লঙ্কাকাণ্ড
অৱয়ব
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৰামায়ণ ।
- লঙ্কাকাণ্ড ।
...............********..................
- ওঁ নমঃ শ্ৰীকৃষ্ণায় ॥
ৰামং লক্ষণং পূৰ্ব্বজঃ ৰঘুবৰং সীতাপতিং সুন্দৰং ।
কাকুত্স্থং কৰুণাময়ং গুণনিধিং বিপ্ৰপ্ৰিয়ং ধাৰ্ম্মিকং ॥
ৰাজেন্দ্ৰং সতসন্ধং দশৰথতনয়ং শ্যামলং শান্তমূৰ্ত্তিং ।
ৱন্দে লোকাভিৰামং ৰঘুকুলতিলকং ৰাঘৱং ৰাৱণাৰিং ॥
- ১ অধ্যায় ।
- দুলৰি ।
নমোঁ নাৰায়ণ, বিঘিনি খণ্ডন,
- ৰঘুৰ নন্দন ৰাম ।
সহস্ৰেক বাহু, সহস্ৰেক শিৰ,
- যাৰ সহস্ৰেক নাম ॥১
বাপৰ সত্যক, পালিয়া ৰাঘৱে,
- সীতা সমে গৈলা বন ।
বোলন্ত কন্দলী, আন গতি নাই,
- ৰামৰ দুই চৰণ ॥২