ৰামৰ অযোধ্যালৈ যাত্ৰা
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৫৩ অধ্যায় ।
ৰামৰ অযোধ্যালৈ যাত্ৰা ।
- দুলৰি ।
জীৱন্তা মৰন্তা, বানৰ ভালুকে,
- লাগি গৈলা গলাগলি ।
ৰাঘৱৰ শত্ৰু, ৰাৱণ মৰিল,
- ৰঙ্গে হাসে খলখলি ॥১
বন্ধু পৰিবাৰ, দেখিবোহোঁ যাই,
- মনত বৰ উল্লাস ।
হৃষ্ট পুষ্ট হুয়া, বানৰ ভালুকে,
- চাপিলা ৰামৰ পাশ ॥২
সব দেৱ গণে, উৎসাহ বঢ়াইল,
- কৰিলা স্তুতি অশেষ ।
ৰাঘৱে সবাকে, সাদৰ কৰিলা,
- স্বৰ্গত ভৈলা প্ৰবেশ ॥৩
হৃদয় সন্তোষে, ৰাত্ৰি গোট বঞ্চি,
- ৰজনী ভৈলা প্ৰভাত ।
ৰামৰ চৰণ, বন্দি বিভীষণে,
- আঞ্জলি যুৰিলা হাত ॥৪
শুনিয়ো গোসাঁই, দেৱ ৰঘুনাথ,
- মোক দিয়া সমিধান ।
সকলে সম্ভৃত, মিলায়া আছওঁ,
- কৰিয়োক শিৰ স্নান ॥৫
আগৰ চন্দনে, ভূষিত কৰিয়ো,
- দেৱ যোগ্য অলঙ্কাৰে ।
কন্যাগণ সবে, গাৱ পখলোক,
- প্ৰয়াস খণ্ডো তোমাৰে ॥৬
সুবৰ্ণৰ ঘট, ভৰি থৈয়া আছোঁ,
- সুগন্ধি শীতল জল ।
দেৱাঙ্গ বস্ত্ৰক, পৰিধান কৰি,
- শৰীৰ কৰাঁ নিৰ্ম্মল ॥৭
উচিত বচন, যোগ্য বুলিলাহা,
- তুমি মিত্ৰ বিভীষণ ।
এহি সব সাজে, স্নান কৰায়োক,
- সুগ্ৰীৱাদি কপিগণ ॥৮
ভৰত ভৈয়াই, মৰন্তে আছয়,
- এৰিলেক ৰাজ ভোগ ।
তাহাঙ্ক দেখিলে, তেবে আমাসাৰ,
- শিৰ স্নান হোৱে যোগ ॥৯
ৰাৱণক মাৰি, সীতাক লভিলোঁ,
- আৰ কিবা মই চাওঁ ।
সত্বৰে কাৰ্য্যক, চিন্তিয়োক মিত্ৰ,
- যিমতে অযোধ্যা পাওঁ ॥১০
বিভীষণে বোলে, শুনা ৰঘুনাথ,
- কিসক আকুল কৰি ।
আমাত লাগিয়া, একে দিনে গৈয়া,
- অযোধ্যা পাইবা নগৰী ॥১১
কুবেৰ দাদাক, ৰণত জিনিয়া,
- ৰাৱণে কাঢ়িয়া লৈলা ।
পুষ্পক বিমানে, তোমাক লাগিয়া,
- সম্ভৃত কৰিয়া থৈলা ॥১২
ৰাম লক্ষ্মণৰ, সীতা গোসাঁনীৰ,
- চৰণ মই আৰাধোঁ ।
লঙ্কা নগৰত, কতো দিন থাকা,
- এহিসে কাৰ্য্যক সাধোঁ ॥১৩
শ্ৰীৰামে বোলন্ত, যি বোল বুলিলা,
- উচিত হৱে প্ৰস্তাৱ ।
