লঙ্কাৰ বিৱৰণ

ৱিকিউৎসৰ পৰা
ৰামায়ণ বৃত্তান্ত
  1. আদিকাণ্ড - প্ৰথম অধ্যায়
  2. ৰামায়ণ বৃত্তান্ত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২
  3. ৰাক্ষসৰ কথা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯
  4. সূৰ্যবংশৰ বিৱৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০
  5. দশৰথৰ বিবাহ - কৌশল্যা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২
  6. দশৰথৰ বিবাহ - কৈকেয়ী - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২
  7. দশৰথৰ বিবাহ - সুমিত্ৰা আৰু অন্যান্য ৰাণী - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫
  8. শনিৰ দৃষ্টি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭
  9. শনিৰ বৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০
  10. সিন্ধু মুনি বধ আৰু অভিশাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২
  11. দশৰথৰ বৰ : কৈকেয়ীক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৬
  12. অপুত্ৰক দশৰথৰ চিন্তা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭
  13. ঋষ্যশৃঙ্গৰ কাহিনী - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮
  14. ঋষ্যশৃঙ্গৰ উপস্থিতিত যজ্ঞ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২
  15. দশৰথৰ গৃহত নাৰায়ণৰ অংশৰ স্থিত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৪
  16. পায়স ভক্ষণ আৰু সন্তান জন্ম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪০
  17. জনকৰ ঘৰত সীতাৰ জন্ম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৬
  18. গুহক চণ্ডাল - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৭
  19. ৰাক্ষস বধৰ উদ্দেশ্যে ৰাম - লক্ষণৰ আনয়ন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫০
  20. ৰাম - লক্ষণ আৰু বিশ্বামিত্ৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫২
  21. তাৰকা ৰাক্ষসীক বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫৪
  22. মাৰীচ বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫৬
  23. সীতা স্বয়ম্বৰলৈ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫৮
  24. কান্যকুজ্বৰ বিৱৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬৩
  25. উনপঞ্চাশত বায়ুৰ উত্পত্তি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬৪
  26. অহল্যাৰ শাপ - মুক্তি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬৫
  27. ৰামৰ হৰধনু ভঙ্গ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৭০
  28. স্বয়ম্বৰত যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৭৫
  29. দশৰথক আনিবলৈ কটকী প্ৰেৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৮০
  30. চাৰি ভাইৰ বিবাহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৮২
  31. ৰাম - পৰশুৰাম সংঘৰ্ষ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৮৫
  32. অযোধ্যাকাণ্ড - দ্বিতীয় অধ্যায়
  33. ৰামচন্দ্ৰৰ অযোধ্যালৈ আগমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯২
  34. ৰামচন্দ্ৰক যুৱৰাজ পতাৰ প্ৰস্তাৱ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৩
  35. ৰামচন্দ্ৰৰ অভিষেকৰ আয়োজন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৪
  36. মন্থৰাৰ কুমন্ত্ৰণা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৬
  37. কৈকেয়ীয়ে বৰ বিচাৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৭
  38. দশৰথৰ মনত দুখ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯০২
  39. কৈকেয়ীয়ে ৰামক বৰৰ কথা কয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০৪
  40. ৰাম বনলৈ যাবলৈ ওলায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০৪
  41. লক্ষণৰ ক্ৰোধ আৰু ৰামৰ প্ৰবোধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০৬
  42. বনবাসৰ কথা সীতাক জনায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১০
  43. লক্ষণো বনলৈ ওলায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৪
  44. ৰামচন্দ্ৰৰ বিদায় - প্ৰাৰ্থনা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৫
  45. ৰামচন্দ্ৰৰ বাকলি বস্ত্ৰ পৰিধাণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৭
  46. ৰাম - লক্ষণ - সীতাৰ বনবাস গমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৯
  47. ৰামচন্দ্ৰই প্ৰজাক শান্ত্বনা দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২২
  48. ৰামচন্দ্ৰ - গুহক সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২৩
  49. মন্ত্ৰী সুনম্তক বিদায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২৪
  50. ভৰদ্বাজ মুনিৰ আশ্ৰমত প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২৫
  51. দশৰথৰ মৃত্যু -গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩১
  52. ৰাণীসকলৰ বিলাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৩
  53. কৌশল্যাই কৈকেয়ীক ভৰ্ত্সনা কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৪
  54. ভৰতক মতাই আনে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৫
  55. ভৰতৰ খং - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৭
  56. কুঁজীৰ বিলাই - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৯
  57. কৌশল্যা আৰু ভৰতৰ কথা-বতৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪০
  58. দশৰথ ৰজাৰ প্ৰেতকাৰ্য্য - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪১
  59. ৰামক মাতি আনিবলৈ দিহা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৩
  60. ৰামক বিচাৰি ভৰতৰ যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৪
