দশৰথৰ বিবাহ - কৌশল্যা
অৱয়ব
ৰামায়ণ বৃত্তান্ত |
---|
|
৭ম অধ্যায়
দশৰথৰ বিবাহঃকৌশল্যা
কোশল ৰাজাৰ ঝিউ কৌশল্যা সুন্দৰী ।
ত্ৰৈলোক্যত যাক ৰূপে নাহি পটন্তৰি ॥১
সৰ্ব্ব গুণে আনন্দিতা আতি মহা সতী ।
তাঙ্ক বিহা কৰিলন্ত প্ৰথমে নৃপতি ॥২
দশৰথ ৰাজাৰ যতেক গুণ সাৰ ।
তাহান্তো অধিক কিছু আছে কৌশল্যাৰ ॥৩
মহা সৌভাগিনী কন্যা পায়া দশৰথ ।
ভৈলন্ত আনন্দে পৰিপূৰ্ণ মনোৰথ ॥৪
কৌশল্যা সমান শান্তী নাহি ত্ৰিভূবনে ।
নৃপতিক সুশ্ৰূষা কৰন্ত সৰ্ব্বক্ষণে ॥৫
ভাৰ্য্যায়ে সহিতে অজ নৃপতিৰ সুত ।
ৰত্নময় মন্দিৰত ক্ৰিড়িলা বহুত ॥৬