দশৰথৰ বিবাহ - সুমিত্ৰা আৰু অন্যান্য ৰাণী
ৰামায়ণ বৃত্তান্ত |
---|
|
- ১১ অধ্যায়
- দশৰথৰ বিবাহঃসুমিত্ৰা আৰু অন্যান্য ৰাণী
সিংহল দ্বীপত ৰাজা নামত সুমিত্ৰ ।
পৰম মহন্ত সৰ্ব্বগুণত বিচিত্ৰ ॥১
আছন্ত সুমিত্ৰা নামে দুহিতা তাহান ।
পৰম সুন্দৰী নাহি গুণত সমান ॥২
বিবাহৰ দিবাৰ কাল ভৈল ৰাজা জানি ।
পুৰোহিত ব্ৰাহ্মণক বুলিলন্ত বাণী ॥৩
চলাঁ গুৰু দশৰথ নৃপতিৰ থান ।
ত্ৰিভুবনে নাহি ৰাজা তাহান সমান ॥৪
তান্তে বিহা দিবোঁ মোৰ ঝিউ সুমিত্ৰাক ।
বাঞ্চা থাকে আসন্তোক বিহা কৰিবাক ॥৫
শুনি দশৰথ পাশে গৈলন্ত ব্ৰাহ্মণ ।
তান আগে কৈলা সুমিত্ৰাৰ যতগুণ ॥৬
শুনি দশৰথ হৰিষ ভৈল আতি ।
পুৰোহিত বশিষ্ঠক অনাইলন্ত মাতি ॥৭
আৰু পাত্ৰ মন্ত্ৰীগণ সমস্তকে আনি ।
সবাকে প্ৰবোধি ৰাজা বুলিলন্ত বাণী ॥৮
বিহা কৰিবাক যাইবোঁ সুমিত্ৰাৰ থানে ।
দিন তিনিমান থাকিবাবা সাৱধানে ॥৯
নিচিনি আপোন পৰা অন্ধকাৰ চিত ।
শূন্য পাট দেখি সবে চিন্তিবে অহিত ॥১০
জানি সাবহিতে থাকিবাবা সাৱধানে ।
আহিবোঁহো আমি তিনি দিন অৱসানে ॥১১
এহি বুলি সভা বিসৰ্জ্জিয়া দশৰথ ।
সাৰথিক বোলন্ত সত্বৰে আন ৰথ ॥১২
শুনিয়া সাৰথি ৰথ তেখনে আনিলা ।
সুমিত্ৰাৰ ব্ৰাহ্মণক তাহাতে তুলিলা ॥১৩
আপুনিও পাচে বিবাহৰ সব সাজে ।
শুভক্ষণে ৰথত চড়িয়া মহাৰাজে ॥১৪
হস্তি ঘোঁৰা ৰথ সৰ্ব্ব সৈন্য সুমঙ্গলে ।
নানা বাদ্যভণ্ডে চলি গৈলা মহাবলে ॥১৫
নক্ষত্ৰ সঞ্চাৰে যেন ৰথ কৰে গতি ।
সিংহল দ্বীপত প্ৰবেশিলা মহামতি ॥১৬
সুমিত্ৰাৰ পুৰোহিত ৰথৰ নামিলা ।
শীঘ্ৰ বেগে গৈয়া সুমিত্ৰাত জান দিলা ॥১৭
দশৰথ ৰাজা যাই নগৰে প্ৰবেশ ।
শুনি নৃপতিৰ ভৈলা হৰিষ আশেষ ॥১৮
পাত্ৰ মিত্ৰ পুৰোহিত সৈন্য সুমঙ্গলে ।
আগ বাঢ়ি নৃপতি আসিলা কুতূহলে ॥১৯
দশৰথ নৃপতিৰ পাইলা গৈয়া লাগ ।
বিধিৱতে সভাৰ্য্যে পূজিলা মহাভাগ ॥২০
বোলন্ত সুমিত্ৰে ভাগ্য মিলিল আমাৰ ।
