সীতা আৰু হনুমন্তৰ কথোপকথন

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
সপ্তকাণ্ড ৰামায়ণ
লেখক মাধৱ কন্দলী, শংকৰদেৱ, মাধৱদেৱ
ৰামায়ণ বৃত্তান্ত
  1. আদিকাণ্ড - প্ৰথম অধ্যায়
  2. ৰামায়ণ বৃত্তান্ত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২
  3. ৰাক্ষসৰ কথা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯
  4. সূৰ্যবংশৰ বিৱৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০
  5. দশৰথৰ বিবাহ - কৌশল্যা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২
  6. দশৰথৰ বিবাহ - কৈকেয়ী - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২
  7. দশৰথৰ বিবাহ - সুমিত্ৰা আৰু অন্যান্য ৰাণী - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫
  8. শনিৰ দৃষ্টি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭
  9. শনিৰ বৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০
  10. সিন্ধু মুনি বধ আৰু অভিশাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২
  11. দশৰথৰ বৰ : কৈকেয়ীক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৬
  12. অপুত্ৰক দশৰথৰ চিন্তা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭
  13. ঋষ্যশৃঙ্গৰ কাহিনী - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮
  14. ঋষ্যশৃঙ্গৰ উপস্থিতিত যজ্ঞ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২
  15. দশৰথৰ গৃহত নাৰায়ণৰ অংশৰ স্থিত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৪
  16. পায়স ভক্ষণ আৰু সন্তান জন্ম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪০
  17. জনকৰ ঘৰত সীতাৰ জন্ম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৬
  18. গুহক চণ্ডাল - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৭
  19. ৰাক্ষস বধৰ উদ্দেশ্যে ৰাম - লক্ষণৰ আনয়ন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫০
  20. ৰাম - লক্ষণ আৰু বিশ্বামিত্ৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫২
  21. তাৰকা ৰাক্ষসীক বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫৪
  22. মাৰীচ বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫৬
  23. সীতা স্বয়ম্বৰলৈ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫৮
  24. কান্যকুজ্বৰ বিৱৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬৩
  25. উনপঞ্চাশত বায়ুৰ উত্পত্তি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬৪
  26. অহল্যাৰ শাপ - মুক্তি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬৫
  27. ৰামৰ হৰধনু ভঙ্গ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৭০
  28. স্বয়ম্বৰত যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৭৫
  29. দশৰথক আনিবলৈ কটকী প্ৰেৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৮০
  30. চাৰি ভাইৰ বিবাহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৮২
  31. ৰাম - পৰশুৰাম সংঘৰ্ষ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৮৫
  32. ৰামচন্দ্ৰৰ অযোধ্যালৈ আগমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯২
  33. ৰামচন্দ্ৰক যুৱৰাজ পতাৰ প্ৰস্তাৱ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৩
  34. ৰামচন্দ্ৰৰ অভিষেকৰ আয়োজন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৪
  35. মন্থৰাৰ কুমন্ত্ৰণা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৬
  36. কৈকেয়ীয়ে বৰ বিচাৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৭
  37. দশৰথৰ মনত দুখ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯০২
  38. কৈকেয়ীয়ে ৰামক বৰৰ কথা কয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০৪
  39. ৰাম বনলৈ যাবলৈ ওলায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০৪
  40. লক্ষণৰ ক্ৰোধ আৰু ৰামৰ প্ৰবোধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০৬
  41. বনবাসৰ কথা সীতাক জনায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১০
  42. লক্ষণো বনলৈ ওলায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৪
  43. ৰামচন্দ্ৰৰ বিদায় - প্ৰাৰ্থনা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৫
  44. ৰামচন্দ্ৰৰ বাকলি বস্ত্ৰ পৰিধাণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৭
  45. ৰাম - লক্ষণ - সীতাৰ বনবাস গমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৯
  46. ৰামচন্দ্ৰই প্ৰজাক শান্ত্বনা দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২২
  47. ৰামচন্দ্ৰ - গুহক সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২৩
  48. মন্ত্ৰী সুনম্তক বিদায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২৪
  49. ভৰদ্বাজ মুনিৰ আশ্ৰমত প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২৫
  50. দশৰথৰ মৃত্যু -গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩১
  51. ৰাণীসকলৰ বিলাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৩
  52. কৌশল্যাই কৈকেয়ীক ভৰ্ত্সনা কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৪
  53. ভৰতক মতাই আনে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৫
  54. ভৰতৰ খং - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৭
  55. কুঁজীৰ বিলাই - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৯
  56. কৌশল্যা আৰু ভৰতৰ কথা-বতৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪০
  57. দশৰথ ৰজাৰ প্ৰেতকাৰ্য্য - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪১
  58. ৰামক মাতি আনিবলৈ দিহা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৩
  59. ৰামক বিচাৰি ভৰতৰ যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৪
  60. ভৰত-গুহৰ মিলন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৬
  61. গুহকৰ সাহায্য দান - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৯
  62. ভৰদ্বাজ মুনিৰ অতিথি সত্কাৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫০
  63. চিত্ৰকূটত ৰাম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫১
  64. ভৰতে ৰামক লগ পায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৩
  65. দশৰথৰ মৃত্যুৰ বাতৰিত শোক-প্ৰকাশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৩
  66. ৰামৰ পিণ্ড দান - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৫
  67. ঋষি আৰু মাতৃসকলৰ লগত ৰামৰ সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৫
  68. ৰামৰ খৰম লৈ ভৰতৰ প্ৰত্যাগমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৭
  69. সিংহাসনত খৰম স্থাপন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৮
  70. অৰণ্যকাণ্ড
  71. অত্ৰি ঋষিৰ আশ্ৰমত ৰাম সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৯
  72. দণ্ডকাৰণ্যত ৰামৰ প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৪
  73. ৰামচন্দ্ৰ - সীতাৰ কথোপকথন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৭
  74. ৰামৰ আগত মাণ্ডকৰ্ণি মুনিৰ বৃত্তান্ত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৯
  75. অগস্ত্য মুনিৰ আশ্ৰমত প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৯
  76. জটায়ুৰ লগত সাক্ষাত্ আৰু শূৰ্পনখাৰ নাক - কাণ ছেদন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭১
  77. ৰাক্ষসৰ লগত যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭৫
  78. খৰ দুষণ বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭৬
  79. মাৰীচৰ মৃগৰূপ ধাৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৮৭
  80. ৰাৱণৰ তপস্বী বেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৮৭
  81. সীতাৰ আগত ৰাৱণৰ আত্ম পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯১
  82. ৰাৱণৰ গৰ্ব - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৪
  83. ৰাৱণে সীতাক হৰণ কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৫
  84. ৰামক মাৰিবলৈ ৰাক্ষস নিয়োগ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৮
  85. সীতাই ৰাৱণক অভিশাপ দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৯
  86. সীতাই ৰাৱণক ৰ্ভতসনা কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০০
  87. সীতাক বিচাৰি নেপাই ৰামৰ আক্ষেপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০২
  88. জটায়ুৱে সীতাৰ বাতৰি দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৩
  89. কৱদ্ধৰ লগত সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৫
