কুম্ভকৰ্ণৰ যুদ্ধ
ৰামায়ণ বৃত্তান্ত |
---|
|
- ১৯ অধ্যায় ।
- কুম্ভকৰ্ণৰ যুদ্ধ ।
- পদ ।
বিভীষণে বোলন্ত এহিটো কুম্ভকৰ্ণ ।
মেৰুৰ সমান চাৰ কাল মেঘবৰ্ণ ॥১
হাতে শূল ধৰি যম কুবেৰ ভঙ্গাইলে ।
উপজিয়া অনেক সহস্ৰ ঋষি খাইলে ॥২
ইন্দ্ৰৰো খাইলেক আৰো অপেস্বৰা দশ ।
প্ৰজা খায়া সংহৰিলা দাৰুণ ৰাক্ষস ॥৩
দেৱৰাজে শুনিয়া আসিলা সব সাজে ।
বজ্ৰে তাৰিলন্ত তাৰ হৃদয়ৰ মাজে ॥৪
কুম্ভকৰ্ণ কুপিলা বজ্ৰৰ মহা ঘাৱে ।
সূৰ্য্যৰ সদৃশ দুই চক্ষুক ফুৰাৱে ॥৫
ঐৰাৱত দান্ত দুই লৈলন্ত উপাৰি ।
বাসৱৰ হৃদয়ত বৈসালন্ত বাৰি ॥৬
হস্তীৰ দান্তৰ ঘাৱে ইন্দ্ৰ মূৰ্চ্ছা গৈলা ।
কতো বেলি দেৱৰাজ সন্ধুক্ষণ ভৈলা ॥৭
সিদ্ধমুনি দেৱৰাজে একখান হুইয়া ।
ব্ৰহ্মাত সকলে কথা নিবেদিল গৈয়া ॥৮
বাসৱে বোলন্ত দেৱ আমি কৰোঁ সাক্ষী ।
ত্ৰৈলোক্য দগধ হৱে কিসক নৰাখি ॥৯
জগত সঞ্চিলা তুমি অনেক উপায় ।
নিশেষ কৰিয়া তাক কুম্ভকৰ্ণে খাই ॥১০
শুনি প্ৰজাপতি সবে ৰাক্ষস মতাইলা ।
সবাৰো মাজত কুম্ভকৰ্ণ ভেট পাইলা ॥১১
ব্ৰহ্মা তাক বোলন্ত প্ৰজাৰ ভৈলি কাল ।
তয়ো বেটা ভৈলি পাট মহাদৈৰ শাল ॥১২
বৰ মাগি আছ মোত ঘূমটি যাইবাক ।
নিচেষ্ট স্বৰূপে চিৰকাল শুতি থাক ॥১৩
প্ৰলয়ত যেন মেত পৰ্ব্বত টলিল ।
অচেতনে কুম্ভকৰ্ণ নিদ্ৰাত পৰিল ॥১৪
হাতযোৰে দশগ্ৰীৱে কৰিলা কাকূতি ।
চন্দ শাপ দিলাহাঁ তোমাৰ পৰিনাতি ॥১৫
হাতে বৃক্ষ ৰুয়া প্ৰভু পাৱে নোভাৰিয়ো ।
নিদ্ৰাৰ জাগিবে লাগি কিছু দিন দিয়ো ॥১৬
ব্ৰহ্মাৱে বোলন্ত তুষ্ট তোহোঁৰ বিনয় ।
একৈক নিদ্ৰায়ে থাকিবেক মাস ছয় ॥১৭
এক দিনা জাগি সিটো কৰিব আহাৰ ।
দশ গুণ হৈবেক বিপোহেঁ বলীয়াৰ ॥১৮
ৰাৱণে তোমাক ডৰে জগাইলা ইহাঙ্ক ।
যাক ডৰে বানৰ পলাই লাগি শঙ্ক ॥১৯
আপনি মাৰাহা আক সংগ্ৰামৰ মাজে ।
কপিগণ আশ্বাসা থাকোক সব সাজে ॥২০
শ্ৰীৰামে বোলন্ত অগনিৰ পুত্ৰ নীল ।
সেনা থিৰ কৰাঁ হাতে ধৰি বৃক্ষ শিল ॥২১
আমি বিদ্যমানে তোমাসাৰ কিবা শঙ্কা ।
আৰকা নিসন্ধি কৰি বেঢ়ি থাকা লঙ্কা ॥২২
নীল সেনাপতিয়ে আদেশ শিৰে ধৰি ।
সৈন্য থিৰ কৰি পুনু বেঢ়িলা নগৰী ॥২৩
