ইন্দ্ৰজিত বধ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
সপ্তকাণ্ড ৰামায়ণ
লেখক মাধৱ কন্দলী, শংকৰদেৱ, মাধৱদেৱ
ৰামায়ণ বৃত্তান্ত
  1. আদিকাণ্ড - প্ৰথম অধ্যায়
  2. ৰামায়ণ বৃত্তান্ত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২
  3. ৰাক্ষসৰ কথা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯
  4. সূৰ্যবংশৰ বিৱৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০
  5. দশৰথৰ বিবাহ - কৌশল্যা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২
  6. দশৰথৰ বিবাহ - কৈকেয়ী - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২
  7. দশৰথৰ বিবাহ - সুমিত্ৰা আৰু অন্যান্য ৰাণী - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫
  8. শনিৰ দৃষ্টি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭
  9. শনিৰ বৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০
  10. সিন্ধু মুনি বধ আৰু অভিশাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২
  11. দশৰথৰ বৰ : কৈকেয়ীক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৬
  12. অপুত্ৰক দশৰথৰ চিন্তা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭
  13. ঋষ্যশৃঙ্গৰ কাহিনী - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮
  14. ঋষ্যশৃঙ্গৰ উপস্থিতিত যজ্ঞ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২
  15. দশৰথৰ গৃহত নাৰায়ণৰ অংশৰ স্থিত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৪
  16. পায়স ভক্ষণ আৰু সন্তান জন্ম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪০
  17. জনকৰ ঘৰত সীতাৰ জন্ম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৬
  18. গুহক চণ্ডাল - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৭
  19. ৰাক্ষস বধৰ উদ্দেশ্যে ৰাম - লক্ষণৰ আনয়ন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫০
  20. ৰাম - লক্ষণ আৰু বিশ্বামিত্ৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫২
  21. তাৰকা ৰাক্ষসীক বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫৪
  22. মাৰীচ বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫৬
  23. সীতা স্বয়ম্বৰলৈ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫৮
  24. কান্যকুজ্বৰ বিৱৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬৩
  25. উনপঞ্চাশত বায়ুৰ উত্পত্তি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬৪
  26. অহল্যাৰ শাপ - মুক্তি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬৫
  27. ৰামৰ হৰধনু ভঙ্গ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৭০
  28. স্বয়ম্বৰত যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৭৫
  29. দশৰথক আনিবলৈ কটকী প্ৰেৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৮০
  30. চাৰি ভাইৰ বিবাহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৮২
  31. ৰাম - পৰশুৰাম সংঘৰ্ষ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৮৫
  32. ৰামচন্দ্ৰৰ অযোধ্যালৈ আগমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯২
  33. ৰামচন্দ্ৰক যুৱৰাজ পতাৰ প্ৰস্তাৱ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৩
  34. ৰামচন্দ্ৰৰ অভিষেকৰ আয়োজন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৪
  35. মন্থৰাৰ কুমন্ত্ৰণা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৬
  36. কৈকেয়ীয়ে বৰ বিচাৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৭
  37. দশৰথৰ মনত দুখ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯০২
  38. কৈকেয়ীয়ে ৰামক বৰৰ কথা কয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০৪
  39. ৰাম বনলৈ যাবলৈ ওলায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০৪
  40. লক্ষণৰ ক্ৰোধ আৰু ৰামৰ প্ৰবোধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০৬
  41. বনবাসৰ কথা সীতাক জনায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১০
  42. লক্ষণো বনলৈ ওলায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৪
  43. ৰামচন্দ্ৰৰ বিদায় - প্ৰাৰ্থনা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৫
  44. ৰামচন্দ্ৰৰ বাকলি বস্ত্ৰ পৰিধাণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৭
  45. ৰাম - লক্ষণ - সীতাৰ বনবাস গমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৯
  46. ৰামচন্দ্ৰই প্ৰজাক শান্ত্বনা দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২২
  47. ৰামচন্দ্ৰ - গুহক সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২৩
  48. মন্ত্ৰী সুনম্তক বিদায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২৪
  49. ভৰদ্বাজ মুনিৰ আশ্ৰমত প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২৫
  50. দশৰথৰ মৃত্যু -গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩১
  51. ৰাণীসকলৰ বিলাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৩
  52. কৌশল্যাই কৈকেয়ীক ভৰ্ত্সনা কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৪
  53. ভৰতক মতাই আনে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৫
  54. ভৰতৰ খং - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৭
  55. কুঁজীৰ বিলাই - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৯
  56. কৌশল্যা আৰু ভৰতৰ কথা-বতৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪০
  57. দশৰথ ৰজাৰ প্ৰেতকাৰ্য্য - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪১
  58. ৰামক মাতি আনিবলৈ দিহা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৩
  59. ৰামক বিচাৰি ভৰতৰ যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৪
  60. ভৰত-গুহৰ মিলন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৬
  61. গুহকৰ সাহায্য দান - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৯
  62. ভৰদ্বাজ মুনিৰ অতিথি সত্কাৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫০
  63. চিত্ৰকূটত ৰাম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫১
  64. ভৰতে ৰামক লগ পায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৩
  65. দশৰথৰ মৃত্যুৰ বাতৰিত শোক-প্ৰকাশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৩
  66. ৰামৰ পিণ্ড দান - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৫
  67. ঋষি আৰু মাতৃসকলৰ লগত ৰামৰ সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৫
  68. ৰামৰ খৰম লৈ ভৰতৰ প্ৰত্যাগমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৭
  69. সিংহাসনত খৰম স্থাপন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৮
  70. অৰণ্যকাণ্ড
  71. অত্ৰি ঋষিৰ আশ্ৰমত ৰাম সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৯
  72. দণ্ডকাৰণ্যত ৰামৰ প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৪
  73. ৰামচন্দ্ৰ - সীতাৰ কথোপকথন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৭
  74. ৰামৰ আগত মাণ্ডকৰ্ণি মুনিৰ বৃত্তান্ত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৯
  75. অগস্ত্য মুনিৰ আশ্ৰমত প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৯
  76. জটায়ুৰ লগত সাক্ষাত্ আৰু শূৰ্পনখাৰ নাক - কাণ ছেদন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭১
  77. ৰাক্ষসৰ লগত যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭৫
  78. খৰ দুষণ বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭৬
  79. মাৰীচৰ মৃগৰূপ ধাৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৮৭
  80. ৰাৱণৰ তপস্বী বেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৮৭
  81. সীতাৰ আগত ৰাৱণৰ আত্ম পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯১
  82. ৰাৱণৰ গৰ্ব - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৪
  83. ৰাৱণে সীতাক হৰণ কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৫
  84. ৰামক মাৰিবলৈ ৰাক্ষস নিয়োগ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৮
  85. সীতাই ৰাৱণক অভিশাপ দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৯
  86. সীতাই ৰাৱণক ৰ্ভতসনা কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০০
  87. সীতাক বিচাৰি নেপাই ৰামৰ আক্ষেপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০২
  88. জটায়ুৱে সীতাৰ বাতৰি দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৩
  89. কৱদ্ধৰ লগত সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৫
