ৰামৰ আগত সীতাৰ উপস্থিতি

ৱিকিউৎসৰ পৰা
ৰামায়ণ বৃত্তান্ত
  1. আদিকাণ্ড - প্ৰথম অধ্যায়
  2. ৰামায়ণ বৃত্তান্ত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২
  3. ৰাক্ষসৰ কথা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯
  4. সূৰ্যবংশৰ বিৱৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০
  5. দশৰথৰ বিবাহ - কৌশল্যা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২
  6. দশৰথৰ বিবাহ - কৈকেয়ী - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২
  7. দশৰথৰ বিবাহ - সুমিত্ৰা আৰু অন্যান্য ৰাণী - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫
  8. শনিৰ দৃষ্টি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭
  9. শনিৰ বৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০
  10. সিন্ধু মুনি বধ আৰু অভিশাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২
  11. দশৰথৰ বৰ : কৈকেয়ীক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৬
  12. অপুত্ৰক দশৰথৰ চিন্তা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭
  13. ঋষ্যশৃঙ্গৰ কাহিনী - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮
  14. ঋষ্যশৃঙ্গৰ উপস্থিতিত যজ্ঞ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২
  15. দশৰথৰ গৃহত নাৰায়ণৰ অংশৰ স্থিত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৪
  16. পায়স ভক্ষণ আৰু সন্তান জন্ম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪০
  17. জনকৰ ঘৰত সীতাৰ জন্ম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৬
  18. গুহক চণ্ডাল - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৭
  19. ৰাক্ষস বধৰ উদ্দেশ্যে ৰাম - লক্ষণৰ আনয়ন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫০
  20. ৰাম - লক্ষণ আৰু বিশ্বামিত্ৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫২
  21. তাৰকা ৰাক্ষসীক বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫৪
  22. মাৰীচ বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫৬
  23. সীতা স্বয়ম্বৰলৈ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫৮
  24. কান্যকুজ্বৰ বিৱৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬৩
  25. উনপঞ্চাশত বায়ুৰ উত্পত্তি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬৪
  26. অহল্যাৰ শাপ - মুক্তি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬৫
  27. ৰামৰ হৰধনু ভঙ্গ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৭০
  28. স্বয়ম্বৰত যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৭৫
  29. দশৰথক আনিবলৈ কটকী প্ৰেৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৮০
  30. চাৰি ভাইৰ বিবাহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৮২
  31. ৰাম - পৰশুৰাম সংঘৰ্ষ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৮৫
  32. অযোধ্যাকাণ্ড - দ্বিতীয় অধ্যায়
  33. ৰামচন্দ্ৰৰ অযোধ্যালৈ আগমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯২
  34. ৰামচন্দ্ৰক যুৱৰাজ পতাৰ প্ৰস্তাৱ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৩
  35. ৰামচন্দ্ৰৰ অভিষেকৰ আয়োজন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৪
  36. মন্থৰাৰ কুমন্ত্ৰণা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৬
  37. কৈকেয়ীয়ে বৰ বিচাৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৭
  38. দশৰথৰ মনত দুখ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯০২
  39. কৈকেয়ীয়ে ৰামক বৰৰ কথা কয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০৪
  40. ৰাম বনলৈ যাবলৈ ওলায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০৪
  41. লক্ষণৰ ক্ৰোধ আৰু ৰামৰ প্ৰবোধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০৬
  42. বনবাসৰ কথা সীতাক জনায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১০
  43. লক্ষণো বনলৈ ওলায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৪
  44. ৰামচন্দ্ৰৰ বিদায় - প্ৰাৰ্থনা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৫
  45. ৰামচন্দ্ৰৰ বাকলি বস্ত্ৰ পৰিধাণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৭
  46. ৰাম - লক্ষণ - সীতাৰ বনবাস গমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৯
  47. ৰামচন্দ্ৰই প্ৰজাক শান্ত্বনা দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২২
  48. ৰামচন্দ্ৰ - গুহক সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২৩
  49. মন্ত্ৰী সুনম্তক বিদায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২৪
  50. ভৰদ্বাজ মুনিৰ আশ্ৰমত প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২৫
  51. দশৰথৰ মৃত্যু -গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩১
  52. ৰাণীসকলৰ বিলাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৩
  53. কৌশল্যাই কৈকেয়ীক ভৰ্ত্সনা কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৪
  54. ভৰতক মতাই আনে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৫
  55. ভৰতৰ খং - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৭
  56. কুঁজীৰ বিলাই - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৯
  57. কৌশল্যা আৰু ভৰতৰ কথা-বতৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪০
  58. দশৰথ ৰজাৰ প্ৰেতকাৰ্য্য - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪১
  59. ৰামক মাতি আনিবলৈ দিহা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৩
  60. ৰামক বিচাৰি ভৰতৰ যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৪