ঋষভ সৰভ হনুমন্ত নীলমল ।
দুৱাৰ বেঢ়িল হাতে ধৰি তৰু শাল ॥২৪
ৰামৰ সেনায়ে যেবে নগৰী জণ্টাইল ।
ৰাৱণ ওৱাৰি গৈয়া কুম্ভকৰ্ণে পাইল ॥২৫
পুষ্পকে আছয় ৰাজা বিহ্বল স্বভাৱে ।
গুৰুদেৱ দদা বুলি নমিলন্ত পাৱে ॥২৬
বাহু মেলি দশগ্ৰীৱে গলত বান্ধিল ।
মাথাত চুম্বন দিয়া আসনেক দিল ॥২৭
আসনক লভিয়া বসিলা কুম্ভকৰ্ণ ।
ক্ৰোধত নয়ন দুই আৰকত বৰ্ণ ॥২৮
কি কাৰণে দাদা তোৰ শ্ৰীনেদে জাকি ।
আমাক জগাইলি দাদা কি কাৰ্য্যক থাকি ॥২৯
কাহাত তোমাৰ ভয় চিন্তা দেখোঁ মনে ।
পাতি মলছিলা তাৰ যমৰ কৰণে ॥৩০
বাসৱত ভয় যদি কৰোহোঁ প্ৰলয় ।
যমে কুনয় কৰে কন্ধক পৰয় ॥৩১
বৰুণে খেদয় কুম্ভকৰণে ছেদয় ।
বিৰতু কৰয় তাক জীবাক নেদয় ॥৩২
স্বৰ্গে চলি যাইবো দেৱলোকক ডকাইবোঁ ।
আদিত্যক পাইবো বান্ধি ভূমিত পেলাইবোঁ ॥৩৩
মুখ গোট বাইবো অগনিক খেদি যাইবোঁ ।
চমক লগাইবো সবে অসুৰ ভঙ্গাইবো ॥৩৪
জগাইলাহা মোক ভুঞ্জিবোহোঁ তিনি লোক ।
পলাইবেক ভোক কিছো পূৰিবোহোঁ কোখ ॥৩৫
অনুজ্ঞা দিয়োক মোক পাতাল পুৰক ।
তোমাৰ শোকতে কেহোঁ সুখে নথাকোক ॥৩৬
তোমাৰ এদূৰ পৰ্ব্বতক কৰোঁ চূৰ ।
মেৰু মন্দৰক শৰ কৰোঁ মসিমূৰ ॥৩৭
এৰহ জঞ্জাল কোনে পাতিলা ঘঞ্চাল ।
দশ দিগপালে মোৰ নসহে আম্ফাল ॥৩৮
ৰাৱণে বোলয় জানোঁ তোহৰ প্ৰতাপ ।
আজিসে গুচিল মোৰ হৃদয় সন্তাপ ॥৩৯
ৰামশৰ ঘাৱে ঘোৰ আপদে মজিলোঁ ।
তোহোঁৰেসে কাৰণে আৰকা উপজিলোঁ ॥৪০
সাগৰত সেতু বান্ধি ৰাম ভৈলা পাৰ ।
ভালুক বানৰ সমে কটক অপাৰ ॥৪১
সব ৰাক্ষসৰ বল পৰিলন্ত ৰণে ।
আমাকো ৰণত ৰামে ভঙ্গাইলা আপনে ॥৪২
শুনি বাপি কুম্ভকৰ্ণ কৰ মোৰ বোল ।
ৰাক্ষস কুলক ঘোৰ আপদত তোল ॥৪৩
ভোক দেখি পলাইল মোহোঁৰ হৃদি খেদ ।
বানৰক মাৰি ৰাম লক্ষ্মণক ছেদ ॥৪৪
কুম্ভকৰ্ণে বোলে বৰ কৰিলা অকাৰ্য্য ।
মই যেবে নোহোঁ তেবে বুৰে সামৰাজ ॥৪৫
যত কিছু কৰিলাহা কুনয় সকল ।
অবিলম্বে পাইবা সেহি অধৰ্ম্মৰ ফল ॥৪৬
তুমি যত কৰিলাহা কোনে বোলে ভাল ।
বাঘ নমাৰিয়া কেনে আজোৰাহা ছাল ॥৪৭
মত্ত গজ জীৱন্তে কাঢ়িয়া লৱা দান্ত ।
কুপিত সিংহৰ যেন আজোৰাহা আন্ত ॥৪৮