  90. চম্পা সৰোবৰত ৰাম-লক্ষণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৬
  91. কিষ্কিন্ধ্যাকাণ্ড
  92. ৰামৰ লগত সুগ্ৰীৱৰ মিত্ৰতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৯
  93. ৰামৰ আগত সীতাৰ অলঙ্কাৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১০
  94. বালী বধৰ আয়োজন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১০
  95. বালী - সুগ্ৰীৱৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১৪
  96. ৰামে বালীক বধ কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১৮
  97. বালীয়ে ৰামক তিৰস্কাৰ কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২১
  98. বালীৰ ভাৰ্য্যা তাৰাৰ বিলাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৩
  99. তাৰাৰ অভিশাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৪
  100. সুগ্ৰীৱৰ অভিষেক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৭
  101. সুগ্ৰীৱৰ প্ৰতি ৰামৰ সন্দেহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৮
  102. সুগ্ৰীৱৰ সৈন্য সংগ্ৰহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩২
  103. সসৈন্যে সুগ্ৰীৱ উপস্থিত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৩
  104. বালীপুত্ৰ অঙ্গদৰ দ্ধাৰা ৰাক্ষস বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৬
  105. বানৰ সৈন্যৰ স্বয়ংপ্ৰভা সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৭
  106. বানৰ সৈন্যৰ সমাবেশ : সাগৰ দৰ্শন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৮
  107. জটায়ুৰ মৃত্যুত সম্পাতিৰ শোক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪১
  108. সুপাৰ্শ্বই ৰাৱণ আৰু সীতাক দেখে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৩
  109. সুন্দৰাকাণ্ড
  110. সাগৰৰ পাৰত বানৰ সৈন্যৰ মন্ত্ৰণা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৬
  111. হনুমন্তৰ পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৭
  112. হনুমন্তৰ লঙ্কা যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৯
  113. লঙ্কাৰ বিৱৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫১
  114. হনুমন্তই সীতাক বিচাৰি পায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৬
  115. ৰাৱণৰ কক্ষত সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৫৮
  116. সীতা আৰু হনুমন্তৰ কথোপকথন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৬৩
  117. হনুমন্ত আৰু ৰাক্ষসৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৬৯
  118. হনুমন্ত আৰু জম্বুমালীৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭০
  119. হনুমন্ত আৰু বিৰুপাক্ষৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭১
  120. হনুমন্ত আৰু অক্ষকুমাৰৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭২
  121. ইন্দ্ৰজিত আৰু হনুমন্তৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭৩
  122. হনুমন্তৰ নেজত জুই আৰু লঙ্কা দাহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭৭
  123. হনুমন্তৰ প্ৰত্যাগমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮০
  124. বানৰ সৈন্যই মধুফল খায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৪
  125. হনুমন্তই ৰামক সীতাৰ বাতৰি দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৫
  126. ৰাম-লক্ষণৰ লঙ্কা যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৭
  127. ৰাৱণক বিভীষণৰ সজ উপদেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৯
  128. ৰাৱণৰ কুমন্ত্ৰণা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৯০
  129. বিভীষণক ৰাৱণৰ পদাঘাত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৯২
  130. লঙ্কাকাণ্ড
  131. ৰামৰ সৈন্যবল সম্পৰ্কে জানিবলৈ ৰাৱণৰ আগ্ৰহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৯৮
  132. ৰাৱণৰ ছলনা আৰু সীতাৰ বেজাৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩০৩
  133. ৰাৱণক সজউপদেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩০৬
  134. সুবেল পৰ্বতত ৰাম-লক্ষণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩০৮
  135. ৰাম-লক্ষণৰ নাগপাশ মোচন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩১২
  136. ধুম্ৰাক্ষৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬২১
  137. সেনাপতি ব্ৰজদ্ৰংষ্ট - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৩
  138. প্ৰহস্তৰ যুদ্ধযাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৫
  139. অনেক ৰাক্ষসৰ যুদ্ধ আৰু পতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৭
  140. ৰাৱণৰ যুদ্ধ যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৮
  141. লক্ষণৰ হাতত ৰাৱণৰ পৰাজয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৯
  142. কুম্ভকৰ্ণৰ যুদ্ধ - যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৩৫
  143. কুম্ভকৰ্ণৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৩৮
  144. ৰাম-লক্ষণৰ হাতত কুম্ভকৰ্ণৰ পতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৪৩
  145. অতিকায় ৰাক্ষসৰ যুদ্ধ আৰু পতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৪৬
  146. ইন্দ্ৰজিতৰ যুদ্ধ : ৰাম-লক্ষণ অচেতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫১
  147. হনুমন্তই ঔষধ আনি জীৱন দান দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৩
  148. বানৰ সৈন্যৰ আক্ৰমণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৪
  149. কুম্ভ নিকুম্ভৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৬
  150. ইন্দ্ৰজিতৰ পুনৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৯
  151. ৰামক বিভীষণৰ প্ৰবোধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৬২
  152. ইন্দ্ৰজিত বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৬৫
  153. ৰাৱণৰ ক্ৰোধ আৰু সীতাক হত্যা কৰিবলৈ উদ্যত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৭৩
  154. লক্ষণৰ শক্তিশেল - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৭৯
  155. হনুমন্তৰ গন্ধমাদন আনয়ন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৮৫
  156. গন্ধমাদন পুনৰ থৈ আহে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৮৮
  157. ৰাম ৰাৱণৰ যুদ্ধ : ৰাৱণ বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৯০
  158. ৰামৰ আগত সীতাৰ উপস্থিতি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৯৯
  159. সীতাৰ অগ্নি পৰীক্ষা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪০২
  160. ৰামৰ অযোধ্যালৈ যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪০৭
  161. অযোধ্যাত ৰামৰ প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪১০
  162. ৰামচন্দ্ৰৰ ৰাজ্যাভিষেক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪১৬
  163. হনুমন্ত প্ৰভৃতিৰ অযোধ্যা ত্যাগ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪১৭
  164. উত্তৰা কাণ্ড
  165. সীতাৰ বনবাস - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২০
  166. বাল্মীকিৰ আশ্ৰমত লৱ-কুশৰ জন্ম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২১
  167. ৰামৰ অশ্বমেধ যজ্ঞ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২২
  168. লৱ-কুশৰ ৰামায়ণ কথন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২৭
  169. হনুমন্তৰ জন্ম পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৩৩
  170. লৱ-কুশৰ পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৩৬
  171. সীতাক আনিবলৈ হনুমন্তক প্ৰেৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৩৭
  172. ৰামৰ ৰাজসভাত সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪১
  173. সীতাৰ বেজাৰ আৰু পাতাল প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪২
  174. পৃথিৱীৰ প্ৰতি ৰামৰ ক্ৰোধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪৬
  175. পাতালত সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪৭
  176. ভৰতৰ পুত্ৰক ৰাজ্য দান - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪৮
  177. ৰামৰ লক্ষণ বৰ্জন - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৫২
  178. লক্ষণক বিচাৰি ৰামৰ বন যাত্ৰা - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৫৮
  179. ৰামচন্দ্ৰৰ স্বৰ্গযাত্ৰা - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৬৪
৩৪ অধ্যায় ।
ছবি ।
ইন্দ্ৰজিত বধ ।