  61. ভৰত-গুহৰ মিলন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৬
  62. গুহকৰ সাহায্য দান - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৯
  63. ভৰদ্বাজ মুনিৰ অতিথি সত্কাৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫০
  64. চিত্ৰকূটত ৰাম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫১
  65. ভৰতে ৰামক লগ পায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৩
  66. দশৰথৰ মৃত্যুৰ বাতৰিত শোক-প্ৰকাশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৩
  67. ৰামৰ পিণ্ড দান - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৫
  68. ঋষি আৰু মাতৃসকলৰ লগত ৰামৰ সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৫
  69. ৰামৰ খৰম লৈ ভৰতৰ প্ৰত্যাগমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৭
  70. সিংহাসনত খৰম স্থাপন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৮
  71. অৰণ্যকাণ্ড - তৃতীয় অধ্যায়
  72. অত্ৰি ঋষিৰ আশ্ৰমত ৰাম সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৯
  73. দণ্ডকাৰণ্যত ৰামৰ প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৪
  74. ৰামচন্দ্ৰ - সীতাৰ কথোপকথন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৭
  75. ৰামৰ আগত মাণ্ডকৰ্ণি মুনিৰ বৃত্তান্ত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৯
  76. অগস্ত্য মুনিৰ আশ্ৰমত প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৯
  77. জটায়ুৰ লগত সাক্ষাত্ আৰু শূৰ্পনখাৰ নাক - কাণ ছেদন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭১
  78. ৰাক্ষসৰ লগত যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭৫
  79. খৰ দুষণ বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭৬
  80. মাৰীচৰ মৃগৰূপ ধাৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৮৭
  81. ৰাৱণৰ তপস্বী বেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৮৭
  82. সীতাৰ আগত ৰাৱণৰ আত্ম পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯১
  83. ৰাৱণৰ গৰ্ব - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৪
  84. ৰাৱণে সীতাক হৰণ কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৫
  85. ৰামক মাৰিবলৈ ৰাক্ষস নিয়োগ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৮
  86. সীতাই ৰাৱণক অভিশাপ দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৯
  87. সীতাই ৰাৱণক ৰ্ভতসনা কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০০
  88. সীতাক বিচাৰি নেপাই ৰামৰ আক্ষেপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০২
  89. জটায়ুৱে সীতাৰ বাতৰি দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৩
  90. কৱদ্ধৰ লগত সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৫
  91. চম্পা সৰোবৰত ৰাম-লক্ষণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৬
  92. কিষ্কিন্ধ্যাকাণ্ড - চতুৰ্থ অধ্যায়
  93. ৰামৰ লগত সুগ্ৰীৱৰ মিত্ৰতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৯
  94. ৰামৰ আগত সীতাৰ অলঙ্কাৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১০
  95. বালী বধৰ আয়োজন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১০
  96. বালী - সুগ্ৰীৱৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১৪
  97. ৰামে বালীক বধ কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১৮
  98. বালীয়ে ৰামক তিৰস্কাৰ কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২১
  99. বালীৰ ভাৰ্য্যা তাৰাৰ বিলাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৩
  100. তাৰাৰ অভিশাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৪
  101. সুগ্ৰীৱৰ অভিষেক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৭
  102. সুগ্ৰীৱৰ প্ৰতি ৰামৰ সন্দেহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৮
  103. সুগ্ৰীৱৰ সৈন্য সংগ্ৰহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩২
  104. সসৈন্যে সুগ্ৰীৱ উপস্থিত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৩
  105. বালীপুত্ৰ অঙ্গদৰ দ্ধাৰা ৰাক্ষস বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৬
  106. বানৰ সৈন্যৰ স্বয়ংপ্ৰভা সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৭
  107. বানৰ সৈন্যৰ সমাবেশ : সাগৰ দৰ্শন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৮
  108. জটায়ুৰ মৃত্যুত সম্পাতিৰ শোক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪১
  109. সুপাৰ্শ্বই ৰাৱণ আৰু সীতাক দেখে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৩
  110. সুন্দৰাকাণ্ড - পঞ্চম অধ্যায়
  111. সাগৰৰ পাৰত বানৰ সৈন্যৰ মন্ত্ৰণা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৬
  112. হনুমন্তৰ পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৭
  113. হনুমন্তৰ লঙ্কা যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৯
  114. লঙ্কাৰ বিৱৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫১
  115. হনুমন্তই সীতাক বিচাৰি পায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৬
  116. ৰাৱণৰ কক্ষত সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৫৮
  117. সীতা আৰু হনুমন্তৰ কথোপকথন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৬৩
  118. হনুমন্ত আৰু ৰাক্ষসৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৬৯
  119. হনুমন্ত আৰু জম্বুমালীৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭০
  120. হনুমন্ত আৰু বিৰুপাক্ষৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭১
  121. হনুমন্ত আৰু অক্ষকুমাৰৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭২
