দশৰথৰ মনত দুখ
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৭ অধ্যায়
দশপথৰ মনত দুখ
- পদ
বাপৰ ইন্দ্ৰক প্ৰতি ভৈল ক্ৰোধ মন ।
বান্ধিয়া আগত আনি দিবো এতিক্ষণ ॥১
দশ দিক পাল পূব খোজা নৃপবৰ ।
বশ্য কৰি দিবো আজি ধৰি ধনুশৰ ॥২
পিতৃপুৰ পয়ান কৰিবো একেশ্বৰ ।
বন্দি কৰি আনিবো যমৰ পৰিকৰ ॥৩
ক্ষত্ৰ বীৰ যতেক আছয় ৰবিতলে ।
কেহো নোহে শকত মোহোক বাহুবলে ॥৪
কাহাকো মাৰিবো কাকো কমৰত ধৰি ।
বাপৰ আগত বান্ধি দিবো জড় কৰি ॥৫
গজ কন্ধে বীৰ মোক নাহি সমসৰ ।
ঘোঁড়াৰ পিঠিত মই অজয় পাথৰ ॥৬
ৰথে বা পয়দে মোক কেহো নোহে সম ।
অৰি বিমৰ্দ্দন সাক্ষাতে মই যম ॥৭
ত্ৰিভুবন বীৰ সমে একেশ্বৰ যোড়োঁ ।
দুৰ্জ্জয় মালক সবে ধৰি ঘাৰ মোড়োঁ ॥৮
মহা মহা বীৰৰ হৃদয় কোণ্ডে ফোড়োঁ ।
খাণ্ডাৰ প্ৰহাৰে আজি ৰিপুশিৰ তোড়োঁ ॥৯
সাতে দ্বিপা পৃথিবী ৰুধিৰ ময় কৰি ।
তিনি সাত বাৰ ফুৰি ক্ষত্ৰিয় সংহৰি ॥১০
হেন যমদগ্নি ৰাম দুৰ্জ্জয় শৰীৰ ।
কান্ধত কুঠাৰে মোৰ আগে ভৈল থিৰ ॥১১
জিনিলোহো তাহাক বাপৰ বিদ্যমান ।
নিষ্প্ৰভ হুয়া গৈলা আপোনাৰ থান ॥১২
দেখিলন্ত আপুনি নৃপতি দশৰথ ।
শৰে হানি নিৰুধিলো তান স্বৰ্গ পথ ॥১৩
দেৱৰাজ হৈবাক বাপৰ আছে মন ।
ইন্দ্ৰক খেদায়া থাপিবোহোঁ এতিক্ষণে ॥১৪
সুৰগণ বন্দীকৰি দিবোহোঁ সকলে ।
স্বৰ্গ ভোগ ভুঞ্জন্তোক মোৰ বাহুবলে ॥১৫
অভিলাষ আছে যেবে চৌদান্ত নাগত ।
দিগ্গজক বন্দী কৰি দিবোহো আগত ॥১৬
বহুতৰ বিতক বাপৰ মন জানি ।
মেৰু গিৰি উপাৰি আগত দিওঁ আনি ॥১৭
মোহোৰ আগত কিছু নোহে দেৱাসুৰ ।
মুঠিৰ প্ৰহাৰে পৰ্ব্বতক কৰোঁ চূৰ ॥১৮
আজ্ঞা বাধে আসি যেবে নৃপতি নিকৰ ।
জিনিয়া আনিবো আজি ৰণৰ ভিতৰ ॥১৯
হাতত নৰাচ ধৰি পৃথিবীক ভেদোঁ ।
মুখ্য মুখ্য নাগৰ ফনাক সবে ছেদোঁ ॥২০
আজ্ঞা পাই বাপৰ পাতাল পুৰে যাওঁ ।
সৰ্পৰাজ বাসুকীক বান্ধিয়া ভেটাও ॥২১
নিৰন্তৰে নাগক অন্তক লাগি নিবো ।
শৰৰ সন্ধানে সাত সাগৰ শুষিবো ॥২২
ৰত্ন সৱ দিয়া মন বাপৰ পূৰিবো ।
তিনি ভুবনক নুহি একত্ৰ কৰিবো ॥২৩
ব্যাঘ্ৰ মুখ চন্দ্ৰ মুখ চন্দ্ৰ জেতাপন ।
দীৰ্ঘবাহু সুবাহু প্ৰচণ্ড সমৰ্দ্দন ॥২৪
সমভন নতাসন সমুদ্ৰ সমান ।
ত্ৰিভুবন কম্পন সৱ পাতাল নাশন ॥২৫
ধেনুক প্ৰলম্ব বাণ নৰক সমুৰ ।
অনুহ্ৰাদ হ্ৰাদ এক নয়ন প্ৰবৰ ॥২৬
এহি আদি কৰিয়া দুৰ্জ্জয় মহাসুৰ ।
একো একো বীৰে দেৱ দৰ্প কৰে চূৰ ॥২৭
দেৱগণ গজ যেন অসুৰ কেশৰী ।
লোমৰ সন্ধানে কাঁপে নাগৰ নগৰী ॥২৮
বাপৰ আজ্ঞায়ে এসম্বাত মান ছাৰোঁ ।
সকলে দানব মুণ্ডে মুণ্ডে হানি মাৰোঁ ॥২৯
তিনিয়ো ভুবনে মোক নাহি সমসৰ ।
বাপক কৰিবো তিনি ভুৱন ঈশ্বৰ ॥৩০
যুবত হৈবাক ইছা বাপৰ মনত ।
তান বৃদ্ধ ভাৰ লৈয়া কৰোঁ পৰিৱৰ্ত্ত ॥৩১
ঘোৰ পাপ কৰি কোনে জনিল তৰাস ।
তান পৰিবৰ্ত্তে নৰকত দিবো বাস ॥৩২
পুত্ৰ হুয়া নকৰয় পিতৃক নিস্তাৰ ।
সিটো পুত্ৰ ভৈল পৃথিবীৰ মহাভাৰ ॥৩৩
জীয়ন্তে নোপোষে মৰিবাক বাট চাই ।
নৰক ভুঞ্জিতে সিটো কৰয় উপাই ॥৩৪
বাপৰ আজ্ঞাক বাধে আছো তাক ধিক ।
আজ্ঞা কৰাঁ যেবে ঘৰে ঘৰে মাগোঁ ভিখ ॥৩৫
দেশান্তৰ কৰোঁ নোহেহাতে খাণ্ডা ধৰোঁ ।
হৃদয়ত খাণ্ডা হানি প্ৰাণ পৰিহৰোঁ ॥৩৬
নিষ্ঠে বোলোঁ যদ্যপি বাপৰ আজ্ঞা পাওঁ ।
ৰাজ্য পৰিহৰি তেবে বনবাসে যাওঁ ॥৩৭
যেহি বোলাঁ পিতৃ তাকে কৰিবাক পাৰোঁ ।
নোবোলন্ত কিছু পিতৃ আত মই হাৰোঁ ॥৩৮
মৰিব বচন শুনি প্ৰগুণ স্বভাৱ ।
নিষ্ঠুৰ বুলিতে লৈল ভৰতৰ মাৱ ॥৩৯