যি ৰাজ্য তোমাৰ, আমাৰ সি ৰাজ্য,
- কিছু নাহি ভিন্ন ভাৱ ॥১৪
অন্তৰ্গত শুদ্ধ, জানোহোঁ তোমাৰ,
- ন দেখিয়া খিখিয়াট ।
কৰিবা পুষ্পক, ৰথ আনিয়োক,
- সত্বৰে মেলাওঁ বাট ॥১৫
আৱৰ বচন, বোলাওঁ তোমাক,
- শুনিয়ো নৃপ লঙ্কাৰ ।
সুগ্ৰীৱ প্ৰমুখ্য, সকল সেনাক,
- ঝাণ্টে দিয়া অলঙ্কাৰ ॥১৬
ৰামৰ বচনে, বিভীষণ ৰাজা,
- শিৰোগত কৰি মানি ।
সুবৰ্ণ ৰতন, মাণিক পোৱাল,
- সবাক দিনন্ত আনি ॥১৭
অলঙ্কাৰ পিন্ধি, বানৰ ভালুক,
- হৰিষে উজ্জ্বল মুখ ।
ৰামৰ মনত, হৰিষ দেখিয়া,
- সবাৰ মনত সুখ ॥১৮
ৰথ খান আনি, আগত যোগাইলা,
- ৰাঘৱে চড়িলা তাত ।
লক্ষ্মণ কুমাৰ, পাছত চড়িলা,
- চড়িলা সীতা আগত ॥১৯
ৰামে আদেশিলা, সুগ্ৰীৱ সুহৃদ,
- তুমি কিষ্কিন্ধাক যাহাঁ ।
বিভীষণ মিত্ৰ, লঙ্কা নগৰীত,
- আকণ্টাতা ৰাজ্য খাহাঁ ॥২০
সব কপিগণ, বানৰ ভালুক,
- কৰিলা অশক্য কাষ ।
বন্ধু পৰিবাৰ, দেখিয়োক গৈয়া,
- চলিয়ো আপন ৰাজ ॥২১
সবে হন্তে মিলি, ৰামত বিনাৱে,
- আমিয়ো তুলত যাওঁ ।
অযোধ্যাক গৈয়া, নয়ন ভৰিয়া,
- তযু অভিষেক চাওঁ ॥২২
তেবেসে আমাৰ, মনোৰথ সিদ্ধি,
- জীৱন হোৱে সাফল ।
পাছে আপনাৰ, দেশক চলওঁ,
- তোমাৰ দেখি কুশল ॥২৩
শ্ৰীৰামে বোলন্ত, যদি সবে যাহা,
- তেবে মোৰ বৰ ভাগ ।
সব সেনাগণ, সহিতে সুগ্ৰীৱ,
- সত্বৰে চলিয়ো আগ ॥২৪
বিভীষণ মিত্ৰ, সত্বৰে চলিয়ো,
- ৰাক্ষসগণ সমস্তে ।
ৰামৰ আদেশে, সবেয়ো চড়িলা,
- সেহিটো পুষ্পক ৰথে ॥২৫
ৰামৰ আদেশে, পুষ্পকত চড়ি,
- চলি গৈলা অযোধ্যাক ।
সমৰ ভূমিৰ, থান চিনাৱন্তে,
- যাহন্তে দেবী সীতাক ॥২৬
হেৰা দেখা তুমি, জনক নন্দিনী,
- ত্ৰিকূট উপৰে লঙ্কা ।
যাত থাকি দেৱ, ৰাৱণে জিনিল,
- কাহাকো নকৰে শঙ্কা ॥২৭
দাৰুণ সমৰ, ভূমিক আপোন,
- নয়ন বলায়া চাহা ।
ইঠাৱতে মই, ৰাৱণ বধিলো,
- ভাল মতে আকলাহা ॥২৮
কুম্ভকৰ্ণ বীৰ, সমৰে মাৰিলো,
- কপিৰ খণ্ডিলোঁ ভীত ।
