লক্ষণক বিচাৰি ৰামৰ বন যাত্ৰা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
সপ্তকাণ্ড ৰামায়ণ
লেখক মাধৱ কন্দলী, শংকৰদেৱ, মাধৱদেৱ
ৰামায়ণ বৃত্তান্ত
  1. আদিকাণ্ড - প্ৰথম অধ্যায়
  2. ৰামায়ণ বৃত্তান্ত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২
  3. ৰাক্ষসৰ কথা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯
  4. সূৰ্যবংশৰ বিৱৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০
  5. দশৰথৰ বিবাহ - কৌশল্যা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২
  6. দশৰথৰ বিবাহ - কৈকেয়ী - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২
  7. দশৰথৰ বিবাহ - সুমিত্ৰা আৰু অন্যান্য ৰাণী - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫
  8. শনিৰ দৃষ্টি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭
  9. শনিৰ বৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০
  10. সিন্ধু মুনি বধ আৰু অভিশাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২
  11. দশৰথৰ বৰ : কৈকেয়ীক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৬
  12. অপুত্ৰক দশৰথৰ চিন্তা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭
  13. ঋষ্যশৃঙ্গৰ কাহিনী - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮
  14. ঋষ্যশৃঙ্গৰ উপস্থিতিত যজ্ঞ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২
  15. দশৰথৰ গৃহত নাৰায়ণৰ অংশৰ স্থিত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৪
  16. পায়স ভক্ষণ আৰু সন্তান জন্ম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪০
  17. জনকৰ ঘৰত সীতাৰ জন্ম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৬
  18. গুহক চণ্ডাল - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৭
  19. ৰাক্ষস বধৰ উদ্দেশ্যে ৰাম - লক্ষণৰ আনয়ন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫০
  20. ৰাম - লক্ষণ আৰু বিশ্বামিত্ৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫২
  21. তাৰকা ৰাক্ষসীক বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫৪
  22. মাৰীচ বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫৬
  23. সীতা স্বয়ম্বৰলৈ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫৮
  24. কান্যকুজ্বৰ বিৱৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬৩
  25. উনপঞ্চাশত বায়ুৰ উত্পত্তি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬৪
  26. অহল্যাৰ শাপ - মুক্তি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬৫
  27. ৰামৰ হৰধনু ভঙ্গ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৭০
  28. স্বয়ম্বৰত যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৭৫
  29. দশৰথক আনিবলৈ কটকী প্ৰেৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৮০
  30. চাৰি ভাইৰ বিবাহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৮২
  31. ৰাম - পৰশুৰাম সংঘৰ্ষ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৮৫
  32. ৰামচন্দ্ৰৰ অযোধ্যালৈ আগমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯২
  33. ৰামচন্দ্ৰক যুৱৰাজ পতাৰ প্ৰস্তাৱ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৩
  34. ৰামচন্দ্ৰৰ অভিষেকৰ আয়োজন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৪
  35. মন্থৰাৰ কুমন্ত্ৰণা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৬
  36. কৈকেয়ীয়ে বৰ বিচাৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৭
  37. দশৰথৰ মনত দুখ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯০২
  38. কৈকেয়ীয়ে ৰামক বৰৰ কথা কয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০৪
  39. ৰাম বনলৈ যাবলৈ ওলায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০৪
  40. লক্ষণৰ ক্ৰোধ আৰু ৰামৰ প্ৰবোধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০৬
  41. বনবাসৰ কথা সীতাক জনায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১০
  42. লক্ষণো বনলৈ ওলায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৪
  43. ৰামচন্দ্ৰৰ বিদায় - প্ৰাৰ্থনা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৫
  44. ৰামচন্দ্ৰৰ বাকলি বস্ত্ৰ পৰিধাণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৭
  45. ৰাম - লক্ষণ - সীতাৰ বনবাস গমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৯
  46. ৰামচন্দ্ৰই প্ৰজাক শান্ত্বনা দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২২
  47. ৰামচন্দ্ৰ - গুহক সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২৩
  48. মন্ত্ৰী সুনম্তক বিদায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২৪
  49. ভৰদ্বাজ মুনিৰ আশ্ৰমত প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২৫
  50. দশৰথৰ মৃত্যু -গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩১
  51. ৰাণীসকলৰ বিলাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৩
  52. কৌশল্যাই কৈকেয়ীক ভৰ্ত্সনা কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৪
  53. ভৰতক মতাই আনে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৫
  54. ভৰতৰ খং - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৭
  55. কুঁজীৰ বিলাই - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৯
  56. কৌশল্যা আৰু ভৰতৰ কথা-বতৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪০
  57. দশৰথ ৰজাৰ প্ৰেতকাৰ্য্য - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪১
  58. ৰামক মাতি আনিবলৈ দিহা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৩
  59. ৰামক বিচাৰি ভৰতৰ যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৪
  60. ভৰত-গুহৰ মিলন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৬
  61. গুহকৰ সাহায্য দান - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৯
  62. ভৰদ্বাজ মুনিৰ অতিথি সত্কাৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫০
  63. চিত্ৰকূটত ৰাম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫১
  64. ভৰতে ৰামক লগ পায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৩
  65. দশৰথৰ মৃত্যুৰ বাতৰিত শোক-প্ৰকাশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৩
  66. ৰামৰ পিণ্ড দান - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৫
  67. ঋষি আৰু মাতৃসকলৰ লগত ৰামৰ সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৫
  68. ৰামৰ খৰম লৈ ভৰতৰ প্ৰত্যাগমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৭
  69. সিংহাসনত খৰম স্থাপন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৮
  70. অৰণ্যকাণ্ড
  71. অত্ৰি ঋষিৰ আশ্ৰমত ৰাম সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৯
  72. দণ্ডকাৰণ্যত ৰামৰ প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৪
  73. ৰামচন্দ্ৰ - সীতাৰ কথোপকথন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৭
  74. ৰামৰ আগত মাণ্ডকৰ্ণি মুনিৰ বৃত্তান্ত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৯
  75. অগস্ত্য মুনিৰ আশ্ৰমত প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৯
  76. জটায়ুৰ লগত সাক্ষাত্ আৰু শূৰ্পনখাৰ নাক - কাণ ছেদন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭১
  77. ৰাক্ষসৰ লগত যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭৫
  78. খৰ দুষণ বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭৬
  79. মাৰীচৰ মৃগৰূপ ধাৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৮৭
  80. ৰাৱণৰ তপস্বী বেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৮৭
  81. সীতাৰ আগত ৰাৱণৰ আত্ম পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯১
  82. ৰাৱণৰ গৰ্ব - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৪
  83. ৰাৱণে সীতাক হৰণ কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৫
  84. ৰামক মাৰিবলৈ ৰাক্ষস নিয়োগ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৮
  85. সীতাই ৰাৱণক অভিশাপ দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৯
  86. সীতাই ৰাৱণক ৰ্ভতসনা কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০০
  87. সীতাক বিচাৰি নেপাই ৰামৰ আক্ষেপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০২
  88. জটায়ুৱে সীতাৰ বাতৰি দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৩
  89. কৱদ্ধৰ লগত সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৫
