সিংহাসনত খৰম স্থাপন
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৪১ অধ্যায়
সিংহাসনত খৰম স্থাপন
- দুলৰি ।
প্ৰভাতে উঠিয়া, নিত্য সমাপিয়া,
- মিলিলা পাত্ৰ সমাজ ।
মধুৰ বচনে, সম্বুধি সবাকে,
- ভৰতে বুলিলা কায ॥১
ৰামৰ মন্দিৰ, শূন্য দেখি মোৰ,
- শোক নোহে উপশাম ।
অযোধ্যা নগৰী, পৰিহৰি মই,
- চলি যাইবো নন্দিগ্ৰাম ॥২
সেহি নন্দিগ্ৰামে, থিত হুয়া কিছু,
- জুৰাইবোঁ শোক ৰামৰ ।
সবে ৰাজকায, সাধিবোঁ তথাতে,
- আজ্ঞা পালি ৰাঘৱৰ ॥৩
হেন শুনি পাচে, যত পাত্ৰ মন্ত্ৰী,
- হৰিষ কৰিল মনে ।
নন্দিগ্ৰাম প্ৰতি, চলিবাক সবে,
- সাজিলন্ত তেতিক্ষণে ॥৪
কৌশল্যা প্ৰমুথ্যে, মাতৃক প্ৰবোধি,
- অযোধ্যাপুৰত থৈলা ।
প্ৰদক্ষিণ কৰি, প্ৰণামি সবাকে,
- শিৰে ধৰি তুলি লৈলা ॥৫
শত্ৰুঘন ভাতৃ, সহিতে ভৰত,
- ৰথত গৈয়া চৰিলা ।
বশিষ্ঠ প্ৰমুখ্যেস যত গুৰুগণ,
- আগত সবে লৰিলা ॥৬
সবাৰে আগত, ভৰত লৰিলা,
- পাচে যান্ত শত্ৰুঘন ।
পাত্ৰ মন্ত্ৰী যত, সবহি লৰিল,
- আনন্দিত কৰি মন ॥৭
সমদলে শীঘ্ৰ, বেগে নন্দিগ্ৰাম,
- কতো বেলি গৈয়া পাইল ।
ৰথৰ নামিয়া, পাচে পানৈজুৰি,
- ভৰতে মাথে চৰাইল ॥৮
ভৰতে বোলন্ত, ৰাম ভৈল সিংহ,
- আমি ভৈলোঁ যেন শশ ।
প্ৰাণ দাদা মোৰ, ভৈলন্ত গৰুড়়,
- তান আগে আমি যশ ॥৯
ৰাম দাদা ভৈল, প্ৰফুল্ল পঙ্কজ,
- আমি ভৈলোঁ তাত ভৃঙ্গ ।
মই ভৈলোঁ যেন, ক্ষুদ্ৰ সৰিসৃপ,
- দাদা তৈল মেৰুশৃঙ্গ ॥১০
প্ৰভু ৰাঘৱৰ, মই সে সেৱক,
- তান পদ মনে ধৰি ।
সত্য সত্য মই, আদেশ তাহান,
- পালিবোহোঁ নিষ্ঠ কৰি ॥১১
চৌধয় বৰিষ, মোৰ প্ৰভুৰাম,
- যাৱে থাকে বন মাজ ।
তাহান পাদুকা, শিৰে ধৰি মই,
- চৰ্চ্চিবোহোঁ তাৱে ৰাজ ॥১২
বশিষ্ঠ প্ৰমুখ্যে, যত পুৰোহিত,
- পঢ়িলন্ত সুমঙ্গল ।
ধৱল ছত্ৰেক, ভৰতে ধৰিল,
- প্ৰজা কৰে কৌতূহল ॥১৩
পানৈজুৰি নিয়া, পাটত বৈসায়া,
- তাঙ্কে ৰাজ্য ভাৰ দিল ।
জয় জয় ৰাম, বুলি প্ৰজা সবে,
- আনন্দ আতি কৰিল ॥১৪
ঢোল ঢাক শঙ্খ, বাজয় অসংখ্য,
- ঝমকে বাজে মাদল ।
উটত নিশান, অনেক বিশাল,
- ঘোড়াত বাজে তৰল ॥১৫
