সীতাক আনিবলৈ হনুমন্তক প্ৰেৰণ
ৰামায়ণ বৃত্তান্ত |
---|
|
- ১৭ অধ্যায়
- পদ ।
সীতাক আনিবলৈ হনুমন্তক প্ৰেৰণ ।
মিলিল তোমাতে আসি সীতাৰ বৈৰাগ ।
জানকীক নপাইবা আপুনি গৈলে লাগ ॥১
মহন্ত বাছিয়া পঠায়োক আন লোক ।
কৰি আতি কাকুতি সীতাক আনন্তোক ॥২
বশিষ্ঠৰ বোল ৰাম বসিলা উলটি ।
সীতাৰ নিমিত্তে যেন যাই প্ৰাণ ফুটি ॥৩
শত্ৰুঘন বিভীষণ সুষেণ মাৰুতি ।
চাৰিকো পাঞ্চিলা ৰাম কৰিয়া কাকুতি ॥৪
চলিয়ো চাৰিয়ো বীৰ বাল্মীকিৰ ঠাৱ ।
মোৰ পদে ঋষিৰ ধৰিবা দুই পাৱ ॥৫
ভৈলো আমি জমাই সীতা তানে ভৈল জীউ ।
আনন্তোক প্ৰবোধি দেন্তোক দান জীউ ॥৬
নুহিবা দেন্তোক মোক আশ্ৰমতে ঠাই ।
সীতাৰ লগতে থাকোঁ ফল মূল খাই ॥৭
ধৰিবে নোয়াৰো বুক ফুটে মোৰ প্ৰাণ ।
সীতাক দেখিলে দুনাই দেন্ত জীৱ দান ॥৮
মইতো জানো জানকীক চুইলে পাপ হৰে ।
তথাপি দুৰ্জ্জনে অপযশ কৰি মৰে ॥৯
লোক অপবাদক আমাৰ বৰ চিন্তা ।
পৰীক্ষা কৰিয়া দুনাই সম্বৰিবো সীতা ॥১০
জানকীক বুলিবা এৰোক অসন্তোষ ।
আবে বাৰেকৰ মোৰ মৰশোক দোষ ॥১১
কোনে পাৰে বিধি লিখিতাক এৰাইবাক ।
কৰিবা কাৰ্পণ্য মোৰ নিমিত্তে সীতাক ॥১২
বাপ হনুমন্ত হেৰা শুনা মোৰ বাক ।
তোহোঁৰ নিমিত্তে পাইলো পূৰ্ব্বতো সীতাক ॥১৩
যেন তেন মতে বুজাই জানকীক আন ।
কি বুলিবো তোক বাপ দেহ প্ৰাণ দান ॥১৪
ৰামৰ কাতৰে কান্দিলন্ত কপিৰাজ ।
প্ৰণামি চাৰিয়ো সমজ্যাৰ ভৈলা বাজ ॥১৫
সীতাক দেখিতে উত্ৰাৱল হনুমন্ত ।
কতোক্ষণে বাল্মীকিৰ আশ্ৰম পাইলন্ত ॥১৬
বসিয়া আছন্ত মাৱ মলিন স্বভাৱ ।
স্বামীৰ চৰণ চিন্তি জগতৰ মাৱ ॥১৭
মলিন বসন বেশ ক্লিষ্ট দেহা ক্ষীণ ।
ধূলিয়ে ধূসৰ তনু তাপসীৰ চিন ॥১৮
ফল মূল ভক্ষণত শুকাইল শৰীৰ ।
সীতাক প্ৰত্যেকে দেখিলন্ত চাৰি বীৰ ॥১৯
কৰিলন্ত পৃথিবীত পৰিয়া প্ৰণতি ।
তাসম্বাক দেখি সঙ্কোচিতা ভৈল সতী ॥২০
বস্ত্ৰে আৱৰিলা মাৱ কৰি মুখ কাতি ।
থাকিলন্ত দিয়া হাত গালত নমাতি ॥২১
শত্ৰুঘন লঙ্কেশ সুষেণ হনুমন্ত ।
সীতাৰ অবস্থা দেখি চাৰিয়ো কান্দন্ত ॥২২
হা হা মাৱ ৰাঘৱৰ প্ৰিয়া মহাদৈ ।
তোহোৰ কৰিলে বিধি হেনসে বিলাই ॥২৩
শচীত অধিক আছিলেক পৰিছেদ ।
ভৈলা তাপসীৰ বেশ ইসি হৃদি খেদ ॥২৪
