বানৰ সৈন্যৰ স্বয়ংপ্ৰভা সাক্ষাত্
ৰামায়ণ বৃত্তান্ত |
---|
|
- ২৩ অধ্যায়
বানৰ সৈন্যৰ স্বয়ংপ্ৰভা সাক্ষাত্ ।
তাক লাগি লৰিল বানৰ সমস্তয় ।
ভয়ঙ্কৰ গৰ্ত্ত গোট দেখি লাগে ভয় ॥১
পৃথিবীৰ মুখ যেন বহল বিস্তাৰ ।
হনুমন্তে বোলে কিনো গৰ্ত্তক অপাৰ ॥২
সকলে বানৰে ধৰিলেক হাতে হাতে ।
জলপান মনে সবে পশিলেক তাতে ॥৩
চক্ষুৱে নেদেখে মুখে মাতন্ত মাতৰ ।
এক মাসে পাইলা গৈয়া গৰ্ত্তৰ ভিতৰ ॥৪
কতো বেলি পাইলা গৈয়া বিবৰৰ ওৰ ।
প্ৰকাশ দেখিয়া ভয় গুচিল দুৰ্ঘোৰ ॥৫
দ্বিতীয় অম্ৰাৱতী যেন স্বৰ্গ মাজে সাৰ ।
কাৰ দিব্য স্থান ইটো কিবা নাম আৰ ॥৬
দীঘি সব আছয় কাঞ্চণ ৰত্নময় ।
সুবৰ্ণে ৰচিত খাট বিচিত্ৰ জ্বলয় ॥৭
সুবৰ্ণৰ পঙ্কজে শোভয় জলহাৰ ।
সুবৰ্ণৰ মগৰে কচ্ছপে পাৰে বুল ॥৮
দিব্য দেৱালয় জ্বলে সুবৰ্ণৰ শোভা ।
কন্যা এক বসি আছে সূৰ্য্য যেন প্ৰভা ॥৯
হনুমন্তে কৰযোৰে নমস্কাৰ কৰি ।
বোলন্ত কহিয়ো মাৱ কাহাৰ নগৰী ॥১০
পিয়াসে আকুল আচি অতিথি বানৰ ।
জল আকুলিত হৈয়া পশিলোঁ বিবৰ ॥১১
ধ্যান ভঙ্গ কৰিলোঁ এৰিয়ো মনতাপ ।
বিভুক্ষিত প্ৰাণে নকৰয় কোন পাপ ॥১২
জ্ঞানে আছোঁ আমি কিবা দেখিলোঁ সপোন ।
স্বৰূপ কহিয়ো নকৰিয়ো কোপ মন ॥১৩
একেশ্বৰে আছা মাৱ কমন কাৰণে ।
পাছে জলপান কৰোঁ হৰষিত মনে ॥১৪
স্বয়ম্প্ৰভা সতী কথা কহে বানৰত ।
ময় নামে দানবেক আছিল পূৰ্ব্বত ॥১৫
দানবৰ বিশ্বকৰ্ম্মা দৰ্পিষ্ঠ অসুৰ ।
তেহেঁ ইটো নিৰ্ম্মিলা কাঞ্চনয় পুৰ ॥১৬
হেম অপেশ্বৰী চিত্ৰসেনৰ সুন্দৰী ।
ইঠাৱতে তেহোঁ আছিলন্ত ক্ৰীড়া কৰি ॥১৭
ইন্দ্ৰে বজ্ৰ হানি আসি দুইকো ধৰি নিল ।
ইন্দ্ৰ দেৱে নগৰী হেমাক পাচি দিল ॥১৮
চিন্তা পৰিহৰাঁ কথা কহিলোঁ সকলে ।
তেতিক্ষণে সৱাকে তুষিলা ফলে জলে ॥১৯
পুনু কথা কহিলা বানৰ সব লক্ষি ।
প্ৰাণত অধিক মোৰ হেমা নামে সখী ॥২০
সিকাৰণে আছোঁ মই পুৰীখান ৰাখি ।
ৰাত্ৰি দিনে কৰোঁ ধ্যান কেনে পাওঁ সখী ॥২১
স্বয়ম্প্ৰভা নামে মই গন্ধৰ্ব্বৰ জীউ ।
এহি থানে থাকোঁহো ধিয়াই সদাসিউ ॥২২
স্বয়ম্প্ৰভা বোলন্ত তোমাত পুছোঁ কায ।
স্বৰূপ কহিয়ো মোত নকৰিও লাজ ॥২৩
কৈৰহন্তে ফুৰা তোৰা কোথেৰ বানৰ ।
কি কাৰণে আসি ভৈলা গৰ্ত্তৰ ভিতৰ ॥২৪