  90. চম্পা সৰোবৰত ৰাম-লক্ষণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৬
  91. কিষ্কিন্ধ্যাকাণ্ড
  92. ৰামৰ লগত সুগ্ৰীৱৰ মিত্ৰতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৯
  93. ৰামৰ আগত সীতাৰ অলঙ্কাৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১০
  94. বালী বধৰ আয়োজন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১০
  95. বালী - সুগ্ৰীৱৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১৪
  96. ৰামে বালীক বধ কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১৮
  97. বালীয়ে ৰামক তিৰস্কাৰ কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২১
  98. বালীৰ ভাৰ্য্যা তাৰাৰ বিলাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৩
  99. তাৰাৰ অভিশাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৪
  100. সুগ্ৰীৱৰ অভিষেক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৭
  101. সুগ্ৰীৱৰ প্ৰতি ৰামৰ সন্দেহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৮
  102. সুগ্ৰীৱৰ সৈন্য সংগ্ৰহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩২
  103. সসৈন্যে সুগ্ৰীৱ উপস্থিত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৩
  104. বালীপুত্ৰ অঙ্গদৰ দ্ধাৰা ৰাক্ষস বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৬
  105. বানৰ সৈন্যৰ স্বয়ংপ্ৰভা সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৭
  106. বানৰ সৈন্যৰ সমাবেশ : সাগৰ দৰ্শন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৮
  107. জটায়ুৰ মৃত্যুত সম্পাতিৰ শোক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪১
  108. সুপাৰ্শ্বই ৰাৱণ আৰু সীতাক দেখে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৩
  109. সুন্দৰাকাণ্ড
  110. সাগৰৰ পাৰত বানৰ সৈন্যৰ মন্ত্ৰণা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৬
  111. হনুমন্তৰ পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৭
  112. হনুমন্তৰ লঙ্কা যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৯
  113. লঙ্কাৰ বিৱৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫১
  114. হনুমন্তই সীতাক বিচাৰি পায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৬
  115. ৰাৱণৰ কক্ষত সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৫৮
  116. সীতা আৰু হনুমন্তৰ কথোপকথন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৬৩
  117. হনুমন্ত আৰু ৰাক্ষসৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৬৯
  118. হনুমন্ত আৰু জম্বুমালীৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭০
  119. হনুমন্ত আৰু বিৰুপাক্ষৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭১
  120. হনুমন্ত আৰু অক্ষকুমাৰৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭২
  121. ইন্দ্ৰজিত আৰু হনুমন্তৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭৩
  122. হনুমন্তৰ নেজত জুই আৰু লঙ্কা দাহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭৭
  123. হনুমন্তৰ প্ৰত্যাগমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮০
  124. বানৰ সৈন্যই মধুফল খায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৪
  125. হনুমন্তই ৰামক সীতাৰ বাতৰি দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৫
  126. ৰাম-লক্ষণৰ লঙ্কা যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৭
  127. ৰাৱণক বিভীষণৰ সজ উপদেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৯
  128. ৰাৱণৰ কুমন্ত্ৰণা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৯০
  129. বিভীষণক ৰাৱণৰ পদাঘাত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৯২
  130. লঙ্কাকাণ্ড
  131. ৰামৰ সৈন্যবল সম্পৰ্কে জানিবলৈ ৰাৱণৰ আগ্ৰহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৯৮
  132. ৰাৱণৰ ছলনা আৰু সীতাৰ বেজাৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩০৩
  133. ৰাৱণক সজউপদেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩০৬
  134. সুবেল পৰ্বতত ৰাম-লক্ষণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩০৮
  135. ৰাম-লক্ষণৰ নাগপাশ মোচন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩১২
  136. ধুম্ৰাক্ষৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬২১
  137. সেনাপতি ব্ৰজদ্ৰংষ্ট - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৩
  138. প্ৰহস্তৰ যুদ্ধযাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৫
  139. অনেক ৰাক্ষসৰ যুদ্ধ আৰু পতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৭
  140. ৰাৱণৰ যুদ্ধ যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৮
  141. লক্ষণৰ হাতত ৰাৱণৰ পৰাজয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৯
  142. কুম্ভকৰ্ণৰ যুদ্ধ - যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৩৫
  143. কুম্ভকৰ্ণৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৩৮
  144. ৰাম-লক্ষণৰ হাতত কুম্ভকৰ্ণৰ পতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৪৩
  145. অতিকায় ৰাক্ষসৰ যুদ্ধ আৰু পতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৪৬
  146. ইন্দ্ৰজিতৰ যুদ্ধ : ৰাম-লক্ষণ অচেতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫১
  147. হনুমন্তই ঔষধ আনি জীৱন দান দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৩
  148. বানৰ সৈন্যৰ আক্ৰমণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৪
  149. কুম্ভ নিকুম্ভৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৬
  150. ইন্দ্ৰজিতৰ পুনৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৯
  151. ৰামক বিভীষণৰ প্ৰবোধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৬২
  152. ইন্দ্ৰজিত বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৬৫
  153. ৰাৱণৰ ক্ৰোধ আৰু সীতাক হত্যা কৰিবলৈ উদ্যত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৭৩
  154. লক্ষণৰ শক্তিশেল - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৭৯
  155. হনুমন্তৰ গন্ধমাদন আনয়ন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৮৫
  156. গন্ধমাদন পুনৰ থৈ আহে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৮৮
  157. ৰাম ৰাৱণৰ যুদ্ধ : ৰাৱণ বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৯০
  158. ৰামৰ আগত সীতাৰ উপস্থিতি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৯৯
  159. সীতাৰ অগ্নি পৰীক্ষা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪০২
  160. ৰামৰ অযোধ্যালৈ যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪০৭
  161. অযোধ্যাত ৰামৰ প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪১০
  162. ৰামচন্দ্ৰৰ ৰাজ্যাভিষেক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪১৬
  163. হনুমন্ত প্ৰভৃতিৰ অযোধ্যা ত্যাগ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪১৭
  164. উত্তৰা কাণ্ড
  165. সীতাৰ বনবাস - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২০
  166. বাল্মীকিৰ আশ্ৰমত লৱ-কুশৰ জন্ম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২১
  167. ৰামৰ অশ্বমেধ যজ্ঞ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২২
  168. লৱ-কুশৰ ৰামায়ণ কথন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২৭
  169. হনুমন্তৰ জন্ম পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৩৩
  170. লৱ-কুশৰ পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৩৬
  171. সীতাক আনিবলৈ হনুমন্তক প্ৰেৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৩৭
  172. ৰামৰ ৰাজসভাত সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪১
  173. সীতাৰ বেজাৰ আৰু পাতাল প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪২
  174. পৃথিৱীৰ প্ৰতি ৰামৰ ক্ৰোধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪৬
  175. পাতালত সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪৭
  176. ভৰতৰ পুত্ৰক ৰাজ্য দান - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪৮
  177. ৰামৰ লক্ষণ বৰ্জন - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৫২
  178. লক্ষণক বিচাৰি ৰামৰ বন যাত্ৰা - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৫৮
  179. ৰামচন্দ্ৰৰ স্বৰ্গযাত্ৰা - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৬৪
১৭ অধ্যায়


