জটায়ুৱে সীতাৰ বাতৰি দিয়ে
ৰামায়ণ বৃত্তান্ত |
---|
|
- ২০ অধ্যায় ।
জটায়ুৱে সীতাৰ বাতৰি দিয়ে ।
- পদ ।
গগনক মুখে ৰাম যুড়িলন্ত শৰ ।
হাতত ধৰিলা চাপি লক্ষ্মণ কুমাৰ ॥১
ৰামক বোলন্ত দাদা তেজিয়ো বিকল ।
প্ৰজাক সংহৰি আৱে পাইবোঁ কোন ফল ॥২
আপদত ক্ৰোধ যেৱে কৰিবা আপোনে ।
জগতৰ বৰ্ব্বৰক বুঝাইব কেমনে ॥৩
তুমিসে শঙ্কৰ ব্ৰহ্মা তুমিসে দৈতাৰি ।
নিমিষেকে ত্ৰিভুৱন দহিবাকে পাৰি ॥৪
আপুনি সঞ্চিলা ইটো সকলে জগত ।
তাক সংহৰিবা আৱে কমন মহত ॥৫
শীতল স্বভাৱ এৰি উগ্ৰ কেনে ভৈলা ।
ত্ৰৈলোক্য দহিতে হাতে ধনুশৰ লৈলা ॥৬
একৰ দোষত কেনে মাৰিবা সবাক ।
চিন্তিয়ো উপায় পাই যিমতে সীতাক ॥৭
ইতো সব ক্ৰোধে আন কিছু নসাধয় ।
কীৰ্ত্তিছন্ন হোৱে পৰ লোকক বাধয় ॥৮
লক্ষ্মণৰ বোলে ৰাম ভৈলা শান্ত মন ।
দেখিলন্ত পাছে ভাগি আছে ৰথ খান ॥৯
ৰাঘৱে বোলন্ত লখাই দেখা বিপৰীত ।
ৰথ ধ্বজ ভাগি পৰি আছয় ভূমিত ॥১০
ভগ্নৰথ দেখি সৰ্ব্ব কাৰ্য্যক বুঝিল ।
সীতাৰ কাৰণে এথা দুই বীৰ যুঝিল ॥১১
হেন বুলি ভ্ৰমিতে লাগিলা সবে বন ।
কতো দূৰ জটায়ুক ভৈলা দৰশন ॥১২
পক্ষীৰ সকলে গাৱ তেজে তোল বোল ।
ধনুশৰ যুৰি ৰাম শীঘ্ৰে যান্ত কোল ॥১৩
দেখ দেখ লখাই তই বাৰ্ত্তাক নপাইল ।
এহি পক্ষীৰাজেসে সীতাক মোৰ খাইল ॥১৪
মায়াৱন্ত ৰাক্ষস চটক ৰূপে খাইল ।
মোৰ প্ৰাণেশ্বৰীক গৰ্ভতে পৰি নাইল ॥১৫
হৰি হৰি বান্ধৈ সীতা জনকৰ জীউ ।
আৰ ঠোঠ প্ৰহাৰে তোহোৰ গৈল জীউ ॥১৬
লখাই দেৱৰক তোৰ পাশৰ গুচাইলে ।
দীপত পতঙ্গ যেন প্ৰাণক সুঝাইলে ॥১৭
হাওঁৰে পাপিষ্ঠ আজি তোৰ মান সাৰোঁ ।
মোৰ সীতা খাইলে তোক বিগুটিয়া মাৰোঁ ॥১৮
হেন বুলি ৰামে শৰ ধনু যুড়িলন্ত ।
চক্ষু মেলি জটায়ু ৰামক দেখিলন্ত ॥১৯
আথ বেথ কৰিয়া বোলন্ত ৰাম ৰাম ।
দুৰ্ব্বাৰ ক্ৰোধক মোত কৰা উপশাম ॥২০
সীতাক ৰাখন্তে মোৰ তুটি গৈল আয়ু ।
গৰুড়ৰ পুত্ৰ মোক বোলয় জটায়ু ॥২১
ৰাৱণ ৰাক্ষসে তযু সীতাক হৰিল ।
হেন জানি তাক আসি বাঢ়ি ৰণ দিল ॥২২
যুঝ হাৰি বীৰ পাছে ভূমিত পৰিল ।
চন্দ্ৰহাস হানি পাছে পাখাক কাটিল ॥২৩
মোৰ মহামিত্ৰ তযু বাপ দশৰথ ।
আগত পুৰিলোঁ পিম্পলৰ দিয়া পথ ॥২৪