মুখ্যমন্ত্ৰী সকলে তোমাক বেঢ়ি আছে ।
আগে চিন্তিবাৰ কায চিন্তিলাহা পাছে ॥৪৯
জানা যেবে হৰিবাহা জনকৰ জীক ।
তেৱে আগে ৰাঘৱক নমাৰিলা কিক ॥৫০
নীতিক এৰিয়া যিটো প্ৰবৰ্ত্তয় বলে ।
হেনয় জনক জানা বিধাতায়ে ছলে ॥৫১
অনিহেতে হিত যাৰ হিতে অনিহিত ।
তেবে জানিবাহা তাৰ মৰণ সন্নিত ॥৫২
কুম্ভকৰ্ণে বুলিলেক বিস্তাৰ চিনাই ।
সংক্ষেপ পয়াৰে ধিক দিতে নুযুৱাই ॥৫৩
শুনি ৰাৱণাৰ আতি ক্ৰোধ জ্বলি গৈলা ।
মাথা চপৰাইয়া তাক গৰ্জ্জিবাক লৈলা ॥৫৪
গুৰু গৌৰৱক নমানিয়া গৰ্জ্জ মোক ।
এহিসে কাৰণে তেবে জগাইলোহোঁ তোক ॥৫৫
যি কৰিলোঁ সি কৰিলোঁ কৰিলোঁহোঁ তাক ।
মৃতকক বধি উপালম্ভস আমাক ॥৫৬
দুৰ্গতি পতিত ভৈলোঁ কৰিলোহোঁ মন্দ ।
যেবে উদ্ধাৰিবি কৰ ত্বৰিতে প্ৰবন্ধ ॥৫৭
গৈল কথা কহে যিটো বিগুতিয়া মাৰে ।
সেহিসে বান্ধব যিটো আপদত তাৰে ॥৫৮
আপনি চিন্তাহা যেন কৰিবে যুগুত ।
আপদে বান্ধিল মোক কৰাহা মুকুত ॥৫৯
মোহোঁৰ কুনয় দোষ নাহিকে উপাম ।
তোহোঁৰ বিক্ৰমে সবে কৰাঁ উপশাম ॥৬০
ৰাৱণ কুপিলা কুম্ভকৰ্ণ বৰ ভয় ।
জ্যেষ্ঠ ভাইক সম্বুধিয়া আৰকা বিনয় ॥৬১
সন্তাপক এৰাহা হিয়াৰ গুল গুলি ।
ৰামক মাৰোহোঁ শূলে হৃদয়ক ফুলি ॥৬২
লক্ষ্মণক মাৰোঁ আজি মাৰোহোঁ অঙ্গদ ।
সুগ্ৰীৱক মাৰোঁ আজি খণ্ডোঁ ৰাজপদ ॥৬৩
লঙ্কাপুৰি যিবা কৰিলেক ৰণ্ড ভণ্ড ।
তাহাৰ কৰিবোঁ আজি প্ৰাণান্তিক দণ্ড ॥৬৪
ভালুক বানৰ বল যত আসি ভৈল ।
হেন জানা মোহোঁৰ পেটৰ মাজে গৈল ॥৬৫
সকলহি সৈন্য তযু পাশত থাকোক ।
একেশ্বৰ মাৰি আসো পঠাই দিয়া মোক ॥৬৬
ৰামক মাৰিলো যেবে ভুঞ্জা ৰাজসুখ ।
মই যেবে মৰোঁ নেদেখিবো তযু মুখ ॥৬৭
ইয়ো বোল বুলিলোঁ অধিক অনুবাদ ।
ৰামক মাৰোহোঁ শূলে এৰাহা বিষাদ ॥৬৮
বীৰত্ব বচন শুনি কুম্ভকৰণৰ ।
অল্প ক্ৰোধ কৰিয়া বুলিলা মহোদৰ ॥৬৯
কিনো আতি মদগৰ্ব্ব সম্প্ৰতি তোমাৰ ।
ৰাজা মন্ত্ৰী কেহোঁ কিছু নজানয় আৰ ॥৭০
ৰাৱণত অধিক তুমিসে জানা নয় ।
মিচাসে জিনিলা ত্ৰিভুবন সমস্তয় ॥৭১
সকলহি নীতিক জানন্ত লঙ্কেশ্বৰ ।
নৃপতিক নিন্দা কিক বুলিলা বিস্তৰ ॥৭২