  90. চম্পা সৰোবৰত ৰাম-লক্ষণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৬
  91. কিষ্কিন্ধ্যাকাণ্ড
  92. ৰামৰ লগত সুগ্ৰীৱৰ মিত্ৰতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৯
  93. ৰামৰ আগত সীতাৰ অলঙ্কাৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১০
  94. বালী বধৰ আয়োজন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১০
  95. বালী - সুগ্ৰীৱৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১৪
  96. ৰামে বালীক বধ কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১৮
  97. বালীয়ে ৰামক তিৰস্কাৰ কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২১
  98. বালীৰ ভাৰ্য্যা তাৰাৰ বিলাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৩
  99. তাৰাৰ অভিশাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৪
  100. সুগ্ৰীৱৰ অভিষেক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৭
  101. সুগ্ৰীৱৰ প্ৰতি ৰামৰ সন্দেহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৮
  102. সুগ্ৰীৱৰ সৈন্য সংগ্ৰহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩২
  103. সসৈন্যে সুগ্ৰীৱ উপস্থিত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৩
  104. বালীপুত্ৰ অঙ্গদৰ দ্ধাৰা ৰাক্ষস বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৬
  105. বানৰ সৈন্যৰ স্বয়ংপ্ৰভা সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৭
  106. বানৰ সৈন্যৰ সমাবেশ : সাগৰ দৰ্শন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৮
  107. জটায়ুৰ মৃত্যুত সম্পাতিৰ শোক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪১
  108. সুপাৰ্শ্বই ৰাৱণ আৰু সীতাক দেখে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৩
  109. সুন্দৰাকাণ্ড
  110. সাগৰৰ পাৰত বানৰ সৈন্যৰ মন্ত্ৰণা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৬
  111. হনুমন্তৰ পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৭
  112. হনুমন্তৰ লঙ্কা যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৯
  113. লঙ্কাৰ বিৱৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫১
  114. হনুমন্তই সীতাক বিচাৰি পায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৬
  115. ৰাৱণৰ কক্ষত সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৫৮
  116. সীতা আৰু হনুমন্তৰ কথোপকথন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৬৩
  117. হনুমন্ত আৰু ৰাক্ষসৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৬৯
  118. হনুমন্ত আৰু জম্বুমালীৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭০
  119. হনুমন্ত আৰু বিৰুপাক্ষৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭১
  120. হনুমন্ত আৰু অক্ষকুমাৰৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭২
  121. ইন্দ্ৰজিত আৰু হনুমন্তৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭৩
  122. হনুমন্তৰ নেজত জুই আৰু লঙ্কা দাহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭৭
  123. হনুমন্তৰ প্ৰত্যাগমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮০
  124. বানৰ সৈন্যই মধুফল খায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৪
  125. হনুমন্তই ৰামক সীতাৰ বাতৰি দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৫
  126. ৰাম-লক্ষণৰ লঙ্কা যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৭
  127. ৰাৱণক বিভীষণৰ সজ উপদেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৯
  128. ৰাৱণৰ কুমন্ত্ৰণা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৯০
  129. বিভীষণক ৰাৱণৰ পদাঘাত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৯২
  130. লঙ্কাকাণ্ড
  131. ৰামৰ সৈন্যবল সম্পৰ্কে জানিবলৈ ৰাৱণৰ আগ্ৰহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৯৮
  132. ৰাৱণৰ ছলনা আৰু সীতাৰ বেজাৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩০৩
  133. ৰাৱণক সজউপদেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩০৬
  134. সুবেল পৰ্বতত ৰাম-লক্ষণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩০৮
  135. ৰাম-লক্ষণৰ নাগপাশ মোচন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩১২
  136. ধুম্ৰাক্ষৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬২১
  137. সেনাপতি ব্ৰজদ্ৰংষ্ট - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৩
  138. প্ৰহস্তৰ যুদ্ধযাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৫
  139. অনেক ৰাক্ষসৰ যুদ্ধ আৰু পতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৭
  140. ৰাৱণৰ যুদ্ধ যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৮
  141. লক্ষণৰ হাতত ৰাৱণৰ পৰাজয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৯
  142. কুম্ভকৰ্ণৰ যুদ্ধ - যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৩৫
  143. কুম্ভকৰ্ণৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৩৮
  144. ৰাম-লক্ষণৰ হাতত কুম্ভকৰ্ণৰ পতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৪৩
  145. অতিকায় ৰাক্ষসৰ যুদ্ধ আৰু পতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৪৬
  146. ইন্দ্ৰজিতৰ যুদ্ধ : ৰাম-লক্ষণ অচেতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫১
  147. হনুমন্তই ঔষধ আনি জীৱন দান দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৩
  148. বানৰ সৈন্যৰ আক্ৰমণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৪
  149. কুম্ভ নিকুম্ভৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৬
  150. ইন্দ্ৰজিতৰ পুনৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৯
  151. ৰামক বিভীষণৰ প্ৰবোধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৬২
  152. ইন্দ্ৰজিত বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৬৫
  153. ৰাৱণৰ ক্ৰোধ আৰু সীতাক হত্যা কৰিবলৈ উদ্যত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৭৩
  154. লক্ষণৰ শক্তিশেল - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৭৯
  155. হনুমন্তৰ গন্ধমাদন আনয়ন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৮৫
  156. গন্ধমাদন পুনৰ থৈ আহে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৮৮
  157. ৰাম ৰাৱণৰ যুদ্ধ : ৰাৱণ বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৯০
  158. ৰামৰ আগত সীতাৰ উপস্থিতি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৯৯
  159. সীতাৰ অগ্নি পৰীক্ষা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪০২
  160. ৰামৰ অযোধ্যালৈ যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪০৭
  161. অযোধ্যাত ৰামৰ প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪১০
  162. ৰামচন্দ্ৰৰ ৰাজ্যাভিষেক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪১৬
  163. হনুমন্ত প্ৰভৃতিৰ অযোধ্যা ত্যাগ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪১৭
  164. উত্তৰা কাণ্ড
  165. সীতাৰ বনবাস - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২০
  166. বাল্মীকিৰ আশ্ৰমত লৱ-কুশৰ জন্ম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২১
  167. ৰামৰ অশ্বমেধ যজ্ঞ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২২
  168. লৱ-কুশৰ ৰামায়ণ কথন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২৭
  169. হনুমন্তৰ জন্ম পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৩৩
  170. লৱ-কুশৰ পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৩৬
  171. সীতাক আনিবলৈ হনুমন্তক প্ৰেৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৩৭
  172. ৰামৰ ৰাজসভাত সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪১
  173. সীতাৰ বেজাৰ আৰু পাতাল প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪২
  174. পৃথিৱীৰ প্ৰতি ৰামৰ ক্ৰোধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪৬
  175. পাতালত সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪৭
  176. ভৰতৰ পুত্ৰক ৰাজ্য দান - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪৮
  177. ৰামৰ লক্ষণ বৰ্জন - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৫২
  178. লক্ষণক বিচাৰি ৰামৰ বন যাত্ৰা - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৫৮
  179. ৰামচন্দ্ৰৰ স্বৰ্গযাত্ৰা - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৬৪
২৮ অধ্যায়

