কিষ্কিন্ধ্যাকাণ্ড

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
[ প্ৰথম ]

অসমীয়া ৰামায়ণ।
কিষ্কিন্ধ্যাকাণ্ড।

৺মাধব কন্দলি ভণিত।
শ্ৰীবিষ্ণুৰাম তালুকদাৰৰ দ্বাৰা
সংগৃহীত।
⸺•⸺

প্ৰকাশক
এজেঞ্চি কোম্পানী।
পো: আ: ৰিহাবাৰী, আসাম।


নতুন তাঙ্গরণ।


ডিব্ৰুগড়—সদাশিৱ যন্ত্ৰত-
শ্ৰীৰত্নেশ্বর চক্ৰবৰ্তীৰ দ্বাৰা ছপা হ'ল।
১৯২৯

[  ]

অসমীয়া ৰামায়ণ।
কিষ্কিন্ধ্যাকাণ্ড।
⸺•⸺

পদ।

প্ৰণামিলো ৰাম পদে ত্ৰৈলোক্যৰ নাথ।
নিশাচৰ ৰাৱণক বধিলা লঙ্কাত॥
সুগ্ৰীৱৰ হিত বধ বালীৰ মৰণ।
মাধবে ভণিলা পদ শ্ৰীৰাম চৰণ॥
ৰামায়ণ কথাক সুমৰে যিটো জনে।
পাপ মৃগ পলাই যেন সিংহ দৰশণে॥
বিজুলি ছটকে যেন অথিৰ সংসাৰ।
ৰাম সুমৰণে কোটী পুৰুষ উদ্ধাৰ॥
শুনা সভাসদ ৰাম চৰিত্ৰ উত্তম।
সমস্ত লোকৰ ইটো ধৰ্ম্ম মোক্ষত্তম॥
ইহাৰ স্মৰণে সুখে তৰিবা সংসাৰ।
জানি ৰামচন্দ্ৰৰ চৰিত্ৰ কৰা সাৰ॥

[  ]

অৰণ্য কাণ্ডৰ কথা ভৈলা সমাপতি।
কিষ্কিন্ধ্যা কাণ্ডৰ কথা শুনিয়ো সম্প্ৰতি॥
সীতাক বিচাৰ কৰি শ্ৰীৰাম লক্ষ্মণ।
ঋষ্যমুখ পৰ্ব্বতক পাইলা দুয়োজন।
শ্ৰীৰাম লক্ষ্মণ দুয়ো পৰ্ব্বতে উজান্ত।
দূৰে বসি পাঞ্চটি বানৰে দেখিলন্ত॥
সুগ্ৰীৱ বোলন্ত শুনা বীৰ হনুমন্ত।
কৈৰবা মনুষ্য দুই খেদিয়া আসন্ত॥
জানো বালীদদা আতি স্বভাবে কপটি।
চৰ কৰি পঠাইলা মনুষ্য দুগুটী॥
কাৰ্য্যতে লখিলু আতি বৰ লাগে ভৰ।
শীঘ্ৰে গৈয়া পশোঁ আসা 'গৰি গহ্বৰৰ॥
এহি বুলি পলাইয়া গৈলন্ত কতোদূৰ।
পয়োভৰে মেদিনী কম্পিল যমপূৰ॥
শৰীৰৰ বাৱলাগি ভাগে বৃক্ষডাল।
সিংহ বাঘ পলাৱয় মহিষ শৃগাল॥
পলাই গৈয়া গহ্বৰত থাকি পঞ্চজন।
সিঠাৱতে বিমৰিষি ভাবে কটোক্ষ॥
সুগ্ৰীৱ বোলন্ত ওবা শুনা বায়ু সুত।
জিজ্ঞাসি চাহিয়ো হোৱে নোহে বালীদূত॥

[  ]

তেতিক্ষণে হনুমন্তে ৰাজাৰ আদেশে।
ৰাম লক্ষ্মণত পাছে ব্ৰাহ্মণৰ বেশে॥
কৰযোড় কৰি আসিলন্ত ৰঙ্গমনে।
কৈৰদুই মনুষ্য ফুৰাহা কি কাৰণে॥
সৰ্বাঙ্গে সুন্দৰ একো গুণে নাহি হীন।
কিবা কোন দেৱ কিবা নৃপতিৰ চিন॥
কাহাৰ কুমাৰ কোন কাৰ্য্যত ফুৰাহা।
কিবা হেতু দুয়ো জনে পৰ্ব্বতে উঠাহা॥
লক্ষ্মণে বোলন্ত বৃদ্ধ শুনিয়ো ব্ৰাহ্মণ।
দশৰথ ৰাজাক জানন্তা দেৱগণ॥
তানে শ্ৰেষ্ঠ মহৰ্ষী কৌশল্যা যাৰ নাম।
তাহানে গৰ্ভত উতপত্তি যে শ্ৰীৰাম॥
মোৰ নাম লক্ষ্মণ কনিষ্ঠ শত্ৰু ঘন।
সুমিত্ৰাৰ গৰ্ভে আসি ভৈলো উতপন॥
শ্ৰেষ্ঠ ভাই ভৰত ভৈলহ তৎপৰ।
জানিবাহা মোক ৰাঘবৰ অনুচৰ॥
কেকৈ নামে নাৰী ৰূপে বিদ্যা ধৰী।
বৃদ্ধ নৃপতিৰ সিটো যুবা পটেশ্বৰী॥
নামত ভৰত তান কুমাৰক লাগি।
সত্য কৰাই ৰাজাত লৈলন্ত ৰাজ্য মাগি॥

[  ]

ৰামে ৰাজ্য নপাইলন্ত বিধিৰ কপটে।
ৰাজায়ে মৰিল কেকৈৰ উদভণ্ডে॥
জনক জীয়াৰী ৰাঘবৰ বিবাহিতা।
নজানো ৰাৱণে হৰি নিলে কোন ভিতা॥
সীতাক খোজন্তে ৰাম অনেক প্ৰবন্ধে।
সুগ্ৰীৱ ৰাজাৰ বাৰ্ত্তা জানাইলা কবন্ধে॥
বানৰ ৰাজাত গৈয়া লয়োক শৰণ।
হেনহিত তুমি কিছু কৰায়ো ব্ৰাহ্মণ॥
শুনি হনুমন্তে ধৰি আপোনাৰ বেশ।
বাঘবক প্ৰদক্ষিণ কৰিলা অশেষ॥
তানে শুনি আছোঁ নাম দেবৰ কাহিণী।
সুগ্ৰীৱৰ দৈব বিধি মিলাইলেক আনি॥
সুগ্ৰীৱৰ দূত মোক বোলে হনুমন্ত।
জানিলোহু নৃপতিৰ দুখ ভৈল অন্ত॥
যিহেতু ইঠাৱে আসি আপুনি মিললা।
বানৰ কুলৰ ঘোৰ দুৰ্গতি খণ্ডিলা॥
এহি বুলি হনুমন্তে দুয়ো ভাইক লৈয়া।
তেতিক্ষণে সুগ্ৰীৱত ভেণ্টাইলন্ত গৈয়া॥
দেখিয়া সুগ্ৰীৱ আহি উল্লসি গৈলন্ত।
দুহান্তৰো কাহিণী কহন্ত হনুমন্ত॥

[  ]

ক্ষত্ৰিয় কুলত ভৈলা শ্ৰীৰাম লক্ষ্মণ।
দুই ভাই লৈলা আসি তোমাৰ শৰণ॥
ৰামৰ সপত্নী মাতৃ আছন্ত কেকৈই।
দশৰথ ৰাজাৰ বল্লভা মহাদই॥
উচ্ছাদিতে নপাৰিয়া তাহান বচন।
দুইপুত্ৰ বহাৰীক পঠাইলন্ত বন॥
বিধিৰ কপটে ৰামে ৰাজ্যক নপাইল।
বনক আসিয়া সীতা ভাৰ্য্যাক হৰাইল॥
দুৰ্গতি খণ্ডিল বিধি ভৈলা সুপ্ৰসন্ন।
ত্ৰৈলোক্য বিজয়ী ৰামে মাগন্ত শৰণ॥
হনুমন্ত বচনে খণ্ডিল মনভয়।
অন্ধকাৰ গুছি যেন আদিত্য উদয়॥
অগণিত ঘৃতযেন ঢালিলা অপাৰ।
আঠগুণে তেজভৈলা সুগ্ৰীৱ ৰাজাৰ॥
বায়ুপুত্ৰে আমাৰ ইষ্টক সাধিলন্ত।
ৰামক আনিয়া মোক তুষ্ট কৰাইলন্ত॥
মনুষ্য স্বৰূপে নাৰায়ণ অৱতাৰ।
অপ্ৰয়াসে পাইলো কথা শুনিয়ো আমাৰ॥
মোৰ সিদ্ধি ভৈল সবে গুছিল দুৰ্গতি।
দশম এৰায়া একাদশত বৃহস্পতি॥

[  ]

আগত অগণি জ্বালি বন্ধাহলন্ত মিত্ৰ।
সত্য কৰিলন্ত দুয়ো অনেক বিচিত্ৰ॥
অগণিক দুয়ো প্ৰদক্ষিণ কৰিলস্ত।
আউৰে আৰে চান্ত কৌতুকৰ নাহি অন্ত॥
চাহন্তে চাহন্তে চক্ষু নভাষয় আৰ।
মিত্ৰতা কৰন্তে দেখি আনন্দ অপাৰ॥
অনেক সুকৃতি কৰি বন্ধাইলন্ত মিত্ৰ।
সত্য কৰিলন্ত দুইয়ো অনেক বিচিত্ৰ॥
শুনি আছোঁ তোমাৰ যতেক উপক্ষিত।
হনুমন্তে সবে কথা কৰিলা বিদিত॥
ৰাজ্য এড়ি আসিলাহা আতি ঘোৰবনে।
তোমাৰ ভাৰ্য্যাক হৰি নিলেক ৰাৱণে॥
সত্য কৰি বুলিলোহু শুনিয়োক মিতা।
ত্ৰিভুবন বিচাৰিয়া আনি দিবো সীতা॥
পাতালক সেই যদি আনি দিবো বুলি।
সত্যে সত্যে ইন্দ্ৰক বুজিবো এক বেলি॥
ব্ৰহ্মা বিষ্ণু মহেশ ভুষিবোহু পূজি।
ত্ৰিভুবন ফুৰিয়া সীতাক দিবো খুজি॥
সাবধান হোৱা প্ৰভু কথা এক কহো।
কন্যা এক নেৰন্তে সবেই দেখিলোহো॥

[  ]

দশ শিৰ কুড়ি বাহু মনে অবগাই।
সেহিসে সীতাক নিলে আছিলোহা চাই
কোলে কৰি আলগাই বায়ু পথে যাই।
ৰাম ৰাম বুলিয়া কান্দন্ত সীতা আই॥

ঝুমুৰি।

আকাশৰ পথে যান্তি।   ভয়ে অতি চমকান্তি॥
ক্ৰন্দন কৰিয়া যান্তি। ভয়ে আতি সীতা শান্তি
ব্ৰাহ্মণক সুমৰন্তি। ৰাম ৰাম উচ্চৰন্তি॥
পৰ্ব্বতত উজাৱন্তি। মাথা গোট চপৰান্তি॥
আমাসাক দেখলন্তি। অধোমুখে নিহালন্তি॥
অলঙ্কাৰ খসাইলন্তি। আন্ধুলত বান্ধিলন্তি॥
মাজ লাগি খেপিলন্তি। বচনক বুলিলন্তি॥
মই যেবে হওঁ শান্তি। ৰামে আক লভিবন্তি॥
আৰাৱ কৰন্তে যান্তি। শৰীৰতে লুকাৱন্তি॥
হওঁতেন্তে সীতা শান্তি। দেখি মন্য কৰিলন্তি॥

⸻•⸻

[  ]

পদ।

অভিপ্ৰায় অলঙ্কাৰ দেখিলন্ত থিত।
আগতে আনিয়া তেবে কৰোঁ উপস্থিত॥
আচিলেক নাচিলেক জানকী সীতাত।
হুয়ো পৰিচয় দেখি আপুনি সাক্ষাত॥
ৰাঘৱে বোলন্ত শুনা বচন আমাৰ।
প্ৰাণত অধিক মোৰ তুমি মিত্ৰ সাৰ॥
কৰিয়োক হৃদয়ত সন্তোষ বিস্তৰ।
মই চক্ষু দেখোঁহু বান্ধৈৰ অলঙ্কাৰ॥
অলঙ্কাৰ আগত সুগ্ৰীৱ আনি দিলা।
দুইহাত মেলি ৰামে হৃদয়ত লৈলা॥
হা প্ৰাণেশ্বৰী বুলি কান্দি মূৰ্চ্চা গৈলা।
ভূমিত পৰিয়া প্ৰভু অচেতন ভৈলা॥
ক্ষণেক চেতন পাই ত্ৰৈলোক্যৰ নাথ।
হা সীতা বুলি মুঠি হানন্ত হিয়াত॥
বিহা কৰি আনিলোহু আতি অভি যোগ।
তোক মোক বঞ্চিলেক অযোধ্যাৰ ভোগে॥
নেত্ৰক মেলিয়া এক দিশক নচাইলো।
পিয়াসে পীড়িলা অন্ন খুজিয়া নপাইলো॥

[  ]

হা কৈক গৈলেনূ মোৰ মনমোহা নাৰী।
দশৰথ নৃপতিৰ প্ৰথম বহাৰী॥
এহি অলঙ্কাৰে আছিলাহা মোৰ পাশে।
দুৰ্জ্জন ৰাৱণে হৰি নিলেক আকাশে॥
এহি বুলি অলঙ্কাৰ হৃদয়ে ধৰিলা।
আতি আৰ্ত্তৰাৱে ৰামে ক্ৰন্দন কৰিলা॥
ৰামৰ বিলাপ দেখি লক্ষ্মণ সুগ্ৰীৱ।
অশেষ সন্তাপে মুষ্ঠি হানিলন্ত হিয়॥
বানৰৰ ৰাজা পাছে কৰিলা আশ্বাস।
শোকে কিছু নসাধয় নুহিবা হতাশ॥
সন্ধুক্ষণ ভৈলা পাছে ত্ৰৈলোক্যৰ নাহ।
শোকে দুখে অগনি শৰীৰ কৰে দাহ॥
সহিবে নোৱাৰোঁ ক্ৰোধ নুহিবা যে ত্ৰাস।
সীতাক আনিয়া লাগে তাক নুমাইবাক॥

⸺•⸺

ঝুমুৰি।

ধনু ধৰি তলিবোহু।   পৃথিবীক কৰিবোহু॥
অনন্তক আনিবোহু। নাগ শোক খানিবোহু
[ ১০ ]
ৰিপু গণ মাৰিবোহু।   অসুৰক দাড়িবোহু॥
ভৈৰবক ভূখিবোহু সাগৰক সুখিবোহু॥
বীৰত্বক প্ৰকাশিবো। ত্ৰৈলোক্যক বিনাশিবোঁ॥
শৰে শৰ থাসিবোহু। সাগৰক সুষিবোহু॥
ত্ৰিদশক বঞ্চিবোহু। আনদেব সঞ্চিবোঁহু।
আজি কীৰিতিক নিবো। সবাকো যমক দিবোঁ॥

⸺•⸺

পদ।

সুগ্ৰীৱ বোলন্ত মিতা মোৰ বোল কৰা।
বীৰত্বক সাফলিয়া পুৰুষক ধৰা॥
মোহোৰ বচনে তুমি শোক পৰিহৰা।
বালীবধ কৰি মোৰ শোকক উদ্ধাৰা॥
শ্ৰীৰামে বোলন্ত মোৰ শৰীৰে নসহে।
হৰিল চেতন জ্ঞান সীতাৰ বিৰহে॥
সঘনে নিশ্বাস বসে ভাৰ্য্যাৰ বিৰহে।
তোমাৰ শোকক দেখি মোৰ হৃদি দহে॥
উভয় প্ৰকাৰে আৰু মনৰ বিকল।
পাছে আৰু তোমাৰ দুখৰ কহো ফল॥

[ ১১ ]

কি কাৰণে কন্দল কৰিলা দুই ভাই।
বনবাস খাটা কিক ভাৰ্য্যা হৰুৱাই॥
আপদে গ্ৰসিলে ভাৰ্য্যা হৰাইলা কিক।
শুনি পাছে বধিবোহু দুৰ্জয় বালীক॥
পাছে সে কৰিবা তুমি মোৰ প্ৰতিকাৰ।
মাৰলে জানিবা কিবা বৈৰক তোমাৰ॥
ত্ৰৈলোক্য বিজয় আছে একপাট শৰ।
নকৰিবা তুমি বালী বানৰক ডৰ॥
সুগ্ৰীৱ বোলন্ত প্ৰভু শুনা ৰাম দেৱ।
মোৰ বালা দদাক সমৰে নাৰে কেৱ॥
আদিত্য উদয় হন্তে ছাড়ি যাই পুৰি।
দণ্ডেকে আসয় চাৰি সাগৰক ঘূৰি॥
গাৱ ঢালিবাক দদাৰ যেবে মন।
হাম্ফলিয়া পৰ্ব্বত উপাৰি কৰে ছন্ন॥
শিখৰ ভাঙ্গিয়া হাতে খেলাৱয় ধোপ।
ত্ৰিদশে কম্পয় দেখি বালীৰ আঢোপ॥
আৱৰ কাহিণী কহু শুনা প্ৰভু ৰাম।
অসুৰেক আছিল দুন্দুভি তাৰ নাম॥
তিনিও লোকত বৰ মুনিস প্ৰধান।
সাগৰত গৈয়া মাগিলেক যুদ্ধদান॥

[ ১২ ]

অসুৰক সম্বুধিয়া মাতন্ত সাগৰ।
হাউৰে অসুৰ তোক নুহু সম সৰ॥
হেমন্ত পৰ্ব্বত আছে তাত প্ৰতিৰণ।
ৰণক হৰিষে আসে তাক লাগি চন॥
শীঘ্ৰে আণ্টাইলেক হেমৱন্ত পৰ্ব্বতক।
দৰ্পে বুলিবাক লৈলা অসুৰ লটক॥
শুনি গিৰিৰাজা মহাদেৱৰ শ্বশুৰ।
মোকৰণ দিয়া তই চল যমপুৰ॥
হেমন্তে বোলন্ত মই তোক নুহু সম।
কিষ্কিন্ধ্যাৰ বালী বাজা তোৰ হৈব যম॥
যেবে পুনু মৰিবাক তোৰ আছে মন।
ঝাণ্ট কৰি তাৰ গৈয়া ভাঙ্গ মধুবন॥
দুৰ্ব্বাৰ অসুৰ সিটো বৰ ৰণ লুভি।
কিষ্কিন্ধ্যাক লাগি বেগে চলিলা দুন্দুভি॥
মহিষৰ ৰূপ ধৰি আসিলা দুৰ্ব্বাৰ।
ৰণক হৰিষে মাতে আটোপ টঙ্কাৰ॥
অগনি সমান ফুৰাৱয় দুই আঁখি।
শৃঙ্গ আগে পাৰিয়া উভৰাৱে মাটি॥
মেঘ খণ্ড খণ্ড হৱে পাইয়া লাঞ্জ ছাটি।
খুৰাৰ প্ৰহাৰে সবে পৃথ্বী যাই ফাটি॥

[ ১৩ ]

ধস মসি লগাইলেক পশি মধুবন।
খাইয়া দাইয়া বিধ্বংসিয়া কৰিলেক ছন্ন॥
দৱাৰৰ পাট লাথি মাৰিয়া ভাঙ্গিলা।
দ্বাৰীক মাৰিয়া ঘোৰ আটাসেক দিলা॥
নিৰন্তৰে বানাৰৰ কৰ্ণে তাল দিল।
লাগিল চমক বোলে নিৰ্ঘাত পৰিল॥
অহঙ্কাৰ কৰিয়া দুন্দুভি পাৰে গালি।
শুনি নসহিয়া বাজ, ভৈলা বীৰ বালি॥
হস্তিক লাগিয়া যেন সিংহে খেদি গৈলা।
তাৰা আদি পাটেশ্বৰী লগে চলি আইলা॥
কুসুম চন্দনে অলঙ্কাৰে দেহা ভৰি।
চোপাশে যোগাৱে ছত্ৰ চামৰক ধৰি॥
সমৰ ভূমিত বালী দেখিলন্ত পাছে।
পৰ্ব্বত সমান চণ্ড মহিষেক আছে॥
অসুৰক বালীৰাজা মাতিলা সম্বোধি।
জঙ্কাই মোক যমপুৰ গৈলি মন্দ বুধি॥
কালে তোক পাইলে মধুবন বিনাশিলে।
বালিক নিচিনি বেটা গৰ্ব্বতে নাশিলে॥
ক্ষুদ্ৰ মৃগ হৈয়া মত্ত সিংহক জঙ্কাইলে।
বিপাঙ্গে মৰিলা তুমি দেখিতে নপাইলে॥

[ ১৪ ]

দুন্দুভি বোলয় ওৰে শুন বালি ৰাই।
স্ত্ৰীৰ আগত কেনে মাৰ মিছা টাই॥
মোৰ হাতে মৰিবি ৰাখন্তা নাহি কেৱ।
সত্বৰে সুমৰ যেবে আছে ইষ্টদেৱ॥
লুকাওঁ বালী নাও আজি মোৰ নাও ছাটে।
মই ৰাজা হও আজি এই দণ্ডপাটে॥
পাঞ্জৰ ফুৰিয়া মাৰোঁ সিংহৰ আছাড়ে।
শিৰখুলি মাৰোঁ নুহি লাথিৰ প্ৰহাৰে॥
হাসি বালীবোলে সিংহে বিন্ধি এৰ মোক
মুঠিৰ প্ৰহাৰে যমপুৰে নিবো তোক॥
শুনিয়া দুন্দুভি দিয়া বৈসাইলেক ডাটি।
বোম্বানে শোনিত বাজ ভৈলা হিয়া ফাটি॥
বালীও বৈসাইলা মুষ্ঠি ছোট বৰ পাই।
কপাল ফুটিয়া ঢাকি ৰুধিব বজাই॥
ক্ৰোধিল অসুৰ ঘোৰ লভিয়া প্ৰহাৰ।
গৰ্জ্জি খেদি যাই যেন মেঘ বাৰিষাৰ॥
নিৰ্ঘাত পৰিল যেন আটাস তেজিল।
বায়ু বেগে বালী ৰাইৰ সমীপ চাপিল॥
দুন্দুভি আসিল খেদি দেখি বীৰ বালী।
জাম্প দিয়া তেখনে ধৰিলা আঙ্কোৱালি॥

[ ১৫ ]

বজ্ৰৰ সদৃশ লাগি গৈলা জৰাজৰি।
মহিষে বানৰে পৃথিবীত গৰাগৰি॥
বানৰক মহিষে আছাড়ে শিঙ্গে তুলি।
দুন্দুভিক নখে বালী পেহলাৱন্ত ফালি॥
মহাঘোৰ নাদে দুয়ো দুইহাঙ্ক গৰ্জ্জন্ত।
পৃথিবী কম্পিয়া গৈলা পাতাল পৰ্য্যন্ত॥
বন্ধ চন্ধ বিবন্ধ লাগিল যত যত।
প্ৰহাৰিবে সম্বৰিতে দুইহান্তো শকত॥
থিয় লাঞ্জ কৰি দুয়ো খেলনা কৰন্ত।
সবে দেবগণ ধৰ্ম্ম ধৰ্ম্ম সুমৰন্ত॥
ত্ৰিদশক দেখি ক্ৰোধ কৰিলা দুন্দুভি।
হানিবাক মনে গৈল দুই সিংহ উভি॥
তবধনয়নে ফোকাৰয় আতি ৰাগী।
উশাস লাগিয়া বৃক্ষসব যাই ভাগি॥
দুই শিঙ্গ জ্বলে যেন সনাৰ ত্ৰিশূল।
ত্ৰিদশে বোলন্ত ভৈল বালীৰ নিৰ্ম্মূল॥
সকল বানৰ বল ভৈগৈল বিভঙ্গ।
ইন্দ্ৰপুত্ৰ বালীৰ নাহিকে যে ভ্ৰুভঙ্গ॥
লীলায়ে বানৰ ৰাজা গাৱ চালিলন্ত।
শিঙ্গত ধৰিয়া তাক টানিয়া নিলন্ত॥

[ ১৬ ]

ৰিপু কুল মৰ্দ্দন দুৰ্জ্জয় বীৰ বালী।
আপোন শৰীৰে জান্তি পেহ্লাইলা নিঢালি॥
দুই হাতে ধৰিতাক তুলি আলগাইলা।
বাম পাৱে লাথি হানি ক্ষেপিয়া পঠাইলা॥
প্ৰহৰেক পথ গৈয়া পৰিল উফৰি
ঋষ্যমুখ পৰ্ব্বতৰ কতো দূৰ জুড়ি॥
আছন্ত মাৰ্কণ্ড ঋষি অগনিৰ সম।
সেহি পৰ্ব্বতত তান আছয় আশ্ৰম॥
ধ্যান কৰি আছে ঋষি হৰিকেসে চিন্তে।
সকল শৰীৰ তান তিন্তিলা শোণিতে॥
ঋষিয়ে বোলন্ত কোনে পাপক চিন্তিল।
সকল শৰীৰে মোৰ শোণিতে তিন্তিল॥
অসুৰ ক্ষেপিয়া কোনে চিন্তিলেক মন্দ।
ঋষ্যমুখ হন্তে তাৰ পৰিবেক স্কন্ধ॥
এহি বুলি তৈৰ পৰা চালিলন্ত গাৱ।
জলত নামিয়া পখালিল হাত পাৱ।
বিষ্ণুক সুমৰি মন্ত্ৰ জপিলা মনত।
আসন ভিৰিয়া পুনু বসিলা ধ্যানত॥
খেদি নাসে বালী দদা সেহিসে কাৰণে।
পলাই পাঞ্চ বানৰ আছোঁ এহিথানে॥

[ ১৭ ]

