ৰামৰ অশ্বমেধ যজ্ঞ

ৱিকিউৎসৰ পৰা
ৰামায়ণ বৃত্তান্ত
  1. আদিকাণ্ড - প্ৰথম অধ্যায়
  2. ৰামায়ণ বৃত্তান্ত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২
  3. ৰাক্ষসৰ কথা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯
  4. সূৰ্যবংশৰ বিৱৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০
  5. দশৰথৰ বিবাহ - কৌশল্যা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২
  6. দশৰথৰ বিবাহ - কৈকেয়ী - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২
  7. দশৰথৰ বিবাহ - সুমিত্ৰা আৰু অন্যান্য ৰাণী - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫
  8. শনিৰ দৃষ্টি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭
  9. শনিৰ বৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০
  10. সিন্ধু মুনি বধ আৰু অভিশাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২
  11. দশৰথৰ বৰ : কৈকেয়ীক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৬
  12. অপুত্ৰক দশৰথৰ চিন্তা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭
  13. ঋষ্যশৃঙ্গৰ কাহিনী - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮
  14. ঋষ্যশৃঙ্গৰ উপস্থিতিত যজ্ঞ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২
  15. দশৰথৰ গৃহত নাৰায়ণৰ অংশৰ স্থিত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৪
  16. পায়স ভক্ষণ আৰু সন্তান জন্ম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪০
  17. জনকৰ ঘৰত সীতাৰ জন্ম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৬
  18. গুহক চণ্ডাল - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৭
  19. ৰাক্ষস বধৰ উদ্দেশ্যে ৰাম - লক্ষণৰ আনয়ন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫০
  20. ৰাম - লক্ষণ আৰু বিশ্বামিত্ৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫২
  21. তাৰকা ৰাক্ষসীক বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫৪
  22. মাৰীচ বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫৬
  23. সীতা স্বয়ম্বৰলৈ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫৮
  24. কান্যকুজ্বৰ বিৱৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬৩
  25. উনপঞ্চাশত বায়ুৰ উত্পত্তি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬৪
  26. অহল্যাৰ শাপ - মুক্তি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬৫
  27. ৰামৰ হৰধনু ভঙ্গ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৭০
  28. স্বয়ম্বৰত যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৭৫
  29. দশৰথক আনিবলৈ কটকী প্ৰেৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৮০
  30. চাৰি ভাইৰ বিবাহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৮২
  31. ৰাম - পৰশুৰাম সংঘৰ্ষ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৮৫
  32. অযোধ্যাকাণ্ড - দ্বিতীয় অধ্যায়
  33. ৰামচন্দ্ৰৰ অযোধ্যালৈ আগমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯২
  34. ৰামচন্দ্ৰক যুৱৰাজ পতাৰ প্ৰস্তাৱ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৩
  35. ৰামচন্দ্ৰৰ অভিষেকৰ আয়োজন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৪
  36. মন্থৰাৰ কুমন্ত্ৰণা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৬
  37. কৈকেয়ীয়ে বৰ বিচাৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৭
  38. দশৰথৰ মনত দুখ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯০২
  39. কৈকেয়ীয়ে ৰামক বৰৰ কথা কয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০৪
  40. ৰাম বনলৈ যাবলৈ ওলায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০৪
  41. লক্ষণৰ ক্ৰোধ আৰু ৰামৰ প্ৰবোধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০৬
  42. বনবাসৰ কথা সীতাক জনায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১০
  43. লক্ষণো বনলৈ ওলায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৪
  44. ৰামচন্দ্ৰৰ বিদায় - প্ৰাৰ্থনা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৫
  45. ৰামচন্দ্ৰৰ বাকলি বস্ত্ৰ পৰিধাণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৭
  46. ৰাম - লক্ষণ - সীতাৰ বনবাস গমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৯
  47. ৰামচন্দ্ৰই প্ৰজাক শান্ত্বনা দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২২
  48. ৰামচন্দ্ৰ - গুহক সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২৩
  49. মন্ত্ৰী সুনম্তক বিদায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২৪
  50. ভৰদ্বাজ মুনিৰ আশ্ৰমত প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২৫
  51. দশৰথৰ মৃত্যু -গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩১
  52. ৰাণীসকলৰ বিলাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৩
  53. কৌশল্যাই কৈকেয়ীক ভৰ্ত্সনা কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৪
  54. ভৰতক মতাই আনে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৫
  55. ভৰতৰ খং - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৭
  56. কুঁজীৰ বিলাই - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৯
  57. কৌশল্যা আৰু ভৰতৰ কথা-বতৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪০
  58. দশৰথ ৰজাৰ প্ৰেতকাৰ্য্য - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪১
  59. ৰামক মাতি আনিবলৈ দিহা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৩
  60. ৰামক বিচাৰি ভৰতৰ যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৪
