ৰাম-লক্ষণৰ হাতত কুম্ভকৰ্ণৰ পতন
ৰামায়ণ বৃত্তান্ত |
---|
|
- ২০ অধ্যায় ।
- ৰাম - লক্ষ্মণৰ হাতত কুম্ভকৰ্ণৰ পতন ।
- দুলৰি ।
আস্ফোট কৰিয়া, কুম্ভকৰণৰ,
- হিয়াত মাৰিলা গোৰে ।
বোবকাৰ কৰি, দশন ফুৰায়া,
- চিণ্ডিলা নাক কামোৰে ॥১
দুই খান কাণ, উপাৰি লৈলন্ত,
- দুইহাতে নখ আৰোপি ।
শীঘ্ৰ বেগ ধৰি, আপন থানক,
- চলি গৈলা বীৰ কপি ॥২
দেৱগণ সাধু, প্ৰশংসা কৰন্ত,
- বানৰে কৰন্ত স্তুতি ।
শুনিয়া হৰিষ, বদন মিলিলা,
- প্ৰভাতৰ সূৰ্য্য জৌতি ॥৩
হাতৰ মুখৰ, নাক কাণ লৈয়া,
- সবাৰে আগত গৈল ।
শ্ৰীৰাম লক্ষ্মণ, বানৰ ভালুকে,
- হাসি উথলিয়া গৈলা ॥৪
কুম্ভকৰণৰ, নাকৰ কাণৰ,
- পীড়ায়ে চড়িলা বিষ ।
পালোটি আপোন, সৈন্যত পশিলা,
- কোপ কৰি আশৰিষ ॥৫
আপন নাকৰ, শোনিতৰ গন্ধে,
- বৰ মাতোৱাল ভৈলা ।
ৰাক্ষস বানৰ, ভালুক সৈন্যক,
- চাপি গিলিবাক লৈলা ॥৬
কৌটি অসংখ্যাত, ভালুক বানৰ,
- যত আঙ্কোৱালি পাৱে ।
পালত সদৃশ, মুখত ভৰায়া,
- পাগুলি দিয়া চোবাৱে ॥৭
নাকৰ কাণৰ, দুৱাৰে বজাই,
- তাৰো নাহি আদি অন্ত ।
প্ৰলয় কালত, সকলে জগত,
- যমে যেন সংহাৰন্ত ॥৮
আপন নাকৰ, শোণিতৰ গন্ধে,
- পীড়িলা সব শৰীৰ ।
আপন পৰক, একোৱে নচাৱে,
- কুম্ভকৰ্ণ মহাবীৰ ॥৯
পৰ্ব্বত যেহেন, চাপিয়া পিসয়,
- সকল বানৰ গণ ।
ত্ৰাসে যে তৰল, বানৰ সকল,
- ৰামত লৈলা শৰণ ॥১০
ৰাম লক্ষ্মণেয়ো, সকল সৈন্যক,
- আশ্বাস বচন বুলি ।
দোভায়ো গাৱত, সন্নাহ চড়ায়া,
- ধনু লৈলা কৰে তুলি ॥১১
অক্ষয় তূণক, শৰে পূৰি লৈলা,
- ধনুৰ গুণক মাজি ।
দুয়ো ভাই মিলি, ৰণক চলিলা,
- সব ছপকৰে সাজি ॥১২
ভালুক বানৰ, বৰ বৰ বীৰে,
- দোভাইক বেঢ়িয়া যান্ত ।
মেৰুৰ সদৃশ, গহন বীৰক,
- দুয়ো ভাই দেখিলন্ত ॥১৩
মহামত্ত হুইয়া, সৈন্যক ভুঞ্জয়,
- আপন পৰ নবাছে ।
সব ৰণভূমি, একলে পশিয়া,
- কন্দল কৰন্তে আছে ॥১৪