আৱৰ কাহিণী কহো শুনিয়ো শ্ৰীৰাম।
দুন্দুভিৰ শ্ৰেষ্ঠ ভাই মায়াৱন্ত নাম॥
ভাতৃ শোকে সিও আসি মাগিলেক ৰণ।
দুই ভাই সাজি নিকলিলোঁ তেতিক্ষণ॥
বানৰৰ ৰাজা বালী বীৰত্বে প্ৰধান।
পাছতে চলিলোঁ মই পৰ্ব্বত সমান॥
দুই ভাইক দেখি সিটো অসুৰ ডৰিল।
মহা বেগে পৰ্ব্বতৰ গহ্বৰে পশিল॥
চন্দ্ৰাৱলি ৰজণী দেখিয়া বহু দূৰ।
দেখিলা গৰ্ত্তৰ মাজে পশিলা অসুৰ॥
দদা মোক বোলে তই থাক ইথানত।
যাৱে নাসোঁ মই অসুৰক কৰিহত॥
কৰিলো কাৰ্পূণ্য মই চৰণত ধৰি।
জীৱন মৰণ জানিবোহো কেন কৰি॥
বালী বোলে গৰ্ত্ত ভৰি দুগ্ধ হৱে বাজ।
নিশ্চয়ে জানিবি মৰিবোহু বালী ৰাজ॥
নতুবা বিবৰে বাজ হৱে তেজ চয়।
অসুৰক মাৰিলোঁ মোহোৰ ভৈলা জয়॥
মাৰিবোঁ অসুৰ কিছু নকৰিবি ভয়।
তথাপিতো মোৰ মনে নুগুছে শংসয়॥

[ ১৮ ]

নিঃশেষ বচন পুনু বুলিলো বিস্তৰ।
হিত বোল নুশুনিয়া পশিল ভিতৰ॥
দ্বাৰ ৰাখি আছিলোহু পঞ্চদশ মাস।
দদাৰ তেজিলো মই জীৱণৰ আশ॥
বজাইল শাণিত দুগ্ধ গৰ্ত্ত গোট ভৰি।
নিশ্চয় জানিলোঁ মোৰ দদা গৈল মৰি॥
গৰ্ত্তৰ ভিতৰে বৰ আৰাৱ শুনিলোঁ।
শিলা গোট দিয়া ভয়ে দুৱাৰ মাৰিলোঁ॥
আসি লৈলো পৰকালে কিষ্কিন্ধ্যা নগৰ।
দেখি ৰঙ্গ ভৈলা মোক সমস্ত লোকৰ॥
মৰিলেক বালী জিজ্ঞাসিলা পাত্ৰলোক।
সেহি দণ্ড পাটে ৰাজ জোকাৰিল মোক॥
সমস্ত দেশৰ যত ভালুক বানৰ।
মোতে সবে আসি সেৱা কৰে নিৰন্তৰ॥
প্ৰকাশয় আতি সিংহাসন মাণিকৰ।
তাতে বসি ভোগ কৰোঁ যেন পুৰন্দৰ॥
কত কাল সুখে আছোঁ ৰাজ্য প্ৰতিপালি।
আসিলন্ত অসুৰ মাৰিয়া বীৰ বালী॥
মই ৰাজা ভৈলো দেখি বিহৰিল তিন্ত।
ক্ৰোধিলেক আগনিত যেন দিল ঘ্নত॥

[ ১৯ ]

পাত্ৰগণ সমে কৰি চৰণে ধৰিলোঁ।
প্ৰণতি পূৰ্ব্বকে মই প্ৰণাম কৰিলোঁ॥
পিতৃ সম জ্যেষ্ঠ ভাই প্ৰাণত অধিক।
আসিলা কুশলে এড়াইলোহু দূৰ্গতিক॥
আসিলাহা তুমি মোৰ গুছিল অপাই।
ৰাজ্য ছাড়ি দণ্ড পাট দিলো সমুদাই॥
পঞ্চ দশ মাস দ্বাৰে ৰাখিয়া আছিলোঁ।
গৰ্ত্ত ভৰি তেজ পূূঁজ বজাল দেখিলোঁ॥
ভয়ে শিলা গোট গৰ্ত্তৰৰ দ্বাৰ ঘুৰি।
শোকে কান্দি কাতি আসি ভৈলে নিজ পুৰি॥
পাঞ্চ পাত্ৰ মেল সবে কাৰ্য্য আলোচিল।
অৰাজ্যক ভয়ে মোক ৰাজা জোকাৰিল॥
তথাপি কৰিলোঁ দোষ দদা ক্ষমাকৰ।
চৰণত ধৰি তুতি কৰিলোঁ বিস্তৰ॥
ক্ৰোধে তথাপিতো মোক নেদিলা উত্তৰ।
স্বভাবত ক্ৰুুৰ জাতি দাৰুণ বানৰ॥
শান্ত কৰিবাক পাৰি সজ্জনৰ মন।
ভাগিলে গৰিবে পাৰি সুবৰ্ণ বাচন॥
দুৰ্জ্জনৰ মন শান্ত কৰণ নযাই।
মৃত্তিকাৰ পাত্ৰ গঢ় নলৱৈ দুনাই॥

[ ২০ ]

মহা ক্ৰোধে বালী ৰাজা পাতিলা সমাজ।
পাত্ৰক সম্বুধি কহিবাক লৈলা কাজ॥
আমাৰ কথাক শুনিয়োক সৰ্ব্বলোক।
দোষ গুণ বিচাৰিয়া গৰিহিবা মোক॥
অসুৰক মাৰিবাক দুইয়ো ভাই গৈলো।
বিড়লে পশিলোঁ আক দুৱাৰত থৈলোঁ॥
ভয়ঙ্কৰ শিলা গোট দুৱাৰত দিয়া।
সুখে ৰাজ্য কৰে ভ্ৰাতৃ বন্ধু সম্বৰিয়া॥
বল কটালিয়া আসি লৈলো ৰাজ্যভাৰ।
ভ্ৰাতৃ ঋষ্য মুখ গৈল সোদৰ আমাৰ॥
দুৰ মন্দ বুদ্ধি দুষ্ট সোদৰ পাপিষ্ঠ।
প্ৰাণে মাৰি হুইবোহু সোদৰবধি নিষ্ট॥
শুনিয়োক ৰামচন্দ্ৰ তুমি মহা মিত্ৰ
আমাৰ দুখৰ কথা অনেক বিচিত্ৰ॥
দেশৰ ডাকিলে একেখানি বস্ত্ৰদিয়া।
ৰাজ্যভোগ কৰে মোৰ ভাৰ্য্যা সম্বৰিয়া॥
দুখভুঞ্জি কটো দিন কৰোঁ বনে বন।
তথাপি বালীৰ মোক নুহি শান্ত মন॥
বিমৰিষি মোৰ যুঁজিবাক ভৈলা মন।
দ্বীপ দ্বীপান্তৰ জড়ালোহু কপি গণ॥

[ ২১ ]

শ্ৰেষ্ঠ ভাইক যুঁজিলোহু প্ৰাণৰ কাতৰে।
ত্ৰিভুবন লোক কাম্পে দুইৰো পয়োভৰে
চব্বৰ চম্পট কিল লাথিৰ প্ৰহাৰ।
দান্তে নখে আঞ্চুৰিয়া কৰিলা প্ৰহাৰ॥
তেজে তল বল ভৈলা দুইহানো শৰীৰ।
মোত কৰি অধিক বলত বালী বীৰ॥
মৰণ শঙ্কট মোৰ মিলি গৈলা বৰ।
মৰ্ম্মস্থল চাই মই বৈসালোঁ চাপৰ॥
মূৰ্চ্চা গৈলে বালী দেখি মনত গুণিলোঁ।
ঋষ্যমুখ পৰ্ব্বতক ভিৰে লড় দিলোঁ॥
ঋষি শাপে বালীৰ মোহোৰ হিত ভৈলা।
খেদিধৰি নপাই মোক কিষ্কিন্ধ্যাক গৈলা
দুই ভাই কন্দল কৰিলোঁ যি কাৰেণে।
কহিলো সকল কথা তোমাৰ চৰণে॥
এবে তযু পাৱে প্ৰভু পশিলোঁ শৰণ।
তোমাৰ ভকতি দেব দুৰ্গতি তৰণ॥
এবে তযু বলৰ কটাল যেবে পাওঁ।
মাৰিবাহা বালীক যে তেবে পতিয়াওঁ॥
পৰ্ব্বত আকাৰ দুন্দুভিক লাথি হানি।
এক যোজনৰ পথ পেলাইলেক আনি॥

[ ২২ ]

তুমি লাথি মাৰিয়া পেলাইতে পাৰা তাক।
তেবে জীনো পাৰিবা বালীক মাৰিবাক॥
সুগ্ৰীৱৰ বাণী শুনি ৰাঘবে হাম্ফুলি।
দুন্দুভিৰ শৰীৰক বাম পাৱে তুলি॥
বৃদ্ধ আঙ্গুলীয়ে তাক আছাড়ি পেহ্লাইল।
দেখি পাঞ্চ বানৰ কৌতুকে বৰ পাইল॥
পৰিলেক গৈয়া সত যোজনৰ পথ।
সুগ্ৰীৱ বোলন্ত নুপুৰিল মনোৰথ॥
হেন মতে বল কটালিবেক নপাৰি।
অসুৰক বালী ৰাজা তেতিক্ষণে মাৰি॥
মাংস ও শোণিত গাৱে সমস্তে আছিল।
লাথি হানি প্ৰহৰৰ পথক ক্ষেপিল॥
জঙ্কা মাত্ৰ আছে ইটো অস্থি পুঞ্জসাৰ।
তাক নিক্ষেপিলা নাহি প্ৰত্যয় আমাৰ॥
দেখা মাত্ৰ গাছ তাল আছে বক্ৰভাবে।
তিনি গাছ ভেদে দদা একশৰ ঘাবে॥
সাত তাল ভেদা যদি তুমি একে বাৰে।
তেবেসে সংশয় গুছে মনৰ আমাৰে॥
আনন্দ দিয়োক তযু প্ৰমাণক পাওঁ॥
বালীক মাৰিবা প্ৰভু তেবে পতিয়াওঁ॥

[ ২৩ ]

ৰাঘবে বোলন্ত সাত তাল গাছ সৰে॥
বক্ৰ ভাবে আছে অৰ্দ্ধ চন্দ্ৰৰ আঁকাৰে॥
কচু যেন ভেদোঁ এক শৰৰ প্ৰহাৰে।
গুচাইবো মনৰ যিবা সন্দেহ তোমাৰে॥
আগে দেৱ গুৰুক কৰিয়া নমস্কাৰ।
ধনু তুলি ধৰিলন্ত যেন বজ্ৰ সাৰ॥
আজুৰিল ধনুক কৰ্ণমান টানিল।
শ্ৰীমুখ বাণ আনি গুণত জৰিল॥
বাম পাৱ আগ কৰি দক্ষিণক পাছ।
একে প্ৰহাৰতে ভেদিলন্ত সাত গাছ॥
এক দুই তিনি চাৰি পাঞ্চ ছয় সাত।
প্ৰত্যেকতে অগনি নিকলে যাত যাত॥
ইষত কটাক্ষে ৰাম ভেদিলেক তাল।
বৃক্ষক ভেদিয়া সৰ ভেদিল পাতাল॥
সাগৰত স্নানি পুনু পশিল টুণত।
সচকিত ভৈল পাছে পাঞ্চৰ মনত॥
একোয়ে নজানোঁ আমি বলৰ তৰল।
প্ৰাণৰ কাতৰে কটালিলো ভযু বল॥
জিনিবাক পাৰা তুমি তিনিয়ো লোকক।
আবে কি কৰিবো গোঁসাই আদেশিয়ো মোক॥

[ ২৪ ]

শ্ৰীৰামে বোলন্ত মিত্ৰ চিনিলা আমাক।
সত্বৰে চলিয়ো আবে সিটো কিষ্কিন্ধ্যাক॥
এক পাত শৰে বালীক যে বধ কৰো।
ধিক পাছে বীৰত্ব যদি দুই পাত ধৰোঁ॥
দশৰথ পুত্ৰ দুই পাঞ্চতি বানৰে।
কিষ্কিন্ধ্যাক লাগি বাজ ভৈল চপকৰে॥
পাঞ্চ কপি বীৰ সমে শ্ৰীৰাম লক্ষ্মণে।
কতদুৰে থাকিলন্ত আৰ হুয়া বনে॥
পুত্ৰৰ বধ শুনি সূৰ্য্যে ৰঙ্গ পাইল।
দেব যোগ্য অলঙ্কাৰে ক্ষেপিয়া পঠাইল॥
চিকি মিকি কৰয় উত্তম হেম মালা।
সুগ্ৰীৱৰ মাথাত পৰিয়া জ্বলে কালা॥
মালাৰ প্ৰতাপে আতি সুগ্ৰীৱ জ্বলন্ত।
হেন দেখি তাঙ্ক ৰামচন্দ্ৰে বুলিলন্ত॥
শুনিও সুগ্ৰীৱ মিত্ৰ গুছিল প্ৰমাদ।
মিলিল মঙ্গল পাইলা সূৰ্য্যৰ প্ৰসাদ॥
আউৰ কিবা চাহা সখি ভৈলা সুপ্ৰসন্ন।
বালি বধিবাক শীঘ্ৰে কৰিয়ো যতন॥
বালীৰ তোলা আতঙ্ক কৰিয়া গৰ্জ্জন।
তিৰী চোৰ পাপিষ্ঠক মাৰোঁ এতিক্ষণ॥

[ ২৫ ]

সুগ্ৰীৱ ছলিলা ৰঙ্গে ভয় পৰিহৰি।
থাকিলন্ত ৰামচন্দ্ৰ হাতে ধনু ধৰি॥
কিষ্কিন্ধ্যাৰ দ্বাৰে গৈয়া লাগিল গৰ্জ্জিতে।
কিছ কিছ লাগি গৈলা বানৰ পুৰিতে॥
সুগ্ৰীৱৰ আতিশয় শুনি সিংহ নাদ।
স্বৰ্গ ফাটি গৈল বুলি দেবৰ বিষাদ॥
খণ্ড খণ্ড তৈলা মেঘ মহা কোলা হলি।
সুগ্ৰীৱৰ বাণী শুনি ক্ৰোধি গৈলা বালী॥
ত্বৰিতে বজাইলা বীৰে ওৱাৰিক ছাড়ি।
সূৰ্য্যৰ উদয় যেন মেঘগণ ফাৰি॥
ৰণক সম্মুখ ভৈল প্ৰাণক নাচাই।
প্ৰমাণত দেখিয়া পৰ্ব্বত সম দুই॥
আতি ক্ৰোধ নয়নে মাতয় বীৰ বালী।
সুখে ৰাজ্য ভুঞ্জো তোক দেশৰ নিকালি॥
তোহোক মাৰিলে দুষ্ট খণ্ডিবেক শাল।
ৰাখন্তা নাহিকে তোক দশ দিগ পাল॥
ইন্দ্ৰ চন্দ্ৰ বসাঁচ:বঙালীণ কুবেৰ হৈবা সাক্ষী।
সুগ্ৰীৱ ভয়াই হেৰা খাইলে দুই আঁখি॥
মই যাক খুজিবো হাততে আসি মিলে।
পাপিষ্ঠক মাৰো আজি চবৰ লাথি কিলে॥

[ ২৬ ]

সুগ্ৰীৱ বোলন্ত দাদা এৰা দম্ভ দৰ্প।
জানিবাহা মইসে তোমাৰ কাল সৰ্প॥
আজি যেবে জীয়া দৰ্প কৰিবাহা পাছে।
জানিবাহা নিশ্চয় বৰ চৱৰ আছে॥
অনা অপৰাধে মোক ডাকিলা দেশৰ।
ভ্ৰাতৃবধূ হৰি পাপ সঞ্চিলা দুৰ্ঘোৰ॥
মিছাত আসিয়া মোক গৰ্জ্জিলাহা তোৰা।
জিহ্বা খান মেলি চাহা কলিয়া কি গৰা॥
আন কথা এড়ি জান্টে যুদ্ধক আৰম্ভা।
এক ভাগ সঞ্চা মাত্ৰ দশ ভাগ লম্ভা॥
মোক মাৰিবাহা তুমি কোনে পতিয়াব।
তৃণৰ কি অগনিয়ে সাগৰ সুখাইব॥
নেত্ৰ ফুৰাই মাতিলন্ত ৰাজ বীৰবালী।
এবে তোৰ মুখৰ বজাইল বৰ গালি॥
অসমৰ্থ প্ৰাণীৰ বচন চাতুৰালি।
সিংহৰ আগত যেন শৃগালৰ টালি॥
মোৰ পাটে ৰাজা ভৈলে নমাৰিব তবে।
আৰু কত সহিবো দুষ্টৰ পৰাভৱে॥
এহি বুলি শাল বৃক্ষ উভাৰি আনিলা।
আমৰ বুলিয়া সুগ্ৰীৱক প্ৰহাৰিল॥

[ ২৭ ]

সুগ্ৰীৱে দেখন্ত বৃক্ষ চাপিলন্ত শাল।
বাহুত চাপৰ দিয়া কৰিলা হাম্ফল॥
কটাক্ষ নয়নে চাহিলন্ত আগ পাছ।
মুষ্ঠিৰ প্ৰহাৰে ভাঙ্গিলন্ত শাল গাছ॥
বৃক্ষ ভাঙ্গি সুগ্ৰীৱ কৰন্ত আস্ফাল।
শীঘ্ৰ বেগে সুগ্ৰীৱ আনিল দুই শাল॥
দণ্ড দুইৰ পথ মানে বৃক্ষ চলি যাই।
সমৰত পশি বালী ৰাজা আছে চাই॥
দেখিলেক বালি বৃক্ষ ক্ষেপিলে আমাক।
অদভুত বৃক্ষ দুই হানিলন্ত তাক॥
চাৰি বৃক্ষ একে ঠাই পৰি ভৈলা চৰ।
অগনি কণিকা নিকলিল বহু দূৰ॥
ৰাঘবে বোলন্ত বাপু শুনিয়ো লখাই।
অদভুত সমৰ কৰন্ত দুই ভাই॥
হেন ৰণ নতু দেখু পৃথিবী ভিতৰে।
কৌতুক লভিয়া বালী মাৰো একেশৰে॥
ব্ৰহ্মা বিষ্ণু মহেশ্বৰ দেব পুৰন্দৰ।
অশ্বিনী কুমাৰ আৰ জয়ন্ত কুমাৰ॥
যমদগ্নি কুবেৰ বৰুণ শশধৰ।
স্বকী স্বকি স্থানে ছড়ি চাহন্ত সমৰ॥

[ ২৮ ]

নিজ ৰথে সূৰ্য্য যুদ্ধ চাহন্ত প্ৰবন্ধে।
বাসবে চাহন্ত যুদ্ধ ঐৰাবত স্কন্ধে॥
ইন্দ্ৰদেৱে দেখিলন্ত সুগ্ৰীৱৰ গলে।
সূৰ্য্য দিলা দিব্য মালা আতিশয় জ্বলে॥
বালীক দিলন্ত ইন্দ্ৰদেৱ দিব্য মালা।
তাক পাই বালীৰ জ্বলয় আতি কালা॥
সূৰ্য্যৰ বীৰ্য্যত সুগ্ৰীৱৰ উতপত্তি।
বালীৰাজা ভৈলা ইন্দ্ৰৰ দেবৰ সন্ততি॥
দেববীৰ্য্যে জাত দুইহন্ত দিব্য কায়া।
চিনন নযাই যেন দৰ্পণৰ ছায়া॥
সূৰ্য্যৰ লগত যত দেবতা আছয়।
সুগ্ৰীৱ জীলন্ত বুলি কৰে জয় জয়॥
বাসবৰ লগে দেৱ আছে যত যত।
বালী জীলন্ত বুলি বাঞ্চয় মনত॥
দেবতাৰ আশীৰ্ব্বাদে দুইহানো উল্লাস।
দুইয়ো দিব্য মালা পিন্ধি কৰন্ত প্ৰকাশ॥
অবসান ভৈলা যেবে ব্ৰহ্মৰ সমৰ।
তৰু বন ছন্ন ভৈলা কতো প্ৰদেশৰ॥
লাঞ্জে মেঢ়াই পৰ্ব্বতক উভাৰি আনিল।
সুগ্ৰীৱক লাগি বীৰ বালীয়ে হানিল॥

[ ২৯ ]

শত্ৰুক দলিলোঁ বুলি ক্ষেপিল পৰ্ব্বত।
সুগ্ৰীব দেখন্ত গিৰি আসয় পথত॥
লাঞ্জে মেঢ়াই ধৰিলন্ত মাতঙ্গৰ লীলা।
সুগ্ৰীৱ ধৰিলা ৰঙ্গে গিৰি শৃঙ্গ শিলা॥
শিখৰে শিখৰে পৰি উফুৰিয়া যাই।
শৰীৰত পৰি গৈয়া অগনি বজাই॥
দেব বীৰ্য্য কলেবৰ বজ্বেসে সাক্ষাত।
পৰ্ব্বতে পৰিয়া কি কৰিব তাসম্বাত॥
দেখিলন্ত সুগ্ৰীৱ পৰ্ব্বত গোট আছে।
এক প্ৰহৰৰ পথ যুড়ি আগে পাছে॥
আধ প্ৰহৰৰ পথ হৱয় চৰাৱে।
লাথি হানি সুগ্ৰীৱে ভাঙ্গিলা বাম পাৱে॥
সুগ্ৰীৱ পৰ্ব্বত গোট হানিলন্ত বলে।
মন পবনৰ বেগে গিৰি গোট চলে॥
তেহ্ণয় দুইগুণ বালী পৰ্ব্বতক পাই।
লাঞ্জে মেঢ়াই প্ৰহাৰিলা সুগ্ৰীৱক চাই॥
পৰ্ব্বতে পৰ্ব্বতে ভৈলা আকাশে আন্দোল।
অগনি কণিকা উঠি গৈলা স্বৰ্গ কোল॥
ত্ৰিভুবনে লাগি গৈলা অদ্ভুত শবদ।
নৰ নাগ দেবগণ ভৈ গৈলা তবধ॥

[ ৩০ ]

ভাগি আসি পৰিলা শৰদ ভৈলা দুই।
আউৰে থাকিলন্ত যে সঠিকত হুই॥
ঠিয় লাঞ্জ কৰিলাগি গৈল হিঞ্চ হিঞ্চি।
বাহু ডাম্ফি মাৰিয়া আন্দোল ফিচা ফিচি॥
থাক থাক মাৰো বুলি উঠলিল ৰোল।
দুইভাই দুইহাঙ্কো ধৰিলা কোলা-কোল॥
দুইভাই যুদ্ধ কৰে একপিণ্ড হুই।
প্ৰমাণত দেখিয়া পৰ্ব্বত যেন দুই॥
যেহেন দিগগজ দুই পৰ্ব্বত দেখয়।
টল বল বসুমতী বাসুকী কাম্পয়॥
কল্যাশে চকিত আতি ভৈলন্ত ঈশ্বাণ।
সাগৰত ঢউ ভৈল পৰ্ব্বত সমান॥
মেৰুৰ শিখৰে ফুটি নিকলিলা জল।
দুই ভাইৰ আন্দোলে মেদিণী যাই তল॥
পাতালত হুল স্থুল ভৈলা নাগ গণ।
ঘনে ঘনে কম্পি গৈলা অনন্তৰ ফেণ॥
দেবাসুৰ মনুষ্য গন্ধৰ্ব্ব বিদ্যাধৰ।
চমৎকাৰে থাকি গৈলা ভূবন ভিতৰ॥
তবধ নয়নে ভৈলা মনত বিস্ময়।
কি কাৰণে ভৈলা আসি অকালে প্ৰলয়॥

[ ৩১ ]
ঝুমুৰি।

এহি মতে বীৰ দুই।   যুজে এক পিণ্ড হুই ॥

শৰীৰত উঠ জুই।   বলে দুইয়ো ক্ষীণ নুই ॥

বাহু বাহু বান্ধিলন্ত।   পাৰে পাবে ছাণ্ডিলন্ত ॥

ঘুৰি ফুৰি টানিলন্ত।   গ্ৰীৰে গ্ৰীৰে জুড়িলন্ত ॥

হিয়ে হিয়ে তাৰিলন্ত।   তুলি তুলি পাৰিলন্ত ॥

ঘণ্টা যেন লাৰিলন্ত।   আৰ্তনাদ ছাড়িলন্ত ॥

ঘোড়া যেন নলৱৰে।   অসংক্ষাত চৱৰেৰে ॥

হাত পাৱ বিহৰে।   হস্তী যেন চিহৰৰে॥

কিল ভুকলাথি হানি।   ভূমিত আকালে আনি ॥

আযুড়ি আনয়ে টানি।   ফুৰে দুয়ো ছিদ্ৰজানি ॥

দুইকো দুইপাৰে গালি।   বাহুত মাৰয় টালি ॥

যুজন্ত সুগ্ৰীৱ বালী।   দুইয়ো ভাই বৰ টালি ॥



পদ।

ৰাঘবে বোলন্ত কিবা কৰোঁ কৈক যাওঁ।

সুগ্ৰীৱ মিত্ৰক মই হাতে হকৰাওঁ ॥

কোন দৈব বিধি মোক প্ৰবন্ধে চলিলা।

শত্ৰু মিত্ৰ একো আকলিবে নপাৰিলা ॥

(৩) [ ৩২ ]

দোই হানু শৰীৰ একে সম এক কলা।
সেই হান গলত দেখে সুবৰ্ণৰ মালা॥
বালী বুলি মাৰোঁ যেবে সুগ্ৰীৱ মৰিব।
সংসাৰত মোৰ বৰ কুখ্যাতি থাকিব॥
কিনো কৰি বিধি মোক মাৰিলে বিচুহি।
সংসাৰত পাপী কিনো ভৈলোঁ মিত্ৰ দ্ৰোহী॥
লক্ষ্মণে বোলন্ত দাদা শুনিয়োক ৰাম।
অসন্তোষে সাধিবাক নোৱাৰিয়ে কাম॥
যাক প্ৰতি ভৈলা প্ৰভু তোমাৰ প্ৰবন্ধ।
সহস্ৰ যুগত তাৰ নপৰিব কন্ধ॥
তিনিয়ো যুগত যদি একত্ৰ হোৱয়।
তথাপিতো মোৰ মিত্ৰ হৈবৰণ জয়॥
বালী নৃপতিৰ হাত সুগ্ৰীৱে এড়াইল।
কঙ্কালত ধৰিয়া বালীক আলগাইল॥
হু বুলি আফালিলা পৃথিবীক লাগি।
বোম্বালে ৰুধিব বহে কুম্ভস্থল ভাগি॥
বালী মূৰ্চ্চা গৈলা বুলি ইন্দ্ৰকৰে শোক।
শুভ শুভ জয় জয় কৰে সূৰ্য্য লোক॥
কতো বেলি বালীৰাজা চেতনক পাইল।
আস ৰিস ক্ৰোধ কৰি সুগ্ৰীৱক ধাইল॥