  61. ভৰত-গুহৰ মিলন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৬
  62. গুহকৰ সাহায্য দান - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৯
  63. ভৰদ্বাজ মুনিৰ অতিথি সত্কাৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫০
  64. চিত্ৰকূটত ৰাম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫১
  65. ভৰতে ৰামক লগ পায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৩
  66. দশৰথৰ মৃত্যুৰ বাতৰিত শোক-প্ৰকাশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৩
  67. ৰামৰ পিণ্ড দান - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৫
  68. ঋষি আৰু মাতৃসকলৰ লগত ৰামৰ সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৫
  69. ৰামৰ খৰম লৈ ভৰতৰ প্ৰত্যাগমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৭
  70. সিংহাসনত খৰম স্থাপন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৮
  71. অৰণ্যকাণ্ড - তৃতীয় অধ্যায়
  72. অত্ৰি ঋষিৰ আশ্ৰমত ৰাম সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৯
  73. দণ্ডকাৰণ্যত ৰামৰ প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৪
  74. ৰামচন্দ্ৰ - সীতাৰ কথোপকথন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৭
  75. ৰামৰ আগত মাণ্ডকৰ্ণি মুনিৰ বৃত্তান্ত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৯
  76. অগস্ত্য মুনিৰ আশ্ৰমত প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৯
  77. জটায়ুৰ লগত সাক্ষাত্ আৰু শূৰ্পনখাৰ নাক - কাণ ছেদন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭১
  78. ৰাক্ষসৰ লগত যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭৫
  79. খৰ দুষণ বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭৬
  80. মাৰীচৰ মৃগৰূপ ধাৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৮৭
  81. ৰাৱণৰ তপস্বী বেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৮৭
  82. সীতাৰ আগত ৰাৱণৰ আত্ম পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯১
  83. ৰাৱণৰ গৰ্ব - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৪
  84. ৰাৱণে সীতাক হৰণ কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৫
  85. ৰামক মাৰিবলৈ ৰাক্ষস নিয়োগ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৮
  86. সীতাই ৰাৱণক অভিশাপ দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৯
  87. সীতাই ৰাৱণক ৰ্ভতসনা কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০০
  88. সীতাক বিচাৰি নেপাই ৰামৰ আক্ষেপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০২
  89. জটায়ুৱে সীতাৰ বাতৰি দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৩
  90. কৱদ্ধৰ লগত সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৫
  91. চম্পা সৰোবৰত ৰাম-লক্ষণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৬
  92. কিষ্কিন্ধ্যাকাণ্ড - চতুৰ্থ অধ্যায়
  93. ৰামৰ লগত সুগ্ৰীৱৰ মিত্ৰতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৯
  94. ৰামৰ আগত সীতাৰ অলঙ্কাৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১০
  95. বালী বধৰ আয়োজন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১০
  96. বালী - সুগ্ৰীৱৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১৪
  97. ৰামে বালীক বধ কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১৮
  98. বালীয়ে ৰামক তিৰস্কাৰ কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২১
  99. বালীৰ ভাৰ্য্যা তাৰাৰ বিলাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৩
  100. তাৰাৰ অভিশাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৪
  101. সুগ্ৰীৱৰ অভিষেক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৭
  102. সুগ্ৰীৱৰ প্ৰতি ৰামৰ সন্দেহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৮
  103. সুগ্ৰীৱৰ সৈন্য সংগ্ৰহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩২
  104. সসৈন্যে সুগ্ৰীৱ উপস্থিত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৩
  105. বালীপুত্ৰ অঙ্গদৰ দ্ধাৰা ৰাক্ষস বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৬
  106. বানৰ সৈন্যৰ স্বয়ংপ্ৰভা সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৭
  107. বানৰ সৈন্যৰ সমাবেশ : সাগৰ দৰ্শন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৮
  108. জটায়ুৰ মৃত্যুত সম্পাতিৰ শোক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪১
  109. সুপাৰ্শ্বই ৰাৱণ আৰু সীতাক দেখে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৩
  110. সুন্দৰাকাণ্ড - পঞ্চম অধ্যায়
  111. সাগৰৰ পাৰত বানৰ সৈন্যৰ মন্ত্ৰণা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৬
  112. হনুমন্তৰ পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৭
  113. হনুমন্তৰ লঙ্কা যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৯
  114. লঙ্কাৰ বিৱৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫১
  115. হনুমন্তই সীতাক বিচাৰি পায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৬
  116. ৰাৱণৰ কক্ষত সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৫৮
  117. সীতা আৰু হনুমন্তৰ কথোপকথন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৬৩
  118. হনুমন্ত আৰু ৰাক্ষসৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৬৯
  119. হনুমন্ত আৰু জম্বুমালীৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭০
  120. হনুমন্ত আৰু বিৰুপাক্ষৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭১
  121. হনুমন্ত আৰু অক্ষকুমাৰৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭২