ৰাঘৱে বোলন্ত, অৰে কুম্ভকৰ্ণ,
- মোহোৰ বাক্য আকল ।
ক্ষুদ্ৰ যে পতঙ্গ, বলক মাৰিয়া,
- পাইবি তই কোন ফল ॥১৫
হেৰা দেখাঁ মোক, মাথা তুলি চাহা,
- আছো ধনুৰ্গুণ মাজি ।
সমৰ মাজত, তোহোক মাৰিয়া,
- যমক পঠাইবো আজি ॥১৬
তোৰ মৃত্যু মই, মিলিলোহোঁ আজি,
- শুনৰে ৰাক্ষস পাপ ।
ভালুক বানৰ, সৈন্যক নমাৰ,
- মোহোৰ সমীপ চাপ ॥১৭
শৰীৰত যত, বিপোহঁ আছয়,
- আমাত সবে দৰশ ।
মই পুনু তোৰ, কালান্ত অগনি,
- কৰন্ত পতঙ্গ যাস ॥১৮
মেঘৰ গম্ভীৰে, হাসিয়া বোলয়,
- ভাল ৰাম তই টালি ।
মই সিটো খৰ, দূষণ নুহিকে,
- ত্ৰিশিৰা কৱন্ধ বালী ॥১৯
বিৰাধ মাৰীচ, ৰাক্ষস মাৰিয়া,
- বাঢ়িলা তেজ তোমাৰ ।
কুম্ভকৰ্ণ বীৰ, আমাক জানাহা,
- ত্ৰৈলোক্যত চমৎকাৰ ॥২০
সূৰ্য্যৰ বংশৰ, তিলক ৰাঘৱ,
- বানৰ কুলৰ নাহা ।
মোহোৰ হাতত, ঘোৰ মুদ্গৰ,
- তুমি মাথা তুলি চাহা ॥২১
এহি অস্ত্ৰে মই, পুৰনি কালত,
- দেৱক জিনিলো ৰণে ।
অসুৰ দৈত্যক, অশেষ মাৰিয়া,
- পঠাইলো যম কৰণে ॥২২
মোহোৰ হাতত, পৰিলা আসিয়া,
- তোমাৰ মিলিলা কাল ।
মুদ্গৰ হানি, দুয়ো ভাইক মাৰি,
- কৰোঁ কপি মুন্দামাৰ ॥২৩
মোৰো নাক কাণ, নাহিকয় দেখি,
- হৰিষক বৰ পাইল ।
ইহাত মোহোৰ, পীড়া নাহিকয়,
- পিম্পৰায়ে যেন খাইল ॥২৪
তোমাৰ শৰক, আগে হানি এৰা,
- যতেক তূণত আছে ।
মোৰ মুদ্গৰ, প্ৰহাৰে মৰিলে,
- তুমি কি কৰিবা পাছে ॥২৫
মই নিদ্ৰা গৈয়া, আছিলো জানিয়া,
- তোমাৰ নাছিলে শঙ্কা ।
বন্ধু বান্ধৱক, সবাকে মাৰিয়া,
- ছন্ন কৰিলাহা লঙ্কা ॥২৬
গৰ্ব্ব বচনক, শুনিয়া দাৰুণ,
- জ্বলিলা কোপ ৰামৰ ।
কুম্ভকৰণৰ, শৰীৰে তাৰিল,
- অনেক সহস্ৰ শৰ ॥২৭
পৰ্ব্বতক যেন, পৰ্ব্বত হানিল,
- কটাক্ষ নাহিকে তাৰ ।
বিস্ময় স্বৰূপে, ৰাঘৱে গুণন্ত,
- কিনো হিয়া বজ্ৰসাৰ ॥২৮
যিটো শৰে সাত, তালক ছেদিলোঁ,
- পৰ্ব্বত ভেদি পাতাল ।
ফিৰি আসি পুনু, তূণত পশিলা,
- সাক্ষাততে যম কাল ॥২৯