  122. ইন্দ্ৰজিত আৰু হনুমন্তৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭৩
  123. হনুমন্তৰ নেজত জুই আৰু লঙ্কা দাহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭৭
  124. হনুমন্তৰ প্ৰত্যাগমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮০
  125. বানৰ সৈন্যই মধুফল খায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৪
  126. হনুমন্তই ৰামক সীতাৰ বাতৰি দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৫
  127. ৰাম-লক্ষণৰ লঙ্কা যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৭
  128. ৰাৱণক বিভীষণৰ সজ উপদেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৯
  129. ৰাৱণৰ কুমন্ত্ৰণা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৯০
  130. বিভীষণক ৰাৱণৰ পদাঘাত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৯২
  131. লঙ্কাকাণ্ড - ষষ্ঠ অধ্যায়
  132. ৰামৰ সৈন্যবল সম্পৰ্কে জানিবলৈ ৰাৱণৰ আগ্ৰহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৯৮
  133. ৰাৱণৰ ছলনা আৰু সীতাৰ বেজাৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩০৩
  134. ৰাৱণক সজউপদেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩০৬
  135. সুবেল পৰ্বতত ৰাম-লক্ষণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩০৮
  136. ৰাম-লক্ষণৰ নাগপাশ মোচন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩১২
  137. ধুম্ৰাক্ষৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬২১
  138. সেনাপতি ব্ৰজদ্ৰংষ্ট - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৩
  139. প্ৰহস্তৰ যুদ্ধযাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৫
  140. অনেক ৰাক্ষসৰ যুদ্ধ আৰু পতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৭
  141. ৰাৱণৰ যুদ্ধ যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৮
  142. লক্ষণৰ হাতত ৰাৱণৰ পৰাজয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৯
  143. কুম্ভকৰ্ণৰ যুদ্ধ - যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৩৫
  144. কুম্ভকৰ্ণৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৩৮
  145. ৰাম-লক্ষণৰ হাতত কুম্ভকৰ্ণৰ পতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৪৩
  146. অতিকায় ৰাক্ষসৰ যুদ্ধ আৰু পতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৪৬
  147. ইন্দ্ৰজিতৰ যুদ্ধ : ৰাম-লক্ষণ অচেতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫১
  148. হনুমন্তই ঔষধ আনি জীৱন দান দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৩
  149. বানৰ সৈন্যৰ আক্ৰমণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৪
  150. কুম্ভ নিকুম্ভৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৬
  151. ইন্দ্ৰজিতৰ পুনৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৯
  152. ৰামক বিভীষণৰ প্ৰবোধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৬২
  153. ইন্দ্ৰজিত বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৬৫
  154. ৰাৱণৰ ক্ৰোধ আৰু সীতাক হত্যা কৰিবলৈ উদ্যত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৭৩
  155. লক্ষণৰ শক্তিশেল - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৭৯
  156. হনুমন্তৰ গন্ধমাদন আনয়ন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৮৫
  157. গন্ধমাদন পুনৰ থৈ আহে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৮৮
  158. ৰাম ৰাৱণৰ যুদ্ধ : ৰাৱণ বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৯০
  159. ৰামৰ আগত সীতাৰ উপস্থিতি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৯৯
  160. সীতাৰ অগ্নি পৰীক্ষা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪০২
  161. ৰামৰ অযোধ্যালৈ যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪০৭
  162. অযোধ্যাত ৰামৰ প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪১০
  163. ৰামচন্দ্ৰৰ ৰাজ্যাভিষেক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪১৬
  164. হনুমন্ত প্ৰভৃতিৰ অযোধ্যা ত্যাগ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪১৭
  165. উত্তৰা কাণ্ড - সপ্তম অধ্যায়
  166. সীতাৰ বনবাস - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২০
  167. বাল্মীকিৰ আশ্ৰমত লৱ-কুশৰ জন্ম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২১
  168. ৰামৰ অশ্বমেধ যজ্ঞ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২২
  169. লৱ-কুশৰ ৰামায়ণ কথন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২৭
  170. হনুমন্তৰ জন্ম পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৩৩
  171. লৱ-কুশৰ পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৩৬
  172. সীতাক আনিবলৈ হনুমন্তক প্ৰেৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৩৭
  173. ৰামৰ ৰাজসভাত সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪১
  174. সীতাৰ বেজাৰ আৰু পাতাল প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪২
  175. পৃথিৱীৰ প্ৰতি ৰামৰ ক্ৰোধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪৬
  176. পাতালত সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪৭
  177. ভৰতৰ পুত্ৰক ৰাজ্য দান - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪৮
  178. ৰামৰ লক্ষণ বৰ্জন - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৫২
  179. লক্ষণক বিচাৰি ৰামৰ বন যাত্ৰা - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৫৮
  180. ৰামচন্দ্ৰৰ স্বৰ্গযাত্ৰা - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৬৪


