শ্ৰীহত হৈবে মুখ পৰিব বিবৰ্ণ ।

পঠাইবে যুজিবাক জগাই কুম্ভকৰ্ণ ॥১৪২

ঘোৰ শৰে ৰামে তাৰ ছেদিবন্ত শিৰ ।

শোকে ৰাৱণৰ হিয়া হৈব দুই চিৰ ॥১৪৩

তেবে চাৰি পুত্ৰ মৰি যাইব যমঘৰ ।

ৰণত পৰিব আৰু দুই সহোদৰ ॥১৪৪

অতিকায় কুমাৰক মাৰিব লক্ষ্মণ ।

ইন্দ্ৰজিতে আসি পুনৰপি দিব ৰণ ॥১৪৫

ৰাম লক্ষ্মণক আদি যত সেনাগণ ।

ৰাৱণৰ শৰে সবে হৈবে অচেতন ॥১৪৬

জাম্বৱন্ত উপদেশে বীৰ হনুমন্ত ।

ঔষধ আনিয়া সমস্তকে জীয়াইবন্ত ॥১৪৭

ৰাৱণৰ মনে মহা মিলিব সঙ্কট ।

চমকি ৰহিব দিয়া দুৱাৰে কপাট ॥১৪৮

বানৰ ভালুকগণে মহাহৃষ্ট হই ।

দহিব সুবৰ্ণপুৰী লঙ্কা দিয়া জুই ॥১৪৯

পাচে সাত মহাবীৰ মাৰিব বানৰে ।

মকৰাক্ষ বীৰক বধিব ৰঘুবৰে ॥ ১৫০

তেবে মায়া সীতাক কাটিব ইন্দ্ৰজিত ।

শোকৰ জমকে ৰাম হৈবন্ত মূৰ্চ্ছিত ॥১৫১

বিভীষণে বুজাইবন্ত কহিয়া সম্ভেদ ।

লক্ষ্মণে কৰিব ৰাৱণিৰ স্কন্ধ ছেদ ॥১৫২

পুত্ৰস্নেহে অনেক কান্দিব লঙ্কানাথে ।

শোকে বিদাৰিব হিয়া যেন বজ্ৰপাতে ॥১৫৩

ক্ৰোধৰ বেগত দেখিবেক অন্ধকাৰ ।

সীতাক কাটিবে খেদি যাইব দুৰাচাৰ ॥১৫৪

দেখি মন্দোদৰী তাঙ্ক প্ৰবোধি আনিব ।

অসংখ্য কটক যুজিবাক পঠাই দিব ॥১৫৫

গন্ধৰ্ব্বৰ অস্ত্ৰ ৰামে কৰিব প্ৰকাশ ।

ক্ষণেকে কৰিব দুষ্ট ৰাক্ষস বিনাশ ॥১৫৬

সমস্তে ৰাক্ষস সঙ্গে লৈয়া লঙ্কাপতি ।

বজাইব আটোপে সাজি যুজিবাক প্ৰতি ॥১৫৭

তিনি সেনাপতি তাৰ যাইব যম ঘৰ ।

ৰাম ৰাৱণৰ ঘোৰ মিলিব সমৰ ॥১৫৮

ৰাৱণৰ শকতিত পৰিব লক্ষ্মণ ।

তাক কোলে ধৰি ৰাম কৰিব ক্ৰন্দন ॥১৫৯

ঔষধ আনিবে যাইব বায়ুৰ কুমাৰ ।

তথাতে মাৰিব কালনিমি নিশাচৰ ॥১৬০

তিনি কোটি গন্ধৰ্ব্বক মাৰিব তহিতে ।

আনিব ঔষধ বীৰে পৰ্ব্বত সহিতে ॥১৬১

বিশল্যকৰণী ঔষধ গন্ধ পাই ।

জীৱন্ত লক্ষ্মণ জয় আনন্দ বঢ়াই ॥১৬২

ৰাৱণক বধিতে ৰামৰ হৈব চিত ।

আসিবেক দেৱ ৰথ মাতলি সহিত ॥১৬৩

তাত চড়ি কৌতুকে যুজিব ৰঘুনাথ ।

বাৰে বাৰে ৰাৱণৰ কাটিবন্ত মাথ ॥১৬৪

নমৰিব তথাপি ৰাৱণ মহাবীৰ ।

ব্ৰহ্ম অস্ত্ৰ হানি পাচে ছেদিবন্ত শিৰ ॥১৬৫

আকাশত দেৱগণে আনন্দ কৰিব ।

জয় ৰাম ধ্বনি দশোদিশক পুৰিব ॥১৬৬

ৰাঘৱৰ শিৰে বৰষিব পাৰিজাত ।

পাচে ৰামে দেৱ কাৰ্য্য সাম্ফলি সাক্ষাত ॥১৬৭

বিভীষণ মিত্ৰক আশ্বাসি ৰঘুবৰ ।

পাতিবন্ত তাক অভিনব লঙ্কেশ্বৰ ॥১৬৮