লক্ষ্মণক বিচাৰি ৰামৰ বন যাত্ৰা ।

দুলৰি ।

লক্ষ্মণৰ কথা,         এহিমানে গৈল,

ৰামৰ শুনা বিলাই ।

শোকসাগৰত,         গৈল তল প্ৰভু,

শ্ৰুতি জ্ঞান আউৰ নাই ॥১

লক্ষ্মণৰ শোক,         প্ৰচণ্ড বাতাসে,

সীতাৰ সন্তাপে আগি ।

শুকান অৰণ্য,         ৰামচন্দ্ৰ ভৈলা,

দহে হৃদয়ত লাগি ॥২

যেতিক্ষণে এৰি,         লক্ষ্মণ গৈলন্ত,

মৰিল ৰাম সমূলি ।

উঠি উঠি লুটি,         পৰিয়া কান্দয়,

হা প্ৰাণ লখাই বুলি ॥৩

পৰিছেদা কৰি,         আজি সি তেজিলি,

ভৈয়াই ইজন্মক লাগি ।

তোহোৰ সন্তাপে,         প্ৰাণ ধৰোঁ কিক,

নগৈল হৃদয় ভাগি ॥৪

পিতৃ মাতৃ মোৰ,         মৰিল তেজিয়া,

জানকী গৈল পাতালে ।

সন্তাপিলো তাকো,         তই এৰিলতে,

আবেসে গ্ৰসিলে কালে ॥৫

দণ্ডকা বনতো,         তই সি প্ৰাণ দিলি,

জুৰুৱাইলি মোৰ শোক ।

দুখৰ সহায়,         কৈ গৈলে লখাই,

অনাথিতি কৰি মোক ॥৬

কিনো সুলক্ষণ,         ভৈয়াই লক্ষ্মণ,

তোৰ গুণ কৈবো কত ।

ভাতৃ মাতৃ ৰাজ্য,         তেজি বনবাসে,

তই গৈলি মোৰ লগত ॥৭

সীতাক আমাক,         উপকাৰ কৰি,

ফুৰিলি ভৃত্য সমান ।

সি সব সুমৰি,         কিয় নযাওঁ মৰি,

ৰহি আছো এভো প্ৰাণ ॥৮

জানিলো ভৈয়াই,         মোহোৰ চিন্তাই,

মৰিবি তয়ো বনত ।

যাইবো খেদি তোক,         যেন যুৱাই হৌক,

মোৰোহো তোৰে লগত ॥৯

পাত্ৰ মেলেকক,         বোলন্ত সত্বৰে,

সম্ভাৰ আনিয়ো সাজি ।

মিলিল বিচাট,         ৰাজদণ্ড পাট,

ভৰতক দিবো আজি ॥১০

দেৱলোকে মোক,         উতপাত কৰে,

স্বৰ্গক যাইবাক লাগি ।

আবেসে সিয়াৰি,         ওপৰ কৰিলে,

ভৈয়াইৰ বিৰহ আগি ॥১১

দহৱে শৰীৰ,         চিত্ত নুহি থিৰ,

নেদেখি লখাইক মৰোঁ ।

আসিয়ো সত্বৰে,         ভৈয়াই ভৰত,

তোক অভিষেক কৰোঁ ॥১২

লক্ষ্মণৰ শোকে,         নপাৰো ৰহিবে,

দহৱে হাৰৰো মজ্জা ।

মোক পাইলে কালে,         জানিা সকালে,

হুয়োক পাটত ৰাজা ॥১৩

ৰামৰ বচনে,         বীৰ ভৰতৰ,

লাগিল গাৱত জুই ।

মকমক কৰি,         ক্ৰন্দন কৰিয়া,

বোলন্ত আঞ্জুলি হুই ॥১৪

কিসক আমাক,         বুলিলাহা হেন,

দাদা নিকাৰুণ কায ।

তোমাৰ চৰণ,         সেৱাৰ নিমিতে,

পূৰ্ব্বতো এৰিলোঁ ৰাজ ॥১৫

লৱক কুশক,         বাণ্টি দিয়া ৰাজ্য,

মোৰ আত নাই ইচ্ছা ।

চলিবোঁ লগত,         তোমাৰ শপত,

মাতো যেবে মই মিছা ॥১৬

ৰাঘৱ চলিবা,         অযোধ্যা মৰিবা,

সবে নিষ্ট কথা পাইল ।

যত নৰনাৰী,         শিশু আগকৰি,

আগত আসি জণ্টাইল ॥১৭

উৰ্ম্মি কৰি লোক,         কান্দিবে লাগিল,

পোৰৈ সবে সৰ্ব্ব আঙ্গ ।

আমাক এৰিয়া,         যাইবে খোজা নাথ,

মাথাত মাৰিয়া দাঙ্গ ॥১৮

তুমি সে আমাৰ,         মুখ্য প্ৰাণ প্ৰভু,

স্বৰূপ কৰিলো হিয়া ।

নচাৰিবো লাগ,     হুয়া     ভকতক ত্যাগ,

নকৰি লগতে নিয়া ॥১৯

এহি বুলি প্ৰজা,         আৰাৱ কৰয়,

হুয়া সবে এক জৰি ।

ভিতৰতো পাত্ৰ,     আহে     মন্ত্ৰীগণো কান্দৈ,

ৰামৰ আগত পৰি ॥২০

বশিষ্ঠ বোলন্ত,         শুনা ৰঘুপতি,

আবে হুইব কোন কায ।