[ ৩৩ ]

যেহেন হস্তীক সিংহে পেলাইলা নিঢ়ালি।
সুগ্ৰীৱক সেহিমতে আফালিলা বালী॥
ত্ৰিশূল সমান নখৰ ছোট ঘালি।
সুগ্ৰীৱৰ শৰীৰক পেলাইলা বখালি॥
চেতন লভিয়া বোলে নুহো সমসৰ।
থাকিলন্ত বেশধৰি যেন মৃতকৰ॥
বালী ৰাজা দেখন্ত নিস্পন্দ ভৈল দান্ত।
বিমৰিষি বোলে ভৈলা বৈৰৰ উপান্ত॥
ভবন দহিয়া যেন বহ্নি ভৈলা শান্ত।
প্ৰাহৰ নকৰি ক্ষণতেক জিৰাইলন্ত॥
শুনা সামাজিক লোক ৰামৰ চৰিত্ৰ।
কলিমল বিনাশন কৰ্ণৰ অমৃত॥
দেখিয়ে ৰামৰ কেন লীলা বিপৰীত।
বনৰ বানৰ সমে কৰিলা সখীত্ব॥
শৰণ মাত্ৰকে প্ৰভো একো নবাঞ্চন্ত।
হেনসে কৃপালু প্ৰভু ৰাম ভগৱন্ত॥
জানিয়া ৰামৰ পাৱে পশিয়ো শৰণে।
দুৰ্ল্লভ মনুষ্য তনু পৰে কেতিক্ষণে॥
নিঃশেষ জনম শতকোটীৰ অন্তৰে।
কতভাগ্য,বশে জীৱে নৰদেহ ধৰে॥

[ ৩৪ ]

ব্ৰাহ্মণ শৰীৰ তাতো আতি শ্ৰেষ্ঠতৰ।
হেন জনমক নপালয় যিটো নৰ॥
কেবলে পালয় মাত্ৰ ইন্দ্ৰিয় কলিত।
কৰিলেক আপোনাক আপুনি বঞ্চিত॥
দুৰ্ল্লভ অমৃত যেন লভিয়া হাতত।
আপুনি ঠেলিয়া পেলাইলেক প্ৰমাদ॥
হেনজানি ৰাম পাৱে পশিয়ো শৰণ।
ৰামৰেসে সেৱা নৰতনুৰ পালন॥
ৰাম কথা শুনা হৌক জম্মৰ সাম্ফল।
বোলা ৰাম ৰাম মহা মিলোক মঙ্গল॥

ছবি।


ধীৰে ধীৰে চক্ষু, বালীক আগতে দেখি,
 বিমৰিষি আছন্ত সুগ্ৰীৱ।
আৰো যেবে বালীৰাজা, দুনাই প্ৰহাৰে,
 তেবে মোৰ সঙ্কলয় জীৱ॥
এহি বুলি তেতিক্ষণে,  বিজুলী ছটকে যেনে,
 দেখ নেদেখ সবে উঠি।
দুইহাত তুলি ধৰি,  বজ্ৰৰ সদৃশ কৰি,
 কুম্ভস্থলে বৈসালন্ত মুঠি॥

[ ৩৫ ]

বালীৰ কপাল ভাগি,  বম্বালে রুধিৰ বহে,
 মহাবীৰ সুগ্ৰীৱ দেখিল।
বালীৰ মুঠিক জানি,  পবন সঞ্চাৰে টানি,
 ঠিউ লাঞ্জ কৰি লড় দিল॥
ৰামৰ দিশক লাগি,  সক্ৰোধ নয়ন কৰি,
 ঘনে ঘনে পাছেচাই যান্ত।
কটো বেলি বালীৰাই,  পাছে চেতনক পাই,
 চক্ষু মেলি সুগ্ৰীৱক চান্ত॥
সুগ্ৰীৱ পলাই যাই,  কোপে কম্পমান কায়,
 উঠি মহা বেগে খেদাদিল।
ঋষ্যমুখ গিৰিমানে,  খোদ গুৰি নপাই লাগ,
 নিবৰ্ত্তিয়া কিষ্কিন্ধ্যা পশিল॥
ঋষ্যমুখ গিৰিপায়,  পৰিয়া সুগ্ৰীৱ বীৰে,
 মহা ছোটে কেঙ্কাই থাক লৈলা।
শ্ৰীৰাম লক্ষ্মণ দুই,  নল নীল হনুমন্ত,
 আসি সুগ্ৰীৱক বেঢ়ি ৰৈলা॥
কাতো বেলি চেতনক, লভিয়া সুগ্ৰীৱ বীৰে,
 ৰামক আগতে দেখিলন্ত।
ঘাৱৰ বিষত আত,  ক্ৰোধে ৰাঘৱক চাই,
 গৰিহা বচন বুলিলন্ত॥

[ ৩৬ ]

ওবা ৰামচন্দ্ৰ মই,  তোমাৰ কমন শত্ৰু,
 কেনেহেন কপট কৰিলা।
মোৰ প্ৰাণ বৈৰি বালী,  তাহাৰ হাতত নিয়া,
 কি কাৰ্য্যত মৰাইতে চাহিলা॥
জানা ৰাম মই যেবে, বালীক শকত তেবে,
 পলাই কিয় আছোঁ পৰ্ব্বতত।
আন্টিবে নোৱাৰো জানি, তথাপি যুজিতে গৈলোঁ
 তোমাৰ পৌৰুষ বচনত॥
কিনো নিদাৰুণ তুমি, দশৰথ সুত ৰাম,
 তুমি ৰঙ্গ চাহিয়া আছিলা।
বালীক আগতে পাই, এহিসে কাৰ্য্যত তুমি,
 কি কাৰ্য্য বালীক নমাৰিলা॥
কিনো নিদাৰুণ তুমি, দশৰথ সুত ৰাম,
 তবু বিনে মন্দমতি নাই।
এহিসে কাৰ্য্যত তুমি, নিজ ভাৰ্য্যা হৰুয়ায়,
 বনে বনে ফুৰা দুই ভাই॥
ব্ৰহ্মবধ সুৰাপান, গুৰুৰ ভাৰ্য্যাক হৰে,
 মহাপাপ সুবৰ্ণ হৰণ।
ৰাজবধ পিতৃবধ, গৰু তিৰী মানে আনো,
 আচৰে যতেক পাপগণ॥

[ ৩৭ ]

মিত্ৰ দ্ৰোহে মহা পাপ,  সবাহাৰে গুৰুতৰ,
 ইহাক আচৰে যিটো নৰ।
জানিবা নিশ্চয় ৰাম, নৰক ভুঞ্জিয়া মৰে,
 যাৱে থাকে চন্দ্ৰ দিবাকৰ॥
হেন মিত্ৰদ্ৰোহ পাপ,  কৰিবাক লাগি ৰাম,
 জানিলোঁ তোমাৰ ভৈলামন।
সূৰ্য্যৰ বংশত তুমি,  জনম লভিলা কিক,
 ধিক ধিক তোমাৰ জীবন॥
নিষ্ট কৰি পূৰ্ব্ব কালে, বুলিলাহা তুমি ৰাম,
 মই নমা ৰবো বালীৰাই।
তেবে কি কাৰণে মই  মৰিবাক লাগি ৰঙ্গে,
 বালীক যুজিলোঁ হন্তে যাই॥
বালীৰ প্ৰহাৰে মোৰ, সৰ্ব্ব অঙ্গ চূৰ্ণ ভৈল,
 ক্ষত বিক্ষত ভৈলা কায়া।
কতবা কালক লাগি,  শৰীৰত পীড়া ৰৈলা,
 তুমি ৰঙ্গ আছিলাহা চায়া॥
ৰঘুবংশ শিৰো মণি,  সাক্ষাতে ঈশ্বৰ দেৱ,
 তুমি সমে কৈলো মিত্ৰৱতি।
একেশ্বৰ ত্ৰিভুবন,  নমাই বাক পাৰা তুমি,
 তাতো মোৰ হেনসে বিপত্তি॥

[ ৩৮ ]

সুগ্ৰীৱৰ বাক্যে প্ৰভু, আতিশয় হুয়া লাজ,
 বুলিলন্ত সুগ্ৰীৱক চাই।
যতেক কহিলা মিত্ৰ,  বুলিতে উচিত হুই,
 কিন্তু শুনা কহো অভিপ্ৰায়॥
তোৰা দুই ভাইৰ এ,  সমতুল্য কলেবৰ,
 সূৰ্য্যযেন জ্বলে মনোহৰ।
দুই হন্তেৰ শিৰে দিব্য, সুবৰ্ণৰ মালা জ্বলে,
 নিচিনিয়া নকৰিলোঁ শৰ॥
শত্ৰু বুলি মাৰোঁ যদি, মিত্ৰৰ বিনাশ হবে,
 শুনি মন্দ বুলিবেক লোকে।
লক্ষ্মণ সহিতে চিন্তি,  নপাইলোঁ উপাই মই,
 জানি সখি নিনিন্দিবা মোক॥
ক্ষমিয়োক মোৰ দোষ,  নকৰিবা অসন্তোষ,
 বালীক বধিবো সাৰে সাৰ।
আপোনাৰ অলঙ্কাৰ, পৰিহৰা তুলসীৰ,
 মালা তুমি পিন্ধিয়ো আমাৰ॥
দিন চাৰি থাকিয়োক  ঘাৱ শুখাৱোক,
 পাছে সবে কিষ্কিন্ধাক যাওঁ।
ইবাৰ বালীক দেখি,  মাৰি যেবে নপঠাওঁ,
 তেবে ব্ৰহ্মবধু পাপে গিপ্তইও॥

[ ৩৯ ]

এহি বুলি ৰঘুনাথ,  অমৃত সমান হাতে,
 মাৰ্জ্জিলন্ত মিত্ৰৰ শৰীৰ।
পূৰ্ব্বত অধিক কৰি,  দশ গুণ তেজবল,
 লভিলা সুগ্ৰীৱ মহাবীৰ॥
শুনিয়োক সৰ্ব্বজন,  শুনা কথা ৰামায়ণ,
 ইসে মহা ধৰ্ম্ম অনুপাম।
গুছিবে সংসাৰ দুখ,  লভিবা পৰম সুখ,
 নিৰন্তৰে বোলা ৰাম ৰাম॥

পদ।

ৰাঘবৰ বচনে সুগ্ৰীৱ ৰঙ্গ পাইল।
চৰণত ধৰি বীৰে দুখ নিবেদিল॥
নজানি গৰ্জ্জিলাঁ দোষ ক্ষমা ৰঘুপতি।
ইহ পৰলোকে প্ৰভু তুমি মোৰ গতি॥
মহাপাপী সব তবে নাম লৈলে যাৰ।
তাহাঙ্ক নিন্দিলো পাপ সঞ্চিলো অপাৰ॥
অজ্ঞানৰ দোষ ক্ষমিয়োক নাৰায়ণ।
তোমাৰ অভয় পদে লৈলোহো শৰণ॥

[ ৪০ ]

ঘাৱৰ বিষত মোৰ হৰিল চেতন।
বুলিলোহো ঈশ্বৰক গৰিহা বচন॥
সহজে বানৰ জাতি তৰল সদাই।
তুমি কৃপাময় তাক ক্ষমিতে জুৱাই॥
শুনিয়া ৰাঘবে তাঙ্ক আশ্বাস কৰিলা।
দিন চাৰি মানে ঘাৱ সব পাশৰিলা॥
সুগ্ৰীৱ ৰামৰ মালা শিৰত ধৰিলা।
প্ৰদক্ষিণে ৰাঘৱক প্ৰণাম কৰিলা॥
জয় বাদ্য কৰি সুমঙ্গল আচৰিলা।
বালী ৰাইক ধৰি শুভ সময়ে চলিলা॥
সুগ্ৰীৱ লক্ষ্মণ ৰাম হৰিষে চলন্ত।
পাছে যান্ত নল নীল আৰু হনুমন্ত॥
বুলিলন্ত ৰাঘবে বালীক দিয়ে ডাক।
মাৰোঁ অবিলম্বে মিত্ৰ বিনায়ো আমাক
এহি বুলি ধনু ধৰি শ্ৰীৰাম লক্ষ্মণে।
সাৱধানে থাকিলন্ত কিষ্কিন্ধাৰ বনে॥
সুগ্ৰীৱ গৰ্জ্জন্ত গৈয়া দুৱাৰত বসি।
কি কৰস বালা ৰাজা গহ্বৰত পশি॥
নিচিন্তি আছস দদা বাৰ্ত্তাক নপাইল।
তোমাৰ কনিষ্ঠ ভাই কাল হুয়া আইল॥

[ ৪১ ]

সত্য কৰি জান দদা বচন আমাৰ।
পৰিছেদ কৰি দেখ পুত্ৰ পৰিৱাৰ॥
পটেশ্বৰী লোক দেখা আৰ যত তীৰি।
আজি ধৰি তোমাৰ খণ্ডাবো ৰাজ চিৰি।
সুগ্ৰীৱৰ নাদ শুনি বালী ৰাইৰ কোপ।
আজিতোক মাৰোঁ বুলি কৰয় আটোপ॥
ত্বৰিতে বজাইল বীৰ আৰ্ত্ত নাদ কৰি।
আগ বাঢ়ি বিনাৱন্ত তাৰা পটেশ্বৰী॥

ছবি।

টিকৰ স্বাৱামি মোৰ,  বল বন্ত প্ৰাণেশ্বৰ,
 বানৰ কুলৰ নিজ নাহা।
মাণিক দণ্ডপাট, পৰিহৰি প্ৰভু দেব,
 কি কাৰণে সমৰক যাহা॥
প্ৰাণত অধিক মোৰ,  অঙ্গদ কমাৰ আছে,
 মই আছো শান্তি পটেশ্বৰী।
ইন্দ্ৰৰ পুৰিতো ধিক,  প্ৰকাশ কৰন্তে আছে,
 দেখা ইটো কিষ্কিন্ধা নগৰি॥

[ ৪২ ]

আপোনাৰ বাহুবলে, কৈকসব জিনিলাহা,
 বৰযশ ৰাশি তুমি পাইলা।
দুৰজয় ৰাৱণক, কাষত চিপিয়া ধৰি,
 চাৰিও সাগৰ ফুৰি আইলা॥
সাত পৃথিবীত যত,  ভালুক বানৰ আছে,
 তোমাৰ চৰণে কৰে সেৱ।
কোননো অসাধ্য কাৰ্য্য,  সাধিবাহা সম্প্ৰতিক,
 সমৰক যাহা প্ৰভু দেৱ॥
সপোনৰ কথা কহো, শুনিয়োক প্ৰভু তযু,
 হৃদয়ত লাগি গৈলা মাটি।
উপৰক হুয়া গোৰ, তোমাৰ শৰীৰ গোট,
 সমূলি পশিলা মাটি ফাটি॥
সিংহ সনে বসি ৰঙ্গে,  সুগ্ৰীৱ দেৱৰ মোৰ,
 তিৰি কোন সিটো গোট গিলে।
হেনয় সপোন জানা, ঝাকে ঝাকে দেখিবায়,
 তাতে গৈয়া ৰাজচিৰি মিলে॥
বালী বলে শুনা ওৰে, পটেশ্বৰী তাৰা মোৰে,
 যুগুত বচন হলে সহি।
হেন কি জানস তুই,  পৃথিবী মণ্ডল মাজে,
 বলীক জিনিয়া আছে কহি॥

[ ৪৩ ]

উদয় গিৰিক হনে, হিমালয় পৰ্ব্বতক,
 বুজিবাক হয কোম শক্য।
মোক সমৰকলাগি, আক্ৰান্ত কৰন্তে আসে,
 সুগ্ৰীৱ কমন বীৰ বক্ষ॥
মোৰ প্ৰাণ গোটা বান্ধি,  তাতেনিয়া আৰোপিয়া,
 সুগ্ৰীৱক বাৰি দিব ৰণে।
সমৰ ভূমিত গৈয়া, সুগ্ৰীৱক ৰণ জিনি,
 পালটি আসিবো এতিক্ষণে॥
সপোনৰ কথা যত,  কহিলাহা প্ৰাণ জায়া,
 জানিবা সকলে আন জাল।
বাধা বচনক তুমি,  নুবুলিবা পটেশ্বৰী,
 যান্তে চলি যাওঁ যুদ্ধশাল॥
তাৰা বোলে প্ৰাণেৰ, টিকৰ স্বামীয়ে মোৰ,
 আৱৰ কাহিনী কহো শুনা।
দাহিনৰ চক্ষুমোৰ, সঘনে সঘনে ফুৰে,
 আৰু হৃদয়ত ভালে গুণা॥
দিন তিনি চাৰি ভৈলা, সুগ্ৰীৱ দেৱৰ মোৰ,
 তোমাত সমৰ হাৰি গৈলা।
হেন জানি বিনা গছে,  দ্বাৰত বসিয়া আছে,
 পুনুৰপি গৰ্জ্জিবাক লৈলা॥

[ ৪৪ ]

আৱৰ কাহিনী কহু,  শুনিয়োক প্ৰাণ নাথ,
 কাৰ্যবৰ হৈ গৈলা বিচিত্ৰ।
বিপুকুল বিমৰ্দ্দন,  ৰঘুকুল শিৰোমণি,
 ৰাম ভৈলা সুগ্ৰীৱৰ মিত্ৰ।
আছোক পৃথিবী খণ্ড,  স্বৰ্গ সাত পাতালৰ,
 জিনিতে পাৰয়া দেবাসুৰ
জানিবা স্বৰূপ ৰূপে,  তোমাৰ কনিষ্ঠ ভাই,
  তেহে ৰাম ভৈলা পক্ষপুৰে॥
ৰাঘবে সহিতে প্ৰভু,  বিবাদক নুজুবাই,
  শুনিয়োক বোল হিত কাজ।
আপোনাৰ কনিষ্ঠ,   সুগ্ৰীব বীৰক আনি,
 সত্বৰে পাতিয়ো যুবৰাজ॥
সোদৰ কনিষ্ঠ ভাই,  তাহান মুখক চাই,
 দোষচয় ক্ষমিয়োক সৰ্ব্ব।
তোমাৰ যে দান মান,   ঠেহ দোষ নকৰিব,
  তাহান লোক আছে গৰ্ব।
কিষ্কিন্ধা নগৰ মাজে,  ভালমতে জানিলেক,
 বালি ৰাজা সুগ্ৰীৱ বীৰক।
ৰাজাৰ নিদানে আনো, সৰ্ব্ব লোকে সুখে আছে,
 আক প্ৰভু নজানা কিসক॥

[ ৪৫ ]

মাধব কন্দলী ভনে, শুনিয়োক সৰ্ব্ব জনে,
 ৰামৰ চৰিত্ৰ কথা সাৰ।
শুনম্তে অমৃত সম,  পাপৰ সাক্ষাত যম,
 জানি ৰাম বোলা বাৰে বাৰ॥

পদ।

বালীবোলে শুন ওৰে পটেশ্বৰী তাৰা।
ৰূপে গুণে, বিতোপনি সংসাৰতে সাৰা॥
জানিলোহো ৰাম দশৰথৰ তনয়।
তাঙ্ক লাগি মোৰ কিছু ভয় নাহিকয়॥
সাগৰ সুখান্ত ৰামে একপাট সৰে।
দেৱক খেদন্ত পশি স্বৰ্গৰ ভিতৰে॥
উপাৰিতে পাৰোঁ সাত দ্বীপ পৃথিবীক।
কহে ৰামে কি কৰিবে দুৰ্জ্জয় বালীক॥
স্ত্ৰী বৈৰী পিতৃ বৈৰী সামাবৈ বিনুহো।
ৰাজ্যৰ নিমিত্তে আমি দুই ভাই যুযুহো॥
কোন অপৰাধে ৰামে বধিব আমাক।
বাহুৰিয়া পটেশ্বৰী ঘৰে বসি থাক॥

[ ৪৬ ]

তথাপি বালীক তাৰা বুজাই বুলিলন্ত।
ভকতৰ পদে ৰামে অন্য়ায় কৰন্ত॥
ভকত বৎসল গুণ এতেকে ৰামৰ।
সুগ্ৰীৱ ভকতি তান্তে কৰে নিৰন্তৰ॥
এতেকে শংসয় প্ৰভু দেখোহো মনত।
ক্ৰোধে বালী বোলে মোক বুজাৱ শকত॥
নিচুকিয়া থাক কিছু'নুবুজস কাজ।
এহি বুলি চলি গৈলা যুদ্ধক হুয়া সাজ
প্ৰবোধিলা যেবে বালী প্ৰবন্ধ বচনে।
পালটি ৰহিলা তাৰ। অসন্তোষ মনে॥
বাধাক নমানি বালী সমৰক যাই।
মাথাৰ উপৰে কাক শগুণ বনাই॥
বাম পাশে সৰ্প যাই ডাহিনে শৃগাল।
কাক গৃধ পক্ষীৰ আকাশে কোলাহল॥
চও বায়ু বহে খোলা খাপৰৰ ঝাক।
কিষ্কিন্ধ্যাত ৰুধিৰে বৰিযে জাকে জাকে॥
হাঞ্চি জেঠি নমানিয়া ৰণক গমন।
বালী সুগ্ৰীৱৰ দুইৰো ভৈলা দৰিশণ।
দুইকো দুই তাৰ্জ্জিয়া গৰ্জ্জিয়া পাৰে গালি।
লাগি গৈলা সমৰ সুগ্ৰীৱ বীৰ বালী।

[ ৪৭ ]

বজ্ৰৰ সদৃশ দুয়ো হানন্ত চৱৰে।
লাথি হানি প্ৰহাৰে নিৰ্ঘাত যেন পৰে॥
বৃক্ষে বৃক্ষে হানিলন্ত শিখৰে শিখৰে।
কিল ভুকু চৱৰ মাৰন্ত নিৰন্তৰে॥
অদভুত সমৰ কৰন্ত দুইয়ো ভাই।
আকাশত দেবগণে আছিলন্ত চাই॥
ধনুত যুড়িয়া শৰ ৰামে সাবধানে।
দুইহানু সমৰ চাই আছে বিদ্যমানে॥
দুয়োবীৰে আটোপে ধৰিলা কোলে কোলে।
পৃথিবীত পৰি গৈলা দুই হানো আন্দোলে॥
গম্ভিৰত মেৰু যেন গহিনে সাগৰ।
যেন মেৰু মন্দৰ যুজন্ত একতৰ॥
হৰি শঙ্কৰৰ যেন মিলিলা সমৰ।
গ্ৰহ যুদ্ধ ভৈলা যেন মঙ্গল বুধৰ॥
বালী বাসবৰ যেন মিলিলা সমৰ।
বালী সুগ্ৰীৱৰ যুদ্ধ ভৈলা সেই পটন্তৰ॥
বালী বোলে শুন ওৰে সুগ্ৰীৱ দন্দুৰ।
মুঠিৰ প্ৰহাৰে তোক নিবো যম পুৰ॥
কুম্ভস্থলে মুঠি হানি লৱৰিল টানে।
পৰি মূৰ্চ্চা গৈল বীৰ নমৰিল প্ৰাণে॥

[ ৪৮ ]

পাছে কতোক্ষণে তান আসি ভৈলা জীৱ।
ভয়ঙ্কৰ শাল দুই হানিলা সুগ্ৰীৱ॥
হৃদয়ত পৰি বালীবীৰ মূৰ্চ্চা গৈলা।
কতোক্ষণ অন্তৰে সন্ধুক্ষণ ভৈলা॥
ৰাম চন্দ্ৰ দেখন্তয় সাজ ভৈলা বৰে।
সুগ্ৰীৱ ঘাটন্ত বালীৰাইৰ চৰে॥
নাচনি মাৰি পূৰ্ব্বে অপযশ পাইলোঁ।
মাৰোঁ বুলি শপত কৰিয়া পুনু আইলোঁ॥
আবে কেনে চাহি আছোঁ দেখিয়া আগত।
এহি বুলি শৰপাট ঝুড়িলা গুণত॥
বালীৰ হিয়াক লথি হানি পঠাইলন্ত।
বিম্বাদ শবদে চলে আকাশত॥
সন্ধানে পৰিলা বালীৰাইৰ হৃদয়ত।
চিৎ হুইয়া পৰিলেক সমৰ ভূমিত॥
ক্ৰৌঞ্চ পৰ্ব্বতক যেন ভেদিলা কুমৰে।
হযাত পৰিয়া শৰ ভৈলা পক্ষী আৰে॥
হা মৰিলোহো বুলি পৰি গৈলা বালী।
পৃথিৱীক শৰীৰকে শৰে থৈলা শালি॥
সাধিলোহো সুগ্ৰীৱ মিত্ৰৰ সবে কাজ।
এই বুলি ৰাঘৱ বনৰ ভৈলা বাজ॥

[ ৪৯ ]

মাথা পলতাই বালী পাঞ্জৰক চাইলা।
বনহন্তে আসন্তে ৰামক ভেট পাইলা॥
ঞ্জ যেন চক্ষু ফুৰাই পাৰিলেক গালি।
‘ধক ধিক ৰাঘব অধম পাপশালি॥
পাপময ৰাম তুমি পাপৰ আচাৰ।
পাপ বুদ্ধি ৰাম ইটো শৰীৰৰ তোমাৰ॥
নুবুলিবা শৰ তুমি ক'ৰলাহা কিক।
তামাৰ বাৰত্ব ৰাম আছে ধিক ধিক॥
ক্ষত্ৰ জাতি বাৰ তুমি.নাহিক গহন।
নোবোলাইয়া শৰ কৰিলাহ। কিকাৰণ॥
লাইযা আমাক হন্তে কৰিলাহা ৰণ।
পৰবৰ্ত্তি ভৈলা হন্তে তোমাৰ মৰণ ॥
-কি এড়ি ৰাম তুমি মাথা তুলি চাহা
হৃদয় বিদাৰি মোৰ শোণিত পিহা॥
কান কাৰ্য্যে বনৰ বানৰ মাৰিলাহা।
দখ ৰা দখ'ৰ কৰ মাস কাটি খাহা॥
আমাক মাৰিলা আমি কোন কাৰ্য্যেভাল।
• মাস নখাহবাহা তেবে নিপিন্ধিবা ছাল ॥
ভূঞ্জে উত্তম জাতি আমাৰ মাংসক।
জাতো • লাগে বনৰৰ পাঞ্চনখ ॥

[ ৫০ ]