যাকে থাকে চন্দ্ৰ সূৰ্য্য পৃথিৱী পবন ।

তাৱে ৰাজ্য কৰিবা লঙ্কাৰ বিভীষণ ॥১৬৯

অঙ্গীকাৰ সাফল কৰিবা ৰঘুবৰ ।

বোলা ৰাম ৰাম সভাসদ নিৰন্তৰ ॥১৭০



      ৩ অধ্যায়             ৰামায়ণৰ বৃত্তান্ত

      দুলৰি

নাৰদ বদত,      পাচে ৰঘুপতি,

     পুৰুষ মহা মহন্ত ।

লগাই অপমান,       সভা বিদ্যমান,

     জানকীক ত্যজিবন্ত ॥১

জগত জননী,     জনকনন্দিনী,

     ৰামত হুয়া নৈৰাশ ।

অগনি সঞ্জালি,      ঘৃতচয় ঢালি,

     তাতে কৰিলন্ত ঝাস ॥২

নদহিব গাৱ,      হুয়া শুদ্ধভাৱ,

     ৰবিবন্ত জগমাৱ ।

দেৱগণসমে,       ৰাজা দশৰথ,

     আসিবা ৰামৰ থাৱ ॥৩

তিনি পিতা পুত্ৰে,       এক থান হুই,

     গলে বান্ধি কান্দিবন্ত ।

পাছে দশৰথে,     ৰামক প্ৰশংসি,

     কৈকেয়ীক নিন্দিবন্ত ॥৪

অনন্তৰে ব্ৰহ্মা,      দেৱে ৰাঘৱক,

     স্ত্তুতি কৰিবন্ত গৈয়া ।

মৰা বানৰক,     ৰামে জীয়াইবন্ত,

     বাসৱত বৰ লৈয়া ॥৫

পিতৃৰ বচনে,      সম্বৰিবা ৰামে,

     সীতাক পৰম তুষ্টি ।

দেৱগণ সমে,       ৰাজা দশৰথ,

     যাইবন্ত স্বৰ্গক উঠি ॥ ৬

বানৰ ভালুক,     ৰাক্ষস সহিতি,

     পুষ্পক বিমানে চড়ি ।

লক্ষ্মণ জানকী,     সমন্বিতে ৰাম,

     অযোধ্যাক যাইব লৰি ॥৭

পাচে ৰামে ভৰ-     দ্বাজৰ আশ্ৰমে,

     ৰহিয়া লৈবন্ত বৰ ।

সমস্তে বৃক্ষত,     হৈব মধুফল,

     ভুঞ্জিব তাক বানৰ ॥৮

ভৰত লক্ষ্মণ,       ৰাম শত্ৰুঘন,

     চাৰি হুয়া এক থান ।

কৰি জটা ছেদ,     এৰিবন্ত খেদ,

     চাৰিও বীৰ প্ৰধান ॥৯

তাত অনন্তৰ,     অযোধ্যা নগৰে,

     হৈবন্ত ৰাজা ৰাঘৱ ।

তুলি ছত্ৰ দণ্ড,     বায়া বাদ্যভণ্ড,

     কৰিব লোকে উত্সৱ ॥১০

ৰামৰ উপৰ,     দেৱ নিৰন্তৰে,

     পুষ্প বৰিষিব চানি ।

পৰম হৰিষ,     প্ৰজায়ো কৰিব,

     জয় জয় ৰাম ধ্বনি ॥১১

বানৰ ভালুক,     ৰাক্ষস সকল,

     প্ৰসাদ পায়া ৰামৰ ।

পৰম হৰিষ,     ৰামক প্ৰণামি,

     চলি যাইব নিজঘৰ ॥১২

অযোধ্যাক পাচ,     অগস্ত্য আসিব,

     কৰিবা ৰামে সন্মান ।

ৰাৱণৰ জন্ম,     কহিবা অগস্ত্য,

     ৰাঘৱৰ বিদ্যমান ॥১৩

যেন মতে ৰণ,     পৰম দুৰ্জ্জনে,

     জিনিবন্ত ত্ৰিভূবন ।

কুবেৰক জিন,     পুষ্পক বিমান,

     আনিলা ৰাজা ৰাৱণ ॥১৪