কোনবা ৰাজ্যৰ চৰ কহিয়ো নিৰ্ণয় ।
স্বৰূপ শুনিয়া মোৰ গুচোক সংশয় ॥২৫
হনুমন্তে কথা কহিলন্ত নিৰন্তৰে ।
যেন মতে মিত্ৰৱতি সুগ্ৰীৱ ৰামৰে ॥২৬
ৰামচন্দ্ৰে যেন মতে আসি ভৈল বনে ।
যেন মনে সীতা হৰি নিলেক ৰাৱণে ॥২৭
সীতাক খোজন্ত ৰাম সুগ্ৰীৱক পাইলা ।
তাৰা দুই পাছে মিত্ৰৱতি বন্ধাইলা ॥২৮
বালীবধ সুগ্ৰীৱৰ অভিষেক কথা ।
কহিলোহোঁ আদি অন্ত যেহেন ব্যৱস্থা ॥২৯
ৰাঘৱে সুগ্ৰীৱে পাছে কাৰ্য্য আলোচিল ।
সীতাক খুজিবে লাগি আমাক পাঞ্চিল ॥৩০
ৰাঘৱৰ আজ্ঞা শিৰে ধৰিয়া হৰিসি ।
বানৰ সকলে চাহি ফুৰোঁ দিশাদিশি ॥৩১
মাসেকক লাগি ক্ষান্তি দিয়া পঠাইলন্ত ।
গৰ্ত্তক পশিতে মাসেকৰ ভৈল অন্ত ॥৩২
ফল মূল দিয়া মাৱ খণ্ডাইলা নিকাৰ ।
তুমি ভৈলা মাৱ আমি তনয় তোমাৰ ॥৩৩
নপাউ উদিশ গৰ্ত্ত গহন অপাৰ ।
আত কেন মতে আমি হৈবোঁহোঁ নিস্তাৰ ॥৩৪
শুনি স্বয়ম্প্ৰভা ৰঙ্গ লভিলা অপাৰ ।
ৰামসেনা বুলি কৰিলন্ত নমস্কাৰ ॥৩৫
কিনো ভাগ্য তুমি সব ৰাম দূত লোক ।
ৰামৰ চৰণে মোৰ ভকতি থাকোক ॥৩৬
শুনা ৰামদূত লোক বচন আমাৰ ।
পশিলাহা গৰ্ত্ত ইটো মহা অন্ধকাৰ ॥৩৭
যম কৰণক গৈলে আছে পৰিবৰ্ত্ত ।
ততোধিক দুৰ্ব্বাৰ দেখোঁহো ইটো গৰ্ত্ত ॥৩৮
চক্ষু মুদি সবেও বাহুত মোৰ ধৰা ।
মোৰ তপোবলে সবে গৰ্ত্তৰ নিস্তৰাঁ ॥৩৯
হেন শুনি তেতিক্ষণে বানৰ সকলে ।
তাহান বাহুত ধৰিলন্ত কৌতূহলে ॥৪০
লীলায়ে সবাকো সতী তুলি আলগাইলা ।
স্বয়ম্প্ৰভা তপোবলে গৰ্ত্তৰ বজাইলা ॥৪১
দক্ষিণ সাগৰে বিন্ধ্য পৰ্ব্বতৰ কোলে ।
তৈত থৈয়া পাছে স্বয়ম্প্ৰভা বাক্য বোলে ॥৪২
বাহুক এৰিয়ো সবে চক্ষুক মেলিয়ো ।
ভৈলাহা গৰ্ত্তৰ বাজ প্ৰসন্ন দেখিয়ো ॥৪৩
হেন শুনি কপিগণ চক্ষুক মেলিল ।
ভৈলোহোঁ নিস্তাৰ বুলি বাহুক এৰিল ॥৪৪
স্বয়ম্প্ৰভা তপোবল বানৰে দেখিল ।
মনত হৰিষে তাঙ্ক প্ৰবোধ কৰিল ॥৪৫
ধন্য ধন্য স্বয়ম্প্ৰভা জীৱন তোমাৰ ।
ৰাঘৱক সেনা কপি ভালুক অপাৰ ॥৪৬
তপোবলে একেখন হাতে তুলি ধৰি ।
লীলাৰূপে থৈলাহা গৰ্ত্ত্ৰ বাজ কৰি ॥৪৭
দুৰ্গতি এৰাইলোঁ বৰ তোমাৰ কাৰণে ।
তোমাৰ ভকতি হৌক ৰামৰ চৰণে ॥৪৮
প্ৰশংসা বচনে স্বয়ম্প্ৰভা তুষ্ট ভৈলা ।
বিদায় কৰিয়া নিজ স্থানে চলি গৈলা ॥৪৯