শুনিয়াছো ৰাম সৰ্ব্ব কাৰ্য্যতে গৰিষ্ঠ।
দেবগুৰু পিতৃ যত সবাহাতে নিষ্ঠ॥
জানিলোঁ তোমাক সবাতো পৰিবৰ্য্য।
যেন ধৰি আছা বিড়ালৰ ব্ৰহ্মচৰ্য্য॥
পৃথিবীৰ পতি তুমি ভৈলা অকাৰণ।
উত্তম নাৰীৰ পতি যেহেন টেন্টন॥
হাঁ কিনো ভৈলা তযু গতি বসুমতী।
অধম আচাৰ ৰাম ভৈলা তব পাতী॥
সমস্তৰে পাপ হৈব আদিত্যৰ ব’শ।
তোমাৰ উপৰি বশ সবে ধৰ্ম্ম অংশ॥
সূৰ্য্য বংশ সমস্তৰ শিৰৰ মুকুট।
নিৰ্ম্মল কুলত তুমি ভৈলা কালকুট॥
দশৰথ নৃপতিক ভাল জানো আমি।
অদভুত ক্ষত্ৰি তোহো যুগুত সংগ্ৰামা॥
তানে পুত্ৰ দুই ভৈলা অধন আচাৰ।
বিমুখে মাৰিয়া পাইল। কুল খেলিঙ্কাৰ॥
মোতে বুলিলাহা হন্তে সাতাৰ কাৰ্য্যক।
আজি বান্ধি আনি দিবে পাৰো ৰাৱণক॥
আমাক এড়িয়া সুগ্ৰীৱক কৈলা সাৰ।
সিংহ এড়ি শৃগালত আসি কাটো মাৰ॥

[ ৫১ ]

সুগ্ৰীৱ সাধিবে কাৰ্য্য নোৱাৰিব ভালে।
যদিবা সাধিবে পাৰে আতি চিৰকালে॥
ৰাৱণক সুগ্ৰীৱ পাৰয় কি কৰিতে।
‘আনি দিবে পাৰো ৰাৱনক তিলেকতে॥
পূৰ্ব্ব কালে ৰাৱণে ব্ৰহ্মাত বৰপাই।
মৰ্ত্য পাতালক ভযত কম্পাই ॥
ভঙ্গ মানিলন্ত ইন্দ্ৰ আদি দেবগণ।
কিষ্কিন্ধ্যাত আসি মোত মাগিলেক ৰণ॥
মই বোলো ৰাৱণ বসিয়া থাক ঘৰে।
স্নান কৰি আসো মই চাৰিও সাগবে॥
ৰাৱণ বোলয় ভালে কৰ আটি মুটি।
জাৱ যেবে বানৰা কাৰিবি সাটি শুটি॥
লাঘৱ বচনে মই ক্ৰোধ বৰ পাইলো।
কাখেতলি সাবটিয়া তুলি আল গাইলো॥
দশ মুখ ৰাৰণক তুলি বাহু মেলি।
দঙ্গাদঙ্গি পাৰে বুঢ়া হাতৰ ঠেঙ্গুলী॥
সপক ধৰিয়া যেন গড়ুৰে উৰান্ত।
ৰাবণক লৈয়া মই গৈলো সাগৰত॥
নাকে মুখে ৰাৱনক ধৰিলো জপাই।
উসহিল পেটতাৰ হৃদি সিন্ধি নাই ॥

[ ৫২ ]

পুব দিশ দক্ষিণ পশ্চিম উত্তৰত।
সন্ধ্যা কৰি ফুৰিলোহো চাৰি সাগৰত॥
দণ্ড দুইৰ ভিতৰে সমুদ্ৰে সন্ধ্যা কৰি।
ত্বৰিতে আসিয়া ভৈলো কিষ্কিন্ধ্যা নগৰি॥
দুৱাৰত থৈয়া বোলো আবে দেহ বণ।
হাৰিলো হাৰিলো বুলি ধৰিলা চৰণ॥
বিনতি কাতৰ বাণী বুলিলা অশেষ।
ভঙ্গমানি চলিগৈলা আপনাৰ দেশ॥
বাটভেন্টি পাছে তাক অঙ্গদে ধৰিল।
কঙ্কালত লাঙ্গুলে শতেক পাকদিল॥
সাগৰত নিযে তাক জোবৰাইবে লৈলা।
টোপলা বহন্তেন্তে কলাধাতু মাত্ৰ ৰৈলা॥
হেনদেখি অঙ্গদকে বুলিলো চেন।
ছাড় পুত্ৰ ইটো মোৰ শৰণিযা জন॥
মোৰ বাক্যে এড়ি দিলা অঙ্গদ কুমাৰে।
লাঞ্চনা লভিয়া গৈলা লঙ্কাৰ ভিতৰে॥
হেন ৰাৱণক ৰাম তুমি কৰাডৰ।
ৰণচেৰ মোৰ যেন ঘৰৰ ডিঙ্গৰ॥
পঠাইযা দিলো হন্তে মোৰ আজ্ঞা বাণী।
মাথে কৰি সাতাক দিলন্তে হন্তে আনি॥

[ ৫৩ ]

তাকে লাগি সুগ্ৰীৱক অশ্ৰয় কৰিলা।
আমাক বিমুখে বধি অধৰ্ম্ম লভিলা॥
অধিকে নিন্দিবে ৰাম মোৰ নাহি কাজ।
আচৰিত হীন নাম ধৰ্ম্ম ভৈলা বাজ॥
শুনি ৰামে বোলন্ত বানৰ গৰ্ব্বকাৰা।
মোক গৰিহস আগ পাছ নিবিছাৰি॥
দুৰ্জ্জন চঞ্চল মন্দ তৰল বানৰ।
শুনা যি কাৰণে তোক কৰিলোহু শৰ॥
ইক্ষ্বাকু বংশৰ ৰাজ্য সকলে আমাৰ।
অবশ্যে খণ্ডিবে লাগে পৃথিবীৰ ভাৰ॥
খন্ট চোৰ বচন যতেক দুৰাচাৰ।
যাক যেন অনুৰূপে কৰয় সংহাৰ॥
ভৰত ভৈলন্ত ৰাজা সোদৰ আমাৰ।
অনুচিতে পিম্পৰাৰ নিচিন্তিবে মাৰ॥
দুষ্টক কৰোহো দণ্ড তানে বোল পালি।
কোন কাৰ্য্যে আমাক নিন্দহ দুষ্ট বালী॥
যি বুলিলি বিমুখত মাৰিলোহো শৰ।
ইহাৰ উত্তৰ শুন পাপিষ্ঠ বানৰ॥
পূৰ্ব্বে যত ৰাজগণে ধৰ্ম্ম অ চৰিলা।
যেনে তেনে পশু মৎস্য কচ্ছপ মাৰিলা॥

[ ৫৪ ]

জাল পাতি মাৰিয়া পাছত খেদি শৰে।
বনে আৰ হুয়া মাৰি পলাইবাক ডৰে ॥
জাঠি জোঙ্গে মাৰে কটো কুৰুফান্দ পতি।
নানামতে মাৰয় বনৰ পশুজাতি ॥
কাৰ্য্যত লক্ষিলো তই পাপিষ্ঠ বানৰ।
কনিষ্ঠৰ ভাৰ্য্যাক কৰিয়া আছা ঘৰ॥
সুগ্ৰীৱ হেনয ভাই দেশৰ ডাকিলে।
ভ্ৰাতৃ বধূ সম্বৰিয়া বৰযশ পাইলে॥
প্ৰতিজ্ঞা সাম্ফলি সুগ্ৰীৱক দিবো ৰাজ।
তোক মাৰি পঠাওঁ আজি যমৰ সমাজ॥
সাফলিলো অঙ্গীকাৰ পালিলো সত্যক।
অকাৰ্য্যে নিন্দস মোক বানৰ লটক॥
ঘোৰ ঘোৰ পাপ তই যত আচৰলে।
সংগ্ৰামত পৰি প্ৰায়শ্চিত্তক কৰিলে॥
তোৰ গতি হৈলা বালী মোৰ হাতে পৰি।
স্বৰ্গে চলি ষাহ দিব্য বিমানত চড়ি॥
বালী বোলে ৰাম চন্দ্ৰ কৰোাঁ নমস্কাৰ।
তোমাৰ চৰণে ইটো সকল সংসাৰ॥
নিচিনিয়া বুলিলোাঁ তোমাক নিন্দীবাক।
পশিলোঁ শৰণ প্ৰভু ক্ষমিওক তাক॥

[ ৫৫ ]

তোমাৰ বৰত মোৰ ভৈলা সদগতি।
অঙ্গদক অনুশৌচ কৰোহু সম্প্ৰতি॥
নিতে নিতে পুত্ৰ মোৰ কোল ক্ৰীড়ে।
ৰামৰ শৰত পৰি পুত্ৰ শোকে পীড়ে॥
অচিৰতে শোক মোৰ মিলিল বিশাল।
কাহাত শৰণে পুতাই বঞ্চিবেক কাল॥
হা অঙ্গদাই মোৰ পুত্ৰ সমসৰ।
এক দুখ নজানিলে সুখিয়া কুমাৰ॥
মৰি যাওঁ হেৰা মোৰ অঙ্গদাই বাপি।
বাপ বুলি থাকিবি কাহাৰ কাশ চাপি॥
হৰি হৰি সুকোমল সুললিত দেহ।
সব কুটুম্বত কৰি তোতে মোৰ স্নেহা॥
আথে বেথে ৰামে মোক দেশৰ ডাকিল।
সুজিবে নপাইলো ধাৰ লাগিয়া থাকিল॥
শুন শুন বলোঁ মই সুগ্ৰীৰ সোদৰ।
মন্যু পৰিহৰি মোৰ কোলে চাপি ধৰ॥
গৰ্ভতে আছিলোঁ দুই ভাই একে ঠাই।
কোনদেৱে বিধিযে পেহলাইলে বিহৰাই॥
তোমাৰ আমাৰ কপালৰ নাহি যোগ।
দুই ভাই মিলি নকৰিলোঁ ৰাজ্য ভোগ॥

[ ৫৬ ]

হৰি হৰি বান্ধৈ মোৰ তাৰ পটেশ্বৰী।
বিপাঙ্গে মৰিলো তোৰ বচন নকৰি॥
বালীৰ কৰুণা শুনি কান্দন্ত সুগ্ৰীবে।
হাকুলে ব্যাকুলে মুঠি হানিলন্ত হিয়ে॥
কি কৰিলোঁ পাপী মই অধমতে হেঠ।
ৰাজ্য লোভে  মৰাইলোঁহো পিতৃ হেন জেষ্ঠ॥
দদাবোলোঁ মুণ্ড তুলি চাহা মোৰ মুখ।
প্ৰাণ মোৰ শঙ্কলে তোমাৰ দেখি দুখ॥
হেন দেখি দুই ভাই ধৰি কোলে কোলে।
নগৰ ব্যাপিল দুই ক্ৰন্দনৰ ৰোলে॥
থাকিলন্ত সুগ্ৰীৱ বালীক মন্যু কৰি।
সিথানত শুনিলন্ত তাৰা পটেশ্বৰী॥
হিয়ে মুঠি হানিয়া স্বামীৰ পাশে যাই।
বানৰী সহস্ৰ বেঢ়ি লগতে বজাই॥
স্বামী পাশে চলয় বিকলে দেশ চাই।
দেখন্ত নগৰ মাজে বানৰ পলাই॥ 
পলাই দাৰি দুৰি কৰি মনত ভৰি ভঙ্গে।
ঠাৰে ঠোৰে কহে কথা বানৰত ৰঙ্গে॥
জাম্প দিয়া কতোহো বৃক্ষৰ আগে ছড়ে।
বৃক্ষ এড়ি কটো কটো গহ্বৰত পৰে॥

[ ৫৭ ]

কিচ মিচ কৰিয়া বানৰে পাৰে উকি।
বামে পাইলে বুলি দেই নিকুম্ভত লুকি॥
তাৰায়ে বোলন্ত শুনিয়োক কপিগণ।
স্বামীৰ বাৰ্ত্তাক কহিয়োক এতিক্ষণ॥
কি কাৰণে পাই সবে বানৰ বিপুল।
অথিৰ চৰিত্ৰ দেখো চিত্ত বিয়াকুল॥
পটেশ্বৰী আই তুমি বাৰ্ত্তাক নপাইলা।
ৰাম ৰূপে কাল হুয়া গ্ৰাসিবাক আইলা॥
হেন বীৰ নতু দেখো নতু শুনো কানে।
অপাৰ সাগৰ বল গগণ সমানে॥
ত্ৰিভূবন কম্পয বালীৰ পয়োভৰে।
হেন বাৰ মাৰিলেক এক পাট শৰে॥
স্বামী নিজীৱন্ত কৈক লাগি যাস।
অঙ্গদ পুত্ৰক নিয়া মৰাইবাক চাস॥
পৰিৱৰ্ত্তি আস মাৱ কিষ্কিন্ধ্যা নগৰ।
ৰাজা পাতিয়োক নিয়া অঙ্গদ কুমাৰ॥
কিষ্কিন্ধ্যা ৰাখিতে পাৰে তান বুদ্ধিবলে।
আন কপিগণ সবে নৃপতি বিকলে॥
স্বামাৰ বাৰ্ত্তাক যেবে নিশ্চয পাইলন্ত।
হিয়ে মুঠি হানি তাৰাদেবী কান্দলন্ত॥

[ ৫৮ ]

বানৰা সকলে বেঢ়ি প্ৰবন্ধে বুজান্ত।
স্বামীৰ পাশক দৰদৰি আণ্টাইলন্ত।
শুনা সভাসদ ৰাম কথা অনুপাম।
পাপৰ কঠিয়া পোৰা বোলা ৰাম ৰাম




ছবি।

বালীক দেখিলা গৈয়া,  মৰন্তে তথাত হাছে,
 কথমপি আছে মাত্ৰ প্ৰাণে।
নিশ্চেষ্ট আছন্ত পৰি,  উভ লেজ কৰি আতি,
 শালি আছে ৰাঘবৰ বাণে॥
স্বামীক বেঢিয় গৈয়া, হৃদয়ত পাৰ পৰি,
 কান্দে সবে হাকুলে ব্যাকুলে।
সমস্ত দিশক বেঢ়ি,  বানৰা সবেও কান্দে,
 স্বৰ্গক লঙ্ঘিলা সিটা বোলে॥
বালী ৰাজা পৃথিবীত,  পৰিবাৰ দেখি মই,
 কি কাৰণে ধৰি আছোঁ জীৱ।
অঙ্গদাই কুমাৰক,  কোলে কৰি লৈয়া প্ৰভু,:
 কাহাৰ আগত হৈবো থিৱ॥

[ ৫৯ ]

অঙ্গদ কুমাৰ হেৰা, ক্ৰন্দন কৰন্তে আছে,
 তযু দুই চৰণত পৰি।
সহস্ৰেক মহাদই, ক্ৰন্দন কৰন্তে আছে,
 ভূমিত পৰিয়া গড়াগড়ি॥
সিখৰ সিন্দুৰ ঘৰ, থসাইলাহ প্ৰভুমোৰ,
 ৰাজযোগ আনো অলঙ্কাৰ।
পতিব্ৰতা নাৰী হুয়া, কেন মতে ৰহিবোহে ,
 মহাদুখ বিধবাৰ ভাৰ॥
মই যাক তাৰ্জ্জিলোহু, সেহিমোক গৰ্জ্জিবেক,
 বিৰহতে থাকিবোহে পতি।
অনাথ হৈবেক মোৰ, অঙ্গদ কুমাৰ যাতো,
 স্বামী সঙ্গে গৈলো হন্তে সতী॥
যাহাৰ প্ৰসাদে মই, পৃথিবী মণ্ডল মাজে,
 আছিলোঁহু ৰাজ ৰাজেশ্বৰী।
শত্ৰুপক্ষ নৃপতিৰ, যত পটেশ্বৰীগণ,
 আছিল মোকেসে সেৱাকৰি॥
আনৰ স্বামীযে গৈয়া, মোহৰ স্বামীৰে লগে,
 অন্তৰ আছিল বহুদূৰ।
হেন মোৰ প্ৰাণ নাথ, এবে কি কাৰ্য্যে যাহা,
 লগতে চলিবো যম পুৰ॥

[ ৬০ ]

আকুল ব্যাকুল কৰি, ক্ৰন্দন কৰন্তে আছে,
 ৰাজাৰ কাশত পটেশ্বৰী।
তোমাতেসে আচিলেক, তাৰাৰ সুয়াগ যত,
 কৈক যাহা মাক পৰিহৰি ॥
হামাৰ বচন তুমি, নুশুনিলা প্ৰভুদেবে,
 আন্ধাৰ কৰিয়া দশোদিশ
আপদৰ সমযত, সুহৃদৰ বচনক,
 দেখিলাহা তুমি যেন বিষ॥
পুত্ৰ যেবে ৰাজা হবে, বোলাবয় ৰাজমাও,
 আনৰূপে সম্পদক পাই।
হাত তল ক'ৰ অনি, কিছু কিছু ধন দেই,
 যদবা ইবয বাপ ভাই ॥
স্বামী ৰাজা ভৈল সবে, সৰ্ব্বস্বৰে অধিকাৰ,
 হুুইবে পাই মুখ্য পটেশ্বৰী।
হেন প্ৰাণ তুমি, আমাক এড়িয়া যাহা,
 কিকলাগি প্ৰাণ আছো ধৰি ॥
শুনিও সুগ্ৰীৱ বীৰ, স্বামীৰ সোদৰ ভাই,
 তুমি শ্ৰেষ্ঠ দেৱৰ আমাৰ।
আপোনাৰ সুখ হেতু, স্বামীক মাৰিয়া ঘোৰ,
 কালা নাহিকে অধিকাৰ ॥

[ ৬১ ]

এবে বৰ যণ পাইলে, শ্ৰেষ্ঠ ভাইক নচাহিলে,
 আমাক চাহিবি কিবা আৰ।
তোৰ মনে সুখ হৌক, ভাযেৰ লগে মোৰ,
 গলে আন ডাঙ্গদিয়া লগে মোৰ
গুণ চাওঁ তোত বাজে, বান কুলৰ মাজে,
 আন কোন আছে দুৰাচাৰ।
শ্ৰেষ্ঠ তৃনন, তান তই ভৈলি যম,
 কিনো যশ লভালি অপাৰ।
ৰাৰ বিলাপ দেখি, লক্ষ্মণ সুগ্ৰীৰ বাৰ,
 শ্ৰীৰামচন্দ্ৰ কৃপাময়।
বপৰীত শোককালে' তিনিৰো শৰীৰ দহে
 চক্ষু ঢাকি লোতক বহয়।

পদ।

তাৰ বলে শুনাৰাম ৰম শাস্তিক।
বিমুখ সমৰে স্বমা মাৰলাহা কিক॥
জ্বল্য সমান ভৈলা স্বামীৰ সন্তাপে।
তোমাক দহিব পাৰোাঁ পতিব্ৰতা শাপে॥

[ ৬২ ]

তোমাক শাপিলে এবে জীৰে মোৰ স্বামী।
তেবেসে তোমাক শাপি ভস্ম কৰোঁ আমি।
যেন অনিবেলা নকৰয় যেন পাপ।
সীমাদণ্ড থৈয়া আনৰূপে দেও শাপ॥
বাহুৰ প্ৰভাৱে তুমি সীতাক লভিবা।
অগণিত পৰীক্ষায় অযোধ্যাক নিবা।
তযু জায়া সীতা দেবী হন্ত মহাশান্তি
তোমাক বিচুই অল্প কালে এড়িবন্তু॥
মই হেন মৰোঁ হেৰ স্বামী বিযোগে।
তোমাক বঞ্চিবে সিটো দেবীৰ সম্ভোগে॥
বিশ্বাস নযায়া হৃদয়ত দি শাল।
কৰিবা কাতৰ তেহোঁ যাইবন্ত পাতাল।
পাছে কটোক্ষণে সন্ধুক্ষণ ভৈলা বালা।
চক্ষু মেলি কুটম্বক চাহিল নিহালি।
দেখান্ত অঙ্গদ চৰণত পৰি আছে।
সব বন্ধু জনে বেঢ়ি কান্দে আগে পাছে।
ডাইন হতে অঙ্গদ আলিঙ্গি ধৰিলা
বামহাতে তাৰাক ধৰিয়া বোধ দিলা॥
পাৰছেদ কৰি নপাইলোহো ভাৰ্য্যা পোকে
যমপুৰ গৈলে মোক নেৰিবেক শোকে॥

[ ৬৩ ]

হৰি হৰি পুত্ৰ ধন তাৰ পটেশ্বৰা।
বিচাট লগাইয়া হেৰা মই যাওঁ মাৰ
তাসম্বাক এড়িলো এড়িলো হৃদি খেদ।
তোমাৰে আমাৰে ভৈলা দৃষ্টি পৰিচ্ছেদ॥
ভয়াই সুগ্ৰীব দেব মোৰ বোল শুন।
মৃতক ভ্ৰাতৃৰ নধৰিাৰ দোষ গুণ॥
যবৰাজ কৰি অঙ্গদক ভালে ৰাখা।
মোৰ বলে বীৰ্যে পুত্ৰ তোৰ হৈব সখ।
খূৰতে ভাতিজে আদিত্যক দিবি ধাৰ।
ইন্দ্ৰ দেবতাত ভয মুহিব তোমাৰ॥
তোমাৰ বিপুল বলে কিছু নাহিবেক।
মোৰ পুত্ৰে অনেক ৰাক্ষস মাৰিবেক॥
সুগ্ৰীৱক গ্ৰাৱে বাৰ মুখে চুমাদল।
অঙ্গদ পুত্ৰক হাতে হাতে সমৰ্পিল॥
মোৰ পুত্ৰ নহি বাপু তোহোৰ তনয।
ভালমতে অঙ্গদক পালিতে লাগয়॥
কুলত থাকয় যদি একোদৰ ভাই।
একৰ তনয় আছে আৰ কাৰ নাই॥
সেহি পুত্ৰ গুটি সবাহাৰে হবে সাৰ।
জল পিণ্ড দানে কৰে বংশক উদ্ধাৰ॥
 (৫)

[ ৬৪ ]

শুনা বাপু বোলোঁ তনয় অঙ্গদ।
তোহোৰ খূৰাতে পাইল সকল সম্পদ॥
আৰু সেৱা এড়ি কৰ্ম্মে কৰি সেৱেলি।
আতি সেৱা কৰিয়া পাতালে গৈল বলা।
প্ৰণামোহু ৰামচন্দ্ৰ কৰি হাত যোড়।
অল্প মতি তৰল বান মুখ মোৰ॥
শৰ বিষে যতেক বোলিলু খিলিঙ্কাৰ।
ইসব দোষক গোসাই ক্ষমিও আমাৰ
সুবৰ্ণৰ পঙ্কজ শোভয় পুষ্প মালা।
যাক পৰিধানে শ্ৰীধৰ সম কলা॥
বাসবে দিলন্ত মোক মাণিকে উজ্জ্বলা।
গ্ৰীৱহন্তে কাঢ়িয়া দিলন্ত সেহিমালা॥
লক্ষ্মণক দিয়া বোলে তযু গ্ৰীৱে ধৰা।
নুহি সুগ্ৰীৱক দিয়া ৰাজ্যক যোকাৰা॥
অঙ্গদ কুমাৰ মোৰ তাৰ পটেশ্বৰী।
দুই হন্তক প্ৰভু পালিবাহা ভাল কৰি॥
বালিক প্ৰবোধি পাছে মাতিলন্ত ৰাম।
ভাৰ্য্যাৰ পুত্ৰৰ শোক কৰা উপশাম॥
তোমাতো অধিক কৰি সুগ্ৰীৱ পালিব।
অভিনন্দ ভাৰে ৰাজ ভোগে কাল নিব॥

[ ৬৫ ]

শুনিও সুগ্ৰীৱ মিত্ৰ মোৰ বোল কৰা।
বালী দেন্ত মালা আপোনাৰ গ্ৰীৱেধৰা॥
জ্যেষ্ঠ ভাইক লাগি কিছু নিকৰিবা শোক।
পুষ্পৰথে ছড়ি বালী যান্ত স্বৰ্গলোক॥
লৈয়ো প্ৰাণ ভাই বুলি বালী মালা দিলা
হৰিষ বিষাদ মনে সুগ্ৰীৱে পিন্ধিলা॥
অতিশয় শোভা কৰে দশ গুণে কলা।
দেখি যেন মেৰুৰ শিখৰে সূৰ্য্য জালা॥
ভৈয়াই সুগ্ৰীৱ মোৰ হেৰ্ প্ৰাণ জান্তি।
আষাৰেক মাতোহো শুনিও তাৰা শান্তি॥
বপাকে পৰিলো তোৰ বচন নুশুনি।
পুত্ৰক পালিবি মোৰ দোষক নুগুণি॥
আপদ কালত তোৰ এক বুদ্ধি তৰি।
মই যম ঘৰে যাওঁ বচন নকৰি॥
এহি বুলি বালী ৰাজা ভৈলা নিশবদ।
শৰ বিষে দুই চক্ষু ভৈগৈল তবধ॥
থৰবৰ ভৈলা বালীৰাইৰ হাত ভৰি।
অচেতন ভাবে থাকিলন্ত দন্ত তৰি॥
মুখ ভৈলা নিস্পান নাসাত বায়ু নাই।
পালটীল চক্ষু দুই আদিত্যক চাই॥

[ ৬৬ ]

নীলে দেখিলন্ত বালীৰাইৰ নিৰ্জ্জান।
আজুড়িয়া কাঢ়িলন্ত বাঘবৰ বাণ॥
ৰুধিবে পূৰিত গাৱ নাহিকয় শান্তি।
বিজুলি ছটক যেন দেখি তাৰ কান্তি॥
স্বামীক ঘেৰিয়া কান্দে পটেশ্বৰী লোকে।
সুগ্ৰীবে কান্দন্ত আতি জেষ্ঠ ভা ৰ শোক॥
ৰামচন্দ্ৰ লক্ষ্মণ কান্দন্ত হনুমন্ত।
সৈন্যে সমে চাৰিপাত্ৰ আৰু জাম্বুবন্ত॥
তাৰা বোলে স্বামী তুমি গৈলা পৰলোক।
যমৰ পূৰত প্ৰভূ সুমৰিবা মোক॥
যাৰ মুঠি প্ৰহাৰে মেদিনী মেলে চিৰ।
হেনস্বামী ধৰনীত তেজিলা শৰীৰ॥
হা। স্বামী তুমি কেনে কাৰ্য্য়ক সাধিলা।
সুগ্ৰীৱক ডাকি ভ্ৰাতৃ বধ সম্বৰিলা॥
ধৰ্ম্মপথ এড়ি পাপ কৰিলা সকল।
অবিলম্বে পাইলা সেই অধৰ্ম্মৰ ফল॥
অঙ্গদে কান্দন্ত আতি বিয়াকুল চিত।
হৃদয়ত মুঠিহানি পৰিলা ভূমিত॥
হা! বাপ মোক কি কৰিলা নিমাষিতি।
মহাশান্তি মাৱ মোৰ ভৈলা অনাথিতি॥

