হনুমন্তৰ প্ৰত্যাগমন
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৩০ অধ্যায়
হনুমন্তৰ প্ৰত্যাগমন ।
মহেন্দ্ৰ গিৰিত পিৰলন্ত মহাবল ।
পাতাল ভেদিয়া আসি নিকলিল জল ॥১
সবাৰো মাজত বসিলন্ত কপিবৰ ।
সবে পাশ চাপিলন্ত বায়ুৰ পুত্ৰৰ ॥২
কেহো গাৱ লুণ্ডে কেহো গলে আটি ধৰে ।
কৃতাঞ্জলি হুয়া কেহো তুতি নতি কৰে ॥৩
কেহো বৃক্ষপত্ৰ আনি আনন্দে বিঞ্চন্ত ।
কেহো কেহো আনি মধুফল যোগাৱন্ত ॥৪
জাকে জাকে ৰিঙ্গ পাৰি ধেমালি কৰন্ত ।
ছাপৰিৰ ছেৱে কতো আনন্দে নাচন্ত ॥৫
হৰিষ বদন হনুমন্ত বানৰৰ ।
দেখি পাশ চাপিলন্ত অঙ্গদ কুমাৰ ॥৬
দুই হাত মেলি চাপি ধৰিলন্ত গলে ।
দুইহান্তো বসিয়া গৈয়া দিব্য শিলাতলে ॥৭
অঙ্গদক আদি কৰি বানৰৰ বল ।
পুছিলন্ত হনুমন্ত বাৰ্ত্তা কি কুশল ॥৮
শুনিয়ো অঙ্গদ মই যেন দেখিলোহো ।
শান্তী সীতা গোসাঁনীৰ সব কথা কহোঁ ॥৯
তিনিয়ো লোকৰ হেন নৈয়ো দেখো ধন্যা ।
জনক নন্দিনী সম পতিব্ৰতা কন্যা ॥১০
শান্তী সকলৰ মাজে তাঙ্ক আগে গণি ।
সীতা মহাশান্তী সৰ্বাহাৰে শিৰোমণি ॥১১
কিনো ভাগ্যৱন্ত ৰাজা পাপিষ্ঠ ৰাৱণ ।
গোসাঁনীক হৰিয়া জীৱয় এতিক্ষণ ॥১২
শুনি আছো বশিষ্ঠৰ ভাৰ্য্যা অৰুন্ধতি ।
অনসূয়া ৰোহিনীযে লক্ষ্মী সৰস্বতী ॥১৩
চক্ষুনৈয়া দেখোঁ আমি শুনিয়াছোঁ কাণে ।
সীতাৰ সমান শান্তী নুহি এক থানে ॥১৪
এতেক বচন শুনি সব কপি বলে ।
ধৰা ধৰি লুটা লুটি কৰে কৌতূহলে ॥১৫
ধৰণীত মাথাদি ঊৰ্দ্ধত পাৱ মেলি ।
পৃথিবীত লুটি পাৰি কৰৈ কতো কেলি ॥১৬
সাৰি সাৰি হুয়া পৃথিবীত দুই পাৱে ।
ঊৰ্দ্ধ বাহু কৰি নাচে নানা ভক্তি ভাৱে ॥১৭
মহাৰঙ্গে নাচয় গাৱয় বৰ ধূলি ।
ডালত ধৰিয়া কতো ওলমা বাদুলী ॥১৮
জাম্বয়ে বোলন্ত বাপু শুনা বায়ুসুত ।
কেন মতে লঙ্কা গৈলা কহিয়ো প্ৰস্তুত ॥১৯
কি কৰন্ত গোসাঁনী আছন্ত কেন মতে ।
কহিত আছন্ত সীতা কহিয়ো সমস্তে ॥২০
কিবা বুলি পঠাইল জনক জীউ সীতা ।
মহা পতিব্ৰতা ৰাঘৱৰ বিবাহিতা ॥২১
কেন বা সঙ্কেত আইল ৰামত কহিত ।
তুমি বা কি কৰ্ম্ম কৰি আছিলা তহিত ॥২২
শুনিয়ো কহিবো যি পুছিলা জাম্বৱন্ত ।
যেন মতে ডেৱ দিলো মহেন্দ্ৰৰ হন্তে ॥২৩