সীতা আৰু হনুমন্তৰ কথোপকথন ।


শ্ৰীমন্ত মহাৰাজা দশৰথ নাম ।

তাহান তনয় শ্ৰেষ্ঠ ভৈলন্ত শ্ৰীৰাম ॥১

ৰাজা পাতিবাক দশৰথ সাজ ভৈলা ।

ছোট মাতৃ কৈকেয়ী ৰাজ্যক কাঢ়ি লৈলা ॥২

শুভক্ষণে ভৰতক ৰাজ্য দিল মাগি ।

ৰামক পাঠাইল ঘোৰ বনবাস লাগি ॥৩

ভ্ৰাতৃক ভাৰ্য্যাক ৰামে তুলে কৰি নিল ।

বন মধ্যে জানেকীক ৰাৱণে হৰিল ॥৪

এহি বুলি হনুমন্ত মৌনে থাকিলন্ত ।

প্ৰিয় কথা শুনি দেবী চৌভিতি চাইলন্ত ॥৫

পূব পশ্চিম দেবী উত্তৰো লখিল ।

দখিন দিশতো সতী কিছু নখলিল ॥৬

উৰ্দ্ধক চাহিল মাৱ ৰাম হাত তৰি ।

দেখন্ত বানৰ আছে কৃতাঞ্জলি কৰি ॥৭

সীতায়ে বোলন্ত প্ৰণামোহোঁ হৰিহৰ ।

প্ৰণামোহোঁ সূৰ্য্যক কুবেৰ পুৰন্দৰ ॥৮

বানৰৰ মুখে শুনোঁ যিসব বচন ।

স্বৰূপ স্বৰূপ হৌক নোহৌক স্বপন ॥৯

সীতায়ে বোলন্ত বাপু কৈৰহন্তে আইলে ।

মোহোৰ স্বামীৰ বাৰ্ত্তা কেনমতে পাইলে ॥১০

শিংশপাত বহি হনুমন্তে বোলে বাণী ।

তুমি নো কাহাৰ জীৱ কমন গোসাঁনী ॥১১

শিংশপাৰ মূলত কিসত আছা বসি ।

কি কাৰণে কান্দিয়া লোতক পৰে খসি ॥১২

বাসৱৰ শচী কিবা তুমি সোভাগিণী ।

কিবা আদিত্যৰ ছায়া চন্দ্ৰৰ ৰোহিণী ॥১৩

হৰিৰ লক্ষ্মীসি কিবা হৰৰ পাৰ্ব্বতী ।

বশিষ্ঠৰ ভাৰ্য্যা কিবা তুমি অৰুন্ধতী ॥১৪

হেন ৰূপ নৈয়ো দেখোঁ ভুবন মোহন ।

বিশাল নয়ন চন্দ্ৰ সমান বদন ॥১৫

আখৰেক মাতোহো স্বৰূপ যেবে কোৱা ।

তুমি দেবী জনকৰ জীউ হোৱা নোৱা ॥১৬

সীতা নাম তোমাৰ ৰামৰ পটেশ্বৰী ।

তোমাক কি ৰাৱণায়ে আনিলেক হৰি ॥১৭

সীতা সন্ধুক্ষন হুয়া দিলন্ত উত্তৰ ।

দশৰথ পুত্ৰবধু ভাৰ্য্যা শ্ৰীৰামৰ ॥১৮

কৌশল্যা মোহোৰ শ্বাশু লক্ষ্মণ দেৱৰ ।

সীতা নাম বোলে মোক জীউ জনকৰ ॥১৯

ৰাজ্য দিবে লাগি দশৰথ সজ ভৈলা ।

ছোট শ্বাশু কৈকেয়ী ৰাজ্যক কাঢ়ি লৈলা ॥২০

পুত্ৰ ভৰতক তেন্ত ৰাজ্য দিল মাগি ।

ৰামক পঠাইল ঘোৰ বনবাস লাগি ॥২১

কতোকাল আছে যেবে দণ্ডকা বনত ।

ৰাৱণে হৰিল মোক নিৰ্জ্জন থানত ॥২২

ৰাক্ষসী মধ্যত দুখ পাওঁ অতিৰেক ।

ইসব দুখত মোক যমেসে নিলেক ॥২৩

কৈৰ পৰা আইলে বাপু কহিয়ো প্ৰস্তুত ।

কিবা ৰাৱণৰ কিবা ৰাঘৱৰ দূত ॥২৪

কৰযোৰ কৰিয়া বোলন্ত হনুমন্ত ।

তোমাৰ যে স্বামী ৰাম কল্যাণে আছন্ত ॥২৫

বাৰ্ত্তাক নপায়া ৰামে খুজিলা বহুত ।

হনুমন্ত নাম মোৰ ৰাঘৱৰ দূত ॥২৬

সুমিত্ৰাৰ পুত্ৰ তেহে লক্ষ্মণ কুমাৰ ।

পৃথিবীতে সাৰ অকম্পন ধনুৰ্ধৰ ॥২৭

শোভন পুৰুষ তেন্ত লখমন নাম ।

হেৰা লোৱা মাৱ তান সন্দেশ প্ৰমাণ ॥২৮

এহি বুলি মাথা গোট পৃথিবীত দিল ।

লক্ষ্মণৰ কথা যত সীতাত কহিল ॥২৯

যি দেখিলা মৃগ গুটি সুৱৰ্ণৰ কায়া ।

মৃগ নুই সিটো আই ৰাক্ষসৰ মায়া ॥৩০

আছিল মাৰীচ নামে এক নিশাচৰ ।

ৰামক নিলেক সিটো প্ৰায় দূৰন্তৰ ॥৩১

তাহাৰ শৰীৰে প্ৰহাৰিলা বান ঘাৱ ।

মৰন্তে কাঢ়িল সিটো ৰাঘৱৰ ৰাৱ ॥৩২

হেন শুনি তোমাৰ আসুখ বৰ কৰ ।

লক্ষ্মণকো পঠালাহা বুলি অনুত্তৰ ॥৩৩

লঙ্কেশ্বৰে দুয়ো ভাইক উপাযে গুচাই ।

তোমাক হৰিলে পাছে একেশ্বৰী পাই ॥৩৪

সীতায়ে বোলন্ত ৰাৱণায়ে আসি ভৈলে ।

পুনৰপি আসি মোক ছলিবাক লৈলে ॥৩৫

দূৰ গুচ পাপী আন জঞ্জাল নপাত ।

ৰাঘৱৰে বানৰৰে কিসৰ সঞ্জাত ॥৩৬

এক বেলি আসিছিলি ক্ষমা নাহি তৱ ।

কতেকনো সহিবো নীচৰ পৰাভৱ ॥৩৭

আমাক ছলিয়া তই কোন ফল পাইবে ।

অধৰ্ম্মৰ ফলে বেটা অধোগতি যাইবে ॥৩৮

মই শান্তী কন্যাৰ জানস আসি মৰ্ম্ম ।

হেন শুনি মাৰুতি সুমৰে ধৰ্ম্ম ধৰ্ম্ম ॥৩৯

