ৰামে বালীক বধ কৰে
ৰামায়ণ বৃত্তান্ত |
---|
|
- ১১ অধ্যায় ।
ৰামে বালীক বধ কৰে ।
- পদ ।
ৰাঘৱৰ বচনে সুগ্ৰীৱ ৰঙ্গ পাইলা ।
চৰণত ধৰি বীৰে প্ৰবোধ কৰাইলা ॥১
নাজানি গৰ্জ্জিলো দোষ ক্ষমা কৰা ৰঘুপতি ।
ইহ পৰলোকে প্ৰভু তুমি মোৰ গতি ॥২
মহাপাপী সবো তৰে নাম লইলে যাৰ ।
তাহাঙ্ক নিন্দিলো পাপ সঞ্চিলো অপাৰ ॥৩
অজ্ঞানীৰ দোষ ক্ষমিয়োক নাৰায়ণ ।
তোমাৰ অভয় পদে পশিলো শৰণ ॥৪
ঘাৱৰ বিগত মোৰ হৰিল চেতন ।
বুলিলোহোঁ ঈশ্বৰক গৰিহা বচন ॥৫
সহজে বানৰ জাতি তৰস সদাই ।
তুমি কৃপাময় তাক ক্ষমিবে যুৱাই ॥৬
শুনিয়া ৰাঘৱে তাঙ্ক আশ্বাস কৰিলা ।
দিন তিনি চাৰি মানে ঘাৱ পালম্পিলা ॥৭
সুগ্ৰীৱে ৰামৰ মালা শিৰত ধৰিলা ।
প্ৰদক্ষিণে ৰাঘৱক প্ৰণাম কৰিলা ॥৮
জয় বাঞ্চা কৰি সুমঙ্গল আচৰিলা ।
বালী ৰাইক ধাৱে শুভ সমৰে পশিলা ॥৯
সুগ্ৰীৱ লক্ষ্মণ ৰাম সহিতে চলন্ত ।
পাচে যান্ত নল নীল আৰ হনুমন্ত ॥১০
বুলিলা ৰাঘৱে সুগ্ৰীৱক দিয়া ডাক ।
মাৰোঁ অবিলম্বে মিত্ৰ চিনায়ো আমাক ॥১১
এহি বুলি ধনু ধৰি শ্ৰীৰাম লক্ষ্মণে ।
সাৱধানে থাকিলন্ত কিষ্কিন্ধাৰ বনে ॥১২
সুগ্ৰীৱ গৰ্জ্জন্ত গৈয়া দুৱাৰত বসি ।
কি কৰস বালী ৰাজা গহ্বৰত পশি ॥১৩
নিচিন্তি আছহ দাদা বাৰ্ত্তাক নপাইলা ।
তোমাৰ কনিষ্ঠ ভাই কাল হুয়া আইলা ॥১৪
সত্য কৰি জানা দাদ বচন আমাৰ ।
পৰিছেদা কৰি দেখাঁ পুত্ৰ পৰিবাৰ ॥১৫
পটেশ্বৰী লোক দেখাঁ আৰো যত তিৰী ।
আজি ধৰি তোমাৰ খণ্ডাইবোঁ ৰাজ শীৰি ॥১৬
সুগ্ৰীৱৰ নাদ শুনি বালীৰাইৰ কোপ ।
আজি তোক মাৰোঁ বুলি কৰয় আটোপ ॥১৭
ত্বৰিতে বজাইল বীৰে আৰ্ত্তনাদ কৰি ।
আগ বাঢ়ি বিনাৱন্ত তাৰা পটেশ্বৰী ॥১৮
- ১২ অধ্যায়
- ছবি ।
টীকৰ সুস্বামী মোৰ, বলৱন্ত প্ৰাণেশ্বৰ,
- বানৰ কুলত নিজ নাহা ।
মানিকৰ দণ্ডপাট, পৰিহৰি প্ৰভু দেৱ,
- কি কাৰণে সমৰক যাহা ॥১
প্ৰাণতো অধিক মোৰ, অঙ্গদ কুমাৰ আছে,
- মই আছো শান্তী পটেশ্বৰী ।
