সীতাৰ বেজাৰ আৰু পাতাল প্ৰৱেশ
ৰামায়ণ বৃত্তান্ত |
---|
|
- ২১ অধ্যায়
- পদ ।
সীতাৰ বেজাৰ আৰু পাতাল প্ৰবেশ ।
জানকীৰ স্নেহে ভৰতক লাগি চাইল ।
বসিবাক লাগি ৰত্ন আসত বহ্ৰাইল ॥১
তিনিয়ো দেৱেৰে আসি বুলিলা বিনয় ।
নবৈসন্ত সীতা শোকে দগধ হৃদয় ॥২
কৌশল্যা প্ৰভৃতি শ্বাশু সকলে বুজান্ত ।
আউৰ কাকো মাথা তুলি নেদন্ত সিদ্ধান্ত ॥৩
লাজে অপমানে যেন হৃদয় বিদাৰে ।
বহয়ে লোতক দুয়ো নয়নৰ ধাৰে ॥৪
জাজ্বল্য সমান কোপে চিত্ত নোহে শান্ত ।
ঘনে ঘনে কটাক্ষো ৰামক লাগি চান্ত ॥৫
স্নেহে জানকীক নিৰিখন্ত ৰঘুনাথ ।
সীতাৰ কটাক্ষ দেখি ছপৰান্ত মাথ ॥৬
ভয়ে লাজে জানকীক চাহিবে নোৱাৰি ।
থাকিলা সঙ্কোচ ভাৱে ৰাঘৱ মুৰাৰি ॥৭
দুখ সব সুমৰি জ্বলিল আতি সতী ।
সি বেলা সীতাক নাহি চাহিবে শকতি ॥৮
মহাশোকে কোপে আতি কম্পমান কায় ।
জাজ্বল্য সমান অগনিৰ শিখা প্ৰায় ॥৯
অন্তৰ্গতে ৰাঘৱৰ মিলিল মহাভয় ।
দেখি সমজ্যাৰ ভৈল পৰম বিস্ময় ॥১০
সীতাৰ দেখিয়া হেন ক্ৰোধৰ আক্ৰান্তি ।
ৰামক কৰন্ত জানো শ্যপি ভস্ম শান্তী ॥১১
আজি জানো জগতেৰ মিলান্ত প্ৰলয় ।
কাম্পে তৰ তৰি দেৱ ঋষিৰ হৃদয় ॥১২
নমাতি আছিলা দেবী দুই দণ্ড মানে ।
আৰকত আখি মুখ কোপে অপমানে ॥১৩
ৰামৰ ভিতিক পিঠি দিয়া ক্ৰোধ ভাৱে ।
চায় সমজ্যাক লাজ এৰি জগমাৱে ॥১৪
বুলিবে লাগিলা অতি চিত্ত অসন্তোষ ।
তথা শুনি সমাজে আমাক দিবা দোষ ॥১৫
সবাতে বিদিত মোৰ ৰাম যেন স্বামী ।
সেৱকিনী প্ৰায় আন বিবাহিতা আমি ॥১৬
বাপ আনে পঠাইলে গৈলেক বনবাস ।
কৰিলো লগতে চৌধ বৰিষ নিৰ্ব্বাস ॥১৭
একেশ্বৰী নাৰী মই নোহো স্বতন্তৰী ।
নোৱাৰিলো ৰাখিবে ৰাৱণে নিলে হৰি ॥১৮
চাহিলো লঙ্কাতে আপমানে মৰিবাক ।
গৈই এই হনুমন্তে বাধিলে আমাক ॥১৯
প্ৰাণ ৰাখি আছিলো স্বামীক বাট চাই ।
ৰাৱণক মাৰি মোক আনিলে দুনাই ॥২০
কৰিলা পৰীক্ষা ৰামে পেহ্লাই অগনিত ।
তথাপি নভৈল শান্ত ৰাঘৱৰ চিত্ত ॥২১
বুলিলা বুজাই আসি পাছে বাপখনে ।
তেবেসে আমাক সম্বৰিলা শুদ্ধমনে ॥২২
একচিত্তে কৰিলোহোঁ আহাঙ্কেসে সেৱ ।
মইতো জানো স্বামীসি পৰম মোৰ দেৱ ॥২৩
স্বামী তপ,জপ,যজ্ঞ,স্বামী যোগ ধ্যান ।
স্বপনে সচিতে মই নিচিন্তিলো আন ॥২৪
তথাপি আমাত আন চিত্ত বিহৰিল ।