শপি জোনো ভস্ম মোক কৰন্ত গোসাঁনী ।

মনত তৰাসে কপি বিনাৱন্ত বাণী ॥৪০

ৰাক্ষস নোহোওঁ আই হোওঁ ৰামদূত ।

তোমাক খুজিতে আইলো পৱনৰ সুত ॥৪১

শঙ্কা পৰিহৰি মাৱ ভাল মতেচাহাঁ ।

ৰাক্ষস নোহোওঁ ভালে সম্প্ৰত্যয় যাহাঁ ॥৪২

সীতায়ে বোলন্ত তেবে পাওঁ পৰমাণ ।

ৰাঘৱৰ ৰূপ গুণ কহ কেন ঠান ॥৪৩

কিমত চৰিত্ৰ কেন অন্তৰ মহত ।

লক্ষ্মণৰ ৰূপ গুণ কহ কেন মত ॥৪৪

মাৰুতি বোলন্ত মাৱ ভাল মতে শুন ।

যেন দেখিলোহোঁ কহোঁ ৰাঘৱৰ গুণ ॥৪৫

শ্যামল সুন্দৰ মুখ পূৰ্ণিমাৰ শশী ।

চক্ষু দুই জ্বলে যেন কমলৰ পাসি ॥৪৬

কম্বু গ্ৰীৱ শোভন নাসিকা দুই কৰ্ণ ।

উত্তম শৰীৰ মনোহৰ শ্যাম বৰ্ণ ॥৪৭

ছয় থান উন্নত উদৰ কণ্ঠ মুখ ।

দুই পান্তি দশন শুক্ল দেখিবাক সুখ ॥৪৮

ধনুৰ্ব্বেদ শাৰঙ্গ যাহাৰ হাতে থিত ।

চাৰি বেদ চতুৰ্দ্দশ শাস্ত্ৰত পণ্ডিত ॥৪৯

দীন দুখী খোৰা ভেঙ্গুৰাক অন্ধকক ।

পুত্ৰৰ সমান কৰি দৰিদ্ৰ পালক ॥৫০

সুমিত্ৰাৰ পুত্ৰ যিবা লক্ষ্মণ কুমাৰ ।

পৃথিবীত সাৰ অকম্পন ধনুৰ্ধৰ ॥৫১

শোভন পুৰুষ তান লখমন নাম ।

বিদগ্ধ শৰীৰ কাম দেৱৰ উপাম ॥৫২

ৰাঘৱৰে বানৰৰে মিত্ৰৱতি ভাৱ ।

সিয়ো কথা কওঁ শুনা জগতৰ মাৱ ॥৫৩

বালীৰাজা সুগ্ৰীৱ যৱঞ্জা দুই ভাই ।

কিষ্কিন্ধা নগৰে আছিলন্ত একে ঠাই ॥৫৪

ৰাজ্যৰ নিমিত্তে দুইৰো কন্দল লাগিল ।

দুইহানো যুদ্ধত বৃক্ষ পৰ্ব্বত ভাগিল ॥৫৫

ৰণ হাৰি সুগ্ৰীৱ পলাইল ৰাজ্য ছাৰি ।

বালী ৰাজা তাহান ভাৰ্য্যাক লৈল কাঢ়ি ॥৫৬

পাঞ্চগুটী বানৰক দেশৰ ডকায়া ।

সুখে ৰাজ্য কৰে সিটো ভাতৃবধু লৈয়া ॥৫৭

পাঞ্চগুটী বানৰে দেশৰ হন্তে যাই ।

ঋষ্যমুখ পৰ্ব্বতে আছিলো এক ঠাই ॥৫৮

শ্ৰীৰাম লক্ষ্মণ ফুৰা তোমাক খোজন্তে ।

আমি সবে দেখিলোহোঁ পৰ্ব্বতৰ হতে ॥৫৯

সুগ্ৰীৱৰ বোলে বৃদ্ধ ব্ৰাহ্মণৰ বেশে ।

শুদ্ধি কৰিবাক গৈলো তাহান আদেশে ॥৬০

পৰিক্ষিয়া বাৰ্ত্তা লৈয়া ভৈলোঁ পৰিচিত ।

ৰাঘৱৰে সুগ্ৰীৱৰে কৰাইলো সখীত্ব ॥৬১

সত্য কৰিলন্ত দুয়ো থিৰ কৰি চিত্ত ।

বিপক্ষ জিনিয়া আগে ভাৰ্য্যা সমৰ্পিত ॥৬২

সত্য প্ৰতিপালি ৰামে বালীক মাৰিল ।

ভাৰ্য্যাকে ৰাজ্যকে সুগ্ৰীৱক আনি দিল ॥৬৩

সুগ্ৰীৱ প্ৰতিজ্ঞা কৰিলন্ত বিমৰিষ ।

কৌটি সংখ্যা দূতক পঠাইল দশোদিশ ॥৬৪

অঙ্গদক দক্ষিণ দিশক আদেশিল ।

বৰ বৰ বীৰক তাহান লগে দিল ॥৬৫

পাছে মোক শ্ৰীৰামে পাশক মাতি নিল ।

গলে ধৰি টান কৰি সাবটি জান্তিল ॥৬৬

সন্দেশক দিয়া মোক সাদৰি পঠাইল ।

তোমাক অনেক থানে খুজিয়া বেৰাইল ॥৬৭

সিকূল মানত পাইলো তোমাৰ উদ্দেশ ।

সাগৰ তীৰত ভৈলো পায়া উপদেশ ॥৬৮

সম্পাতি কহিল কথা আসি অঙ্গদত ।

ৰামৰ চৰিত্ৰ যত মিলিল বনত ॥৬৯

জটায়ুক যেই যতে ৰাৱণে মাৰিল ।

অঙ্গদে সি সব কথা পক্ষীত কহিল ॥৭০

কনিষ্ঠৰ কাৰ্য্যক সঙ্কলি পক্ষীৰাজ ।

তোমাক চাহিয়া বোলে আছা বনমাজ ॥৭১

সবেহন্তে আলোচিয়া আমাক পঠাইল ।

লঙ্কাত তোমাক আমি খুজিয়া নপাইল ॥৭২

আশোকাত আসিয়া তোমাক খুজি পাইলোঁ ।

আদি অন্ত কথা যত তোমাক কহিলোঁ ॥৭৩

হেৰা লৈয়ো মাৰ আতি কৰি মন তুষ্টি ।

ৰাম নাম লিখি আছে ৰামৰে আঙ্গুঠী ॥৭৪

এহি বুলি দেবীৰ হাতত নিয়া দিল ।

তাক দেখি গোসাঁনীৰ চেতন হৰিল ॥৭৫

কতো বেলি সীতা দেবী চেতনক পাইল ।

ৰামৰ আঙ্গুঠী নিয়া শিৰত চড়াইল ॥৭৬

হৰিসে উজ্জ্বল কিছু বদন নিৰ্ম্মল ।

ৰাহুত মুকুত যেন চন্দ্ৰৰ মণ্ডল ॥৭৭

কৌতুকে উজ্জ্বল মুখ হৰষিত ভাৱ ।

নসহে শৰীৰ বিপৰীত শোক ঘাৱ ॥৭৮