হৰি বেদৱত,     ৰাৱণ দুৰ্ম্মতি,

     পাইবেক শাপ দুৰ্যশ ।

অকাৰণে বধি,     সবাকো জিনিব,

     দুৰ্জ্জন সিতো ৰাক্ষস ॥১৫

ইকথা শুনিয়া,     মিলিবে কৌতুক,

     হাসিবে ৰামে আনন্দে ।

সহস্ৰ অৰ্জ্জুন,     বালিত সমৰ,

     হাৰিবা ৰাৱণ মন্দে ॥১৬

ব্ৰহ্মাৰ বৰত,     যমক জিনিবে,

     পাতালে জিনিব নাগ ।

বৰুণ কটক,     জিনিব ৰাৱণ,

     বিষ্ণুক পাইবেক লাগ ॥১৭

মান্ধাতা সহিতে,     কৰিব সমৰ,

     চন্দ্ৰক জিনিব ৰণে ।

কপিলৰ ঠাই,       হাৰি অপমান,

     পাইবেক গৈয়া ৰাৱণে ॥১৮

ৰম্ভাক হৰিব,     নল কুবেৰত,

     শাপ পাইব নিশাচৰ ।

দেৱগণ সমে,     ইন্দ্ৰক সমৰে,

     জিনিবেক লঙ্কেশ্বৰ ॥১৯

এহি মতে ৰাম-,     চন্দ্ৰৰ আগত,

     কহি কথা ৰাৱণৰ ।

ৰামত বিদায়,     কৰি মুনিগণ,

     চলি যাইবা নিজ ঘৰ ॥২০



      ৪ অধ্যায়      

     ৰামায়ণৰ বৃত্তান্ত

     ছবি

অযোধ্যাত ৰাম দেৱে,      ৰাজ্য ভোগ কৰিবেক

     সুখে দশ হাজাৰ বত্সৰ ।

সীতাৰ দুৰ্ব্বাদ কথা,      লোকৰ মুথত শুনি,

     চিন্তা বৰ মিলিব ৰামৰ ॥১

তোমাৰ আশ্ৰমে নিয়া,      সীতাক নিৰ্ব্বাস দিব

     পাঞ্চমহীয়া গৰ্ভ সমে ।

ঝিউবোধে প্ৰতিপাল,      কৰিবা সীতাক তুমি

     থাকিবন্ত তোমাৰ আশ্ৰমে ॥২

উপজিব জানকীৰ,      যৱঞ্জা কুমাৰ দুই,

     হৈব দুইৰ লৱ কুশ নাম ।

পৰম হৰিষ মনে,      বিৰচিবা তুমি এহি,

     ৰামায়ণ কথা অনুপাম ॥৩

সীতাৰ কুমাৰ দুইক,      পঢ়ায়া শিখাইবা এহি

     ৰামৰ চৰিত্ৰ কথা সাৰ ।

তোমাৰ আজ্ঞাক পালি,      লৱ কুশি দুইভাই,

     কৰিবন্ত লোকত প্ৰচাৰ ॥৪

অনন্তৰে ৰাঘৱৰ,      আজ্ঞাক শিৰত ধৰি,

     শত্ৰুঘণে বধিবা লৱণ ।

মথুৰাত পাতি পাট,      ৰাজ্যপ্ৰতিপালি পাচে

     দেখিবন্ত ৰামৰ চৰণ ॥৫

ৰামক দেখিয়া স্বৰ্গ,      কুকুৰ সাৰণ যাইব,

     পুত্ৰ কাটি জীয়াইব ব্ৰাহ্মণ ।

গৃধিনী পেচাৰ ন্যায়,      ৰামচন্দ্ৰে বুজিবন্ত,

     কি কহিবা ৰাঘৱৰ গুণ ॥৬

দেৱগণ সমে ৰাম,      অগস্ত্যৰ ঘৰে যাইব,

     কৰিবন্ত আলাপ বিস্তৰ ।

অগস্ত্যয়ো ৰাঘৱৰ,      দিব্য আভৰণ দিব,

     পাচে ৰাম আসিবন্ত ঘৰ ॥৭

অশ্বমেধ কৰিবাক,       ৰামৰ হৈবেক মন,

     অনাইবা বহু ঋষি জাক ।

সীতাৰ কুমাৰ দুইক,      লগে লৈয়া ৰঙ্গমনে,