দূষণ খৰক, ত্ৰিশিৰা কৱন্ধ,
- বালীৰ লৈলোঁ পৰাণ ।
কুম্ভকৰণৰ, শৰীৰে বিকল,
- ভৈগৈলা সি সব বাণ ॥৩০
- ২১ অধ্যায় ।
- পদ ।
মুদ্গৰ ফুৰাৱে গুৱালে যেন ডাঙ্গ ।
ৰাঘৱৰ শৰে তাৰ নুচুইলেক অঙ্গ ॥১
কতো শৰীৰত পৰি গোটে যাই তল ।
কুম্ভকৰ্ণ বীৰৰ বিপোহেঁ বাঢ়ে বল ॥২
মুদগৰ তুলি কুম্ভকৰ্ণে খেদি যাই ।
ৰামৰ পাশক লাগি বানৰ পলাই ॥৩
দেখি চমৎকাৰ ভৈলা ৰাম লক্ষ্মণৰ ।
ত্ৰৈলোক্য গ্ৰাসিতে পাৰে ঘোৰ নিশাচৰ ॥৪
দিব্য শৰ দুয়ো ভাই তাৰিলা বিস্তৰ ।
হিয়াত ফুটিলা বান কুম্ভকৰণৰ ॥৫
ক্ৰোধিয়া ৰাক্ষস শ্ৰীৰামক ধাইয়া যাই ।
নাকে কাণে মুখে তাৰ অগনি বজাই ॥৬
পৰ্ব্বত আকাৰ মাথা গগণ বিয়াপি ।
ৰাক্ষস বানৰ বল পিসি নেই ছাপি ॥৭
সৈন্যৰ উপৰে দুই হাত আছাৰয় ।
আপন পৰক শত সংখ্যাত মাৰয় ॥৮
লক্ষ্মণে বোলন্ত শুনা মোহোৰ বচন ।
ৰুধিৰে প্ৰমত্ত ইটো নপাৱে চেতন ॥৯
বৰ বৰ বীৰে আৰ শৰীৰে চড়াহা ।
দঙ্গা দঙ্গি কৰি আক ভূমিত পাৰাহা ॥১০
চেতন লভিলে আক কমনে যুজোক ।
পালটাইবে পাৰে ইটো সকলে ত্ৰৈলোক্য ॥১১
মতৱাল হুয়া আছে শোণিতৰ গন্ধে ।
হেলা নকৰিয়া আক যুজিয়ো প্ৰবন্ধে ॥১২
লক্ষ্মণৰ বচনে হাম্ফুলি সব সাজ ।
শৰীৰত চড়িলা সৰভ গয় গজ ॥১৩
বীৰ গন্ধমাৰ্দ্দন গৱাক্ষ জাম্বৱন্ত ।
নল নীল অঙ্গদ বানৰ অপৰ্য্যন্ত ॥১৪
সহস্ৰ সংখ্যাত কপিগণে ধৰি হেলি ।
লাঠি ভুকু মাৰিয়া আৱৰ পশে পেলি ॥১৫
আঞ্চোৰে কামৰে কতো কিল ভুকু মাৰে ।
চুলাড়ি কৰিয়া কতো কেশক উভাৰে ॥১৬
শৰীৰ কম্পায়া বীৰ আটাসেক দিলা ।
সকল বানৰ বল উফৰি পৰিলা ॥১৭
চেতন হৰিলা কতো পৰি মূৰ্চ্ছা গৈলা ।
শত সংখ্যা বানৰৰ প্ৰাণ ছাৰি গৈলা ॥১৮
হানিলন্ত লক্ষ্মণে আশেষ শৰ জাক ।
দিব্য অস্ত্ৰ সব হানি পীড়িলন্ত তাক ॥১৯
এক গোট শৰ বীৰে মনে গুণি পাইল ।
আকৰ্ণ পূৰিয়া তাক হানিয়া পঠাইল ॥২০
হিয়াত পৰিয়া পিঠি পাছে বাজ ভৈলা ।