ইন্দ্ৰৰ পুৰীতোধিক, প্ৰকাশ কৰন্তে আছে,
- দেখা ইটো কিষ্কিন্ধা নগৰী ॥২
আপোনাৰ বাহুবলে, বৈৰ সব জিনিলাহা,
- বৰ যশ ৰাশি তুমি পাইলা ।
সুদুৰ্জ্জয় ৰাৱণক, কাখত ঢিপিয়া লইয়া,
- চাৰিয়ো সাগৰ ফুৰি আইলা ॥৩
সাত পৃথিৱীত যত, ভালুক বানৰ আছে,
- তোমাৰ চৰণে কৰে সেৱ ।
কোননো অশক্য কাৰ্য্য, সাধিবাহা সম্প্ৰতিক,
- সমৰক যাহা প্ৰভুদেৱ ॥৪
স্বপনৰ কথা কহোঁ, শুনিয়োক প্ৰভু তযু,
- হৃদয়ত লাগি গৈল মাটি ।
ওপৰক হইয়া গোড়, তোহাৰ শৰীৰ গোট,
- সমূলে পশিল মাটি ফাটি ॥৫
সিংহাসনে বসি ৰঙ্গে, সুগ্ৰীৱ দেৱৰে মোৰ,
- তিনি কোনা ইটা গোট গিলে ।
হেনয় স্বপন জানা, যাকে যাকে দেখিৱয়,
- তাতে গৈয়া ৰাজশ্ৰী মিলে ॥৬
বালী বোলে শুন ওৰে, পটেশ্বৰী তাৰা মোৰ,
- যুগুত বচন হলি সহি ।
হেন কি জানহ তই, পৃথিৱী মণ্ডল মাজে,
- বালীক জিনন্তা আছে কহি ॥৭
উদয় গিৰিক লাগি, হিমালয় পৰ্ব্বতক,
- নিবাক আছয় মোৰ শক্য ।
মোৰ সমৰক লাগি, আহ্বান কৰন্তে আছে,
- সুগ্ৰীৱ কমন বীৰ বখ ॥৮
মোৰ প্ৰাণ গোট বান্ধৈ, তাতে নিয়া আৰোপিয়া,
- সুগ্ৰীৱক বাঢ়ি দিব ৰণ ।
সমৰ ভূমিত গৈয়া, সুগ্ৰীৱক ৰণে জিনি,
- পালটি আসিবো এতিক্ষণ ॥৯
স্বপনৰ কথা যত, কহিলাহা প্ৰাণজায়া,
- জানিবা সকলে আল জাল ।
বাধা বচনক তুমি, নুবুলিবা পটেশ্বৰী,
- ঝাণ্টে চলি যাওঁ যুদ্ধ শাল ॥১০
তাৰা বোলে প্ৰাণেশ্বৰ, টীকৰ সুস্বামী মোৰ,
- আৱৰ কাহিনী কহোঁ শুনাঁ ।
ডাহিনৰ চক্ষু মোৰ, সঘনে সঘনে ফুৰে,
- আক হৃদয়ত ভালে গুনাঁ ॥১১
দিন তিনি চাৰি ভৈল, সুগ্ৰীৱ দেৱৰে মোৰ,
- তোমাত সমৰ হাৰি গৈল ।
হেন জানা বিনা সাহে, দুৱাৰত বসি আসি,
- পুনৰপি গৰ্জ্জিবাক লৈল ॥১২
আৱৰ কাহিনী কহোঁ, শুনিয়োক প্ৰাণনাথ,
- কাৰ্য্য বৰ ভৈগৈল বিচিত্ৰ ।
ৰিপু কুল বিমৰ্দ্দন, ৰঘুকুল শিৰোমণি,
- ৰাম ভৈলা সুগ্ৰীৱৰ মিত্ৰ ॥১৩
আছোক পৃথিৱী খণ্ড, স্বৰ্গ সাত পাতালৰ,
- জিনিতে পাৰয় দেৱাসুৰ ।
