ৰামক মাৰিবলৈ ৰাক্ষস নিয়োগ
ৰামায়ণ বৃত্তান্ত |
---|
|
- ১৬ অধ্যায় ।
ৰামক মাৰিবলৈ ৰাক্ষস নিয়োগ ।
ৰাজ্যত পশিয়া অন্তঃপুৰে পাছে গৈল ।
নিৰ্জ্জন থানত নিয়া জানকীক থৈল ॥১
ৰাক্ষসী লোকক তথা ৰক্ষণ বিহিল ।
সীতাক চাহিবা ভালে উপদেশ দিল ॥২
যেবে জানকীক আন পুৰুষে দেখয় ।
তোমাকে তাহাকে চাপি কাটিবো নিশ্চয় ॥৩
হীৰা মণি মাণিক সীতা যতেক মাগয় ।
শঙ্কা এৰি দিবা আনি যি কিছু লাগয় ॥৪
এহি বুলি ৰাজা নিজ মণ্জপ পাইলেক ।
মহাবীৰ আঠ গোটা মতাই আনাইলেক ॥৫
চন্দ্ৰকেতু কালকৰ্ণ বীৰ কম্পানন ।
যজ্ঞ শত্ৰু মহাবাহু ৰাক্ষস ভস্মকৰ্ণ ॥৬
তাল জঙ্ঘা সুপ্ৰতঘ্ন আঠ বীৰ ।
দেৱ সেবো সদৃশ নোহয় একৈকৰ ॥৭
শুনাঁ মহাবীৰগণ সাৱধান মনে ।
ঝাণ্টে কৰি যাহাঁ তুমি দণ্ডকাৰ বনে ॥৮
ৰাঘৱে মাৰিল মোৰ খৰ দূষণক ।
তাহাৰ ঘৰণী হৰি আনিলোঁ ঘৰক ॥৯
দুই ভাই মিলি কিবা আলোচয় কায ।
বাৰ্ত্তাক জানাহা গৈয়া দণ্ডকাৰ মাজ ॥১০
মাৰিবাক পাৰা যেৱে আতি বৰ ভাল ।
এতেকে পলাই মোৰ হৃদয়ৰ শাল ॥১১
আঠকো পঠাওঁ আমি কাৰ্য্যক উপেক্ষি ।
মহাবীৰ মাজে তোমাসাক ভালে দেখি ॥১২
নৃপতিৰ আদেশক শিৰে তুলি লৈল ।
ৰাজাক প্ৰণামি আঠো বীৰ লৰি গৈল ॥১৩
ৰাক্ষসক মাৰি ৰামে কীৰ্ত্তি বৰ থৈল ।
তথা গৈয়া সবে লুকি দিয়া থিত ভৈল ॥১৪
আঠ গোটা নিশাচৰ পঠায়া ৰাৱণে ।
কৃত কৃত্য ভৈলোঁ হেন মানিলেক মনে ॥১৫
অন্তেষ পুৰক লাগি গৈল তেতিক্ষণে ।
সীতাক ৰাখয় দেখে ৰাক্ষসিনীগণে ॥১৬
শৰীৰ ভেদিল তাৰ মদনৰ বানে ।
তেতিক্ষণে চলি গৈল জানেকীৰ থানে ॥১৭
সম্বুধিয়া সীতাক বোলয় লঙ্কেশ্বৰ ।
দেখ দেখ জানকী মোহোৰ ধৌলিৱৰ ॥১৮
আমাৰ থানত নজানিয় তাপ শীত ।
চন্দ্ৰ সূৰ্য্যে অনুকূলে সেৱা কৰে নিত ॥১৯
মোহোৰ সে মন জানি বায়ু কৰে গতি ।
দেৱাসুৰগণে মোক কৰয় প্ৰণতি ॥২০
চন্দ্ৰ জ্যোতি বাস সূৰ্য্যপথ পাইল ।
শুক্ল মেঘ খন যেন আকাশে উধাইল ॥২১
ভূমি সব দেখি সীতা সুৱৰ্ণ ৰতন ।
হেন দেখি জানকী মোহোত দিয়া মন ॥২২
শুনিয়োক সীতা সৈন্য যতেক আমাৰ ।
সত্যে সত্যে মই সবে লেখা দিবোঁ তাৰ ॥২৩
বাষষ্ঠি হাজাৰ মুখ্য ৰাক্ষসৰ বল ।
তেহ্নয় দুইগুণ মুখ্য পিশাচ সকল ॥২৪
একৈ একৈ ভৃত্য আছে সহস্ৰ সহস্ৰ ।
অনুকূলে সেৱা কৰি থাকয় অজস্ৰ ॥২৫
ৰণভূমি যান্তে চান্তি চলে ছাৰি পাখ ।
প্ৰত্যেকৰ লগে পাইক বাইশ বাইশ লাখ ॥২৬