বেমুচি,খুমচি, ডিণ্ডি মদ্গৰ,
- বাজে ভাণ্ডি কাংশতাল ।
মুহুৰী দোশৰি, ঝড় ঝড়ী ভেৰী,
- শবদৰ কোলাহল ॥১৬
অনন্তৰে শত্ৰু- ঘন কুমাৰক,
- অযোধ্যাক লাগি পঠাইল ।
ভৰতে তহিতে, পাত্ৰ সমন্বিতে,
- যত ৰাজ কাৰ্য্য চাইল ॥১৭
অন্যায় তেজিয়া, সমুচিতে যত,
- ধন উপাৰ্জ্জন ভৈল ।
হুয়া অৱনত, পানৈৰ আগত,
- সমস্তে তাক যোগাইল ॥১৮
সততে ৰামৰ, ভক্তি ততপৰ,
- ভৰতএ সুবিনীত ।
ৰাজকায নিত, কৰি সমুচিত,
- নন্দিগ্ৰামে ভৈল থিত ॥১৯
যত শিষ্ট শান্ত, জন পালিলন্ত,
- দুষ্টক দণ্ডি সৰ্ব্বথা ।
এহি মানে আৰে, ভৈলা সমাপতি,
- অযোধ্যাকাণ্ডৰ কথা ॥২০
অযোধ্যা নগৰে, দশৰথ গৃহে,
শ্ৰীৰাম অৱতাৰ ।
ৰূপে গুণে মানে, দানে ত্ৰিভুবনে,
সমান নাহিকে যাৰ ॥২১
সনত কুমাৰ, আদি যোগেশ্বৰ,
নজানে যাৰ ৰহস্য ।
যিটো কোটি কোটি, ব্ৰহ্মাণ্ডৰ পতি,
তেন্তো ভকতিত বশ্য ॥২২
সকল নিগম, গণে কহি যাৰ,
গুণৰ নপাৱে অন্ত ।
ব্ৰহ্মা হৰপুৰ- ন্দৰ আদিদেৱ,
যাহাৰ পদ সেৱন্ত ॥২৩
অনন্ত শকতি- ধৰ মহেশ্বৰ,
যিটোদেৱ ভগৱন্ত ।
ভকতিত বশ্য, হুয়া ভকতৰ,
তেবেন্তো আজ্ঞা পালন্ত ॥২৪
পিতৃৰ সত্যক, পালিয়া বনক,
গৈলা ভ্ৰাতৃ ভাৰ্য্যা সঙ্গে ।
মাধৱ কন্দলী, ভনিলন্ত ৰাম,
ৰহিলা বনত ৰঙ্গে ॥২৫
ভকত জনৰ, মনক পূৰণ,
কৰন্ত ৰামে নিশ্চয় ।
হেনয় পৰম, কৃপালু দেৱতা,
আৱৰ কোন আছয় ॥২৬
হেন মহেশ্বৰ, প্ৰভু ৰাঘৱৰ,
কৃপালু গুণক জানি ।
ৰামৰ চৰণ, পঙ্কজক মাত্ৰ,
ভজিয়োক সবে প্ৰাণী ॥২৭
শুনা নিৰন্তৰ, দুৰ্জ্জন জনৰ,
নকৰিবা জানি সঙ্গ ।
একেজনী দুষ্টা, কুজীৰ নিমিত্তে,
ঈশ্বৰৰো ছত্ৰ ভঙ্গ ॥২৮
অযোধ্যা নগৰে, আছে যত জন,
ৰামত সবে ভকত ।
মন্থৰাত হন্তে, পাইলা যত দুখ,
কহিবে কোনে শকত ॥২৯
হেন নিষ্ঠ জানি, দুঃসঙ্গ তেজিয়া,
লৈয়ো সঙ্গ মহন্তৰ ।
তেসম্বে সহিতি, বসি এক প্ৰীতি,
শুনিয়ো কথা ৰামৰ ॥৩০
সকলে শাস্ত্ৰৰ, এহি তাতপৰ্য্য,
জানিয়া তেজিয়ো হেলা ।
অথিৰ জীৱন, যাই কেতিক্ষণ,
অপেক্ষাৰো আৰো বেলা ॥৩১
কলিৰ সম্প্ৰতি, নাহি আন গতি,
বিনে মাধৱৰ নাম ।
মাধৱ কন্দলী, কহে নিৰন্তৰে,
ডাকি বোলা ৰাম ৰাম ॥৩২