  61. ভৰত-গুহৰ মিলন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৬
  62. গুহকৰ সাহায্য দান - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৯
  63. ভৰদ্বাজ মুনিৰ অতিথি সত্কাৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫০
  64. চিত্ৰকূটত ৰাম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫১
  65. ভৰতে ৰামক লগ পায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৩
  66. দশৰথৰ মৃত্যুৰ বাতৰিত শোক-প্ৰকাশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৩
  67. ৰামৰ পিণ্ড দান - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৫
  68. ঋষি আৰু মাতৃসকলৰ লগত ৰামৰ সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৫
  69. ৰামৰ খৰম লৈ ভৰতৰ প্ৰত্যাগমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৭
  70. সিংহাসনত খৰম স্থাপন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৮
  71. অৰণ্যকাণ্ড - তৃতীয় অধ্যায়
  72. অত্ৰি ঋষিৰ আশ্ৰমত ৰাম সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৯
  73. দণ্ডকাৰণ্যত ৰামৰ প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৪
  74. ৰামচন্দ্ৰ - সীতাৰ কথোপকথন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৭
  75. ৰামৰ আগত মাণ্ডকৰ্ণি মুনিৰ বৃত্তান্ত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৯
  76. অগস্ত্য মুনিৰ আশ্ৰমত প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৯
  77. জটায়ুৰ লগত সাক্ষাত্ আৰু শূৰ্পনখাৰ নাক - কাণ ছেদন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭১
  78. ৰাক্ষসৰ লগত যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭৫
  79. খৰ দুষণ বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭৬
  80. মাৰীচৰ মৃগৰূপ ধাৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৮৭
  81. ৰাৱণৰ তপস্বী বেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৮৭
  82. সীতাৰ আগত ৰাৱণৰ আত্ম পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯১
  83. ৰাৱণৰ গৰ্ব - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৪
  84. ৰাৱণে সীতাক হৰণ কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৫
  85. ৰামক মাৰিবলৈ ৰাক্ষস নিয়োগ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৮
  86. সীতাই ৰাৱণক অভিশাপ দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৯
  87. সীতাই ৰাৱণক ৰ্ভতসনা কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০০
  88. সীতাক বিচাৰি নেপাই ৰামৰ আক্ষেপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০২
  89. জটায়ুৱে সীতাৰ বাতৰি দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৩
  90. কৱদ্ধৰ লগত সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৫
  91. চম্পা সৰোবৰত ৰাম-লক্ষণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৬
  92. কিষ্কিন্ধ্যাকাণ্ড - চতুৰ্থ অধ্যায়
  93. ৰামৰ লগত সুগ্ৰীৱৰ মিত্ৰতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৯
  94. ৰামৰ আগত সীতাৰ অলঙ্কাৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১০
  95. বালী বধৰ আয়োজন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১০
  96. বালী - সুগ্ৰীৱৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১৪
  97. ৰামে বালীক বধ কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১৮
  98. বালীয়ে ৰামক তিৰস্কাৰ কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২১
  99. বালীৰ ভাৰ্য্যা তাৰাৰ বিলাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৩
  100. তাৰাৰ অভিশাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৪
  101. সুগ্ৰীৱৰ অভিষেক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৭
  102. সুগ্ৰীৱৰ প্ৰতি ৰামৰ সন্দেহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৮
  103. সুগ্ৰীৱৰ সৈন্য সংগ্ৰহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩২
  104. সসৈন্যে সুগ্ৰীৱ উপস্থিত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৩
  105. বালীপুত্ৰ অঙ্গদৰ দ্ধাৰা ৰাক্ষস বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৬
  106. বানৰ সৈন্যৰ স্বয়ংপ্ৰভা সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৭
  107. বানৰ সৈন্যৰ সমাবেশ : সাগৰ দৰ্শন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৮
  108. জটায়ুৰ মৃত্যুত সম্পাতিৰ শোক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪১
  109. সুপাৰ্শ্বই ৰাৱণ আৰু সীতাক দেখে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৩
  110. সুন্দৰাকাণ্ড - পঞ্চম অধ্যায়
  111. সাগৰৰ পাৰত বানৰ সৈন্যৰ মন্ত্ৰণা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৬
  112. হনুমন্তৰ পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৭
  113. হনুমন্তৰ লঙ্কা যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৯
  114. লঙ্কাৰ বিৱৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫১
  115. হনুমন্তই সীতাক বিচাৰি পায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৬
  116. ৰাৱণৰ কক্ষত সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৫৮
  117. সীতা আৰু হনুমন্তৰ কথোপকথন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৬৩
  118. হনুমন্ত আৰু ৰাক্ষসৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৬৯
  119. হনুমন্ত আৰু জম্বুমালীৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭০
  120. হনুমন্ত আৰু বিৰুপাক্ষৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭১
  121. হনুমন্ত আৰু অক্ষকুমাৰৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭২