৪৯ অধ্যায় ।
ৰামৰ আগত সীতাৰ উপস্থিতি ।
দুলৰি ।

শ্ৰীৰামে বোলন্ত,       শুনিয়ো লক্ষ্মণ,

আমাৰ বচন ধৰাঁ ।

এহি শুভক্ষণে,       বিভীষণক নিয়া,

সত্বৰে ৰাজ্য জোকাৰা ॥১

হেন বাণী শুনি,       বীৰ লখমণ,

ত্বৰিতে চলিয়া যাই ।

চাৰি দিশে জয়,       জঙ্কাৰ পাৰয়,

বজাৱে নন্দী বধাই ॥২

শঙ্খ ভেৰী কাঙ্খ,       ভেমচি খুমচি,

ঢোলত পৰিল বাৰি ।

ৰাক্ষস পিশাচ,       হৰিষে নাচয়,

ৰাৱণৰ শোক ছাৰি ॥৩

কন্যাগণে সবে,       মঙ্গল কৰয়,

ঢোলয় শ্বেত চামৰে ।

চন্দ্ৰ সম শুক্ল,       ছত্ৰ এক তুলি,

ধৰিলা শিৰ উপৰে ॥৪

অগনিৰ ঘৃত,       আহুতি কৰিয়া,

ব্ৰাহ্মণে দিলা আশীষ ।

সুগন্ধি পৱনে,       আমোদ কৰয়,

সুপ্ৰসন্ন দশোদিষ ॥৫

নাচে নটীগণে,       গায়নে গাৱয়,

চপয়া পঢ়য় ভাট ।

এবে বিভীষণে,       নৃপতি ভৈলন্ত,

খণ্ডিলা দুঃখ ললাট ॥৬

সুবৰ্ণ পাটত,       বসিলন্ত ৰাজা,

বেঢ়িলা পাত্ৰ মণ্ডলে ।

অভিষেক ৰঙ্গে,       কৰিলা লখাই,

সুবৰ্ণ ঘটৰ জলে ॥৭

বাদ্য ভণ্ড পাঞ্চ,       শবদে ৰাজাই,

সকল সেনাৰ ৰোল ।

জয় জয় ৰাম,       শবদ উঠিল,

পাইলেক স্বৰ্গৰ কোল ॥৮

সম্ভাৰ বস্তুক,       লৈয়া দ্ৰুত কৰি,

চলি গৈলা বিভীষণ ।

ৰামৰ আগত,       হাতযোৰ কৰি,

কৰিলা পাছে সেৱন ॥৯

বিভীষণ ৰাজা,       সাদৰ কৰিয়া,

যতেক বস্তু যোগাইল ।

বানৰ ভালুক,       সহিতে ৰাঘৱে,

সমস্তে সন্দেশ খাইল ॥১০

হনুক সম্বুধি,       ৰাঘৱে বোলন্ত,

সীতাৰ পাশক যাহাঁ ।

যেন মতে আমি,       ৰাৱণ মাৰিলোঁ,

সি সব বাৰ্ত্তা জনাহা ॥১১

শ্ৰীৰাম দেৱৰ,       আদেশ বচন,

মাৰুতি শিৰত লৈলা ।

আশোকা বনক,       সীতাৰ পাশক,

সত্বৰে গৈয়া পশিলা ॥১২

ৰাক্ষসী লোকৰ,       মাজত গোসাঁনী,

আছন্ত মলিন বেশে ।

পদ্মৰ পুষ্পৰ,       মালাক যেহেনে,

বেঢ়িয়া আছয় কেশে ॥১৩

প্ৰণাম কৰিয়া,       মাৰুতি বোলন্ত,

ৰামৰ বাৰ্ত্তা কুশল ।

তোমাক যি গোটে,        হৰি আনিলেক,

সিটো গৈলা ৰসাতল ॥১৪

তোমাৰ দেৱৰে,       লক্ষ্মণ কুমাৰে,

বধিলন্ত ইন্দ্ৰজিত ।