[ ৬৭ ]

ৰাজাৰ কুমাৰ কান্দে ধৰণীত লুটি।
হা! বাপ বোলন্ত পৰাণ যাই ফুটি॥
দীঘল গহন পথে চলিলা আপোনে।
তযু পুত্ৰ ভাৰ্য্যা আবে পালিবেকে কোনে॥
ৰাঘবে বোলন্ত আবে শান্ত কৰা চিত্ত।
বিস্তৰ ক্ৰন্দনে নুহি মৃতকৰ হিত॥
ঝান্টে চীতা সাজিয়োক বহল বিস্তৰ।
তাতে তুলি বালীক কৰিও সংস্কাৰ॥
ৰামৰ বচন যেবে ভৈলা অবসান।
পাছে বীৰ লক্ষ্মণে দিলন্ত সমিধান।
শাক এড়ি সুগ্ৰীৱ প্ৰেতৰ কাৰ্য্য চাহা॥
পটেশ্বৰী দেবী তুমি কিষ্কিন্ধ্যাক যাহা।
চতুদ্দোল যানত বালীক নিয়া তোলা।
গাৰনদী সমীপত শীঘ্ৰে নিয়া পেলা।
অঙ্গদ কুমাৰ দিয়া পিণ্ড জলাঞ্জলী।
হনুমন্ত মুখে সব কাৰ্য্যক আকলি।
শিৰোগত ধৰিলন্ত লক্ষ্মণৰ বোল।
তোতক্ষণে তাৰা অনাইলন্ত চতুৰ্দ্দোল।
অঙ্গদে সুগ্ৰীবে দোলা তুলিয়া ধাৰলা
খূৰাতে ভাতিজা গিৰি নদীকুলে নিলা।

[ ৬৮ ]

আনো বৰ বৰ বীৰ পৰ্ব্বত আকাৰ।
হাতে কান্ধে বহিলন্ত মৃতকৰ ভাৰ॥
কাদন্তে কান্ধত লৈয়া বৈলা চতুৰ্দ্দোলে।
বালীক পুৰিলা নিযা গিৰিনদী কুলে॥
দন্ত কাষ্ঠ কাক বলি আৰস্নান বলি।
অঙ্গদে পিতৃৰ দিলা পিণ্ড জলাঞ্জলী॥
নিজ গুৰু ব্ৰাহ্মণে দিলন্ত চাহি পাঢ।
অঙ্গদে কৰিলা কাৰ্য্য় বিধিৰতে চাহি॥
নানাবিধ দান কৰিলন্ত বৃষোৎসৰ্গ।
হনুমন্ত সুগ্ৰীৱ সমস্ত জাতি বৰ্গ॥
দানে মানে সবে জ্ঞাতি সবতুষ্ট ভৈল।
পুষ্প ৰথে ছড়ি বালী স্বৰ্গে চলি গৈল॥
সমস্ত বানৰ বলে কাৰ্য্যক সঙ্কলি।
ৰামৰ চৰণে আসি কৰিলা সেৱল॥
হনুমন্তে ৰামক কৰিলা বহুস্তুতি।
তোমাৰ প্ৰসাদে ভৈলা বালীৰ মুকুতি॥
আষাৰেক বোলো বুলিবাক লাগে ডৰ।
ভৰি চাৰি পাঞ্চ যাৰা কিষ্কিন্ধ্যা নগৰ॥
ৰাজ্যক লাগিয়া যায়ো সুগ্ৰীৱৰ মিত্ৰ।
তুমি পৰশিলে হৱে থানৰ পবিত্ৰ॥

[ ৬৯ ]

ৰামচন্দ্ৰে বোলন্ত শুনিয়ো বায়ুসুত।
আমাৰ শিষ্যৰ অকল্যাণ আছে কৈত॥
বনবাস খাটো পালি পিতৃৰ আদেশ।
চৈধ্যয় বছৰ নাহি নগৰ প্ৰবেশ॥
শুনিয়োক হনুমন্ত গবাক্ষ গবয়।
মৈদ দ্বিবিধ শুনা বাৰ সমস্তয়॥
নল গন্ধ মাদন শুসেন নাম হৰি।
ব্ৰহ্মাৰ তনয় ওবা শুনিয়ো কেশৰী॥
তাৰ বাৰ পনস শুনিয়ো জাম্বুৱন্ত।
দধিমুখ যুথপতি আৱৰ আছন্ত॥
ইন্দ্ৰজানু সুজানু শুনিও বাৰ নীল।
ঋষভ সৰভ আৰ শুনিও সুশীল॥
সতনু সম্প্ৰতি সৰ্ব্বক্ষণ শুনিওক।
গোলাঙ্গল জাতি কপি আছা যত লোক॥
সবে মহাবাৰ যেন দেবৰ সমাজ।
সবেমাল সুগ্ৰীবক জোকাৰিয়ো ৰাজ॥
বালাসুত মহাবাৰ আছন্ত অঙ্গদ।
সবমিলি দিবা তাঙ্ক যুবৰাজ পদ॥
আমাৰ বচনে সবে হেলা পৰিহৰি।
সমস্ত বানৰ যায়ো কি কিষ্কিন্ধ্যা নগৰ॥

[ ৭০ ]
৭০
কিষ্কিন্ধ্যা কাণ্ড।

চলিয়ো সুগ্ৰীৱ মিত্ৰ লোৱা দণ্ডপাট।
প্ৰজা প্ৰতিপালি আজ্ঞা কৰিবাহা ডাট॥
নটে ভাটে ব্ৰাহ্মণে মঙ্গল কৰন্তোক।
সম্পিলো তোমাতে তাৰা দেবী আছন্তোক॥
শ্ৰাবনাদি মাস মুখ্য বাৰিষাৰ কাল।
'দনতে আন্ধাৰ মহা মেঘৰ ঘঞ্চাল॥
বানৰ গণৰ আৰ কিছু নাহি কাজ।
ইটো চাৰি মাস মহা সুখে কৰা ৰাজ
আমি থিত হৈবোঁহো শ্ৰাবণ গিৰিবৰে।
মিত্ৰৰ নিমিত্তে চিত উত্ৰাৱল কৰে॥
কাৰ্ত্তিক নিবৰ্ত্তি গৈল অগ্ৰাহন মাস।
সাতক খুজিবে যেন নমাতিও আস॥
সুগ্ৰীৱ বোলন্ত আবে ভৈলা প্ৰতিকাৰ।
ভাৰ্য্যাকো লভিলো অকণ্টকা ৰাজ্যভাৰ॥
সীতাক খুজিবো আমি চাৰি মাস পাছে।
ধাৰলাগি মিত্ৰৰ আমাৰ গাৱে আছে॥
ৰামক প্ৰণাম কৰি ভালুক বানৰে।
নগৰত প্ৰবেশ ভৈলন্ত চুপ কৰে॥
চৌদোলে সুগ্ৰীৱ ওয়াৰিত পযোসাৰ।
হিৰা মণি মাণিক্যে কৰয় জাতিস্কাৰ॥

[ ৭১ ]

লক্ষ্মীৰ ভবন যেন জগতেতে সাৰ।
সুগ্ৰীৱ বোলন্ত বিধি প্ৰসন্ন আমাৰ ॥
ওযাৰি ভিতৰে পঞ্চ ৰত্বৰ ভাণ্ডাৰ।
শুভাশুভ যে জয ভৈ গৈল জোকাৰ ॥
দণ্ড ছত্ৰ পতাকা বিচিত্ৰ নৃত্য গীত।
সুগন্ধ শীতল বাৱে আমোদিত চিত ॥
নানাবিধ চিত্ৰ থান আতি বিতোপন।
দেখ সুগ্ৰীৱৰ উল্লসিয়া গৈলামন
পদুলি পদুলি সবে পুটিলা তোৰণ।
সুবৰ্ণৰ দীপ ঘট সুগন্ধি চন্দন ॥
দুৰ্ব্বাক্ষত দিলা পঞ্চৰত্ন নিৰন্তৰে।
পশিলন্ত সুগ্ৰীৱে শ্ৰামন্ত বাস ঘৰে ॥
শুনা ৰামাযণ পদ যত সভাসদ।
অনন্তে মঙ্গল মিলে গুছয় আপদ ॥
যাৰ যেন বঞ্চিত মনৰ পুৰেকাম
নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম ॥

—o—
[ ৭২ ]
ছবি।

অন্তেষ পুৰৰ হন্তে,  মহন্ত সুগ্ৰীৱ বীৰে,
 ৰত্ন মণ্ডপক চলি গৈল।
মন্ত্ৰী পাত্ৰ গণে মিলি,   সেৱলি কৰিয়া পাছে,
 বাৰে বাৰে প্ৰশংসিবে লৈলা
সুবৰ্ণ ৰজত ৰত্নে,   শৰীৰক মণ্ডিলন্ত,
  অলঙ্কাৰে দেখি হেম ময়।
হৰষিত বদনৰ,   কান্তি চয় প্ৰকাশয়,
  যেন দেখি সূৰ্যৰ উদয় ॥
হনুমন্ত আদি ক'ৰ,   মুখ্য মুখ্য বীৰগণ
  ৰামৰ আজ্ঞাক শিৰ লৈলা।
ভাল ভাল দুত গণ,   দেশে দেশে পঠাই দিয,
  সম্ভাৰে মিলাইয়া সব ৰৈলা ॥
গঙ্গাদেবী আদি কৰি,   যত যত তীৰ্থ আছে,
  আৰো সাত সাগৰৰ জল।
সুবৰ্ণৰ অষ্ট ঘট,   অগৰু সুগন্ধি জলে,
  ভৰি আম ডাল দিলা ফল ॥

[ ৭৩ ]

আসিল সকল নাৰী,   ধৰি শুভ লগ্ন কৰি,
  শুভ দিন চাই শুভক্ষণ।
দুই পাট মহাদৈক,   অলঙ্কাৰে মণ্ডিলন্ত,
  অঙ্গচয় দেখি সুশোভন ॥
সুবৰ্ণৰ সিংহাসনে,   সুগ্ৰীৱ নৃপতি আদি,
  লীলারুপে থাকিলন্ত বসি।
ডাহিনত লোমা দেবী,   বামত বসিলা তাৰ,
  নক্ষত্ৰ মাজত যেন শশী ॥
ব্ৰাহ্মণ সকল সঙ্গে,   সুমঙ্গল কৰিলন্ত,
  পাতিলন্ত গণ-পতি ঘট।
নানাভঙ্গি ভাৱকৰি,   বিদ্যধৰী নাচেগাৱে,
  অসংখ্যাত গায ভাটনঢ
কোলাহল লাগি গৈল,   নগৰত ঢউভৈল,
  হুল স্থূল লাগি গৈলাতয়।
অসংখ্য শঙ্খৰ নাদে,   গগণ পুৰিযা গৈল,
  বন্ধুবৰ্গে কৰে জয় জয় ॥
বীৰ ঢাক ঢোল বাজে,   তবধ দগধ দাণ্ড,
  শবদ শুনিয়া কোলাহল।
ভেমচ খমচি চয,   ঋঝৰ ৰেমচি বাজে,
  ৰামতাল আৰো কৰতাল ॥

[ ৭৪ ]

টোকাৰি কেন্দুৰা বাজে,  বিপাঞ্চি দোতাৰ ৰুদ্ৰ,
  বীণ বাঁশি দশৰি মহুৰ॥
জিঞ্জিৰি কাহালি শিঙা,   ভেৰিঢাকে নিৰন্তৰে,,
 স্বৰ্গ ভুবনকো গৈলা পূৰি॥
ধবল চামৰ কৰে,   দুই পাত্ৰে আতি
 আগ পাছে থাকি গৈলা ঢুলি।
নিৰ্ম্মল চন্দ্ৰৰ সম, ধবল ছত্ৰেক আনি,
 ধৰিলন্ত কৌতুহলে তুলি॥
পণ্ডিত ব্ৰাহ্মণগণ,   বহ্তনিত আহুতি দিল,
  কন্যাগণে কৰিলা মঙ্গল।
দ্বিজ গণ মন্ত্ৰ পঢ়ি,   দুৰ্ব্বাক্ষত দিলা মাথে,
 আৰ সাত সাগৰৰ জল॥
হনুমন্ত জাম্বুবন্ত,  গবাক্ষ কেশৰী আৰো,
 দধিমুখ নল নীল তাৰ।
যথা যোগ্য ধৰি আসি,  নিৰন্তৰে পাত্ৰ গণে,
 জয় জয় কৰয় জোকাৰ॥
সুবৰ্ণ মুকুতা ফলে,   সিঞ্চিলন্ত কৌতু হলে,
 কি কহিবো তাহাৰ মহিমা।
মনত হৰিষে তয়,   নাৰীগণ জোকাৰয়,
 ধ্বনি সিটো গৈলা স্বৰ্গ সীমা।

[ ৭৫ ]

হনুমন্ত আদি কৰি,   মুখ্য মুখ্য বীৰ গণ,
  মিললন্ত সকল সমাজ।
তাৰা দেবী তনয়ক,   মহাবীৰ অঙ্গদক,
  তেখনে পাতিলা যুবৰাজ ॥
মহন্তক পালিবাহা,   দুষ্টক কৰিব' দণ্ড,
  ৰাজ্য জন নকৰিবা পীড়া।
তাৰা লোম দুই ভাৰ্য্যা,   দুই পাশে লৈয়া ৰাজা,
  সুগ্ৰীৱ কৰন্ত কাম ক্ৰীড়া ॥
এহিবুলি পাত্ৰ গণে,   অঙ্গদক নিয়োজিলা,
  সুগ্ৰীৱ ভৈলন্ত মহাৰাজা।
ৰাম চৰণ সেৱা,   প্ৰসাদে পৰম সুখী,
  হুইয়া ৰৈলা কিষ্কিন্ধ্যাৰ প্ৰজা ॥
শুনা সভাসদ চয,   সাক্ষাতে অমৃতময,
  ৰামৰ চৰিত্ৰ অনুপম।
মাধৱ কন্দলী ভণে,   বুলিয়োক ঘনে ঘলে,
  ডাকি উচ্চ কৰি ৰাম ৰাম ॥

[ ৭৬ ]

পদ

শ্ৰাবণ মাস গিৰি অতি অনুপম।
বাৰিষা কালত সিটো বঞ্চিকে উত্তম॥
লক্ষ্মণে নিৰ্ম্মিলা বাসা নদী সন্নিহিত।
দুই ভাই চাৰি মাস বঞ্চিলা তাহত॥
শ্ৰাবণ মাসত মুখ্য বৰিষাৰ কাল।
দিনতে আন্ধাৰ মেঘে কৰে কোলাহল॥
সুৰভি শীতল আতি দক্ষিণৰ বাৱে।
কোকিল কুহু নাদে নিদ্ৰাৰ জগাৱে॥
প্ৰমত্ত ভ্ৰমৰে যেন মালতিক চুমে।
বিৰহিণী নাৰীযে বিহ্বল চিত্ত ঘুমে॥
মেঘৰ গৰ্জ্জনা শুনি মৈৰা কৰে নাদ।
সীতাক সুমৰি ৰামে কৰন্ত বিষাদ॥
কৈক গৈলে সীতা মোৰ বচন অমৃত।
প্ৰাণেশ্বৰী অবিহনে নধৰয় চিত্ত॥
স্বভাবে বাৰিষা কালে কাম অতিকে।
একো গোটা দিনে যাই এক বৰিষেক॥
ৰাঘবে বলন্ত লখাই নসহে পৰাণ।
শৰীৰক দহে মদনৰ পঞ্চ বাণ॥

[ ৭৭ ]

চম্পক মালতি গন্ধে হৃদয় নসহে।
প্ৰাণ সঙ্কলয় যেন সীতাৰ বিৰহে॥
লক্ষ্মণে বোলন্ত দদা এডিড়িয়ো বিকল।
অতিশয় শোকে হৈব শৰীৰ দুৰ্ব্বল॥
বলিষ্ঠ ৰাৱণ থল পৰ্ব্বত যেহেনে।
নিৰ্ব্বল শৰীৰে তাক যুজিবাহা কেনে॥
প্ৰবল অগনি যেন দহে অতিবন।
সহজে জ্বলন্ত সখা হোৱন্ত পবন॥
দীপৰ অগনি নিমাৱন্ত সেহি বাৱে।
সুহৃদ জনৰ হন্ত হেনসে স্বভাবে॥
সন্তাপ এড়িয়োযো দদা নকৰিও শোক।
অমৃত সমান ফল মূল ভূঞ্জিযোয়োক॥
বাৰিষাৰ প্ৰস্ৰবণ গিৰিত আছন্ত।
সুগ্ৰীৱক নিতে হনুমন্তে স্মাৰাৱন্ত॥
মাৰুতিয়ো বোল শুনিও মহাৰাই।
কাৰ্ত্তিক নিবৰ্ত্তি গৈলা হেলা নুযুৱাই॥
নেযো আসি খুজন্তে আপুনি যেবে যাই।
তবেসে মিত্ৰত হন্তে কল্যাণক পাই॥
ৰাম মিত্ৰ ভৈলা তিনি ত্ৰৈলোক্যতে সাৰ।
যাতহস্তে ভৈলা তুমি দুৰ্গতি উদ্ধাৰ॥

[ ৭৮ ]

পটেশ্বৰ গণে পাইলা গুছিলা আপদ।
বাহাৰ প্ৰসাদে তুমি পাইলা ৰাজপদ॥
হিত বোল শুনা এড়িয়োক ৰাজ ভোগ।
সততে পাইবাহা নাৰীগণ উপভোগ॥
সুখে দুখে যাহাত বীৰত্ব নুযুয়াই।
ৰামে খেদি আসিলে ভালৰ চিন নাই॥
আপদ সময়ে হিতাহিতক নজানি।
ৰাজ ভোগ এড়িয়া শুনিও হিতবানী।
এহিমতে পাত্ৰগণে হিত বুলিলন্ত।
কটাক্ষে সুগ্ৰীৱ বীৰে মৌনে থাকিলন্ত॥
গৈলা অগ্ৰাহয়নৰ দিবস কটিপয়।
অৰুণ নয়নে ৰামে ক্ৰোধিয়াযা বোলয়॥
দেখিলা লক্ষণ ভাই বানৰৰ নয়।
আসো বুলি পিঠি দিয়া এখন নাহয়॥
আপোনিযে সুখে আছে মোহোক এৰিল।
নিলাজ বানৰ সবে গুণ পাসৰিল॥
মিত্ৰ বন্ধাইলোঁহো বনৰ পশু গণ।
জলে ৰেখা দিলে যেন গুছে তেতিক্ষণ॥
কিষ্কিন্ধ্যাক লখাই তুমি কৰিয়ো গমন।
শীঘ্ৰেগৈয়া সিতো বানৰাক ধৰি আন॥

[ ৭৯ ]

পণ্ডিত জনক যেন ভাণ্ডি গৈলা বোবে!
বটালি নকাটে বিনা হাথুৰিৰ কোবে॥
ৰামৰ বচন শুনি লক্ষ্মণৰ খঙ্গ।
মাৰো বানৰাক আজি ক্ষুদ্ৰ যে পতঙ্গ॥
তোমাক ভাণ্ডিল দদা হেৰা আসো বুলি।
কিষ্কিন্ধ্যা নগৰ পাইয়া কৰয় ধেমালি॥
বালাক মাৰিলা তুমি সিটো ভুঞ্জে ৰাজ।
তুমি ঘোৰ বনে ৰহা অৰণ্যৰ মাজ॥
ধানক পীড়িয়া বিনা বনে থাকে পীড়ি।
গৃহস্থৰ গলে কানি লাগি কতপৰি॥
স্বৰূপ বোলোঁহো মিছা নোবোলোহো বাজি
বানৰ কুলৰ যম হুইয়া যাওঁ আজি॥
শৰে হানি পেলাইবোঁহো সুগ্ৰীৱক ছেদি।
বানৰৰ ৰুধিৰে বহাইবো ঘোৰ নদী॥
শ্ৰীৰামে বোলন্ত লখাই শুনা ৰাজনয়।
গম্ভাৰ চৰিত্ৰে কাৰ্য্য় ঝান্টে লগ লয়॥
সৰস বচনে যেবে নাসে মোৰ পাশ।
নষ্ঠৰ বচনে তাক লগাইবাহা ত্ৰাস॥
যিটো শৰে বালাৰাই গৈলা যম ঘৰ।
বুলিবা সম্প্ৰতি টুনে আছে সেই শৰ॥

[ ৮০ ]

একেশৰে জেষ্ঠ ভাই মাৰল তোমাৰে।
তুমি পুনু মৰিবাহা পুত্ৰ পৰিবাৰে॥

 

দুলড়ি।

ৰামক প্ৰণামি, লক্ষ্মণ কুমাৰ,
 চাললা কষ্কিন্ধ্যা পুৰ।
চৰণ প্ৰাহাৰে, পৃথিবী কাম্পয়,
 মেদিনা মেলয চিৰ॥
ক্ৰোধ নয়নে, সত্বৰ গমনে,
 কিষ্কিন্ধ্যা পুৰক পাইল।
হাতে বৃক্ষ শিলা, পৰ্ব্বত ধৰিয়া,
 প্ৰচণ্ড বানৰে ধাইল॥
সশীৰৰ মাজে, দৰা দাৰ লাগি,
 বানৰৰ হুল স্থলি।
পাত্ৰ মেলেকক,  অঙ্গদে পঠাইলা,
 ৰজাত জনাইয়ো বুলি॥

[ ৮১ ]

তাৰা দেবী সঙ্গে,  আছে মন ৰঙ্গে,
 ৰাজাক লগ নপাইল।
নগৰি ৰাখিতে,   লাগি হনুমন্তে,
 অনেক সৈন্য চলাইল॥
একোহো বানৰ,  পয়ানে চলিল,
 হস্তীৰ যেন প্ৰমাণ।
কতোহো শতেক   কতো সহস্ৰেক,
 বানৰে কৰে কৰে প্ৰয়াণ॥
হাতে বৃক্ষ শিলা, উপাৰি ধৰিয়া,
 কোটী অশংখ্যাত ধাইল।
লক্ষ্মণ বীৰৰ,  মুৰ্ত্তিক দেখিয়া,
 বানৰ ভাগি পলাইল॥
কতোভয় হস্তে,  থমকি থাকিলা,
 কেহু বোলে লও প্ৰাণ।
কেহুবোলে আক   দিয়ো বৃক্ষ ঝাক,
 পৰ্ব্বত শিখৰ মান॥
ধনুৰ টঙ্কাৰ,  কৰিয়া লক্ষ্মণে,
 বানৰ বল ডাকিল।
সিংহ দৰশনে   মৃগযুথ যেনে,
 বানৰ সব ভাগিল॥

[ ৮২ ]

পাত্ৰমন্ত্ৰী গণে, ইঙ্গিতে জানিযা,
 ৰাজাত গৈয়া জনাইল।
আন কেহু নোহে,  খৰতৰ বেগে,
 লক্ষ্মণ বৰেসে আইল ॥
হনুৱে বোলন্ত, তৈসানি বুলিলে,
 আপুনি চলি যায়োক।
সদ বুদ্ধি মানে, অন্ত নপৰিল,
 তাহাৰ ফল পাযোক॥
সুগ্ৰীৱে বোলন্ত, শুন হনুমন্ত,
 শুনা সবে কপিগণ।
ইন্দ্ৰক জিনিবে, সমৰ্থ আছ',
 আছোক ৰাম লক্ষ্মণ॥
সাত পৃথিবীৰ, ভালুক বানৰ,
 যোগাৱে মাণিক গন্ধ।
আগক চাহন্ত, গুণন্তে গাস্থন্তে,
 পাছক চাহন্তে অন্ধ॥
আছোক পৃথিবী, সপত সাগৰ,
 বাসুকী চালিতে পাৰি।
কিন্তু মিত্ৰভাৱ, কেমনে বঞ্চিবে,,
 ৰাম বৰ উপকাৰী॥

[ ৮৩ ]

আমাৰ ওচৰে  লক্ষ্মণ আসিলা,
 কাৰ্য্যৰ শঙ্কট পুছোঁ।
মোক সদ বুদ্ধি,   দিয়ো হনুমন্ত,
আগ বাঢো,   কি পাছ গুছোঁ॥
কৰ যাড় কৰি,  বচন বোলন্ত,
 বায়ু সুত হনুমান।
স্বৰূপ বুলিলা,   তোমাৰ সদৃশ
 বলৱন্ত নাহি আন॥
ৰাঘৱৰ শৰে,   সাত তাল ভেদি
 পশিল গৈয়া পাতাল।
পৰ্বত ভেদিয়া,   টুনত পশিল
 সিটো আছে যম কাল॥
হেন ৰাম তযু,  সখিত্ব ভৈলন্ত,
 কতবা জন্মৰ ফলে।
বালিক মাৰিয়া   তাৰাক সম্পিল,
 ৰাজ্য ভুঞ্জা অবিকলে॥
যাহাৰ প্ৰসাদে,   পাইলা ৰাজ স্ত্ৰীক,
 তাহাক নকৰা কাণ।
বানৰ লোকৰ,   জ্ঞান ভৈল হত
 একে যাব নাক কাণ॥

[ ৮৪ ]

লাজত বিমুখ,  নোহিও নৃপতি,
 মোৰ বাক্যে মন কৰা।
ৰামৰ বচনে, লক্ষ্মণ থঙ্গিল,
 তানে চৰনত ধৰা॥
বিনয় কাকুতি,  বুলি আগ বাঢ়ি,
 লখাইতে লোৱা শৰণ।
তোবে ৰক্ষা পাবা, জানিবা নৃপতি,
 হানিলে নিশ্চয়ে মৰণ॥
ধনুৰ টঙ্কাৰ, কাৰিয়া লক্ষ্মম',
 বানৰ সৈন্য ভঙ্গাইল।
মানিকে মণ্ডিত, নগাৰ চাহন্তে,
 সিংহ দুবাৰক পাইল ॥
সপত বেবন্ধা, এড়াই অনন্তৰে,
 অভ্যন্তৰে পয়োসাৰ।
মহা দৈ গণ দেখিলা লক্ষ্মণ,
 অলঙ্কাৰে জাতিষ্কাৰ।
ৰত্নে বিৰচিত, জ্বলে থানে থান,
 হাসোঁ হাসোঁ যেন কৰে।
পটেশ্বৰা সমে, নিজে সুগ্ৰীৱক,
 দেখিলা খাট উপৰে॥
.