চুমাতে কামোৰ যেন অলগাত কিল ॥২৫
দুষ্টে দিলে অপযশ তাতে আন ত্ৰাস ।
ছলে নিয়া দিয়ালেক আমাক নিৰ্ব্বাস ॥২৬
দেখা দেখা ইটো কেনে স্বামীৰ মৰ্য্যাদ ।
কিসক কৰিলে এতমান ছল বাদ ॥২৭
যেবে লাগে এৰিবে আগতে এৰা মোক ।
গৰ্ভতে মাৰিবে চাইলা দুই গুটি পোক ॥২৮
স্বামীৰ কহন্তে গুণ শৰীৰ দগধ ।
লৈবেক খোজিলা তিনি মা পোৰ বধ ॥২৯
গৰ্ভে সমে মোক মাৰিবাক শ্ৰদ্ধা ভৈল ।
কৰিবেক বাকি আউৰ ৰামৰ নৰৈল ॥৩০
সবে বোলে এনুৱা ৰামক ভাল ভাল ।
মইতো জানো মোৰ ৰামেসে যমকাল ॥৩১
স্বামী হেন নিদাৰুণ কৈত আছা শুনি ।
চাইবো আউৰ আন মই মুখ কিবা গুণি ॥৩২
এহি বুলি জানকী কান্দন্ত মকা মকি ।
শোকানলে হিয়া নোগুচে ভাকাভকি ॥৩৩
নয়নৰ লোতক ধাৰায়ে যায় বহি ।
অধোমুখে কতোক্ষণ আছিলন্ত ৰহি ॥৩৪
একো মতে নোৱাৰা কৰিবে চিত্ত থিৰ ।
নিশবদ লোক শোক দেখি গোসাঁনীৰ ॥৩৫
সবে বোলে আজি একো মিলিবে প্ৰমাদ ।
চৰন্তেসে যাই শান্তী সীতাৰ বিষাদ ॥৩৬
ধান দিলে হৱে আখৈ ৰামৰ মুখত ।
বল্কিবে লাগিলা দেবী দুঃসহ দুখত ॥৩৭
ৰাঘৱক চাই কোপে কটাক্ষে নিৰিখি ।
বোলন্ত এৰিলা মোক তুমি কিবা দেখি ॥৩৮
জানাহা তেজিবা কিয় সম্বৰিলা আগে ।
পূৰ্ব্বতে মৰিলো হুই যেন যুৱাই ভাগে ॥৩৯
কিনো ৰাম স্বামী মোৰ পুৰুষ দাৰুণ ।
নুসুমৰিলাহা একো দিবসৰো গুণ ॥৪০
কাষ্ঠতে ফৰিল বজ্ৰে বান্ধিলেক হিয়া ।
দুৰ্জ্জনৰ বোলতে নিৰ্ব্বাস মোক দিয়া ॥৪১
কোন শত্ৰু তোমাৰ কৰিলো কিবা হানি ।
কৰিলা এনুৱা উগ্ৰ দণ্ড কিবা জানি ॥৪২
ছলবাদে দিলা নিয়া নিৰ্ব্বাসক মনে ।
অকস্মিতে তেজে যেন ভাৰ্য্যাক তেণ্টনে ॥৪৩
ৰাক্ষসতোধিক ইটো তোমাৰ কুমতি ।
নাই একো তিলো তিৰীবধ পাপ ভীতি ॥৪৪
তোমাৰ উপৰি পুৰুষ আছিল যতেক ।
কোৱা কোনে কৰিলেক এনুৱা পাতক ॥৪৫
বিনা অপৰাধত কৰিলা হেন শাস্তি ।
সংসাৰ জুৰিলে ইটো মোৰ কুখিয়াতি ॥৪৬
জগততে মোক আউৰ নুবোলিবে ভাল ।
কৰিলেক অনাদোষে ৰামে কি নিকাল ॥৪৭
আউৰ কি কৰিবে লাগি অনাইলা ইবাৰ ।
যেন পোৰা গাত ঘষা সনিয়া আমাৰ ॥৪৮
বন মানুষক আনি দেখুৱা সভাক ।
কতনো বিগুতি মাৰা মৰাক আমাক ॥৪৯
এভু তবে তোমাৰ নুপূৰে মনোৰথ ।
একে জুই মৰোঁ আৰু পিপলিৰ পথ ॥৫০
বোলাইবো তোমাৰ আৰু ঘৰৰ ঘৰণী ।