শৰৰ প্ৰহাৰে কুম্ভকৰ্ণ কম্পি গৈলা ॥২১
আৰো অসংখ্যাত বীৰে হানিলন্ত শৰ ।
জৰ্জ্জৰীতকৃতে বিন্ধিলন্ত কলেৱৰ ॥২২
আকাশত দেৱে চাহি আছে এক চিতি ।
লক্ষ্মণৰ শৰে তাক ছাইলা চতুৰ্ভিতি ॥২৩
কুম্ভকৰ্ণ কুপিলা শৰৰ মহা ঘাই ।
মুদ্গৰ ফুৰাইয়া ৰামৰ পাশে যাই ॥২৪
শ্ৰীৰামে বোলন্ত কিনো মুনিষ আছয় ।
লক্ষ্মণৰ শৰক কটাক্ষ নকৰয় ॥২৫
বানৰ বলক সবে উপাৰি পেলাৱে ।
যমে যেন খেদি আসে মোক লাগি ধাৱে ॥২৬
বায়ব্য অস্ৰ্ৰক ৰামে গুণত চড়াইল ।
আকৰ্ণ পূৰিয়া তাক হানিয়া পঠাইল ॥২৭
মহাবেগে অস্ত্ৰ গৈয়া তাৰ লাগ পাইল ।
মুদ্গৰ সমে হাত কাটিয়া পেলাইল ॥২৮
পৰ্ব্বত শিখৰ যেন বাহু যে পৰিল ।
বানৰ ভালুক বল আশেষ মৰিল ॥২৯
আশেষ বলৰ ডৰে মুখে মাত নাই ।
দুই বীৰ যুজন্ত সমস্তে আছে চাই ॥৩০
বাহু ছেদ ভৈলা বীৰ চাহে আগে পাছ ।
বাম হাতে উপাৰি লৈলন্ত শাল গাছ ॥৩১
বৃক্ষ থিৱ কৰিয়া ৰামক ধাইয়া যাই ।
ৰাক্ষস বানৰ পৰে শৰীৰৰ বাই ॥৩২
ইন্দ্ৰ অস্ত্ৰ হানি ৰামে বুদ্ধি নঘাটিল ।
বৃক্ষ সমে তাৰ সিটো হাতক কাটিল ॥৩৩
নিৰ্ঘাত পৰিল যেন বিদূৰ বিয়াপি ।
ৰাক্ষস বানৰ বল দলিলেক ছাপি ॥৩৪
কুম্ভকৰ্ণ কুপিলা উচ্ছিত বৰ কায়া ।
আতি মহাবেগে শ্ৰীৰামক যাই ধাইয়া ॥৩৫
দুই অৰ্দ্ধচন্দ্ৰ ৰামে গুণত চড়াইলা ।
দুই খান পাৱ তাৰ কাটিয়া পেলাইলা ॥৩৬
চন্দ্ৰক গ্ৰাসিতে যেন ৰাহু মুখ বায়া ।
চৌৰাঙ্গি শৰীৰে ৰাঘৱক যাই ধায়া ॥৩৭
মুখ গোট দেখি যেন পাতাল বিবৰ ।
সব পৃথ্বী কাম্পয় নসহে পয়োভৰ ॥৩৮
চমৎকাৰে হাতে ৰামে ধনুক ধৰিল ।
অসংখ্যাত শৰে তাৰ মুখক ভৰিল ॥৩৯
কুম্ভকৰ্ণ নিশাচৰ হতাশন ভৈলা ।
নিৰৎসাহী হুয়া গলগলাইবাক লৈলা ॥৪০
মোহক লভিলা যেবে ঘোৰ নিশাচৰ ।
যমদণ্ড সম ৰামে ধৰিলন্ত শৰ ॥৪১
ইন্দ্ৰে দিয়া শৰ অস্ত্ৰ হানিলন্ত বলে ।
মন পৱনৰ বেগে সত্তৰে নিকলে ॥৪২
হিয়াত ভেদিলা বাণ কুম্ভকৰণৰ ।
