ঋষ্যশৃঙ্গৰ কাহিনী
ৰামায়ণ বৃত্তান্ত |
---|
|
- ১৮ অধ্যায়
- ঋষ্যশৃঙ্গৰ কাহিনী
- ছবি ।
সুমন্ত্ৰী সুমন্ত্ৰ গুণি, বশিষ্ঠৰ বাণী শুনি,
উঠিলন্ত কৰি যোৰহাত ।
সুমধুৰ কৰি বাণী, বুলিলন্ত মহামানী,
শুনিয়োক পৃথিবীৰ নাথ ॥১
বশিষ্ঠে কহিলা যত, সবে সত্য স্বৰূপত,
পূৰ্ব্ব কথা সুমৰিলোঁ আমি ।
আপুনিও জানা তুমি, সাম্প্ৰতে পাসৰি আছা,
সুমৰাইলে সুমৰিবা স্বামী ॥২
শান্তা নামে কন্যাখানি, তযু গৃহে মহামানী,
উপজিল পৰম সুন্দৰী ।
লোমপাদ নৰপতি, অঙ্গদেশ অধিপতি,
শান্তাক খুজিলা ভক্তি কৰি ॥৩
মিত্ৰৰ ভাৱত থাকি, তুমিও শান্তাক দিলা,
ঝিউ বুলি তেন্তে তুলিলন্ত ॥৪
লোমপাদ মহামানী, বিভাণ্ডৰ পুত্ৰ আনি,
শান্তা কন্যা দিলন্ত বিবাহ ।
ঋষ্যশৃঙ্গ নিয়া যজ্ঞ, কৰি পাচে লোমপাদে,
পুত্ৰ পায়া মিলিল উত্সাহ ॥৫
দ্বাদশ বত্সৰ বৃষ্টি, তাহাৰ ৰাজ্যত নাই,
তাতে লোক মৰয় সমস্ত ।
ঋষ্যশৃঙ্গ আসিলতে, ভৈলা বৃষ্টি অসংখ্যাত,
পাচে সুখী ভৈলা লোক যত ॥৬
শুনি দশৰথে পাচে, সুমন্ত্ৰত পুছিলন্ত,
শুনিয়োক সুমন্ত্ৰ সাক্ষাত ।
কেনমতে ঋষ্যশৃঙ্গ, কৰিলা শান্তাক বিহা,
প্ৰপঞ্চিয়া কহিয়ো আমাত ॥৭
সুমন্ত্ৰ বোলন্ত ৰাজা, শুনিয়ো কৌতুক মনে,
সিতো বিভাণ্ডক মহাঋষি ।
ঋষ্যশৃঙ্গ পুত্ৰ লৈয়া, মাধৱত মতি দিয়া,
কৰে তপ তপোবনে বসি ॥৮
অপুত্ৰক ভৈলোঁ বুলি, লোমপাদ নৃপতিৰ
মনে আতি অসুখ অশেষ ।
ঋষ্যশৃঙ্গ আনি যজ্ঞ, কৰাইলে হৈবেক পুত্ৰ,
পাইলা উপদেশ ॥৯
লোমপাদ ৰাজা পাছে, ঋষি পুত্ৰ আনিবাক,
কৰিলন্ত উপায় উত্তম ।
নৌকাৰ উপৰে নানা, ফল মূল সমন্বিতে,
মায়াবলে পাতিলা আশ্ৰম ॥১০
সুগন্ধ কৰ্পূৰ চিনি, ঘৃতে পাক কৰি আনি,
সাজিলন্ত বিবিধ সন্দেশ ।
ফল ফুল ৰূপে তাক, বৃক্ষতে নিৰ্ম্মিয়া থৈল,
দেখি বন পৰম সুবেশ ॥১১
নানা গন্ধে হুয়া মত্ত, গুঞ্জৰে ভ্ৰমৰা যত,
কোকিলৰ কুহু কুহু ৰাৱ ।
বহয় শীতল বাত, কামুক ৰমণী যেন,
মদনক দেয় হাত বাৱ॥১২