দুই নয়ন হন্তে বহি যাই নীৰ ।

কমল পত্ৰৰ যেন ঝৰয় শিশিৰ ॥৭৯

কিনো মোৰ আনন্দ উত্সুক কৰে মন ।

অমৃত সমান বাপ তোহোৰ বচন ॥৮০

তোমাৰ বচন সবে সম্প্ৰত্যয় গৈলোঁ ।

শোক দুখ এৰি মই সন্ধুক্ষণ ভৈলোঁ ॥৮১

সাৰ কৰি কথা মোত কহ হনুমন্ত ।

মোহোৰ কি স্বামী ৰাম কুশলে আছন্ত ॥৮২

আন কথা হনুমন্ত কহ তই পাছে ।

মোহোৰ কি দেৱৰ লক্ষ্মণ ভালে আছে ॥৮৩

কৌশল্যা সুমিত্ৰা কি আছন্ত ভাল মতে ।

কৈকেয়ী গোসাঁনী কি আছন্ত কেন সতে ॥৮৪

ভৰতৰ কথা আবে কহিয়োক আজি ।

মোক কি নিবন্ত চতুৰঙ্গ দলে সাজি ॥৮৫

বানৰৰ ৰাজ্য যে সুগ্ৰীৱ বুলি যাক ।

তাহান কি মনে আছে আমাক নিবাক ॥৮৬

একেসে কাৰ্য্যক বাপু সংশয় আমাৰ ।

কেন মতে তই সাগৰতে ভৈলে পাৰ ॥৮৭

শতেক যোজন পথ বৰু আলয় ।

গহীন গম্ভীৰ নীৰ ভয়ক জনয় ॥৮৮

হেনয় দুৰ্গম ঘোৰ সাগৰক তৰি ।

লঙ্কা নগৰীক লাগি আইলে কেন কৰি ॥৮৯

পৰম দুৰ্ব্বল তোৰ হ্ৰস্ব দেখোঁ বাৱ ।

মাৰুতি বোলন্ত শুনিয়োক সতী মাৱ ॥৯০

তোমাৰ প্ৰসাদে মোৰ পৱনত গহ ।

তোমাৰ স্বামীৰ চৰণৰ অনুগ্ৰহ ॥৯১

গোখোজ সমান কৰি তৰিলো সাগৰ ।

ইসব সংশয় মাৱ গুচায়ো মনৰ ॥৯২

সাৰ কৰি কথা মোত কহ হনুমন্ত ।

মোহোৰ কি স্বামী ৰাম কুশলে আছন্ত ॥৯৩

কিমতে শয়ন স্নান ভোজন কৰন্ত ।

কিবা চিন্তা কৰি মোৰ প্ৰভু সুমৰন্ত ॥৯৪

কিসক অশক্য কথা পুছিলা আমাত ।

শ্ৰীৰামৰ নিকাৰে মুখত নাই মাত ॥৯৫

মল পঙ্ক ধৰিয়া মাথাত জটাভাৰ ।

বছৰি দিনত একো দিন ফলাহাৰ ॥৯৬

মাত বোল নাহি কিছু মনত হৰিষ ।

একেক দিবস যাই একৈক বৰিষ ॥৯৭

তোমাক সুমৰি তান ধৃতি নাহি মনে ।

উত্ৰাৱল হুয়া খুজিলন্ত বনে বনে ॥৯৮

ৰামৰ নিকৰ শুনি জগতৰ আই ।

মহাশোকে কান্দিলন্ত ধৰণ নযাই ॥৯৯

সীতাৰ বিলাপ দেখি হনুমন্ত কপি ।

গোসাঁনীৰ দুই পাৱে মাথাগোট থাপি ॥১০০

শুনিয়ো গোসাঁনী আই এৰিয়ো বিকল ।

ৰামে বুলি পঠাইলন্ত বাৰ্ত্তা সুকুশল ॥১০১

শ্ৰীমন্ত ৰাঘৱদেৱ সাগৰ গম্ভীৰ ।

পৃথিবীত সাৰ বীৰ নিষ্কম্প শৰীৰ ॥১০২

কল্যাণে আছন্ত মাৱ তোমাক সুমৰি ।

ৰাত্ৰি দিন চিন্তা তান ভোগ পৰিহৰি ॥১০৩

হনুমন্ত বীৰৰ বচন হেন শুনি ।

আশেষ ৰামক লাগি কান্দিলা গোসাঁনী ॥১০৪

দুইহানো বিলাপে হনুমন্ত বীৰবৰ ।

আখৰেক বোলোঁ বুলিবাক লাগে ডৰ ॥১০৫

বিলাপ দেখিয়া মাৱ মোৰ বৰ শোক ।

সিকাৰণে বোলোঁ মাৱ যেন লাগে হৌক ॥১০৬

পিঠিত উঠিয়ো মাৱ লোমে ধৰ টানি ।

ৰামত ভেটাওঁ নিয়া জগত গোসাঁনী ॥১০৭

ৰামৰ চৰণে নিয়া তোমাক ভেটাওঁ ।

আজি ধৰি দুই হন্তৰে দুৰ্গতি খণ্ডাওঁ ॥১০৮

সীতায়ে বোলন্ত বানৰৰ মুখ চাই ।

নিকটেৰ পো গোটৰ এতমান টাই ॥১০৯

তুলা নিবে নোৱাৰয় ভাৰ বান্ধে শিলে ।

গুণ্ডকুৰি পৰুৱায়ে হাতী গোট গিলে ॥১১০

ঢোল হেন ডিমা পাৰে চুঙ্গাৰ বাদুলি ।

পিপিয়া চটকে পৰ্ব্বতক লৱে তুলি ॥১১১

ভয় এৰা মাৱ মই বীৰ হনুমন্ত ।

পাৰোঁ শত্ৰু জিনিতে বলৰ নাহি অন্ত ॥১১২

শুনিয়োক মাৱ মোৰ বাপ কেন বীৰ ।

প্ৰসিদ্ধ কাহিনী কহোঁ বীৰ কেশৰীৰ ॥১১৩

গন্ধমাদনৰ হন্তে ডেৱ কৰিলন্ত ।

গোকৰ্ণ গিৰিৰ শিখৰত পৰিলন্ত ॥১১৪

তাহান ক্ষেত্ৰত মোক জনিলন্ত বায়ু ।

অগনিৰ সথা যিটো জগতৰ আয়ু ॥১১৫

আছোক তোমাক পৃথিবীক পাৰোঁ নিতে ।

লঙ্কাখান নিবে পাৰোঁ সসৈন্য সহিতে ॥১১৬

মই দেখি আছো মাৱ তুমি যেন শান্তী ।

শিংশপা বৃক্ষত বসি আছিলো নমাতি ॥১১৭

ভাৱত লক্ষ্মণ বুলিলেক হাতযোৰ ।

কতেক বা বুলিল ৰাৱণ মুখপোৰ ॥১১৮