সীতাৰ কাৰণে মোৰ প্ৰাণ খানি ৰৈল ।
সিকাৰণে তোমাত সকলে কথা কৈল ॥২৫
হেন শুনি দুই ভাই কান্দিলা বিকলে ।
চাপিয়া ধৰিলা দুয়ো জটায়ুৰ গলে ॥২৬
হৰি হৰি পক্ষীৰাজ কি ভৈল সন্তাপ ।
আজি সি মৰিল মোৰ দশৰথ বাপ ॥২৭
হা হা মৰিলোঁহোঁ বুলি দিয়া দীৰ্ঘৰাৱ ।
অগনি লগাইলে যেন পোৰে সৰ্ব্ব গাৱ ॥২৮
কহিৰ ৰাৱণে মোৰ হৰি নিলে সীতা ।
তোমাক মাৰিয়া পাছে গৈল কোন ভিতা ॥২৯
কোন বংশে উতপতি তিৰী চোৰ নট ।
সীতা হৰি নিলে তাৰ কমন কপট ॥৩০
মাৰিয়া পঠাওঁ তাক যমৰ কটক ।
তোমাক জিয়াইবোঁ পিতৃ সমান চটক ॥৩১
জটায়ু বোলন্ত হেন নুবুলিবা মোক ।
অনুগ্ৰহ আছে যেৱে তেজিয়োক শোক ॥৩২
সদগতি ভৈল তযু আগত মৰিবোঁ ।
চটক যোনিতে মই সংসাৰ তৰিবোঁ ॥৩৩
তুমিয়ো কৰিবা পিণ্ড জলাঞ্জলি দান ।
ইহাত অধিক কিবা চাওঁ বহুমান ॥৩৪
সাফল লভিলোঁ পৃথিৱীত অৱতাৰ ।
তোমাৰ প্ৰসাদে ভৈলোঁ সংসাৰৰ পাৰ ॥৩৫
শুনিয়োক ৰাম তুমি খেদক নপাইবা ।
মঙ্গল চাহিলোঁ জানকীক তুমি পাইবা ॥৩৬
পৰম ঈশ্বৰ তুমি ভৈলা অৱতাৰ ।
ৰাক্ষস কুলক তুমি কৰিবা সংহাৰ ॥৩৭
বিশ্ৰবাৰ তনয় ৰাৱণ দুৰাচাৰ ।
তাক মাৰি কাৰ্য্য সাধিবাহা দেৱতাৰ ॥৩৮
সীতাক লভিবা কীৰ্ত্তি কৰিবা বিস্তাৰ ।
আকে শুনি ভনি লোকে তৰিবে সংসাৰ ॥৩৯
মহাপাপ বিমোচন তয গুণ নাম ।
সাক্ষাতে দেখিলোঁ মোৰ সিদ্ধি ভৈল কাম ॥৪০
তোমাক সুমৰি মোৰ যাওক প্ৰাণ বায়ু ।
ৰাম ৰাম সুমৰন্তে আছন্ত জটায়ু ॥৪১
পৰম আনন্দে চাই আছা দুয়ো ভাই ।
সেহি সময়তে জটায়ুৰ প্ৰাণ যাই ॥৪২
চক্ষু উলটায়া ধৰণীত দিলা ঠোঠ ।
সৰ্ব্বাঙ্গে পৰিল ঢলি কলেৱৰ গোট ॥৪৩
প্ৰাণ ছাৰি গৈল মুখ ব্যাদান কৰিল ।
ঘাড় গোট পলটায়া ভূমিত পৰিল ॥৪৪
কম্প কম্প কৰিয়া শৰীৰ ভৈল কাতি ।
মৰিল জটায়ু বীৰ কাশ্যপৰ নাতি ॥৪৫
শ্ৰীৰাম লক্ষ্মণ গ্ৰীৱে চাপি ধৰিলন্ত ।
দুস্তৰৰ বন্ধু বুলি মন্যু কৰিলন্ত ॥৪৬
চিতা খান নিৰ্ম্মিলন্ত বহল বিস্তাৰ ।
তাতে তুলি তাঙ্ক কৰিলন্ত সংস্কাৰ ॥৪৭
দুই ভাই দিলা পাছে পিণ্ড জলাঞ্জলি ।
ৰৌ মাছে দিলন্ত চটকৰ কাকবলি ॥৪৮
সব কাৰ্য্য কৰি লৰি গৈলা বীৰ দুই ।
বনত ফুৰন্ত আতি আকুলিত হুই ॥৪৯