জানে যত নৃত্য গীত, আতিশয় সুশিক্ষিত,
যুবতী সুন্দৰী সুবদনী ।
কামকলা কেলি যত, জানে আতি নানামত,
নানা ৰসে পৰম শুৱনী ॥১৩
গাৱে যেন পট্টবাসে, আতিশয় লয়লাসে,
কাছিপাৰি নাৱত চড়িল ।
কতেক বৰ্ণাইবোঁ তাক, ঋষ্যশৃ্ঙ্গ আনিবাক,
সুমঙ্গল সময়ে লৰিল ॥১৪
কতো দিন অনন্তৰে, পাইলা গৈয়া তপোবন,
মায়া নৌকা আঁৰ কৰি থৈলা ।
বিভাণ্ডক মুনিবৰে, পুত্ৰ থৈয়া নিজ ঘৰে,
তপ কৰিবাক লাগি গৈলা ॥১৫
পাচে নটীগণ যত, ছেগ চায়া সময়ত,
গৈয়া ঋষ্যশৃঙ্গৰ আগত ।
হাতে তালযন্ত্ৰ ধৰি, সুৰ সুললিত কৰি,
নৃত্য গীত কৰে নানা মত ॥১৬
বিভাণ্ডক আসিবাৰ, সময় জানিয়া সবে,
তাৰাতৰি আশ্ৰমক যায় ।
এহি মতে নৃত্য গীতে, ক্ৰীড়া কৰি নানামতে,
ঋষিক মোহিলা সমুদায় ॥১৭
নাচনীৰ লয়লাস, দেখি মুনি তোলে হাস,
কুতূহলে কৰন্ত জিজ্ঞাস ।
মূৰ্ত্তি আতি অনুপাম, কমন তোমাৰ নাম,
কোন থানে কৰাঁহা নিবাস ॥১৮
শুনি নাৰী নিৰন্তৰে, দিলা তাঙ্ক প্ৰত্যুত্তৰ,
সবে আমি উত্তম তপস্বী ।
জানো তুমি মুনিৰাজ, পশি তপোবন মাজ,
কৰাঁ তপ এক মনে বসি ॥১৯
নিকটতে তপোবন, তযু আগে সৰ্ব্বক্ষণ,
নৃত্যগীত কৰোঁ কৌতূহল ।
তোমাৰ সঙ্গক মনে, আমি সব ঋষিগণে,
বেদপাঠ কৰোঁ সুকোমল ॥২০
ঋষ্যশৃঙ্গ মায়া বাণী, শুনি মনে অনুমানি,
বোলে শুনা শুনা ঋষিগণ ।
তোমাসাৰ পায়া সঙ্গ, মোহোৰ কৌতূক ৰঙ্গ,
মিলয় মনত সৰ্ব্বক্ষণ ॥২১
আমিও তোমাৰ তুলে, থাকিবোঁহো কৌতূহলে,
সুমধুৰ বেদধ্বনি শুনি ।
আতি সুললিতভাৱে, সুন্দৰ কোমল গাৱে,
তুমি সব সমে মহামুনি ॥২২
সুশোভন জটাভাৰ, বাকলি বসন গাৰ,
অত্যন্ত শীতল আতিশয় ।
তোমাসাৰ শৰীৰৰ, ভস্ম ধূলি নিৰন্তৰ,
উত্তম সুৰভী গন্ধ বয় ॥২৩
আমাৰ বৃক্ষৰ ছাল, পিন্ধিবাক নুহি ভাল,
শিৰে আউলজাউল জটাভাৰ ।
কৰে আতি জটাজট, শুনি আতি খটমট,
বেদধ্বনি যতেক আমাৰ ॥২৪
শৰীৰ সকলে ৰুক্ষা, ভস্ম ধূলি যত দেখা,
ঘষিতে কুত্সিত কৰে গাৱ ।
এহিমতে মুনিবৰ, বৰ্ণাইলা নিৰন্তৰ,