  122. ইন্দ্ৰজিত আৰু হনুমন্তৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭৩
  123. হনুমন্তৰ নেজত জুই আৰু লঙ্কা দাহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭৭
  124. হনুমন্তৰ প্ৰত্যাগমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮০
  125. বানৰ সৈন্যই মধুফল খায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৪
  126. হনুমন্তই ৰামক সীতাৰ বাতৰি দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৫
  127. ৰাম-লক্ষণৰ লঙ্কা যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৭
  128. ৰাৱণক বিভীষণৰ সজ উপদেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৯
  129. ৰাৱণৰ কুমন্ত্ৰণা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৯০
  130. বিভীষণক ৰাৱণৰ পদাঘাত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৯২
  131. লঙ্কাকাণ্ড - ষষ্ঠ অধ্যায়
  132. ৰামৰ সৈন্যবল সম্পৰ্কে জানিবলৈ ৰাৱণৰ আগ্ৰহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৯৮
  133. ৰাৱণৰ ছলনা আৰু সীতাৰ বেজাৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩০৩
  134. ৰাৱণক সজউপদেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩০৬
  135. সুবেল পৰ্বতত ৰাম-লক্ষণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩০৮
  136. ৰাম-লক্ষণৰ নাগপাশ মোচন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩১২
  137. ধুম্ৰাক্ষৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬২১
  138. সেনাপতি ব্ৰজদ্ৰংষ্ট - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৩
  139. প্ৰহস্তৰ যুদ্ধযাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৫
  140. অনেক ৰাক্ষসৰ যুদ্ধ আৰু পতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৭
  141. ৰাৱণৰ যুদ্ধ যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৮
  142. লক্ষণৰ হাতত ৰাৱণৰ পৰাজয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৯
  143. কুম্ভকৰ্ণৰ যুদ্ধ - যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৩৫
  144. কুম্ভকৰ্ণৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৩৮
  145. ৰাম-লক্ষণৰ হাতত কুম্ভকৰ্ণৰ পতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৪৩
  146. অতিকায় ৰাক্ষসৰ যুদ্ধ আৰু পতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৪৬
  147. ইন্দ্ৰজিতৰ যুদ্ধ : ৰাম-লক্ষণ অচেতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫১
  148. হনুমন্তই ঔষধ আনি জীৱন দান দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৩
  149. বানৰ সৈন্যৰ আক্ৰমণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৪
  150. কুম্ভ নিকুম্ভৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৬
  151. ইন্দ্ৰজিতৰ পুনৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৯
  152. ৰামক বিভীষণৰ প্ৰবোধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৬২
  153. ইন্দ্ৰজিত বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৬৫
  154. ৰাৱণৰ ক্ৰোধ আৰু সীতাক হত্যা কৰিবলৈ উদ্যত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৭৩
  155. লক্ষণৰ শক্তিশেল - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৭৯
  156. হনুমন্তৰ গন্ধমাদন আনয়ন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৮৫
  157. গন্ধমাদন পুনৰ থৈ আহে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৮৮
  158. ৰাম ৰাৱণৰ যুদ্ধ : ৰাৱণ বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৯০
  159. ৰামৰ আগত সীতাৰ উপস্থিতি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৯৯
  160. সীতাৰ অগ্নি পৰীক্ষা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪০২
  161. ৰামৰ অযোধ্যালৈ যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪০৭
  162. অযোধ্যাত ৰামৰ প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪১০
  163. ৰামচন্দ্ৰৰ ৰাজ্যাভিষেক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪১৬
  164. হনুমন্ত প্ৰভৃতিৰ অযোধ্যা ত্যাগ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪১৭
  165. উত্তৰা কাণ্ড - সপ্তম অধ্যায়
  166. সীতাৰ বনবাস - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২০
  167. বাল্মীকিৰ আশ্ৰমত লৱ-কুশৰ জন্ম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২১
  168. ৰামৰ অশ্বমেধ যজ্ঞ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২২
  169. লৱ-কুশৰ ৰামায়ণ কথন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২৭
  170. হনুমন্তৰ জন্ম পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৩৩
  171. লৱ-কুশৰ পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৩৬
  172. সীতাক আনিবলৈ হনুমন্তক প্ৰেৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৩৭
  173. ৰামৰ ৰাজসভাত সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪১
  174. সীতাৰ বেজাৰ আৰু পাতাল প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪২
  175. পৃথিৱীৰ প্ৰতি ৰামৰ ক্ৰোধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪৬
  176. পাতালত সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪৭
  177. ভৰতৰ পুত্ৰক ৰাজ্য দান - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪৮
  178. ৰামৰ লক্ষণ বৰ্জন - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৫২
  179. লক্ষণক বিচাৰি ৰামৰ বন যাত্ৰা - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৫৮
  180. ৰামচন্দ্ৰৰ স্বৰ্গযাত্ৰা - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৬৪