পৃথিবীক ভেদি গৈলা পাতাল ভিতৰ ॥৪৩
বজ্ৰ হানি ইন্দ্ৰে যেন গিৰি ফুলিলান্ত ।
ঠাঁটকাৰ শবদে পূৰিলা গগণান্ত ॥৪৪
ৰামে আৰো বাণক মনত গুণি পাইল ।
দিব্য অস্ত্ৰ আৰোপিয়া গুণত চড়াইল ॥৪৫
বিধূম অগনি যেন আদিত্য প্ৰচণ্ড ।
জাজ্জ্বল্য সমান দেখি যেন যম দণ্ড ॥৪৬
আকৰ্ণ পূৰিয়া হানিলন্ত মহাবলী ।
সূৰ্য্যৰ কিলণ নিবাৰিয়া যাই চলি ॥৪৭
বাসবৰ বজ্ৰে যেন বৃত্ৰ অসুৰৰ ।
শিৰ ছেদ কৰিলন্ত কুম্ভকৰণৰ ॥৪৮
মাথা গোট পৰিয়া লঙ্কাৰ বহুদূৰ ।
গৃহ মঠ মণ্ডপ কৰিলা মসিমূৰ ॥৪৯
চূৰ্ণীকৃত কৰিলা প্ৰাঞ্চীৰ উপবন ।
স্ত্ৰী বাল্য বৃদ্ধক আশেষ কৈলা চূৰ্ণ ॥৫০
মেৰুৰ সদৃশ পৰি গৈলা কলেৱৰ ।
চূৰ্ণীকৃত ভৈলা পৰি দুই লক্ষ বানৰ ॥৫১
লঙ্কাত যে আশেষ তোৰণ খসি গৈলা ।
নিৰন্তৰ নৰে বৰ বিমূৰ্চ্ছিত ভৈলা ॥৫২
হত শেষ বলে বৰ হুতাশন হুয়া ।
আথে বেথে ৰাজাত যে জনাইলেক গৈয়া ॥৫৩
কুম্ভকৰ্ণ বধ শুনি ৰামৰ শৰত ।
মূৰ্চ্ছিত ৰাৱণ শৰীৰত নাহি তত ॥৫৪
আসনৰ খসিয়া পৰিলা তেতিক্ষণে ।
চেতনক হৰিলেক ত্ৰৈলোক্য ৰাৱণে ॥৫৫
বাপৰ পৰন দেখি আসনৰ হন্তে ।
চাৰি ভাই মিলি গৈলা কান্দন্তে কান্দন্তে ॥৫৬
দেৱান্তক নৰান্ত ত্ৰিশিৰা অতিকায় ।
হাকলে বিকলে কান্দে পোৰে সৰ্ব্বকায় ॥৫৭
হৰি হৰি খুড়াই তোমাৰ ভৈলা কাল ।
মানুষৰ শৰ ঘাৱ হেনসে বিষাল ॥৫৮
মহাপাঞ্চ মহোদৰ আদি বীৰ বৰ ।
কুটুম্ব স্বজনে বেঢ়ি কান্দিলা বিস্তৰ ॥৫৯
লঙ্কা নগৰীত যত ৰাক্ষসৰ কুল ।
অন্তেষ পুৰত ভৈলা শবদ তুমূল ॥৬০
কতো বেলি লঙ্কা নাথে শুৰুতিক পাই ।
মাথে ভুকু দিয়া কান্দে হা প্ৰাণ ভাই ॥৬১
তোৰ বাহু বলক কৰিলো মই আশ ।
শুৰুতি নধাৱে আবে ভৈলো নিৰৎসাহ ॥৬২
কৈক গৈলা মোক এৰি ভয়াই কনিষ্ঠ ।
একো একো কৰ্ম্ম কৰিলাহা অসদৃশ ॥৬৩
উপজিয়া অনেক সহস্ৰ ঋষি খাইলে ।
আমাৰ বংশৰ বৰ কীৰ্ত্তিক অনাইলে ॥৬৪
সকল দেৱক তই অকলে ভঙ্গাইলে ।
নাগলোক জিনিয়া যশক বৰ পাইলে ॥৬৫