বাল্মীকিৰ আশ্ৰমত লৱ-কুশৰ জন্ম
ৰামায়ণ বৃত্তান্ত |
---|
|
- ২ অধ্যায়
বাল্মীকিৰ আশ্ৰমত লৱ - কুশৰ জন্ম ।
কৰন্ত সন্তাপ সতী আতি দীৰ্ঘ ৰাৱে ।
শিষ্য সমে বাল্মীকি মিলিল সেহি ঠাৱে ॥১
সীতাৰ অৱস্থা দেখি ভৈলা সলোতক ।
কাৰ্য্য লখি মনে গৰিহিলা ৰাঘৱক ॥২
ৰামত ফুৰিল আসি পৰম কুমতি ।
হৰি হৰি মহাশান্তী হেনসে বিপত্তি ॥৩
অনেক আশ্বাস আসি বুলি শিষ্য সমে ।
জানকীক নিলা ঋষি আপোন আশ্ৰমে ॥৪
অনুক্ষণে দহে দেহা ৰামৰ বিৰোধে ।
বাল্মীকি পুষিলা পাছে তাঙ্ক জীউ বোধে ॥৫
ফল মূল আহাৰে জীৱন্ত জগমাৱ ।
ভূমিত শয়ন ধূলি ধূসৰ স্বভাৱ ॥৬
মলিন বসন সীতা তাপসীৰ বেশ ।
খপিলন্ত সিটো বনবাস মহাক্লেশ ॥৭
লোতকে পাঞ্জৰি ভিজে নুগুছে সন্তাপ ।
বাল্মীকিক দেখন্ত জনক যেন বাপ ॥৮
কৰন্ত সঘনে দেবী দীৰ্ঘ যে নিশ্বাস ।
অনুদিলে ভৈলা আনি গৰ্ভ দশমাস ॥৯
ঋষি ভাৰ্য্যা সকলে আবৰি তাঙ্ক আছে ।
উপজিলা যৱঞ্জাঁ কুমাৰ দুই পাছে ॥১০
দেৱ দিব্যমান দুয়ো শিশু সুকুমাৰ ।
ৰামৰ সমান দুয়ো নাসিকা আকাৰ ॥১১
তেহ্নয় আয়ত নেত্ৰ তনু চাৰু শ্যাম ।
জ্যেষ্ঠ ভৈলা কুশ কনিষ্ঠ লৱ নাম ॥১২
বাঢ়ন্ত কুমাৰ দুই তপোবন মাজ ।
যত জাতকৰ্ম্ম কৰাইলন্ত ঋষিৰাজ ॥১৩
পঢ়াইলন্ত নিৰন্তৰে ৰাজনীতি তথা ।
শিখাইলন্ত সাতোকাণ্ড ৰামায়ণ কথা ॥১৪
জানিলন্ত সবে অস্ত্ৰ শাস্ত্ৰ যেন নয় ।
ভৈলন্ত প্ৰবোধ দুয়ো সীতাৰ তনয় ॥১৫
ৰামৰ চৰিত্ৰ দুয়ো ভায়ে গাৱে গীত ।
কোকিলৰ কণ্ঠ সম শুনি সুললিত ॥১৬
যন্ত্ৰসব বাৱে বিপৰীত তাৰ নাদ ।
শুনিয়া বাল্মীকি দেন্ত দুইকো আশীৰ্ব্বাদ ॥১৭
হোৱা চিৰঞ্জীৱ লৱ কুশ দুয়ো ভাই ।
দেশে দেশে ৰামৰ চৰিত্ৰ ফুৰাঁ গায় ॥১৮
নগৰ গ্ৰামত সমস্তৰে ৰঞ্জি চিত ।
ৰামৰ সভাত পশি দুয়ো গাইবা গীত ॥১৯
শুনিয়া সন্তুষ্ট হইব ৰাঘৱৰ মন ।
দুই হান্তকো সন্তোষে দিবন্ত বহুধন ॥২০
নলৈবা কিঞ্চিতো ধন মোহোৰ বচনে ।
ৰামৰ চৰিত্ৰ মা্ত্ৰ গাইবা একমনে ॥২১
বাল্মীকিৰ আজ্ঞা দুয়ো শিৰোগত কৰি ।
দেশে দেশে গান্ত গীত হাতে তাল ধৰি ॥২২
অমৃত মধুৰ শুনি কোকিলৰ স্বৰ ।
শুনি আনন্দিত চিত্ত সমস্তে লোকৰ ॥২৩
ৰামৰ চৰিত্ৰ শুনি যেন লাগে ধ্যান ।
নাই ক্ষুধা তৃষ্ণা সবে এৰে অন্নপান ॥২৪
দুই হান্তৰো ৰূপে গুণে গীতে আতিভুলি ।
বেঢ়িয়া প্ৰশংসে প্ৰজা ধন্য ধন্য বুলি ॥২৫
নলৱন্ত একো যেই যিবা দেই দান ।
ফল মূল ভোজন বাকলি পৰিধান ॥২৬
লৱৰ কুশৰ কথা এহিমানে থওঁ ।
ৰামৰ তথাত যেন কাৰ্য্য তাক কওঁ ॥২৭
যেহি দিনা দিলা ৰামে নিৰ্ব্বাস সীতাক ।
নাই অন্নপান প্ৰভু ভৈলন্ত অবাক ॥২৮
কান্দন্তে কান্দন্তে ভৈলা নয়ন তবধ ।
কৰিলোঁ পাতকী গৰ্ভবতী স্ত্ৰী বধ ॥২৯
তেজিলোঁ পাতকী মই নিদাৰুণ মনে ।
সিকি সুকুমলী বালা জীৱে আজি বনে ॥৩০
সিংহে বাঘে ভুঞ্জিবে নিৰ্জ্জনে আজি পায় ।
স্বহাতে বধিলোঁ আজি সীতাক পঠাই ॥৩১
এহি বুলি ৰামচন্দ্ৰে কৰন্ত বিলাপ ।
ভৰত লক্ষ্মণ শত্ৰুঘনৰ সন্তাপ ॥৩২
সীতা বিনে ৰামৰ নুগুচে হৃদি খেদ ।
নিদ্ৰা নাসে নিশাত লোতক নাহি ছেদ ॥৩৩
তেজন্ত নিশ্বাস সীতা বিনে অহৰ্নিশ ।
এহিমতে কতিপয় বঞ্চিলা বৰিষ ॥৩৪
ইটো কথা থাকোক সম্প্ৰতি এহিমতে ।
শুনা ৰামে অশ্বমেধ যজিলা যিমতে ॥৩৫