কত পুণ্যে দেখিলোঁহো চৰণ তোমাৰ ॥২১
তুমি সম হাজা নাই ই তিনি লোকত ।
তযু নিজ গুণে বৈশ্য হুয়া ৰাজা যত ॥২২
তোমাৰ চৰণে সেৱা কৰে ভৃত্য সম ।
দানে ধৰ্ম্মে কুলে শীলে তুমি সৰ্ব্বোত্তম ॥২৩
সাতোদ্বীপা পৃথিবীৰ তুমি অধিপতি ।
সূৰ্য্যবংশধৰ তুমি যেন বিষ্ণু মূৰ্ত্তি ॥ ২৪
লোকক শীতল কৰাঁ তুমি চন্দ্ৰবংশে ধৰি ।
মহাবল পৰাক্ৰমে ইন্দ্ৰো নোহে সৰি ॥২৫
ধন বৃষ্টি কৰাঁ তুমি কুবেৰ সমান ।
লোক দণ্ডধৰ তুমি যেন যম সম ॥২৬
ধৰ্ম্ম প্ৰতিপালিত বিষ্ণুৰ সমসৰ ।
লোকপালনত তুমি সৰ্ব্ব অংশধৰ ॥২৭
আনো নানা স্তুতি ৰাজা অনেক কৰিলা ।
পৰম গৌৰৱ কৰি অন্তঃপুৰে নিলা ॥২৮
যত্নে ৰত্নময় সিংহাসন দিলা আনি ।
বসিলন্ত সুখে দশৰথ মহামানী ॥২৯
অশেষ প্ৰকাৰে পূজা কৰিয়া সুমিত্ৰ ।
লৈয়া সঙ্গে ৰঙ্গে পাচে পাত্ৰ মন্ত্ৰী মিত্ৰ ॥৩০
কৰিলন্ত এক স্থান বিহাৰ সম্ভাৰ ।
পুষ্প গন্ধ চন্দন তাম্বুল উপহাৰ ॥৩১
নানা ফল মূল দিব্য বস্ত্ৰ অলঙ্কাৰ ।
দধি দুগ্ধ ঘৃত মধু মিলাইলা অপাৰ ॥৩২
কৰাইলন্ত বহুবিধ লোকৰ আচাৰ ।
সাজি মাজি কৰাইলা নগৰ জাতিষ্কাৰ ॥৩৩
পতাকা তোৰণ চিন্ন চোণ্ডা ধ্বজদণ্ড ।
মৃদঙ্গ গোমুখ শঙ্খ নানা বাদ্যভণ্ড ॥৩৪
নানা নৃত্য গীত জয় উত্সৱ মঙ্গল ।
মিলি গৈল লোকত অনেক কুতূহল ॥৩৫
আচৰি নৃপতি আতি বিধি ব্যৱহাৰ ।
কৰিলন্ত অধিবাস বৰ কনিয়াৰ ॥৩৬
ৰজনী প্ৰভাতে দশৰথ নৰেশ্বৰ ।
স্নান দান তৰ্পণ কৰিলা নিৰন্তৰ ॥৩৭
নান্দীমুখ শ্ৰাদ্ধ পাচে কৰিলা নৃপতি ।
দেৱ পিতৃ কাৰ্য্য সঙ্কলিলা মহামতি ॥৩৮
বিবাহৰ লগ্ন পাচে ভৈল উপগত ।
বসিলা নৃপতি পাছে যজ্ঞৰ থানত ॥৩৯
সুমিত্ৰ নৃপতি জয়বাদ্য সুমঙ্গলে ।
কন্যা সম্প্ৰদান কৰিলন্ত কুতূহলে ॥৪০
নানা ৰত্ন দাসী দাস হস্তী ঘোঁৰা ৰথ ।
অনেক যৌতুক দিলা কন্যাৰ লগত ॥৪১
সুবৰ্ণ ৰজত মণি মুকুতাৰ দাম ।
দিলন্ত সুমিত্ৰে আতি পুৰি মনকাম ॥৪২
ৰাজা দশৰথে কন্যা সুমিত্ৰাক পাই ।