একলে সবাক মাৰো হেন বুলিলাহা ।
মেৰু পৰ্ব্বতক ফুঙ্কে উৰুৱাইতে চাহা ॥৭৩
লাহাৰি নসহে যাৰ দূষণ যে খৰ ।
হেনয় ৰামক এস্তে যুজে একেশ্বৰ ॥৭৪
দান্ত ভাঙ্গা সাপ যেন মিছাতে ফোফাহা ।
একলে ৰামক গৈয়া যুজিবাক চাহা ॥৭৫
কুপিত সিংহক হস্তী ছাৱে জঙ্কাৱাহা ।
কাঁহাল গোমক হাতে ধৰিবাক চাহা ॥৭৬
ৰামক মাৰিবো বাক্য মুখত বজাইল ।
ছাপৰি ছাপৰি ফুৰে দেখা পাইল পাইল ॥৭৭
চৌদ্দয় সহস্ৰ ৰাক্ষসক মাৰিলন্ত ।
হেনয় ৰামক এন্তে একলে যুজন্ত ॥৭৮
তোমাৰ বচন মোৰ নপশে কাণত ।
ইসব কথাক তুমি কহিয়ো আনত ॥৭৯
কোনে কৰাইবেক ৰাৱণক পৰাপতি ।
নৃপতিক নিন্দা তুমি আতি শিশুমতি ॥৮০
ৰাৱণক সম্বুধি বোলয় মহোদৰ ।
ইহাঙ্ক ৰণক নপঠাইবা একেশ্বৰ ॥৮১
ৰামক মাৰিয়া যেবে সীতাক পাইবাঁহা ।
ইহাৰ লগত আমাসাক পঠাৱাহা ॥৮২
কুম্ভকৰ্ণে কুপি মহোদৰক চাহই ।
এহি বুদ্ধি ৰাজ্য হৰুৱাইল লাৰিকাই ॥৮৩
নৃপতি সবৰ বুদ্ধি মত্ত হস্তী গওঁ ।
নীতি অঙ্কুশেকে যদি নকৰিলে সওঁ ॥৮৪
মন্ত্ৰী হৈয়া ৰাতজাৰ বিৰুদ্ধ মতি লয় ।
মিছাতেসে ভুঞ্জা ৰাজ্য চোৰৰ আলয় ॥৮৫
যি কাৰ্য্যক কৰন্ত তাহাকে বোলা ভাল ।
তুমি মন্ত্ৰী সকল অন্ধলা যেন কাল ॥৮৬
ৰাজাৰ কুনয় যত তোমাৰেসে কাযে ।
সবে দোষ খণ্ডো আজি সংগ্ৰামৰ মাজে ॥৮৭
এহি বুলি হাতে তুলি ধৰিলেক শূল ।
ৰামক মাৰিয়া আজি কৰোহোঁ নিৰ্ম্মূল ॥৮৮
ৰাৱণে বোলন্ত কুম্ভকৰ্ণ মোৰ ভাই ।
মিলিলেক হৰিষ বিপোহোঁ বল পাই ॥৮৯
ৰামক দেখিয়া মহোদৰে ডৰ পাইল ।
সিকাৰণে তোক ইটো ঝৱাল কৰাইল ॥৯০
কুম্ভকৰ্ণ বীৰ সমৰক চলি যায় ।
অলঙ্কাৰে ৰাৱণে ভুষিলা তাৰ কায় ॥৯১
সূৰ্য্যৰ সদৃশ জ্বলে মুকুতাৰ হাৰ ।
কিৰীটি কুণ্ডলে কৰে আতি জ্যোতিষ্কাৰ ॥৯২
আশেষ ৰাক্ষস দিলা তুলত তাহাৰ ।
হাতে শূল লৈলা মাখি পৰিতে দোহাৰ ॥৯৩
আকাশ ছানিয়া যায় কায় বিপৰীত ।
বামন উযান্ত যেন ত্ৰৈলোক্য গ্ৰাসিত ॥৯৪
হেমৱন্ত গিৰি যেন দেখিয় নিশ্চল ।
ব্যুহ ভঙ্গে পলাই দেখি বানৰৰ বল ॥৯৫
কুম্ভকৰ্ণে বোলে আজি সবে মান চাওঁ ।
ৰাম লক্ষ্মণক মাৰি বানৰক খাওঁ ॥৯৬
বীৰত্ত্ব বচন শুনি কুম্ভকৰণৰ ।
ৰিঙ্গেক মিলিলা সবে যত ৰাক্ষসৰ ॥৯৭