তেবে মোত পৰে নাই নাৰী নিলাজিনী ॥৫১
জনেক ৰাজাৰ মই স্নেহৰ জীয়াৰী ।
দশৰথ নৃপতিৰ প্ৰথম বোহাৰী ॥৫২
তুমি ৰামৰাজাৰ আমি সি মহাদৈ ।
হেনতো আমাৰ হেন কৰিলা বিলাই ॥৫৩
এহি বুলি মহামৰ্ম্মে গোসাঁনী জানকী ।
পৃথিবীত পৰিয়া কান্দন্ত মকা মকি ॥৫৪
সীতাৰ সন্তাপে দেখন্তাৰো মৰ্ম্ম ছৰে ।
হুমাহুমি কান্দে লোক লোতক নিগৰে ॥৫৫
কোপে অপমানে আতি চিত্ত নুহি থিৰ ।
হিয়াত পশিল শাল নোহ্লাই গোসাঁনীৰ ॥৫৬
বুলিবে লাগিলা দুনাই মনত আসুখ ।
আউৰ ইটো স্বামী ৰাঘৱৰ নচাওঁ মুখ ॥৫৭
পৃথিবীক কাতৰ কৰন্ত যোৰ হাতে ।
তুমি মোৰ মাৱ জন্ম লভিলো তোমাতে ॥৫৮
আউৰ যেন নুশুনো ৰামৰ ইটো নাওঁ ।
ফাট দিয়া বসুমতী পাতালে লুকাওঁ ॥৫৯
স্বৰূপত শান্তি পুণ্য যেবে আছো ৰাখি ।
চন্দ্ৰ সূৰ্য্য বায়ু বসুমতী হুইবা সাখী ॥৬০
ৰামৰ পাৱত জানা মোৰ চিত্ত ডাঠ ।
ঝাণ্টে দিয়া বাট তেবে মাৱ মেলা ফাট ॥৬১
হওঁ যেবে আমি পতিব্ৰতা নিৰঙ্কুশ ।
ৰাম বিনে আন যেবে নজানো পুৰুষ ॥৬২
গুচোক আমাৰ ইটো কলঙ্ক ললাট ।
পাতালত পশোঁ বসুমতী মেলা ফাট ॥৬৩
কায়বাক্যমনে যেবে ৰামক আৰাধোঁ ।
স্বপনৰ ৰাম বিনে আনক নসাধোঁ ॥৬৪
তেবে বসুমতী মোক ঝাণ্টে দিয়া বাট ।
নচাওঁ মানবৰ মুখ মাৱ মেলা ফাট ॥৬৫
কৰিলোঁ সুদৃঢ় চিত্তে ৰামকেসে সেৱ ।
স্বামী ব্যতিৰেকে নজানিলো আন দেৱ ॥৬৬
তাথাপি এনুৱা মোৰ মিলিল ললাট ।
ৰাঘৱৰ মুখ নচাওঁ মাৱ মেলা ফাট ॥৬৭
বিগুতি বিগুতি ৰামে মাতিবন্ত মোক ।
আউৰ মই নথাকো নথাকো ইটো লোক ॥৬৮
লাগিল বৈৰাগ্য মনে মিলিল বিচাধ ।
দিয়া দিয়া দিয়া বসুমতী ঝাণ্টে বাট ॥৬৯
দিলে তিনি বাৰ ৰাৱ ৰামৰ বল্লভা ।
টলবল কৰি কম্পিবাক লৈলা সভা ॥৭০
ঠাৎকাৰ শবদে মেদিনী দিলা ফাট ।
উঠিল সুবৰ্ণময় সিংহাসন খাট ॥৭১
চিকি মিকি কৰে আতি ৰত্নৰ জেউতি ।
সীতাক সাদৰে যোগাইলন্ত বসুমতী ॥৭২
চাৰি নাগ কন্যা ধৰি আছে চতুৰ্ভিতি ।
অদ্ভুত দেখিয়া সবে সমাজে বিশ্ৰুতি ॥৭৩
হনুমন্ত আদি কৰি যত কপিবল ।
কি ভৈল বুলিয়া সবে হৃদয় বিকল ॥৭৪
স্তব্ধ ভৈল ভৰত লক্ষ্মণ শত্ৰুঘন ।
ৰামৰ গাৱত আউৰ নাহিকে চেতন ॥৭৫
শুনা সৰ্ব্বজন ঐত কেদিন জীৱন ।
মিছাধন জন জানি তেজিও যতন ॥৭৬
ৰামৰ সীতাৰ কেনে দুখ তাক দেখাঁ ।
ইটো গৃহবাস সামান্যৰ কোন লেখা ॥৭৭