বানৰ ভালুক,       ৰাক্ষস বলক,

নিলেক যম সন্নিত ॥১৫

শ্ৰীৰাম গোসাঁই,       ৰাৱণক মাৰি,

বিভীষণে দিলা ৰাজ ।

লক্ষ্মণ কুশল,       সুগ্ৰীৱ কুশল,

কুশল কপি সমাজ ॥১৬

যি সব প্ৰতিজ্ঞা,       কৰিলো গোসাঁনী,

সবাৰো ভৈলা পূৰণ ।

সাগৰ তৰিলো,       ৰামক আনিলো,

মৰাইলো দুষ্ট ৰাৱণ ॥১৭

ৰাঘবে বুলিলা,       জনক নন্দিনী,

আমাৰ শুনক জয় ।

তোমাক যি বেটা,       হৰি আনিলেক,

সিয়ো গৈলা যমালয় ॥১৮

এতেক বচন,       শুনিয়া জানকী,

সীতাদেবী মহা শান্তী ।

হৰিষে নয়ন,       যুগল সজল,

ক্ষণেক থিত নমাতি ॥১৯

মাৰুতি বোলন্ত,       জগত জননী,

কিসক নেদা উত্তৰ ।

সত্য স্বৰূপত,       ৰামৰ হাতত,

পৰিলেক লঙ্কেশ্বৰ ॥২০

বোলন্ত গোসাঁনী,       বাপু হনুমন্ত,

তোক নমাতওঁ লাজে ।

যেন প্ৰিয় কথা,       কহিবাৰ যোগ্য,

প্ৰসাদ নাহিকে কাযে ॥২১

মাৰুতি বোলয়,       দিয়োক প্ৰসাদ,

আছয় আমাৰ যোগ ।

মনত সন্তোষে,       হাসিয়ো আমাৰ,

স্বৰ্গতো অধিক ভোগ ॥২২

এহিতো ৰাক্ষসী,       সকলে তোমাক,

বিগুতি পাৰিলা গালি ।

অনেক ভুবুকি,       পাৰি ডৰুৱাইলে,

ৰাৱণৰ বাক্য পালি ॥২৩

সি সব কথাক,       সুমৰন্তে মোৰ,

আজিকো নছাৰে শোক ।

টাকৰে মুটুকি,       মাৰোঁ তাসম্বাক,

ৰাৱণ আসি ৰাখোক ॥২৪

কাহাকো চাপৰে,       কাহাকো ভুকুৱে,

কাহাকো মাৰওঁ কিলে ।

কাহাকো লাঠিয়ে,       চৱৰে মাৰওঁ,

কাহাকো মাৰওঁ শিলে ॥২৫

কাৰো আখি কাঢ়ি,       পেলাওঁ কাহাৰো,

নাক কাটি ঘসুয়াওঁ ।

হেনসে আজ্ঞাক,       দিয়া যদি মাৱ,

উচিত প্ৰসাদ পাওঁ ॥২৬

গোসাঁনী বোলন্ত,       বাপু হনুমন্ত,

ইহাক কিক টঙ্কোশি ।

ৰাক্ষসিনী লোক,       স্বতন্তৰী নোহে,

সবে ৰাৱণৰ দাসী ॥২৭

তাহাৰ বচন,       হেলা কৰে যদি,

নতো ডৰুৱাবে মোক ।

তেতিক্ষণে মোক,       কাটিতে পাৰয়,

ত্ৰৈলোক্য নাহিকে ৰাখ ॥২৮

এবে যে আমাক,       মন্দ নকৰয়,

আপনি মৰয় ডৰে ।

কাকূতি কৰিয়া,       শৰণে পশয়,

হাতত পাৱত ধৰে ॥২৯

কাহাক কোনেবা,       মাৰিতে পাৰয়,

কাহাক ৰাখয় কোনে ।