[ ৮৫ ]

লক্ষ্মণ বীৰক,   দেখিয়া সুগ্ৰীৱ,
  ত্বৰিতে চালিলা গাৱ।
তাহাঙ্কে প্ৰণাম,   কৰি তিনি জনে,
  ভৈলা অবনত ভাৱ॥
ডাহিন পাঞ্জৰে,  লোমা পটেশ্বৰী,
  যেহেন ৰূপে পাৰ্ব্বতী।
বামত সুন্দৰী,  তাৰা বহি আছে,
  একো অঙ্গে নাহি ক্ষতি॥
লক্ষণ বীৰক,   দেখি সেই ঠাই,
  কৰিলেক হেট মুণ্ড।
ৰাহুক দেখিয়া   যেহেন মলিন,
  ভৈলা পূৰ্ণিমাৰ চান্দ॥
পাদ্য অঘ্য আচ,   মনি দিলা ৰাজা;
  আৰো মধুপৰ্ক দান।
সুবৰ্ণৰ খাট,   মাথে দিলা নিয়া,
  কৰি আতি বহু মান॥
ৰাম কনিষ্ঠ,  লক্ষ্মণে বোলন্ত,
  নুহি হেন ব্যবহাৰ।
দদা বুলিবাৰ,   কাৰ্পন্য সাধিলে,
  নলৈবোঁহো সতকাৰ॥

[ ৮৬ ]

হাউৰে বানৰা,   মিত্ৰক বান্ধিলি,
  আগুয়াক সব পশু।
ভৃত্য হুয়া তৈল,   কুঢ চলাৱয়,
  গৃহস্থৰ গায়ে খসু॥
সিংহে হৰিণক,  মাৰিল শৃগাল
  পশুৰ বৰ উঠনি।
ঈশ্বৰ পিয়াসে,   মৰই ইবাৰ,
  ভুঞ্জে ডাৱৰৰ পাণী॥
ৰামৰ কাৰ্য,   হেলা কৰি তই,
  মোক কৰা সতকাৰ।
দুষ্টৰ বিনয়,   যতেক বোলয়,
  মোত নিবিকাস আৰ॥
পৰ্ব্বতক পিঠে,   দিলে মূঢ তই,
  শুনৰে নিলাজ ছাৰ।
শৰে হানি তোৰ,   প্ৰাণ কাঢ়ি লৈবো,
  ত্ৰৈলোক্যে নাহি নিস্তাৰ॥
হেনয় জানিবি,   হিতক চিন্তিলি,
  পাছে উপকাৰ কৰে।
কুলিন পৰাণ,  ভৈল ভালে তাৰ,
  মনে সদ বুদ্ধি ধৰে॥

[ ৮৭ ]

দাদাৰ আশয়,   শুনৰে বনৰা,
 চেতন লও মনত।
যিটো শৰ হানি,   বালীক মাৰিলোঁ,
 অদ্যাপি আছে টনত॥
দাদা বুলিলন্ত,   দুষ্ট বানৰাত
  মোহোৰ আদেশ কহ।
নতু শঙ্কোচয়,   প্ৰকটে আছয়,
  বালী মাৰিবাৰ গহ॥
সুগ্ৰীৱ আপুনি,  বন্ধু জন সমে,
  চলি যাহা বালী পথে।
তোৰ ধিতিঙ্গালী,   মোক নিবিকাবে,
  তাক দিবো ভাল মতে॥
এতিক্ষণে দাদা   তেতে আছন্তক,
 মই পুনু তানভৃত্য।
অন্তৰ মলিন   শৰীৰে তোহোৰ,
 কৰিবাহো চূৰ্ণাকৃত্য॥
বানৰ গোটৰ,   এতমান সাস,
 মাৰে পাঞ্জৰক খুলি।
লক্ষ্মণ বীৰৰ,   তেবেসে পলাইব,
 হৃদয়ৰ গুল গুলি॥

[ ৮৮ ]

হেৰা আসোঁ বুলি,   আমাক ভাণ্ডিলি,
 চাৰি মাস গৈল বহি।
তই ইঠাৱত   ৰাজ ভোগ বস,
  দদাৰ নিকাৰ তহি ॥
হাউৰে বানৰা,   মুণ্ড তুলি চাহ,
 দেখৰে দাৰুণ শৰ।
এহি শৰ হানি,  প্ৰাণ তোৰ লৈবেঁ,
  পঠাই দিবো যম ঘৰ॥
এতেকে কহন্তে,   সুগ্ৰীব ৰাজাৰ,
  বুক থৰ থৰ কৰে॥
কটাক্ষ নয়নে,   সঙ্কোচিত মনে
  জানা হানে এবেশৰে ॥
সিংহ দৰশণে,  মৃগযুথ যেন,
  শৰীৰ ডৰে কম্পবে।
কৰি কৃতাঞ্জলী,   কৰি তনু জান
  নমিলা লক্ষণ পাৱে॥
দুই পটেশ্বৰী,   সহিতে নৃপতি
  যোড় হাতে ভৈল থিৱ।
মিনতি বচন,   বুলিবে লাগিলা
  তাৰা সুষেণৰ জীৱ॥

[ ৮৯ ]

শুনিয়ো লক্ষণ,   দশৰথ সুত
  ৰামৰ কনিষ্ঠ ভাই।
অসোধনে কেনে,   স্বামীক নিন্দাহ,
  আমাৰ কৰ্ম্ম পাই॥
আতিশয় তুমি,   কোপ নকৰিব
  নকৰিবা অতি খেদ।
বিষ বৃক্ষ যদি,   আপুনি ৰোৱয়
  তাকো নকয় ছেদ॥
তোমাৰ ক্ৰোধে যে,   ইষো স্বামী মাৰে,
  তেবে কোন যশ পাইব।
বিড়ালীৰ যদি,  দোষক ধৰিয়া
  নিতে হাণ্ডি পেহ্লাইব ॥
অনেক আমাৰ,   বচন আছই,
  চৰণে প্ৰভু তোমাৰ।
সুগ্ৰীৱ আমাৰ,   সক্ৰোধ নহন্ত
  সন্ত মহন্ত সাৰ॥
মুণিগণ মাজে,   যাহক লেখত
  খড়ি মাটি ধৰি আগে।
হেনয় স্বামীক,  নিন্দন্তে আসাহ,
  আমাৰ বৰ অভাগে॥

[ ৯০ ]

সপোনে গিয়ানে,   ৰামে মাত্ৰ গতি,
 দেৱ নজানন্ত আন।
কেন মতে ৰামে,  সীতাক পাইবন্ত,
  হেন সে যোগ ধিযান॥
দশো দিশ লাগি,   দূতক পাঞ্চিল,
  ভালুক বানৰ আনি।
ৰামৰ পাশক,   যাহা চপ কৰে
  কালৰ প্ৰমাণ জানি॥
শুনা সভাসদ,   ৰামায়ণ পদ
  দেখিও কেনে আসুখ।
ঈশ্বৰ ৰামক,   সুখিত কৰিয়,
  তথাপিতো পাৱ দুখ॥
সকাম প্ৰাণীৰ,   দুখ নুগুচয়
  তাক ভালমতে জানি।
সকাম তেজয়,   ৰামক ভজয়,
 বোলা ৰাম ৰাম॥

[ ৯১ ]

পদ।

অনন্তৰে মাতিলা সুগ্ৰীৱ মহাবীব।
দোষ ক্ষমা কৰিওক বানৰ জাতিৰ ॥
একেবাৰে ভৃত্যৰ দোষৰ নেদি ফল।
জাতি বৃত্তি একে আমি তৰল চঞ্চল॥
তোমাৰ কোপক দেখি ডৰাৱে বানৰ।
ৰামৰ আছয় কোপ সবাৰো উপৰ॥
তোমাত শৰণ লৈলোঁ যেন জুবাই হৌক
ৰমৰ চৰণ নিয়া ভেণ্টাহ দিয়া মোক॥
বিমৰিষ বোলা যদি একেস্বৰে যাওঁ।
নুহি দিন দশ থাকা সৈন্যক জণ্টাও॥
ইটা দুইজণী দাসী মই ভৈলো দাস।
তোমাৰ কোপক দেখি বৰ লাগে ত্ৰাস ॥
সুগ্ৰীৱ কাকুতি ভাবে তুতি কৰিলন্ত।
লক্ষ্মণ বীৰৰ কোপ ভৈলা উপশান্ত॥
বিমৰিষি বচন বুলিলা নিষ্টে নিষ্ট।
মোক কোপ এৰা দদা তোমাৰ কনিষ্ঠ ॥
দিন দশ থাকো মই সৈন্য জাণ্টাইয়োক।
নামৰ পালক চপ কৰি চলিওক॥

[ ৯২ ]

কৈৰা হনুমন্ত বুলি ৰাজাৰ আদেশ।
মাতিলন্ত জাম্বুবন্তে কৰি বিমৰিস॥
উদয় অষ্টাগিৰি যত মেৰু মন্দৰৰ।
সমস্তে আসোক যত ভালুক বানৰ।
সপ্তদ্বীপা বসুমতী সপত সাগৰ।
যত মানে চন্দ্ৰ সূৰ্য কিৰণ পশৰ।
আমাৰেসে অধিকাৰ সবে নিষ্ট জানি।
তিনি দিন ভিতৰত সৈন্য দিবা আনি॥
আপুনি জানাহা যেন নৃপতি প্ৰচণ্ড।
শীঘ্ৰ কৰি নাসিলে কৰিবো উগ্ৰ দণ্ড ॥
তাহাৰ আদেশ যেহি যেহি লোকে পালে।
দশদিন ভিতৰত আসিয়ো সকালে॥
আপুনি জানিয়া চিস্তিযোক হিত কাজ।
মিত্ৰৰ থানত যেন নপাওঁ মই লাজ।
সব দূত আগে আছে আদেশ পাইলেক।
তাকে লাগি পঠাইয়োক ওপৰ চলোক॥
ৰজাৰ আদেশ যেবে পাইল বায়ু সুত।
দেশ দেশে দূত পঠাই দিলন্ত বহুত।
ৰাজাৰ আদেশ যেবে হনুমন্তে পাইল।
সমস্ত দেশৰ যত বানৰ জৰাইল॥

[ ৯৩ ]

নৃপতিৰ আজ্ঞা বাণী শিৰোগত মানি।
আসিলেক সেনা গণ দশো দিশে ছানি॥
আকাশ ঢাকিয়া যেন ফৰিঙ্গা উজাস্তি।
আপোনাৰ যুথে যুথে কিষ্কিন্ধ্যা পাইলস্তি॥
সিংহ যেন বিৰিঙ্গ শৰীৰ নুহি ছটি।
মন্দৰ গিৰিৰ আইল তিনিশত কোটি॥
নিপুষ্ট শৰীৰ লুহোৰিয়া বৰ্ণ কস্তি।
হেনদেখি স্বৰ্গ কোল একে জাম্পে যান্তি॥
যিবা পৰ্ব্বত অষ্ট যান্ত দিবাকৰ।
তৈৰপৰা শত কোটি আসিলা বানৰ॥
কৈলাসৰ আসিলা বানৰ কুড়িশত।
তাম্ৰৰ সদৃশ দেখি শৰীৰ সাক্ষাত॥
ফল মূল ভুঞ্জি মাত্ৰ থাকে অহৰ্নিশ।
হেমৱন্ত হন্তে আসি ভৈলা কোটী দশ॥
আন পুৰ্ব্বতৰ যত আইল যুথে যুথে।
কোন বৰ্ণাবেক কপি কটক বহুতে॥
ক্ষীৰোদ তীৰৰ যত কটক বানৰ।
তমাল পুষ্পৰ সম সব কলেবৰ॥
নাৰিকল ফল ভুঞ্জে সুখী সদা চাৰী।
তৈৰহন্তে আইল যত বৰ্ণাইতে নপাৰি॥

[ ৯৪ ]

ভালুক বানৰ যত কটক বহুত।
সুগ্ৰীৱ ৰাজাত আসি জান দিলা দূত ॥
আদেশ গোসাই দেখা গগণ মণ্ডল।
হেৰা আসি ভৈলা প্ৰভু তযু সৈন্য বল॥
দূতৰ বচন শুনি কৰি সতকাৰ।
হৰিষে মাটীত ভৰি নপৰে ৰাজাৰ ॥
হাঙ্কাৰি আনিল যও আমাৰ সমাজ।
লক্ষ্মণে বোলন্ত সবে পূৰ্ণ ভৈলা কাজ ॥
হৰিষে লক্ষ্মণে সুগ্ৰীৱৰ ধৰিগলে।
ৰাজাৰ আদেশে চালিলন্ত চতুৰ্দ্দোলে।
আগত লক্ষ্মণ পাছে সুগগ্ৰীৱ লড়িলা ॥
ৰাম পাশে যান্তে শুভ মঙ্গলে লড়িলা।
দুহ হাঙ্কো ঢোলন্তে যাই ধৱল চামৰ।
শিৰে শ্বেত ছত্ৰ যেন জ্বলে শশোধৰ।
আগে পাছে অসংখ্যাত বানৰ ছলয়।
জয় জয় ৰাম চন্দ্ৰ বুলি জোকাৰয়।
কতোহো দূৰতে দুয়ো ভৈলা ভূমি পাৱ।
পাইলা কতোক্ষণে গৈয়া ৰাঘবৰ ঠাৱ।
লক্ষ্মণে সুগ্ৰীৱক কৰি কৃতাঞ্জলী।
ৰামৰ চৰণে দুইয়ো কৰিলা সেৱলি।

[ ৯৫ ]

হাত যোড়ে সুগ্ৰীব থাকিল ৰাম বুলি।
অপৰাধ মৰষিয়ো নিজ ভৃত্য বুলি॥
কৃতাঞ্জলী কৰিলন্ত বানৰ সকলে।
সূৰ্য্য অস্ত যান্তে যেন সঙ্কোচ কমলে॥
কটাক্ষে ৰাঘবে চাহিল চতুৰ্ভিতি।
অসংখ্য পদাতি দেখি সুগ্ৰীৱ সহিতি॥
কোল চাপা বুলিলন্ত পাস পৰিহাৰ।
সজ্জন গৰিহা কৰে পৰিহাস কাৰ॥
বসিয়া আছন্ত সব সমজক ৰঞ্জি।
সুগ্ৰীৱক ৰামচন্দ্ৰ চলবাদে গঞ্জি॥
সাধু সাধু সখা তুমি মোৰ মহামিত্ৰ।
আমাৰ কাৰ্যত দেখো উত্ৰাৱল চিত্ত।
অল্পসে অন্তৰ মাত্ৰ বচন কাৰ্যত।
মুখত অমৃত দেখি কপট মনত॥
হনুমন্ত প্ৰমুক্ষ্যে শুনিয়া কপি যত।
স্বৰূপ কাহিনী কহো শাস্ত্ৰৰ সন্মত॥
দুষ্ট ভাৰ্য্যা শঠ মিত্ৰ হৈ গৈলা যাহাৰ।
স্বামীক সেবক জনে কৰে অহঙ্কাৰ॥
সৰ্প সমন্বিতে যেন একে ঘৰে বাস।
সিজনৰ নাহি জানা জীৱনৰ আশ॥

[ ৯৬ ]

অধৰ্ম্মত তৎপৰ হয়ে নিতে নিতে।
অবশ্যকে নোৱাৰিবে ধন উপাৰ্জ্জিতে॥
ধৰ্ম্ম অৰ্থ কাম তাৰ একোৱে নিমিলে।
হেন নৃপতিক জানা অধৰ্ম্মেসে গিলে॥
সুগ্ৰীব আমাৰ জানা মিত্ৰ সেহি মত।
অবিচাৰে মিত্ৰৱতি কৰিলোঁ পূৰ্ব্বত॥
আতহন্তে সীতা পাইবো হেন আশ কৈলোঁ।
আছোক যে সীতা পাইবো মিত্ৰতো নৰৈলোঁ॥
আত আশা কৰি দুখ পাইবো অতিবেক।
শঠ মিত্ৰে কত ভাগ্য কাৰ্য্য সাধিবেক॥
কিন্তু তথাপিতো কৰি আছোঁ মিত্ৰৱতি।
শুনিও সুগ্ৰীৱ মিত্ৰ বচন সম্প্ৰতি॥
যি কিছু বুলিলো বাক্য হৃদয় খেদত।
ইসব আমাৰ দোষ নলৈবা মনত॥
যিমতে সীতাক পাওঁ তাক চিন্তিয়োক।
সীতাক পাইলেসে মোৰ গুছে দুখ শোক॥
ৰামৰ বচনে লাজ সুগ্ৰীৱে পাইলন্ত।
মাথা চপাৰায়া কতোক্ষণ আছিলন্ত॥
দীঘ যে নিশ্বাস তেজি প্ৰণামিল শিৰে।
কৰযোড়ে বচন বোলয় ধীৰে ধীৰে॥

[ ৯৭ ]

কৃপাময় প্ৰভু দোষ ক্ষমিয়ো সকল।
তৰল বানৰ আমি স্বভাবে চঞ্চল॥
লক্ষ্মণৰ বোলে দুখ পাইলো লাগেমানে।
তোমাৰ কোপক সহিবেক কাৰপ্ৰাণে॥
সাতো দ্বীপা পৃথিবী কটক অপাৰ।
তাহাঙ্ক জৰাইতে ভৈলা বিলম্ব আমাৰ॥
মাথা তুলি দেখিয়োক সৈন্য আসৈ চাপি।
সূৰ্য্য কিৰণকো ঢাকি গগণ বিয়াপি॥
সাগৰে নগৰে নদী গিৰি উপবনে।
কতো নীল পীত কতো শুকুলৰ বৰ্ণে॥
পিঙ্গল লোহিত বৰ্ণ দেখিয়া বিচিত্ৰ।
ৰঙ্গে ৰামে বোলন্ত সাৰ্থক মোৰ মিত্ৰ॥
শুনিয়ো সুগ্ৰীৱ মিত্ৰ মোক চিনায়োক।
কাৰ কিবা নাম আৰ কাৰ কত লোক॥
তাঙ্কাৰিল শুনিয়া সুগ্ৰীৱ বীৰ বৰ।
সৈন্য সমে আসা সবে ৰামৰ ওচৰ॥
শুনা কপি বীৰগণ উল্লসিয়া গৈল।
আপোনা সৈন্যসব সঙ্গে কৰি লৈলা॥
ৰামৰ পাশক আতি আড়ম্বৰে আসে।
যহেন ফৰিঙ্গা উৰে ঢাকিয়া আকাশে॥

[ ৯৮ ]

শ্ৰীৰাম লক্ষ্মণ সমে আছন্ত আকলি
প্ৰথমে আসিয়া মিলিলন্ত শতবলী॥
আতি আড়ম্বৰে বীৰে কৰি আতি মুটি।
তান লগে আসিলা বানৰ শত কোটি॥
পাছে আসি মিলিলন্ত সুষেণ নৃপতি।
কাঞ্চনৰ বৰ্ণ তনু সূৰ্য্য ৰাজাঅতি॥
সুগ্ৰীৱৰ শ্বশুৰ তাৰাৰ তেহু পিতা
অযুতেক বানৰে যোগায়া চতুৰ্ভিতা॥
যুবৰাজ অঙ্গদ তেহে বালী ৰাজা সুত।
দেখন্তে ৰিপুৰ ত্ৰাস মিলে অদভুত।
নিশ্চয় শুনিও তান কটক যতেক।
সহস্ৰেক পদ্ম আৰু সংখ্যাত শতেক॥
কষটিৰ বৰ্ণ দেখি যাহাৰ নিশ্চয।
দশকোটি সেনা লৈয়া আসিলন্ত গয়॥
সহস্ৰ সংখ্যাত কোটি লৈয়া হনুমন্ত।
আসিলন্ত যাৰ বল বীৰ্য্য অপৰ্যন্ত॥
আঙ্গাৰৰ বৰ্ণ তনু আগত মিলিল।
শত কোটি বীৰ সম এন্তে বীৰ নীল॥
দ্বিবিদ বানৰ আইল বীৰ বলীযাৰ।
পাঞ্চ কোটি সৈন্য লইয়া আসিলন্ত তাৰ॥

[ ৯৯ ]

আসিলা কেশৰী পাছে ব্ৰহ্মাৰ তনয়।
তাহান লগত সৈন্য বহুত আছয়॥
পদ্ম কেশৰৰ বৰ্ণ সবাৰো শৰীৰ।
মাৰুতিৰ পিতা এন্তে প্ৰখ্যাত যে বীৰ॥
ধুম্ৰ আসি মিলিল লাগিল হুক হুক।
দশ কোটি সেনা তান সকলে ভালুক॥
ব্ৰহ্মাৰ নন্দন আসিলন্ত জাম্বুৱন্ত।
তান লগে ভালুক কটক অপৰ্য্যন্ত॥
চিৰকাল জীৱন্ত বৃদ্ধিৰ নাহি অন্ত।
অনেক উপায় বুদ্ধি কাৰ্য্য সাধিলন্ত॥
বিশ্বকৰ্ম্ম সুত হেৰ আসি ভৈল নীল।
অসংখ্য বানৰ সেনা বাৰমহা বল।
লগে লৈয়া কোটী সংখ্যা আসিল সম্পাতি।
হাসিলা গবাক্ষ আৰো গোলাঙ্গল জাতি॥
অনন্তৰে মহাবীৰ আসিল পলস।
তান লগে আসিল বানৰ কোটী দশ॥
গন্ধ মাদনক লক্ষি বীৰ গণি তাত।
তান লগে আসিল বানৰ অসংখ্যাত॥
আনো যত বীৰ আইল কোনে লৱে নাম।
ৰাম লক্ষ্মণক সবে কৰয় প্ৰণাম॥

[ ১০০ ]

দ্বীপ দ্বীপান্তৰৰ আসিল যত যত।
অসংখ্য পদাত লই লেখা দিবো কত॥
সুগ্ৰীৱ বোলন্ত ৰাম চাহিও আকলি।
সেনাৰ গোৰত বসুমতী যাই টলি॥
গিৰি গুহা পৰ্ব্বত যুড়িলা দশ দিশ।
কটকক দেখি ৰামচন্দ্ৰৰ হৰিষ॥
সুগ্ৰীৱক বোলন্ত শুনিয়ো কপিৰাজ।
এবেসে জানিলোঁ মিত্ৰ সিদ্ধ ভৈলা কাজ।
শুনিয়া উজ্জ্বল মুখ ভৈলন্ত সুগ্ৰীৱ।
কৰযোড়ে ৰামৰ আগত ভৈলা থৱ।
কিবা আজ্ঞা হৱে প্ৰভু আদেশ সকাল।
কিবা গ্ৰহ আন দিবো দশ দিগ পাল॥
বাসবক আনো কিবা আনো বাসুকাক
বান্ধ আনি দেওঁ পৃথিবীৰ নৃপতিক॥
নাহিকে অসাধ্য মোৰ তযু প্ৰসাদত।
বশ্য কৰি আনি দিও তিনিও জগত॥
হাসিয়া ৰাঘৱে বুলিলন্ত মহা মিত্ৰ।
সবাকো জিনিতে পাবা ইতো কোন চিত্ৰ
ইসব কাৰ্য্যত কিছু প্ৰযোজন নাই।
সীতাক যিমতে পাই চিন্তিয়ো উপায়।

[ ১০১ ]

দেশে দেশে ভাল যে দূত চলি যাউক।
প্ৰবন্ধিয়া ৰাৱণ সীতাক বিচাৰোক॥
নিষ্ট জানি আসিয়া জনাওক বাৰ্ত্তাক।
দুষ্ট ৰাবণক মাৰি আনিবো সীতাক॥
ৰামৰ বচন হেন সুগ্ৰীব শুনিলা।
বাচি বাচি দূত গণ আগক আনিলা॥
বিনোদক প্ৰথমত বুলিলা বচন।
ভাল ভাল বাচি লগে লৈয়ো দূত গণ॥
পূবদিশ প্ৰতি আপোনেহে চলি যাহা।
অবিলম্বে সীতাৰ বাৰ্ত্তাক জনাইবাহা॥
তাত পাছে বোলন্ত কহিৰ শতবলী।
উত্তৰ দিশক তুমি শীঘ্ৰে যাহা চলি॥
অপৰ্য্যন্ত দেশ তাক বৰ্ণাইবোহু কত।
কতো কতো কহো যিবা পৰয় মনত॥
বহল মালব কৰ্ণাট কামোজ।
মৎস্যৰ পুলিন দেবী ঋষি ৰাজ ভোজ॥
কৌৱৰ কুঙ্কৰ আৰো কঙ্ক নামে দেশ।
থানে থানে ভাল মতে খুজিবা নিঃশেষ॥
হেমন্ত হেমকোট নৈষধ অঞ্চল।
পৰ্বত গহ্বৰ বনে খুজিবা সকল॥

[ ১০২ ]

বিন্ধ্য গিৰি মহেন্দ্ৰ পৰ্ব্বত ভালে চাহা।
আনো যত গিৰি আছে তাক আকলাহা॥
ৰাৱণৰ চিত্তক নপাৰি বুজিবাক।
কৈত লুকাই থৱে নিয়া গোসাণী সীতাক॥
কিবা শান্তিপূৰ্ণ ৰাখি আছন্ত গোসাণী।
ৰাৱণৰ বাৰ্ত্তা লই আহা নিষ্ট জানি॥
সুষেণ শ্বশুৰ মোৰ পশ্চিমে যায়োক।
কোটী সংখ্যা দূত বাচি লগতে লয়োক॥
ৰাবণে সীতাক প্ৰবন্ধিয়া খুজিচাহা।
অবিলম্বে আমাত বাৰ্তাক জনাইবাহা॥
কৈৰ যুবৰাজ বুলি ৰাজাৰ আদেশ।
কৰযোড়ে অঙ্গদ আগত পৰবেশ॥
দক্ষিণ দিশক লাগি তুমি চলিযায়ো।
ৰাৱণ সীতাৰ নিষ্ট বাৰ্তাক জনায়ো॥
তোমাৰ লগত যাহন্তোক হনুমন্ত।
সৈন্য সহ যাহন্তোক বীৰ জাম্বুবন্ত॥
দধি মুখ কেশৰি পলস বাৰ গয়।
নল নীল ধুম্ৰাক্ষ যে আবৰ গৱয়॥
সেহিসে দিশত ৰাবণৰ নিজ পুৰি।
থানে থানে ভাল মতে চাইবা ফুৰি ফুৰি॥