তোমাৰ বিয়োগে,         প্ৰজা নিজীবেক,

মৰিবে সমস্ত ৰাজ ॥২১

তুমি কৃপাময়,         পুৰুষ প্ৰজাৰ,

পূৰা মনোৰথ নাথ ।

হেন শুনি গুণি,         আছে পাছে প্ৰভু,

ৰাঘৱে তুলিলা মাথ ॥২২

বোলন্ত শুনিয়ো,         পাত্ৰ মন্ত্ৰী লোক,

কেন অভিমত কায ।

কৰি কৰযোৰ,         পৰিয়া ভূমিত,

বিনাৱে পাত্ৰ সমাজ ॥২৩

প্ৰভুৰ পাৱত,         এতেক গোচৰ,

যদি অনুগ্ৰহ থাকে ।

সপুত্ৰ বান্ধৱে,         চলিবো লগত,

নিয়োক নাথ আমাকে ॥২৪

নিশ্চয় জানিলোঁ,         জনেক নিজীবোঁ,

যদি তেজি যাহা তুমি ।

দেখি অনুৰাগ,         লোকৰ ৰাঘৱ,

কান্দিলন্ত হুমহুমি ॥২৫

বোলন্ত শুনিয়ো,         পাত্ৰ মন্ত্ৰী মোৰ,

যত লোক অযোধ্যাৰ ।

ঝাণ্টে হোৱা সাজ,         যাইবে খোজা যেবে,

লগত আৱে আমাৰ ॥২৬

যত পশুপক্ষী,         বৃক্ষ অযোধ্যাৰ,

জীয়া জন্তু যত প্ৰাণী ।

সমস্ত নগৰে,         সাজোক সত্বৰে,

আজ্ঞা মোৰ নিষ্ট জানি ॥২৭

লোকেসে আমাক,         নেৰে যেবে মই,

তেজি যাইবোঁ কোন সতে ।

সত্যে সত্যে বোলো,         হৌক যেই লাগৈ,

প্ৰজাৰ ইটো লগতে ॥২৮

শুনিয়া জোকাৰ,         প্ৰজায়ে পাৰয়,

জয় জয় ৰাম বুলি ।

প্ৰভুৰ লগত,         যাইবো আনন্দত,

যেন নাচে হাত তুলি ॥২৯

যত নৰ নাৰী,         আবাল পৰ্য্যন্তে,

অযোধ্যা মধ্যত বসি ।

নাপিতক মাতি,         কাম কৰাই আতি,

গাৱে ক্ষাৰ কসাই ঘসি ॥৩০

স্নান কৰি জলে,         সৰ্ব্বস্ব সকলে,

ব্ৰাহ্মণক দান কৰৈ ।

পিন্ধি ধৌত বস্ত্ৰ,         ভূষিত চন্দনে,

আনন্দে চিত্ত নধৰৈ ॥৩১

অলঙ্কাৰে সবে,         শৰীৰক মণ্ডে,

যাৰ যত মান আছে ।

অনেক উৎসৱে,         অযোধ্যাৰ লোক,

স্বৰ্গক যাইবাক কাছে ॥৩২

শুনা সভাসদ,         ৰামায়ণ পদ,

পাতকৰ ধুম্ৰকেতু ।

অপাৰ সংসাৰ,         সুখে হোৱা পাৰ,

ৰাম নামে বান্ধি সেতু ॥৩৩

দুষ্ট কাল সৰ্পে,         সবাকো দংশিলে,

ভৈল শ্ৰুতি হতবুদ্ধি ।

ৰাম নাম ইটো,         অমৃত বিনাই,

নাই নাই মহৌষধি ॥৩৪

যতেক পাতেক,         সংহৰিবে পাৰে,

ৰামৰ নামে সম্প্ৰতি ।

ততেক পাতেক,         কৰিবে পাপীৰ,

বাপৰ নাহি শকতি ॥৩৫

অগনিক যেন,         তৃণে নোৱাৰয়,

পাপৰো তেনয় নাম ।

ইসি ধৰ্ম্ম নিজ,         মুকুতি বাণিজ্য,

ডাকি বোলা ৰাম ৰাম ॥৩৬


২৯ অধ্যায়


পদ।


শুনিয়োক পাছ কথা শুনা আত অনন্তৰে ।

লক্ষ্মণৰ শোকে সুস্থ নৰৈল ৰামৰে ॥১

তেতিক্ষণে গুচি মহা মনত বিচাট ।

লৱক কুশক এৰি দিলা দণ্ড পাট ॥২

বন্ধ্যা পৰ্ব্বতৰ কাছে পুৰী কুশৱতী ।

তথাত পাতিলা নিয়া কুশক নৃপতি ॥৩

অশ্ৰাৱতী নগৰে ভৈলন্ত লৱ ৰাজা ।

দিলা দুইকো বিভঞ্জিয়া গজ বাজী প্ৰজা ॥৪

সুবৰ্ণ ৰজত ৰত্ন অলেখ ভাণ্ডাৰ ।

দিলা সবে বাণ্টি দিব্য বস্ত্ৰ অলঙ্কাৰ ॥৫

নথৈলন্ত ঘাটি ৰামে পুত্ৰ স্নেহে আতি ।

কৰিলা আশ্বাস দুয়ো তনয়ক মাতি ॥৬

নকৰিবা দন্দ্ব বাদ ৰাজ্যৰ নিদানে ।

কালক বঞ্চিবা দুয়ো একে জীৱ প্ৰাণে ॥৭

দুইত পৰে দুইহানো কুটুম্ব আউৰ নাই ।

অল্পতে ছেণ্ডৱা ভৈলে দুই হন্তো পুতাই ॥৮