তোমাৰ দেৱৰে, মাৰিলা সমৰে,
- ইঠাৱতে ইন্দ্ৰজিত ॥২৯
প্ৰহস্ত বীৰক, মাৰিলন্ত নীলে,
- এহিটো সমৰ থানে ।
আশেষ ৰাক্ষস, বীৰক মাৰিলা,
- অঙ্গদ এ হনুমানে ॥৩০
অসংখ্য ৰাক্ষস, ৰণত মাৰিলো,
- লেখিতে তাক নপাৰি ।
শকতি হানিয়া, ৰাৱণে লখাইক,
- ইঠাৱতে থৈলা মাৰি ॥৩১
জম্বুদ্বীপক যে, গৈয়া হনুমন্তে,
- চন্দ্ৰ পৰ্ব্বতক পাইল ।
বিশল্যকৰণী, ঔষধ আনিয়া,
- লক্ষ্মণ পাই জীয়াইল ॥৩২
এহিসে থানত, মায়েয়ে ৰাৱণি,
- দোভাইক শৰে বান্ধিল ।
শৰীৰত জীৱ, নাছিল দেখিয়া,
- বানৰে বেঢ়ি কান্দিল ॥৩৩
বায়ু আসি মোৰ, কাণত জপিলা,
- কৰাইলা পাছে চেতন ।
তান উপদেশে, আমিয়ো কৰিলোঁ,
- গৰুড়ক সুমৰণ ॥৩৪
উৰাৱ কৰিয়া, গৰুড় আসিয়া,
- মাজিলা অমৃত হাতে ।
তাহান প্ৰসাদে, দুয়ো ভাই পাছে,
- আমি জীলোঁ অব্যাহতে ॥৩৫
সুবেল পৰ্ব্বত, দেখিয়োক সীতা,
- বিস্তাৰ চৰাৱ অতি ।
সাগৰ তৰিয়া, সহিত সসৈন্য,
- এথাত বঞ্চিলোঁ ৰাতি ॥৩৬
বিষম গহণ, সাগৰ দেখাহা,
- যাৰ নলক্ষিয়া পাৰ ।
মন্দৰ সদৃশ, ঢেউ সব বাজে,
- স্বৰ্গ সম একাকাৰ ॥৩৭
আমাৰ কীৰ্ত্তিক, দেখিয়োক সীতা,
- সাগৰে বান্ধিলোঁ সেতু ।
এহি পথে সব, সৈন্য পাৰ ভৈলা,
- তোমাৰ কাৰ্য্যৰ হেতু ॥৩৮
আমাৰ সেনাৰ, কাঠগড়া দেখাঁ,
- বহল সাগৰ তীৰে ।
এহিতো ঠাৱত, দৰশন ভৈলোঁ,
- মিত্ৰ বিভীষণ বীৰে ॥৩৯
কিষ্কিন্ধা নগৰী, দেখিয়োক সীতা,
- কৰিলোঁ অশক্য কায ।
এক পাট শৰে, বালিক মাৰিলোঁ,
- সুগ্ৰীৱক দিলোঁ ৰাজ ॥৪০
ঋষ্যমুখ গিৰি, দেখাহা জানকী,
- চম্পা সৰোৱৰ তীৰে ।
তোমাক খোজন্তে, দৰশন এথা,
- ভৈলোঁ হনুমন্ত বীৰে ॥৪১
সুগ্ৰীৱ সহিতে, পৰ্ব্বত উপৰে,
- আমাৰ ভৈল সখিত্ব ।
এহিতো থানত, দৰশন আৰো,
- আথান্তৰ বিপৰীত ॥৪২
কৱন্ধ অসুৰ, আছিল এহিতো,
- প্ৰহৰৰ পন্থ বাহু ।
আমি দুই ভাই, ধৰিয়া আনিল,
- চন্দ্ৰক যেহেন ৰাহু ॥৪৩
খাণ্ডাৰ প্ৰহাৰে, বাহুক ছেদিলোঁ,