যাহন্তে দেখিলো যত শুনি থাকা কহোঁ ।
সাগৰ মধ্যত আমি যেন কৰিলোহোঁ ॥২৪
প্ৰথমতে সমুদ্ৰত সুৰসায়ে পাইল ।
থাক থাক বুলি মোৰ বেগক তম্ভাইল ॥২৫
দক্ষৰ নন্দিনী বোলোঁ ক্ষমিয়ো আমাক ।
ৰামদূত হুয়া যাওঁ সীতা খুজিবাক ॥২৬
তাই বোলে জানো মই দশৰথ পোক ।
ক্ষুধায়ে পীড়িল ক্ষমা নকৰিবোঁ তোক ॥২৭
গোটে গিলিবোহোঁ ভোক পলাওক পেটৰ ।
ৰাঘৱক তেবে মোৰ এতমান ডৰ ॥২৮
ভক্ষকৰ শুনি মোৰ নসহিল গাৱ ।
কিমতে গিলিবে মোক বেন্তগোট ৰাৱ ॥২৯
মোহোৰ বচন শুনি কিটাইলেক তাই ।
দশ যোজনক যুৰি আছে বেন্ত বাই ॥৩০
শৰীৰ বঢ়াইলো মই যোজন যে কুৰি ।
ত্ৰিশ যোজনৰ পথ থাকিলেক যুৰি ॥৩১
মোহোৰ চলিশ তাই পঞ্চাশক কৰি ।
মোৰ ভৈল ষাঠি তাইৰ যোজন সত্তৰি ॥৩২
আশী যোজনক আমি শৰীৰ বঢ়াইল ।
নৰ্ব্বৈ যোজনক তাই বেন্ত গোট বাইল ॥৩৩
পুনৰপি কৰিলোহো যোজন শতেক ।
সমধিক বঢ়াইলেক তাইয়ো ততেক ॥৩৪
গৰ্ভত পশিলোঁ আমি অঙ্গুষ্ঠ প্ৰমাণে ।
দান্ত চিপি ধৰিলেক বাজ ভৈলো কাণে ॥৩৫
আকাশত থাকি বোলোঁ দেবী থাকিয়োক ।
স্বৰ্গক লৰিয়ো মাৱ বৰ দিয়া মোক ॥৩৬
মহাবেগে লৰি ভৈলো পৱনত আগ ।
দেখোঁ বাট ভেটি আছে পৰ্ব্বত মৈনাক ॥৩৭
কল্যাণ কাৰ্য্যত দেখোঁ বিঘিন অনেক ।
হেন দেখি ভৈল মোৰ ক্ৰোধ অতিৰেক ॥৩৮
সুৱৰ্ণ গিৰিৰ শৃঙ্গ উচ্ছিত প্ৰধান ।
তাকে লাগি লাঞ্জবাৰি বৈসাইলোহো টান ॥৩৯
অগনি বজাইল গিৰি শৃঙ্গে নিৰন্তৰ ।
চূৰ্ণীকৃত ভৈল লাগি পৰ্ব্বত শিখৰ ॥৪০
পাছে চিনি মৈনাকৰ সমে ভৈলো মিত্ৰ ।
অনেক পুৰনি কথা কহিলো বিচিত্ৰ ॥৪১
বৃদ্ধাঙ্গুষ্ঠে পৰশিলো আদৰিত কৰি ।
দুনাই লৰি ভৈলো পৱনৰ বেগ দৰি ॥৪২
কতো দূৰ যান্তে দেখোঁ বেগ থিৰ ভৈল ।
কলেৱৰ গোট মোৰ তম্ভি আতি ৰৈল ॥৪৩
চতুৰ্দ্দিশে চাহিলোহো উৰ্দ্ধৰ প্ৰদেশ ।
কিছু তাত নেদেখিলো বিঘিনিৰ লেশ ॥৪৪
হেট মাথা কৰি মই সাগৰক চাইলো ।
ছায়াগ্ৰাসী গিলিনেই গাৱে আণ্টা পাইলো ॥৪৫
মোক দেখি পাছে তাইৰ বৰ ৰঙ্গ ভৈল ।
জল হন্তে উঠিয়া ৰাক্ষসী মায়া কৈল ॥৪৬
তোক দেখি আজি মই ভৈলোঁ বৰ তুষ্ট ।
চিৰকালে আধাৰ মিলিল হৃষ্ট পুষ্ট ॥৪৭
এহি বুলি আষাৰিকা গগনে উধাইল ।
পাতাল সদৃশ কৰি বেন্ত গোট বাইল ॥৪৮
পৰ্ব্বত সমান জিহ্বা বদনে লৰয় ।