যতেক আপোন পৰ ভাৱ ॥২৫
ওপজাৰে পৰা ঋষি, নিজ আশ্ৰমত বসি,
তপ কৰি থাকন্ত সদাই ।
পৰম মহন্ত সন্ত, আন একো নজানন্ত,
তপে মন মগ্ন সমুদায় ॥২৬
মায়াৰূপীগণে যত, কপটে কহিলা কথা,
তাকে সত্য মনত মানিল ।
পাচে স্ত্ৰীসবে আনি, মোদক সন্দেশ নিয়া,
ঋষিৰ পুত্ৰৰ হাতে দিল ॥২৭
ঋষ্যশৃঙ্গ মহামুনি, ফল হেন মনে মানি,
ভুঞ্জিলা হৰিষ কৰি মন ।
নজানি কপট মায়া, সুস্বাদু সুৰভী পায়া,
পুছিলন্ত শুনা ঋষিগণ ॥২৮
তোমাৰ ৰাজ্যৰ ফল, খায়া ভৈলোঁ কুতূহল,
ইতো আতি স্বাদত বিচিত্ৰ ।
আছয় আমাক দায়া, অন্যোঅন্যে আলিঙ্গিয়া,
আঁসা তুমি আমি কৰোঁ মিত্ৰ ॥২৯
তোমাসাৰ সঙ্গে যাইবোঁ, ইটো মধুফল খাইবোঁ,
শুনিবোঁ মধুৰ বেদধ্বনি ।
থাকিবোঁ তোমাৰ সঙ্গে, তপ কৰি মহাৰঙ্গে,
অন্যোঅন্যে বঞ্চিবোঁ ৰজনী ॥৩০
নমো নমো নমো ৰাম, যাৰ যশ অনুপাম,
জগতৰে মঙ্গল নিশ্চয় ।
অমৃততোধিক কৰি, পিয়াঁ আক কৰ্ণ ভৰি,
মহাজনে মোক্ষকো তেজয় ॥৩১
হেন তযু গুণ নাম, মোৰ মুখে অবিশ্ৰাম,
কীৰ্ত্তন কৰোক প্ৰভুৰাম ।
এহি কৃপা কৰাঁ মোক, যত সামাজিক লোক,
বোলাঁ ৰাম তেজি আন কাম ॥৩২
- ১৯ অধ্যায়
- পদ ।
নটী সবে শুনি ঋষ্যশৃঙ্গৰ বচন ।
ভৈলা মিত্ৰ বুলি কৰিলন্ত আলিঙ্গন ॥১
দেখিলে নজানে কিছু ঋষিৰ তনয় ।
নানা কামকলা ৰসে ভাব দৰশয় ॥২
কেহো জনী আলিঙ্গী ধৰিলা তান গলে ।
কেহো জনী বসুৱাইলা বস্ত্ৰৰ আঞ্চলে ॥৩
কেহো জনী নিয়া তাঙ্ক বসাইলা কোলাত ।
স্তনৰ উপৰে কেহো থৈলা তান হাত ॥৪
কেহো জনী তান মুখে মুখে চুমা দিল ।
বুকুত লগায়া স্তন কেহো সাবটিল ॥৫
কেহো জনী হৃদয়ৰ বস্ত্ৰ দূৰ কৰি ।
উচ্চ কুচ ভাৰ তাক দেখাৱে সুন্দৰী ॥৬
আপোনাৰ উৰু তান উৰুত লগায় ।
কটাক্ষে নিৰখি হাসি তোলে মুচুকাই ॥৭
কতো জনী গাৱ ঘেলাৱয় তান সঙ্গে ।
লয়লাসে হাসে কতো জনী ভুৰুভঙ্গে ॥৮
কতো জনী বাহু ধৰি কৰয় মৰ্দন ।
কোলে তুলি কতো জনী জান্তয় চৰণ ॥৯
কতো জনী আপোনাৰ গায়ে আওজায় ।