বাল বৃদ্ধ এৰিয়া সৈন্যৰ দিলোঁ লেখ ।
মন্যু পৰিহৰি মোক শুভদৃষ্টি দেখ ॥২৭
ৰামক এৰিয়া সীতা মোত কৰ ভাৱ ।
মই হেন স্বামী নাৰী ভৰি নগৰাৱ ॥২৮
এতিনি ভুৱনে জান সকলে আমাৰ ।
সোণ ৰূপ ৰজত মানে মাণিক ভণ্ডাৰ ॥২৯
হস্তী ঘোড়া ৰথ মোৰ ত্ৰৈলোকতে সাৰ ।
সমৰ্পিলোঁ তোমাত সকলে ৰাজ্য ভাৰ ॥৩০
সহস্ৰ সংখ্যাত মোৰ যত পটেশ্বৰী ।
দাসী দাস আছে যত আৰু মন্দোদৰী ॥৩১
সবে তোত খাটোক চৰণে সেৱা কৰি ।
যাক যেন যোগ্য দিৱা হাত তোলা কৰি ॥৩২
যেহি আজ্ঞা কৰ সীতা সাধিবাক পাৰি ।
মইয়ো তোৰ ভৈলোঁ ভাতুটিৰ অধিকাৰী ॥৩৩
হৃদয়ৰ দুঃখ বান্ধৈ দূৰে পৰিহৰ ।
ত্ৰিভুৱন নাথ ৰাৱণক স্বামী বৰ ॥৩৪
মোক ৰামে মাৰিবন্ত মনে আছে চান্দি ।
কহিত শুনিলি সীতা মই ভৈলোঁ বন্দি ॥৩৫
অগনি শিখাত কোনে যাস কৰিবেক ।
মোকত নজানোঁ একবীৰে জিনিবেক ॥৩৬
মোকে যোৰ নাই গড় আৱৰ দুৰ্জ্জয় ।
চতুৰ্দ্দিশে বেঢ়ি ঘোৰ সাগৰ আছয় ॥৩৭
ৰামে তোক নিব হেন আশা পৰিহৰ ।
চৰণত ধৰোঁ মোক অনুগ্ৰহ কৰ ॥৩৮
পুষ্পক বিমান তিনি ভুৱনতে সাৰ ।
ইহাতে ৰমণ হৌক তোমাৰ আমাৰ ॥৩৯
দশগোটা শিৰে তোৰ চৰণত ঝাণ্টো ।
মুখে খেৰ ধৰিয়া কাতৰি কৰি মাতোঁ ॥৪০
ৰাজ ৰাজেশ্বৰ মই তোৰ ভৈলোঁ দাস ।
ইহাত অধিক কিনোঁ বহুমান চাস ॥৪১
বিৰহ অগনি মোৰ পোৰে কলেৱৰ ।
অধৰ অমৃত দানে উপশম কৰ ॥৪২
ৰাৱণৰ বোল শুনি জানকী গোসাঁনী ।
তুলত অগনি যেন বুলিলন্ত বাণী ॥৪৩
দশৰথ বধু মই ৰামৰ ঘৰণী ।
আসিয়া মিলিলোঁ তোৰ কুলসংহাৰিণী ॥৪৪
দীৰ্ঘবাহু মহাবীৰ সুস্বামী আমাৰ ।
বিতোপন দেহা যেন কাম অৱতাৰ ॥৪৫
একোএ প্ৰকাৰে তাঙ্ক তই নোহে তুল ।
মাণিকৰ আগে যেন লোহচৰ ফুল ॥৪৬
পূৰ্ব্বে অস্ত সূৰ্য্য যেৱে পশ্চিমে উদিত ।
তথাপিতো জানকীৰ নলৰিব চিত্ত ॥৪৭
বৰ্ব্বৰ ৰাৱণ তই নুবুজস কায ।
আমাক লাঘৱ বাক্য পাপিষ্ঠ নিলাজ ॥৪৮
মহেশৰ জটত অঙ্কুশ দিতে চাস ।
নৰকৰ পলু স্বৰ্গ ভোগে কৰ আশ ॥৪৯
আসন্ন কালত তোৰ বিনাশন বোধ ।
সিকাৰণে মোক তই বোল অনুৰোধ ॥৫০
মোহোৰ একান্ত পতি ৰাম প্ৰাণনাথ ।
চৰণে নুচুবোঁ পৰ পুৰুষৰ মাথ ॥৫১
শঙ্কৰ ব্ৰহ্মাত যেৱে পৈশস শৰণ ।
তথাপিতো ৰাম হাতে তোহোৰ মৰণ ॥৫২
তোহোক ৰাখন্ত যদি দশ দিগপাল ।
তথাপিতো ৰাম তোৰ হৈব যমকাল ॥৫৩
স্বামী আগে থাকন্তে আনিলি হন্তে যেৱে ।
বিৰাধৰ মতে যম গৈলে হন্তে ডেৱে ॥৫৪
নাৰী চোৰা পাপিষ্ঠ তোহোক আছোধিক ।
এৱে তই বীৰ আসি বোলাৱস কিক ॥৫৫