জগতৰ প্ৰভু ৰাম দেৱৰ ঘৰণী ।
যাক আল লৱৈ অলেখ্য সেৱকিনী ॥২৫
অন্তেষপুৰত ফুৰা নেতৰ তুলিত ।
তৃণেসে আসন আৱে শয়ন ভূমিত ॥২৬
ডোহিন সুবৰ্ণ যেন আছিলেক কান্তি ।
জগত প্ৰখ্যাত তুমি মাৱ মহা শান্তী ॥২৭
প্ৰাণতো অধিক ৰামে দেখিলে তোমাক ।
দিলন্ত নিৰ্ব্বাস কিনো বিধিৰ বিপাক ॥২৮
অৱস্থা দেখতে যেন যাই প্ৰাণ ফুটি ।
কান্দিলন্ত মাৰুতি মাটিত পাৰি লুটি ॥২৯
হৰি হৰি জগত জননী সীতা আই ।
কিক জীৱ ধৰোঁ দেখি তোমাৰ বিলাই ॥৩০
সাগৰ তৰিলো লঙ্কা কৰিলো দগধ ।
যাৰ পদে দশানন সসৈন্য গৈল বধ ॥৩১
জগত ঈশ্বৰী ৰাঘৱৰ পটেশ্বৰী ।
তোমাৰ বিপত্তি দেখি কিয় নযাওঁ মৰি ॥৩২
ৰাজ ভাৰ্য্যা সকলে যোগান থাকে ধৰি ।
যাক সেৱা কৰন্ত স্বৰ্গৰ অপেস্বৰী ॥৩৩
হেন মাৱ ভৈলা ঋষি পত্নীৰ সঙ্গতি ।
কোননো কুযোগে হেন মিলাইলে দুৰ্গতি ॥৩৪
কান্দি কান্দি হনুমন্তে কৰন্ত কাতৰ ।
মৰশিয়ো দোষ মাৱ প্ৰভু ৰাঘৱৰ ॥৩৫
সুমৰিতে তোমাক ৰামৰ হৃদি খেদ ।
দিনে ৰাত্ৰি নেত্ৰৰ লোতক নাহি ছেদ ॥৩৬
হা সীতা সীতা বুলি তেজন্ত নিশ্বাস ।
বনতো অধিক তান সিটো গৃহবাস ॥৩৭
মৰিলাহা তুমি ৰামে হেন সে জানন্ত ।
আপোনাক নিন্দি আতি ফুকিতে কান্দন্ত ॥৩৮
তোমাৰ তনয় দুই লৱ আৰ কুশ ।
গাইল ৰামায়ণ গীত জগতে হৰিষ ॥৩৯
আপোনাৰ পুত্ৰ বুলি পাছে চিনিলন্ত ।
গলত বান্ধিয়া দুইকো ৰামে কান্দিলন্ত ॥৪০
আশ্ৰমতে আছা তাসম্বাৰ মুখে শুনি ।
তোমাক নিবাক আজি সাজিল আপুনি ॥৪১
নাপাইবাহা লাগ বশিষ্ঠৰ শুনি বাক ।
তাতেহে তোমাক নিতে পঠাইলা আমাক ॥৪২
অনেক কাৰ্পণ্য বুলিলন্ত ৰঘুপতি ।
ৰাঘৱৰ দোষ মৰশিয়ো সবে সতী ॥৪৩
যেন ভৈলা তোমাৰ তথাপি দেৱ স্বামী ।
দাঁতে তৃণ ধৰিয়া কাকুতি কৰোঁ আমি ॥৪৪
পঠাইলা তোমাক ৰামে সাদৰি চৌদল ।
অসন্তোষ তেজিয়া স্বামীৰ চলা কোল ॥৪৫
জাতিকাৰ হোৱা মাৱ শৰীৰক মণ্ডি ।
আজি ধৰি দুইহানো দুৰ্গতি যাউক খণ্ডি ॥৪৬
চাৰিয়ো কাতৰ কৰি অনেক বুলিল ।
শুনি জানকীৰ শোক অগণি জ্বলিল ॥৪৭
সুমৰি সুমৰি বনবাস মহাক্লেশ ।
চাৰিৰো আগতে দেবী কান্দিলা আশেষ ॥৪৮
কতোক্ষণে সীতা শান্তী শোকক তম্ভাই ।
বুলিলা উত্তৰ পাছে চাৰিকো শুনাই ॥৪৯
শুনিয়ো সুষেণ হনুমন্ত লঙ্কেশ্বৰ ।
শুন বাপ শত্ৰুঘন কনিষ্ঠ দেৱৰ ॥৫০