মুখ কাটি কৰিয়া থাকয় তাকে চাই ॥১০
পাচে ঋষি কুমাৰক কৰি বহুমান ।
সুগন্ধ শীতল জলে কৰাইলেক স্নান ॥১১
ভস্ম ধূলি তান শৰীৰো দূৰ কৰি ।
পিন্ধাইলেক কুসুম চন্দন সাদৰি ॥১২
বাকলি গুচায়া দিব্য পিন্ধাৱে বসন ।
ৰুদ্ৰাক্ষ গুচায়া দিব্য পিন্ধাৱে ভূষণ ॥১৩
শিলিখা গুচায়া দেই কৰ্পূৰ তাম্বুল ।
সুৰভি শীতল পিন্ধাৱয় কতো ফুল ॥১৪
তালযঙ্গ ধৰি সুললিত গীত গাৱে ।
মধুৰ মৃদঙ্গ ধৰি কতো জনী বাৱে ॥১৫
কতো লয়লাসে ভঙ্গিভাৱে কৰে নৃত্য ।
এহি মতে মোহিত কৰিলা তান চিত্ত ॥১৬
সুমন্ত্ৰ বদতি শুনিয়োক মহাশয় ।
গ্ৰামী জন সঙ্গ পায়া বিভাণ্ডতনয় ॥১৭
ঋষি ধৰ্ম্ম সকলে গুচিল সমুদায় ।
ভৈল উলমাল নাৰীগণ সঙ্গ পাই ॥১৮
স্ত্ৰী সমস্তক মুনি বুলিলা বচন ।
তোমাৰ আশ্ৰম কত দূৰ মুনিগণ ॥১৯
তুমি সব মহামিত্ৰ ভৈলাহা আমাৰ ।
দেখিতে উত্সুক আছে আশ্ৰম তোমাৰ ॥২০
ময়াৱতী সব বোলে শুনা মুনিবৰ ।
নিকটে আশ্ৰম যাইবা উঠিয়া সত্বৰ ॥২১
শুনি ঋষ্যশৃঙ্গ উঠিলন্ত শীঘ্ৰ কৰি ।
চলিলা কৌতুকে তাসম্বাৰ হাত ধৰি ॥২২
কথা মতে নৌকাত তুলিলে নাৰীগণে ।
আশ্ৰম দেখিয়া মুনি ৰঙ্গ ভৈলা মনে ॥২৩
ভালৰ আশ্ৰম তপোবন বিতোপন ।
নানা ফল ফুলে আমোদিত কৰে মন ॥২৪
হৰিষে ফুৰন্ত ঋষি মায়াবন চাই ।
মায়াৰূপী সব নাৱ বায়া লৈয়া যায় ॥২৫
নানা কেলি কৌতুক কৰিয়া ঋষি সঙ্গে ।
মায়ানৌকা পাৰ কৰিলেক মহাৰঙ্গে ॥২৬
শ্ৰম পায়া ঋষিৰ কুমাৰ নিদ্ৰা গৈলা ।
অনন্তৰে নৌকা আসি অঙ্গদেশে পাইলা ॥২৭
ভাগিল ঋষিৰ নিদ্ৰা পাচে কতোক্ষণে ।
স্ত্ৰী সকলত মুনি পুছে সঙ্গী মনে ॥২৮
কহিয়োক তুমি সবে স্বৰূপ বচন ।
নোহোঁ তুমি সবে ঋষি নুহি তপোবন ॥২৯
তুমি সবে আমাক মুহিলা মায়া কৰি ।
আপোনাৰ দেশে আনি আছা ছল কৰি ॥৩০
কি কাৰণে আনিলা কহিয়ো প্ৰয়োজন ।
শুনি যোৰহাতে মাতিলেক নাৰীগণ ॥৩১
শুনিয়োক মুনি নকৰিবা কোপ মন ।
কহিবোঁ তোমাৰ আছে যত প্ৰয়োজন ॥৩২
লোমপাদ ৰাজা অঙ্গদেশ অধিপতি ।