হেন জানি হৰি ভকতিক কৰা সাৰ ।
তেবেসে তৰিবে পাৰি সংসাৰ নিকাৰ ॥৭৮
কাৰ কেতিক্ষণ পৰা মিলয় মৰণ ।
বোলা ৰাম ৰাম চিন্তা কৃষ্ণৰ চৰণ ॥৭৯
- ২২ অধ্যায় ।
- দুলৰি ।
পাছে পৃথিবীৰ, আদৰ দেখিয়া,
- ত্বৰিতে উঠিলা সতী ।
ব্ৰহ্মা আদি কৰি, সকলে দেৱতা,
- একত্ৰে কৰিলা নতি ॥১
বশিষ্ঠ প্ৰমুখ্যে, ঋষিক নমিলা,
- জান পাৰি এক ঠাই ।
কৰি কৃতাঞ্জলি, বুলিবে লাগিলা,
- সীতা উপৰত চাই ॥২
জন্মে জন্মে হৈবা, জনকেসে বাপ,
- সাধোঁ মই পৰবাসু ।
দশৰথ ৰাজা, হুইবন্ত শ্বশুৰ,
- কৌশল্যা হুইবন্ত শ্বাশু ॥৩
দুখৰ সহায়, ভালুক বানৰ,
- হুইব পুত্ৰ সমসৰ ।
ভৰত লক্ষ্মণ, বীৰ শত্ৰুঘন.
- তিনিসি হুইবা দেৱৰ ॥৪
স্বপনে সচিতে, আন নবাঞ্ছোহোঁ,
- ৰামেসে হুইবন্ত পতি ।
তাহান এহিসে, দুখানি চৰণ,
- জন্মে জন্মে হুইবে গতি ॥৫
হুইবেক তনয়, মহা শোভনয়,
- এহি লৱ কুশ দুই ।
হেনয় কলঙ্ক, কদৰ্থনা জোনো,
- আউৰ দুনাই মোৰ নুই ॥৬
নমি কৌশল্যাক, বুলিলা কাৰুণ্য,
- যি ভৈলা মোৰ কপাল ।
দুই গুটি পুত্ৰক, সম্পিলো গোসাঁনী,
- কৰিবাহা প্ৰতিপাল ॥৭
আমাত সঞ্জাত, নাহিকে ৰামৰ,
- পুত্ৰত কমন কায ।
আছোক পালিব, পুত্ৰ বুলিবাকো,
- ৰামৰ লাগিব লাজ ॥৮
কুশক লৱক, গলত বান্ধিয়া,
- কান্দিলন্ত সীতা শোকে ।
তোমাসাক বৰ, কৰিতে নপাইলো,
- দৈবে দণ্ডিলেক মোকে ॥৯
অল্পতে তোমাক, কৰিলো ছিণ্ডৱা,
- হেনসে মই অভাগী ।
তিনি মা পোৰ, ভৈলা দেখা দেখি,
- আজি ই জন্মক লাগি ॥১০
দুয়ো ভায়েৰে, কন্দল নকৰিবা,
- একত্ৰে বঞ্চিবা কাল ।
মোক লাগি পুতাই, চিন্তা নকৰিবা,
- যৈ ভৈলা মোৰ কপাল ॥১১
তোমাসাৰ দুখ, দুৰ্গতি লৈ যাওঁ,
- জীয়া মোৰ লৈয়া আয়ু ।
কুলক্ষণী সীতা, পাতালে চলিলো,
- পৰিছেদা মোক চাউ ॥১২
এহি বুলি মকা, মকি কান্দিলন্ত,
- পুত্ৰ দুইৰ ধৰি গলে ।
ক্ষেণেকে সন্ধুকি, আখি মুখ পাছে,
- মুচিলা বস্ত্ৰ আঞ্চলে ॥১৩
চিত্ত দৃঢ় কৰি, জানকী গোসাঁনী,
- ভৈলা শোকে মোহে হীন ।
পৰম সাদৰে, কৰিলা ৰামক,
- তিনিবাৰ প্ৰদক্ষিণ ॥১৪
চৰণৰ ধূলি, মলচিলা চুলি,
- বুলিলা পাছে প্ৰণামি ।
আবে প্ৰভু ৰাজ্য, ভুঞ্জিয়োক সুখে,
- যাওঁ পাতালক আমি ॥১৫
হৃদয় খেদত, যি কিছু বুলিলো,
- ই দোষ ক্ষেমা আমাক ।