  122. ইন্দ্ৰজিত আৰু হনুমন্তৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭৩
  123. হনুমন্তৰ নেজত জুই আৰু লঙ্কা দাহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭৭
  124. হনুমন্তৰ প্ৰত্যাগমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮০
  125. বানৰ সৈন্যই মধুফল খায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৪
  126. হনুমন্তই ৰামক সীতাৰ বাতৰি দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৫
  127. ৰাম-লক্ষণৰ লঙ্কা যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৭
  128. ৰাৱণক বিভীষণৰ সজ উপদেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৯
  129. ৰাৱণৰ কুমন্ত্ৰণা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৯০
  130. বিভীষণক ৰাৱণৰ পদাঘাত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৯২
  131. লঙ্কাকাণ্ড - ষষ্ঠ অধ্যায়
  132. ৰামৰ সৈন্যবল সম্পৰ্কে জানিবলৈ ৰাৱণৰ আগ্ৰহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৯৮
  133. ৰাৱণৰ ছলনা আৰু সীতাৰ বেজাৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩০৩
  134. ৰাৱণক সজউপদেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩০৬
  135. সুবেল পৰ্বতত ৰাম-লক্ষণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩০৮
  136. ৰাম-লক্ষণৰ নাগপাশ মোচন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩১২
  137. ধুম্ৰাক্ষৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬২১
  138. সেনাপতি ব্ৰজদ্ৰংষ্ট - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৩
  139. প্ৰহস্তৰ যুদ্ধযাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৫
  140. অনেক ৰাক্ষসৰ যুদ্ধ আৰু পতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৭
  141. ৰাৱণৰ যুদ্ধ যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৮
  142. লক্ষণৰ হাতত ৰাৱণৰ পৰাজয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৯
  143. কুম্ভকৰ্ণৰ যুদ্ধ - যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৩৫
  144. কুম্ভকৰ্ণৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৩৮
  145. ৰাম-লক্ষণৰ হাতত কুম্ভকৰ্ণৰ পতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৪৩
  146. অতিকায় ৰাক্ষসৰ যুদ্ধ আৰু পতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৪৬
  147. ইন্দ্ৰজিতৰ যুদ্ধ : ৰাম-লক্ষণ অচেতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫১
  148. হনুমন্তই ঔষধ আনি জীৱন দান দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৩
  149. বানৰ সৈন্যৰ আক্ৰমণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৪
  150. কুম্ভ নিকুম্ভৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৬
  151. ইন্দ্ৰজিতৰ পুনৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৯
  152. ৰামক বিভীষণৰ প্ৰবোধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৬২
  153. ইন্দ্ৰজিত বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৬৫
  154. ৰাৱণৰ ক্ৰোধ আৰু সীতাক হত্যা কৰিবলৈ উদ্যত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৭৩
  155. লক্ষণৰ শক্তিশেল - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৭৯
  156. হনুমন্তৰ গন্ধমাদন আনয়ন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৮৫
  157. গন্ধমাদন পুনৰ থৈ আহে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৮৮
  158. ৰাম ৰাৱণৰ যুদ্ধ : ৰাৱণ বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৯০
  159. ৰামৰ আগত সীতাৰ উপস্থিতি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৯৯
  160. সীতাৰ অগ্নি পৰীক্ষা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪০২
  161. ৰামৰ অযোধ্যালৈ যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪০৭
  162. অযোধ্যাত ৰামৰ প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪১০
  163. ৰামচন্দ্ৰৰ ৰাজ্যাভিষেক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪১৬
  164. হনুমন্ত প্ৰভৃতিৰ অযোধ্যা ত্যাগ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪১৭
  165. উত্তৰা কাণ্ড - সপ্তম অধ্যায়
  166. সীতাৰ বনবাস - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২০
  167. বাল্মীকিৰ আশ্ৰমত লৱ-কুশৰ জন্ম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২১
  168. ৰামৰ অশ্বমেধ যজ্ঞ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২২
  169. লৱ-কুশৰ ৰামায়ণ কথন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২৭
  170. হনুমন্তৰ জন্ম পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৩৩
  171. লৱ-কুশৰ পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৩৬
  172. সীতাক আনিবলৈ হনুমন্তক প্ৰেৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৩৭
  173. ৰামৰ ৰাজসভাত সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪১
  174. সীতাৰ বেজাৰ আৰু পাতাল প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪২
  175. পৃথিৱীৰ প্ৰতি ৰামৰ ক্ৰোধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪৬
  176. পাতালত সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪৭
  177. ভৰতৰ পুত্ৰক ৰাজ্য দান - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪৮
  178. ৰামৰ লক্ষণ বৰ্জন - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৫২
  179. লক্ষণক বিচাৰি ৰামৰ বন যাত্ৰা - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৫৮
  180. ৰামচন্দ্ৰৰ স্বৰ্গযাত্ৰা - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৬৪


৩ অধ্যায়

ৰামৰ অশ্বমেধ যজ্ঞ ।

একদিনা ৰাঘৱে আছন্ত সভাপাতি ।

পুছিলন্ত কথা পাছে বশিষ্ঠক মাতি ॥১

কোন যজ্ঞ আছে সৰ্ব্ব যজ্ঞতে বিশিষ্ট ।

নিৰ্ণয় কৰিয়া তাক কহিয়ো বশিষ্ঠ ॥২

কাহাক যজিলে মনোৰথ হৱে সিদ্ধি ।

কহিয়ো সমস্তে মহাঋষি যেন বিধি ॥৩

শুনিয়া বশিষ্ঠ পাছে দিলা সমিধান ।

নাই আন পুণ্য অশ্বমেধ যজ্ঞমান ॥৪

পূৰ্ব্বত আছিলা ইলা নৃপতি প্ৰতাপে ।

স্ত্ৰী ভৈলা ৰাজা পাছে মহেশ্বৰ শাপে ॥৫

অশ্বমেধ যজ্ঞ যজি গোবিন্দৰ পাৱে ।

ভৈলন্ত পুৰুষ দুনাই যজ্ঞৰ প্ৰভাৱে ॥৬

অশ্বমেধ যজ্ঞ সম নাহি পৃথিবীত ।

শুনি যজ্ঞ কৰিবে ৰামৰ ভৈল চিত ॥৭

লক্ষ্মণক আনি ৰামে নিযোজিলা কায ।

আমৰাও কৰোঁ অশ্বমেধ যজ্ঞৰাজ ॥৮

সাত পৃথিবীৰ বাপ নৃপতি জৰায়ো ।

বাছি বাছি বিপ্ৰসব সত্বৰে আনায়ো ॥৯

শুনিয়োক লক্ষ্মণ দুঃখৰ সইতৰী ।

মিলায়ো সম্ভাৰ বিলম্বক পৰিহৰি ॥১০

ৰামৰ আদেশে পাছে পাঞ্চি দিলা দূত ।

ভৈলা সবে হাঙ্কাৰতে নৃপতি অযুত ॥১১

সুবৰ্ণ ৰজতে ভৰি অসংখ্য শকতে ।

ৰামৰ পাৱক আসি নমিল প্ৰকতে ॥১২

সুগ্ৰীৱ অঙ্গদ নল নীল হনুমন্ত ।

আসিলন্ত হৰিষে বানৰ অপৰ্য্যন্ত ॥১৩

অনেক ভালুক সমে আইল ঋক্ষৰাজ ।

বিভীষণ আসিলন্ত ৰাক্ষস সমাজ ॥১৪

ভালুক বানৰ ৰাক্ষসৰ ৰাজা তিনি ।

ৰামক প্ৰণামি ভেটিলন্ত ভিনি ভিনি ॥১৫

সুবৰ্ণ ৰজত যত যোগাইলা সম্ভাৰ ।

ৰাঘৱে কৰিলা তাসম্বাক সতকাৰ ॥১৬

যজ্ঞৰ শুনিয়া নাম যত মহাঋষি ।

অযোধ্যা ভৰিল আসি পৰম হৰিষি ॥১৭

বিশ্বামিত্ৰ অত্ৰি ত্ৰিত গৌতম গালৱ ।

পুলস্তি,পুলহ ভৃগু ভাৰ্গুৰী ভাৰ্গৱ ॥১৮

মৰিচী চ্যবন চন্দ্ৰবিন্দু বেদসাৰ ।

অগস্তি আস্তিক শ্ৰুত কপিল কুমাৰ ॥১৯

সুমন্ত সনক সনাতন সিদ্ধেশ্বৰ ।

ইহাৰ প্ৰমুখ্যে আইল মুনি নিৰন্তৰ ॥২০

নথাকিল দুখী ভিক্ষী দীন দেশান্তৰী ।

হাট বাট ঘাট সবে চলিল নগৰী ॥২১

পাতালৰ নাগ স্বৰ্গবাসী দেৱ যত ।

ৰঙ্গে যজ্ঞ দেখিবাক আসিলা সমস্ত ॥২২

শুনা সাৱধানে সবে ৰামৰ চৰিত্ৰ ।

আত পৰে আন ধৰ্ম্ম নাহিকে কলিত ॥২৩

স্বভাৱে কলিৰ লোক ভৈল মন্দমতি ।

কিমতে সাধিবে আন ধৰ্ম্ম আউৰ গতি ॥২৪

কলিৰ ভয়ত ধৰ্ম্মে কৈত নপাই ঠাই ।

হৰিৰ নামত ৰৈলা শৰণ সোমাই ॥২৫

হেন জানি হৰি ভকতিৰ কৰাঁ কাম ।

শঙ্কৰে ৰচিলা ডাকি বোলাঁ ৰাম ৰাম ॥২৬



৪ অধ্যায় ।
ছবি ।

অনন্তৰে ৰামদেৱে,         লক্ষ্মণক বুলিলন্ত,

শুনিয়ো সোদৰ সৰ্ব্বজান ।

পুণ্যনদী গোমতীৰ,         তীৰত সত্বৰে গৈয়া,

যজ্ঞশালা কৰিয়ো নিৰ্ম্মাণ ॥১

ৰামৰ আদেশ শিৰে,         ধৰিয়া লক্ষ্মণবীৰে,

লৰি গৈলা পৃথিবী কম্পায় ।

অনেক সম্ভৃত ধৰি,         সৈন্যসব আগ কৰি,

অলেখ্য নৃপতি চলি যায় ॥২

গোমতী নদীৰ তীৰে,         ৰত্নৰ মন্দিৰ বীৰে,

সজাইলন্ত পৰম প্ৰাৰম্ভে ।

সুৱৰ্ণৰ কাঠি কামি,         মহতী মাণ্ডলী জেঠি,

মণিময় কৰকত স্তম্ভে ॥৩

ফটিকে গঠিত বাৰ,         হীৰে বিৰচিত দ্বাৰ,

বান্ধিলা কনকে কান্থিৰবলী ।

সুবৰ্ণ আসন পাৰি,         থৈল সবে সাৰিসাৰি,

ৰজতে ৰঞ্জিলা যজ্ঞস্থলি ॥৪

অনেক যোজন যুৰি,         যজ্ঞৰ নিৰ্ম্মিয়া পুৰী,

নমিলা ৰামৰ দুই পাৱ ।

বশিষ্ঠ প্ৰমুখ্যে ঋষি,         হৰিষে কৰিয়া আগ,

ৰামে পাছে চালিলন্ত গাৱ ॥৫

শিৰৰ উপৰ কৰি,         ধৱল ছত্ৰেক তুলি,

যান্ত হনুমন্ত চিৰঞ্জীৱ ।

ৰাঘৱৰ দুই কাষে,         চামৰে ঢোলন্তে আছে,

অভিনৱ লঙ্কেশ সুগ্ৰীৱ ॥৬

অলেখ নৃপতি চয়,         বেঢ়ি কৰে জয় জয়,

প্ৰণামি ৰামক নম্ৰভাৱে ।

চপয়া পঢ়য় ভাট,         বিদ্যাধৰে কৰে নাট,

গুণগীত গন্ধৰ্ব্বে যোগাৱে ॥৭

কৌশল্যা প্ৰমুখ্যে যত,         ৰাজমাৱ লৰিলন্ত,

অসংখ্য সুন্দৰী যাই বেঢ়ি ।

অযোধ্যাৰ নৰনাৰী,         উভতি চলিল সাৰি,

ৰঙ্গে খেলে সুমঙ্গল খেৰি ॥৮

এহিমতে যজ্ঞ ভূমি,         প্ৰবেশ ভৈলন্ত প্ৰভু,

ৰঘুকুল তিলক মুৰাৰি ।

যতেক পৰম ঋষি,         সাদৰে বৈসাইলা আনি,

আসন পাৰিয়া সাৰি সাৰি ॥৯

ব্ৰহ্মা বিষ্ণু মহেশ্বৰ,         আনদেৱ নিৰন্তৰ,

ৰামৰ সভাক আইলা চলি ।

পৰম সাদৰে ৰামে,         কৰিলা সেৱলি শিৰে,

আসনে বৈসাইলা কৃতাঞ্জলি ॥১০

পাতালৰ যত নাগ,         বাসুকিক কৰি আগ,

প্ৰবেশিলা কৰিয়া উৎসৱে ।

আধাৰি পৰকায়া সৰ্পে,         এক ভিতি বসিলন্ত,

ৰাঘৱক পৰম গৌৰৱে ॥১১

বোলন্ত সাদৰে ৰামে,         আজ্ঞা পাইয়া ৰাঘৱৰ,

বহলে বসিলা সভা পাতি ।

যজ্ঞ আৰম্ভিবোঁ আবে,         বোলন্ত সাদৰে ৰামে,

পুৰোহিত বশিষ্ঠক মাতি ॥১২



৫ অধ্যায় ।
দুলৰি ।

বশিষ্ঠ বদতি,         শুনা ৰঘুপতি,

মিলিল পৰম চিন্তা ।

কেনে যজ্ঞ ভূমি,         প্ৰবেশিবা তুমি,

লগত নাহিকে সীতা ॥১

আবে কি কৰিব,         সভাৰ্য্যে যজিব,

শাস্ত্ৰত এহিসে ন্যায় ।

শুনি ৰঘুনাথ,         চপৰাইলা মাথ,

নপান্ত আউৰ উপায় ॥২

ৰাঘৱ চিন্তিত,         বুজিয়া ইঙ্গিত,

ভকত ভৰত কাজি ।

প্ৰবন্ধি যতনে,         যোগাইলা তেখণে,

সুবৰ্ণৰ সীতা সাজি ॥৩

ভৰত ভ্ৰাতৃক,         প্ৰশংসিয়া ৰাম,

দৃষ্টি দিলা প্ৰতিমাত ।

সেহি মুখ আসি,         সম্যকে জানকী,

কেৱলে নাহিকে মাত ॥৪

সীতাক সুমৰি,         নিশ্বাস ত্যেজিল,

লোতক বহন্তে আছে ।

বশিষ্ঠে বুজাইল,         ৰাঘৱ জুৰাইল,

কুশ হস্ত ভৈল পাছে ॥৫

সীতাৰ প্ৰতিমা,         সমে যজ্ঞশালা,

প্ৰবেশিলা ৰঘুপতি ।

শুভক্ষণে পাছে,         যজ্ঞ আৰম্ভিলা,

বশিষ্ঠৰ অনুমতি ॥৬

ঋষি সবে বেদ,         পঢ়ে অবিচ্ছেদ,

অপেস্বৰা সবে নাচে ।

ত্ৰৈলোক্যৰ বাদ্য,         কৰে অবিচ্ছেদ,

যজ্ঞ মণ্ডপৰ কাছে ॥৭

প্ৰজাৰ ঘঞ্চাল,         শবদ আম্ফাল,

উথলিল মহাৰোল ।

পৃথিবী যুৰিল,         আকাশ পূৰিল,

লঙ্ঘিল স্বৰ্গৰ কোল ॥৮

নমোঁ ৰঘুপতি,         চৰণে সম্প্ৰতি,

প্ৰণতি কৰোঁ সৰ্ব্বথা ।

কৃষ্ণৰ কিঙ্কৰে,         ৰচিলা শঙ্কৰে,

উত্তৰাকাণ্ডৰ কথা ॥৯

শুনা বুধজন,         কেদিন জীৱন,

মিলিবে ঘোৰ মৰণ ।

অদ্যপি নেদেখা,         নাই আৰ ৰক্ষা,

ৰামত লৈয়ো শৰণ ॥১০

দেৱৰো দুৰ্ল্লভ,         মনুষ্য জন্মক,

জানি ব্যৰ্থ কৰাঁ কিক ।

মূঢ় জনে যেন,         নজানিবিকই,

কাচৰ মোলে মাণিক ॥১১

ঘোৰ পৰলোক,         তৈত কেন হোক,

তাৰ চিন্তিয়োক কাম ।

এভো হেন কৰাঁ,         আপোন উদ্ধৰাঁ,

ডাকি বোলাঁ ৰাম ৰাম ॥১২



৬ অধ্যায় ।
পদ ।

শুনিয়োক ৰাঘৱৰ যজ্ঞৰ মহিমা ।

সুবৰ্ণ ৰজত পাত্ৰ তাৰ নাহি সীমা ॥১

বশিষ্ঠ প্ৰমুখ্যে ঋষি বেদ উচ্চাৰন্ত ।

আৰম্ভিলা পূজা ৰাম প্ৰভু ভগৱন্ত ॥২

যেই যেই দেৱক পূজন্ত মন্ত্ৰে মাতি ।

আপুনি লৱন্ত সেই দেৱে হাত পাতি ॥৩

ব্ৰহ্মা মহেশ্বৰো পূজিলন্ত যেন নীতি ।

ভৈলা দুয়ো পূজা পাই পৰম তৃপিতি ॥৪

সভাতে আছন্ত চতুৰ্ভুজ নাৰায়ণ ।

চৌপাশে উপাসি পাৰিষদ যতজন ॥৫

শঙ্খ চক্ৰ গদা পদ্ম আছে চাৰি হাতে ।

অৰ্চ্চিলন্ত প্ৰজাপতি আতি প্ৰণিপাতে ॥৬

পাদ্য অৰ্ঘ আচমনি মধুপৰ্ক দানে ।

পূজিলন্ত মাধৱক বিবিধ বিধানে ॥৭

দিলন্ত নৈবিদ্য ৰস পাত্ৰ অসংখ্যাত ।

আপুনি লৈলন্ত হৰি মেলি চাৰিহাত ॥৮

লক্ষে লক্ষে কৰাইলন্ত বহ্নিত আহুতি ।

ত্ৰিদশে তৃপিতি ভৈলা ভুঞ্জিয়া ভুকুতি ॥৯

বাসুকি প্ৰমুখ্যে পাতালৰ যত নাগ ।

যথাযোগ্য পাইলা সবে বলি বণ্টা ভাগ ॥১০

সভাত আছন্ত যত ঋষি ৰঙ্গ মনে ।

সবাৰো তুষিলা মন বসন ভূষণে ॥১১

হয় হস্তী ৰথ দোলা দাসী দাস গ্ৰাম ।

যাৰ যেন মন পুৰি দিলা প্ৰভু ৰাম ॥১২

ৰাঘৱে বোলন্ত পাছে ভৰতক চাই ।

ধনক সদৃশ মোৰ নকৰিবাঁ ভাই ॥১৩

ব্ৰাহ্মণক দিয়া দান সৰ্ব্বস্বকে তাঙ্কি ।

যেই যিবা খোজে দিবা নথৈবাহা ॥১৪

অসংখ্যাত মন্ত্ৰী পাত্ৰ পাঞ্চি দিলা সঙ্গে ।

ভৰতে লাগিলা দান দিবে মহাৰঙ্গে ॥১৫

অলঙ্কাৰ বস্ত্ৰ সুবৰ্ণৰ জাৰি খুৰি ।

অবিচ্ছেদে দেন্ত ব্ৰাহ্মণৰ মন পুৰি ॥১৬

বৰিষেক মানে বীৰে বৰিষিলে ৰত্ন ।

অদৰিদ্ৰ দুখীৰ ঘুচিল ধনে যত্ন ॥১৭

যাচন্তো নলৱে মোক নলাগয় বুলি ।

নিবে নোয়াৰন্ত ৰত্ন বোজা বান্ধি তুলি ॥১৮

অলেখ ভণ্ডাৰ ৰাঘৱৰ ধন ধান ।

সুবৰ্ণ ৰজত যত অসংখ্য প্ৰমাণ ॥১৯

অবিচ্ছেদে দিলা দান বীৰে বৰিষেক ।

নিৱে নোয়াৰিল লক্ষভাগৰো ভাগেক ॥২০

যত চিৰঞ্জীৱ যত সৰ্ব্বজ্ঞ যতেক ।

ৰামৰ যজ্ঞক কৰে প্ৰশংসা অনেক ॥২১

অন্যে অন্যে সম্ভাষন্ত যত মহামুনি ।

হেন অবিচ্ছেদ দান নতো কৰ্ণে শুনি ॥২২

ইন্দ্ৰ আদি কৰি যত দশ দিগপাল ।

তেসম্বো কৰিলে যত যজ্ঞ ভাল ভাল ॥২৩

সিসবৰ দানে নুহি ইহাক উপাম ।

ধন্য অশ্বমেধ ধন্য দাশৰথি ৰাম ॥২৪

ত্ৰৈলোক্যৰ লোক ৰাঘৱৰ সভাসদ ।

যজ্ঞৰ মহিমা দেখি নয়ন তবধ ॥২৫

অসংখ্য প্ৰশংসা কৰে ৰাঘৱক চাই ।

এহিমতে আনন্দে আছন্ত ৰাম ৰাই ॥২৬

যজ্ঞৰ কথাক আবে থৈলোঁ এহিমানে ।