খলক লাগিয়া গৈলা গগন মণ্ডলে ।
কিনো কৰিবেক আক ৰাঘৱৰ দলে ॥৯৮
ছয় সহস্ৰ বেওঁ উগ্ৰত কলেৱৰ ।
সহস্ৰ ধনুৰ মান পথালি ডাঙ্গৰ ॥৯৯
সুবৰ্ণ ৰতনে সুমণ্ডিত সব কায় ।
কাল পৰ্ব্বতত যেন চাব লাগি যায় ॥১০০
কুম্ভকৰ্ণ যেবে সমৰক চলি যায় ।
বাম চক্ষু হাত পাৱ কম্পে বাম কায় ॥১০১
গৃধ্ৰ যে শকুন তাৰ উপৰে বৰ্ণাই ।
অতি মদগৰ্ব্বত কাহাক নডৰাই ॥১০২
বাধা সব নগণিয়া ৰণত প্ৰবেশ ।
দেখিয়া বানৰ বল ভাগিলা আশেষ ॥১০৩
বীৰ বনৰৰ যত শিলা বৃক্ষ কৰে ।
কুম্ভকৰণৰ গাৱে তাৰিলা সমৰে ॥১০৪
গিৰিশৃঙ্গ বৃক্ষ যত তাৰ গাৱে পৰি ।
কতো চূৰ্ণ ভৈলা কতো পৰিলা উফৰি ॥১০৫
দ্বিবিদে হানিলা বৰ গিৰিৰ শৃঙ্গক ।
তাহাক নপায়া সৈন্য চূৰ্ণ কৰিলেক ॥১০৬
বৃক্ষ বৰিষণে তাৰ কটাক্ষো নভৈলা ।
পৰ্ব্বতৰ ঘাৱে তাৰ ক্ৰোধ জ্বলি গৈলা ॥১০৭
দুই হাত মেলিয়া বানৰ যত পাৱে ।
ভূমিত পিশিয়া তাক গোটেহি চোবাৱে ॥১০৮
চৌৰাশী চৌৰাশীগোট একো আঙ্কোৱালে ।
হিয়াত আৰোপি ধৰি ভূমিত আম্ফালে ॥১০৯
পাঞ্চ পাঞ্চ সহস্ৰ বানৰ শূল ঘাৱে ।
খুঞ্চিয়া খুঞ্চিয়া মাথ উপৰে পেলাৱে ॥১১০
বানৰৰ ক্ষয় দেখি বীৰ হনুমন্ত ।
আকাশত থাকি বৃক্ষ শিলা বৰিষন্ত ॥১১১
পৰ্ব্বতৰ শৃঙ্গক হানন্ত নিৰন্তৰ ।
অঞ্জনাৰ সুত বলৱন্ত বীৰবৰ ॥১১২
মাৰুতিৰ অস্ত্ৰে তাৰ শৰীৰ নপাৱে ।
কুম্ভকৰ্ণে শূল ঘাৱে উপাৰি পেলাৱে ॥১১৩
নিষ্ফল অস্ত্ৰক দেখি কপি মহাবীৰ ।
পৰ্ব্বতক ধৰিয়া আগত ভৈলা থিৰ ॥১১৪
মহাবীৰ বানৰে হানিলা বৰ টানে ।
কুম্ভকৰ্ণ শৰীৰত পৰিলা সন্ধানে ॥১১৫
পৰ্ব্বতৰ ঘাৱে তাৰ নাহিক ভ্ৰুভঙ্গ ।
শূলক উচ্চায়া ধাইলা মাৰুতিক খঙ্গ ॥১১৬
শূলক ফুৰাই হানিলন্ত কুম্ভকৰ্ণ ।
সব বানৰৰ শূল পৰিলা বিবৰ্ণ ॥১১৭
হৃদয়ৰ মাজত পশিলা হলহলি ।
ৰাক্ষস সেনায়ে হাসন্ত খলখলি ॥১১৮
মাৰুতি কেকান্ত যেন দেৱেগৰজয় ।
মুখৰ ৰুধিৰ গেৰু ধাৰে নিকলয় ॥১১৯
ক্ৰৌঞ্চক ভেদিলা যেন গুহৰ শকতি ।
বিমূৰ্চ্ছিত হৈয়া বীৰ পৰিলা মাৰুতি ॥১২০
পৰিলন্ত হনুমন্ত পৰ্ব্বত সচ্ছল ।
ব্যুহ ভঙ্গে পলাই দেখি বানৰৰ বল ॥১২১
মাৰুতিৰ অৱস্থা দেখিয়া বীৰ নীলে ।