দাৰুণী জানকী এৰি পশিল পাতাল ।

নপাইলো কৰিবে আবে মইও প্ৰতিপাল ॥৯

বিধাতা দণ্ডিলে বুলি পুত্ৰ দুইক ধৰি ।

কান্দিলন্ত মকামকি সীতাক সুমৰি ॥১০

হা বান্ধৈ যেতিক্ষণ তেজিলি আমাকে ।

এতেকে জানিলো পাইলে পৰম বিপাকে ॥১১

কতেক পাতেক কৰি আছো মহা ঘোৰ ।

আপদৰ উপৰি আপদ মিলে মোৰ ॥১২

মজিলো সীতাৰ তাপে অপাৰ সাগৰে ।

খাই লক্ষ্মণৰ শোক কুম্ভীৰ মগৰে ॥১৩

পুত্ৰে পুত্ৰ ত্যাগ দুঃখ অগনি বাড়ৱ ।

হৈবেক নৰৈল আৰ মোৰ পৰাভৱ ॥১৪

আবে দুই পুতাই পৰিছেদা দেখাঁ মোক ।

তোমাসাক তেজি যাওঁ ময়ো পৰলোক ॥১৫

এতেক বোলন্তে শোক অগ্নি গৈল জ্বালি ।

তিনি বাপে পুতে কান্দিলন্ত গলা গলি ॥১৬

বুজান্ত বশিষ্ঠে শুনা কৌশল্যা নন্দন ।

যেন ভৈল ভৈল আবে তেজিয়া ক্ৰন্দন ॥১৭

আখি মুখ মছি পাছে দশৰথ সুত ।

মথুৰাক লাগি শীঘ্ৰে পঠাই দিলা দূত ॥১৮

সত্বৰে আসোক শত্ৰুঘন প্ৰাণ ভাই ।

নজানে বাপ মোৰ যি ভৈল বিলাই ॥১৯

এৰিলে লখাই ময়ো যাওঁ পৰলোক ।

ৰাত্ৰি দিন কৰি আসি আমাক দেখোক ॥২০

শুনি গৈল দূত দিন নিশা নাই সুস্থ ।

কহিলেক কথা শত্ৰুঘনত সমস্ত ॥২১

লক্ষ্মণৰ শোকে স্বৰ্গ যান্ত ৰাম ৰাজা ।

তুলত ভৰত যত অযোধ্যাৰ প্ৰজা ॥২২

কুশ লৱ দুই কুমাৰৰ অভিষেক ।

সকলো বৃত্তান্ত দূতে কথা কহিলেক ॥২৩

শুনি শত্ৰুঘনে কান্দিলন্ত আতিশয় ।

আবেসে মিলিল আমাথেৰ কুলক্ষয় ॥২৪

পাত্ৰ মন্ত্ৰী সবাতো কহিলা কথা যত ।

বুলি মাতি পুত্ৰ দুইক থৈলন্তে ৰাজ্যত ॥২৫

আন ৰথ বুলি সাৰথিক লাগি চাইল ।

তেজী ঘোৰে যুৰি ৰথ সাৰথি যোগাইল ॥২৬

চড়িলন্ত তাতে হাতে ধৰিয়া ভাৰ্য্যাক ।

দিনে ৰাতি ৰথ ডাকি পাইলা অযোধ্যাক ॥২৭

সেহি বেলা ৰামে চলিবাক সাজ হুই ।

স্নান কৰি পিন্ধিলন্ত ধৌত বস্ত্ৰ দুই ॥২৮

ভৈলা নিৰাহাৰ ৰাম জগত ঈশ্বৰ ।

জলন্ত অগ্নিৰ বৰ্ণ কান্তি কলেৱৰ ॥২৯

শত্ৰুঘন দেখি আসি নমিলন্ত মাথে ।

গলে বান্ধি তাঙ্ক কান্দিলন্ত ৰঘুনাথে ॥৩০

মই সি ৰাক্ষসে খাইলো সোদৰ ভৈয়াইক ।

চক্ষুয়ে দেখিবে বাপু নপাইলো লখাইক ॥৩১

আউৰ ছাৰ জীৱনত নাহি মোৰ কায ।

ধৰিলো লখাইৰ পথ তেজি ইটো ৰাজ ॥৩২

চলিবাক প্ৰতি উত্ৰাৱল ৰাঘৱৰ ।

আগে পৰি শত্ৰুঘনে কৰিলা কাতৰ ॥৩৩

মোকো সঙ্গে নিয়ো দাদা চৰণত ধৰোঁ ।

তুমি অবিহনে অকাৰণে মইও মৰোঁ ॥৩৪

বুলিলন্ত আশ্বাস ভাতৃক প্ৰভু ৰাম ।

হৌক সিদ্ধি তোৰ অভিমত মন কাম ॥৩৫

নকৰি বিলম্ব বাপ শুনিয়ো সত্বৰে ।

শুনা পাছ কথা আবে আত অনন্তৰে ॥৩৬

যত যক্ষ ৰাক্ষস যতেক কপিবৰ্গ ।

নিশ্চয়ে জানিল ৰামস্বামী যান্ত স্বৰ্গ ॥৩৭

পৰম বিষাদ আসি মিলিল মনত ।

কান্দন্তে পৰিল আসি ৰামৰ আগত ॥৩৮

বিভীষণ সুগ্ৰীৱ অঙ্গদ জাম্বৱন্ত ।

নল নীল মুখ্যে আনো কপি অপৰ্য্যন্ত ॥৩৯

কান্দি কান্দি কহন্ত মাটিত নমাই মাথ ।

আমাক কাহাক দিয়া যাহা ৰঘুনাথ ॥৪০

যেবেসে যাইবাক খোঁজা আমাসাক ছাৰি ।

এতিক্ষণে মুণ্ডত মাৰাহা তেৱে বাৰি ॥৪১

তোমাক নেদেখি প্ৰাণ ৰাখোঁ কেন মতে ।

যাইবো স্বকুটুম্বে বাপ তোমাৰ লগতে ॥৪২

তুমি অবিহনে বাপ মিলিবে মৰণ ।

যি দিন দেখিলো ইটো তোমাৰ চৰণ ॥৪৩