ৰাক্ষস কুলত আমি,       উতপতি লভিলোহোঁ,

ধৰ্ম্ম ছাৰি নজানিলো আন ।

আপোনাৰ কথা নিয়া,       আনত লগাস আনি,

বোলাঁ মোক পাপেসে প্ৰধান ॥১

লক্ষ্মণৰ শৰে তোৰ,       আটি মুটি ভাঙ্গিবেক,

অন্যায় কৰিলি যত যত ।

বাপেপুতে তোৰ আৰ,       দেখাদেখি নহৈবেক,

ৰণমাজে প্ৰাণে হুইবি হত ॥২

হেন শুনি মহাবলী,       কোপে অগ্নিসম জ্বলি,

তাৰিলেক বচন প্ৰহাৰ ।

যাক তুমি মাল সাজি,       আনিলা খুৰাই আজি,

সিটো নহে সদৃশ আমাৰ ॥৩

তোমাক যে লক্ষ্মণক,       আজি খান দিবোঁ দুইক,

দুৰ্ব্বাৰ যমৰ সদনত ।

পাছে দুহানৰ সঙ্গে,       সেনাগণ মাৰোঁ ৰঙ্গে,

ভালুক বানৰ গণযত ॥৪

দুইবাৰে দুই ভাইক,       সমৰত মাৰিলোহোঁ,

মাথা নকাটিলো বৰ ঘিণে ।

খাণ্ডাৰেসে ছেৰ মোৰ,       সুমিত্ৰা নন্দন বীৰ,

কেন মতে বোলাঁ মোক জিনে ॥৫

তুমি হেন খুৰাই মোৰ,       মুত্ৰত সান্তোৰা যেন,

লক্ষ্মণক বোল বীৰ ভাল ।

ইকিকথা পতিয়াবা,       মানুষে মাৰিবে পাৰে,

বাঘ মাৰিলেসে পাৱে ছাল ॥৬

হাস্য কৰিকিঞ্চিতেক,       লক্ষ্মণেয়ো বুলিলন্ত,

শুনৰে অধম নিশাচৰ ।

আপনাক বৰ কৰি,       পৰক নিন্দয় যিবা,

তাকে বুলি নিলাজ পামৰ ॥৭

যিবা বহু বীৰগণ,       জিনি আছ কৰি ৰণ,

ৰাৱ পাৰে পৰি ধৰণীত ।

তাকে বোলে সৰ্ব্বজনে,       থিৰ বীৰ ধীৰগণে,

সেহি বীৰ জগতে বিদিত ॥৮

পৰক কুচ্ছাহ বাক্য,       পৰিহৰি যিটো বীৰে,

সমৰত জিনিতে পাৰয় ।

গম্ভীৰ চৰিত্ৰ তাৰ,       সিসে বীৰ বলীয়াৰ,

সৰ্ব্বজনে তাকে বখানয় ॥৯

প্ৰলয়ত বৈশ্বানৰে,       সমস্তকে দগ্ধ কৰে,

তেহে গৈয়া কাহাক তৰ্জ্জন্ত ।

গিৰি তৰু বন সব,       উপাৰিয়া কৰে চণ্ণ,

বায়ু ৰাজা কাহাক গৰ্জ্জন্ত ॥১০

মায়াবলে চোৰবৃত্তি,       দুই ভাইক জিনিয়াযে,

তাতেসে তোৰ যে বৰ গহ ।

মৌনক আচৰি মই,       সব কাৰ্য্য সাধিবোহোঁ,

শৰৰ প্ৰহাৰ মোৰ সহ ॥১১

শুনি কোপে নিশাচৰে,       শানাইল অনেক শৰ,

তাৰিলেক লক্ষ্মণৰ গাৱে ।

যেন পৰ্ব্বতৰ পৰা,       বহি যাই গেৰুধাৰা,

বোম্বানলে ৰুধিৰ বজাৱে ॥১২

সম্বুধি বোলয় অৰে,       শুন সুমিত্ৰাৰ সুত,

আউৰ তই অযোধ্যা নপাইবে ।

হাহা প্ৰাণ ভাই বুলি,       ৰামদেৱে কান্দিবন্ত,

মোৰ হাতে যমঘৰে যাইবে ॥১৩

লক্ষ্মণে বোলন্ত অৰে,       বৰ্ব্বৰ যে নিশাচৰ,

বচনে নপাৰি জিনিবাক ।

সমৰে বিমুখ হুই,       লঙ্কাক নযাইবি তই,

নিশ্চয় মাৰিবোঁ আজি থাক ॥১৪

হেন বুলি ধনু ধৰি,       কৰ্ণপূৰি দৃঢ়কৰি,

হানিলন্ত তীক্ষ্ণ পাঞ্চবাণে ।

মহাবেগে হৃদয়ৰ,       অভ্যন্তৰ পশি শৰ,

ৰাৱণি তেজিলা যেন প্ৰাণে ॥১৫

শুনিয়োক সৰ্ব্বজন,       পুণ্যকথা ৰামায়ণ,

পাপৰ মুণ্ডত দিয়া বাৰি ।

এৰাঁ ইটো আনমন,       ৰাম বোলাঁ ঘনেঘন,

অন্তকে পলাউক প্ৰাণ ছাৰি ॥১৬


৩৫ অধ্যায় ।
পদ ।

আমাক বোলস চোৰ বৃত্তি নিশাচৰ ।

এহি বুলি দাৰুণে হানিলা তিনি শৰ ॥১

অন্যায় নকৰা আজি দেখাঁ মোৰ যুজ ।

ইন্দ্ৰজিত বীৰৰ যে পৌৰুষতা বুজ ॥২

সাত শৰে লক্ষ্মণক বিন্ধিলেক টানে ।

হনুমন্তে বীৰক বিন্ধিল দশ বাণে ॥৩

মহা খঙ্গে ৰকত নয়ন নিৰন্তৰে ।

বিভীষণ বীৰক তাৰিলা শত শৰে ॥৪

শৰ যুৰি লক্ষ্মণে গম্ভীৰ কৰি গতি ।

বোলে ইন্দ্ৰজিত তোৰ পাইলো পৰাপতি ॥৫

তই বোলাৱস যোদ্ধা বীৰ অতিৰেক ।

ৰথত চড়িয়া মোক নিন্দিলি অনেক ॥৬

শুন অৰে দুৰাচাৰ অধম দুৰ্জন ।