৭ অধ্যায়


লঙ্কাৰ বিৱৰণ ।

লঙ্কাপুৰী দেখিলন্ত ত্ৰিকূট উপৰে ।

দুতী অম্ৰাৱতী যেন সমুদ্ৰ ভিতৰে ॥১

সুবেল গিৰিৰ শৃঙ্গ আতি বিতোপন ।

তহিতে পৰিলা গৈয়া পৱন নন্দন ॥২

সুবেলত বসিয়া গুনন্ত মহাবীৰ ।

পয়াস নভৈল মোৰ সুস্থসে শৰীৰ ॥৩

মাগৰ তৰিয়া আইলো ইটো কোন গহা ।

কোটি যোজনক যাইবোঁ তাকো আছে সাহা ॥৪

শতেক যোজন আইলো ইটো কোন কায ।

ইসব কাহিনী কহিবাকো লাগে লাজ ॥৫

তৰিলন্ত বসিয়া বীৰে দেখিলন্ত শঙ্কা ।

সুবেলত বসিয়া বীৰে দেখিলন্ত লঙ্কা ॥৬

মাথা তুলি দেখন্ত আদিত্য অস্ত যান্ত ।

কৰ যোৰে হনুমন্তে দিলন্ত সিদ্ধান্ত ॥৭

জানু শিৰ কৰি যুৰিলন্ত যোৰহাত ।

ত্ৰৈলোক্যৰ দীপ বুলি নমিলন্ত মাথ ॥৮

খনিতেক তম্ভিয়োক ৰাম কাৰ্য্য সাওঁ ।

দিবাভাগে লঙ্কাৰ গড়ক ফুৰি চাওঁ ॥৯

হেন শুনি তুষ্ট ভৈলা কাশ্যপ নন্দন ।

দেখি হনুমন্তৰ হৰিষ ভৈল মন ॥১০

সুবেলৰ হন্তে বীৰ দৃষ্টি বলাই চান্ত ।

দিবা ভাগে লঙ্কাৰ গড়ক দেখিলন্ত ॥১১

সুবেলৰ নামি নগৰীক লাগি যান্ত ।

অনেক বনক হনুমন্তে দেখিলন্ত ॥১২

গুঞ্জৰিত শবদে ভ্ৰমৰা মধুপান ।

পদ্মিনী দীঘী জলাশয় ৰম্য থান ॥১৩

সৰল পিয়াল খৰ নিখৰ খৰ্জ্জুৰ ।

শাল তাল তমাল গমাৰি বিযপুৰ ॥১৪

অশ্বত্থ কপিত্থ বট নাৰঙ্গ বদৰ ।

তেন্তেলি কণ্টকি আম জাম নাগেশ্বৰ ॥১৫

খাজুৰি হাৰিঠা আমলখি ডহাফল ।

ছাতিয়াল গুৱা নাৰিকল যে শ্ৰীফল ॥১৬

সলঙ্গা মহৰি আৰু কমলা টেঙ্গৰা ।

কৰ্দ্দৈ পিচু মৰ্দ্দক যে সোলঙ্গা আমৰা ॥১৭

কদম্ব গুলাল পাৰিজাতক আশেষ ।

সেৱতী মালতী গুটিমালী যে বিশেষ ॥১৮

বাৰয় বসন্তে অনুকূলে বহে বাৱ ।

ষড়ঋতু নছাড়য় কোকিলৰ ৰাৱ ॥১৯

অনেক আছয় পশু চটক আশেষ ।

সুবৰ্ণ মাণিক মণি ৰতন বিশেষ ॥২০

সাগৰে উথাৰি থৈল মুকুতাৰ দাম ।

চিত্ৰ বিচিত্ৰ তাক দেখি অনুপাম ॥২১

লঙ্কাৰ সমীপ বনে দিন গোট নিল ।

গধুলিকা বেলা বীৰে পৰামৰি শিল ॥২২

ইসব শৰীৰ যেবে পেশওঁ নগৰ ।

ৰাক্ষসে বান্ধিয়া ফুৰাইবেক ঘৰে ঘৰ ॥২৩

বিৰাল সমান সঙ্কুচিত কলেৱৰে ।

হনুমন্তে চড়িলন্ত প্ৰাঞ্চিৰ উপৰে ॥২৪

গোধুলিকা বেলা শ্ৰী দেখিলা লঙ্কাৰ ।

দূতী অম্ৰাৱতী যেন জগততে সাৰ ॥২৫

অনেক প্ৰবন্ধে বিশ্বকৰ্ম্মেসে নিৰ্ম্মিল ।

লঙ্কা বেঢ়ি সুৱৰ্ণৰ গড় প্ৰাঞ্চি দিল ॥২৬

অনেক যোজন পথ গগনে উধাৱ ।

সুবৰ্ণ মাণিক জ্বলে ঠাৱে ঠাৱ ॥২৭

থাই খান দেখিলন্ত বহল বিস্তাৰ ।

গড়গোটে বেঢ়ি আছে সকলে লঙ্কাৰ ॥২৮

নানা যন্ত্ৰ সাজি তাত আছে সাৰি সাৰি ।

দেৱাসুৰ সবে তাক লঙ্ঘিতে নপাৰি ॥২৯

বিষম সঙ্কট আতি দুৰ্গবৰ থান ।

দেখি চিন্তাবিষ্ট ভৈলা বীৰ হনুমান ॥৩০