নিৰ্ভয় স্বৰূপে তাত পাৰ ভৈলা মাৱ ।

মেৰু কি টলয় অল্প বিচনৰ বাৱে ॥১১৯

মই যি দেখিলো শ্ৰীৰামত তাকে কহোঁ ।

আপোনাৰ দুই কৰ্ণে যেন শুনিলোহোঁ ॥১২০

যেন মতে সম্প্ৰত্যয় হোৱয় সীতাৰ ।

ভূমিত পৰিয়া ভৈলা পৰ্ব্বত আকাৰ ॥১২১

পুনৰপি সঙ্কোচিত কলেৱৰ হৈয়া ।

সীতাক প্ৰণামি বৃক্ষে চড়িলন্ত গৈয়া ॥১২২

সীতায়ে বোলন্ত বাপ হোস ৰামদূত ।

আশেষ গহন বন পৱনৰ সুত ॥১২৩

শতেক যোজনক আইলে নাহিকে সংশয় ।

কৌটি যোজনক যাইবে পাৰস নিশ্চয় ॥১২৪

আমাক নিবেক তই পাৰস আপুনি ।

আখৰেক বোলোহোঁ চাহিয়ো মনে গুনি ॥১২৫

ইঠাৱৰ পৰা কি কাৰ্য্যক নিবে মোক ।

ৰাঘৱৰ বল বীৰ্য্য হাসিবেক লোক ॥১২৬

সৰ্ব্বজনে বুলিবে ৰাঘৱে যুজ হাৰি ।

জিনি নিবে নোৱাৰিল আপোনাৰ নাৰী ॥১২৭

স্ত্ৰীচোৰা পাপীষ্ঠ মুনিষ হেন জানি ।

সিকাৰণে জানকীক চুৰি কৰি আনি ॥১২৮

মই শান্তী কন্যা হেন জানয় জগতে ।

পৰ পুৰুষৰ অঙ্গ ছুইবো কেন মতে ॥১২৯

বুলিবি ৰাৱণ যিটো আনিলেক হৰি ।

স্ত্ৰীজাতি পৰাধীন নোহে স্বতন্তৰী ॥১৩০

ইটো শঙ্কাচয় মনে গুচিল আমাৰ ।

অপাৰ সাগৰ কেন মতে ভৈলে পাৰ ॥১৩১

যাৱে মোৰ শৰীৰত আছয় গিয়ানে ।

ঝাণ্ট কৰি গৈয়া ৰাম লক্ষ্মণক আন ॥১৩২

মোহোৰ আজ্ঞায়ে চলি যাইয়োক সত্বৰে ।

শিংশপাৰ তলে বসি আছো একেশ্বৰে ॥১৩৩

কি কাৰণে হৈবোঁ মই ৰাক্ষসৰ ভক্ষী ।

মাসেক থাকিবো মই স্বামীক উপেক্ষি ॥১৩৪

তথাপি নাসন্ত যদি ৰাম মোৰ স্বামী ।

আত্মাঘাত কৰি তেবে মৰিবোহোঁ আমি ॥১৩৫

শ্ৰীৰামত বাৰ্ত্তা বাপ জনাইবে সকলে ।

যেন মতে আছো মই শিংশিপাৰ তলে ॥১৩৬

ৰাক্ষসিনী লোকে মোক পৰাভৱ কৰে ।

আমাকো দণ্ডিব এহি মাসেক অন্তৰে ॥১৩৭

ইসব নিকাৰ মই কিমতে এৰাওঁ ।

ৰাঘৱৰ পাশক সত্বৰে কেনে পাওঁ ॥১৩৮

মাৰুতি বোলন্ত চিন্তা কৰাঁ পৰিহাৰ ।

হেন জানা ৰাৱণ সসৈন্যে গৈল মাৰ ॥১৩৯

অসংখ্যাত সেনাবল বানৰ অপাৰ ।

লক্ষেক হস্তীৰ বল পৰ্ব্বত আকাৰ ॥১৪০

মই সম বীৰ কতো শতো উপাধিক ।

শঙ্কা পৰিহৰাঁ নিৰুত্সাহ হোৱা কিক ॥১৪১

অসংখ্যাত সেনায়ে সুগ্ৰীৱ কপিৰাজে ।

সাগৰক তৰিব ভূষিত সব সাজে ॥১৪২

শ্ৰীৰাম লক্ষ্মণ চপকৰে আসিবন্ত ।

ৰাৱণক মাৰি ৰামে তোমাক নিবন্ত ॥১৪৩

যেন মতে ৰাঘৱৰ পাতিয়াইবা চিত ।

সঙ্কেত কহিয়ো আন জন অবিদিত ॥১৪৪

সঙ্কেত আছয় কিবা তোমাৰে ৰামৰে ।

সেহি কথা কোৱা চলি যাইবোহোঁ সত্বৰে ॥১৪৫

জানেকী বোলন্ত শুনাঁ বায়ুৰ নন্দন ।

কহিবো তোমাৰ আগে সঙ্কেত বচন ॥১৪৬

ৰামৰ সীতাৰ যত সঙ্কেত কাহিনী ।

হনুমন্ত আগে কহে জানকী গোসাঁনী ॥১৪৭

চিত্ৰকূটে শুইল মোৰ উৰুত সিথানে ।

কাকে মোৰ তনে ঘাৱ কৰিলেক টানে ॥১৪৮

তাক লাগি হানিলন্ত ইষিকাৰ বাণ ।

সিকাৰণে কাকৰ দক্ষিণ চক্ষু কাণ ॥১৪৯

মানস শিলাৰ ফোট কপালত দিল ।

সাবটি ধৰিল পাছে গাৱে সঞ্চাৰিল ॥১৫০

তাক দেখি দুইহন্তেনে হানিলোহো টানে ।

গুণি চাহান্তোক তাক আন কোনে জানে ॥১৫১

যি কথা কহিলা মাৱ কহিবোহোঁ যাই ।

কিছুমিছু বস্তু আছে দিয়া যাওঁ খাই ॥১৫২

ৰামে যেন পতিয়ান্ত গুণি চোৱা মাৱে ।

যেন মতে তযু স্বামী পতিয়ান যাৱে ॥১৫৩

জয় নমোঁ ৰঘুপতি অগতিৰ গতি ।

তোমাৰ চৰণে মোৰ নিমজোক মতি ॥১৫৪

তযু গুণ নাম মোৰ মুখে নুগুচোক ।

তোমাৰ কথাক কৰ্ণে সতত শুনোক ॥১৫৫

তেবেসে আমাৰ সিদ্ধি হোৱৈ মন কাম ।

সকল সমাজে ডাকি বোলাঁ ৰাম ৰাম ॥১৫৬


১৮ অধ্যায়


দুলৰি ।

জয় নমোঁ ৰাম,       ৰঘুৰ নন্দন,