হেৰা তোৰ সব গাৱ কৰাওঁ ভূষণ ॥৭

ৰণত পাগল তই অশকতি ভৈলি ।

বৰ খৰমৰি হুয়া ভঙ্গাৱস বেলি ॥৮

আমাৰ বিপোহোঁ বঢ়াৱস লঘু বাকে ।

যম পুৰে পেশোঁ আজি ঘোৰ শৰজাকে ॥৯

এহি বুলি মহাবীৰে তীক্ষ্ণ দশ শৰে ।

সন্নাহা কাটিয়া পেলাইলন্ত নিৰন্তৰে ॥১০

শৰীৰৰ ভেদি গৈলা ইপাৰ সিপাৰ ।

কতো বেলি নাছিলেক চেতন তাহাৰ ॥১১

ইন্দ্ৰজিতে দৃঢ় মুঠি ধনু কৰে ।

আকাশক নিৰন্তৰে ছানিলেক শৰে ॥১২

লক্ষ্মণেয়ে শৰ হানি কাটিয়া পেলাইল ।

দুয়ো বীৰে কতক্ষণে ভঙ্গক নপাইল ॥১৩

লখমণে ইন্দ্ৰজিতে দুয়ো নঘাটন্ত ।

দুইহানৰ শৰে সব দুইহানো কাটন্ত ॥১৪

শতেক সহস্ৰ কৌটি শৰৰ প্ৰমাণ ।

দুই হানো চাপৰ হন্তে নিকলিল বাণ ॥১৫

তেখনে প্ৰসন্ন হোৱে তেখনে আন্ধাৰ ।

ত্ৰৈলোক্য অজয় দুই মুনিষ যুজাৰ ॥১৬

আকাশ নিসন্ধি কৰি শৰে শৰে ছাইল ।

সূৰ্য্যৰ জ্যোতিয়ে আৰ একো নৰজাইল ॥১৭

নিসন্ধি ভৈলেক আৰ নেদেখি প্ৰসন্ন ।

দুইহান সমৰ নেদেখয় দেৱগণ ॥১৮

নিশাময় ভৈলা যেন মেঘ তমোময় ।

দুয়ো সেনা দমকিল কেহো নায়ুজয় ॥১৯

দুয়ো শৰে হানি দুয়ো ফুটিলা অপাৰ ।

অশোক পলাশ যেন দেখি জ্যোতিষ্কাৰ ॥২০

শোনিতে সিন্দুৰে যেন দীপিতি কৰয় ।

পৰ্ব্বতৰ হন্তে যেন বহে গেৰুচয় ॥২১

পাখি সমে শৰ পশি শৰীৰ কম্পাই ।

কতো শৰীৰক ভেদি পাতালক যাই ॥২২

দেৱ অসুৰৰ বৰ উলমাল চিত ।

লক্ষ্মণে জিনন্ত কিবা জিনে ইন্দ্ৰজিত ॥২৩

বিভীষণে লক্ষ্মণৰ কোল চাপিলন্ত ।

কনিয়াল বিপাট অনেক হানিলন্ত ॥২৪

আন একো ওছ নোহে শৰ বৰিষন্ত ।

অসংখ্যাত ৰাক্ষস সেনাক মাৰিলন্ত ॥২৫

আপনাৰ সেনাগণ সব ছপকৰে ।

ৰাৱণ কনিষ্ঠে নিয়া যোগাইলা সমৰে ॥২৬

সিংহক দেখিয়া যেন হৰিণ পলাইল ।

ৰাৱণিত গৈয়া সবে শৰণ সোমাইল ॥২৭

বিভীষণে বোলন্ত শুনিয়ো কপিগণ ।

দিয়োক আমাৰ বচনক সবে মন ॥২৮

ত্ৰৈলোক্যত সাৰ আতি এহি পাপীজন ।

ইপৰিলে জানিবাহা পৰিলা ৰাৱণ ॥২৯

পুত্ৰৰ বধৰ মই বোলোহোঁ উপায় ।

অযুগুত কৰ্ম্ম কৰিবাক নুযুৱায় ॥৩০

উপদেশ দিয়া হেৰা সমৰত মাৰোঁ ।

ৰামৰ কাৰ্য্যত থাকি হেন পাপ কৰোঁ ॥৩১

মোহোৰ কাৰণে প্ৰাণ পুত্ৰৰ মৰণ ।

দেখাঁ মোৰ শোকে ইটো ঝৰয় নয়ন ॥৩২

কোলায়ে বোকায়ে তুলিলোহো মেঘনাদ ।

মায়াময় সংসাৰৰ জ্বলয় বিষাদ ॥৩৩

অসংখ্য পৰিল মুখ্য নিশাচৰ গণ ।

যাৱত নপৰে ইটো সমৰে ৰাৱণ ॥৩৪

কপিগণ ঝাণ্ট কৰি সৈন্য ভঙ্গাৱাহা ।

লক্ষ্মণে মাৰিব আক পাছে দেখিবাহা ॥৩৫

বিভীষণে হেন মতে বিপোহোঁ বঢ়াইলা ।

হনুমন্ত জাম্বৱন্ত সবে সেনা ধাইল ॥৩৬

অনেক অস্ত্ৰক ধৰি পৰ্ব্বত শিখৰ ।

সম্মুখে যে যুজয় বানৰ নিশাচৰ ॥৩৭

দুয়োভিতি সেনাগণ লাগিল তুম্বুল ।

বৃক্ষ শিলা বৰিষন্ত শকতি ত্ৰিশূল ॥৩৮

জাম্বৱন্তে এক ভিতি সমৰ ভঙ্গাইল ।

ৰাক্ষস বলত নদী ৰুধিৰে বহাইল ॥৩৯

বিভীষণে আপনাৰ সৈন্য সমন্বিতে ।

অসংখ্য ৰাক্ষস বল ভঙ্গাইলা ত্বৰিতে ॥৪০

হনুমন্তে ভঙ্গাইলা আৱৰ ভিতি পশি ।

নিশাচৰ বল সবে পলাইলা তৰসি ॥৪১

ইন্দ্ৰজিত ধায়া গৈলা লক্ষ্মণৰ পাশে ।

দুই বীৰে যুজে শৰে যুৰিয়া আকাশে ॥৪২

দুয়ো দুইহানৰ শৰ কাটিয়া পেলাইল ।

তৰ্ত্তুল্য সমৰে কেহোঁ ভঙ্গক নপাইল ॥৪৩

দুই বীৰ যুজয় ৰণত দুয়ো সম ।

দুয়ো দুইহান্তক প্ৰহাৰয় যেন যম ॥৪৪

হিংসা হিংসি কৰি যুজে যেন দুই কাল ।

ত্ৰৈলোক্যত সাৰ দুয়ো মুনিষ বিশাল ॥৪৫

সিংহ সম জাম্পন্ত ৰণত নকম্পন্ত ।