জানিবা স্বৰূপে, তোমাৰ কনিষ্ঠ ভাই,
- তেহে ৰাম ভৈলা পখাপুৰ ॥১৪
ৰাঘৱে সহিতে প্ৰভু, বিবাদক নুযুৱাই,
- শুনিয়োক বোলো হিত কায ।
আপোনাৰ কনিষ্ঠক, সুগ্ৰীৱ বীৰক আনি,
- সত্বৰে পাতিয়ো যুবৰাজ ॥১৫
সোদৰ কনিষ্ঠ ভাই, তাহান মুখক চাই,
- দোষচয় ক্ষমিয়োক সৰ্ব্ব ।
তোমাতেসে দান মান, ঠেস ৰোষ নকৰিব,
- তাহাননো কাত আছে গৰ্ব্ব ॥১৬
কিষ্কিন্ধা নগৰ মাজে, ভালমতে জানিলেক,
- বালী ৰাজা সুগ্ৰীৱ বীৰক ।
ৰাজাৰ নিদানে আনো, সৰ্ব্বলোক সুখে আছে,
- আক প্ৰভু নজানা কিসক ॥১৭
মাধৱ কন্দলি ভনে, শুনিয়োক সৰ্ব্বজনে,
- ৰামৰ চৰিত্ৰ কথা সাৰ ।
শুনন্তে অমৃত সম, পাপৰ সাক্ষাত যম,
- জানি ৰাম বোলাঁ বাৰে বাৰ ॥১৮
- ১১ অধ্যায়
- পদ ।
বালী বোলে শুনাঁ ওৰে পটেশ্বৰী তাৰা ।
ৰূপে গুণে বিতোপনী সংসাৰতে সাৰা ॥১
জানি আছোঁ ৰাম দশৰথৰ তনয় ।
তাঙ্ক লাগি কিছু মোৰ ভয় নজন্ময় ॥২
সাগৰ শুকান্ত ৰামে এক পাত শৰে ।
দেৱক খেদন্ত পশি স্বৰ্গৰ ভিতৰে ॥৩
উপাৰিবে পাৰা সাতো দ্বীপা পৃথিৱীক ।
তেহো ৰামে কি কৰিব দুৰ্জ্জয় বালীক ॥৪
স্ত্ৰী বৈৰী পিতৃ বৈৰী সীমাবৈৰী নোহোঁ ।
ৰাজ্যৰ নিমিত্তে আমি দুই ভাই যুজুহোঁ ॥৫
কোন আপৰাধে ৰামে বধিবা আমাক ।
বাহুৰিয়া প্ৰাণেশ্বৰী ঘৰে বসি থাক ॥৬
তথাপি বালীক তাৰা বুজাই বুলিলন্ত ।
ভকতৰ পদে ৰামে অন্যায় কৰন্ত ॥৭
ভকত বত্সল গুণ এতেকে ৰামৰ ।
সুগ্ৰীৱ ভকতি তান্তে কৰে নিৰন্তৰ ॥৮
এতেকে সংশয় প্ৰভু দেখোহোঁ মনত ।
ক্ৰোধে বালী বোলে মোক বুজাৱস কত ॥৯
নিচুকিয়া থাক কিছু নুবুজস কায ।
এহি বুলি চলিলা যুদ্ধক হুয়া সাজ ॥১০
প্ৰবোধিলা যেৱে বালী পৌৰুষ বচনে ।
পালটি বসিলা তাৰা অসন্তোষ মনে ॥১১
বাধাক নুশুনি বালী সমৰক যাই ।
মাথাৰ উপৰে কাক শগুণ বৰ্ণাই ॥১২
বাম পাশে সৰ্প যাই ডাহিনে শৃগাল ।
কাক গৃধ পাখীৰ আকাশে কোলাহল ॥১৩
চণ্ডবায়ু বহে খোলা খাপৰৰ জাক ।
কিষ্কিন্ধাত ৰুধিৰে বৰিষে জাকে জাক ॥১৪