গৃহতো নাহিকে সুখ সেই দিনা হন্তে ।

দণ্ডে যুগে তযু পদ নেদেখি থাকন্তে ॥৪৪

হেন জানি বাপ আৱে নবধিবো প্ৰাণে ।

স্ববান্ধৱে যাইবো তুমি যাহা যিটো থানে ॥৪৫

যেনে লাগে লগতে খপিব বনবাস ।

আশা নকৰিবা ভঙ্গ ভৈলোঁ প্ৰভু দাস ॥৪৬

কান্দে সবে এহিমতে মনত আসুখে ।

প্ৰবোধন্ত ৰামে পাছে মনত আসুখে ॥৪৭

শুনিয়ো সুগ্ৰীৱ সখি সূৰ্য্যৰ নন্দন ।

মোহোৰ শপত আউৰ নকৰাঁ ক্ৰন্দন ॥৪৮

বিপদ বান্ধৱ তুৱা বানৰ ভালুক ।

নাকান্দা নাকান্দা আৱে হৈয়োক নিচুক ॥৪৯

তুমি সবে যেৱে আৱে নেৰিয়ো আমাক ।

মইতো কোন গুণে এৰি যাইবো তোমাসাক ॥৫০

সত্বৰে সাজিয়ো আজি যাৰ যাইবে লাগে ।

তোমাসাৰ লগে যেন যুৱাই হৌক ভাগে ॥৫১

প্ৰাণতো অধিক প্ৰিয় ভৰত আমাৰ ।

সত্যে সত্যে নেৰিবোঁ কৰিলো অঙ্গীকাৰ ॥৫২

ঐত থাকে মানে যত ভালুক বানৰ ।

আউৰ কেহো নুবুলিবা বাক্য মানুষৰ ॥৫৩

আপোনাৰ জাতি ভাষে বুলিবে বচন ।

হেন শুনি ভৈল সবে হৰিষিত মন ॥৫৪

কৈৰা প্ৰাণ মিত্ৰ বিভীষণ লঙ্কেশ্বৰ ।

থাকৈ ইটো যাবদেকে চন্দ্ৰ দিবাকৰ ॥৫৫

তাৱে তুমি লঙ্কাত কৰিয়ো ৰাজ্য ভোগ ।

তোমাক নপাইবে উপসৰ্গ জ্বৰা ৰোগ ॥৫৬

শুনা বৃদ্ধ জাম্বৱন্ত মহা হিতকাৰী ।

তোমাৰ গুণক আমি সুজিতে নপাৰি ॥৫৭

যাৱদেকে নুহিকে প্ৰলয় উপস্থিত ।

তাৱে তুমি আৰোগ্যে থাকিয়ো পৃথিবীত ॥৫৮

জাম্বৱন্ত বিভীষণ নকৰিবা খেদ ।

হেৰা দিলো আপুনি স্বৰূপ পৰিছেদ ॥৫৯

আউৰ দুনাই দুয়ো মোক নেদিবা উত্তৰ ।

শুন হনুমন্ত বাপ বায়ুৰ কুমাৰ ॥৬০

কৰিলি যতেক তই মোক উপকাৰ ।

কিছু সুজা নগৈলা থাকিল মোৰ ধাৰ ॥৬১

তোৰ গুণ মোৰ মুখে বৰ্ণাইবো কতেক ।

অচলা ভকতি মোত থাকিল প্ৰত্যেক ॥৬২

যাৱে ৰামায়ণ মোৰ প্ৰচাৰ ভূমিত ।

তাৱে তুমি অপ্ৰয়াসে থাকা পৃথিবীত ॥৬৩

ভকতিক প্ৰবৰ্ত্তায়া বায়ুৰ কুমাৰ ।

মোক কল্প অৱসানে পাইবে দিলোঁ বৰ ॥৬৪

শুনি মাৰুতিৰ মহা মিলিল সন্তাপ ।

মোক তেজি যাইবে খোজা জগতৰ বাপ ॥৬৫

নিজীবো নেদেখি এই দুখানি চৰণ ।

কান্দন্ত আবেসে মোৰ মিলিল মৰণ ॥৬৬

মাৰুতিক ধৰি ৰামে কৰন্ত ক্ৰন্দন ।

বোলন্ত শুনিয়ো বাপ বায়ুৰ নন্দন ॥৬৭

মোহোৰ নিমিত্তে শোক কৰ বাপ দূৰ ।

যথাত ভকত থাকে তৈতে বিষ্ণুপুৰ ॥৬৮

পৰম কল্যাণে থাক সবান্ধৱে কপি ।

নেদিবা উত্তৰ আউৰ মোক পুনৰুপি ॥৬৯

এহি বুলি ৰামচন্দ্ৰ উঠিলা সছলে ।

লক্ষ্মণক দেখিবাক পৰম বিকলে ॥৭০

শুক্ল বস্ত্ৰ পৰিধান ভৈলা কুশ হস্ত ।

ধৰিলেক লাগ আসি নগৰী সমস্ত ॥৭১

শোভৈ ধৌতবস্ত্ৰে আতি যত প্ৰজা ছয় ।

যেহি দিকে দেখে সব বগা ধৌতময় ॥৭২

ৰাঘৱো পাইলন্ত পাছে সৰযুৰ তীৰ ।

লক্ষ্মণৰ শোকে কৰে দগধ শৰীৰ ॥৭৩

হা বাপ ভৈয়াই তই গৈলে কোন থান ।

কৰন্ত সন্তাপ তাপে ফুটে যেন প্ৰাণ ॥৭৪

খোঁজ গুৰি লক্ষ্মণক বিচাৰিয়া চাওঁ ।

চক্ষু গোটে হেনবা ভৈয়াইক দেখাঁ পাওঁ ॥৭৫

এহি বুলি লৰিলা ৰাঘৱ বনমালী ।

সৰযুৰ তীৰে তীৰে খোঁজক নিহালি ॥৭৬

কৈতনো আছস ভৈয়াই যান্ত উকিয়াই ।

মোক দেখা দে ঐ প্ৰাণৰ লখাই ॥৭৭

তোহোৰেসে শোক সবে শৰীৰ দহয় ।

চাওঁ চক্ষু গোটে তোক জুৰাউক হৃদয় ॥৭৮

লক্ষ্মণ লক্ষ্মণ বুলি দিয়া যান্ত গেৰি ।