অস্ত্ৰ সব হানন্ত নাহিকে আদি অন্ত ॥৪৬

অৱহিতে যুজন্ত ছিদ্ৰক নপাৱন্ত ।

খলখলি হাসন্ত বিপোহোঁ প্ৰকাশন্ত ॥৪৭

ত্ৰৈলোক্যত অজয় দুৰ্জ্জয় কলেৱৰ ।

পুত্ৰ দশৰথৰ তনয় ৰাৱণৰ ॥৪৮

শনাইবাৰ শৰ যত হানন্ত অপাৰ ।

মেদিনী মণ্ডলে দুয়ো মুনিষ যুজাৰ ॥৪৯

দুইহন্তে দুইহাঙ্ক কিছু ওছক নযান্ত ।

তেলীয়াৰ জান্ত যেন চোবাৱন্ত দান্ত ॥৫০

দুয়ো দুইক যুজিবাক সন্ধি অতি চান্ত ।

আস বুলি যাহন্ত পাছত নপলান্ত ॥৫১

কোন ওছ কোন পৰ বুলিতে নপাৰি ।

দেবগণে চিন্তা বৰ কৰে বুকে হাৰি ॥৫২

আৱৰে আউৰক বোলে মিলিলা প্ৰলয় ।

কিবা ইন্দ্ৰজিত কিবা লক্ষ্মণে জিনয় ॥৫৩

দুই খান ধনু দেখি মণ্ডল আকাৰ ।

টঙ্কাৰ শবদ আতি শুনি চমৎকাৰ ॥৫৪

অন্তৰ নেদেখি বাণ শৰ হানিবাৰ ।

ত্ৰৈলোক্যত সাৰ দুয়ো মুনিষ যুজাৰ ॥৫৫

আকাশৰ কাটিয়া গুচাইলো অন্ধকাৰ ।

কিৰণ পৰশে মুখ দেখি আউৰে আৰ ॥৫৬

দুয়ো দুইহান্তক ৰণে অশেষ হানন্ত ।

বানে অন্ধকাৰ কেহো কাকো নেদেখন্ত ॥৫৭

অন্ধকাৰ গুচি পুনু প্ৰসন্ন হোৱয় ।

দুয়ো বীৰে সমৰত প্ৰকাশ কৰয় ॥৫৮

সাৰথিৰ শিৰ ছেদিলন্ত এক বাণে ।

ইন্দ্ৰজিত ভূমিত পৰিল বৰ টানে ॥৫৯

বানৰ বলৰ মনে ভৈলা বৰ ৰঙ্গ ।

বিক্ৰমে ভেদিলা তাৰ ভৈলা ৰথ ভঙ্গ ॥৬০

ক্ষত বিক্ষত কৰি সেনাক মাৰিল ।

দুৰ্ঘোৰ সমৰ ভৈলা ৰাক্ষসে হানিল ॥৬১

হেন দেখি ইন্দ্ৰজিত বৰ লাজ পাইল ।

তেখনে সাৰথি ৰথ আগত যোগাইল ॥৬২

তাতে চড়ি মহাবীৰে কোপ কৰি টান ।

লক্ষ্মণক প্ৰহাৰিলা অসংখ্যাত বাণ ॥৬৩

প্ৰমাথি বানৰ বীৰে গন্ধ যে মাৰ্দ্দনে ।

সিয়ো ৰথ উপৰে পৰিলা দুয়ো জনে ॥৬৪

সম্বৰ শৰীৰে যান্তি নিৰুৎসাহী কৰি ।

মুখে তেজ নিকলিয়া ঘোড়া গৈলা মৰি ॥৬৫

জাজ্জ্বল্য সমান জ্বলি বীৰ ইন্দ্ৰজিত ।

সৈন্যক বোলন্ত তুমি নকৰিবা ভীত ॥৬৬

ক্ষণেকে থাকিয়ো যুদ্ধ প্ৰবন্ধে নভাগি ।

ৰথ সাজি আসোঁ যাই নগৰীক লাগি ॥৬৭

নগৰী পশিয়া ঝাণ্টে সাজিলেক ৰথ ।

অলঙ্কাৰে মণ্ডিলেক ঘোটক সমস্ত ॥৬৮

ধনু বাণ সাজিলা সম্ভাৰ যত যত ।

সমৰ ভূমিক গৈয়া পাইলা ক্ষণেকত ॥৬৯

শৰে হানি বানৰক ভঙ্গাইলেক ৰণত ।

শৰণ পশিলা গৈয়া বীৰ লক্ষ্মণত ॥৭০

হেন দেখি হনুমন্তে বোলে লক্ষ্মণক ।

মোহোৰ পিঠিত চড়ি যুজ ৰাক্ষসক ॥৭১

হনুৰ পিঠিত যাই চড়িল লক্ষ্মণ ।

সমৰক লাগি বীৰে কৰিলা গমন ॥৭২

যেন যুদ্ধ ভৈলা দেখন্তেহি ভয়ঙ্কৰ ।

মৰি গৈলা অনেক বানৰ নিশাচৰ ॥৭৩

সুমিত্ৰাৰ সুত বীৰ ৰণ মাজে জানি ।

ধনুৰ্গুণ ছেদিলন্ত এক বান হানি ॥৭৪

আৱৰ গুণক পাছে মেঘনাদে দিল ।

সিয়ো গুণ শৰ হানি লক্ষ্মণে ছেদিল ॥৭৫

হৃদয়ত পাঞ্চ বান হানিলা তাহাৰে ।

ইন্দ্ৰজিত মূৰ্চ্ছা গৈলা দাৰুণ প্ৰহাৰে ॥৭৬

পাঞ্চ বাণ বাজ ভৈলা হৃদয়ক ফুলি ।

পৃথিবী বিদাৰি গৈলা পাতালক বুলি ॥৭৭

ৰুধিৰে লেপিত ৰাৱণিৰ সব অঙ্গ ।

সিন্দুৰৰ বৰ্ণ যেন পঞ্চম ভুজঙ্গ ॥৭৮

কতো বেলি ইন্দ্ৰজিতে চেতনক পাইল ।

শৰে হানি লক্ষ্মণক চতুৰ্দ্দিকে ছাইল ॥৭৯

নিসন্ধি কৰিয়া শৰ হানয় আথাকে ।

বানৰত পৰিয়া মৰয় জাকে জাকে ॥৮০

লক্ষ্মণক আবৰিয়া ঘোৰ নিশাচৰে ।

বিভীষণ বীৰক তাৰিলা দশ শৰে ॥৮১

ৰাৱণৰ কনিষ্ঠে কৰিলা প্ৰতিকাৰ ।

হৃদয়ত পাঞ্চ বাণ হানিলা তাহাৰ ॥৮২

ইন্দ্ৰজিতক যে ফুলি বান বাহিৰাইল ।

শৰৰ বিষত বীৰ ৰাৱণি খঙ্গাইল ॥৮৩

পাৱকৰ অস্ত্ৰক হানিলা তেতিক্ষণে ।

ৰুদ্ৰ অস্ত্ৰে নিবাৰিলা বীৰ বিভীষণে ॥৮৪