ভৈলন্ত হৰিষ আনন্দৰ সীমা নাই ॥৪৩
অমৃতক পাই যেন লোভাৱষ্ট জন ।
দৰিদ্ৰ পৰাণী যেন পাইল মহাধন ॥৪৪
কন্যা পায়া সেহি মত ভৈলা দশৰথ ।
বিবাহমঙ্গল পাচে ভৈলা সমাপত ॥৪৫
অযোধ্যাক যাইবে নৃপতিৰ ভৈলা মন ।
কৰিলন্ত সুমিত্ৰক সাদৰে বন্দন ॥৪৬
সুমিত্ৰে বুলিলা পাচে বচন বিনয় ।
মোৰ ঝিউখানিক পালিবা মহাশয় ॥৪৭
অবোধ ছৱাল নোহে তোমাৰ উচিত ।
তথাপিতো দাসী বুলি পালিবাহাঁ নিত ॥৪৮
সমৰ্পিলা কন্যাক সুমিত্ৰ মহাৰাজ ।
দশৰথ ৰাজা চলিবাক ভৈলা সাজ ॥৪৯
কাছি পাৰি আসি লাগ লৈলা সেনা যত ।
সুমিত্ৰাক তুলিলন্ত সুবৰ্ণৰথত ॥৫০
অযোধ্যাৰ পতি সেহি ৰথে আৰোহিল ।
সুমন্ত্ৰ চাবুক ধৰি ঘোঁৰাক ডাকিল ॥৫১
চলি গৈল ৰথ যেন বিজুলীসঞ্চাৰ ।
সেনাগণে কৰে জয় শবদ জোকাৰ ॥৫২
চল চল বুলি প্ৰজা কৰে হুলস্থূল ।
কাহালী মুহৰি ভেৰী শবদ তুমুল ॥৫৩
দুন্দুভি মৃদঙ্গ দামা বাডে ঢাক ঢোল ।
নানা বাদ্যভণ্ড হস্তী ঘোঁৰাৰ আন্দোল ॥৫৪
দশো দিশে বিয়াপি শবদে গৈল ছানি ।
আকাশক লঙ্ঘিয়া স্বৰ্গতো লাগে ধ্বনি ॥৫৫
সুমন্ত্ৰ চলান্ত বেগে নৃপতিৰ ৰথ ।
পৃথিৱী এৰিয়া গৈল আকাশৰ পথ ॥৫৬
সুমিত্ৰা সহিতে ৰাজা পৰম কৌতুকে ।
অযোধ্যা নগৰ গৈয়া পাইলন্ত উত্সুকে ॥৫৭
আপন আবাসে নানা জয় সুমঙ্গলে ।
সুমিত্ৰা সহিতে প্ৰবেশিলা কুতূহলে ॥৫৮
দশৰথ নৃপতিৰ মাতৃ ইন্দুমতী ।
কৌশল্যা কৈকেয়ী দুই বহাৰি সহিতি ॥৫৯
আনো শান্তী সুন্দৰী আয়তী লৈয়া সঙ্গে ।
মঙ্গল আচাৰ যত কৰিলন্ত ৰঙ্গে ॥৬০
সুমিত্ৰাৰ ৰূপ গুণ চৰিত্ৰ আচাৰে ।
মনত মিলিল আতি আনন্দ সবাৰে ॥৬১
সবেও দিলন্ত দিব্য বস্ত্ৰ অলঙ্কাৰ ।
নানা মণি ৰত্ম দিয়া কৰিলা সত্কাৰ ॥৬২
এহিমতে নৃপতি তিলক দশৰথ ।
একে একে বিবাহ কৰিলা সাত শত ॥৬৩
সবাতে প্ৰধান ভৈলা তিনি মহাদই ।
কৌশল্যা সুমিত্ৰা সতী সুন্দৰী কৈকেয়ী ॥৬৪
কৈকেয়ীৰ ৰূপে মোহিলেক নৃপতিক ।
তাঙ্ক স্নেহ কৰে ৰাজা সবাতো অধিক ॥৬৫