কৈতনো আছস আৱে বাপ মোক এৰি ॥৭৯

নুবুজস মাত মই তোৰ শ্ৰেষ্ঠ ভাই ।

কিয়নো নেদস মাত বনৰ ওহ্লাই ॥৮০

এহিমতে কান্দি কান্দি যান্ত তীৰি তীৰি ।

দেখন্ত লক্ষ্মণ আছে পদ্মাসন ভিৰি ॥৮১

এহি মোৰ ভাই ধাতু নামিল সমূলি ।

দিলন্ত লৱৰ ৰাম জীলোঁ জীলোঁ বুলি ॥৮২

আথে বেথে বান্ধিলন্ত গলত ৰাঘৱ ।

দেখন্ত নাহিকে প্ৰাণ আছে মৰা শৱ ॥৮৩

দুনাই দশ গুণে শোক অগ্নি গৈল জ্বলি ।

শৱকে সাৱটি প্ৰভু পৰিলন্ত ঢলি ॥৮৪

নাই যেন শ্ৰুতি জ্ঞান ৰামো গৈলা মৰি ।

শত্ৰুঘন ভৰতে কান্দন্ত দুইকো ধৰি ॥৮৫

কান্দৈ পৰিপৰি প্ৰজা প্ৰাণ যাই ফুটি ।

নিৰন্তৰে নাৰীৰ হৃদয়ে হানে মুঠি ॥৮৬

হাঁ প্ৰাণনাথ নেদেখিলোঁ আমি আসি ।

তোমাৰ মৰণে এভো আছে প্ৰাণ ৰাখি ॥৮৭

দাৰুণ হৃদয় কিয় এভো নযাই ভাগি ।

নিজ প্ৰজা এৰি গোসাঁই গৈলা কৈক লাগি ॥৮৮

এহি বুলি বালিত বাগৰি ফুৰে লোকে ।

জুই যেন জ্বলে লক্ষ্মণৰ সিটো শোকে ॥৮৯

কান্দে বেঢ়ি ভালুক বানৰ কৌটি কৌটি ।

স্বৰ্গক লঙ্ঘিলে ক্ৰন্দনৰ উৰ্ম্মি উঠি ॥৯০

শুনা সভাসদ ইটো ৰামায়ণ কথা ।

দেখা অন্তকালে কেন ৰামৰ অৱস্থা ॥৯১

পৰিল ই পৰা সেই মৰণ বিঘাত ।

নপাৰি তৰ্কিবে আক কৃষ্ণৰ মায়াত ॥৯২

জানিয়া কৃষ্ণত কৰাঁ একান্ত ভকতি ।

কলিত হৰিৰ নাম কীৰ্ত্তনত গতি ॥৯৩

আউৰ ধৰ্ম্ম কলিত নামত পৰে নাই ।

এভো তেৱে শাস্ত্ৰৰ নুবুজি অভিপ্ৰায় ॥৯৪

সত্যযুগে পূজৈ বিষ্ণু ধৰিয়া সমাধি ।

মহা মহা যজ্ঞ ত্ৰেতা যুগত আৰাধি ॥৯৫

যেন গতি দ্বাপৰত পূজি ভক্তিভাৱে ।

কলিত কীৰ্ত্তন কৰি সব ফল পাৱে ॥৯৬

এতেকেসে কলি শ্ৰেষ্ঠ চাৰি যুগ মাজে ।

প্ৰশংসে কলিক মহা জ্ঞানি সমাজে ॥৯৭

ধৰ্ম্ম অৰ্থ কাম মোক্ষ কীৰ্ত্তনতে পাই ।

কলিত পৰম মুখ্য তৰণ উপাই ॥৯৮

জানি অপ্ৰয়াসে তৰাঁ হৰি নাম ধৰি ।

যাৰ ভয়ে অন্তক কম্পন্ত তৰতৰি ॥৯৯

জগত বান্ধৱ ইটো মাধৱৰ নাম ।

আন কাম এৰি বেঢ়ি বোলোঁ ৰাম ৰাম ॥১০০


৩০ অধ্যায়
দুলৰি ।

শুনা পাছকথা,         ৰামৰ অৱস্থা,

যেন ভৈল সিটো থানে ।

মৰা লক্ষ্মণক,         আলিঙ্গি ধৰিয়া,

পৰি দণ্ড দুই মানে ॥১

কতোক্ষণে পাছে,         চেতন লভিয়া,

বাতুল যেন চেঞ্চান্ত ।

ৰাৱণে আৰকা,         শকতি হানিলে,

ভৈয়াইৰ ভৈল উপান্ত ॥২

শুনিয়ো সুষেণ,         বৈদ্য ঔষধক,

কথা কোৱা যেন ঠান ।

হনুমন্ত বাপ,         বিলম্ব নকৰি,

বিশল্যকৰণী আন ॥৩

সীতাক চাহন্তে,         লখাইক হৰাইলো,

কৰিবো কোন উপায় ।

অযোধ্যাত আৱে,         কিমতে জীৱন্ত,

শুনিয়া সুমিত্ৰা আই ॥৪

উঠিয়ো লখাই,         প্ৰাণ ফুটি যাই,

তোৰসে দাৰুণ শোকে ।

কিনো অপৰাধ,         বান্ধৱ কৰিলো,

কিয় নমাতস মোকে ॥৫

দিব্য শয্যা এৰি,         নিৰ্যাণত পৰি,

কতনো পাৰ ঘুমটি ।

নজাগ সমূলি,         উঠ উঠ বুলি,

তোলন্ত কতো সাবতি ॥৬

অযোধ্যাৰ লোকে,         তোকে বেঢ়ি আছে,

চাউ চক্ষু মেলি বাপ ।

নিৰন্তৰে ৰাজ,         নাৰী কান্দি মৰৈ,

উঠি দূৰ কৰা তাপ ॥৭

জানো মোত খঙ্গে,         নমাতস তই,

নিৰ্ব্বাস দিবাৰ পদে ।