অদভূত সমৰ খোৰত ভাতিজাৰ ।

আকাশ পৃথিবী সৰে দেখি একাকাৰ ॥৮৫

একে যেবে হানন্ত আৱৰে সংহাৰন্ত ।

বৰদত্ত দুহান্তো জিনিতে নপাৰন্ত ॥৮৬

সহস্ৰ জলিয়া ভৈলা দুইৰো কলেৱৰ ।

প্ৰাণক টাঙ্কিয়া যুজে দুয়ো বীৰবৰ ॥৮৭

সমৰত পাছ ভৰি নকৰিলা কেৱে ।

বিস্ময়ক মিলিলা অসুৰ নাগ দেৱে ॥৮৮

হেন দেখি ৰাৱণিৰ শৰীৰে নসহে ।

যেহি অস্ত্ৰ দিলা তাক ময় মাতামহে ॥৮৯

মন্ত্ৰ পঢ়ি মহাবলে হানিলেক তাক ।

অস্ত্ৰৰ অগনি নিকলয় জাকে জাক ॥৯০

আকাশ ছানিয়া বেগে বাণ বাহিৰাইল ।

কুবেৰ দিবাৰ অস্ত্ৰ লক্ষ্মণে চড়াইল ॥৯১

মন্ত্ৰ পঢ়ি হানিলন্ত জ্বলিলা অগনি ।

দুই অস্ত্ৰে এক স্থান অন্তৰীক্ষে ছানি ॥৯২

দুই অস্ত্ৰ উথলিয়া গৈলা বামালয় ।

নিষ্প্ৰভ হুয়া আকাশতে গৈলা ক্ষয় ॥৯৩

খণ্ড খণ্ড হুয়া অস্ত্ৰ ধৰণীক পাইল ।

দুয়ো বীৰে মহালাজে মাথা ছপৰাইল ॥৯৪

লক্ষ্মণে হানিয়া বাণ কৰয় আস্ফোট ।

সাৰথিৰ তাহাৰ কাটিল মাথা গোট ॥৯৫

নিয়মন্তা নাহিকে ৰথৰ চাৰি ঘোড় ।

ৰথ খান ফুৰয় পৱন সম জোৰ ॥৯৬

ইন্দ্ৰজিত ফুৰয় ৰণৰ চাৰি পাশ ।

দেখিয়া বানৰ বলে তুলিলন্ত হাস ॥৯৭

কিছু কিছু কৰিয়া বানৰে পাৰে উকি ।

মাৰ্গ দৰশিয়া কতো পাৰয় ভাবুকি ॥৯৮

ৰামসেনা হাসন্ত খেখট কৰি দান্ত ।

চাৰি ঘোড়া ফুৰে ৰাৱণিক দেখিলন্ত ॥৯৯

পৰিহাস ভঙ্গিভাৱে নাদয় ভালুক ।

আকৰ্ণ শবদে মিলি গৈলা হুক হুক ॥১০০

চাৰি ঘোড়া ফুৰয় ৰণৰ চাৰি পালি ।

ইন্দ্ৰজিতে লক্ষ্মণক পাৰিলন্ত গালি ॥১০১

অৰে সুমিত্ৰাৰ সুত খাণিতেক সহ ।

সাৰথিক মাৰিলে ইহাত মহ মহ ॥১০২

এতমান ৰাজপুত্ৰ হেনসে মহত ।

নীচৰ হাতত মোক হসুৱাস কত ॥১০৩

ৰামৰ কনিষ্ট বীৰ তইসে লক্ষ্মণ ।

অতি অল্পমতি তই লঘুতৰ জন ॥১০৪

সাত্বিক নহস তই হৱস নিলাজ ।

মাৰিছো অনেক বাৰ তোক ৰণমাজ ॥১০৫

দুয়ো ভায়েৰৰ মাথা নকাটিলো ঘিণে ।

সি সব বচন কিয় নপৰয় মনে ॥১০৬

মহা বীৰ যিটো হৱে তাৰো ভঙ্গ হয় ।

হাৰিয়া জিনয় কতো জিনিয়া হাৰয় ॥১০৭

তিনিয়ো লোকক ৰণে জিনিলন্ত বলি ।

নাৰায়ণে তাহাকো পাতালে থৈলা ছলি ॥১০৮

মায়া যুজে যুজিলি লক্ষ্মণে বোলে আগে ।

সি কথা কহন্তে তোৰ বৈলখনলাগে ॥১০৯

নিৰ্গত প্ৰাণীৰ নাহি কৈত ভাত কঠ ।

ন্যায় যুজে যুজি বেটা পাছে মোক হেঠ ॥১১০

আজি যেৱে জীৱস নিন্দিবি পাছে মোক ।

লক্ষ্মণৰ হাতত দেখিবি যমলোক ॥১১১

ইটো চক্ষে আৰ নেদেখিবি মাৱ বাপ ।

লক্ষ্মণ বীৰৰ আজি বুজিবি প্ৰতাপ ॥১১২

নীচৰ যে পৰাভৱ এৰাইলো আপনে ।

তিনিয়ো ভুবনে তোক ৰাখিবেক কোনে ॥১১৩

দেৱতাক যত দুঃখ দিয়াছ দুন্দুৰ ।

মোৰ হাতে সকল ভাবনা হৈব চূৰ ॥১১৪

লক্ষ্মণৰ বোলে কোপ জ্বলিলা মনত ।

অগনি লাগিলা যেন শুকান বনত ॥১১৫

অসুৰৰ অস্ত্ৰক ৰাৱণি তুলি লৈল ।

মন্ত্ৰ পঢ়ি আনিয়া ধনুৰ গুণে থৈল ॥১১৬

আকৰ্ণ পূৰিয়া তাক হানিলন্ত বলে ।

অস্ত্ৰৰ মুখৰ জাকে অগনি নিকলে ॥১১৭

ত্ৰৈলোক্যত চমৎকাৰ ভৈলা ভয় ভীত ।

লক্ষ্মণে নপাৰে জানোঁ আপন ৰাখিত ॥১১৮

লক্ষ্মণেয়ো শিৱ মন্ত্ৰ পঢ়িয়া মনত ।

মহেশৰ অস্ত্ৰ আনি চড়াইলা গুণত ॥১১৯

বল দিয়া হানিলা আকাশে চলি যাই ।

ৰাৱণিৰ অস্ত্ৰ সব খেদি খেদি খাই ॥১২০

ৰাৱণিৰ অস্ত্ৰ যত সৱে ভৈলা ক্ষয় ।

ইন্দ্ৰ বৰুণৰ অস্ত্ৰ ৰণত হানয় ॥১২১

সুমিত্ৰাৰ তনয় সকল গুণ জানি ।

সংহৰিলা অস্ত্ৰ আপনাৰ বলে হানি ॥১২২

যত যত শৰ মানে হানিলা অপাৰ ।