তোমাৰ চৰণ, সেবিবে নপাইলো,
- মোৰেসে কৰ্ম্ম বিপাক ॥১৬
তুমি হেন স্বামী, ভৈলোহো বঞ্চিত,
- কোনবা পাপৰ ফল ।
এহি বুলি আউৰ, মাতিবে নোৱাৰি,
- কৰিল চক্ষু ছলছল ॥১৭
গদ গদ বাক্যে, বোলন্ত থাকিয়ো,
- কৰিলো প্ৰভু মেলানী ।
দিব্য সিংহাসনে, চড়িলন্ত গৈয়া,
- কান্দন্ত সীতা গোসাঁনী ॥১৮
বসুমতী আসি, আশ্বাসি সাবতি,
- বুলিলা মধুৰ বাক ।
গন্ধে পুষ্পে ধুপে, পূজিলা প্ৰদীপে,
- যত নাগনাৰী জাক ॥১৯
নাগ লোক ছানি, জয় বাদ্য বাৱে,
- দুন্দুভি ধ্বনি আস্ফাল ।
শিৰত সুৰভি, পুষ্প বৰিষিল,
- পশিলা সীতা পাতাল ॥২০
পতি পুত্ৰ সবে, সুহৃদ তেজিলা,
- পৰম বৈৰাগ্য মনে ।
যেন চন্দ্ৰকলা, মেঘতে লুকাইল,
- সীতা শান্তী তাৱক্ষণে ॥২১
ৰামক বিচুই, হিয়া জ্বালে জুই,
- সীতা পাতালক গৈলা ।
দেখি অন্তৰীক্ষ, ধাতু ৰামচন্দ্ৰ,
- বিশ্ৰুতি বিহ্বল ভৈলা ॥২২
সিংহাসন হন্তে, পৰি মূৰ্চ্ছা গৈলা,
- শোকতে দেখি আন্ধাৰ ।
ৰামক ধৰিয়া, কান্দে আৰ্ত্তৰাৱে,
- সীতাৰ দুই কুমাৰ ॥২৩
দেখিয়া অদ্ভুত, যত সামাজিক,
- কাৰো নাহি মাত বোল ।
ৰামৰ বিলাই, শিশু দুইক চাই,
- কৰে হাহাকাৰ ৰোল ॥২৪
দেব ঋষি সবে, সন্তাপে কান্দন্ত,
- ধৰিতে চিত্ত নপাৰি ।
ভালুক বানৰ, কান্দে নিৰন্তৰ,
- মাটিত পাৰি লোটাৰি ॥২৫
ভৰত লক্ষ্মণ, বীৰ শত্ৰুঘন,
- ভূমিত পৰিলা কান্দি ।
কৌশল্যা প্ৰমুখ্যে, মুঠি হানৈ হিয়ে,
- সীতা বুলি ৰাৱ বান্ধি ॥২৬
ইহেন পুত্ৰক, কিমতে তেজিলি,
- বজ্ৰে বান্ধিলেক হিয়া ।
গাৱে জুই জ্বালি, মাৱ কৈক গৈলা,
- এতিক্ষণে দেখা দিয়া ॥২৭
সেৱকিনী যত, সীতাৰ শোকত,
- কান্দে পাৰি লোটাপুটি ।
পাইল স্বৰ্গ কোল, ক্ৰন্দনৰ সিটো,
- তুম্বুল বোলেক উঠি ॥২৮
শুনা সভাসদ, ৰামায়ণ পদ,
- দুখ গৃহবাস দেখা ।
ৰামৰ সীতাৰ, এনুৱা বিপাক,
- সামান্যৰ কোন লেখা ॥২৯
কাল সৰ্পে গিলে, কৈত মৃত্যু মিলে,
- তাহাৰ নাহিকে থিত ।
ৰাম নাম বিনে, নিস্তাৰ নাহিকে,
- দুৰ্ঘোৰ ইটো কলিত ॥৩০
ভাৰত ভূমিত, লভি নৰতনু,
- আক ব্যৰ্থ কৰা কিক ।
মূঢ়জনে যেন, নজানি বিকই,
- কাচৰ মুলে মাণিক ॥৩১
হেন অনুমানি, চিন্তা চক্ৰপাণি,
- অনাদৰি আন কাম ।
কৃষ্ণৰ কিঙ্কৰে, ৰচিলা শঙ্কৰে,
- ডাকি বোলাঁ ৰাম ৰাম ॥৩২