শান্তা নামে কন্যা তান আছে মহাসতি ॥৩৩
ত্ৰৈলোক্যমোহিনী কন্যা মহাগুণৱতী ।
কৰিবা বিবাহ তাক তুমি মহামতি ॥৩৪
অপুত্ৰক ৰাজা মনে কৰে অপমান ।
তুমি যজ্ঞ কৰাইলে হৈবেক পুত্ৰ তান ॥৩৫
দ্বাদশ বত্সৰ বৃষ্টি নাহিকে ৰাজ্যত ।
অন্নৰ বিকলে দুথ পাৱে প্ৰজা যত ॥৩৬
তুমি গৈলে ৰাজ্যত হৈবেক বৰিষণ ।
হৈবে লোক সুখী শস্য হৈবেক সম্পন্ন ॥৩৭
লৈয়া যাওঁ তোমাক এহিসে প্ৰয়োজনে ।
কহিলোঁ কাৰণ মুনি কোপ এৰাঁ মনে ॥৩৮
এহি কথা মাতে নটীগণ নিৰন্তৰ ।
কোত দিনে পাইলা লোমপাদৰ নগৰ ॥৩৯
শুনি লোমপাদে ঋষ্যশৃঙ্গ আনিবাৰ ।
আগ বাঢ়ি আসিয়া কৰিলা সতকাৰ ॥৪০
ভৈলন্ত হৰিষ ৰাজা ঋষিক দেখিয়া ।
কৰিল ঋষিক পূজা পাদ্য অৰ্ঘ্য দিয়া ॥৪১
যেবে অঙ্গদেশে আসি ভৈলন্ত প্ৰবেশ ।
তেবে জল বৃষ্টি মেঘে কৰিলা অশেষ ॥৪২
ভৈল শস্য সম্পূৰ্ণ ৰাজ্যত নিৰন্তৰ ।
নানা ভোগ ভুঞ্জি সুখী ভৈলা সবে নৰ ॥৪৩
লোমপাদে নানাদ্ৰব্য একত্ৰ কৰিল ।
ঋষ্যশৃঙ্গ মুনিত শান্তাক বিহা দিল ॥৪৪
ভৈল কুতূহল মুনি পায়া কন্যাৰত্ন ।
পাচে যজ্ঞ কৰিতে ৰাজাৰ ভৈল যত্ন ॥৪৫
একত্ৰ কৰিয়া যত যজ্ঞৰ সম্ভুত ।
কৰিলা যুগুতি পুৰোহিত সমন্বিত ॥৪৬
অশ্বমেঘ মহাযজ্ঞ ৰাজা আৰম্ভিল ।
ঋষ্যশৃঙ্গ যজ্ঞত কৌতুকে প্ৰবেশিল ॥৪৭
পৰম পণ্ডিত সৰ্ব্ব কৰ্ম্মত কুশল ।
শুভ সময়ত আচৰিলা সুমঙ্গল ॥৪৮
লোমপাদ ৰাজা ভৈল যজ্ঞত দীক্ষিত ।
যজ্ঞকাৰ্য্য কলা ক্ৰিয়া কাৰ্য্য সুশিক্ষিত ॥৪৯
সাঙ্গোপাঙ্গে কৰিলাহা নৰপতি ।
পাইলন্ত যজ্ঞত পুত্ৰ বৰ মহামতি ॥৫০
উপজিলা চাৰি পুত্ৰ পৰম মহন্ত ।
বুদ্ধিবল তেজ মহা গুণে গুণৱন্ত ॥৫১
শান্তাৰে সহিতে ঋষ্যশৃঙ্গ মহা ঋষি ।
লোমপাদ আশ্ৰমত ৰহিলা হৰিষি ॥৫২
সম্প্ৰতি আছন্ত শান্তা সমে কুতূহলে ।
তাহান চৰিত্ৰ যত কহিলোঁ সকলে ॥৫৩
ঋষ্যশৃঙ্গ আনি যজ্ঞ কৰিয়ো নৃপতি ।
হৈবেক তোমাৰ তেবে উত্তম সন্ততি ॥৫৪
ভৈলন্ত হৰিষ সুমন্ত্ৰৰ কথা শুনি ।
দশৰথ ৰাজা মাতিলন্ত মনে গুণি ॥৫৫