মোৰ নাই দোষ,         দুৰ্ব্বাসা দাৰুণে,

পেহ্লাইলে তোক আপদে ॥৮

আইল ধুমকেতু,         তাহাৰেসে হেতু,

কৰিলোঁহো মৰ্ম্মছেদ ।

মোক অপযশ,         দিয়া নমাতস,

আতেসে হৃদয় খেদ ॥৯

জানো ধ্যান কৰি,         বায়ু আছ ধৰি,

তাতেসে নামে উশ্বাস ।

জানিলো মৰিলি,         আবেসে কৰিলি,

সমূলঞ্চে মোক নাশ ॥১০

দণ্ডকা বনতো,         লগতে আছিলি,

নেৰিলি ক্ষণেকো সঙ্গ ।

ছোট হন্তে তোৰ,         পিতৃতো অধিক,

মোতসে আতি আসঙ্গ ॥১১

আৱে কিনো ভৈলে,         মোক তেজি গৈলে,

কিনো তোৰ বজ্ৰ হিয়া ।

কান্দন্ত সন্তাপে,         জগতৰ বাপে,

ভাইৰ মুখে মুখ দিয়া ॥১২

প্ৰাণৰ লক্ষ্মণ,         তোক পঠাই বন,

দিনতে দুই চক্ষু খাইলো ।

মোহোৰ শোকত,         প্ৰাণে ভৈলি হত,

দেখিতে তোক নপাইলো ॥১৩

গ্ৰসিলেক পাপে,         তোহোৰ সন্তাপে,

মই কৈত ৰৈবোঁ ক্ৰুৰ ।

এতো হেন কৰ,         আমাকো সুমৰ,

লগে যাওঁ যমপুৰ ॥১৪

হেনবা তোহোৰ,         সন্তাপ পাশৰো,

লগে লৈয়া যাহাঁ মোকে ।

ৰাম লক্ষ্মণৰ,         ভাই ভৈয়ালক,

প্ৰশংসে সকল লোকে ॥১৫

তোৰ এহ্ণ হিয়া,         মোক কাক দিয়া,

কোন সতে যাস এৰি ।

ফুকিতে কান্দন্ত,         তাপত পাৰন্ত,

লখাই লখাই বুলি গেৰি ॥১৬

কৈৰা মন্ত্ৰীছয়,         চিতা সঞ্জালিয়ো,

জিয়া তান্ত মোক তুলি ।

কিয় আছা চাই,         অগনি লগাই,

লগে মাৰাঁ মোক পুলি ॥১৭

আউৰ কদাচিতো,         লগ লক্ষ্মণৰ,

নছাৰিবো মই কোল ।

হেন শুনি সবে,         কান্দে আৰ্ত্তৰাৱে,

উথলিলা মহাৰোল ॥১৮

বশিষ্ঠে বুজান্ত,         প্ৰভু ৰঘুনাথ,

থিৰ কৰা তুমি চিত্ত ।

বিমৰিষ মনে,         বিস্তৰে ক্ৰন্দনে,

মৃতকৰ নোহে হিত ॥১৯

যেন লাগে বাপ,         প্ৰেত কাৰ্য্য কৰা,

ইমত সন্তাপ এৰা ।

সবেয়ো মৰিব,         আৰে কি কৰিব,

কালত নাহিকে বৰা ॥২০

দিব্য দেহাধৰ,         লক্ষ্মণ কুমাৰ,

উপেখি সঙ্গ তোমাৰ ।

জ্ঞান দৃষ্টি দেখোঁ,         লক্ষ্মণ স্বৰ্গত,

আছন্ত ইন্দ্ৰ আকাৰ ॥২১

অল্পতে ভাতৃৰ,         লভিবা সঙ্গতি,

তেজিয়ো বাপ বিলাপ ।

বশিষ্ঠৰ বোলে,         ৰাঘৱৰ কিছু,

গুচিল চিত্তৰ তাপ ॥২২

পাছে ৰঘুপতি,         চিতা জ্বালি তৈতি,

লখাইৰ দেহা দহিলা ।

সীতাৰ বহিনী,         তানে প্ৰিয়া পত্নী,

লগতে গৈলা উৰ্ম্মিলা ॥২৩

স্বামীৰ সমীপ,         পায়া অপয়াসে,

ভৈলা আনন্দিত মতি ।

যত প্ৰেত কাৰ্য,         সঙ্কালিল সবে,

বিধিৱতে ৰঘুপতি ॥২৪

শুনা সব নৰ,         ৰাম লক্ষ্মণৰ,

কেন ভৈল আক দেখাঁ ।

সদাই হতাশ,         ইটো গৃহবাস,

মনুষ্যৰ কোন লেখা ॥২৫

লভিয়া ভাৰতে,         নৰতনু যিটো,

নকৰে হৰি কীৰ্ত্তন ।

হৃদয়তে হৰি,         আছন্ত জাগিয়া,

আৰু নজানিয়া মন ॥২৬

সিটো মূঢ়মতি,         এৰিয়া ভকতি,

কৰ্ম্মত কৰে বিশ্বাস ।

তাক পৰিহৰাঁ,         জীয়ন্ততে মৰা,

ভাতিৰ যেন নিশ্বাস ॥২৭

হেন নিষ্ঠ জানি,         চিন্তা চক্ৰপানী,

হৰিৰ সুমতি নাম ।

পুৰুষ উদ্ধাৰা,         আপোন নিস্তাৰা,

ডাকি বোলাঁ ৰাম ৰাম ॥২৮