অঙ্গদ সুগ্ৰীৱ নীল আমি সমে চাৰি ।

এতেকেসে সাগৰক তৰিবাক পাৰি ॥৩১

শতেক যোজন পথ সাগৰক তৰি ।

ইঠাৱক বানৰ আসিবে কেন কৰি ॥৩২

বানৰ বৰ্গৰ ইঠাৱত কোন কাম ।

কিবা কৰিবন্ত আসি দশৰথি ৰাম ॥৩৩

ৰাম লক্ষ্মণ যাতো অচিন্ত্য প্ৰভাৱ ।

সি কাৰণে মনত কিঞ্চিত দিও ঠাৱ ॥৩৪


৮ অধ্যায়


হনুমন্তৰ লঙ্কা দৰ্শন ।

পাছ কাৰ্য্য থাকোক চিন্তিবোঁ আগ কায ।

ডেৱ দিয়া পৰিলন্ত নগৰৰ মাজ ॥১

ঠাৱে ঠাৱে দেখন্ত ৰাক্ষসে পঢ়ৈ বেদ ।

শাস্ত্ৰসব পঢ়ন্ত শুনন্ত অবিচ্ছেদ ॥২

সুবৰ্ণৰ হংস লাড়ু আলি চক্ৰবাক ।

সুবৰ্ণৰ শৰালি উৰয় জাকে জাক ॥৩

সুবৰ্ণৰ ময়না ভাটৌ চুটিয়া শালিক ।

সুবৰ্ণৰ কপৱতি ফিঞ্চা পুণ্ডৰীক ॥৪

ৰঙ্গথানে কৌতুহলে ৰাক্ষস মিলিলা ।

কৌতূহলে খেলাৱয় সুবৰ্ণৰ ঘিলা ॥৫

ভণ্টা খেড়ি খেলাবয় কতো খেলৈ ঝুণ্টি ।

ঠাৱে ঠাৱে ক্ৰীড়া কৰে আকুটি ভ্ৰুকুটি ॥৬

ছৱাল মেলেক সবে কৰে হাতাহাতি ।

মাল বান্ধে যুজয় দেখিতে ভাল আতি ॥৭

ঢোপ খেড়ি খেলাৱয় কতো লুনি লুনি ।

গুৱাল গুৱালী খেলে আনন্দিত শুনি ॥৮

ফল ফুল টোকৰা আৱৰ জুৱা পাশ ।

দলি যুজ খেলে কতো লৱৰি হতাশ ॥৯

ৰাক্ষস যূথক দেখিলন্ত হনুমন্তে ।

ৰাৱণক সেৱা কৰি ঠাৱক আসন্তে ॥১০

কতোহো সুন্দৰ দেহা কামৰ সমান ।

কতো শিৰ দীঘল লম্বিত দুই কাণ ॥১১

হাণ্ডি চিঙ্গালিৰ বৰ্ণ বিহাড়া সোগড়া ।

বিকৃত খসুৱা লালি গণ্ডা কুজা খোৰা ॥১২

অন্ধলাৰ কান্দত পেঙ্গুৱা যাই চড়ি ।

পেঙ্গুৱাৰ উদ্দেশে অন্ধলা কাঢ়ে ভৰি ॥১৩

কতো কুজা কতো খোৰা কতো গোটকলা ।

কতোহোঁ নাৰঙ্গা সোভাকুণ্ডলীয়া শোলা ॥১৪

চালিয়া বিলুনিয়া পিহ্ণৈয়া কতো গোধা ।

গলণ্ডীয়া কতোহো সুনিয়া জোলা জোধা ॥১৫

যাৰ মহা প্ৰতাপে স্বৰ্গত লাগে চাঙ্গ ।

ধনুৰ্ধৰ বীৰ কোন্তক ৰণ ৰঙ্গ ॥১৬

কতো নিশা যান্তে ভৈল চন্দ্ৰমা উদয় ।

দশোদিশ প্ৰসন্ন খণ্ডিল তমোময় ॥১৭

সহায় ভৈলন্ত চন্দ্ৰ বায়ুৰ পুত্ৰৰ ।

হনুমন্তে কৌতুকে ফুৰন্ত ঘৰে ঘৰ ॥১৮

শুনা সভাসদ পদ কথা ৰামায়ণ ।

অমৃততোহধিক ইসে কৰয় নিস্তাৰ ॥১৯

সংসাৰ তাপত ইসি কৰয় নিস্তাৰ ।

বোলাঁ ৰাম ৰাম হৌক পুৰুষ উদ্ধাৰ ॥২০


১০ অধ্যায়


ছবি ।


শঙ্খিনী চিত্ৰিনী নাৰী,     পদ্মিনী হস্তিনী আদি,

ত্ৰিভুবনে যতেক সুন্দৰী ।

দিগ বিজয়ত সাজি,     দেৱাসুৰ ৰণে জিনি,

লঙ্কেশ্বৰে আনিলেক হৰি ॥১

মন্ত্ৰী পাত্ৰ সমস্তত,     সমৰ্পিয়া ৰাজ্য ভাৰ,

তেসম্বে সহিতে কৰে ক্ৰীড়া ।

নাকত আঙ্গুলি দিয়া,     বোলন্ত পৱন সুত,

কিনো ভৈল জগতৰে পীড়া ॥২

হৰি হৰি গোঁসানীক,     পৰিচয় নতৈলোহোঁ,

খুজি পাইবো কমন প্ৰকাৰে ।