দশৰথ সুতে তাক কৰিলা সংহাৰ ॥১২৩

হাতাশ নহৈয়া বীৰ ৰাৱণি গুণয় ।

ৰামৰ কনিষ্ঠ বীৰ ত্ৰৈলোক্য অজয় ॥১২৪

যত যত অস্ত্ৰ মোৰ সবে সংহৰিল ।

জানিলোঁ ইহাৰ হাতে মৰণ মিলিল ॥১২৫

দেৱ মুনিগণ আৰো গন্ধৰ্ব্ব চাৰণে ।

মন্ত্ৰ পঢ়ে অসংখ্যাত জিনন্তো লক্ষ্মণে ॥১২৬

অব্যাহতে পাৱন্তো ৰামৰ সন্নিহিত ।

ত্ৰৈলোক্যৰ শত্ৰু মৰি যাউক ইন্দ্ৰজিত ॥১২৭

জগতৰ মাৱে ৰাখন্তোক ৰণচণ্ডী ।

স্বৰ্গ মৰ্ত্ত্য পাতালে দুৰ্গতি যাউক খণ্ডি ॥১২৮

এহি বীৰ পৰিলেক সবাৰো সুস্থ হয় ।

সকালে মাৰন্তো আৰু সুমিত্ৰা তনয় ॥১২৯

দুয়ো বীৰ সমৰত উচ্চক নযান্ত ।

দিব্য অস্ত্ৰ হানি সব দিক পূৰিলন্ত ॥১৩০

দশ দিশ তমোময় ভৈলা অন্ধকাৰ ।

দিনত আন্ধাৰ নেদেখিয়া আউৰে আৰ ॥১৩১

অসংখ্যাত শৰ হানি গুছাইলন্ত তম ।

দুয়ো বীৰ যুজে মেৰু মন্দৰৰ সম ॥১৩২

পাছ ভৰি নকৰে অজয় দুয়ো বীৰ ।

শৰ ঘাৱে জৰ্জ্জৰিত দুইহানো শৰীৰ ॥১৩৩

পাঞ্চ দিন পাঞ্চ ৰাতি ভৈল ঘোৰ ৰণ ।

আকাশত হৰিষে নাচন্ত দেৱগণ ॥১৩৪

সাধু সাধু মহাবীৰ ত্ৰৈলোক্য মুনিষ ।

দেৱগণে প্ৰশংসা কৰন্ত আসৰিস ॥১৩৫

কুশৰ কণ্টক দিতে থাই নাই গাৱৰ ।

সিন্দুৰৰ বৰ্ণ যেন দেখি একাকাৰ ॥১৩৬

অস্থি চৰ্ম্ম মাংসক ভেদিলা শৰ জাকে ।

তথাপিতো দুয়ো বীৰে বিমুখে নথাকে ॥১৩৭

দুয়ো ভিতি সেনা ঘোৰ যুদ্ধক আকলি ।

নিশ্চলে থাকিলা যেন চিত্ৰৰ পুতলি ॥১৩৮

দুইহানো শৰীৰ অতি দেখি অসদৃষ্ট ।

ৰাৱণৰ পুত্ৰ দশৰথৰ কনিষ্ঠ ॥১৩৯

এত হন্তে লক্ষ্মণেয়ো অস্ত্ৰ গুণি পাইল ।

যিটো শৰে দেৱৰাজে অসুৰ ভঙ্গাইল ॥১৪০

নমস্কাৰ কৰি আনি যুৰিলা গুণত ।

ৰামৰ চৰণ দুই সুমৰি মনত ॥১৪১

তক্ষক সৰ্পৰ সম সদৃশ বিশাল ।

নিশাচৰ অসুৰ বংশৰ ক্ষয় কাল ॥১৪২

সুবৰ্ণ মাণিক দিব্য ৰচিত ৰতনে ।

বিশ্বকৰ্ম্মে নিৰ্ম্মিলন্ত অনেক যতনে ॥১৪৩

দ্বাদশ আদিত্য আনি লেখিয়াছে তাত ।

সূৰ্য্য মুখ নামে শৰ জগত প্ৰখ্যাত ॥১৪৪

ইন্দ্ৰ আদি কৰিয়া যতেক দেৱগণ ।

লক্ষ্মণক দিলা ইন্দ্ৰজিত বধ মন ॥১৪৫

আকৰ্ণ পূৰিয়া ধনু আজুৰিয়া আনি ।

দৃঢ়তৰ লক্ষ্মণে বুলিলা হেন বাণী ॥১৪৬

ৰামদেৱ হন্ত যেবে ধৰ্ম্মত প্ৰধান ।

দেব দ্বিজ গুৰু ছাৰি নজান্ত আন ॥১৪৭

ভকত বৎসল সদকৰ্ম্মে সদা ৰত ।

ভকতি কৰন্ত সদা হৰি শঙ্কৰত ॥১৪৮

তাহান কিঙ্কৰ মই ৰামে মোৰ নাথ ।

এহি শৰে ৰাৱণিৰ সংহৰোক মাথ ॥১৪৯

ৰুদ্ৰ মন্ত্ৰ আনি তাতে জপিলা সকলে ।

টঙ্কাৰে হানিলা আকাশক ছানি চলে ॥১৫০

চলি যাই অস্ত্ৰে মাৰুতৰ পছ ভেদি ।

গৰুড়ে যাহন্ত বেগে যেন সৰ্প খেদি ॥১৫১

গ্ৰীৱত পৰিলা যাই বীৰ ৰাৱণিৰ ।

কিৰীটি সহিতে তাৰ ছেদিলন্ত শিৰ ॥১৫২

কুণ্ডল যুগল চন্দ্ৰ সম জৌতি কৰে ।

কতো দূৰে পেলাইলন্ত লক্ষ্মণৰ শৰে ॥১৫৩

বানৰ ভালুকে দেখি ডেৱা ডেই পাৰে ।

ৰাক্ষস বলক সবে খেদি খেদি মাৰে ॥১৫৪

ৰাৱণিৰ সেনাগণ বিভঙ্গে পলাইল ।

কতো সাগৰৰ জলে পশিয়া লুকাইল ॥১৫৫

ভালুক সেনায়ে কতো খেদি খেদি খাইল ।

গহ্বৰে পশিল কতো বানৰে ভঙ্গাইল ॥১৫৬

দিশাদিশি গৈল কতো বনত পশিল ।

লঙ্কাত পশিল কতো সমৰে পৰিল ॥১৫৭

ইন্দ্ৰ আদি কৰিয়া সকল দেৱগণ ।

সুৰ মুনি প্ৰশংসন্ত সাধু লখমন ॥১৫৮

চিৰ কালে এৰাইলোহোঁ ৰাক্ষসৰ ভয় ।

বাদ্য ভণ্ড শবদ মিলিলা জয় জয় ॥১৫৯

নৃত্য গীত কৌতূহলে মণ্ডিলা আকাশ ।

সুগন্ধি শীতল জল বহে নদ নদী ॥১৬০

নিৰ্ম্মল শীতল জল বহে নদ নদী ।

শুভ শুভ জয় জয় তিনি লোক ভেদি ॥১৬১