     যাইব যজ্ঞভূমি দেখিবাক ॥৮

ৰামৰ আগত লৈয়া,       পৰম হৰিষে গীত,

     গাইবা দুয়ো সীতাৰ তনয় ।

সীতাৰ নিকাৰচয়,       গাৱন্তে বিদিত হুইবা,

     পিতা পুত্ৰে হৈবা পৰিচয় ॥ ৯

জানকীক আনিবাক,       তোমাক বুলিব ৰামে,

     দিবা নিয়া তুমিও ৰামত ।

পায়া দেবী অপমান,       সবে সভা বিদ্যমান,

     পশিবৱ্ত গৈয়া পাতালত ॥১০

সীতাক নেদেখি ৰামে,       হৈবন্ত বিকল চিত্ত,

     পৃথিবীক কৰিবা কাতৰ ।

নাপাই সমিধান ৰামে,       ক্ৰোধে পৃথিবীক প্ৰতি

     হাতে তুলি লৈবা ধনুশৰ ॥১১

দেখিয়া হংসত নামি,       ৰামক বুজাইবা ব্ৰহ্মা

     শুনি ক্ৰোধ গুচিব ৰামৰ ।

পাচে পুত্ৰৱতে ৰামে,       ৰাজ্য প্ৰতিপালিবন্ত

     একাদশ সহস্ৰ বত্সৰ ॥১২

সজ্জনক প্ৰতিপালি,       দুৰ্জ্জনক বধিবন্ত,

     কৰিবন্ত ৰাজ্য অকণ্টক ।

চাৰি ভাইৰ আঠ পুত্ৰ,       আঠ দিনে ৰাজা পাতি

     সমুচিতে দিবন্ত বণ্টক ॥১৩

ব্ৰহ্মাৰ আদেশ পায়া      কালে আসি দিবা দেখা

     সত্য কৰাই চলিবা ৰামক ।

সত্য প্ৰতিপালি ৰামে,       লক্ষ্মণক তেজিবন্ত

     দেখাই অতি অতৰ্ক লোকক ॥১৪

আগবাঢ়ি বাক প্ৰতি,       ব্ৰহ্মদেৱ সমন্বিতি

     আসিবন্ত দেৱতা পৰ্য্যন্ত ।

তাত অনন্তৰে ৰামে,       স্বৰ্গক চলিবা ৰঙ্গে

     স্বৰ্গ লৈয়া পিম্পৰা পৰ্য্যন্ত ॥১৫

তিনি ভাই প্ৰবেশিবা       ৰামৰ শৰিৰে গৈয়া,

     প্ৰবেশিবা বিষ্ণুত ৰাঘৱে ।

ৰাক্ষস বানৰ নৰ,       পশু পক্ষী তৃণ বন,

     সমন্বিতে চলিবা উত্সৱে ॥১৬

শ্ৰীৰামৰ প্ৰসাদত,      জীৱন্ত শৰীৰে গৈয়া,

     সন্তলোক স্বৰ্গে হৈবা থিতি ।

কৃতকৃত্য হুয়া সুখে,      অমৃত কৰিবা পান,

     ৰামগুণ গাইবা প্ৰতিনিতি ॥১৭

এহি মতে ৰামায়ণ,       কৰা তুমি তপোধন,

     সুমৰিয়া ব্ৰহ্মাক মনত ।

ৰামৰ চৰিত্ৰচয়,       পৰম অমৃতময়,

     শুনি সুখে তৰোক জগত ॥১৮

নমো নমো ৰঘুকুল-       কমলপ্ৰকাশ সূৰ্য্য,

     শ্ৰীৰাম চন্দ্ৰ সীতাপতি ।

হুয়োক প্ৰসন্ন যেন,      মোৰ মন মধুকৰে,

     তযু পাদপদ্মে কৰে ৰতি ॥১৯

তযু নিজ দাসে মোৰ,      পৰম সুহৃদ হৌক,

     লৌক মুখ তযু গুণ নাম ।

ন ছাৰিবা প্ৰভু মোক,       যত সমাজিক লোক

     নিৰন্তৰে বোলা ৰাম ৰাম ॥২০