ত্ৰিশূল সদৃশ দান্ত দেখি লাগে ভয় ॥৪৯
গৰ্ভত পশিলো কৰি অল্প কলেৱৰ ।
শৰীৰ বঢ়াইলো যেন পৰ্ব্বত মন্দৰ ॥৫০
স্বৰ্গত কৰন্ত হাহাকাৰ দেৱৰাজ ।
পেট গোট বিদাৰি তেখনে ভৈলো বাজ ॥৫১
প্ৰলয়ত যেন মেৰু পৰ্ব্বত টলিল ।
কতো দূৰ জল যুৰি ৰাক্ষসী পৰিল ॥৫২
আকাশত দেৱলোকে কৌতুক কৰন্ত ।
জগতৰ বৈৰক মাৰিলা হনুমন্ত ॥৫৩
শতেক যোজন পথ সাগৰ তৰিলো ।
সুবেল গিৰিৰ মই শিখৰে পৰিলো ॥৫৪
শত্ৰুৰ মণ্ডল যত উদ্যান ফুৰিয়া ।
সবে লঙ্কা ফুৰিলোহো নিসন্ধি কৰিয়া ॥৫৫
পাছে গৈয়া পড়িলোহোঁ পুষ্পক ৰথত ।
কন্যাজন অনেক দেখিলো সিথানত ॥৫৬
কতো দূৰে দেখিলো ৰাৱণ আছে শুয়া ।
জগত মোহিনী এক কন্যাজন লৈয়া ॥৫৭
জ্ঞাতি বংশে শুনা সবে হৃদয়ৰ কথা ।
মই বোলোঁ সীতাৰ ভৈল হেনসে অৱস্থা ॥৫৮
হেন দেখি আমাৰ উৰুমি বৰ ধাইল ।
মকমকি কান্দিলো দুঃখতো মাত নাইল ॥৫৯
অনেক গুণিলোঁ পাছে বিমৰিষ কৰি ।
ময়দানবৰ জীউ এই মন্দোদৰী ॥৬০
নিশ্চয় কৰিয়া পুষ্পকৰ বাজ ভৈলো ।
অন্তেষপুৰ বিচাৰিয়া খুজিয়া নপাইলো ॥৬১
অশোকা বনক পাছে ডেৱ দিয়া গৈলো ।
ৰাক্ষসী মাজত সীতা দৰশন ভৈলো ॥৬২
বৃক্ষ গোট আছয় শিংশপা তাৰ নাম ।
গুৰি গোট মানে তাৰ সুবৰ্ণৰ কাম ॥৬৩
ৰাক্ষসিনী বৰ্গে আছে তাতে গোষ্ঠি কৰি ।
আছন্ত সবাৰ মাজে ত্ৰৈলোক্য সুন্দৰী ॥৬৪
নিশাগোট বঞ্চি মই শিংশপাৰ তলে ।
অল্প দেহা হ্ৰস্ব হুয়া বানৰ ছৱালে ॥৬৫
আছিলো জাগৰ কৰি নিশাগোট ভৈল ।
প্ৰভাততে দেখিলো ৰাৱণা আসি ভৈল ॥৬৬
কন্যা সহস্ৰেকে আইল তুলে অনুসৰি ।
সীতাক সাধিলে পাছে কৰযোৰ কৰি ॥৬৭
প্ৰীতি প্ৰকাৰে বাণী বোলৈ লঙ্কেশ্বৰ ।
অনেক মিনতি ভাৱ কৰিলা বিস্তৰ ॥৬৮
বুলিলা নিষ্ঠুৰ সীতা গুচ নষ্ট পাপ ।
দূৰ হও মন্দ নুহি দেওঁ চণ্ডশাপ ॥৬৯
নৈৰাশ বচন যেবে শুনিল সীতাৰ ।
মাৰিবাক যাই পাছে সিটো দুৰাচাৰ ॥৭০
আগ বাঢ়ি মন্দোদৰী প্ৰীতি প্ৰকাৰে ।
চণ্ডকোপ বাহুৰাইল ৰাৱণ ৰাজাৰে ॥৭১
ৰাক্ষসী বৰ্গক ৰাজা কৰিল আদেশ ।
কন্যাগণ সমে ভৈলা লঙ্কাত প্ৰবেশ ॥৭২
ৰাত্ৰি গোট উৰুৱাই পৰি নিদ্ৰা গৈল ।
পাছে দেবী সমে মোৰ পৰিচয় ভৈল ॥৭৩
অনেক সঙ্কেত কথা সীতাক কহিলো ।
ৰামৰ আঙ্গুঠি দিয়া প্ৰত্যয় জানিলো ॥৭৪