বানৰ ভালুকগণ নাচে সাৰি সাৰি ।

উৰ্দ্ধক তুলিয়া হাত কতো উকি পাৰি ॥১৬২

কিছু কিছু হুক হুকি শবদ তুম্বুলে ।

পৃথিবীত মাথা দিয়া ফুৰাৱে লাঙ্গুলে ॥১৬৩

কতো কতো ভুকু মাৰি দিৱয় লৱৰ ।

আন ছলে মাৰ্গ লোণ্ডি বৈসাৱে চৱৰ ॥১৬৪

ঘোৰা কাটি মাৰে কতো আন ভিতি চাই ।

আউৰ আউৰে পৰিহাস মাৰেকলি যাই ॥১৬৫

গলাগলি কৰি বোলে আমি ভাগে জালো ।

লক্ষ্মণ গোসাঁইৰ কাৰ্য্যে কল্যাণ মিলিলো ॥১৬৬

যাহাৰ প্ৰসাদে এৰাইলোহোঁ সবে দুঃখ ।

ইন্দ্ৰজিত পৰিল দেখিবো বন্ধুমুখ ॥১৬৭

বোলন্ত কন্দলী ৰাম চৰণেসে গতি ।

বোলা ৰাম ৰাম পাপ যাউক অধোগতি ॥১৬৮


৩৬ অধ্যায় ।
ছবি ।

ইন্দ্ৰজিত বীৰ বৈৰী,      সমৰে নিষেধ কৰি,

হৰিষক পাইলা লখমন ।

হনুমন্ত জাম্বৱন্ত,      আদি কৰি কপিগণ,

সবাৰো হৰিষ ভৈলা মন ॥১

লক্ষ্মণৰ শিৰে দেৱে,      পুষ্প বৃষ্টি কৰিলন্ত,

আকাশী গঙ্গাৰ বহে জল ।

দেৱৰ সমাজে নানা,      উৎসৱ মিলিলা সবে,

বাসৱে কৰন্ত কৌতূহল ॥২

বিভীষণ আদি কৰি,      ভালুক বানৰ সবে,

লক্ষ্মণক প্ৰশংসা কৰিল ।

সাৰ্থক তুমিসে বীৰ,      ইন্দ্ৰকজিনিলা যিটো,

তাক মাৰি যমঘৰে নিল ॥৩

বিজয় দুন্দুভি বাই,      পৰম হৰিষ মনে,

শ্ৰীৰামৰ পাশক চলিলা ।

পৰম হৰিষ মন,      উৰুলী জঙ্কাৰ ঘন,

শুনি ৰামে আনন্দ লভিলা ॥৪

ৰাঘৱৰ অনুগতে,      পৰম সাদৰ ভাৱে,

প্ৰণামিলে পাছে জানু শিৰে ।

বাৰ্ত্তাক পুছিলা ৰামে,      নকহিলা লখমনে,

কহিলন্ত বিভীষণ বীৰে ॥৫

যিটো বাসৱক জিনি,      যশ পাইলা ত্ৰিভুবনে,

যাৰ থৈলা ইন্দ্ৰজিত নাম ।

হাৰিলন্ত দেৱগণ,      কৰিয়া দুৰ্ঘোৰ ৰণ,

যাক নাহি সমৰে উপাম ॥৬

হেন বীৰ অদভূত,      ৰাৱণাৰ শ্ৰেষ্ঠ সুত,

মৰি গৈলা সিটো যম থানে ।

তাহাৰ ছেদিলা শিৰ,      লখমন মহাবীৰ,

তীক্ষ্ণত্তৰ মহা দিব্য বাণে ॥৭

এতেক শুনিয়া ৰামে,      হৰিষ লভিলা মনে,

অতিশয় উৎসৱক পাইল ।

লক্ষ্মণক কোলে ধৰি,      মাথাত চুম্বন কৰি,

নানাবিধ আনন্দ বৰ্ষিল ॥৮

ৰামদেৱে প্ৰশংসিল,      সাফল সাফল বীৰ,

উদ্ধাৰিলা হৃদয়ৰ শাল ।

হত ভৈলা ইন্দ্ৰজিত,      আনক নাহিকে ভীত,

ৰাৱণক বধিবো সকাল ॥৯

পাঞ্চ দিন পাঞ্চ ৰাতি,      নিৰন্তৰে যুদ্ধ কৰি,

বধিলাহা বীৰ ইন্দ্ৰজিত ।

কীৰ্ত্তি থৈলা মহীতলে,      যাবে চন্দ্ৰ দিবাকৰে,

আজিসে আনন্দ ভৈল চিত্ত ॥১০

ৰাঘৱে আনন্দ পাই,      মনে মহা ৰঙ্গ হুয়া,

বোলন্ত মৰিল লঙ্কেশ্বৰ ।

এবেসে জানিলোঁ মই,      সীতা দৰশন হুইবো,

ৰাৱণ যাইবেক যমঘৰ ॥১১

তুষ্ট হুইবে ত্ৰিদশৰ,      লঙ্কেশ্বৰ পাপত্তৰ,

অধৰ্ম্মে নাশিব নিশাচৰে ।

আবে দেৱ ঋষিগণে,      হৰিষ হৈবন্ত মনে,

তুষ্ট হুইব দেৱ পুৰন্দৰে ॥১২

বিভীষণ নিমিত্তত,      ৰাৱণি ভৈলেক হত,

মৰিয়া গৈলেক যমঘৰ ।

হনুমন্ত জাম্বৱন্ত,      আদি কৰি কপিগণ,

সুহৃদ আছিলা জন্মান্তৰ ॥১৩

এহি বুলি পুনৰপি,      আলিঙ্গি চুম্বন কৰি,

লক্ষ্মণক দেৱতা শ্ৰীৰাম ।

ৰামসেনা যত আছে,      সবহি হৰিষ পাছে,

উৎসৱ লভিলা অনুপাম ॥১৪

ৰামৰ চৰিত্ৰ চয়,      সাক্ষ্যাতে অমৃতময়,

সাৱধানে শুনা সৰ্ব্বজন ।

আয়ুক্ষণে ক্ষণে যাই.      বিলম্বক নুযুৱাই,

ঝাণ্টে লৈয়ো ৰামত শৰণ ॥১৫

দুৰ্ঘোৰ সংসাৰ তেবে,      মহা সুখে তৰিবাহা,

মুখত নেৰিবা হৰি নাম ।

মাধৱ কন্দলী ভণে,      হৰিক ধৰিয়ো মনে,

বোলা নিৰন্তৰে ৰাম ৰাম ॥১৬