কুম্ভকৰণক হানিলেক গিৰি শিলে ॥১২২
গিৰি শৃঙ্গ আসয় যুৰিয়া বহুদূৰ ।
মুষ্টিৰ প্ৰহাৰে কুম্ভকৰ্ণে কৈলা চূৰ ॥১২৩
অগ্নিৰ কণিকা নিকলিলা জাকে জাক ।
ধূলি হইয়া গৈলা তাক নেদেখিলা তাক ॥১২৪
নীলৰ প্ৰহাৰ যেবে ব্যৰ্থ হৈয়া গৈলা ।
পাঞ্চ মহাকপি বীৰে যুজিবাক লৈলা ॥১২৫
ঋষভ যে গৱাক্ষ দ্বিবিদ নীল চাৰি ।
গন্ধমাৰ্দ্দন যে সমে চৌভিতি আবৰি ॥১২৬
অশ্বকৰ্ণ দৰু যত গিৰিৰ শিখৰে ।
হানিয়া মাৰিল তাৰ থূল কলেৱৰে ॥১২৭
মুকুটি চৱৰ লাঠি ঘৰাকাতি কিলে ।
সেৱা কৰে বুলিয়া কৌতুক বৰ মিলে ॥১২৮
ঋষভক দুই বাহু ধৰিলেক জান্তি ।
বিমূৰ্চ্ছিতে পৰিলা ৰুধিৰে কৰে বান্তি ॥১২৯
মুঠি এক দ্বিবিদক বৈসালেক বৰে ।
নীলক জানুয়ে গৱাক্ষক যে চৱৰে ॥১৩০
গন্ধমাৰ্দ্দনক বৈসাইলেক হাতাজ্বাৰি ।
পাঞ্চবীৰে বিমূৰ্চ্ছিতে থাকিলন্ত পৰি ॥১৩১
মুখৰ ৰুধিৰে গেৰু ধাৰে বহিযান্ত ।
নাসাত পৱন নাহি শুকাই গৈলা দান্ত ॥১৩২
বৰ বৰ বীৰক ঢালন্তে যেবে আছে ।
কৌটি সংখ্যা বানৰে বেঢ়িলা আগে পাছে ॥১৩৩
হাত পাৱ পেট পিঠ যুৰি সবে কায় ।
চতুৰ্দ্দিশে বেঢ়ি যেন পিম্পৰা উড়াই ॥১৩৪
আঞ্চোৰে কামৰে কেহোঁ কিল ভুকু মাৰে ।
চামকা চামকি কেহোঁ মাংসক উভাৰে ॥১৩৫
জয় ঘণ্টা লাৰি কেহোঁ উপাৰয় কেশ ।
চৱৰ ছাপৰ গুৰি মাৰয় আশেষ ॥১৩৬
দুই হাত মেলি কুম্ভকৰ্ণে যত পাৱে ।
ধৰি ধৰি আনি তাক গোটেহি চোবাৱে ॥১৩৭
পাতাল সদৃশ মুখ দেখি লাগে ভয় ।
বিকট দশন যেন কোন্তৰ আলয় ॥১৩৮
কৌটি সংখ্যা গিলিয়া ছাপিয়া ধৰে দান্ত ।
উশাস নপাই কাণে নাকে বাহিৰান্ত ॥১৩৯
পৰ্ব্বত সদৃশ বানৰ যত পৰে ।
মুখত ক্ষেপিয়া তাক গোটেহি চোবাৱে ॥১৪০
মাংসে যে শোণিতে পঙ্কাকুল ৰণস্থলি ।
কুম্ভকৰণক যম সদৃশ আকলি ॥১৪১
অগনি দহন্ত যেন শুকান বনক ।
একেশ্বৰে খেদি মাৰে সবে বানৰক ॥১৪২
ব্যুহ ভঙ্গে পলাই দেখি সবে কপিগণ ।
দশোদিশে লৈল কতো ৰামত শৰণ ॥১৪৩
ভালুক বানৰে দেখি পলাইলা সমস্ত ।
নাইস বুলি সুগ্ৰীৱ ভেণ্টিলা আসি পথ ॥১৪৪
মেৰু মন্দৰৰ সম সুন্দৰ শৰীৰ ।
সম্বুধি বুলিল তাক কপি মহাবীৰ ॥১৪৫
মোক নিচিনস ওৰে দুৰ্জ্জন ৰাক্ষস ।