হাঞ্চি জেঠি নমানিয়া ৰণক গমন ।
বালী সুগ্ৰীৱৰ দুইৰ ভৈল দৰিশন ॥১৫
দুইকো দুই তৰ্জ্জিয়া গৰ্জ্জিয়া পাৰে গালি ।
লাগি গৈল সমৰ সুগ্ৰীৱ বীৰ বালী ॥১৬
বজ্ৰৰ সদৃশ দুইয়ো হানন্ত চৱৰে ।
লাঠি হানি প্ৰহাৰে নিৰ্ঘাত যেন পৰে ॥১৭
বৃক্ষে বৃক্ষে হানিলন্ত শিখৰে শিখৰে ।
কিল ভুকু চৱৰে মাৰন্ত নিৰন্তৰে ॥১৮
অদভুত সমৰ কৰন্ত দুই ভাই ।
আকাশত দেৱগণে আছে যুদ্ধ চাই ॥১৯
ধনুত জুৰিয়া শৰ ৰামে সাৱধানে ।
দুই হানো সমৰ চাই আছা বিদ্যমানে ॥২০
দুইয়ো বীৰে আটোপে ধৰিলা কোলে কোলে ।
পৃথিৱী কম্পিয়া গৈল দুইহানো আন্দোলে ॥২১
গম্ভীৰত মেৰু যেন গহীনে সাগৰ ।
যেন মেৰু মন্দৰ যুজন্ত একতৰ ॥২২
হৰি শঙ্কৰৰ যেন মিলিল সমৰ ।
গ্ৰহ যুদ্ধ ভৈল যেন মঙ্গল বুধৰ ॥২৩
বলি বাসৱৰ যেন লাগিল সমৰ ।
বালী সুগ্ৰীৱৰ যুদ্ধ সেহি পটন্তৰ ॥২৪
বালী বোলে শুনি ওৰে সুগ্ৰীৱ দুন্দুৰ ।
মুষ্টিৰ প্ৰহাৰে তোক নিবো যমপুৰ ॥২৫
কুম্ভস্থলে মুঠি হানি লৱৰিয়া তানে ।
পৰি মূৰ্চ্ছা গৈল বীৰ নমৰিল প্ৰাণে ॥২৬
পাচে কতোক্ষণে তান আসি ভৈল জীৱ ।
ভয়ঙ্কৰ শাল বৃক্ষ হানিলা সুগ্ৰীৱ ॥২৭
হৃদয়ত পৰি বীৰ বালী মূৰ্চ্ছা গৈলা ।
কতোক্ষণে অনন্তৰে সন্ধুক্ষণ ভৈলা ॥২৮
ৰামচন্দ্ৰে দেখন্ত আসজ ভৈলা বৰে ।
সুগ্ৰীৱ ঘাতন্ত বালী ৰাইৰ বল চৰে ॥২৯
নিচিনি নমাৰি পূৰ্ব্বে আযশক পাইলোঁ ।
মাৰোঁ বুলি শপত কৰিয়া পুনু আইলোঁ ॥৩০
আবে কেনে চাহি আছোঁ দেখিয়া আগত ।
নাহি দোষ ভকত দ্ৰোহীক কৰোঁ হত ॥৩১
এহি বুলি শৰপাট গুণে চৰাইলন্ত ।
বালীৰ হিয়াত লক্ষে হানি পঠাইলন্ত ॥৩২
বিম্বাদ শবদে শৰ চলে আকাশত ।
সন্ধানে পৰিল বালী ৰাইৰ হৃদয়ত ॥৩৩
ক্ৰৌঞ্চ পৰ্ব্বতক যেন ভেদিল কুমাৰে ।
হিয়াত পৰিয়া শৰ ভৈল পশি আৰে ॥৩৪
হা মৰিলোঁহোঁ বুলি পৰি গৈল বালী ।
পৃথিবীক শৰীৰকে শৰে থৈলা শালি ॥৩৫
সাধিলোঁহোঁ সুগ্ৰীৱ মিত্ৰৰ যত কায ।
এহি বুলি ৰাঘৱ বনৰ ভৈলা বাজ ॥৩৬