[ ১০৩ ]

এবে এথানত যেবে খুজিয়া নপাবা।
সাগৰৰ মাজত লঙ্কাত, পাছে চাবা॥
বাট ভেণ্টি সাগৰত আছে ছায়ায গ্ৰাসি।
তাই পাইলে গিলবে সকলে যাইয়া চাহি॥
ৰাৱণৰ নিজ থান লঙ্কা যে নগৰি।
পাইবাহা সীতাক খুজি সমুদ্ৰক তৰি॥
যত মানে চন্দ্ৰ সূৰ্য কিৰণ পোহৰ।
যমপুৰ মানে খুজিবাহা নিৰন্তৰ॥
তাত পাছে যাহ্বাহা দক্ষিণৰ দিশ।
ঘোৰ অন্ধকাৰ তাত কৰিবাহা কিস॥
সাতখান সমুদ্ৰ পৃথিৱী সাত খান।
নদ নদী সকল আৰ যত বন॥
সংকট প্ৰকট গম্য মানে ফুৰি চাইবা।
নিশ্চয জানিয়া আসি বাত্তাক জনাইবা॥
নকৰিবা হেলা কেহো ৰামৰ কাৰ্য্যত।
সবাৰে ভকতি হৌক ৰাম চৰণত॥
কৈৰা হনুমন্ত বুলি ৰাঘবে মতাইল।
সংক্ষেপ কহিবে প্ৰতি সমীপ চপাইল॥
তুমিসে সীতাক খুজি পাইবাহা নিশ্চয়।
প্ৰাণেশ্বৰী তোমাতেসে যাইবো প্ৰত্যয়।

[ ১০৪ ]

দেখিলে হৰিষ হৈবা আসি মন তুষ্টি।
হেৰা মোৰ লৈয়া যাহা হাতৰ আঙ্গুষ্ঠি॥
তঙ্কো পৰীক্ষিবা কেন ভালে মন্দে আছে।
নিশ্চয় জানিয়া মোত কহিবাহা পাছে॥
সীতাৰ সংগোপ্য বাৰ্ত্তা আনিবা নিশ্চয়।
যেন মতে হবে তান্ত আমাৰ প্ৰত্যয়॥
এহি বুলি সুগ্ৰীৱে তাঙ্ক চাপিয়া ধৰিলা।
সীতাক সুমৰি ৰামে ক্ৰন্দন কৰিলা॥
মাৰুতি বোলন্ত তাপ তেজা ৰঘুপতি।
জন্মে জন্মে তযু পদে হৌক মোৰ গতি॥
যি হেতু তোমাৰ ভৈলা আমাত প্ৰত্যয়।
সীতাৰ বাৰ্ত্তাক দিবো নুহিক শংসয়॥
মোক অনুগ্ৰহ কৰিলাহা কৃপাময়।
এতেকে জানিলো ভাগ্য আমাৰ আচয়॥
প্ৰাণক উছৰ্গি তযু কাৰ্য্যক সাধিবো।
থাকা সুখে সীতাৰ বাৰ্ত্তাক আনি দিবো॥
সুগ্ৰীৰ বোল ওবা কৈৰ দূত লোক।
প্ৰভু চৰণে সেৱা সবাৰ থাকোক॥
ফুৰি ফুৰি ৰাৱণ সীতাক চাহিয়োক।
ৰামত অসিস ঝাণ্টে বাৰ্ত্তা কহিয়োক॥

[ ১০৫ ]

আপুনি চিন্তিয়ো যেন হোৱয় যুগুত।
যেন তেন মতে কাৰ্য্য সাধিতে প্ৰস্তুত॥
মাসেক লাগিয়া ক্ষান্ত দিলো তোমাসাক
হেলা এৰি ৰাত্ৰি দিনে খুজিবা সীতাক॥
মাসেকত নাসা যেবে প্ৰভু কাৰ্য্য সাধি।
নাক কাণ কাটিবোহো হৈবা অপৰাধী।
শুনিলা সবেয়ো চণ্ড আদেশ ৰাজাৰ।
ৰামৰ চৰণে পৰি কৰি নমস্কাৰ॥
যেহি যেহি দিকে যাক যাক আজ্ঞা ভৈলা।
ৰাজাক প্ৰণামি সেহি দিশে চলি গৈলা॥
নিঃশষ কৰিয়া ফুৰে গ্ৰাম নগৰত।
নদ নদী তীৰে ফুৰে গিৰি গহ্বৰত॥
পূবক বিনোদ উত্তৰক শতবলী।
চলিলা সুষেণ দিশ পশ্চিম আকলি॥
এক মাস খুজি লুড়ি সাতাক নপাল।
বিনয পূৰ্ব্বক আসি ৰজাক জনাইল॥
শুনিয়োক সুগ্ৰীৱ নৃপতি শিৰোমণি।
তিনিও দিশত আসি চাহিলোঁ আপুনি॥
ৰাবণ সীতাৰ নপাইলোঁহো উদ্দেশ।
এবে কি কৰিবো প্ৰভু কৰিয়ো আদেশ॥

[ ১০৬ ]

সুগ্ৰীবে বোলন্ত সবে থাকা কাৰ্য্য বুজী।
তিনিও দিশত কেহোঁঁ নপাইলাহা খুজি॥
অঙ্গদক মাৰুতিক দিলো মহা ভাৰ।
তেসম্বে সীতাৰ বাৰ্ত্তা দিবে সাৰে সাৰ॥
দক্ষিণ দশক গৈল যতেক বানৰ।
ৰাৱণ সীতাক চাই ফুৰে নিৰন্তৰ॥
গোখোজ সমান কৰি চাহিলা বিচাৰি।
খুজিয়া নপাইলে সীতা জনক জীয়াৰী॥
সকল দিশত চাহি ফুৰো থানে থান।
অসুৰক দেখি যেন শমন সমান॥
শৰীৰৰ বৰ্ণ যেন মেঘে কৰে কান্তি।
দশন ভীষণ আতিশয় যোগ যান্তি॥
মহাক্ৰোধে অসুৰেসো কৰিলা আস্ফাল।
দুই হাতে অঙ্গদে ধৰিলা দুই শাল॥
বখযু পুত্ৰে দুইশাল হানিলা প্ৰচণ্ড।
মুঠি হানি অসুৰে কৰিলা খণ্ড খণ্ড॥
পৰ্ব্বতৰ শিখৰক হানিলা অসুৰ।
লাঠি হানি অঙ্গদে কৰি তাক চূৰ॥
মহা ক্ৰোধে দুয়োবীৰে কৰিলা হাম্ফাল।
মাল বান্ধে জান্তিয়া ধৰিয়া কোলে কোল॥

[ ১০৭ ]

সনিপাত বান্ধে বান্ধি অসুৰে ধৰিল।
চক্ৰবাত বান্ধে বান্ধি অঙ্গদে পীড়িল॥
থিউ হুয়া অসুৰে ধৰিলা চক্ৰবান্ধ।
চলিল অঙ্গদে নলক্ষিয়া শিৰ কান্ধ॥
বলে আতি কুশল অঙ্গদ বীৰবলী।
মুঠি বান্ধে জান্তিয়া হাসন্ত খল খলি॥
উপৰত ছড়িয়া ধৰিয়া হাতে হাত।
মাথা পুতি অসুৰৰ বসিলা হিযাত॥
মুঠি বান্ধে এড়ালেক কৰিয়া উপাই।
হ্ৰেসান কৰিয়া অঙ্গদক খেদি যাই॥
অসুৰক বালি পুত্ৰে খেদি লাগ পাইল।
লাথি হানি কতো দূৰে ক্ষেপিয়া পঠাইল॥
অঙ্গদে বোলন্ত কিবা চাহি আছোঁ আৰ।
মুঠি হানি অসুৰক পেশো যম ঘৰ॥
এহিবুলি হিয়াত বৈসাইলা বজ্ৰ মুঠি।
হিয়া চূৰ ভৈলা তাৰ প্ৰাণ গৈল ফুটি॥
ঘোৰ আৰ্ত্তনাদ কৰি অসুৰ পৰিলা।
বজ্ৰৰ পতন যেন পৃথিবী লড়িলা।
দেখি ৰাম সেনা ফুৰিলন্ত জয় জয়।
ধন্য যুবৰাজ ধন্য বালীৰ তনয়॥

[ ১০৮ ]

অসুৰে পৰিল অনন্তৰে কপি গণে।
সীতাক বিচাৰি ফুৰে অনেক যতনে॥
বৰবৰ পৰ্ব্বতত চাহিলা সকলে।
অনেক গহনে বিচাৰিলা জলে থলে॥
পৰ্ব্বতক দেখিলা মেৰুৰ সমসৰ।
উঠিল তাহাত গৈয়া ভালুক বানৰ॥
আকাশ লঙ্ঘিয়া আছে একৈক উঠান।
পৃথিবী দেখি অমৰৰ পৰমাণ॥
তাতে ছড়ি কপিগণে ভৈগৈল বিসল।
সাগৰক দেখি যেন গোখোজৰ চল॥
পূৱত দেখিলা ৰবি প্ৰচণ্ড উদয়।
উত্তৰ দিশত দেখি গিৰি হিমালয়॥
দক্ষিণত দেখে যমপুৰ তমোময়।
পশ্চিম দিশত অষ্ট গিৰিক দেখয়॥
পৰম বিস্ময় হুয়া অঙ্গদে পুছয়।
কি বুধি কৰিবো আবে বায়ু তনয়॥
মাৰুতি বোলন্ত বুদ্ধি নাকলয় আৰ।
মৰণ শঙ্কট গিৰি উঠিল দুৰ্ব্বাৰ॥
সীতাক নপায়া একে মনৰ অসুখ।
ভাগৰে পীড়িল আতি সুখাই গৈল মুখ॥

[ ১০৯ ]

সূৰ্য্যৰ কিৰণ তাপে বৰ গাৱ পুৰে।
পিয়াসিল বানৰ আকুল জলে লৰে॥
গল তাল সুখাই গৈল মুখে নাহি পান।
জল নপাই যোলে ভৈলোঁ প্ৰাণৰ নিৰ্জ্জান॥
হতাসে বসিল সবে দক্ষিণ লক্ষি।
কতো দূৰে দেখে উৰে জলচৰ পক্ষী॥
ৰাজ হংস চক্ৰবাক উৰয় সাৰঙ্গ।
ডাউক শৰালি কটা ছটক বিহঙ্গ॥
লৰুৱালি ভেড় ঘোঘ উৰিযাই কঙ্ক।
পাতি কাউৰ পানী কাউৰ আৰু মাছ ৰঙ্ক॥
তাক লাগি লড়িল বানৰ সমস্তয়।
ভয়ঙ্কৰ গৰ্ত্ত গোট দেখিলা তথায়॥
পৃথিৱীৰ মুখ যেন বহল বিস্তৰ।
হনুমন্তে বোলে কিনো গৰ্ত্তেক অপৰ॥
সকল বানগণে ধৰি হাতে হাতে।
জল পান মনে সবে পশিলেক তাতে॥
চক্ষুৱে নেদেখে মুখে মাতন্ত মাতৰ।
এক মাসে পাইল গৈয়া গৰ্ত্তৰ ভিতৰ॥
কতো বেলি পাইলা পাছে বিবৰৰ ওৰ।
প্ৰকাশ দেখিয়া ভয় গুছিল দুৰ্ঘোৰ॥

[ ১১০ ]

হনুমন্তে কহিলন্ত কথা নিৰন্তৰে।
যেন মতে মিত্ৰৱতি সুগ্ৰীব ৰামৰে॥
ৰাম চন্দ্ৰে যেন মতে আসি ভৈলা বনে।
যেন মতে সীতাক হৰি নিলেক ৰাৱণে॥
সীতাক খোজন্তে নামে সুগ্ৰীৱক পাইল।
তাৰা দুই পাছে মিত্ৰৱতিক বন্ধাইল॥
বালী বধ সুগ্ৰীৱৰ অভিষেক কথা।
কহিলাহো আদি অন্তে যেহেন ব্যবস্থা॥
ৰাঘবে সুগ্ৰীবে পাছে কাৰ্য্য আলোচিলা।
সীতাক খুজিবে লাগি আমাক পাঞ্চিলা॥
ৰাঘবৰ আজ্ঞা শিৰে ধৰিযা হৰিষি।
বানৰা সকলে চাহি ফুৰো দিশা দিশি॥
মাসেকক লাগি ক্ষান্তি দিয়া পঠাইলন্ত।
গৰ্ত্তত পশন্তে মাসেকৰ ভৈলা অন্ত॥
ফল মূল দিয়া মাৱ খণ্ডাইলা নিকাৰ।
তুমি ভৈলা মাৱ আমি তনয় তোমাৰ॥
নজানো উদিশ গৰ্ত্ত গহন অপাৰ।
আত কেন মতে আমি হুইবোঁহো নিস্তাৰ॥
শুনি সয়ম্প্ৰভা ৰঙ্গ লভিলা অপাৰ।
ৰাম সেনা বুলি কৰিলত নমস্কাৰ॥

[ ১১১ ]

কিনো ভাগ্য তুমি সব ৰাম দূত লোক।
ৰামৰ চৰণে মোৰ ভকতি থাকোক॥
শুনা ৰাম দূত লোক বচন আমাৰ।
পশিল গৰ্ত্ত ইটো মহা অন্ধকাৰ॥
যমৰ কৰণে গৈলে আছে পৰিঅন্ত।
ততোধিক দেখোঁহো দুৰ্ব্বাৰ ইটো গৰ্ত্ত॥
চক্ষু মুদি সবেয়ো বাহুত মোৰ ধৰা।
মোৰ তপ বলে সবে গৰ্ত্তক নিস্তৰা॥
হেন শুনি তেতিক্ষণে বানৰ সকলে।
তাহানে বাহুত ধৰিলন্ত কৌতু হলে॥
লীলায়ে সবাকে সতী তুলি আলগাইল।
সয়ম্প্ৰভা তপোবলে গৰ্ত্তৰ বজাইলা॥
দক্ষিণ সাগৰে বিন্ধ্য পৰ্ব্বতৰ কোলে।
তৈতে থৈয়া পাছে সয়ম্প্ৰভা বাক্য বোলে॥
বাহুৰ এড়িয়ো সবে চক্ষুক মেলিয়ো।
ভৈলাহা গৰ্ত্তৰ বাজ প্ৰসন্ন দেখিয়ো॥
হেন শুনি কপিগণ চক্ষুক মেলিল।
ভৈলোহু নিস্তাৰ বুলি ৰাহুৰ এড়িল॥
সয়ম্প্ৰভা তপোবল বানৰে দেখিল।
মনত হৰিযে আৰু আশ্বাস কৰিল॥

[ ১১২ ]

ধন্য ধন্য স্বয়ম্প্ৰভা জীবন তোমাৰ।
ৰাঘবৰ সেনা কপি ভালুক বানৰ॥
তপোবলে এক খান হাতে তুলি ধৰি।
লীলা ৰূপে থৈলাহা গৰ্ত্তৰ বাজ কৰি॥
দুৰ্গতি এৰালোঁ বৰ তোমাৰ কাৰণে।
তোমাৰ ভকতি হৌক ৰামৰ চৰণে॥
প্ৰশংসা বচনে স্বয়ম্ প্ৰভা ৰঙ্গ পাইলা।
বিদায় কৰিয়া নিজ থানে চলি গৈলা॥
অনন্তৰে কপিগণে মাথা তুলি চাইলা।
গম্ভীৰ বিস্তাৰ সমুদ্ৰক ভেট পাইলা॥
পৰ্ব্বত সমান ঢউ উঠলে অপাৰ।
আকাশে সাগৰে দুইকো দেখি একাকাৰ॥
গম্ভিৰ মগৰ মৎস্য কচ্ছপ সকল।
আৱলিয়া সাগৰৰ উথলয় জল॥
পৃথিবী এড়িয়া ঢউ স্বৰ্গকো লঙ্ঘয়।
অগাধ দুৰ্গম সিটো বৰুণৰ নয়॥
মহোদধি তীৰে বিন্ধ্য পৰ্ব্বত মূলত।
তাতে গৈয়া বসিলন্ত কপি গণ যত॥
আলোচিবে লৈল যত মহা মহাবলী।
বিমৰিষি ষোলে দিন গৈলে উকলি॥

[ ১১৩ ] অসমীয়া ৰামায়ণ।

প্ৰচণ্ডৰ নৃপতি কাটিবেক কাণ নাক।
সীতাক নপাইলো কিনো মিলিল বিপাক॥
কেহো বোলে এড়িলোহো পুত্ৰ পৰিবাৰ।
নাক কাণ কাটিবেক কি কাৰ্য্য জীবাৰ॥
কেহো বোলে লঙ্ঘি এৰো সাগৰৰ অন্ত।
মাসেকত নপাইলে নৃপতি দণ্ডিৱন্ত॥
শ্ৰীৰাম লক্ষ্মণ সুগ্ৰীৱত আগোচৰে।
হেন থান আছে জানা তৰিতে বানৰে॥
বন্ধু বান্ধৱক এৰিতৈকে পলাই যাওঁ।
তেবে নৃপতিৰ ঘোৰ দণ্ডক এড়াওঁ॥
মনত আলোচি কেহোজনে ফেলে বাক।
এ* যেবে পাওঁ আমি সীতাৰ বাৰ্ত্তাক॥
জানদিযা নৃপতিক কৰিবোঁ কাতৰ।
তেৱে কিয আমাক দণ্ডিবে নৃপবৰ॥
ডৰে কাউ বাউ কৰে কতহু বানৰ।
তাৰ পাছে অন্যে! অন্যে দিলন্ত উত্তৰ॥
যাইবেহো আমি সবে ভয় পৰিহৰ।
আসা পলাই থাকে সবে দ্বিপ দীপান্তৰ॥
হনুমন্তে বোলে ওবা শুনিয়োক তাৰ।
ছৱাল থান দেখো চৰিত্ৰ যে তোমাৰ॥

[ ১১৪ ]

আদেশি পঠাইবো সব লক্ষ্মণ কুমাৰ।
বিচাৰিয়া বধিবেক ত্ৰৈলোক্য ভিতৰে॥
অঙ্গদে বুলিলা বাক্য সবাহাঙ্কে চাই।
নিষ্টে জানো মোহোৰ প্ৰাণৰ ৰক্ষা নাই॥
ক্ৰুড় খূড়াতে পাইলে দণ্ডিবে আমাক।
মই পুনু বুলিলো নযাইবো সত্যবাক॥
মইমাত্ৰ আছোঁ তান শত্ৰু অৱশেষ।
ক্ষমা নকৰিব অপৰাধ এক লেশ॥
ছল পাইলে নাক কাণ কাটিবে সমস্ত।
সিন্ধি খুজি ফুৰন্তে দুৱাৰে পাইলোঁ পথ॥
এতকাল ৰহি আছোঁ ৰামৰ নিদানে।
মই যেন মত সবে জ্ঞাতি গণে জানে॥
হা বিধি কিনো দণ্ড কৰিলা আমাক।
নপাইলোহো ৰামৰ চৰণ সেবিবাক॥
মাৰুতি বোলন্ত শুনা ভয় পৰিহৰি।
শুদ্ধ ভাৱ ৰাজাক নোবোলা হেন কৰি॥
পৰম ধাৰ্ম্মিক ৰাজা ধৰ্ম্মে তানকায।
কিষ্কিন্ধ্যাত তোমাক পাতিব যুবৰাজ॥
পূৰ্ব্বে দয়া তোমাত বালীৰ যেন ঠান।
সুগ্ৰীৱ বীৰৰো দয়া তত্তুল্য সমান॥

[ ১১৫ ]

তুমিসি কুমাৰ তান তাৰা পটেশ্বৰা।
স্থিৰ হুৱা অঙ্গদ বিকল পৰিহৰা॥
হনুমন্তে নৃপতিৰ গুণ বখানিলা।
শুনি বীৰ অঙ্গদৰ গাৱ নসহিলা॥
যিজনে ৰাজাৰ সেৱা কৰন্ত সদায়।
সিজনে ৰাজাৰ গুণ কহিবে পাৰয়॥
সজ্জন পাত্ৰৰ হোৱে হেন ব্যৱহাৰ।
দোষ এড়ি গুণ মাত্ৰ কহয় ৰাজাৰ॥
এতেকেসে সুগ্ৰীৱৰ বখানিলা গুণ।
কহিবে নলাগে সবে জনোহো আপোন॥
তান গুণ মোৰ আগে বখানহ কিক।
সুগ্ৰীৱৰ কিবা ধৰ্ম্ম সিটো অধাৰ্ম্মিক॥
আমাৰ মাৱক তেহে কৰিলন্ত ঘৰ।
জ্যেষ্ঠ ভাইৰ পটেশ্বৰী মাতৃ সমসৰ॥
হেন অধাৰ্ম্মিক পাতিলাহা ধৰ্ম্মশীল।
এতেকে তোমাৰ আমি চিত্তক জানিল॥
আমি নযাইবো আউৰ কিষ্কিন্ধ্যা নগৰ।
নিষ্ট কৰি আনিবাহা সকলে বান॥
কুশদ্বীপ লাগি শীঘ্ৰে কৰিবো গমন।
যুবৰাজে অঙ্গীকাৰ কৰিলন্ত টান॥

[ ১১৬ ]

শুনি চিন্তা শোকে বাক্য বোলে কপিগণ।
ভৈলন্ত আমাৰ ৰাম মৃত্যুৰ কাৰণ ॥
তানপদে নিজ পুত্ৰ ভাৰ্য্যাক হৰাইলো।
দুখ সাগৰত মজি পাৰক নপাইলো ॥
এহিমতে চিন্তা সবে কৰয় অধিক।
কপালে চাপৰ মাৰি গৰিহে বিধিক ॥
ঘোৰ নিশাকাল তৈত ভৈলা অনন্তৰে।
বৰ বৰ বীৰে বৃক্ষ শিলা লৈলা কৰে ॥
পৰ্ব্বতক ছানি সবে নিৰন্তৰে ৰৈল।
অন্যো অন্যে সবে কথা কহিবাক লৈল
কেকৈইক নিন্দে কেহো নিন্দে দশৰথ।
কেহো কেহো দুখ দেই ৰামক অধিক ॥
সুবৰ্ণৰ মৃগ দেখি খেদি গৈলা কিক।
কেহো কেহো বিমৰিষি দোষই সীতাক
লক্ষণক কিয়বা বুলি মন্দবাক।
কতোজনে দোষ দেই সুগ্ৰীৱ ৰাজাক ॥
ৰামক পাতিলা মিত্ৰ বধিতে আমাক।
জগতে খুজিয়া আমি নপালো সীতাক ॥
কৈৰৰাম কৈৰ সীতা কোনে জানে সঙ্গে।
তাহান নিমিত্তে আসি পৰিলোঁ বিপাঙ্গে ॥

[ ১১৭ ]

হেনকথা মাতে সিটো পুহাইল ৰাতি।
সেহি পৰ্ব্বতত পক্ষী আছন্ত সম্পাতি॥
জটায়ুৰ শ্ৰেষ্ঠ ভাই পুত্ৰ গড়ুৰৰ।
চিৰকাল তথাতে আছন্ত পক্ষীবৰ ॥
বানৰক বোল শুনি নেত্ৰ মেলিলন্ত।
পৰ্ব্বতৰ হন্তে সিটো নিহালি দেখিলন্ত ॥
বানৰক দেখিয়া মনত বৰতুষ্ট।
চিৰকালে আহাৰ মিলিল হৃষ্টপুষ্ট ॥
গৰ্ভাগ্নি বঞ্চিবো আজি ধৰিয়া আনিবোঁ।
বানৰৰ বৰ বৰ বাচিয়া গিলিবোঁ ॥
আহাৰ দেখিয়া তান ৰঙ্গ ভৈলা মন।
আপোনাৰ নিজভাৱে কৰিলা গৰ্জ্জন ॥
পক্ষীৰ প্ৰচণ্ড নাদ সবেও শুনিলা।
সবাৰ মনত মহা শংসয় মিলিলা ॥
ক’ত কি শুনিলা অন্যো অন্যত শোধয়।
সবেও সবাত কয় নজানে নিৰ্ণয় ॥
কেহো বোলে পৰ্ব্বতৰ শিখৰ খসিল।
কেহো বোলে শুহি মেঘে গৰ্জ্জন কৰিল ॥
কেহো বলে ইন্দ্ৰ হানিলন্ত বজ্ৰবাণ।
নুহি ভঙ্গ ভৈলা জানো ঋষিৰ ধিয়ান ॥

[ ১১৮ ]

কেহো বোলে নানিলা ভূমি কম্প গৈল।
নিৰ্ণয় নজানিয়া কপিগণ ভয়ভৈলা॥
অনন্তৰে বীৰগণ চাহন্ত নিৰেক্ষি।
পৰ্ব্বত উপৰে দেখে ভয়ঙ্কৰ পক্ষী॥
পৰ্ব্বতেক আছে যেন পৰ্ব্বত উপৰ।
ঠোঁঠ গোট দেখি যেন বজ্ৰ সমসৰ॥
সম্পাতি বোলন্ত ডাকি কোঠেৰ কপি গণ।
স্বৰূপ নকহ যেৰে কৰিবো ভক্ষণ॥
হেন শুনি সবাৰে লাগিল চমৎকাৰ।
বানৰ সকল বোলে নাহিকে নিস্তাৰ॥
ভয়হুয়া আৰে অৰে অঙ্কোৱালী ধৰে।
কাণা কাণি কৰে সবে পৰে চিন্তাজ্বৰে॥
থিৰ নোহে হাতপাৱ হাতপাৱ কলেবৰ।
কতো কতো বোলে পশু গৰ্ত্তৰ ভিতৰ॥
হেনঠান নাহি দেখো ছটকৰ কায়।
ইহাত এড়াইবো আমি কমন উপাই॥
ইহাৰ গৰ্ভতে জীৰ্ণ হৈবো নিৰন্তৰ।
প্ৰলয় মিলিল আসি বানৰ কুলৰ॥
হ! হা! কেকৈই তই কোনকাজ কৈলি।
ৰামৰ কুলৰ তই সংহাৰিণী ভৈলি॥