মুনিষ বোলায়া কেনে পিম্পৰা মাৰস ॥১৪৬
বিপোহোঁ আছয় বাঢ়ি মোক দেহ ৰণ ।
মাৰিয়া পেলাওঁ যাস যমৰ কৰণ ॥১৪৭
আতে তোৰ গৰ্ব্ব বৰ শৰীৰ ডাঙ্গৰ ।
বজ্ৰে তাৰি পেলাৱয় পৰ্ব্বত শিখৰ ॥১৪৮
বিস্তৰ খাইবাক পাৰ আতে মহমহ ।
শাল বৃক্ষ মাৰোঁ মোৰ প্ৰহাৰক সহ ॥১৪৯
মাথাত হানিয়া ভাঙ্গিবোহোঁ শিৰ কুলি ।
তেবেসে পলাইবে হৃদয়ৰ গুলগুলি ॥১৫০
কুম্ভকৰ্ণ বোলে জানোঁ তুমিসে বিশিষ্ট ।
সূৰ্য্যৰ তনয় তুমি বালীৰ কনিষ্ট ॥১৫১
তোমাকেসে খেদোঁহো আনত নাহি কাৰ্য্য ।
ছন্ন কৰিলাহা মোৰ লঙ্কা হেন ৰাজ ॥১৫২
তুমি আসি ভৈলাহা লঙ্কাৰ ধুমকেতু ।
মানুষে কি সাগৰে বান্ধিবে পাৰে সেতু ॥১৫৩
শূলে হানি মাৰোঁহোঁ ৰাক্ষসে তোক খাওঁক ।
নৃপতি পৰিল বুলি বানৰ পলাওঁক ॥১৫৪
ঠণগণ দুইগোটা মানুষ মাৰোঁ পাছে ।
আগেতো প্ৰহাৰ তই কৰি এৰ গাছে ॥১৫৫
বচন তৰ্জ্জন এৰি পৰুজাউ ৰণ ।
তেবেসে জানিয়া যেন বৰৰ লক্ষ্মণ ॥১৫৬
ক্ৰোধিয়া সুগ্ৰীৱ বীৰে কৰন্ত আম্ফাল ।
শীঘ্ৰ বেগে ফুৰাইয়া হানিল তৰু শাল ॥১৫৭
হৃদয়ত পৰিয়া শবদ গৈলা ঠাট ।
অবধ্য শিলাত যেন পৰিলা নিৰ্ঘাত ॥১৫৮
কুম্ভকৰণত পৰি বৃক্ষ যে ভাগিল ।
বানৰ ৰাজাৰ বৰ থৰ্পোসি লাগিল ॥১৫৯
ৰাক্ষসৰ বলে দেখি হৰিষিত ভৈলা ।
কুম্ভকৰণৰ বৰ ক্ৰোধ জ্বলি গৈলা ॥১৬০
সহস্ৰেক ভাৰে লোহা গঢ়িলেক শূল ।
কুম্ভকৰ্ণ বীৰৰ সেহিসে অস্ত্ৰ মূল ॥১৬১
দুই হাতে তুলি তাক হানিলেক বলে ।
মনপৱনৰ বেগে শীঘ্ৰে আতি চলে ॥১৬২
শূল আইসে দেখিয়া সু্গ্ৰীৱ মহাবীৰ ।
আকাশক ডেৱ দিলা দুৰ্জয় শৰীৰ ॥১৬৩
আলাগতে ধৰিয়া আকুণ্ঠ আৰপিল ।
মাজ ভাগে শূল পাট ঠনাৰে ভাঙ্গিল ॥১৬৪
শূল ভাগি আটোপ কৰন্ত কপিৰাজ ।
ক্ৰোধিলা ৰাক্ষস দেখি সংগ্ৰামৰ মাজ ॥১৬৫
দুই হাতে থূলন্তৰ পৰ্ব্বতক তুলি ।
সুগ্ৰীৱক লাগি হানিলেক হুঃ বুলি ॥১৬৬
মহাবীৰ ৰাক্ষস হানিলা মহাবলে ।
নিৰ্ঘাতৰ সদৃশ পৰ্ব্বত গোট চলে ॥১৬৭
হৃদয়ত পৰিয়া কম্পয় মহাবীৰ ।
মেৰুৰ সদৃশ ঢলি পৰিল শৰীৰ ॥১৬৮
কুম্ভকৰ্ণ ঢালিলন্ত সুগ্ৰীৱ কেঙ্কান্ত ।
ক্ষণেকে চেতন পাইলা মুখে নাই মাত ॥১৬৯
নৃপতি পৰিলা দেখি বানৰ পলান্ত ।