দেৱ দেবী প্ৰসাদত,     ইঙ্গিতে জানিবোঁ মই,

পতিব্ৰতা ধৰ্ম্ম ব্যৱহাৰে ॥৩

এহি বিমৰিষ কৰি,     ডেৱ দিয়া পৰিলন্ত,

সেনাপতি প্ৰহস্তৰ ঠাৱে ।

তাত পাছে মহাপাৰ্শ্ব,     ওৱাৰি পশিল গৈয়া,

শব্দ নকৰে যেন পাৱে ॥৪

কুন্তকৰ্ণ বীৰৰ যে,     ওৱাৰি পশিল বীৰ,

আতি বৰ বহল বিস্তাৰ ।

তৈতো সীতা গোঁসানীক,     খুজিল বিনপাইলন্ত,

বিভীষণ থানে পয়সাৰ ॥৫

লোমকৰ্ণ অশ্বকৰ্ণ,     সঙ্গুকৰ্ণ ৰাক্ষসৰ,

বিদ্যুজিহ্ব হস্তীৰ বদন ।

অৰ্দ্ধকেতু অৰ্দ্ধগ্ৰীৱ,     মত্তগ্ৰীৱ নিৰন্তৰ,

কুম্ভৰ যে যতেক ভৱন ॥৬

সবাহাৰে চাহিলন্ত,     পিগু বাড়ি কয়ণ্টাএ,

খুজি লুৰি নপাইলা উদ্যানে ।

খুপিৰ ভিতৰে পশি,     ৰন্ধন শালাৰ ঘৰে,

খুজিলন্ত নানাবিধ থানে ॥৭

মাদ নাম নিশাচৰে,     শোণিতাক্ষ ওৱাৰিত,

খুজিলন্ত আতিশয় যত্নে ।

তাত পশি ৰাৱণৰ,     ওৱাৰি পশিলা গৈয়া,

চতুৰ্ভিতি বেঢ়ি জ্বলে ৰত্নে ॥৮

আতি প্ৰতিবন্ধে তাক,     বিশ্বকৰ্ম্মে নিৰ্ম্মিলন্ত,

সুবৰ্ণ মাণিক থানে থানে ।

চন্দ্ৰ আদিত্যতোহধিক,     আতিবিতোপনজ্বলে,

দেখিলন্ত বীৰ হনুমানে ॥৯

ওৱাৰি মধ্যত দিব্য,     থান থান দেখিলন্ত,

আতি বৰ বিস্তাৰ গহন ।

নিৰ্ম্মল কমল সব,     পৰিমল বৃক্ষচয়,

সুগন্ধিত বহয় পৱন ॥১২


১১ অধ্যায়


পদ ।

তৈতো খুজি লুৰি নপাই সীতাক হতাশ ।

ধৌলিৱৰে পশিলন্ত দ্বিতীয় কৈলাস ॥১

সুবৰ্ণৰ সূৰ্য্য দিন ৰজতৰ শশি ।

দিন ৰাতি নজানিয় ওৱাৰিত পশি ॥২

সুবৰ্ণৰ যত কাম মাণিকে টহক ।

ৰাতি দিন নজানয় জ্বলে ভক ভক ॥৩

নাগৰ ভবন লিখি আছে সমুদায় ।

হাসো হাসো কৰে যেন মাতিলে পৰাই ॥৪

বৈজয়ন্তী নামে আছে ইন্দ্ৰৰ ওৱাৰি ।

তাতো উপাধিক আক বুলিবাক পাৰি ॥৫

কান্তা মণ্ডপত সবে দেখিলা অশেষ ।

সুনিৰ্ম্মল জল তাত পুখুৰি বিশেষ ॥৬

সৰ্ব্বাঙ্গ দৰ্পণ থৈয়া আছে ঠাৱে ঠাৱে ।

কৌতূহলে লঙ্কানাথে চাহিৱাক পাৱে ॥৭

সহস্ৰ সংখ্যাত ঘোড়া অনেক লাখৰ ।

ৰাতি দিনে কছাই থাকে সোণাৰ পাখৰ ॥৮

ৰাউত সব সুশিক্ষিত ৰৈৱত পৰাই ।

হেন দেখি লম্ফ দিয়া গগনে উৰাই ॥৯

হস্তীসবক চায়া থাকয় সচকিতে ।

ভাৰ্গৱৰ সদৃশ মাহুত সসম্ভৃতে ॥১০

উত্তম সিন্দুৰে সুমণ্ডিত গণ্ডস্থলে ।

ঐৰাৱত হস্তীকো জিনিতে পাৰে বলে ॥১১

সৰ্ব্ব গাৱ সুমণ্ডিত শোভন গণ্ডস্থল ।

পৰ্ব্বত কন্দৰ যেন কপাল বহল ॥১২

তূণে কাণ্ড ভৰি সবে আছে ধনুৰ্দ্ধৰ ।

সচকিত থিত খাণ্ডাইত কোন্তকৰ ॥১৩

কতেক বৰ্ণাইবো তাৰ সৈন্যক অপাৰ ।

স্বৰ্গৰ দেৱক জিনি আছে বাৰে বাৰ ॥১৪

একেথানে আছে সাপে নেউলে ছাগে বাঘে ।

মূষকে চাচৰি কৰে বিড়ালৰ আগে ॥১৫

ঘোটকে মহিষে সিংহে গজে একে ঠাৱে ।