[ ১১৯ ]
১২্‌১
অঅসমীয়া ৰামায়ণ।

ইহাৰ মানত আমি মাটিৰ পিম্পৰা।
বিধিৰ নিৰ্ম্মাণ ভৈলো পক্ষীৰ আহাৰ ॥
ৰামকাৰ্য্য নিসিজিল কি কাম কৰিলোঁ।
হৰি হৰি বিধি কিনু বিপাঙ্গে মৰিলোঁ ॥
সাফল জটায়, গড়ুৰৰ পুত্ৰ বীৰ।
ৰাম কাৰ্য সাধা তেহি তেজিলা শৰীৰ ॥
সীতাক ৰাখন্তে ৰাৰণক যুদ্ধ দিল।
অন্যায যুদ্ধত তাঙ্ক ৰাৱণে মাৰিল ॥
এতিক্ষণে যেবে আমিতাঙ্ক লাগপাও।
তেবে কিয আমি ইটো পক্ষীক ডৰাওঁ ॥
জটাযৰ মৰণে পাইল আমাক বিপাকে।
নিশ্চয় জানিলো পক্ষী খাইবেক সবাকে ॥
হৰি হৰি কিছু হৃদয়ত খেদৰৈল।
ৰামৰ ভকতি বিনে জন্ম ব্যৰ্থ গৈল ॥
নপাইলোহো সাধিবাক ৰাঘবৰকাম।
সাবধানে সবেও সুমৰা ৰাম নাম ॥
জটায়ুৰ নাম হেন সম্পাতি শুনিলা।
সচকিত হুয়া ওপৰক ঠোত দিলা ॥
সাবধানে পৃধিবাত পাতিলন্ত কান।
পূৰ্ব্বাপৰ কথা শুনি দিলা সামধান

[ ১২০ ]

নিষ্ট কৰি কহা তোৰা কৈৰপৰা আইলা।
জটায়ুৰ কথা কোনজনে সুমৰাইলা॥
প্ৰাণতো অধিক মোৰ সহোদৰ ভাই।
তান মৃত্যু শুনি মোৰ প্ৰাণ ফুটি যাই॥
তুমি সব বানৰ আসিলা কি কাৰণে।
মোহোৰ ভ্ৰাতৃক কেনে বধিলা ৰাৱণে॥
কহিয়োক ৰামকথা শুনো কাণ পাতি।
জটায়ুৰ শ্ৰেষ্ঠ মই নামত সম্পাতি॥
জটায়ুৰ ভাই হেন শুনি কপিগণ।
ভয় গুছি কিঞ্চিত প্ৰসন্ন ভৈলামন॥
সবেহন্তে অঙ্গদক অনুমতি দিলা।
শুনি যুবৰাজে কথা কহিতে লাগিলা॥
শুনিয়োক পক্ষীৰাজ কথা অনুপম।
সূৰ্য্যৰ বংশত ৰাজা দশৰথ নাম॥
ৰানে শ্ৰষ্ঠ মহ'ৰ কেশল্যা নামেসতা।
তানে গৰ্ভত ৰামচন্দ্ৰ উতপতি॥
কৈকেই নামে আৰো পটেশ্বৰী ভৈলা।
তাহান বচনে ৰাম বনবাসে গৈলা॥
সাতভাৰ্য্যা লক্ষ্মণ ভ্ৰাতৃক লগে নিলা।
বনত ৰাৱনে সীতা দেবীক হৰিলা॥
-

[ ১২১ ]

ৰাৱনক জটায়ু পথত যুদ্ধ দিলা।
মুৰ্চ্চা গৈয়া দশস্কন্ধ ৰণত পৰিলা।
জটায়ুক মাৰি পাছে অন্যায় সমৰে।
নিজস্থানে সীতাক নিলন্ত নিশাচৰে॥
লক্ষ্মণ সহিতে বনে ফুৰে ৰঘূপতি।
সুগ্ৰীৱক পায়া কৰিলন্ত মিত্ৰৱতি॥
মিত্ৰত থাকিয়া ৰামে বালীক মাৰিলা।
তান ৰাজ সম্পত্তিক সুগ্ৰীৱক দিলা।
ৰাজ্য পাই সুগ্ৰীৱৰ আনন্দ মিলিলা।
সীতাক খুজিবে লাগি আমাক পাঞ্চিলা।
মাসেকক লাগি ক্ষান্তি দিলা মহাৰাই।
খুজি হৰ খুজি ভৈলো সীতাক নপাই॥
গোখোজ সমানে আমি বিচাৰ কাৰিলোঁ।
সীতাক নপাই খুজি বিপাঙ্গে মৰিলোঁ॥
পূৰ্ব্বাপৰ কথা যত কহিলোঁ সকল।
কহিয়ো তোমাৰ কথা পক্ষী মহাবল॥
বিন্ধ্যগিৰি উপৰে আছাহা কি কাৰণে।
তুমি কি সীতাৰ বাৰ্ত্তা জানাহা আপোনে॥
এবে পক্ষীৰাজ কহিয়োক বিদ্যমান।
মৃতকক যেন তেবে দিয়া প্ৰাণ দান॥

[ ১২২ ]

তোমাৰ গাৱত প্ৰভু পখা দেখো নাই।
কহিয়োক পক্ষীৰাজ আৰ অভিপ্ৰাই॥
এহি বুলি যুবৰাজ মৌনে যে ৰহিল।
পাছে পক্ষী ৰাজ যে শোক উথলিল॥
বাগৰি পৰিল পাছে তাসম্বাৰ মাজে।
শোকে আৰ্ত্তৰাৱে কান্দিলন্ত পক্ষীৰাজে॥
কনিষ্ঠৰ সন্তাপে দেখস্ত অন্ধকাৰ।
মহামৰ্ম্মে তান বিলাপৰ নাহি পাৰ॥
হৰি হৰি প্ৰাণ ভাই তোক হৰুৱাইলোঁ।
কেনিনো পাপৰ ফলে দেখিতে নপাইলো॥
কৈক লাগি যাওঁ আবে কৰো কোন কাম।
নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম॥


দুলড়ি।

ওহি মতে পাছে,  কান্দিয়া সম্পাতি,
 কিছু সন্ধুক্ষণ ভৈলা।
অঙ্গদ প্ৰমুখ্যে, বানৰ গণত,
 কথা কহিবাক লৈলা॥

[ ১২৩ ]

জানিলোঁ আমাৰ মহা ভাগ্য ভৈল,
 দেখিলোঁ ৰাম সেনাক।
আমাৰ পন্থৰ,  কাহিণী কহঁও,
 শুনিয়োক সবে তাক॥
গৰুড়ৰ পুত্ৰ, জটায়ু সম্পাতি,
 সহোদৰ দুই ভাই।
জানিবা স্বৰূপে, একে খান দ্বীপে,
 দুই হান্তে লৈলো ঠাই॥
দ্বীপৰ নিমিতে,  দুই হানো দুৰ্ঘোৰ,
 কন্দল ভৈল অপাৰ।
পূৰ্ব্বে নুশুনিলো,  আপুনি চিন্তিলোঁ,
 দুয়ো আপোনাৰ মাৰ॥
বসি থাকে য’ত,  আঠাইশ সহস্ৰ,
 ঋষি তপ কৰে যথা।
অনন্তৰে দুয়ো, ভাই দ্বন্দ্ব কৰি,
 লড়িয়া গৈলোহো তথা॥
দুই ভাই বচন, বুলিলোঁ তেখন,
 শুনিয়োক দেব গণ।
শীঘ্ৰে কহিয়োক,  দোভাইৰ মাজত,
 বলৱন্ত কোন জন॥

[ ১২৪ ]

হেন বাণী শুনি, যত মহামুনি,
 সবাৰো মনত ভয়।
যাক ছোট কৰো,  সেহি জনে আসি,
 ধৰি খাইবে নিশ্চয॥
সবেও বোলন্ত, তেবেসে কহিবোঁ,
 দুইৰো পৰাক্ৰম জানি।
এই মতে মনে, গুণ সাৰকাৰ,
 সবে বুললন্ত বাণী॥
উপৰক হাত,  মেলি ঋষিগণ
 আমাৰ দুইক দেখন্ত।
দেখিয়োক দুয়ো ভাই সূৰ্য্যদেৱ,
 ৰথে ছড়ি লড়ি যান্ত॥
আগহুৱা গৈয়া, ইহান *থক,
 পাৰাহা যিটো চুইবাক।
দুই হানো মাজত,  বলতো অধিক,
 সবোহি বোলোঁহু তাক।
হেন শুনি তেতি,  ক্ষণ দুই ভাই
 কৰিলোঁ শীঘ্ৰে উড়াৱ।
বৃক্ষ ছন্ন হৱে, শিখৰ খ**
 লাগিয়া পথাৰ বাৱ॥

[ ১২৫ ]

প্ৰাণপণ কৰি,  দুয়ো যাঁও উৰি,
 সূৰ্য্যক লখিয়া মাত্ৰ।
আমাক দেখিয়া, আদিত্য দেবতা,
 হাতে লৈয়া অগ্নি অস্ত্ৰ॥
কহিৰ পৰম  দুষ্ট দুই পক্ষী,
 আসে আকাশৰ পথে
কৰিয়া ক্ৰোধক,  অগ্নিৰ শৰক,
 হানিলন্ত ধাৰহাতে।
দেখিবা মাত্ৰকে, সিতো অগ্নি শৰ,
 জটাযু গৈলেক ডৰি।
ভয়তে ৰহিল, শৰণ পশিল,
 মোৰ চৰণক ধৰি॥
অনেক কাৰ্পূণ্য, কৰিয়া আমাক,
 বুলিলেক প্ৰিয় ভাৱ।
সোদৰকো মহা, আতুৰ দেখিয়া,
 মোৰ নসহিলা গাৱ।
শুনিয়োক প্ৰাণ, দদা হেৰ মই,
 বোলো কৰি অঙ্গিকাৰ।
তোমাৰ গাৱৰ, পখা যেবে নাশে,
 যোগাইবো আমি আহাৰ॥

[ ১২৬ ]

হেনশুনি জটা- য়ুক পাছ কৰি,
 মেলি দিলোঁ দুই পখা।
অগ্নি শৰে মোৰ,  পাখা পুৰি গৈল,
 ভয়াই লৈ গৈল ৰক্ষা॥
পাখী ভস্ম হুই, অনন্তৰে মই ,
 পৰিলোহোঁ পৰ্ব্বতত।
শৰীৰত বৰ পীড়াক লভিলোঁ
 মোৰ শ্ৰুতি ভৈল হত॥
পাছে কতো দিনে,  সন্ধুক্ষণ হয়া,
 বসিয়া ৰৈলো।
পাছে ভাগ্য বশে, অহষ্টি ঋষিক,
 মই দৰশন ভৈলো॥
কাৰ্পূণ্য কৰিয়া, বুলিলো মোহোৰ,
 বচন শুনিয়া ঋষি।
তুমি সৰ্ব্বজান, জীৱন মৰণ
 কৈয়ো মোত বিমৰিষি॥
শুনি হাসি পাছে, অগষ্টি বুলিলা,
 মোহোৰ মুখক চাই।
গড়ৰৰ পুত্ত্ৰ, শুনিয়ো সম্পাতি,
 তোহোৰ মৰণ নাই॥

[ ১২৭ ]

এতিখন এহি,  থানে থাকা ষাঠি,
  হাজাৰ মানে বৎসৰ।
যতকাল পখা   নতু গজৈ মানে,
  তোহোৰ ইটো গাৱৰ॥
দশৰথ গৃহে   অযোধ্যাত হবে
 হুইব ৰাম অৱতাৰ।
সন্তক পালিব, দুষ্টক নাশিবা,
 খণ্ডিব ভূমিৰ ভাৰ॥
তাহান ভাৰ্য্যাক,  সীতাক হৰিয়া,
 নিবেক ৰাজা ৰাৱনে।
সীতাক খুজিতে,  ৰাম সেনা গণ,
 আসিবেক এহি থানে॥
বালিৰ তনয়  অঙ্গদ কুমাৰ,
 বীৰ গণিতাত সাৰ॥
যতেক কটক   বানৰ ভালুক
  তেন্তে পাইব অধিকাৰ।
তাসম্বাৰ আগে   কহিবি সকলে,
  তেহোৰ বৃত্তান্ত কথা।
তেক্ষণে খণ্ডিবে, তোহোৰ যতেক,
 শৰীৰৰ দুখ ব্যথা।

[ ১২৮ ]

তোহোৰ যতেক,   আছিলেক পখা,
  গজিয়া হৈব সম্পূৰ্ণ।
এহি বুলি মোক,   মহা ঋষি পাছে,
  গৈলা চলি তপোবন॥
ঋষিৰ বচনে,   জানিলো নিশ্চয়,
  মোহোৰ মৰণ নাই।
কিন্তু বৰ দুখ,   হৈলে তবে মোৰ,
  আহাৰ পানী নপাই॥
ভাযো এৰিমোক,   কোথা বা গৈলেক,
  পুত্ৰ মোৰ নজানয়।
অনন্তৰে মুণ্ড,   তুলিয়া দেখিলো,
  আসিল মোৰ তনয়॥
মোহৰ অৱস্থা,   দেখি পুত্ৰে পাছে,
  কৰিলা বৰ বিলাপ।
সুস্থ হুযা বলে,   আহাৰক লাগি,
  চিন্তা নকৰিবা বাপ॥
তোমাৰ আগত,   স্বরূপ বচন,
  বোলো কৰি অঙ্গিকাৰ।
নিতে সাত ঘটি,   বেলা ভৈলে নিত্য,
  যোগাইবোঁ আমি আহাৰ॥

[ ১২৯ ]

পুত্ৰ তৈলে তাৰ, পিতৃক শুশ্ৰুষা
 অবশ্যে কৰিবে লাগে।
এতেকে তোমাক, আহাৰ যোগাইবে
 পাইলো আসি বৰ ভাগে।



পদ।


মোহোৰ কাৰ্য্যত নাহিতাৰ হেলা।
আহাৰ যোগাই যে নিতে সাত ঘটী বেলা॥
একদিন সাত ঘটি নিবৰ্ত্তিয়া গৈলা।
আহাৰ আনিল পুত্ৰ নবঘটি বেলা॥
পঞ্চগজ মাৰ্দ্দন কশ্যপ নাম চয়।
আহাৰ দেখিয়া মোৰ মনত বিস্ময়॥
আপোনাৰ পাপে আমি পখা পুৰি মৰো।
মনত অসুখে মই আহাৰ নকৰোঁ॥
অসন্তোষ দেখি মোক পাছে গৈল ডৰি।
কাকুতি কৰয় মোৰ চৰণত ধৰি।
আহাৰ খায়োক মোক নকৰিও ৰোষ।
কথা শুনি পাছে মোৰ মৰষিয়ো দোষ॥

[ ১৩০ ]

বিলম্ব হৈবাৰ বাপ শুনিয়ো কাৰণ।
আকাশৰ পথে যাই লঙ্কাৰ ৰাৱণ॥
আৰ্ত্তৰাৱ কৰি কান্দে ত্ৰৈলোক্য সুন্দৰী।
ৰামৰ ভাৰ্য্যাক লঙ্কেশ্বৰে নেই হৰি॥
জলচৰ থলচৰ ভূমিত ঘসাই।
মহা ক্ৰোধে ৰাৱণক দেখিগৈলো ধায়॥
সীতা সমে ৰাৱণক মহা ধৰি।
কাপূণ্য কৰ ৰজা কৰযোৰ কৰি॥
সম্পাতিৰ পুত্ৰে তুমি গড়ুৰৰ নাতি।
ব্যাপি আছে জগতত তোমাৰ খিয়াতি॥
তোমাৰ বংশৰ একো নোহু অপৰাধ।
শত্ৰুৰ ভাৰ্যাক নেও কেনে যে বিষাদ॥
ক্ষেত্ৰি হুয়া ৰাম মোক মাৰিলেক আসি।
ভাৰ্য্যা কি কৰিবে সিটো তপসা বন বাসী॥
এড়িদিলো ৰাৱণ তেখনে লড়ি গৈল।
সিকাৰণে বিলম্ব মোহোৰ আসি ভৈল॥
পুত্ৰৰ বচনে পাছে ভুঞ্জিলো আহাৰ।
ভ্ৰাতৃৰ বিৰহে হেন অবস্থা আমাৰ॥
সকল কহিলোঁ মোৰ আদি অন্ত কথা।
তুমি সব কি কাৰণে আসি ভৈলা এথা॥

[ ১৩১ ]

ৰাম সেনা সম্পাতিৰ শুনিয়া বচন।
বাৰ্ত্তা পাইয়া সীতাৰ হৰিষ ভৈলা মম॥
অঙ্গদে বোলন্ত মই বাণীৰাজা সুত।
সীতা খুজি ফুৰু সবে শ্ৰীৰামৰ দূত॥
মোহোৰ অঙ্গদ নাম বালী যুবৰাজ।
সাীতা অম্বেষণ আমাৰ মুখ্য কাজ॥
আমি আদি কৰি যত ভালুক বানৰ।
জানিবা সকল সেনা সুগ্ৰীৰ ৰামৰ॥
কথা শুনি সম্পাতিৰ চৰষিত মন।
মনত পৰিলা আসি ঋষিৰ বচন॥
স্বরূপ হোৱা যদি ৰাম সেনা গণ।
নিশ্চয় জানিলা মোৰ সম্পদ লক্ষণ॥
পুনৰূপী সম্পাতিয়ে বুলিল বচন।
অঙ্গদ সহিতে শুনা সব কপিগণ॥
ৰাম সেনা হোৱা যেবে গজিবেক পখি।
নুহি খাইবো সবাকে পৃথিবী হৈব সাক্ষী॥
এহ বুলি সম্পাতিযে আছিলেক লক্ষি।
সকল গাৱৰ তাৰ শক্তি আসে পাখি॥
পাখী দেখি সবাৰো হৰিষ কৰেমন।
জয় জয় শবদ কৰয় কপি গণ॥

[ ১৩২ ]

আসিলন্ত সুপাৰ্চ্চক আহাৰ পানীলই।
সেনাগণ দেখি বীৰ আকাশত ৰই॥
সেনাৰ মাজত দেখে পিতা আছে বসি।
পাখি গজিবাৰ দেখি আসিল উল্লসি॥
তোমাৰ পাখিক দেখি হৰিষ অপাৰ।
পৰম সন্তোষে আজ ভুঞ্জিও আহাৰ।
মনতৃষ্টে ভোজন কৰিলা পক্ষীৰাঙ্গ।
উৰাৱ কৰিলা দুয়ো আকাশৰ মাজ।
আকাশৰ উপৰে ফুৰন্ত নানা ভাবে।
খানিকো প্ৰয়াস নাই বাপ তোৰ গাৱে॥
কতো বেলি ভ্ৰমিয়া আসিলা দুয়োছন।
বাপত পুছন্ত ইটো কৈৰ সেনা গণ।
সম্পাতি বোলন্ত পুত্ৰ শুনিয়ে বচন।
সীতা খুজি ফুৰন্ত বাঘৰ সেনা গণ॥
এসম্বাক দেখি মই কৰিলোঁহু সাক্ষী।
তেখনে গজিল মোৰ নব্বৈ কোটা পাখি।
অঙ্গদে মাতন্ত সম্পাতিৰ মুখ চাই।
ৰাম কাৰ্য্য হেলা আপোনাৰ কাৰ্যঝয় পাই।
আনিয়া সুপাচ্চে জুড়িলন্ত ঘোড় হাতে।
ৰাম সেনা দেখি আসি নমিলেক মাথে॥

[ ১৩৩ ]

একবোল বলিবাক লাগে মোৰ ডৰ।
উৎকট দেখা যেবে তৰিতে সাগৰ॥
সাগৰ তৰিতে কেহু নকৰিবা শঙ্কা।
পঠিত ছড়িয়ো সবাহাকে নিবোঁ লঙ্কা॥
সুপাচ্চৰ বাণী পাছে শুনি সেনাবল।
আমাক লঙকাক নিবে তোৰ আছে বল॥
নুবুজি বোলস তযু সবাঙ্কে নিতে পাৰ।
জানো মাজ সাগৰত নিয়া দুবাইয়া মাৰ॥
শুনি সুপাচ্চে বোলে মনে ক্ৰোধ কৰি।
সত্যা সত্যে বোলহু ৰামৰ পাৱে ধৰি॥
তুমি যত সেনা আছা আৰ কৌটি হৌক।
সবাকে নিবাক পাৰোঁ পিঠিত উঠোক॥
এহি বুলি পক্ষিয়ে পিঠিক পাতিদিল।
বৰ বৰ বীৰ গণ পিঠিত উঠিল॥
আনো সব সেনাগণ লোমত ধৰিল।
সবাকো পিঠিত লই উৰাৱ কৰিল॥
সেনা লইয়া আকাশত ফুৰে লীলা কৰি।
সেনাগেণে জয় সুমৰন্ত ৰাম হৰি।
হেন শুনি সুপাঞ্চে গৈ ভূমিত সুমৰন্ত।
অঙ্গদক নমি বীৰে সেনাক নমিলা॥
সেনা গণে বোলে সাধু সম্পাতি নন্দন।
তযু পৰাক্ৰমে আমি তুষ্ট ভৈলোঁ মন॥

[ ১৩৪ ]

অঙ্গদে প্ৰমুখ্যে সবে পুছিলন্ত কাজ।
তোমাৰ কৌশলে সবে পাৰ ভৈলো আজ॥
বুলিলা যে সীতাক ৰাৱণে নিল হৰি।
স্বৰূপ কি মিছা কহিয়োক দৃঢ় কৰি॥
এহি শুনি সম্পাতি শিখৰে চড়িলন্ত।
লঙ্কাৰ গড়ক লাগি মুণ্ড তুলিলন্ত॥
দেখন্ত লঙ্কাৰ মাজে অশোকা বনত।
আছন্ত গোসাণী সীতা শিংশপা মূলত॥
বেঢ়িয়া আছন্ত তৈতে ৰাক্ষসিণী গণে।
জানিলে সীতাক সুখে নেদিব ৰাৱণে॥
শিখৰৰ হন্তে নামিলন্ত তেতিক্ষণে।
সম্পাতিক দেখিয়া বেঢিলা সেনা গণে॥
সম্পাতি বোলন্ত শুনিয়োক সেনা গণ।
সত্য স্বৰূপ জানা আমাৰ বচন॥
দুজ্জন ৰাৱণে সীতা আনিলেক হৰি।
অশোকা বনত থৈয়া আছে বন্দি কৰি॥
সকালে দেখিলো আমি পৰ্ব্বতত বসি।
তৰু তলে বেঢ়ি আছে অনেক ৰাক্ষসী॥
আনতো সুবুলি মিছা তুমি উপকাৰী।
বিশেষতঃ শ্ৰীৰাম বংশৰ অধিকাৰী॥
আউৰ উপদেশ বোলো শুনিও বচন।
পূবক উজাহো এক প্ৰহৰ গমণ॥

[ ১৩৫ ]

লঙ্কা লাগি সেহিসে সম্মুখ হৱে পথ।
পাৰিবোহে এৰে ৰামৰ গুছাইতে কষ্ট॥
এহি বুলি সবাহাঙ্কে আশ্বাস কৰিয়া।
বায়ুত লড়িলা পাছে আকাশ ছানিয়া॥
পাছে সেনা গণে সবে সবাহাতে কয়।
সাধু সাধু পক্ষি যে সম্পাতি তনয়॥
যোগাইল এঘাৰ যাঠি হাজাৰ বৰিষ।
দেখি আছোঁ হেন শক্তি যাৰ আসৰিষ॥
পিঠিত ছাড়লোঁ আমি সবে হৃষ্ট পুষ্ট।
আকাশে ফুৰিলা দেখি সবে ভৈলোঁ তুষ্ট॥
যত নৃপতিৰ সবে আসে সেনা গণ।
বিমাৰষি বলে সবে যাৰ যেন মন॥
সম্পাতিৰ কথা, সিটো লক্ষ্মণে কহন্ত।
সীতাৰ বাৰ্ত্তাক নপাইলন্ত হনুমন্ত॥
সম্পাতিৰ কথা যিটো মনে সাৰ নাই।
শুন সেন গণে মাতে জাম্বুবানক চাই।
ধন্য জাম্ববন্ত তুমি ধন্য বুদ্ধিৰ সাৰ।
সব ভাল দেখো আমি বচন তোমাৰ॥
অগদে বোলন্ত সবে কাৰ্য্য আছোঁ পাই।
বৃদ্ধৰ বচন মানে কৰিতে যুৱাই॥
অঙ্গদ জাম্বুৱন্ত দুহানো বচন।
শিৰত ধৰিয়া লৈলা সবে সেনা গণ॥

[ ১৩৬ ]

এহি মানে কিষ্কিন্ধ্যা কাণ্ডৰ সমাপতি।
দ্বিজ ৰাজ মাধব কন্দলী নিগদতি॥
শুনিলাহা সমাজিক ৰামৰ চৰিত্ৰ।
নানা ৰসে বসৱন্ত পৰম বিচিত্ৰ॥
আক শুনি হুয়ো সবে মনত সন্তোষ।
বঢ়াটুটা নশৈবাহা মোৰ যত দোষ॥
বাল্মিকীৰ কৃত যত সংসাৰতে সাৰ।
ৰাম কথা শুনি হোৱা সংসাৰতে পাৰ॥
আপোনাৰ বুদ্ধি বলে যিমত বুজিলোঁ।
সংক্ষেপ কৰিয়া তাক পদে নিবন্ধিলোঁ॥
সমস্ত ৰসক কোনে জানিবাক পাৰে।
পক্ষী সব উৰে যেন পথা অনুসাৰে॥
কতো নিজ কতো লম্ভা কথা অনুসাৰে
সমাজ্যায়ে নিবন্ধয় লোক ব্যৱহাৰে॥
কবিৰ কবিতা গুণ কবি এসে জানে।
প্ৰসবৰ দুখ যেন বন্ধ্যাই জানে॥
দেব বাণী নুহি ইটো ৰস ৰসে কথা।
এতেকে ইহাৰ দোষ নলৈবা সৰ্ব্বথা॥
ৰামৰ চৰিত্ৰ বুলি তৰিয়ে সংসাৰ।
আলাস তেজিয়া ৰাম বোলা বাৰ বাৰ॥


এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২০ চনত ১ জানুৱাৰী ১৯৬০ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )