বানৰ সৈন্যৰ সমাবেশ : সাগৰ দৰ্শন
ৰামায়ণ বৃত্তান্ত |
---|
|
- ২৪ অধ্যায়
বানৰ সৈন্যেৰ সমাবেশ - সাগৰ দৰ্শন ।
অনন্তৰে কপিগণে মাথা তুলি চাইল ।
গম্ভীৰ বিস্তাৰ সাগৰক ভেট পাইল ॥১
পৰ্ব্বত সমান ঢৌ উঠিলে অপাৰ ।
আকাশে সাগৰে দুইকো দেখি একাকাৰ ॥২
কুম্ভীৰ মগৰ মত্স্য কচ্ছপ সকল ।
আঙ্কনিয়া সাগৰৰ উথলয় জল ॥৩
পৃথিবী এৰিয়া ঢৌ স্বৰ্গক লঙ্ঘয় ।
অগাধ দুৰ্গম সিটো বৰুণ আলয় ॥৪
মহোদধি বিন্ধ্যসম পৰ্ব্বত মূলত ।
তাত গৈয়া বসিলন্ত কপিগণ যত ॥৫
আলোচিবে লৈলা সমে মহা মহা বলী ।
বিমৰিসি বোলে ক্ষান্তি গৈলেক উকলি ॥৬
প্ৰচণ্ড নৃপতি কাটিবেক কান নাক ।
সীতাক নপাইলোঁ কিনো মিলিল বিপাক ॥৭
কেহোঁ বোলে এৰিলোঁহোঁ পুত্ৰ পৰিবাৰ ।
নাক কান কাটিবেক কি কাৰ্য্য জীবাৰ ॥৮
কেহোঁ বোলে লঙ্ঘি এৰো সাগৰৰ অন্ত ।
মাসেকত নপাইলে নৃপতি দণ্ডিবন্ত ॥৯
শ্ৰীৰাম লক্ষ্মণ সুগ্ৰীৱত আগোচৰে ।
হেন স্থান আছে জানা কমন বানৰে ॥১০
বন্ধু বান্ধৱক এৰি তৈক লাগি যাওঁ ।
তেবে নৃপতিৰ ঘোৰ দণ্ডক এৰাওঁ ॥১১
মনত আলচি কেহোঁ বোলে বাক ।
এভো যেবে পাওঁ আমি সীতাৰ বাৰ্ত্তাক ॥১২
জান দিয়া নৃপতিক কৰিবোঁ কাতৰ ।
তেবে কিয় আমাক দণ্ডিবে নৃপবৰ ॥১৩
ডৰে কাউবাউ কৰে কতোহো বানৰ ।
তাক দেখি তাৰে পাছে দিলন্ত উত্তৰ ॥১৪
নযাইবোহোঁ আমি সবে ভয় পৰিহৰ ।
আসাঁ পলাই গৈয়া থাকোঁ দ্বীপ দ্বীপান্তৰ ॥১৫
হনুমন্তে বোলন্ত শুনিয়ো ওৰা তাৰ ।
ছৱালৰ থান ভৈল চৰিত্ৰ তোমাৰ ॥১৬
আদেশি পঠাইবে শৰ লক্ষ্মণ কুমাৰে ।
বিচাৰিয়া বধিবেক ত্ৰৈলক্য ভিতৰে ॥১৭
অঙ্গদে বুলিয়া বাক্য সবাহাঙ্কে চাই ।
নিষ্টে জানোঁ মোহোৰ প্ৰাণৰ ৰক্ষা নাই ॥১৮
ক্ৰূৰ খুৰতে পাইলে দণ্ডিবে আমাক ।
মই পুনঃ নজাইবোঁ বুলিলোঁ সত্য বাক ॥১৯
মই মাত্ৰ আছোঁ তান শত্ৰু অৱশেষ ।
ক্ষমা নকৰিব অপৰাধ একলেশ ॥২০
ছল পাইলে নাক কান কাটিবে সমস্ত ।
সিন্ধি খুজি ফুৰন্তে দুৱাৰে পাইল পথ ॥২১
এতকাল ৰহি আছোঁ ৰামৰ নিদানে ।
মই যেনে মত তাক জ্ঞাতিলোক জানে ॥২২
হা বিধি কিনো দণ্ড কৰিলে আমাক ।
নপাইলোঁহো ৰামৰ চৰণ সেবিবাক ॥২৩
মাৰুতি বোলন্ত শুনা ভয় পৰিহৰি ।
শুদ্ধভাৱ ৰাজাক নোৱোঁলোঁ হেন কৰি ॥২৪
পৰম ধাৰ্ম্মিক ৰাজা ধৰ্ম্ম তান কায ।
কিষ্কিন্ধাত তোমাক পাতিলা যুৱৰাজ ॥২৫
পূৰ্ব্বে দয়া তোমাক বালিৰ যেন ঠান ।
সুগ্ৰীৱ বীৰৰ দয়াবন্তত সমান ॥২৬
তুমিসি কুমাৰ তান তাৰা পটেশ্বৰী ।
স্থিৰ হোৱোঁ অঙ্গদ বিকল পৰিহৰি ॥২৭
হনুমন্তে নৃপতিৰ গুণ বখানিল ।
শুনি বীৰ অঙ্গদৰ গাৱে নসহিল ॥২৮
যিজনে ৰাজাৰ সেৱা কৰন্ত সদাই ।
সিজনে ৰাজাৰ গুণ কহিবাক পাই ॥২৯
সুজান পাত্ৰৰ হোৱে হেন ব্যৱহাৰ ।
দোষ এৰি গুণ মাত্ৰ কহয় ৰাজাৰ ॥৩০
এতেকেসে সুগ্ৰীৱৰ বখানিলা গুণ ।
কহিবে নলাগে সব জানোহো আপোন ॥৩১
তান গুণ মোৰ আগে বখানহ কিক্ ।
সুগ্ৰীৱ যে ধাৰ্ম্মিক কোন আছে বিধৰ্ম্মীক ॥৩২
আমাৰ মাৱক তেহোঁ কৰিলন্ত ঘৰ ।
জ্যেষ্ঠ ভাইৰ পটেশ্বৰী মাতৃ সমসৰ ॥৩৩
হেন অধৰ্ম্মীকো পাতিলাহা ধৰ্ম্মশীল ।
এতেকে তোমাৰ আমি চিত্তক লখিল ॥৩৪
আমি নযাইবোঁহোঁ আৰি কিষ্কিন্ধা নগৰ ।
নিষ্ট কৰি জানিবাহা সকলে বানৰ ॥৩৫
কুশীদ্বীপ লাগি শীঘ্ৰে কৰিব পয়াণ ।
যুবৰাজে অঙ্গীকাৰ কৰিলন্ত টান ॥৩৬
শুনি চিন্তা শোকে বাক্য বোলে সেনাগণ ।
ভৈলন্ত আমাৰ ৰাম মৃত্যুৰ কাৰণ ॥৩৭
তান পদে নিজ ভাৰ্য্যা পুত্ৰক হৰাইলোঁ ।
দুঃখ সাগৰত মজি পাৰক নপাইলোঁ ॥৩৮
এহি মতে চিন্তা সবে কৰিয়া অধিক ।
কপালে চাপৰ মাৰি গৰিহে বিধিক ॥৩৯
ঘোৰ নিশাকাল তৈতে ভৈল নিৰন্তৰে ।
বৰ বৰ বীৰে বৃক্ষ শিলা লৈলা কৰে ॥৪০
পৰ্ব্বত ছানি সবে চপকাৰে ৰৈল ।
অন্যে অন্যে কথা সবে কহিবাক লৈল ॥৪১
কৈকেয়ীক নিন্দে নিন্দে ৰাজা দশৰথ ।
ৰাঘৱক পাঠাইলেক ঘোৰ বনপথ ॥৪২
কেহোঁ কেহোঁ দোষ দেই ৰামক অধিক ।
সুবৰ্ণৰ মৃগ দেখি খেদি গৈল কিক্ ॥৪৩
কেহোঁ কেহোঁ বিমৰিষ দোষয় সীতাক ।
লক্ষ্মণক পঠাইলন্ত বুলি মন্দ বাক ॥৪৪
কতো কতো জনে দোষে সুগ্ৰীৱ ৰাজাক ।
ৰামক পাতিলে মিত্ৰ বধিতে আমাক ॥৪৫
কৈৰ ৰাম কৈৰ সীতা কোনে জানে তাঙ্কে ।
তাহান নিমিত্তে আসি পৰিলোঁ বিপাঙ্কে ॥৪৬
হেন কথা মালে সিটো পুহাই গৈল ৰাতি ।
সেহি পৰ্ব্বতত পক্ষী আছন্ত সম্পাতি ॥৪৭
জটায়ুৰ শ্ৰেষ্ঠ ভাই পুত্ৰ গৰুড়ৰ ।
চিৰকাল তথাতে আছন্ত পক্ষীবৰ ॥৪৮
বানৰৰ ৰোল শুনি নেত্ৰ মেলিলন্ত ।
পৰ্ব্বতৰ তলক নিহালিবে দেখিলন্ত ॥৪৯
বানৰক দেখিয়া মনত বৰ তুষ্ট ।
চিৰকালে মিলিল আধাৰ হৃষ্টপুষ্ট ॥৫০
গৰ্ভাগ্নি বঞ্চিবোঁ আজি ধৰিয়া আনিবোঁ ।
বনৰ সবক আজি বাচিয়া গিলিবোঁ ॥৫১
আধাৰ দেখিয়া তাৰ ৰঙ্গ ভৈল মন ।
আপোনাৰ নিজভাষে কৰিলা গৰ্জন ॥৫২
পক্ষীৰ প্ৰচণ্ড নাদ সবেয়ো শুনিল ।
সবাৰো মনত মহা সন্তাপ মিলিল ॥৫৩
কৈত কি শুনিলা অন্যে অন্যত সোধয় ।
সবেয়ো সবাতে কয় নজানে নিৰ্ণয় ॥৫৪
কেহোঁ বোলে পৰ্ব্বতৰ শিখৰ খসিল ।
কেহোঁ বোলে নোহে মেঘ গৰ্জ্জন কৰিল ॥৫৫
কেহোঁ বোলে ইন্দ্ৰে হানিলন্ত বজ্ৰবান ।
নুহি ভঙ্গ ভৈল এক ঋষিৰ ধিয়ান ॥৫৬
কেহোঁ বোলে নজানিল ভূমিকম্প গৈল ।
নিশ্চয় নজানি কপিগণ ভয় ভৈল ॥৫৭
অন্তৰতে বীৰগণ চাহিল নিৰিক্ষি ।
পৰ্ব্বত ওপৰে দেখে ভয়ঙ্কৰ পক্ষী ॥৫৮
পৰ্ব্বতেক আছে যেন পৰ্ব্বত উপৰ ।
ঠোট গোট দেখি যেন বজ্ৰ সমসৰ ॥৫৯
সম্পাতি বোলন্ত ডাকি কৈৰ কপিগণ ।
স্বৰূপ নকহ যেবে কৰিবোঁ ভক্ষণ ॥৬০
হেন শুনি সবাৰে লাগিল চমত্কাৰ ।
বানৰ সকলে বোলে নাহিক নিস্তাৰ ॥৬১
ভয়হুয়া আউৰে আউৰক আঙ্কোয়ালি ধৰে ।
কাণা কাণি কৰে সবে পাইলে চিন্তা জ্বৰে ॥৬২
স্থিৰ নোহে হাতপাৱ কম্পে কলেৱৰ ।
কতো কতো বোলে পশি গহ্বৰ ভিতৰ ॥৬৩
কোন কালে নতো দেখি হেন পক্ষীবৰ ।
গিৰিৰ গহ্বৰ যেন মুখৰ ভিতৰ ॥৬৪
হেন স্থান নতো দেখি ছটকৰ কায় ।
ইহাক এৰাইবোঁ আমি কমন উপায় ॥৬৫
ইহাৰে গৰ্ভতে লীন হইবো নিৰন্তৰ ।
প্ৰলয় মিলিল আসি বানৰ কুলৰ ॥৬৬
হা হা কৈকেয়ী তই কোন কায কৈলি ।
বানৰ কুলৰ তই সংহাৰিণী ভৈলি ॥৬৭
একোৰো নভৈলোঁ আমি মাটিৰ পিণ্ডাৰ ।
বিধিয়ে নিৰ্ম্মিলা কৰি চৰাইৰ আহাৰ ॥৬৮
ৰাম কাৰ্য্য নিসিজিল কি কাম কৰিলোঁ ।
হৰি হৰি বিধি কিনো বিপাঙ্গে মৰিলোঁ ॥৬৯
সাফল জটায়ু গৰুড়ৰ পুত্ৰ বীৰ ।
ৰাম কাৰ্য্য সাধন্তেহি ত্যজিল শৰীৰ ॥৭০
সীতাক ৰাখন্তে ৰাৱণক যুদ্ধ দিল ।
অন্যায় যুদ্ধত তাঙ্ক ৰাৱণে মাৰিল ॥৭১
তেতিক্ষণে যেবে আমি তাঙ্ক লগ পাওঁ ।
তেবে কিয় আমি ইটো পক্ষীক ডৰাওঁ ॥৭২
জটায়ু মৰণে পাইলে আমাক বিপাকে ।
নিশ্চয় জানিলোঁ পক্ষী খাইবেক সবাকে ॥৭৩
হৰি হৰি কিনো হৃদয়ত খেদ ৰৈল ।
ৰামৰ ভকতি বিনে বৃথে জন্ম গৈল ॥৭৪
নপাইলোঁহো সাধিবাক ৰাঘৱৰ কাম ।
এহি বুলি সবায়ে সুমৰে ৰাম ৰাম ॥৭৫
জটায়ুৰ নাম যেবে সম্পাতি শুনিল ।
চমকিত হৈয়া ওপৰক ঠোট দিল ॥৭৬
সাবধানে পৃথিবীত পাতিলন্ত কাণ ।
পূৰ্ব্বপৰ কথা শুনি দিলা সমিধান ॥৭৭
নিষ্ঠ কৰি কহাঁ তোৰা কৈৰ পৰা আইলা ।
জটায়ুৰ কথা কোন জনে সুমৰাইলা ॥৭৮
প্ৰাণতো অধিক মোৰ সহোদৰ ভাই ।
তান মৃত্যু শুনি মোৰ প্ৰাণ ফাটি যাই ॥৭৯
তুমি সব বানৰ আসিলা কি কাৰণে ।
মোহোৰ ভ্ৰাতৃক কেনে বধিল ৰাৱণে ॥৮০
কহিয়োক ৰাম কথা শুনু কান পাতি ।
জটায়ুৰ শ্ৰেষ্ঠ মই নামত সম্পাতি ॥৮১
জটায়ুৰ ভাই হেন শুনি কপিগণ ।
ভয় গুছি কিঞ্চিত প্ৰসন্ন ভৈল মন ॥৮২
সবে হন্তে অঙ্গদক অনুমতি দিল ।
শুনি যুবৰাজে কথা কহিবে লাগিল ॥৮৩
শুনিয়োক পক্ষীৰাজ কথা অনুপাম ।
সূৰ্য্যৰ বংশত ৰাজা দশৰথ নাম ॥৮৪
তান শ্ৰেষ্ঠ মহিষী কৌশল্যা নাম সতী ।
তাহান গৰ্ভত ৰামচন্দ্ৰ উতপতি ॥৮৫
কৈকেয়ী নাম আৰ পটেশ্বৰী ভৈলা ।
তাহান বচনে ৰাম বনবাসে গৈলা ॥৮৬
সীতা ভাৰ্য্যা লক্ষ্মণ ভ্ৰাতৃক লগে লৈলা ।
বনত ৰাৱণে সীতা দেৱীক হৰিলা ॥৮৭
ৰাৱণক জটায়ু পথত যুদ্ধ দিলে ।
মূৰ্চ্ছা গৈয়া দশস্কন্ধ ৰথত পৰিল ॥৮৮
জটায়ুক মাৰি পাছে অন্যায় সমৰে ।
নিজস্থানে সীতাক নিলেক নিশাচৰে ॥৮৯
লক্ষ্মণ সহিতে বনে ফুৰা ৰঘুপতি ।
সুগ্ৰীৱক পায়া কৰিলন্ত মিত্ৰৱতি ॥৯০
মিত্ৰত থাকিয়া ৰামে বালীক মাৰিল ।
তাৰ ৰাজ্য সম্পত্তিক সুগ্ৰীৱক মিলিল ॥৯১
ৰাজ্য পাই সুগ্ৰীৱৰ আনন্দ মিলিল ।
সীতাক খুজিবে লাগি আমাক পাঞ্চিল ॥৯২
মাসেকত লাগি ক্ষান্তি দিলা মহাৰাই ।
খুজি হাৰাসাস্তি ভৈলোঁ সীতাক নপাই ॥৯৩
গোখোজ প্ৰমাণ কৰি বিচাৰ কৰিলোঁ ।
সীতাক নপাই খুজি বিপাঙ্গে মৰিলোঁ ॥৯৪
পূৰ্ব্বপৰ কথা যত কহিলোঁ সকল ।
কহিয়ো তোমাৰ কথা পক্ষী মহাবল ॥৯৫
বিন্ধ্যগিৰি ওপৰত আছা কি কাৰণে ।
তুমি কি সীতাৰ বাৰ্ত্তা জানাহা আপোনে ॥৯৬
তেবে পক্ষীৰাজে কহিয়োক বিদ্যমান ।
মৃতকক যেন মতে দিয়া প্ৰাণ দান ॥৯৭
এহি কহি যুৱৰাজ থাকিলা নমাতি ।
মৰিলা জটায়ু নিষ্ঠে শুনিলা সম্পাতি ॥৯৮
তোমাৰ গাৱত প্ৰভু পাথা দেখোঁ নাই ।
কহিয়োক পক্ষীৰাজ আৰ অভিপ্ৰায় ॥৯৯
বাগৰি পৰিলা পাছে তাসম্বাৰ মাজে ।
শোকে আৰ্ত্তৰাৱে কান্দিলন্ত পক্ষীৰাজে ॥১০০
কনিষ্ঠৰ সন্তাপে দেখন্ত অন্ধকাৰ ।
মহামৰ্ম্মে তান বিষাদৰ নাহি পাৰ ॥১০১
হৰি হৰি প্ৰাণ ভাই তোক হৰুৱাইলোঁ ।
কোননো পাপৰ ফলে দেখিতে নপাইলোঁ ॥১০২
কৈক লাগি যাওঁ আৰে কৰোঁ কোন কাম ।
নিৰন্তৰে ডাকি বোলাঁ ৰাম ৰাম ॥১০৩