ত্ৰিভুৱনে বীৰ সাৰ ।

জয়তি লক্ষ্মণ,       পুৰুষ উত্তম,

সুমিত্ৰা দেৱী কুমাৰ ॥১

জয় হনুমন্ত,       বায়ুৰ নন্দন,

কপি বীৰ মহামতি ।

বোলন্ত কন্দলী,       আন গতি নাই,

ৰামৰ চৰণে গতি ॥২


১৯ অধ্যায়


ৰাৱণৰ মধুবন ধ্বংস ।
ছবি ।

সঙ্কেত বাৰ্ত্তাক মই,   যতমানে আনিলোহোঁ,

সবে কথা কহিবোহোঁ সাৰ ।

মধুফল আনি দিওঁ,   ভুঞ্জিয়ো তৃপিত হুয়ো,

সন্দেশ দিবোঁ আৰ বাৰ ॥১

জনক জীৱ আইৰ,   মধুফল পায়া হাতে,

বায়ুপুত্ৰে মুখে আনি দিল ।

আঠ গুণ প্ৰাণ আতি,   দশ গুণ তেজ বল,

তেতিখনে তান সম্পজিল ॥২

ইটো মধুফল মাৱ,   কমন থানত আছে,

তাৰ কথা কহিয়ো আমাত ।

এহি তোৰণত পশি,   ক্ষেত্ৰযে বিক্ষত কৰি,

বাৰ্ত্তা কহি যাইবোহোঁ তোমাত ॥৩

ইটো মধুফল কথা,   তোমাত কহিলে বাপ,

সৰ্ব্ব কাৰ্য্য কৰিবে বিনাশ ।

এক এক বৃক্ষতাৰ,   কোটি ৰাক্ষসেহে ৰাখে,

কেমনে লঙ্ঘিবে তাৰ পাশ ॥৪

সকলে ৰাক্ষসে মিলি,   তোক মাৰি পেলাইবেক,

ৰামে তৈত বাৰ্ত্তাক নপাইব ।

আজি আসৈ কালি আসৈ,   বুলি বাট চাহিবন্ত,

আমি ঐত বৰ দুখ পাইব ॥৫

এহি বুলি সীতা দেবী,   দিব্য মনি গোট আনি,

কাঢ়ি দিল চেলাৰিৰ হন্তে ।

প্ৰদক্ষিণে সাদৰিয়া,   দেৱীক প্ৰণাম কৰি,

হাত পাতি লৈলে হনুমন্তে ॥৬

আছিয়ো গোসাঁনীমাৱ,   এৰিয়োক শোকভাৱ,

ৰাঘৱক দিবো মণি নিয়া ।

আপোন পৌৰুষবল,   প্ৰকাশ কৰিয়া যাইবো,

ৰাৱণক সন্দেশক দিয়া ॥৭

এহি বুলি হনুমন্তে,   কতো দূৰ গৈয়া পাছে,

মনে মনে গুণন্ত বহুত ।

এক যে কাৰ্য্যক আসি,   অনেক কাৰ্য্য কৰে,

সেহিসে উত্তম হোৱে দূত ॥৮

ৰণক হৰিষ মোৰ,   হাত পাৱ চুলুকয়া,

কণ্ডু আতি কৰে নিৰন্তৰ ।

লঙ্কানগৰীত পশি,   খলমলি লগাই পাছ,

চৰণ প্ৰণামো ৰাঘৱৰ ॥৯

মোৰ বল মহিমাক,   নজানি জানকীমাৱ,

মতে আতি কৰন্ত সংশয় ।

আহানে আগত মই,   এক মায়া ধৰি আজি,

যেন মতে যাহন্ত প্ৰত্যয় ॥১০

এহিগুণি হনুমন্তে,   তেখনে সীতাৰ আগে,

ধৰিলন্ত ব্ৰাহ্মণৰ বেশ ।

হাতত কৰণ্ডী কুশ,   ছৱৰি খোখৰা ছাতি,

সন পাঞ্জি হেন ভৈল কেশ ॥১১

আপোন লাঙ্গুলেতান,   কান্ধৰ লগুন ভৈল,

জকজক কৰে ফোট দান্ত ।

থিৰ নযাই হাত ভৰি,   বৃদ্ধ ব্ৰাহ্মণৰ বেশ,

দেখি সীতা হাসি তুলিলন্ত ॥১২

জানকী বোলন্ত মাতি,   গুণবাণ হনুমন্ত,

তুষ্ট বৰ কৰাইলেহে মোক ।

লঙ্কাৰ চৌৰাশি হাটী,   ঘৰে ঘৰে ফুৰি আস,

ৰাক্ষসেনো কি কৰিবে তোক ॥১৩

অনন্তৰে হনুমন্তে,   ব্ৰাহ্মণৰ বেশে গৈয়া,

পশিলন্ত ৰাজাৰ আবাস ।

কালি গৈল একাদশী,   আজি ভৈল দোৱাদশী,

লঘনতে ভৈলোহো হতাশ ॥১৪

শৰীৰৰ অগ্নি মোৰ,   জাকে জাকে নিকলয়,

পালনা কৰিতে আশকত ।

এক গুটি মধুফল,   ভুঞ্জিয়া তৃপিতি হুয়া,

বেদ পঢ়ো ৰাজাৰ আগত ॥১৫

সৌৰাষ্ট্ৰ দেশৰ আমি,   মহাবেদগৰ্ব্ব্য দ্বিজ,

আসি ভৈলোঁ ৰাজাৰ দুৱাৰে ।

এক গুটি মধুফল,   ভুঞ্জিয়া তৃপিতি হুয়া,

কীৰ্ত্তি কহি যাইবোহোঁ ৰাজাৰে ॥১৬

অধিকাৰী সবে বোলে,   ভণ্ডাৰত ফল নাই,

খুজি লুৰি চাহিলোঁ বিস্তৰে ।

বেদ বিদ ব্ৰাহ্মণক,   ৰিক্তহস্তে নপাঠায়া,

খুজি লৈয়ো বাৰিৰ ভিতৰে ॥১৭

হেন শুনি হনুমন্তে,   লাখুটিত ভিৰ দিয়া,

পশিলা গৈয়া বাৰিৰ ভিতৰে ।

ধুতি কৰণ্ডী তামি,   ছৱৰি বোকণ্ডী থৈয়া,

চড়িলাহা বৃক্ষৰ উপৰে ॥১৮

লহনা লহন কৰি,   মধুফল লাগি আছে,

তাক দেখি কৌতুক বিস্তৰ ।

সকলহি মধুফল,   ভুঞ্জিয়া তৃপিতি হুয়া,

পাছে যুদ্ধ কৰোঁ লঙ্কেশ্বৰ ॥১৯