পূৰুব জনমে,       যিটো পাপ কৰে,

ভুঞ্জিয়া মৰে আপনে ॥৩০

মাৰুতি বোলন্ত,       সীতা দেবী মাৱ,

ধন্য ধন্য সাধু সাধু ।

সাফল চন্দ্ৰৰ,       বংশে উতপন্ন,

সূৰ্য্যৰ বংশৰ বধু ॥৩১

অমৃত বচনে,       বৰ তুষ্ট ভৈলোঁ,

বুলিলা যেন উচিত ।

কি কথা কহিবোঁ,       ঝাণ্টে বুলিয়োক,

ৰামৰ যাওঁ সন্নিত ॥৩২

সীতায়ে বোলন্ত,       যতেক বুলিলা,

যেহেন জনক বাপ ।

যাহাৰ প্ৰসাদে,       সকল দুৰ্গতি,

গুচিলা শোক সন্তাপ ॥৩৩

ৰাঘৱ প্ৰভুক,       দেখিবাক মোৰ,

উত্ৰাৱল কৰে মন ।

টীকৰ স্বামীত,       জনায়োক বাপ,

মোক নেন্তো এতিক্ষণ ॥৩৪

বায়ুসুতে ঝাণ্টে,       গমন কৰিলা,

দেবীৰ বন্দিয়া পাৱ ।

ৰামৰ আগত,       পৰিলন্ত গৈয়া,

মেৰুৰ সম ছৰায় ॥৩৫

প্ৰদক্ষিণ কৰি,       চৰণ বন্দিয়া,

অঞ্জলি যুৰিয়া কৰ ।

আদি অন্ত যত,       কহিলা সমস্তে,

দেবীৰ যেন উত্তৰ ॥৩৬

শুনিয়ো গোসাঁই,       চৰণ বন্দওঁ,

ৰঘুৰ বংশৰ নাথ ।

যিবা প্ৰয়োজনে,       সাগৰ তৰিলা,

ৰাৱণ বধ লঙ্কাত ॥৩৭

সীতা গোসাঁনীক,       সত্বৰে আনিয়ো,

বিলম্বত কোন ফল ।

চিৰ কালে দেবী,       তোমাৰ চৰণ,

দেখিবাক কৌতূহল ॥৩৮

তোমাৰ যুদ্ধৰ,       কথা শুনি তান,

হৰিষ কৰিলা চিত্ত ।

আথ বেথ কৰি,       মোক পঠাইলন্ত,

আনিবাক সন্নিহিত ॥৩৯

এতেক শুনিয়া,       উৰ্ম্মি বৰ ধাইল,

ৰামে চপৰাইলা মাথ ।

চক্ষুৰ লোতক,       সৰসৰি পৰে,

গালত দিলন্ত হাত ॥৪০

হৰিষতে আসে,       বিষাদ মিলিল,

মাৰুতিৰ বাণী শুনি ।

অধো মুখ হুয়া,       ৰঘুৰ নন্দন,

থাকিলা মনত গুণি ॥৪১

পৃথিবীক চাই,       ৰাঘৱ গোসাঁই,

বিমৰিষ কৰি মন ।

মাথা তুলি চাই,       বোলন্ত কহিৰা,

বীৰবৰ বিভীষণ ॥৪২

জনক জীৱৰ,       পাশক চলিয়া,

যায়ো আমসাৰ বোলে ।

সাগৰ জলতে,       শিৱ স্নান কৰি,

আসোক চৰি চৌদোলে ॥৪৩

এতেক বচন,       শুনি বিভীষণ,

অশোকা বনে প্ৰবেশ ।

হাত যোৰ কৰি,       বোলন্ত গোসাঁনী,

শুনিয়ো স্বামী আদেশ ॥৪৪

শিৱ স্নান কৰি,       অলঙ্কাৰ সব,

গাৱে নিয়া চড়ায়োক ।

চৌদলে চড়িয়া,       ৰামৰ পাশক,