কুশলৱৰ গীত শুনা বিদ্যমানে ॥২৭



::৭ অধ্যায় 

দেশে দেশে লৱকুশৰ ৰামায়ণ গান আৰু চন্দ্ৰৰ যজ্ঞলৈ গমন ।


বাল্মীকিৰ কথা দুয়ো ধৰিয়া শিৰত ।

শুনাই ৰামায়ণ গীত ভ্ৰমন্ত ৰাজ্যত ॥১

কৰ্ণৰ অমৃত ৰস ৰামৰ চৰিত্ৰ ।

দুয়ো ৰঙ্গে গাৱন্ত লোকৰ ৰঞ্জি চিত্ত ॥২

পৰম গম্ভীৰ ধীৰ সুবোধ সুথিৰ ।

অনুক্ৰমে পাইলা পাছে গোমতীৰ তীৰ ॥৩

ৰামৰ কটকে আসি ভৈলন্ত প্ৰবেশ ।

হাতে তাল ধৰি গীত গাৱন্ত বিশেষ ॥৪

যন্ত্ৰ সব বজান্ত শুনন্তে মনোহৰ ।

এৰি ভাত পানি প্ৰজা শুনে নিৰন্তৰ ॥৫

ৰামৰ জন্মৰে পৰা ৰাৱণৰ বধ ।

ৰামায়ণ শুনি সবে নয়ন তবধ ॥৬

কোকিলৰ সুৰত অমৃত কৰে বৃষ্টি ।

চাৱৈ চতুৰ্ভিতি নৰনাৰী এক দৃষ্টি ॥৭

গুণে গীতে ৰূপে আতি মতি ভৈল ভোল ।

পৰম নাগৰী নাৰী কেৱে নেবে কোল ॥৮

অমৃত মধুৰ নাদ সুসম সুবেশ ।

শুনি মোহে চক্ষু কেহো নকৰে নিমেষ ॥৯

কুশৰ লৱৰ গীতে মোহে সৰ্ব্বজন ।

আছে মানে সৰ্ব্বস্ব দোভাইক দিবে মন ॥১০

বস্ত্ৰ অলঙ্কাৰ কেহো যাচে পঞ্চামৃত ।

পঞ্চিশ বেঞ্জনে দেই ভোজন সম্ভৃত ॥১১

নলাগৈ বুলি দেন্ত হাসি সমিধান ।

ফল মূল আহাৰ বাকলি পৰিধান ॥১২

আমি বনবাসীৰ ধনত কোন কায ।

দেখিয়া চৰিত্ৰ আচৰিত সব ৰাজ ॥১৩

আনন্দে ভৰিল হিয়া হৰষিত প্ৰাণ ।

ৰামৰ আগত মন্ত্ৰী পাত্ৰ দেই জান ॥১৪

কৈৰবা দুই গুটি শিশু আতি সুকুমাৰ ।

গাৱৈ আদি অন্তে প্ৰভু চৰিত্ৰ তোমাৰ ॥১৫

স্বৰ্গ মৰ্ত্ত্য পাতালৰ গীতাল যতেক ।

তোমাৰ প্ৰসাদে প্ৰভু দেখিলো প্ৰত্যেক ॥১৬

একোয়ে পুৰুষে নতো শুনো হেন গীত ।

কোকিলৰ স্বৰ যেন বৰিষে অমৃত ॥১৭

শুনি ৰামে দিলা লক্ষ্মণক সমিধান ।

দূত পঠাই শিশু দুইক ইঠাৱক আন ॥১৮

শিখিলেক গীত কৈত কাহাৰ কুমাৰ ।

কেন মতে গাৱে চাওঁ চৰিত্ৰ আমাৰ ॥১৯

ৰামৰ বচন শুনি সুমিত্ৰাৰ সুত ।

বাছি বাছি পাঞ্চিলা চতুৰ চাৰি দূত ॥২০

গাৱন্তে আছন্ত গীত ৰঙ্গে দুয়ো ভাই ।

নিসেবিলে দূতে গৈয়া আদেশ বোলাই ॥২১

ৰাজাৰ আজ্ঞাক পালি চলিয়ো ত্বৰিত ।

ৰাজ সমাজক যাই দুয়ো গায়ো গীত ॥২২

দেখিবাক ইচ্ছা আতি কৰন্ত ৰাঘৱ ।

শুনিয়া আনন্দে লৰি গৈল কুশলৱ ॥২৩

ৰূপে অনুপম আতি সীতাৰ সন্ততি ।

গজপতি গমন গম্ভীৰ ধীৰ মতি ॥২৪

চলি যান্ত ৰাঘৱৰ সমীপক প্ৰতি ।

বেঢ়ি নৰনাৰীগণে চলিল উভতি ॥২৫

বসি আছে ৰাম ৰত্নময় সিংহাসনে ।

উপাসন্ত শত্ৰুঘন ভৰত লক্ষ্মণে ॥২৬

অশেষ নৃপতি নম্ৰভাৱে তুতি কৰে ।

শ্বেত ছত্ৰ ধৰি ঢোলে ধৱল চামৰে ॥২৭

গাল্লৱ গৌতম শান্ত সুমন্ত কাৰ্ত্তিক ।

অত্ৰি বিশ্বামিত্ৰ ত্ৰিত অগস্তি আস্তিক ॥২৮

পুলস্তি পুলহ বসু বশিষ্ঠ প্ৰমুখ্যে ।

আছন্ত কৌতুকে বসি এক পাশে সুখে ॥২৯

বিভীষণ সুগ্ৰীৱ জাম্বৱ হনুমন্ত ।

নল নীল সুষেণ বানৰ অপৰ্য্যন্ত ॥৩০

লক্ষ লক্ষ বানৰ ভালুক কৌটি কৌটি ।

চৌপাশে উাপসে পৰি কৰি লাটি মুটি ॥৩১

বাৱে বিদ্যাধৰে অপেস্বৰা কৰে নাট ।

গাৱে গীত গন্ধৰ্ব্বে চপয়া পৰে ভাট ॥৩২