কিসক আমাক আউৰ কৰা উতপাত ।
পাসৰি আছিলো দুনাই অগ্নিজাল গাত ॥৫১
আৰু অযোধ্যাত ভুঞ্জিবোহো ৰাজসুখ ।
দেখিবো দুনাই আৰু ৰাঘৱৰ মুখ ॥৫২
বোলাইবো ঘৰণী আৰু ৰাঘৱৰ ঘৰে ।
নাই তেবে নাৰী নিলাজিনী মোত পৰে ॥৫৩
মোক কৰিবে আৰো নৰৈল ৰামৰ ।
আৰু নুবুলিবা কৰোঁ সবাকে কাতৰ ॥৫৪
আমাক নিবেক আৱে ৰামে কোন গন্ধে ।
গৰ্ভ সমে তেজিলেক মাৰিবে প্ৰবন্ধে ॥৫৫
প্ৰাণ ধৰি আছো দুই পুত্ৰৰ কাৰণে ।
হইবে অনাথিতি শিশু মোহোৰ মৰণে ॥৫৬
দুঃখৰ সহায় শুন হনুমন্ত বাপ ।
মোহোৰ নিমিত্তে তেজিয়োক হৃদি তাপ ॥৫৭
ভুঞ্জো নিজ কৰ্ম্ম আত নাহি কিছু খেদ ।
ৰামৰ আমাৰ জানা ভৈল পৰিছেদ ॥৫৮
দুৰ্জ্জনৰ বোলে মোক কৰিলে নিকাল ।
জানো মোৰ মনে ৰাম স্বামী যমকাল ॥৫৯
নমৰিলো বনত ৰাঘৱে মোক জানি ।
ইবাৰ কাটিবে মোক হাতে খাণ্ডা হানি ॥৬০
মই যেবে জানো ৰাম এনুৱা নিৰ্দ্দয় ।
লঙ্কাতে তেজিলো হন্তে প্ৰাণক নিশ্চয় ॥৬১
তোহোৰেসে বচনত ৰহিলো অভাগী ।
কিয়া পাইলে হন্তে ৰামে কদৰ্থিবে লাগি ॥৬২
যিটো নিলাজিনী যাউক ৰামত সঞ্জাত ।
তান কথা বাপ সব নকৈবা আমাত ॥৬৩
মোহোৰ অৱস্থা যত সবাতে বেকত ।
দুনাই যেবে বোলা তেৱে মোহোৰ শপত ॥৬৪
শুনি সবে জানকীৰ বচন নৈৰাশ ।
আউৰ কেৱে মাতিবাক নপাইলন্ত সাস ॥৬৫
শত্ৰুঘন বিভীষণ সুষেণ মাৰুতি ।
তেজিল নিশ্বাস বুদ্ধি হৰাইল শুৰুতি ॥৬৬
শুনা সৰ্ব্বজন ইটো কথা ৰামায়ণ ।
বিমৰিশি চাৱা ঐত কেদিন জীৱন ॥৬৭
ঘোৰ পৰলোক যম যাতনা অপাৰ ।
ৰাম নাম বিনে নাই তথাত নিস্তাৰ ॥৬৮
ধৰ্ম্মৰ ভাঙ্গিলে কলি চাৰিয়ো চৰণ ।
হৰিৰ নামত ধৰ্ম্মে পশিল শৰণ ॥৬৯
ৰাম হৰি নামক সততে সিটো গাৱে ।
সিসি জনে সমস্ত পুণ্যৰ লাগ পাৱে ॥৭০
নিষ্ঠে জানা সমস্ত শাস্ত্ৰৰ ইসে মজ্জা ।
আন ধৰ্ম্ম কিঙ্কৰ নামেসে তাৰ ৰাজা ॥৭১
আগম পূৰণ শাস্ত্ৰ দেখিয়ো বিচাৰি ।
কলিত তৰিবে আন পুণ্যে সে নপাৰি ॥৭২
কাৰো চিত্ত বিত্ত শৰীৰত নাই শুদ্ধি ।
প্ৰভাবত কলিৰ মলিন ভৈল বুদ্ধি ॥৭৩
কলিৰ পৰম ধৰ্ম্ম জানা হৰি নাম ।
শঙ্কৰে ৰচিলা ডাকি বোলোঁ ৰাম ৰাম ॥৭৪
- ১৮ অধ্যায় ।
- দুলৰি ।
সীতাৰ নৈৰাশ, শুনি চাৰি বীৰ,
- কৰিলন্ত মাথা হেট ।
ফল মূল লৈ, আসিল বাল্মীকি,
- তাঙ্ক পাইলা পাছে ভেট ॥১
ৰামৰ গোচৰ, চাৰিয়ো কহিলা,
- ঋষিৰ চৰণ লাগি ।
অনেক কাতৰ, কৰিয়া ৰাঘৱে,
- পঠাইলা সীতাক মাগি ॥২
ৰামে বুলিলন্ত, মই ভৈলোঁ জোৱাঁই,
- সীতা তানে ভৈল জীউ ।
দুনাই যেন বিহা, কৰান্তোক আনি,
- তেৱে দেন্ত দান জীৱ ॥৩
কতেক ৰামৰ, কহিবো কাতৰ,
- গুচাইয়ো তাহান চিন্তা ।
সমৰ্পিয়ো নিয়া, পৰীক্ষা কৰিয়া,
- সম্বৰিব ৰামে সীতা ॥৪
বচন আমাৰ, গোসানী সীতাৰ,
- কৰ্ণৰ পথে নযাই ।
যেন তেনে মতে, ৰামৰ নিমিত্তে,
- আপনি নিয়ো বুজাই ॥৫
ৰামৰ বিনয়, বাল্মীকি শুনিয়া,
- বুলিলা সীতাৰ আগে ।
ৰাঘৱৰ বাণী, জনক নন্দিনী,
- কিসক বাধিবে লাগে ॥৬
তুমি পতিব্ৰতা, স্বামী সি দেৱতা,
- আপুনি জানিয়ো ভালে ।
পূৰ্ব্ব যত দোষ, মৰশিয়ো মাৰ,
- যি ভৈল দুইৰ কপালে ॥৭
মোহৰ শপত, দিয়োক সন্মত,
- এৰিয়ো আতি আক্ৰান্তি ।
বাল্মীকিৰ বাণী, শুনিয়া গোসানী,
- কান্দন্ত মাত্ৰ নমাতি ॥৮
চৰণে ভূমিক, আথাকে লিখন্ত,
- নেদন্ত একো সিদ্ধান্ত ।
বাল্মীকি বুজিলা, জানকীৰ চিত্ত,
- ভৈল কিছু উপা শান্ত ॥৯
চাৰিয়ো বীৰক, বুলিলা বাল্মীকি,
- ৰামৰ বচন পালি ।
প্ৰবোধি সীতাক, নিবো সমজ্যাক,
- আমি প্ৰভাততে কালি ॥১০
সবেয়ো দেখোক, পৰীক্ষা দেন্তোক,
- যোগাইবো নিয়া ৰামত ।
সীতাৰ নিমিত্তে, জগত বিদিতে,
- কৰিবো মইয়ো শপত ॥১১
হেন শুনি ৰঙ্গে, গৈলন্ত চাৰিয়ো,
- ৰামক পাশক প্ৰতি ।
যতেক বৃত্তান্ত, সকলে কহিলা,
- চৰণে কৰি প্ৰণতি ॥১২
ৰামো বোলন্ত, শুনা ঋষি সব,
- আন যত সমাজিক ।
বাল্মীকিয়ে কালি, প্ৰভাতে আনিব,
- সমজ্যাক জানকীক ॥১৩
লৈলন্ত পৰীক্ষা, কালি সবে দেখা,
- আজি যায়ো ঘৰা ঘৰি ।
এহি বুলি সভা, বিসৰ্জ্জি উঠিলা,
- পুত্ৰ দুইৰ হাতে ধৰি ॥১৪
সীতাক সুমৰি, ৰাঘৱৰ ভৈল,
- ৰজনী যুগ সমান ।
স্বপনে সচিতে, কিছু নেদেখন্ত,
- সীতা বিনে একো আন ॥১৫
কেতিক্ষণ ৰাতি, প্ৰভাত হুইবেক,
- উঠি উঠি চান্ত বেলি ।
বৈদন্ত শোৱন্ত, ধৰন্ত সাবতি,
- পুত্ৰ দুইক হাত মেলি ॥১৬
হা সীতা সীতা, বোলন্তে ৰামৰ,
- ৰজনী ভৈলা প্ৰভাত ।
স্নান দান কৰি, দেৱক আদৰি,
- বসিলা আসি সভাত ॥১৭
লক্ষ্মণ ভৰত, শত্ৰুঘন আসি,
- বসিলা চিন্তিয়া কায ।
বশিষ্ঠ প্ৰমুখ্যে, মহা মহা ঋষি,