হিয়াত ধৰিয়া কান্দিলন্ত বৰ শোকে ।
গোসাঁনীৰ শোকে পাছে পীড়িলেক মোকে ॥৭৫
সন্দেশক লভিয়া মেলানি লৈলো মাগি ।
দুনাই লৰি ভৈলো বন ভাঙ্গিবাক লাগি ॥৭৬
ডাল ভাঙ্গো ফল খাওঁ উপদ্ৰৱ কৰি ।
ৰাৱণৰ মধুফলে লগাইলো দাদৰি ॥৭৭
হেন শুনি মোক পাছে ক্ৰোধিল ৰাৱণ ।
সাজিয়া পঠাইল অসংখ্যাত সেনাগণ ॥৭৮
দেখি সুবৰ্ণৰ তন্ত লৈলোহোঁ উপাৰি ।
সবে সেনা মাৰিলোহোঁ সেহি তন্ধ বাৰি ॥৭৯
প্ৰহস্তৰ পুত্ৰ পাছে যুজিবাক আইল ।
পৰিঘৰ কোৱে সিয়ো যম ঘৰ পাইল ॥৮০
পাঞ্চ মন্ত্ৰীপু্ত্ৰ পাছে পঠাইল ৰাৱণে ।
তাকো মাৰি পঠাইলোহোঁ যমৰ কৰণে ॥৮১
তাত পাছে খেদি আইল অক্ষ যে কুমাৰ ।
দুৰ্ব্বাৰ ৰণত তাকো কৰিলো সংহাৰ ॥৮২
পুত্ৰ পৰিবাৰ যেবে ৰাজা বাৰ্ত্তা পাইল ।
ইন্দ্ৰজিত কুমাৰক যুজক পঠাইল ॥৮৩
যুজক আসিল যেৱে ৰাজাৰ কুমাৰ ।
সিয়ো সমে যুজ মই কৰিলো বিস্তৰ ॥৮৪
নিয়ত যুদ্ধত মোৰ নপাইলেক সন্ধি ।
ব্ৰহ্মপাশ মাৰি মোক কৰিলেক বন্দি ॥৮৫
বন্ধ এৰাইবাক পাৰোঁ মন্ত্ৰৰ প্ৰবলে ।
দিন ভাগে লঙ্কা দেখোঁ বন্ধনৰ ছলে ॥৮৬
ত্ৰিদশৰ বৰত অবধ্য তিনি লোকে ।
ৰাক্ষস সকলে কিবা কৰিবেক মোকে ॥৮৭
ইন্দ্ৰজিতে বান্ধি নিলে ৰাজাৰ পাশক ।
মুণ্ড তুলি দেখিলোহোঁ দিব্য সভা এক ॥৮৮
প্ৰহন্তে পুছিলা মোত বিস্তৰ বচন ।
কোনেবা পঠাইলে তোক আইলে কি কাৰণ ॥৮৯
প্ৰহস্তৰ আগে কথা কহিলো বিস্তৰ ।
সুগ্ৰীৱে পঠাইলে দূত কৰিয়া ৰামৰ ॥৯০
সীতা খুজি আইলো সাগৰত ভৈলো পাৰ ।
কহিলো সকলে যত কাৰ্য্যক আমাৰ ॥৯১
ৰাঘৱৰ দূত শুনি ক্ৰোধিয়া ৰাৱণে ।
কাটিবাক লাগি আদেশিলে তেতিখনে ॥৯২
তাৰ ভাই বিভীষণে প্ৰাণ ৰাখিলন্ত ।
প্ৰবোধ বচনে ৰাৱণক কৰি শান্ত ॥৯৩
সকলে ৰাক্ষসে মিলি এক বুদ্ধি পাইল ।
লাঙ্গুলে কাপোৰ বান্ধি আগনি লগাইল ॥৯৪
লাঞ্জৰ অগনি লৈয়া নগৰী ফুৰিলো ।
লঙ্কা পোৰন্তে বৰ চোটে ভাগৰিলো ॥৯৫
নগৰীৰ অগনিত বৰ পাইলো তাপ ।
সাগৰৰ মাজক লাগি কৰিলোহো জাপ ॥৯৬
আকাশৰ বাণীক শুনিয়া তেতিক্ষণে ।
মুখে চুঞ্চি অগনি নিমাইলো ৰঙ্গমনে ॥৯৭
গুচিল অগনি মোৰ খণ্ডিল প্ৰয়াস ।
পুনৰপি চলি গৈলো জানকীৰ পাশ ॥৯৮
সীতাৰ চৰণ ধূলা মাথাত কৰিলো ।