শীঘ্ৰ কৰি চলিয়োক ॥৪৫

মলিনতা বেশে,       স্বামীক দেখিবোঁ,

নুযুৱাই শিৰ স্নান ।

ভূষিত হুইবাৰ,       কমন প্ৰস্তাৱ,

আনিয়ো চৌদল যান ॥৪৬

বিভীষণে বোলে,       শুনিয়োক মাতা,

ৰামৰ বোল পালিয়ো ।

শিৰ স্নান কৰি,       অলঙ্কাৰ পিন্ধি,

ৰামৰ পাশক যায়ো ॥৪৭

কন্যাগণে আসি,       দেবীক নোৱাইলা,

সুবৰ্ণ ঘটৰ জ্বলে ।

সুগন্ধিত জলে,       শৰীৰ মাজিল,

তৰুণী কন্যা সকলে ॥৪৮

ৰতনে ৰচিত,       নানা অলঙ্কাৰ,

বিভীষণে আনি দিলা ।

জনক নন্দিনী,       পৰম হৰিষে,

ৰামৰ বোলে পিন্ধিলা ॥৪৯

বস্ত্ৰ অলঙ্কাৰে,       ভূষিত ভৈলন্ত,

উজ্জ্বলিত অঙ্গভাগ ।

চৌদোলে চড়িয়া,       ওৱাৰক দিলা,

বিভীষণ ভৈলা আগ ॥৫০

আগে সেৱতিয়া,       লোকে দূৰ কৰে,

হাতত বেতৰ বাৰি ।

ত্বৰিতে ৰামৰ,       পাশক চলিলা,

অশোকা বনক ছাৰি ॥৫১

বিভীষণে ৰাম,       আগত জনাইলা,

আনিলো সীতা গোসাঁনী ।

আদেশ কৰিয়ো,       প্ৰভু ৰঘুনাথ,

আগত ভেটাওঁ আনি ॥৫২

এতেক বচন,       শুনি ৰাম দেৱে,

ডাহিণ ৰামক চাইল ।

হৰিষ বিষাদ,       শোক আসি ভৈল,

দুয়ো একেথানে ভৈল ॥৫৩

কতোক্ষণে ৰাম,       ৰঘুৰ নন্দন,

তেজিলা দীৰ্ঘ নিশ্বাস ।

বিভীষণ মিত্ৰ,       সীতাক সত্বৰে,

আনিয়ো আমাৰ পাশ ॥৫৪

হেন বাণী শুনি,       ত্বৰিতে চলিলা,

অভিনৱ লঙ্কেশ্বৰ ।

কহিবা মোহোৰ,       সেৱতিয়া লোক,

ঝাণ্টে সৈন্য দূৰ কৰ ॥৫৫

সহস্ৰ সংখ্যাত,       সেৱতিয়া সবে,

লোকক বাৱয় আগ ।

হাতত বেতৰি,       গাৱত কাঞ্চনী,

মাথাত অলমা পাগ ॥৫৬

চোট চোট কৰি,       কোবাইবে লাগিলা,

কাহাকো বেতৰ বাৰি ।

দূৰ দূৰন্তৰ,       পলাই বানৰ,

ৰামৰ পাশক ছাৰি ॥৫৭

সীতাক দেখিত,       ভালুক বানৰ,

বৰ অভিলাষ কৰে ।

আছোক দেখিব,       থাকিবে নোৱাৰে,

পলাই কোবক ডৰে ॥৫৮

নমোঁ ৰঘুনাথ,       ছপৰায়া মাথ,

জানু শিৰে শত বাৰ ।

দেৱৰ কণ্টক,       বধি ৰাৱণক,

কৰিলা সীতা উদ্ধাৰ ॥৫৯

ভকত জনৰ,       দেৱ দামোদৰ,

পূৰা মনোৰথ কাম ।

জানি সৰ্ব্বজন,       এৰি আন মন,

ডাকি বোলাঁ ৰাম ৰাম ॥৬০