- বসিলা পাত্ৰ সমাজ ॥১৮
ভালুক বানৰ, ৰাক্ষসে বেঢ়িল,
- ৰামৰ সাধিয়া প্ৰীতি ।
লক্ষে লক্ষে ৰাজা, যোগানে ৰহিলা,
- ৰাঘৱৰ চতুৰ্ভিতি ॥১৯
দিব্য সিংহাসনে, আছন্ত ৰাঘৱ,
- ৰঞ্জিয়া সিটো সমাজ ।
সীতা সমে তৈত, প্ৰভাতে লৰিলা,
- বাল্মীকিয়ে ঋষিৰাজ ॥২০
সীতাৰ পৰীক্ষা, শুনি যত দেৱ,
- দেবী বিমানতে থাকি ।
ব্ৰহ্মায়ে সহিতে, ৰহিলা আসিয়া,
- গগণ মণ্ডল ঢাকি ॥২১
যত নৰনাৰী, আছে সাৰি সাৰি,
- জানকীক বাট চাই ।
উৰুৰ মুৰুক, কৰন্ত উৎসুক,
- আসিবন্ত সীতা আই ॥২২
- ১৯ অধ্যায় ।
- দুলৰি ।
বৰদোৱা নামে গ্ৰাম, শস্য মস্যে অনুপাম,
- লোহিত্যৰ জলে অনুকূল ।
ভৈল সেই গ্ৰামেশ্বৰ, যাৰ নাম ৰাজধৰ,
- কায়স্থ কুলৰ পদ্ম-ফুল ॥১
তানে পুত্ৰ সূৰ্য্যবৰ, মহাবৰা দেশধৰ,
- দানী মানী মহাযশী শিষ্ট ।
যাৰ যশ এভু জ্বলৈ, জয়ন্ত মাধৱ দলৈ,
- দুয়ো ভাই যাহাৰ কনিষ্ঠ ॥২
তান্তে হন্তে ভৈলাজাত, সমস্তে দেশতেখ্যাত,
- প্ৰসিদ্ধ কুসুম যাৰ নাম ।
দানে মানে ভৈলা ছাৰ, ভৌমিকমধ্যতেসাৰ,
- একোগুণে নাহিক উপাম ॥৩
তাহানে সন্ততি আতি, জ্ঞান-শূন্য শিশুমতি,
- কেশৱৰ কিঙ্কৰ শঙ্কৰ ।
দীৰ্ঘ হ্ৰস্ব নানা ছন্দে, বিৰচিল পদ-বন্ধে,
- শেষকথা উত্তৰাকাণ্ডৰ ॥৪
কৰযোৰে বুদ্ধলোক, বোলো ক্ষেমিয়োক মোক,
- আমাৰ অযোগ্য ইটো কৰ্ম্ম ।
পদত দুষণ পাই, নিন্দিবেক নুযুৱাই,
- মহন্ত জনৰ ক্ষমা ধৰ্ম্ম ॥৫
পূৰ্ব্ব কবি অপ্ৰমাদী, মাধৱ কন্দলি আদি,
- বিৰচিলা বদে ৰাম কথা ।
হস্তীৰ দেখিয়া লাদ, শশা যেন ফাৰে মাৰ্গ,
- মোৰ ভৈল তেহ্ণয় অৱস্থা ॥৬
তুমি সব মহাগুণী, ৰামৰ চৰিত্ৰ শুনি,
- কৰিয়ো মনত মহাৰতি ।
কলিত পৰম ধৰ্ম্ম, পাই ৰাম নাম সম,
- আক নলৈ যাই অধোগতি ॥৭
পৰম পুৰুষ হৰি, যাৰ নাম লৈলে তৰি,
- তাঙ্ক এৰি আনকেসে ভজে ।
যেন অন্ধেনাৱ এৰি, দুৰ্ঘোৰ সংসাৰে পৰি,
- কৌটি জনমক লাগি মজে ॥৮
কলিত লভিয়া জন্ম, নাম এৰি আন ধৰ্ম্ম,
- কৰি ফুৰে যিটো মন্দবুদ্ধি ।
বিধাতা ছালন্য কৰে, হৰি ভকতিক এৰে,
- কোছতে আছন্ত মহৌষধি ॥৯
পৰম বান্ধৱ নাম, এৰি কৰে আন কাম,
- নুবুজিয়া শাস্ত্ৰৰ যুগুতি ।
জানি মহাসুখে থাকি, ৰাম ৰাম বোলাঁ ডাকি,
- তেবে পাইবা হাততে মুকুতি ॥১০