কাকো কেৱে নাঘালয় ৰাৱণ প্ৰভাৱে ॥১৬

হেন অদভূত যেবে হনুমন্তে দেখি ।

কতো দূৰে দেখিলন্ত বিদগ্ধ পখি ॥১৭

মনুষ্যৰ ৰাৱ কাঢ়ে সকল কালীক ।

ময়না ঘৰৱা ভাটৌ চুটীয়া শালিক ॥১৮

কতো কতো অন্তেপুৰে বড়ে ঢোণ্ডাকাক ।

সম্যকে ভষাবৈ যেন মনুষ্যৰ বাক ॥১৯

কন্যাসবে বচন শুনন্ত কৌতূহলে ।

সৰ্ব্বদায়ে ভুঞ্জাৱে পায়স মনুফলে ॥২০

সীতাক খোজন্ত বীৰে নিৰ্জ্জন থানত ।

একোৱে প্ৰকাৰে নপাই বিকল মনত ॥২১

চিন্তা কৰে হনুমন্ত বিকল স্বভাৱ ।

কতে দূৰে শুনিলন্ত আনন্দৰ ধাৱ ॥২২

কিঙ্কিনীৰ শবদ শুনি ৰিনি ৰিনি ।

সক্ষাততে লক্ষ্মী অৱতৰিলন্ত যেনি ॥২৩

পুষ্পক বিমান তিনি ত্ৰৈলোক্য প্ৰখ্যাত ।

ডেৱ দিয়া হনুমন্তে চড়িলন্ত তাত ॥২৪

পুষ্পকযে নাম সিটো উত্তম বিমান ।

তাত পৰে নাহি আন স্বৰ্গে দিব্যযান ॥২৫

পূৰব পছিম এক প্ৰহৰৰ পথ ।

উত্তৰে দক্ষিণে বিস্তাৰিত সেহিমত ॥২৬

তাহাৰ সমীপে আছে উত্তম ওৱাৰি ।

তাৰ গুণ বৰ্ণাইবাক প্ৰবন্ধেসে পাৰি ॥২৭

তাহাক বুলিয় চিত্ৰকূট বাসহৰ ।

ক্ৰীড়াৰ ভুবন থান মুখ্য ৰাৱণৰ ॥২৮

স্বৰ্গ মৰ্ত্ত পাতালৰ যতেক সুন্দৰী ।

সাৰ কৰা কৰি থৈল এক থান কৰি ॥২৯

হনুমন্তে খোজে দুই প্ৰহৰ নিশাত ।

দেখিলন্ত কন্যাগণ ৰত্নৰ শয্যাত ॥৩০

লঙ্কেশ্বৰে যাক যেন নিয়মিয়া থৈল ।

নৃত্য গীত কৰিয়া প্ৰয়াসে নিদ্ৰা গৈল ॥৩১

কতো নাৰী নৃত্য কৰি শুতিল ভাগৰে ।

হাতত কেন্দৰা পাৱে সোণাৰ ঘাগৰে ॥৩২

কামে নিদ্ৰা গৈলক মৃদঙ্গ ধৰি কোলে ।

স্বামী বুলি বুলি তাকে নিদ্ৰাত সম্ভোলে ॥৩৩

কৰো কতো সুন্দৰী শয্যাত নিদ্ৰা গৈলি ।

কালিনী খোপাৰ মাজে বিহৰিল বেণী ॥৩৪

কাহাৰো শয্যাত লুলে সাতেসৰি হাৰ ।

স্বৰ্গত যেহেন জিকিমিকি কৰে তাৰ ॥৩৫

বদন কমল যেন পূৰ্ণ শশীকলা ।

গান্থিবাৰ আছে যেন পঙ্কজৰ মালা ॥৩৬

আউৰৰ গাৱত আউৰে তুলিলেক ভৰি ।

কতোজনী অচেতন পাৱয় ঘোঙ্ঘৰি ॥৩৭

কতোজনী শুতিল কাহাকো কেৱে জড়ি ।

সিথানৰ হন্তে মাথা থাকিল বিহৰি ॥৩৮

বক্ৰভাৱে শুতিলেক ৰঞ্জাইত কটি ।

ভঙ্গিভাৱ কৰি যেন ৰঙ্গে নাচে নটি ॥৩৯

বীণা বাম কৰে ধৰি শুতিলা সুন্দৰী ।

কতোজনী শুতিল মৰুত কোলে ধৰি ॥৪০

কতোজনী নিদ্ৰা গৈল মৃদঙ্গ সাৱটি ।

স্বামী বুলি ধৰে তাক সাবটি সাবটি ॥৪১

ৰত্নৰ শয্যাত কেহো শুইল মহাসুখে ।

আগে পাছে দুই হাত পিঠি কৰি মুখে ॥৪২

হনুমন্তে বিচাৰি ফুৰন্ত সাৰি সাৰি ।

কন্যা সকলৰ সবে ৰূপক বিচাৰি ॥৪৩

তত্তুল্য সমান সবে ৰূপক আকলি ।

সবাতো কৰিয়া সীতা ৰূপত আগলী ॥৪৪

সীতা যেবে ৰূপে গুণে নোহন্ত অধিক ।

ৰাৱণ নৃপতি হৰি আনিবেক কিক ॥৪৫