কতো সেতুবন্ধে যাই কতো সাগৰান্ত ॥১৭০
কুম্ভকৰ্ণে কৌতূহলে সু্গ্ৰীৱক তুলি ।
হৰিসে চলিলা লঙ্কা নগৰীক বুলি ॥১৭১
সচ্চল পৰ্ব্বত যেন শৃঙ্গে সমে যাই ।
মনত গুণিলা আবে গুচিলা অপায় ॥১৭২
নৃপতিক মাৰিলো আনক নাহি ডৰ ।
আমাসাৰ ভক্ষ্য পশু ভালুক বানৰ ॥১৭৩
দুই গোটা তপস্বী যিবা ৰাম লখমণ ।
মাৰিয়া পেলাবো পাছে যমৰ কৰণ ॥১৭৪
লঙ্কাত মঙ্গল পাছে উৰুলিৰ জোক ।
পুষ্প বৰিষয় সবে ৰাক্ষসিনী লোক ॥১৭৫
গৃহৰ উপৰে কতো প্ৰাঞ্চীত চড়ন্ত ।
কুম্ভকৰণক লোকে প্ৰশংসা কৰন্ত ॥১৭৬
দেৱগণে আকাশত বিস্ময় মানিল ।
কুম্ভকৰ্ণে সুগ্ৰীৱক লঙ্কা লাগি নিল ॥১৭৭
কিনো আছলেক গোট ত্ৰৈলোক্য মুনিষ ।
ৰামেনো ইহাক ৰণে কৰিবেক কিস ॥১৭৮
হনুমন্তে বুলিলেক চেতনক পায়া ।
কুম্ভকৰ্ণে লঙ্কা যাই সুগ্ৰীৱক লৈয়া ॥১৭৯
মুঠি একে তাহাৰ ভাঙ্গিবো শিৰ খুলি ।
ৰাজাক আনিবো ৰাম সন্নিতক বুলি ॥১৮০
যেবে হেন আজি মই কৰিবোহোঁ সাস ।
ৰাজাৰ বৈলখে তিনি লোকত অযশ ॥১৮১
মোক কোপ কৰিবন্ত বীৰ বলীয়াৰ ।
আপুনি কৰিব আপোনাৰ প্ৰতিকাৰ ॥১৮২
যেবে নপাৰন্ত মই আনিবোহোঁ পাছে ।
লঙ্কাত মোহোঁৰ অবিদিত কৈত আছে ॥১৮৩
সৈন্যগণ পলাই দেখোঁ তাকে কৰো থিৰ ।
এই বুলি গৈলা হনুমন্ত মহাবীৰ ॥১৮৪
আশ্বাস বুলিয়া সবে সৈন্যক চপাই ।
ছপকৰে ৰহিলা লঙ্কাৰ দিশ চাই ॥১৮৫
বিপোহোঁ বাঢ়ন্ত জৌতি বলগুণ চাৰি ।
ৰাজাক আনিবো আজি ৰাক্ষসক মাৰি ॥১৮৬
আশীৰ্ব্বাদ পুষ্প সতী সবে দেই হাতে ।
সমস্তে পৰন্ত গৈয়া সুগ্ৰীৱৰ মাথে ॥১৮৭
উচ্ছ্ৰিত নিমিত্তে কুম্ভকৰ্ণে নপৰিল ।
সতী সকলৰ সিটো বাক্য নলৰিল ॥১৮৮
কতোক্ষণে শৰীৰত আসি ভৈলা জীউ ।
মনত গুণন্ত কপিৰাজ যে সুগ্ৰীৱ ॥১৮৯
মোহোঁক লঙ্কাক আনিলেক নিশাচৰে ।
ইহাক মুনিষ নাহি ত্ৰৈলোক্য ভিতৰে ॥১৯০
নমোঁ ৰামচন্দ্ৰ আদিদেৱ মহেশ্বৰ ।
যাহাৰ অধীন চৰাচৰ নিৰন্তৰ ॥১৯১
নিত্য শুদ্ধ বুদ্ধ যিটো জগত কাৰণ ।
ব্ৰহ্মা আদি দেৱে সেৱে যাহাৰ চৰণ ॥১৯২
হেনয় ঈশ্বৰ ৰামচন্দ্ৰ আৱতৰি ।
সাধিলা দেৱৰ কাৰ্য্য অসুৰ সংহৰি ॥১৯৩
মোৰ গতি নাই বিনে তোমাৰ চৰণ ।
বোলোঁ ৰাম ৰাম যত সভাসদ গণ ॥১৯৪