সিদ্ধমুনি অসংখিয়া কুসুম সিঞ্চাৰে ।

বসিয়া আছন্ত ৰামচন্দ্ৰ চমৎকাৰে ॥৩৩

ৰত্নময় সিংহাসনে কৰন্ত প্ৰকাশ ।

চাৰু শ্যাম তনু তাতে শোভে পীতবাস ॥৩৪

শিৰ ছত্ৰাকৃতি কেশ নীল আকুঞ্চিত ।

সুসম ললাটে জ্বলে তিলক লিলিত ॥৩৫

অলকা পঙ্কতি ৰত্ন কিৰীটি উজ্জ্বল ।

ৰুচিকৰ কৰ্ণে মণি মকৰ কুণ্ডল ॥৩৬

ভ্ৰুৱ সুৱলিত নেত্ৰ পঙ্কজ পৰাই ।

সুবেশ নাসিকা ওঠ কণ্ঠ কটি কাই ॥৩৭

নিবিড় দশন সূক্ষ্ম মুকুতাৰ পান্তি ।

ভ্ৰুবযুগ কেয়ুৰ কঙ্কণে কৰে কান্তি ॥৩৮

আৰকত কৰক দেখন্তে আতি তুষ্টি ।

সুদীৰ্ঘ আঙ্গুলী তাতে ৰত্নৰ আঙ্গুষ্ঠি ॥৩৯

মনোহৰ হিয়ে মণি মুকুতাৰ মালা ।

কটিত মেখলা ৰত্নে চিকি মিকি জ্বালা ॥৪০

সুবলিত উৰু আৰকত পদতল ।

ৰত্নৰ নূপুৰে ৰঞ্জে চৰণ কমল ॥৪১

পৰম লাৱণ্য মূৰ্ত্তিমন্ত কামদেৱ ।

সুৰাসুৰে উপাসি চৌপাশে কৰে সেৱ ॥৪২

সাৰি সাৰি তুলি ধৰি আছে ছত্ৰদণ্ড ।

শৰীৰৰ কান্তি প্ৰকাশিত সভাখণ্ড ॥৪৩

হেন চমৎকাৰে বসি আছন্ত ৰাঘৱ ।

সেহি সময়তে প্ৰবেশিলা কুশলৱ ॥৪৪

নগৰীয়া লোকে আসি লগতে উভতি ।

দেখি সমজ্যাৰ প্ৰজা চাৱে সচকিতি ॥৪৫

ৰাজাৰ আদেশে সেই সভামাজে উঠি ।

প্ৰকাশে মেৰুত যেন চন্দ্ৰমা দুগুটি ॥৪৬

ৰামৰ সমান শ্যাম তনু কৰে কান্তি ।

সেই সুনাসিকা মুখ সূক্ষ্ম দন্ত পান্তি ॥৪৭

পদ্মপত্ৰসম সেই আয়ত লোচন ।

ৰুচিকৰ কৰ্ণ তেহ্ন মধুৰ বচন ॥৪৮

শিৰ ছত্ৰাকৃতি নীল আকুঞ্চিত চুলি ।

আজানুলম্বিত বাহু সুদীৰ্ঘ আঙ্গুলি ॥৪৯

আৰকত কৰ কিশলয় কম্বুগল ।

ৰামৰে সদৃশ দুইৰো বাহু বক্ষস্থল ॥৫০

সি হবন্ধ কন্ধ কটি উৰু কৰিকৰ ।

শিশু দুইক দেখি আতি আনন্দ লোকৰ ॥৫১

পৰিল নিজম প্ৰজা নিৰেখি আকৃতি ।

ৰাঘৱক চাই চাৱে শিশু দুইৰ ভিতি ॥৫২

নাই ভেদ দেখি ৰামে এৰে এককায়া ।

চিনন নযাই যেন দৰ্পণৰ ছায়া ॥৫৩

অন্যে অন্যে বোলে কিনো শিশু সুকুমাৰ ।

সকলে আকৃতি গতি ৰামৰে আকাৰ ॥৫৪

সেই মুখ আখি সুৱলিত হাত পাৱ ।

ইটো দুইৰো কোননো সুবৰ্ণ কুখিমাৱ ॥৫৫

যেবে হন্তে নভঐল বাকলি শিৰধাৰী ।

ৰামৰে তনয় তেবে বুলিবাক পাৰি ॥৫৬

হনুমন্ত শত্ৰুঘন লক্ষ্মণ ভৰত ।

পৰম বিস্ময় কথা কহন্ত কৰ্ণত ॥৫৭

বানবাসে গৈলা সীতা শান্তী গৰ্ভৱতী ।

তাহানে তনয় জানো ৰামৰ সন্ততি ॥৫৮

সীতা বিনে ৰাঘৱৰ ভাৰ্য্যা নাহি আন ।

কেনমতে ইটো দুই ৰামৰে সমান ॥৫৯

এহিমতে সামাজ্যায়ে কৰে কানাকানি ।

শিশু দুইকো দেখি ৰঘুবংশে শিৰোমণি ॥৬০

আনন্দে নধৰে হিয়া শিহৰে শৰীৰ ।

মহাস্নেহে স্ৰবে দুইয়ো নয়নৰ নীৰ ॥৬১

গুণন্ত মনত ৰামে কিনো বিপৰ্য্যয় ।

ইদুইকো দেখিয়া কেনে আনন্দ হৃদয় ॥৬২

অল্প বয়সতে শিশু দুয়ো মহাগুণী ।

হেন ৰূপৱন্ত ঋষিসুত নতো শুনি ॥৬৩

পাছে ৰামচন্দ্ৰে দুইকো বুলিলা বচন ।

শুনি আছো তুমি দুইয়ো পৰম গায়ন ॥৬৪

জানিলো গীততে তুমি দুইয়ো সুশিক্ষিত ।

কেন কথা ৰামায়ণ শুনো গাৱা গীত ॥৬৫