কতো বেলি আছিলন্ত কৰি বিমৰিষ ।

মধ্য ওৱাৰিক কপি ধৰিলন্ত দিশ ॥৪৬

জয় ৰামচন্দ্ৰ দেৱ প্ৰভু মহেশ্বৰ ।

ৰঘুকুল কমল প্ৰকাশ দিনকৰ ॥৪৭

জন্মে জন্মে মোৰ তযু পদে ৰতি হৌক ।

বোলোঁ ৰাম ৰাম যত সভাসদ লোক ॥৪৮


১২ অধ্যায়


ছবি ।

ওৱাৰি মধ্যত দিব্য,    ভিণ্টি এক দেখিলন্ত,

সুবৰ্ণ মাণিক ৰত্ন কৰ্ম্মে ।

দিব্য কন্যা এক আছে,     ক্ৰীড়াৰভুনণীতাই,

শুইল গৈয়া পিন্ধি নেত ক্ষৌম্যে ॥১

অনেক সুন্দৰী সবে,     ৰাজাৰ গাৱত ধৰি,

শুতিলেক আতি মনৰঙ্গে ।

ডাঙ্গৰ বৃক্ষক যেন,     নানা ভাৱে বেঢ়ি আছে,

কোমল মাধবীলতা সঙ্গে ॥২
১৩ অধ্যায়


দুলৰি ।

একৈক সুন্দৰী,       ৰূপক দেখন্তে,

সূৰ্য্যেয়ো ৰথ নৰাই ।

আন দিশি চক্ষু,       বলাইতে নোৱাৰি,

একৈক কন্যাক চাই ॥১

হৰি হৰি কেনে,       প্ৰাণ ধৰি আছে,

আসম্বাৰ নিজ স্বামী ।

কতেক নৰক,       সঞ্চিলে পাপিষ্ঠে,

সাৱণায়ে অধোগামী ॥২

সুন্দৰী গণৰ,       অঙ্গ পৰশনে,

অধিক ঘুমটি চৰে ।

ঘোঙ্ঘৰি শবদ,       যেহেন শুনিয়,

নিসানত বাৰি পৰে ॥৩

কুৰি খন বাহু,       শয্যাত লুলেই,

বিপক্ষৰ হৰে দৰ্প ।

পাঞ্চ পাঞ্চ শিৰে,       যেহেন দেখিয়,

কুৰি গোটা কালসৰ্প ॥৪

যতেক যতেক,       প্ৰহাৰ কৰিল,

ঐৰাৱত দন্ত ঘাৱে ।

বামস বান্ধিয়া,       পালপি আছই,

ৰাৱণ ৰাজাৰ গাৱে ॥৫

ত্ৰৈলোক্য মোহিণী,       দিব্য কন্যাজনী,

কুণ্ডলে মণ্ডিত মৰ্ণ ।

উন্নত জঘণী,      গজেন্দ্ৰ গমনী,

নুহি সুবৰ্ণৰ বৰ্ণ ॥৬

বদন কমল,       আতি সুনিৰ্ম্মল,

উন্নত কঠিন তন ।

নাভি সুগভীৰ,       ত্ৰিৰলী বলীত,

উদৰ পীন জঘন ॥৭

উৰুযে যুগল,       সুবৰ্ণৰ তুল,

সাক্ষাতে ৰাম কদলী ।

ত্ৰৈলোক্য মোহিনী,       দিব্য কন্যাজনী,

সোণাৰ যেন পুতলী ॥৮

সোণাৰ আৰোহে,       ৰহি হনুমন্ত,

বীৰে ভাল মতে চাইল ।

ত্ৰৈলোক্য মোহিনী,       দিব্য কন্যাজনী,

মাৰুতিয়ে ভেট পাইল ॥৯

আতি ৰূপ গঢ়,       দেখি হনুমন্ত,

নামিলা তাহাৰ হন্তে ।

সিথানে পোথানে,       ফুৰি কুৰি বীৰে,

চাহিলন্ত ভাল মতে ॥১০

ৰাৱন ৰাজাৰ,       হৃদয়ে চাপিয়া,

ধৰিয়া আছয় গলে ।

কাল পৰ্ব্বতক,       বেঢ়ি যেন মতে,

বিজুলি আচাৰে জ্বলে ॥১১

আতি ৰূপৱতী,       দেখি হনুমন্তে,

বিস্ময় ভৈল অদ্ভুত ।

ইহান ৰূপেসে,       নিতে মূৰ্চ্ছা যান্ত,

দশৰথ নৃপসুত ॥১২

নমোঁ ৰঘুপতি,       অগতিৰ গতি,

তুমি দেৱ কৃপাময় ।

তোমাৰ চৰিত,       পৰম অমৃত,

মুকুতিকো বিড়ম্বয় ॥১৩

হেনয় তোমাৰ,       চৰণ পঙ্কজে,

নুগুছোক মোৰ মতি ।

সমস্ত সমাজে,       ডাকি ৰাম বোলোঁ,

পাপ যাউক অধোগতি ॥১৪