দেবীৰ প্ৰসাদে সব দুৰ্গতি তৰিলো ॥৯৯
সবাকো বুলিলা দূতে কৰযোৰ কৰি ।
ৰামৰ পাশক চলি যাওঁ শীঘ্ৰ কৰি ॥১০০
যতেক সঙ্কেত দেবী মোক বুলিলন্ত ।
ৰামত কহন্তে সবে শুনিবা বৃত্তান্ত ॥১০১
অঙ্গদে বোলন্ত ওৱা সবে যাওঁ পাছে ।
এক কাৰ্য্য কৰোঁ যে সবাৰে মন আছে ॥১০২
সাগৰক তৰোহো পৰ্ব্বত বৰিষণে ।
আছোক ৰাক্ষস কি কৰিব দেৱগণে ॥১০৩
ইন্দ্ৰজিত শুনু ব্ৰহ্ম অস্ত্ৰত সুজান ।
তাকো পাইলে সমৰত কৰিবো নিৰ্যান ॥১০৪
বিশ্বকৰ্ম্মা সুত মহাবীৰ বৰ নল ।
সুমুখ দুৰ্ম্মুখ আৰু সুষেণ প্ৰবল ॥১০৫
বেগদসি মৈন্দ্য আৰু পনস দ্বিবিদ ।
ধুম্ৰকেতু সম্প্ৰদ্ৰখ প্ৰখৰ কুমুদ ॥১০৬
সবে মহাবলী সবে যুদ্ধত সম্ভুত ।
বিলম্বত কাৰ্য্য নাহি এহিসে যুগুত ॥১০৭
হনুমন্ত তাৰ যে বিনোদ মহাবল ।
জাম্বৱন্ত আদি কৰি গিয়াতি সকল ॥১০৮
আনো আনো বীৰ যত আছা বহুতৰ ।
সবে হন্তে সাজ পাৰ হুয়া সমুদ্ৰৰ ॥১০৯
সবে মিলি গৈয়া আগে সমুদ্ৰক তৰি ।
ৰাৱণক মাৰি সীতা আনিবাক পাৰি ॥১১০
পাছে নিয়া যোগাইয়োক ৰামৰ চৰণত ।
হেন কাৰ্য্য কৰোঁ আগে মোহোৰ সম্মত ॥১১১
জাম্বয়ে বোলন্ত বচন শুনা হিত ।
আদেশ কৰিলা ৰামে সীতাক খুজিত ॥১১২
আজ্ঞা নকৰিলা প্ৰভু জিনি আনিবাক ।
আমি জিনি আনি দিলে নলৈবা সীতাক ॥১১৩
ৰামৰ শান্তীক হৰি নিলে যিটো জনে ।
ৰণে জিনি তাক মাৰি আন্তো আপোনে ॥১১৪
হঠাত্ কাৰ কৰি কেহো ভালক নপাইব ।
ঘাৱ ছাৰি পাছে আষুধিয়ে বেন্ত বাইব ॥১১৫
সীতাক দেখি আসিল উত্তম ভৈল কায ।
গাৱ তুলিয়োক চলোঁ গিয়াতি সমাজ ॥১১৬
সবা গৈয়া জনায়োক ৰাম চৰণত ।
এহি কাৰ্য্য ভাল দেখোঁ মোহোৰ সম্মত ॥১১৭
যুগুতি বচন শুনি সবহি সাদৰি ।
তেখনে লৰিল মাৰুতিক আগ কৰি ॥১১৮
মত্ত গজ সম সবে প্ৰবল বানৰ ।
ৰামৰ পাশক লৰি ভৈল নিৰন্তৰ ॥১১৯
গগন মণ্ডলে যেন মেৰুৰ শিখৰ ।
জানকীৰ বাৰ্ত্তা পায়া মুদিত বানৰ ॥১২০
ৰাঘৱক পাশক নিসন্ধি কৰি যাই ।
খল খলি কৰি হাসে কতো গীত গায় ॥১২১
ধিতিঙ্গালি কৰি পথ অনেক এৰাইল ।
প্ৰয়াসিল কপিগণ মধুবন পাইল ॥১২২
জিৰাইবাক লাগি সবে বসি ধৰণীত ।
সুগ্ৰীৱৰ মধুবন দেখিল ত্বৰিত ॥১২৩
মধুবন দেখি জিহ্বা কৰে লট পট ।
গহ নাহি কাহাৰো জনাইতে অঙ্গদত ॥১২৪