বায়ুসুত হনুমন্ত,   মনে মনে গুনিলন্ত,

বৃক্ষৰ ডালত গৈয়া চড়ি ।

দিব্য বিচিত্ৰ ফল,   সুৰস অমৃতময়,

অদেৱ ভুঞ্জিবোঁ কেন কৰি ॥২০

এক প্ৰহৰৰ পথ,   ৰাম লক্ষ্মণক দিল,

কতোদূৰ সুগ্ৰীৱ নৃপতি ।

আৰো কত দূৰ মানে,   সীতাক উত্সৰ্গি দিল,

ৰাঘৱত যাহাৰ ভকতি ॥২১

অঙ্গদক আদি কৰি,   যত কপিগণ আছে,

একে থানে কৰিয়া সন্মান ।

এক গাছ দুই গাছ,   নাম কৰি উত্সৰ্গিল,

বায়ুসুত বীৰ হনুমান ॥২২

অশোক বনিকা খান,   ৰাৱণৰ প্ৰিয় থান,

বায়ুসুতে তাক গৈয়া পাইল ।

আজোৰ বিজোৰ কৰি,   ডাল সব ভাঙ্গি মুৰি,

সমস্তে কলমৌ ফল খাইল ॥২৩

গণ্ডগলিত কৰি,   মধুফল ভুঞ্জি বীৰে,

ঠিস্ ঠিস্ কৰিলন্ত পেট ।

গৰ্ভৰ পুৰিষ জলে,   খখাৰে সিঙ্গুনে বান্তি,

দুৰ্গম কৰিল সবে হেঠ ॥২৪

বৃক্ষ সব উভৰিয়া,   উভট কৰিয়া ৰুইল,

ৰণ্ড ভণ্ড কৰিলন্ত বন ।

বিশ্বকৰ্ম্মে নিৰ্ম্মিলন্ত,   মাণিক সুবৰ্ণ থান,

ছন্ন ভৈল ক্ৰীড়াৰ ভুৱন ॥২৫

স্বৰ্গৰ দিশক লঙ্ঘে,   আম জাম কণ্টকিয়ে,

খিৰি আৰু দশনৈয়া কল ।

অপূৰ্ব্ব বিচিত্ৰ আতি,   সৰস মধুৰ স্বাদ,

হনুমন্তে ভোগাইল সকল ॥২৬

সুগন্ধ শীতল জল,   ৰাজাক লাগিয়া থৈল,

নিশেষ কৰিয়া তাক পিল ।

যত যত দীঘী সব,   ক্ৰীড়াৰ ভুৱন সব,

খলমল কৰিয়া পুতিল ॥২৭

অশোকা বনিকা খান,   হনুমন্তে ভাঙ্গিলন্ত,

শবদ মিলিল কোলাহল ।

যতেক ৰাক্ষস লোক,   চমত্কাৰে পৰি গৈল,

কাহাৰো কৰ্ণত দিল তাল ॥২৮

স্বৰ্গৰ সদৃশ থান,   গন্ধৰ্ব্ব ভুৱন সম,

ৰাৱণৰ মুখ্য ক্ৰীড়া থান ।

আজোৰ পিজোৰ কৰি,   ক্ষত যে বিক্ষত কৰি,

ছন্ন কৰিলন্ত হনুমান ॥২৯

বিপৰীত শৰীৰেক,   বানৰক দেখি সবে,

মহাভয়ে পলাই দৰদৰি ।

আগ ভেটি হনুমন্ত,   লাঠি ভুকু উসাসন্ত,

চক্ষু ঢেলেকা হাকো ঘোঙ্ঘৰি ॥৩০

কতো কতো লাগপায়া,   আঞ্চোৰন্ত কামোৰন্ত,

সমুদায়ে নমাৰন্ত তাক ।

বানৰৰ প্ৰহাৰত,   বিপৰীত চোট পায়া,

ৰাক্ষস পলাই জাকে জাক ॥৩১

নমোঁ নমোঁ ৰঘুপতি,   তুমি অগতিৰ গতি,

সুৰাসুৰে আৰাধে যাহাক ।

তোমাৰ অভয় দুই,   চৰণে শৰণ লৈলোঁ,

দাস বুলি ধৰিয়ো আমাক ॥৩২

তযু গুণনাম যশে,   মোহোৰ জীৱন হৌক,

তেবে মন পূৰয় আমাৰ ।

কৰাঁ কৃপা কৃপাময়,   যত সমাজিক চয়,

ৰাম বুলি তৰিয়ো সংসাৰ ॥৩৩


২০ অধ্যায়


পদ ।

কতো ৰাক্ষসিনী বোলে জনকৰ জীউ ।

ইটো বানৰক দেখি উৰি গৈল জীউ ॥১

তুমি সমে কথায়ে আছিলা নিৰন্তৰ ।

তুমি জানাহা ইটো কোথেৰ বানৰ ॥২

সীতা বোলে নজানোহোঁ কোথেৰ বানৰ ।

মোক ছলিবাক আইল মায়া ৰাক্ষসৰ ॥৩

হৰি আনিলেক মোক ৰাৱণ কপটী ।

তোহোৰাসে জানা সবে আসুটি কুসটি ॥৪

নাথুকাৰ কৰিলা জনক জীউ সীতা ।

কতো ৰাক্ষসিনী গৈল ৰাৱণৰ ভিতা ॥৫

আদেশিয়ো গোসাঁই উদ্যান গৈল ক্ষয় ।

বানৰৰ কাৰণে ৰাক্ষসী নিজীৱয় ॥৬

বানৰেক আসি ভৈল পৰ্ব্বত আকাৰ ।

আশোকা বনিকা ছন্ন কৰিল তোমাৰ ॥৭

দীঘি সব পুখুৰি আছিল ভৰি জলে ।

তাকো সবে পুতিল গৰ্ভৰ খশ মলে ॥৮

তোমাত কহিলো কৰিয়োক প্ৰতিকাৰ ।

উপদ্ৰৱ সহন নযাই বানৰৰ ॥৯

তুমি অভিলাষে হৰি আনিলা যাহাক ।

কাহাৰ শকতি আছে মাতিবে তাহাক ॥১০

সীতা গোসাঁনীৰ যত সমীপৰ বন ।

দুষ্ট বানৰায়ে তাক কৰিলেক ছন ॥১১

কিবা বাসৱৰ চৰ কিবা কুবেৰৰ ।

সীতাক খুজিতে আইল দূত ৰাঘৱৰ ॥১২

হেন শুনি ক্ৰোধত জ্বলিল লঙ্কেশ্বৰ ।

মাতিয়া পঠাইল দূত অনেক কিঙ্কৰ ॥১৩

অসংখ্যাত ৰাক্ষস তুলত যাহা সাজি ।

বেঢ়ি গৈয়া বানৰাক বান্ধি আন আজি ॥১৪