- তাহাক মাৰি পেলাইলোঁ ।
এহিটো থানত, জাটায়ু বীৰক,
- আমি দৰশণ পাইলোঁ ॥৪৪
তোমাক ৰাৱণে, হৰিবাৰ কথা,
- আমাত তেহোঁ কহিল ।
কাষ্ঠ সংস্কাৰ, কৰি দুয়ো ভাই,
- জটায়ু বীৰে দহিল ॥৪৫
কদলী বনক, দেখিয়োক সীতা,
- জ্বলিলা শোকে আমাক ।
ঋষি বেশ ধৰি, ইঠাইতে ৰাৱণে,
- হৰিয়া নিলে তোমাক ॥৪৬
হেৰা বন খান, দেখিয়ো ইঠাৱে,
- অশেষ কৰিলোঁ ৰণ ।
চৌদ্দয় হাজাৰ, ৰাক্ষস মাৰিলোঁ,
- ত্ৰিশিৰা খৰ দূষণ ॥৪৭
পঞ্চবটী বন, দেখা শূৰ্পনখা,
- পাইবাক ধাইল তোমাক ।
লখমনে তাইৰ, খড়্গ ধৰিয়া,
- চপাই কাটিলন্ত নাক ॥৪৮
এহি ঠাৱে আমি, অগস্তি ঋষিত,
- পাইলোঁ দিব্য ধনুবাণ ।
যাহাৰ প্ৰসাদে, ৰাৱণ মাৰিলোঁ,
- দেৱক কৰিলোঁ ত্ৰাণ ॥৪৯
শৰভঙ্গ ঋষি, আমাসাক পাই,
- ইঠাৱে কৈলা সাদৰ ।
তাহান থানত, মাৰিয়া পেলাইলোঁ,
- বিৰাধ এ নিশাচৰ ॥৫০
অত্ৰি ঋষিৰ যে, ঠাৱত জানকী,
- লভিলোঁ গুণ অপাৰ ।
অনসূয়া দেবী, তোমাক দিলন্ত,
- অঙ্গ ৰঞ্জি অলঙ্কাৰ ॥৫১
চিত্ৰকূট গিৰি, দেখিয়োক সীতা,
- আৰকা আসিয়া পাইল ।
এহিসে ঠাৱত, ভৰতে আমাক,
- পলটাই নিবাক আইল ॥৫২
হেৰা মন্দাকিনী, নদীক দেখাহা,
- শীতল নিৰ্ম্মল জল ।
ইহাৰ তীৰত, পিতৃ পিণ্ড দিলোঁ,
- যেন বদৰিৰ ফল ॥৫৩
হেৰা দেখিয়োক, জনক নন্দিনী,
- আসিয়া পাইলোঁ প্ৰয়াগ ।
ভৰদ্বাজ ঋষি, আশ্ৰমক পাইলো,
- আমাৰ বৰহি ভাগ ॥৫৪
ইঠাৱৰে পৰা, নয়ন বলাহা,
- চাহিয়ো অনেক দূৰ ।
গঙ্গাতীৰে দেখা, মোৰ প্ৰিয় সখা,
- গুহক ৰাজাৰ পুৰ ॥৫৫
যি যি পথে আমি, লঙ্কাক আসিলোঁ,
- দুনাই আইলো সেই পথে ।
বিভীষণ গুণে, দুঃখ নপাইলোঁহো,
- আসিলোঁ পুষ্পক ৰথে ॥৫৬
জনক জিয়াৰী, সীতা প্ৰাণেশ্বৰী,
- চাহাঁ মন্যু পৰিহৰি ।
ঋণু ঋণু কৰি, হেৰা দেখিয়োক,
- অযোধ্যা মোৰ নগৰী ॥৫৭
শুনা সভাসদ, ৰামায়ণ পদ,
- বৈকুণ্ঠক যাৰ ইচ্ছা ।
এৰি আন কাম, বোলাঁ ৰাম ৰাম,
- জন্মক নকৰা মিছা ॥৫৮