হনুমন্তৰ পৰিচয়
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৩ অধ্যায়
- হনুমন্তৰ পৰিচয় ।
জাম্বয়ে বোলন্ত ওৰা জ্ঞাতিক আকলা ।
দেৱ অপেশ্বৰা আছিলন্ত কুন্তীকলা ॥১
তেহে আদি শাপে আসি ভৈলন্ত বানৰী ।
কুঞ্জৰ ৰাজাৰ জীক বিহালা কশৰী ॥২
মানুষৰ ৰূপ ধৰি ৰূপে মনোহৰে ।
সখীসমে শিৰ স্নান কৰিলা সাগৰে ॥৩
ননান বিনোদ থান মনয় শিখৰে ।
ৰূপ দেখি বায়ুক পীড়িল কামশৰে ॥৪
আলিঙ্গিয়া সুন্দৰীক ধৰিলন্ত কোলে ।
মনোময় মাৰুত আছিলা কাম ভোলে ॥৫
অঞ্জনা বোলন্ত শান্তি পুণ্য ভৈল ছন ।
যাবে নাহি শপোঁ দৰশিয়ো কোন জন ॥৬
কৰযোৰে মাৰুত আগত ভৈল থিৱ ।
শঙ্কা পৰিহৰাঁ আমি জগতৰ জীৱ ॥৭
আমাৰ সঙ্গমে অধৰ্ম্মক নাহি ডৰ ।
পুত্ৰেক হৈবেক গৰুড়ৰ সমসৰ ॥৮
বীৰ গণিতাতো গণিবেক সাতো আগে ।
গৰুড়ৰ মোহোৰ সদৃশ হৈব বেগে ॥৯
অদভুত বেগৱন্ত হৈব মহাবলী ।
পৰ্ব্বতক উপাৰিয়া হানিবেক দলি ॥১০
এহি বুলি বায়ু পাছে ভৈলা অন্তৰ্ধান ।
অঞ্জনাৰ গৰ্ভত বাঢ়িল হনুমান ॥১১
কেশৰীৰ ক্ষেত্ৰে সৰ্ব্বজনত বিদিত ।
উপজি দেখিলা বীৰে আদিত্য উদিত ॥১২
সিন্দুৰীয়া ফলগুটা ভক্ষিবাক ভালা ।
এহি বুলি আদিত্যক আনিবাক ধাইলা ॥১৩
অনেক যোজন পথ গগনে চড়িলা ।
প্ৰচণ্ড কিৰণ লাগি শিখৰে পৰিলা ॥১৪
শিখৰে পৰিয়া ভাগি গৈল হনু বাম ।
সিকাৰণে ভৈল হনুমন্ত হেন নাম ॥১৫
সকলে বানৰে বুলিলেক স্তুতি বাক ।
ৰাখাঁ বায়ু তনয় জ্ঞাতিৰ কাণ নাক ॥১৬
স্তুতি কৰিলেক যেবে বানৰ ভালুকে ।
দশ গুণ তেজ সহস্ৰেক গুণ বুকে ॥১৭
বাঢ়িতে লাগিলা হনুমন্ত বীৰবৰ ।
পূৰ্ণিমা দিৱসে যেন সম্পূৰ্ণ সাগৰ ॥১৮
অসম্ভাব্য হাত পাৱ সমুদ্ৰৰ কুলে ।
আকাশৰ মেঘ খণ্ড খণ্ড যে লাঙ্গুলে ॥১৯
খল খলি হাসিলন্ত হৰিষ প্ৰচুৰ ।
এক এক হাসিত তবধ দেৱাসুৰ ॥২০
বৃদ্ধ পাত্ৰগণক গৈ প্ৰণামি আদৰি ।
শঙ্কা পৰিহৰাঁ যাইবোঁ লঙ্কা যে নগৰী ॥২১
শুনিয়োক সবে মোৰ বাপ যেন বীৰ ।
প্ৰসিদ্ধ কাহিনী কহোঁ বীৰ কেশৰীৰ ॥২২
গন্ধ মাদন হন্তে ডেৱ কৰিলন্ত ।
গোকৰ্ণ গিৰিৰ শিখৰত পৰিলন্ত ॥২৩
আছয় প্ৰভাস তীৰ্থ দক্ষিণ সাগৰে ।
তাতে ঋষি সবে স্নান কৰে নিৰন্তৰে ॥২৪
শঙ্খ ধৱল নামে দিগ্গজেক আইল ।
অনেক ঋষিক তৈতে মাৰিয়া পেলাইল ॥২৫
এক দিনা ভৰদ্বাজ স্নানিবাক যান্ত ।
হস্তী খেদি আনে তাক বাপে দেখিলন্ত ॥২৬
ডেৱ দিয়া পিঠিত পৰিলা কপিৰাজ ।
নখে ফুলি দুই চক্ষু কৰিলন্ত বাজ ॥২৭
তাহাৰ দশন দুই লৈলন্ত উপাৰি ।
কুম্ভস্থলে বসাইলন্ত দশনৰ বাৰি ॥২৮
পৰিল দিগ্গজ গোট কেশৰীৰ হাতে ।
ভৰদ্বাজ ঋষিক ৰাখিলা অব্যাহতে ॥২৯
সবে ঋষি মিলিয়া বাপক দিলা বৰ ।
পুত্ৰেক হৈবেক গৰুড়ৰ সমসৰ ॥৩০
বীৰগণিতাত গণিবেক সাতো আগে ।
গৰুড়ৰ বায়ুৰ সদৃশ হৈব বেগে ॥৩১
জাম্বৱন্তে মোহোৰ কহিলা জন্মকথা ।
কৌটি যোজনাকো যাইবোঁ নাই অন্য যথা ॥৩২
উদয় গিৰিৰ হন্তে সূৰ্য্য সমে যাইবোঁ ।
গোসাইক জিনিয়া বেগে অস্তগিৰি পাইবোঁ ॥৩৩
মোহোৰ ডেৱত বসুমতী যাইবে তল ।
পৰ্ব্বতে চড়িয়ো গৈয়া গিয়াতি সকল ॥৩৪
এতেক বচন যেবে শুনিল বানৰে ।
তেখনে চড়িল গৈয়া পৰ্ব্বত শিখৰে ॥৩৫
শিখৰে চড়িল গৈয়া বীৰ হনুমান ।
গিৰি টলবল কৰে নসহে সন্ধান ॥৩৬
সিংহে যেন কৰে মৃগ চিপিল সকল ।
পাতালৰ হন্তে আসি নিকলিল জল ॥৩৭
অমৃততোহধিক ইটো কথা ৰামায়ণ ।
বোলাঁ ৰাম ৰাম সবে সভাসদ জন ॥৩৮
- ৪ অধ্যায়
- ঝুমুৰি ।
আশীৰ্ব্বাদ কৰিয়োক ।
ৰামসনে ধৰিয়োক ॥১
দুৰ্গতিত তৰিয়োক ।
অচিন্তাত থাকিয়োক ॥২
অন্তৰীক্ষ গমনে ।
যেন ঝাণ্টে পৱনে ॥৩
সীতাক কৌতুক মনে ।
পাইবোঁ মই দৰিশনে ॥৪
অঙ্গদত যত ভয় ।
শুনা জ্ঞাতি সমস্তয় ॥৫
এৰিয়ো সংশয় চয় ।
কৰিয়োক সবে জয় জয় ॥৬